এগৰাকী মাতৃয়েহে বুজি পাব গৰ্ভপাতৰ যন্ত্ৰণা : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 1, 2021

এগৰাকী মাতৃয়েহে বুজি পাব গৰ্ভপাতৰ যন্ত্ৰণা : Storyboard

Storyboard

পত্নীৰ ফুলি অহা বুকুখন দেখি দিপাংকৰ চিন্তিত হৈ পৰিছিল।বাঢ়ি অহা বয়সৰ দেহটোত এই পৰিবৰ্তন দিপাংকৰে একেবাৰে বুজি পোৱা নাছিল( Storyboard )। বুজিটো আনকি একো ৰিমায়েও পোৱা নাছিল। কেৱল বুকুখনেই নহয়, শৰীৰৰ বিভিন্ন অংশ আৰু গোপন অংগৰো এই বঢ়া কমা আদি যন্ত্ৰণা সমূহ বহুত দিনৰে পৰাই পাই আহিছিল। তেতিয়া তাই ১৮-২০ বছৰীয়া আৰু এতিয়া তাই ৪২ বছৰ পাৰ হোৱা শৰীৰ। দিপাংকৰ আৰু ৰিমাৰ  দাম্পত্য জীৱনত তিনিটা সন্তান ইতিমধ্যে আছিল।এনে ধৰণৰ শৰীৰৰ যন্ত্ৰণা সেই দিনবোৰৰহে কথা আছিল।তেতিয়া সম্ভৱতঃ তাতকৈ বেছি হয়। কিন্তু তেতিয়া বয়স বেছি হোৱা নাছিল বাবে শৰীৰে একো অনুভৱ কৰা নাছিল। 

কিন্তু এইটো কি.....?আৰু কিয়.....? জনা বুজা হোৱা সন্তানে ভৰা ঘৰখনত আমাৰ দুয়োৰে মাজত কিছুমান ভিতৰুৱা কথা পাতিবলৈ অলপ অসুবিধা হৈ পৰিছিল......?দিপাংকৰে আচৰিত ,বিচলিত হৈ চকুৰ ভংগীমাৰে কিবা বুজাব বিচাৰে। ৰিমাই অস্বীকা‌ৰ কৰি মুৰ ল'ৰালে।তাই স্বামীক আশ্বাস দিব বিচাৰে যে- তেনেকুৱা একো নাই। ইমান বছৰৰ পিছত এতিয়া এই সকলোবোৰ হ'ব নি.....? ঋতুস্ৰাব অনিয়মীয়া হোৱা কাৰণ কেৱল.......। এইটোৱে মাত্ৰ কাৰণ.... আৰু একো নাই,একো কথাও নাই।

হয় ঋতুস্ৰাব....... বহুত বছৰৰ পৰা এইটো ব্যৱধান চলি আছে।প্ৰতি মাহৰ ১০-২০ দিন আশংকাৰ মাজেৰে যায়। এনেকুৱা কেতিয়াও নহয়,কেতিয়াবা এই আশংকাবোৰে মাহৰ সীমা অতিক্ৰম কৰে। কেতিয়াবা কেতিয়াবা দুমাহৰ বাবে অনিয়মীয়া হৈ যায়।কিন্তু শৰীৰত এনে ধৰণৰ পৰিবৰ্তন কেতিয়াও হোৱা নাছিল।ৰিমা কিমান অসাৱধান....! দিপাংকৰ বিচলিত হৈ আছিল ।চিকিৎসকজনেও  কৈছে যে এইটো একো গুৰুত্বপূৰ্ণ বিষয় নহয়। ভালদৰে খোৱা-বোৱা কৰি থাকিব।ব্যায়াম কৰিব-অৱসৰৰ সময় ওচৰ চাপি আহিছে। শৰীৰত বহুতো পৰিৱৰ্তন হয়। এই সময়খিনি এনেকুৱাই।


কিন্তু এইবাৰ এইটো অলপ বেছি দীঘলিয়া আছিল।তিনি মাহ পাৰ  হ'ল। দিপাংকৰে আন বেলেগ এটা সম্ভাৱনাক লৈ ভয় খাই আছে। সি কেতিয়াবা পত্নীক বিভিন্ন ধৰণে সুধিছিল -কেনে অনুভৱ হৈছে..? তুমিটো সৰু শিশু নহয়, তুমিটো‌ নিশ্চয় কিবা গম পাইছা.......!! ৰিমা ইতিমধ্যে বিচলিত হৈ আছে- স্বামীক ফালি খাব যেন তেনেকুৱা চকুৰে ঘূৰি চালে।

এবাৰ ক'লো ন, "তেনেকুৱা একো নাই।"প্ৰশ্ন সুধি সুধি মোৰ সমস্যা আৰু নবঢ়াবা ।এই বয়সত এইটোৱে এতিয়া হ'বলৈ বাকী আছিল.........? বুঢ়া হ'ব হ'ল আৰু ল'ৰা হৈ ফুৰিছা....!  যিটো ১৬বছৰে নহ'ল, এতিয়া কি সেইটো হ'ব নেকি....? অদৰকাৰী কথা নকবা এতিয়া। তাৰ বাবে বয়স বহুত আছে।

দিপাংকৰে  চিঞৰি ক'লে। কিন্তু পত্নীৰ ওচৰৰ পৰা আঁতৰি যোৱাতো ভাল বুলি ভাবি যাবলৈ লওঁতে ক'লে-

এবাৰ ডাক্তৰক দেখাব লাগিছিল।তাৰ পাছত একো কথা নাই। ৰিমাই নাযাওঁ বুলি ক'লে। তুমি চিন্তা নকৰিবা। সকলোবোৰ ঠিক হৈ যাব। তুমি নিজেই কোৱা চোন মই সৰু ছোৱালী নহয় .....! কিবাটো গম পাম ন..! 

 ১০ দিন আকৌ পাৰ হ'লত , দিপাংকৰ চিন্তিত হৈ পৰিছিল আৰু ধৰ্য ধৰি থাকিব নোৱাৰিলে।

 

ডাক্তৰক ফোন কৰিলে আৰু পত্নীক ক'লে , কাইলৈ আমি ডাক্তৰৰ ওচৰলৈ যাম মুঠতে। মোৰ মনতো অশান্ত হৈ আছে। আগতে হোৱা হ'লে মই ভালেই পালো হয়। তিনিমাহৰ এই অনিয়মীয়তা আৰু শৰীৰৰ পৰিবৰ্তন মই এতিয়া ভাল দেখা নাই। ৰিমাৰ চকু নিজৰ বুকুৰ ফালে গ'ল। দেহৰ এই পৰিবৰ্তন দেখি তাই বহুত অশান্তিত আছিল। সহাঁৰি দি ক'লে পাতা ডাক্তৰৰ লগত কথা, হ'ব তোমাৰ মতে কৰিম।

ডাক্তৰ জুপিয়ে হাত লগায়ে কৈ দিলে- চাৰিমহীয়া ।

ৰিমা- এনেকুৱা কেনেকৈ হ'ব পাৰে ডাক্তৰ!

"এইটোৱে হয় ,যদি বিশ্বাস নাই গৈ আল্টাচণ্ড কৰি লোৱা"। 

কথাটো শুনি তাইৰ চেহেৰাৰ ৰং  উৰি গ'ল আৰু তাই ডাক্তৰৰ কোঠাৰ পৰা উঠি বাহিৰলৈ গুচি আহিল আৰু স্বামীক ক'লে-

তুমি এবাৰ চিকিৎসকক লগ কৰি লোৱা।তেওঁ কি কৈছে মই বুজি নাই পোৱা। ডাক্তৰে দিপাংকৰক এখন ৰিপ'ৰ্ট দিলে।

পাছদিনা ৰিপ'ৰ্টত আহিল-১৮ সপ্তাহ জীৱিত গৰ্ভধাৰণ। দিপাংকৰৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈ যোৱা যেন লাগিছিল। চিকিৎসকে সুধি আছে, "মোক অন্তিম সন্তানটোৰ বয়স কওঁক।"

১৬ বছৰ।

"ইয়াক ৰাখিব নে.....?"

"নাৰাখো..............."।

"ক'লো চোন,শিশুটো চাৰি মহীয়া। গৰ্ভপাত বিপদজনক হ'ব।"

ডাক্তৰে তেনেকৈ ক'লত ৰিমা বাহিৰলে গৈ ক'লে- তোমাক মাতিছে যোৱা ডাক্তৰে।মুখত দুখ , নিৰাশা লৈ দিপাংকৰ ডাক্তৰৰ ওচৰত উপস্থিত হ'ল।

"সন্তানটো লাগিবনে......?"


এটা যন্ত্ৰত দৰে নালাগে বুলি মুৰটো ল'ৰালে । তাৰ চেতনাই নাছিল সি কি কৈ আছিল। ল'ৰা, ছোৱালী,ঘৰ, পৰিয়াল, মানুহ,লাজ........ হেই ভগৱান....!

"টকাজমা দিয়ক, ফৰ্মত চহী কৰক,দৰব লগাই দিম, ২দিনৰ পাছত লৈ আনিব।" এতিয়ালৈকে দিপাংকৰ থৰ লাগি ৰৈছে আৰু ৰিমাও এটা শিলৰ মূৰ্তিলৈ পৰিণত হৈছে। যেতিয়া সিহঁতি ঘৰ আহি পালে, ছোৱালীজনীও কলেজৰ পৰা উভতি আহিছিল।

দেউতা ডাক্তৰে কি কৈছে......?আজি মাক দেখালা নে.......?

তেওঁলোক দুয়োৰে মুখ বন্ধ হৈ আছিল। একো বিশেষ নহয়.....এই ২ দিনৰ পাছত আকৌ মাতিছে......!সময় লাগিব অলপ সমস্যাটো বুজিবলে....!

দৰবে কাম দিলে পিছদিনাই বিষ আৰম্ভ হ'ল আৰু সন্ধিয়ালৈ তেজ উলাবলে আৰম্ভ কৰিলে। ৰিমাই দিপাংকৰক বাথৰুমলে মাতি দেখালে চোৱা চফা হৈ গ'ল সকলোবোৰ। পলিথিনত ডাঙৰ ডাঙৰ তেজৰ  গোট মৰা কিবা উলাই আহিছিল আৰু দিপাংকৰে সেইবোৰ নি দূৰত পেলায় আহিছিল। মনতে ভাবিলে হ'ব যিবোৰ আছিল ভাল হয় গ'ল এতিয়া। কাইলে ডাক্তৰক সকলোবোৰ কৈ দিম। ডাক্তৰে সকলোবোৰ কথা শুনি ক'লে যোৱা বিচনাত শুই দিয়া এতিয়া অলপ সময় লাগিব।

"কিন্তু ডাক্তৰ সকলোবোৰ চোৱা হ'ল ।এতিয়া আৰু কি বাকী আছে...?"

ডাক্তৰে সকলোবোৰ কথা বুজালে, চফা কৰিব লাগিব....। কিন্তু শিশুটো বাহিৰলৈ অহা পাছত। টানি আনিব নোৱাৰো ন। অলপ অপেক্ষা কৰক।

ৰিমা বিচনাত  আছিল। দিপাংকৰো চিন্তাত আছিল।বিষ বাঢ়ি গৈ আছিল। নাৰ্চে কৈছিল শিশুটো ডাঙৰ হৈছে ।দৰব আকৌ আজি লগালে।অলপ অপেক্ষা কৰক।

টুলত বহি থকা দিপাংকৰৰ হাতখন ধৰি ল'লে ৰিমাই আৰু বকি বকি ক'লে বেছি কথা নক'বা মোৰ খঙ উঠিছে তোমাৰ ওপৰত।মনে মনে থাকিব নোৱাৰা যদি ইয়াৰ পৰা আঁতৰি যোৱা।


বকি থকাটো এতিয়া কমিবলৈ ধৰিলে। ৰিমাৰ মুখৰ পৰা অস্পষ্ট শব্দ উলাইছিল সকলোবোৰ আগৰ দৰেই হৈছে। কঁকালত হাজাৰতা বৰলে বিন্ধাৰ দৰে লাগিছে। দিপাংকৰৰ মুখ শুকাই গৈছিল...। কি হৈ গ'ল এইবোৰ.....। একেৰাহে তিনি ঘণ্টাৰ বিষ।ৰিমাৰ মুখৰ পৰা লাহেকৈ মাত উলাল-মই সচেতন হৈ থাকিব নোৱাৰিম। তুমি চাবা কি হ'ল। ইহঁতি টকা ল'বলৈ মিছাও কয়......। 

দিপাংকৰে পুতেকক বুজায় আছিল- "এতিয়া ডাক্তৰে চাব হে মানুহ ভিৰ আছিল। তোমালোকে নিজৰ নিজৰ কাম কৰা, আমি সন্ধিয়া ঘৰলৈ যাম।"নাৰ্চে ক'লে- ছাৰ ৰাতি লৈকে সময় লাগিব পাৰে......। অ' তেতিয়া চোন সকলোৱে জানিব।

ৰিমা বিচনাত মূৰ্চ্ছা গৈ আছে।ডাক্তৰ আহি চাই গৈছিল।দিপাংকৰক বাহিৰলৈ যাবলৈ কোৱা হৈছে।এইটো মহিলাৰ ৱাৰ্ড। দুৱাৰ ফাঁকেৰে দিপাংকৰে নিজৰ পত্নীৰ আচৰণবোৰ মনোযোগ দি চাই আছিল।দিপাংকৰৰ উশাহ ৰৈ গৈছিল আৰু ৰিমাই নিজৰ মুৰতো বিচনাত ঘঁহায় আধা মৰা দৰে অৱস্থাতে উঠি বহে।ডাক্তৰ আৰু নাৰ্চও উলাই আহিল। দিপাংকৰে দুৱৰাখন খুলি ৰিমাৰ ওচৰলে গ'ল। ৰিমায়ে তেওঁক সন্মুখলৈ মাতি আছিল।


ভয় খোৱা দৰে তেওঁ ভৰি ওচৰলৈ আহিলে।ৰিমাই চাদৰখন তুলি দেখাই আছিল। এইটো কি চোৱা.....?সি দেখিলে তেজেৰে লুটুৰি পুটুৰি হৈ থকা এটা ৫-৬ ইঞ্চিৰ মানৱ শৰীৰ.....।

পূৰ্ণ আকাৰ.......পূৰ্ণ আকৃতি..... এক এক ইঞ্চিৰ হাত, ভৰি, পিঠি সকলোবোৰ আছিল। তেজেৰে লুটুৰি পুটুৰি হৈ পৰি আছিল। সেইটো এটা চাৰিমহীয়া সন্তান আছিল। চাই চাই দুখত দিপাংকৰৰ চকুৱে দি চকু পানী উলাই আহিছিল। ৰিমা অচেতন হ'ল। ডাক্তৰ, নাৰ্চ সকলো দৌৰি আহিছিল। দুৱাৰ খিৰিকী সকলোবোৰ সোনকালেই খুলি দিছিল। তাৰ পাছত ৰিমাক অপাৰেশ্যন ৰুমলৈ লৈ গ'ল আৰু তেওঁক ক'লে অলপ বিছনাখন ঠেলি দিয়ক। তাৰ পাছত দিপাংকৰে নিজেই অপাৰেশ্যন ৰুমৰ দুৱাৰৰ ওচৰত থৈ আহিছিল। তাৰ পাছত তেওঁক ভিতৰলে সোমাব নিদিলে। তেওঁ মনত পৰিল দৰব  আগৰ ৰুমটোতে থাকি গ'ল আৰু তেওঁ আহি দৰব আৰু পত্নীৰ চেণ্ডেল ল'লে আৰু অপাৰেশ্যন ৰুমৰ দুৱাৰৰ ওচৰ আহি পালে।( Storyboard )

ৰিমা কেনে আছে.....? তেওঁ নাৰ্চক সুধিলে।

ইয়াত সময় লাগিব। সন্তানটো বাহিৰলে উলাল আৰু কাম আছে সময় লাগিব। অলপ অপেক্ষা কৰক। দিপাংকৰে অপেক্ষা কৰি খোজকাঢ়ি থাকিল তাতে।


আন এগৰাকী মহিলাই তেওঁৰ প্ৰথমটো সন্তান প্ৰসব কৰিবলৈ চিকিৎসালয়ত ভৰ্তি হৈছে।তাইৰ মাক আৰু খুৰীয়েক তাইৰ সৈতে আছে। তাই চিঞৰি আছে। ভয়তে চিঞৰি চিঞৰি আকাশখন যেন মূৰত উঠাই আছে।দুটা বিপৰীত ধৰনৰ কেচ একেলগে ৰখা হৈছিল। নাৰ্চে দিপাংকৰক চিঞৰি চিঞৰি কৈ আছিল।পেন আনক,পেড  আনক ,চাদৰ মেখেলা আনক নহলেবা নাইটি আনক।দিপাংকৰে সেইবোৰ আনি দি আছিল। কেনে আছে ৰিমা সুধিব খোজোতেই নাৰ্চে দুৱাৰ খুলি ক'লে-ৰিমাৰ লগত কোন আছিল?

"মই"

"ভিতৰলৈ আহক"।

আপোনাৰ পত্নী ঠিকেই আছে ২-৩ ঘন্টা পাছত লৈ যাব পাৰিব।তেওঁ তেজেৰে ভৰা পত্নীৰ কাপোৰৰ টোপোলা দৰব,চেণ্ডেল লৈ তললৈ দৌৰি যায়। ৰিমাক অপাৰেশ্যন ৰুমৰ পৰা উলিয়াই অনা হ'ল । তেওঁ নাৰ্চক সুধিলে এই সচেতন অৱস্থাত নাই নি?মাত শুনি ৰিমাই লাহে লাহে চকু মেলিলে। ৰাতি নটা বাজিল। ৰিমা সচেতন অৱস্থাত আছিল। কিন্তু চকু ভালকৈ মেল খোৱা নাছিল।শৰীৰটো শিথিল হৈ আছে। তেওঁ ব্লাউজ আৰু পেটিকোটটো পিন্ধি শুই থকা পত্নীক চাদৰ মেখেলা পিন্ধাই দিছিল। নাৰ্চে ক'লত তেওঁ চাহ আনিবলৈ গ'ল।চাহ খোৱা লগে লগে ৰিমাৰ বমি হৈ গ'ল। গোটেই খিনি চাই চিতি ডাক্তৰে ৰাতি ১১  বজাত আহিব দিলে।

আজি ৩ নম্বৰ দিনা ঘৰলে আহিছে । ওচৰ চুবুৰীয়া, ল'ৰা ছোৱালী পৰা সকলোবোৰ লুকাই ৰাখিলে দুয়োটাই মিলি।দৰব খাই আছিল।আৰামো পাই আছিল। ৰিমাৰ শৰীৰটো ভাললে আহিছিল। কিন্তু মনটো এতিয়াও তাইৰ অপাৰেশ্যন ৰুমতে  আছিল। ল'ৰা ছোৱালীয়ে নুশুনা কৈ তাই দিপাংকৰক সুধিলে-তুমি দেখিছিলা নে....?

দিপাংকৰে তাইৰ  ফালে চাই আছিল। চকুত চকু পানী আছিল আৰু ক'লে পাহঁৰি যোৱা সেইবোৰ.......একো মনত নেপেলাবা.......একো নাভাবিবা। দিপাংকৰে পত্নীৰ পৰা চকু পানী লুকুৱালে। খোৱা বোৱা,ফল, পানী,দৰব, গাখীৰ ......এই সকলোবোৰ শব্দ হুলস্থূল শুনি দিপাংকৰ আৰু ৰিমাৰ চকুত অলপ উজ্জ্বলতা আহিল । ল'ৰা ছোৱালী কেইটাও বহুত সুখী হৈ আছিল যে ইমান মাহৰ পৰা বেমাৰ হৈ থকা মাক এতিয়া ভালেই আছে।


চিকিৎসালয় পৰা অহা চতুৰ্থ দিনা ৰিমাই আধা ৰাতি দিপাংকৰক উঠাবলে চেষ্টা কৰিছিল। পত্নীৰ মাত শুনি তেওঁৰ টোপনি ভাঙিল। তেওঁ পত্নীৰ ফালে চালে তাইৰ চকুত চকু পানী আছিল আৰু ৰিমাই ক'লে , শুনা মোৰ লগত শুবা নেকি। তেওঁ ল'ৰা ছোৱালী কেইটাৰ ফালে চাই লাইট নোমোৱাই ৰিমাৰ কাষত আহি শুলে। তাই লেম্পটো জ্বলাই তেওঁক বুকুখন দেখালে আৰু তেওঁ ক'লে হে ভগৱান ইমান টান হৈ আছে। গৰম হৈ আছিল । বৰলে কামোৰা দৰে বিষ হৈছে বুলি কোৱা ৰিমাৰ মাত শুনি দিপাংকৰে চক্ খাইছিল ।শৰীৰৰ এই অংশতো গৰম হৈ আছিল। দিপাংকৰ বিচলিত হ'ল আৰু ভাবিলে-ইমান জ্বৰ কিয়......? ৰিমায়ে কান্দি দিলে আৰু ক'লে জ্বৰ নহয় গাখীৰ হয়......।

গা........খীৰ.....??....... কিন্তু..........। এইটো......।।। সেইটো........।।।। গাখীৰ......?হয় কিন্তু দৰবটো.....।।।  দৰব..... নিজৰ হাতে উলিয়াই লোৱা.....। দিপাংকৰ অস্পষ্ট মাত....। আধা ৰাতি সকলোবোৰ শুলে আৰু এইফালে ৰিমাই নিজৰ মুৰটো দিপাংকৰৰ বুকুত মাৰি দিলে।

তুমিয়ে অলপ হেচি দিয়া ...... মই নোৱাৰিছো....। যি এই পৃথিৱীত অহাৰ আগতেই গুচি গ'ল আৰু তাৰ ভাগৰ গাখীৰ মাকৰ বুকুত উত্তাপিত হৈ এতিয়া বিষ হৈ উঠিছে। চাৰিদিন আগৰ আঘাতপ্ৰাপ্ত শৰীৰ দিপাংকৰৰ বুকুৰ মাজত আছিল আৰু তেওঁ পত্নীৰ ব্লাউজ খুলি আছিল। দিপাংকৰৰ হাতখন ৰিমাৰ বুকুত আছিল। কিন্তু তেওঁ বুজিয়ে পোৱা নাছিল........কি কৰিব এতিয়া......। যেতিয়া একো বুজি নাপালে তেওঁ পত্নীক নিজৰ বুকুত সাবতি ল'লে। টান‌ হৈ থকা বুকু যেতিয়া স্বামীৰ বুকুত খুন্দা খালে তেতিয়া যেন গৰম গৰম গাখীৰহে উতলিবলে ধৰিলে।

টপ...........টপ...........টপ........... দিপাংকৰ আৰু ৰিমাৰ বিচনাত গাখীৰ পৰি আছিল। দিপাংকৰৰ কাপোৰ তিঁতি গৈছিল.......। আধা ঘন্টা মান হ'ল এনেদৰে.......।গা ধোৱা দৰে হৈছিল দুয়োটাৰে। এতিয়া তাইৰ উত্তাপ অলপ কমিলে।ৰিমাই দিপাংকৰৰ কাপোৰ চেঁপি শুকোৱাই আছিল.......। বহুত চকু পানী বহুত গাখীৰ বহুত তেজ উলোৱা পাছত এজনী মাকে নিজৰ খালি হৈ থকা ঠাইখিনি চাইছিল।

তাৰ পাছত স্বামীৰ হাতখন ধৰি ক'লে-

"মই পাহৰিব পৰা নাই তাৰ চেহেৰা........ এইয়া তাৰ ঠাই যি এতিয়া খালি হৈ আছে......। ইয়াত তোমাৰ দৰকাৰ আছে.....।"

"তুমি দেখিছিলা নে তাক....??

দিপিংকৰ মুখ বন্ধ হৈ আছিল- পাহৰি যোৱা তাক, এনেকে কেনেকৈ কব......। এই যে গাখীৰবোৰ এই সকলোবোৰ পাহৰি যোৱা উপায় আছে জানো.....।পাহৰি গ'লে কি হ'ব নো......।। পাহৰিবতো নিজেই তেওঁ পৰা নাছিল....!! দিপাংকৰে মনতে ভাবিলে......কথাটো পাতিব লাগিব।

" অ' দেখিছিলো।"

"কেনেকুৱা আছিল...? এজনী মাকে কষ্টত সুধিছিল..!

"চুলি চাইছিলা তাৰ...? তোমাৰ দৰেই আছিল.....!"

এতিয়া কষ্ট পোৱা পাল আছিল দিপাংকৰৰ-

"তুমি দেখিছিলা....?"

" অ' মই দেখিছিলো...... তোমাক ও চাবলে কৈছিলো চোন...!"

পত্নীৰ চকু পানী হাতেৰে বাগৰি আহি দিপাংকৰৰ তাত পৰিছিল আৰু হাকোঁতি মৰা ফলত বিছনা খন লৰি আছিল।

সময় যেনেকুৱাই নহয়,পাৰ হৈ যায়....।  কিন্তু নিজৰ অস্তিত্ব এৰি যায়। দিন,ৰাতি, ঘন্টা, মিনিটত কটোৱা সময় এতিয়া সপ্তাহলে পাৰ হৈ যায়। কষ্ট আৰু গাখীৰে ভৰা ৰাতিবোৰ পাৰ হৈ গ'ল। পত্নীৰ বুকুও এতিয়া সামান্য হ'বলৈ ধৰিলে। দিপাংকৰৰ চিন্তা নাইকীয়া হ'বলৈ ধৰিলে.....। কিন্তু ৰিমাৰ গাখীৰৰ এতিয়া ন্যায়  নহ'ল..। গোটেই সমস্যা আৰু বুজা লাগিলে নাইকীয়া হয়। তথাপিও মাকৰ মনৰ কষ্ট আঁতৰাব কোনে ....?কোনে....!! কোনে.....!!! আচলতে কোনে.....!!!!মা গাখীৰ দিয়া চোন...! দুপৰীয়া কিবা ভাবি থকা মাকে, জীয়েকৰ মাত শুনি শান্ত হৈ গ'ল.....।

"গা.........খীৰ....?" ৰিমাই একেৰাহে ছোৱালীজনীৰ ফালে চাই আছিল! এইটো কেতিয়াও গাখীৰ নিবিচাৰে.......। গাখীৰটো এই পচন্দ নকৰে..... তেতিয়া......?????

ৰিমাই ডাঙৰকৈ চকু মেলি গিলাছৰ পৰা ঘটঘট কৈ গাখীৰ খোৱা তাইক চাই আছে...! 

প্ৰকৃতিৰ কি যে ৰূপ....! গম নাপাও কিয়........ৰিমাই আজিলৈকে বুজি নাপালে......যেতিয়া গাখীৰ মাকৰ  অস্তিত্বৰ প্ৰশ্ন হৈ পৰিছিল।ছোৱালীজনীয়ে সেই দিনবোৰতে সদায় গাখীৰ কিয় বিচাৰিছিল....!!!!!


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages