ৰামভক্ত বীৰ হনুমানৰ কাহিনী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 1, 2021

ৰামভক্ত বীৰ হনুমানৰ কাহিনী : Religious Studies

 

Religious Studies

প্ৰভূ শ্রী ৰামৰ বীৰ হনুমানৰ দৰে পৰম ভক্ত আৰু কোনো নাই।বীৰ হনুমানে তেওঁৰ আৰাধ্য দেৱতা প্ৰভূ শ্রী ৰামৰ কাষতে সদায়ে থাকিছিল( Religious Studies )। আৰু প্ৰভূ শ্রী ৰামেও বীৰ হনুমানক নিজৰ ভাতৃৰ দৰে মৰম কৰিছিল। হনুমানৰ এই স্বামী ভক্তিৰ বাবে মৃত্যুৰ দেৱতা কালদেৱ অযোধ্যালৈ আহিবলৈ ভয় কৰিছিল। 


এই কথা আমি সকলোৱে জানো যে, এই পৃথিৱীত জন্মিলে, তেওঁ এদিন মৃত্যু বৰণ কৰিবই লাগিব। এই নিয়ম প্ৰভূ শ্রী ৰামৰ ওপৰটো আছিল। কাৰণ তেওঁ ত্ৰেতা যোগত মনুষ্য ৰূপেহে জন্ম লৈছিল, যেতিয়া প্ৰভূ শ্রী ৰামৰ এই পৃথিৱীত জন্ম লোৱাৰ উদ্দেশ্য পূৰ্ণ হল, তেতিয়া তেওঁ পৃথিৱী এৰাৰ নিশ্চিত কৰিলে। 


কিন্তু কালদেৱে প্ৰভূ শ্রী ৰামক পৃথিৱীৰ পৰা তেতিয়া লৈকে নিব নোৱাৰিছিল, যেতিয়া লৈকে বীৰ হনুমান প্ৰভূ শ্রী ৰামৰ লগত আছিল। শ্রী ৰামে জানিছিল যদি তেওঁ এই পৃথিৱী এৰাৰ কথা বীৰ হনুমানে জানিব, তেতিয়া বীৰ হনুমানে সমস্ত পৃথিৱী ওলট পালট কৰি দিব। কাৰণ তেওঁৰ দৰে ভক্ত আৰু এই পৃথিৱীত নাই। 

এইবাবে যিদিনা কালদেৱে অযোধ্যালৈ আহিব সেইদিনা শ্রী ৰামে বীৰ হনুমানক মুখ্য দুৱাৰৰ পৰা আঁতৰত ৰখাৰ এটা উপায় ওলিয়ালে। প্ৰভূ শ্রী ৰামে নিজৰ আঙুঠি এটাকে বেৰৰ এটা ফাঁকত ভৰাই দিলে। আৰু বীৰ হনুমানক সেই আঙুঠি উলিয়াবলৈ আদেশ কৰিলে। বীৰ হনুমানে প্ৰভূ শ্রী ৰামৰ আদেশ পায় এটি সুক্ষ্ম আকাৰ ললে। আৰু আঙুঠি বেৰৰ ফাকত বিচাৰিবলৈ ধৰিলে( Religious Studies )। 


যেতিয়া বীৰ হনুমান সেই বেৰৰ ফাঁকত সোমাই গল, তেতিয়া হনুমানে বুজিলে, এয়া কোনো বেৰৰ ফাঁক নহয়। বৰঞ্চ এটা সুৰংগ হয়,যি পোনতে নাগলোকলৈ যায়।বীৰ হনুমান নাগলোকত উপস্থিত হৈ, নাগলোকৰ ৰজা বাসুকীক লগ পালে। নাগলোকৰ ৰজা বাসুকীয়ে বীৰ হনুমানক নাগলোকলৈ গমন কৰাৰ কাৰণ সুধিলে। 


তেতিয়া বীৰ হনুমানে কলে, মোৰ প্ৰভূ শ্রী ৰামৰ আঙুঠি এটা বেৰত ফাত মেলা ফাঁকৰ দ্বাৰা এই স্থান পালেহি। তাকে বিচাৰি বিচাৰি মইও এই ঠাই পালোহি। তেতিয়া বাসুকীয়ে হনুমানক নাগ মন্দিৰটো লৈ গল। আৰু আঙুঠিৰ পাহাৰ এটা দেখুৱাই কলে,আপুনি ইয়াতে প্ৰভূ শ্রী ৰামৰ আঙুঠি পাব। কিন্তু সেই আঙুঠি পাহাৰক দেখা পায় হনুমান চিন্তিত হল আৰু ভাৱিলে, ইমান ডাঙৰ আঙুঠিৰ পাহাৰৰ পৰা, প্ৰভূ শ্রী ৰামৰ আঙুঠি বিচাৰি উলিয়াই সম্ভৱ নহয়। 


যেতিয়া হনুমানে সেই আঙুঠি পাহাৰৰ পৰা প্ৰথম আঙুঠিটো ললে, সেই আঙুঠি প্ৰভূ শ্রী ৰামৰ আছিল। হনুমানৰ বিশ্বাস হোৱা নাছিল যে, তেওঁ তেওঁৰ প্ৰভূৰ আঙুঠি প্ৰথম প্ৰয়াসতে পালে। বীৰ হনুমান আৰু আচৰ্য়জনক তেতিয়া হল, যেতিয়া তেওঁ দ্বিতীয় আঙুঠি ললে। কাৰণ দ্বিতীয় আঙুঠিটো প্ৰভূ শ্রী ৰামৰ নাম লিখা আছিল।। এনেদৰে হনুমানে দেখা পালে, তাত থকা সকলো আঙুঠিতে প্ৰভূ শ্রী ৰামৰ নাম লিখা আছে। 


এয়া দেখা পায় হনুমানে প্ৰথম অৱস্থাত একো বুজা নাছিল, যে এয়া তেওঁৰ লগত কি হৈছে। তেতিয়া বীৰ হনুমানৰ অৱস্থা দেখা পায় বাসুকী নাগে হাঁহিলে। আৰু হনুমানক কলে পৃথিৱী লোক এনে লোক হয়, পৃথিৱী লৈ যিয়ে যায়, এদিন হলেও পৃথিৱী এৰিব লাগে। সেইজনাৰ পৃথিৱী এৰি অহাৰ কাৰণ বহুতো হব পাৰে।এনেদৰে প্ৰভূ শ্রী ৰামে পৃথিৱী লোক এৰি বিষ্ণু লোকলৈ যাব। 


বাসুকী নাগৰ কথা শুনি বীৰ হনুমানে সকলো কথা বুজিলে। তেওঁ আঙুঠি বিচাৰি নাগ লোকলৈ অহা এই সকলোবোৰ প্ৰভূ শ্রী ৰামৰে লীলা। বাসুকী নাগৰ কথা শুনি হনুমানে এয়াও বুজিলে তেওঁ নাগলোকলৈ অহা কেৱল প্ৰভূ শ্রী ৰামৰ দ্বাৰা তেওঁক নিজৰ কৰ্তব্যৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যৰে আছিল। কাৰণ তেতিয়া কালদেৱে অয্যোধাত প্ৰৱেশ কৰিব পাৰে। আৰু প্ৰভূ শ্রী ৰামক তেওঁৰ জীৱন কালৰ সমাপ্তি হোৱাৰ সূচনা দিব পাৰে। আৰু যেতিয়া মই অয্যোধালৈ গৈ পাম তেতিয়া তাত মোৰ আৰাধ্য দেৱতা প্ৰভূ শ্রী ৰাম উপস্থিত নাথাকিব। আৰু অয্যোধাত প্ৰভূ শ্রী ৰাম নাথাকিলে মোৰ কি কাম। 


কোৱা হয় যে,ইয়াৰ পাছত আৰু হনুমান অয্যোধালৈ গমন নকৰিলে।।



Best story

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages