পূৰ্ণিমাৰ বিবাহ ২০বছৰ বয়সতে, তাইতকৈ ১০বছৰ ডাঙৰ ৰঞ্জনৰ লগত হৈছিল। ৰঞ্জনে এই বয়সৰ ব্যৱধানক লৈ সহজ হৈ থাকিব পৰা নাছিল( Storyboard )। কাৰণ পূৰ্ণিমা বৰ ধুনীয়া আৰু সৰু আছিল। আৰু তাইৰ আগত ৰঞ্জন, যেনে কলা ডাৱৰ হৈ পৰিছিল। পূৰ্ণিমাৰ দেউতাকে মাথো ৰঞ্জনৰ চৰকাৰী চাকৰি দেখা পায়, পূৰ্ণিমাৰ বিবাহ ৰঞ্জনৰ লগত কৰিছিল। ৰঞ্জনে প্ৰতিটো কথাতে সন্দেহ কৰিছিল, আৰু পূৰ্ণিমাক কতোৱে অকলে যাবলৈ নিদিছিল। এইবোৰ কথা লৈয়ে প্ৰতি দিন ৰঞ্জনে পূৰ্ণিমাৰ লগত কাজিয়া কৰিছিল। কিন্তু পূৰ্ণিমা বহুত বুজিপোৱা ছোৱালী আছিল। তাই সকলোবোৰ সহ্য কৰি গৈছিল।
চাওঁতে চাওঁতে ৰঞ্জন আৰু পূৰ্ণিমাৰ বিবাহ ২৫বছৰ হল। এতিয়া তাহাঁতৰ বিবাহ যোগ্য ২২বছৰীয়া নেহা আৰু ২০বছৰীয়া লৰা নিশান্ত আছিল। কিন্তু আজিও পূৰ্ণিমা বহুত ধুনীয়া হৈ আছিল। পূৰ্ণিমাৰ বয়স তেতিয়া ৪৫ বছৰ হৈছিল যদিও তাইক দেখা পায় এনে নালাগিছিল । এনে লাগে যেন তাই ৩০ বছৰৰ হে। ৰঞ্জনে এতিয়াও তাইৰ লগত আগৰ দৰেই কাজিয়া কৰে। এই কথা লৈ নেহা আৰু নিশান্তও আমনি পাইছিল। নেহাৰ খুড়ীয়েকে নেহাৰ বাবে এটা লৰা দেখুৱাইছিল। আৰু আজি সেই লৰাটোক লগ কৰিবলৈ ৰঞ্জন সেই লৰাটোৰ ঘৰলৈ গৈছিল। ঘৰলৈ আহিয়েই ৰঞ্জনে, পূৰ্ণিমা, পূৰ্ণিমা মাত দিলে। নেহাই কলে, পাপা মা ঘৰত নাই, বজাৰলৈ গৈছে। ৰঞ্জনে সুধিলে, কিয় গৈছে! আৰু কাৰ লগত গৈছে! ৰঞ্জনে প্ৰশ্নৰ পাহাৰ কৰি দিলে। সেইসময়তে পূৰ্ণিমাও আহি পালেহি। পূৰ্ণিমা আহি পোৱাৰ লগে লগে, ৰঞ্জনে সুধিলে, কিয় গৈছিলা! আৰু অকলে কিয় গৈছিলা! আৰু এই নিশান্ত কত! পূৰ্ণিমাই কল, আপুনি পাহৰিলে মানে! নিশান্তে মাক আনিবলৈ ষ্টেচনলৈ গৈছে। আজি মা গাওঁৰপৰা আহি আছে। আৰু মই মাৰ প্ৰয়োজনীয় কিছুমান বস্তু আনিবলৈ বজাৰলৈ গৈছিলো।
ৰঞ্জনে কলে, ৰব নোৱাৰিছিলা মোৰ বাবে অলপ সময়! আৰু নহলে নেহাক লগত লৈ যাব পাৰিলা হয়। তেতিয়া পূৰ্ণিমাই কলে, নেহাৰ পঢ়িবলগীয়া আছিল। কাইলৈ তাইৰ পৰীক্ষা আছে আৰু মই ভাৱিলো আপোনাৰ আহি পোৱাত পলম হব আৰু তেতিয়া লৈ দোকান বন্ধ হৈ পৰিব। সেইবাবে মই গলোগৈ। ৰঞ্জনে খংতে কোঠালৈ গলগৈ। কিছু সময়ৰ পাছত পূৰ্ণিমা চাহ লৈ কোঠালৈ গল। পূৰ্ণিমাই কলে, চাহ লওক, তেতিয়া ৰঞ্জনে জেঙেৰা মাৰি কলে, থৈ দিয়া। পূৰ্ণিমাই কলে, কিয় ইমান খং কৰিছা! ৰঞ্জনে খংতে কলে, বাদ দিয়া এইবোৰ, তুমি মোৰ লগত বাহিৰলৈ যাবলৈ তোমাৰ লাজ লাগে। মই বয়সত তোমাতকৈ ডাঙৰ যে। কলা হয় আৰু এতিয়াও চুলিও সৰিল। কিয় তুমি মোক তোমাৰ লগত লৈ যাবা! লাজ লাগিব যে! পূৰ্ণিমাই কলে, অ মা! থাকিবলৈ দিয়া, আৰু তেতিয়া পূৰ্ণিমাৰ চকুলো ভৰি আহিল।( Storyboard )
সেই সময়তে মাক আহিল।"আকৌ আৰম্ভ হৈ গল পাপা।" নিশান্তে কলে। আপোনাৰ টো এয়া কাজিয়া সদায়ে চলে, মা অলপ বাহিৰলৈ গলেই, আপুনি কাজিয়া কৰিবলৈ আৰম্ভ হৈ যায়। তেতিয়া ৰঞ্জনে কয়, তই নিজৰ দেউতাৰক মুখে মুখে কৈছ! এয়া পূৰ্ণিমা তুমি বেছিকৈ মুকলি কে এৰি দিয়া বাবে হৈছে। চাইলোৱা, মুখে মুখে লাগিছে। আইতা আহি পালে, আগফালে বহি আছে, সকলোবোৰ শুনি আছে। নিশান্তে কলে। ৰঞ্জন খংত বাহিৰলৈ ওলাই আহিল। আৰু মাকক কলে, কেনে আছা মা! মইটো ঠিকে আছো, কিন্তু আজিও তই সলনি নহলি ন ৰঞ্জন! কিমান বুজালো তোক ৰঞ্জন, কিন্তু! বোৱাৰী জনীয়ে সকলো বুজি পায় বাবে সকলোবোৰ সহ্য কৰি থাকে। বাদ দিয়া এইবোৰ, এনেও পূৰ্ণিমাই মূৰটো বেয়া কৰি থৈছে। ভাল সময়তে তুমি আহিছা, নেহাৰ বাবে এটা লৰা চাইছো। লৰাটো বহুত ভাল আৰু চৰকাৰী চাকৰিয়াল। নেহা আৰু পূৰ্ণিমাও আহিল, আৰু কথাবোৰ শুনিলে। মাকে সুধিলে, লৰাটোৰ বয়স কিমান! ৰঞ্জনে কলে, সিমানে দূৰত্ব যিমান পূৰ্ণিমা আৰু মোৰ মাজত আছে। এই কথা শুনি পূৰ্ণিমা দুখী হৈ পৰিল। আৰু ভাৱিলে, মোৰ ছোৱালী জীৱন যাতে মোৰ দৰে নহয়। তেতিয়া মাকে কলে, তেতিয়া হলে এই বিয়া হব নোৱাৰে। ৰঞ্জনে কলে, কিয়, কি বেয়া দেখিছা! মাকে খংত কলে, দেখা পালো, মই তোৰ আৰু পূৰ্ণিমাৰ সম্বন্ধক। গোটেই জীৱন তই পূৰ্ণিমাৰ লগত কেনে ব্যৱহাৰ কৰিলি!সেই সময়টো তোৰ দেউতাৰে মোৰ কথা নুশুনিলে। কিন্তু আজি নহয়।
মই মোৰ নেহাৰ বিবাহ একে বয়সৰ বা নেহাতকে ৩,৪ অন্তৰ ডাঙৰ লৰাৰ লগতে বিয়া দিম। পূৰ্ণিমাৰ দৰে কথা শুনি থকী জীৱন নিদো মোৰ নাতিনীজনীক। আৰু ৰঞ্জন, তই যদি বুজি নাপাৱ, মোৰ কথা নুশুন, তেতিয়া হলে মই তোৰ ঘৰলৈ আৰু কেতিয়াও নাহো। ৰঞ্জনে আৰু কি কৰিব, মাকে ধমক যি দিলে। মনে মনে নিজৰ কোঠালিলৈ উঠি গলগৈ। নেহাই মনে মনে বহুত সুখী হল। কিমান ভাল আইতাক পাইছে তাই। পূৰ্ণিমাই ভাৱিলে, মাৰ এই ৰূপ মই কেতিয়াও আগতে দেখা নাছিলো। মাকৰ কথা শুনি পূৰ্ণিমা নিজৰ জীয়েকৰ বাবে নিচিন্ত হৈ পৰিছিল। আৰু তাইৰ দুচকুৱে সুখৰ চকুলো বৈ আহিল। আৰু কিছু দিনৰ পাছত আইতাকে নেহাতকৈ ৩,৪বছৰ ডাঙৰ লৰা এজনৰ লগত নেহাৰ বিয়া দিলে। নেহা আৰু তাই স্বামী বহুত সুখী আছিল কিন্তু আজিও ৰঞ্জন সলনি নহল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment