মই লৰালৰিকৈ ৰিজাভিচন লিষ্টত নিজৰ চিটতো চালো। লগতে নিজৰ কাষৰ চিটৰ যাত্ৰীজনৰো বিৱৰণ চালো। ( Storyboard )
নাম
অৰ্চনা শইকিয়া। বয়স, ২৮বছৰ।
ভাৱিলো, যাত্রা ভালে হব।
অৰ্চনা শইকিয়া, নামটো শুনাৰ দৰে লাগিছে। তাৰপিছত তাৰ নিজৰ ওপৰতে হাঁহি উটিব ধৰিলে, তাৰটো এনে লাগে যেন সি গোটেই অসমৰে ছোৱালী বোৰক চিনি পায়!
যোৰহাটৰ মোমায়েকে তাৰ বাবে এজনী ছোৱালী চাইছিল। আৰু বিচাৰিছিল যে সি গৈ এবাৰ ছোৱালী জনী চাই অহাটো। মা ভাগৰ ৩দিন নোখোৱ নোবোৱাকৈ থকা আৰু দেউতাৰ অসহয়োগ আন্দোলনৰ বাবে সি অৱশেষত হাৰ মানিছিল। আৰু আজি দিল্লীৰ পৰা আহি আছে।ছোৱালীজনী লগ কৰাৰ পাছত তাইক কিহৰ বাবে অপছন্দ হৈছে, আৰু এই সম্বন্ধ নহব বুলি, তাৰে পৰিকল্পনা সি সাজু কৰি ৰাখিছিল। এতিয়ালৈ সি ১৮জনী ছোৱালীক এনেদৰে কয় অপছন্দ কৰি থৈছে। ছোৱালী চোৱা কাৰ্য্যৰ পাছত দিল্লীৰ বন্ধু সকলৰ লগত পাৰ্টিৰ সাজু কৰি ৰাখিছিল।ট্ৰেইন এৰাৰ ৪মিনিটৰ পাছত সি নিজৰ কাষৰ চিটলৈ, অহা ছোৱালীজনী দেখা পালে আৰু তাইক দেখা পায় সি আচৰিত হৈ পৰিল। এই ছোৱালীজনীটো সেয়াই হয়, যিয়ে যোৱাকালি "নাগপুক মহিলা বেংক"ৰ উদঘাটন কৰিছিল। আৰু তেওঁ "বেংক অফ ৱ'মেনছ"ৰ জ'নেল হেড আছিল। মই সাংবাদিক হিচাপে তাইৰ উদঘাটন কাৰ্য্যক কেমেৰাত আৱদ্ধ কৰিছিলো। হয়। অৰ্চনা শইকিয়া, নামটোৱেই হয়। যোৱাকালি তেওঁ বৰ ভাল ভাষণ দিছিল। মই তেওঁৰ বিচাৰ ধাৰাৰ দ্বাৰা বহু প্ৰভাৱিত হৈছিলো।
সি, এপলক অৰ্চনা শইকিয়া ফালে চাই ৰল। মাগুৰবৰণীয়া ৰং, দীঘল চুলি, নীলা জিন্চ, বগা কুৰ্টা, কপাঁলত কলা, অকমাণি ফুট, আৰু কোনো প্ৰসাধন নাই। চকুদুটিত জীৱনৰ সেই জিলিকনি, যিয়ে সকলোকে জীয়াই থকাৰ প্ৰেৰণা দিয়ে। তাইৰ সুন্দৰতা উত্তেজনা নহয় শান্তি দিছিল।
যিদৰে ট্ৰেইনৰ গতি বাঢ়িছিল, তেতিয়া আমাৰো কথা পতাৰ বেগ বাঢ়ি গৈছিল। তাৰ ভিতৰৰ সাংবাদিক জন সাৰ পাই উঠিছিল আৰু সি অৰ্চনা শইকিয়াক প্ৰশ্নৰ ওপৰি প্ৰশ্ন সুধি গৈছিল।
অ, অৰ্চনা শইকিয়া, এতিয়া লৈ আপুনি বিয়াত কিয় বহা নাই! সি লৰালৰিকৈ সুধি দিলে। উত্তৰ দিয়া ঠাইত অৰ্চনাই কিচু পল তাৰ মুখৰ ফালে চাই ৰল। যেনে কিবা কব বিচাৰিছিল। সি ভাৱিলে, মই ভুল প্ৰশ্ন কৰিলো বুলি। মোৰ নামটো অৰ্চনা হলেও, কোনো মতে মই নিজৰ পচন্দৰ মতে কৰি পোৱা নাই। নিজৰ বাবে কিছু নিজৰ মনৰ বাবে কৰিবলগীয়া আছিল। সেইবাবে বিয়াত নাই বহা। কিছু সময় মনে মনে থাকি অৰ্চনাই উত্তৰ দিলে।
মানে, মই নুবুজিলো! সি নুবুজি লৈ সুধিলে! অৰ্চনাই লাহে লাহে কলে, তাই অসমৰ এখন সৰু ঠাইৰ পৰা ছোৱালী হয়।আৰু সৰু ঠাইৰ লোকে ডাঙৰ সপোন দেখাটো অধিকাৰ নাথাকে সেয়ে মোৰো নাই।আমাৰ মাৰ ৩জনী ছোৱালী আছিল। এয়া আমাৰ ডাঙৰ সমস্যা আছিল, যত আমাৰ কোনো ভুল নাছিল। কিন্তু আমি ইয়াৰ শাস্তি প্ৰতিপল পাব লগা হল। আমাৰ তাত ছোৱালীক এই বাবে পঢ়োৱা হয় যাতে ঘৰতে থাকি স্বামীৰ বাবে ভাল ভাল ৰান্ধিব পাৰো। মই অংক ভালপাইছিলো। কিন্তু ঘৰৰ লোকে বিচাৰিছিল মই বিজ্ঞান পঢ়ো। মই উচ্চ সংগীত ভালপাইছিলো কিন্তু ঘৰৰ লোকে বিচাৰিছিল মই ৰাষ্ট্ৰীয় সংগীত শিকো। মোৰ কিছু সপোন আছিল, যাক মই পূৰ্ণ কৰিব বিচাৰিছিলো। আৰু ঘৰৰ লোকে বিয়া দি বোজাৰপৰা মুক্ত হব বিচাৰিছিল। সি দীঘলীয়া উশাহ ললে আৰু চাহ অহাত দুকাপ চাহ ললে।
তাৰপিছত! তাৰপিছত কি আৰু প্ৰতিদিনে নতুন নতুন লোক আহিবলৈ ধৰিলে। অৰ্চনাই পাতলীয়া হাঁহিৰে সৈতে কয় আছিল, যেতিয়া লৰা ঘৰৰ মানুহ আহিছিল, তেতিয়া বিচনা চাদৰ সলনি কৰা হৈছিল, খিৰিকি দুৱাৰৰ পৰ্দা সলনি কৰা হৈছিল। যদি তেনেদৰে আমি নিজকে সলনি কৰিব পৰা হলে! নতুন নতুন কাপ উলোৱা হৈছিল আৰু এযোৰ নতুন কাপোৰ পিন্ধাই মোক তেওঁলোকৰ আগত বহুৱাই দিয়া হৈছিল। মা দেউতাই মোৰ সেই গুণক কবলৈ আৰম্ভ কৰিছিল, যি মোৰ গাত আছে বুলি মই গমকে পোৱা নাছিলো। নানা প্ৰশ্ন সুধা হৈছিল। পচন্দ অপছন্দৰ কথা। কেতিয়াবা কোনোবাই যদি মোৰ পচন্দৰ কথা সুধা হলে! কাৰোবাক আকৌ আমিষ বোৱাৰী লাগিছিল! কাৰোবাক আকৌ নিৰামিষ! কাৰোবাক আকৌ ঘৰতে থকা বোৱাৰী লাগিছিল! কাৰোবাক আকৌ চাকৰি কৰা! কিনা বেচাৰ দৰে জুখা হৈছিল। প্ৰতিজন লৰাৰে এনে গুণ থাকে বুলি মই ভৱা নাছিলো। আৰু তেওঁলোকৰ মাজত মই থাকিও নথকাৰ দৰে হৈছিল। মোৰ সেই কিনা বেচা জুখ কৰাত মাথো পাঁচটি শব্দ কোৱাৰ অনুমতি আছিল, যাতে কোনেও নাভাৱে মই কথা কব নোঁৱাৰো বুলি। জানানে, সেই পাঁচ টি শব্দ কি আছিল! নাজানো আপুনি কওক। সি নিজকে এটা অদ্ভুত চিন্তাই আৱৰি থকা পাইছিল। তেতিয়া তাৰ সেই ছোৱালী বোৰৰ কথা মনত পৰিলে, যি, সি কিবা নহয়, কিবা প্ৰকাৰে অপছন্দ কৰিছিল। "চাহত চেনী কম হল নেকি !" অৰ্চনাই হাঁহি মাৰি সুধিলে। মানে! /p>
"চাহত চেনী কম হল নেকি !" এয়াই সেই পাচঁটি শব্দ, যি মই মোক জুখ-মাপ কৰি থকাৰ সময়ত কব লগা হৈছিল। অৰ্চনাই তাৰ চকুত চকু থৈ কলে। হয়, মই সিমানেই কব পাৰিলো। ( Storyboard )
আৰম্ভণিতে কিছু দিন সকলো থিকে থাকে। কিন্তু চাই যোৱা পাচদিনাৰপৰা কিবা নহয় কিবা নতুন কাৰণ আহি পৰিছিল। যাৰ বাবে সম্বন্ধ নহয়ছিল। প্ৰতিবাৰে সম্বন্ধ ভাঙি যোৱাত দেউতাই মদ খায় মাক মাৰপিট কৰিছিল। যিটো সম্বন্ধ বেছিকৈ হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে, শেষত সেইটো সম্বন্ধ ভাঙি গলে, মাকো সিমানেই বেছি মাৰ পৰিছিল। দেউতাই মাক আমাৰ সকলোৰে ছাগলী বুলিছিল কাৰণ তেওঁৰ চিন্তা ধাৰা বহু সৰু আছিল। সেইবাবে তেওঁ মাক কেতিয়াও সম্পূর্ণ স্ত্রী নাভাৱিলেই। মই নিশব্দৰে সকলোবোৰ শুনি ৰৈছিলো। কিছু পল মনে মনে ৰোৱা পাচত অৰ্চনাই পুনৰ কলে, যেতিয়া মোৰ ২৪বাৰ নিলামী অসফল হৈ ৰল, তেতিয়া দেউতাই খংতে মাৰ মূৰ ফালি দিলে। মোকো মাৰিলে , যাৰ দাগ এতিয়াও মোৰ মুখত আছে। সি তেতিয়া নিবিচাৰেকে তাইৰ মুখলৈ চালে। কপাঁলত এটি সৰু দাগ আছিল। যিটো অৰ্চনাই চুলিৰে ধাকি ৰাখিছিল।
এই আঘাত শৰীৰতকেও মনত বেছিকৈ আছিল। মই মাৰ দৰে জীৱন অতিবাহিত কৰিব বিচৰা নাছিলো। আৰু নিজকে ইমান নিলাম কৰিব নোৱাঁৰো। মই ঘৰ এৰি অহাৰ সিদ্ধান্ত কৰিলো। আৰু সেইদিনাই সেই ঘৰখনক একেবাৰলৈ এৰি আহিলো। আৰু এতিয়া যি আপোনাৰ সন্মুখতে আছো। চকু দুটি সেমেকা কৰি অৰ্চনাই নিজৰ কথাখিনি শেষ কৰিলে। ২মিনিট মনে মনে থাকি সুধিলে, আৰু মা!
তাই উদাশ মনেৰে কলে, এয়াই দুখ মোৰ ৰৈ গল, যি মই মাক মোৰ লগত লৈ আহিবলৈ নোঁৱাৰিলো। মই মাক কৈছিলো, মোৰ লগত আহিবলৈ কিন্তু তেওঁ নিজৰ ঘৰ এৰি আহিবলৈ নিবিচাৰিলে। নিজৰ ঘৰ, যি তেওঁক কেতিয়াও আপোন নাভাৱিলে। তেতিয়া তাৰ এনে লাগিছিল তাৰ সন্মুখত অৰ্চনা শইকিয়া নহয় এখন দাপোন আছে। যত নিজৰ সেই ৰূপ দেখুৱা হৈছে। যি আজিলৈকে সি অচিনাকি আছিল।
সি মোমায়েকক মেচেজ কৰিছিল যে, সি এতিয়া ছোৱালী চাব নিবিচাৰে। আৰু এতিয়া সি বিয়া কৰোৱাব নোৱাঁৰে আৰু এতিয়া কোনো ছোৱালীৰ জুখ মাখ কৰাত সি উপস্থিত থাকিব নোঁৱাৰে। পুনৰ চাহ দুকাপ দি গল। চাহ খাই থাকোতে আচৰিত ভাৱে তাৰ মুখৰ পৰা ওলাল, "চাহত চেনী কম হল নেকি ?"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment