লকডাউনত সংবাদ শিৰোনামা দখল কৰা এটা বিশেষ বাতৰি : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 31, 2021

লকডাউনত সংবাদ শিৰোনামা দখল কৰা এটা বিশেষ বাতৰি : Storyboard

Storyboard

''  COVID 19 ৰ দায়িত্বত থকা আৰক্ষী কনিষ্টবলৰ পৰকীয়া প্ৰেম--কালিমা সানিলে পুলিচ প্ৰশাসনৰ -- চি চি কেমেৰাত বন্দী হ'ল সমগ্র ঘটনা-- সন্দেহজনক চৰিত্ৰৰ মহিলাৰ লগত কনিষ্টবলক হাতেলোটে ধৰা পেলালে সচেতন ৰাইজে '' ...... বিগ ব্ৰেকিং নিউজ । ৰাতিপুৱাৰ পৰা প্ৰায় সকলো কেইটা টি ভি চেনেলত সম্প্ৰচাৰ হৈ আছে আৰক্ষীৰ এই কু কৰ্মৰ কথা । চাৰিওফালে কৰোণা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ মাজতে এইটো খবৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে । দায়িত্ব পালনত গাফিলতি কৰি নিজৰ কুকাৰ্য্যৰে আৰক্ষীৰ মান মৰ্যাদা ধূলিসাৎ কৰিলে পৌঢ় কনিষ্টবল জনে ।( Storyboard )


       কৰোণা মহামাৰীৰ খবৰতকৈয়ো বেছি গুৰুত্বৰে এইটো খবৰহে মিডিয়াই প্ৰচাৰ কৰি আছে । বিভিন্ন দল সংগঠন আৰু বিৰোধী দলে চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিছে । পৰিস্থিতি অধিক ভয়ানক হোৱাৰ আগতে পুলিচ প্ৰশাসনে তাৎক্ষণিক ভাবে বলবৎ হোৱাকৈ কনিষ্টবলজনক চাকৰিৰ পৰা নিলম্বন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ কথাটো মিডিয়াৰ যোগেদি ঘোষণা কৰিলে । ল'গে ল'গে বিভাগীয় ভাবে কনিষ্টবলজনক হেড অফিচলৈ তলব কৰিলে ।


      লকডাউনৰ সময়ত চহৰৰ এই অঞ্চলটোত তেওঁৰ দায়িত্ব পৰিছিল । প্ৰয়োজনীয় সংখ্যক কনিষ্টবল নথকাৰ বাবে তেওঁ দিনটো এই প্ৰখৰ ৰ'দত  অকলেই দায়িত্ব পালন কৰিছিল । মানুহবোৰক লকডাউনৰ নীতি নিয়ম জনোৱাৰ পৰা , গাড়ী ওলাই যোৱা অনুমতি পত্ৰ পৰীক্ষা কৰা, মানুহ বোৰৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰা আদি কামত ব্যস্ত আছিল । কিন্তু সমাজৰ জ্ঞাণী গুণী মানুহে একো নীতি নিয়ম নামাতে । সকলোৱে নিজৰ মতেই ঘুৰি ফুৰিছে , ভদ্ৰলোক সকলে মাস্ক খনেই নিপিন্ধে , কিবা ক'লে ওলোতাই ধমকিহে দিয়ে । কনিষ্টবল জনক মানুহ বুলিয়েই গন্য নকৰে এই অভিজাত সমাজৰ মানুহ বোৰে । প্ৰখৰ ৰ'দত দায়িত্ব পালন কৰি থাকোতে ভোকে পিয়াহে জৰ্জৰিত হৈ থকা কনিষ্টবলজনে এইকেইদিন বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে । ওচৰৰে এঘৰলৈ দুপৰীয়া পানী বিচাৰি গৈছিল , কিন্তু তেওঁলোকে গেটখনত তলা মাৰি থৈছিল, আন এঘৰত আকৌ মহিলা এগৰাকীয়ে ক'লে --" এতিয়া দিব নোৱাৰিম , বাই আহিলেহে দিব পাৰিব , আৰু আপুনি গেট খুলি সোমাই আহিছে যে , চেনিটাইজ কৰা আছেনে হাত । "

আন এঘৰলৈ যাওঁতে বেলকনিৰ পৰা পানীৰ বটলটো দলিয়াই দিছিল । 


     তথাপিও তেওঁ নিজৰ কৰ্ম সম্পাদন কৰি থাকিল । এইখিনিলৈকে ঠিকেই আছিল , কিন্তু অহা যোৱা কৰা মানুহ বোৰে লাহে লাহে এটা কথা লক্ষ্য কৰিব ধৰিলে । পহৰা দি থকা তিনিআলিটোৰ পৰা অলপ দূৰত থকা মন্দিৰটোৰ পূজাৰী জনৰ ঘৈনিয়েকৰ লগত এই কনিষ্টবল জনৰ অবৈধ সম্পৰ্কৰ কথা উমান পালে ৰাইজে । সাধাৰণ চালিঘৰত বাস কৰা পূজাৰী জনৰ ঘৈনিয়েকে আহি কনিষ্টবল জনক চাহ , পানী , ৰুটি পৰঠা আদি খুৱাই আৰু ঘনিষ্ঠ ভাবে কথাৰ মহলা মাৰে । ৰাইজে লক্ষ্য কৰিলে যে ক্ৰমান্বয়ে তেওঁলোকৰ ঘনিষ্ঠতা বাঢ়ি গৈছে । ওচৰতে থকা দুঘৰমান মানুহৰ চি চি কেমেৰাতো এই দৃশ্য বন্দী হ'ল । অঞ্চল টোৰ গন্য মন্য অভিজাত ভদ্ৰলোক সকলে কথাটো সহজ ভাবে ল'ব নোৱাৰিলে । এই সম্ভ্ৰান্ত অঞ্চলটোত এনে অনৈতিক কাৰ্য্য গ্ৰহণযোগ্য নহয় । এদিন দুজন ল'ৰাই দূৰৰ পৰাই মবাইলৰ কেমেৰা জুম কৰি কনিষ্টবল জনক অনুসৰণ কৰিলে আৰু তেওঁ পূজাৰী জনৰ চালিঘৰত সোমোৱা লৈকে দৃশ্য ৰেকৰ্ড কৰিলে । পূজাৰীৰ ঘৈণীয়েকৰ লগত কনিষ্টবল জনৰ অনৈতিক কাৰ্য্য হাতে লোতে ধৰা পৰাৰ পাছত মবাইলৰ ৰেকৰ্ডিং আৰু চি চি কেমেৰাৰ দৃশ্য বিভিন্ন মিডিয়াত দি দিলে । ল'গে ল'গে  বিভিন্ন চেনেলত ব্ৰেকিং নিউজ আহি গ'ল ।


     কনিষ্টবল জনক অফিচৰ বৰমুৰীয়া সকলে বিভিন্ন ধৰনে ককৰ্থনা কৰিলে । তেওঁৰ কাৰণে বিভাগৰ বদনাম হোৱাত সকলো খৰ্গহস্ত হৈ পৰিল । ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু কিছু সময় পিছত পূজাৰী জনৰ ঘৈণীয়েককো মহিলা পুলিচৰ হতুৱাই থানালৈ লৈ অনা হ'ল । 


      দূয়োগৰাকী দোষীকে একেলগে বহুৱাই নানা কটু কথাৰে গালি গালাজ পাৰিলে অফিচাৰে । কিন্তু আচৰিত কথা দূয়োজন নিৰ্বিকাৰ । কেৱল শুনি আছে । কথাবোৰ শুনাৰ পিছত পূজাৰীৰ ঘৈনিয়েকে মাত দিলে --" ছাৰ, যদি অনুমতি দিয়ে মোৰো অলপ ক'ব লগা আছিল । '' 

--" কি ক'ব ল'গা আছে ?" ( Storyboard )

--" ছাৰ , সেই অঞ্চলটোৰ আমি আটাইতকৈ দুখীয়া পৰিয়াল, সকলোৱে অট্টালিকাত থাকে , ধন সম্পত্তি গাড়ী , চাৰিওফালে জয় জয় ময় ময় । আমি থাকো মন্দিৰৰ কাষত থকা গছৰ তলৰ চালিঘৰত । "

--"  এইবোৰ কি বৰ্ণনা দি আছা , কি ক'ব লগা আছে সোনকালে কোৱা । "

--" এই মানুহজনে প্ৰখৰ ৰ'দত দায়িত্ব পালন কৰি আছিল, ওচৰৰ ভদ্ৰলোক সকলে এবটল খোৱা পানী দিয়া নাছিল, এঘৰে বেলকনিৰ পৰা দলিয়াই দিছিল পানীৰ বটল , তেখেতক মানুহ বুলি গন্য কৰা নাছিল মুখাপিন্ধা ভদ্ৰলোক সকলে । সেইবোৰ দৃশ্য চি চি কেমেৰাত ধৰা দিছেনে ছাৰ । " 

--" নিজকে নিৰ্দোশী কৰিবলৈ এইবোৰ কি বকি আছা তুমি । "


--" সত্য কথা ক'লে আপোনালোকৰ গা পুৰে কিয় ছাৰ । যি কেইজন মহাপুৰুষে এও আমাৰ ঘৰলৈ যোৱা দৃশ্য ভিডিও কৰিলে সেইকেইজনেই ৰাতি আমাৰ ভঙা বেৰৰ জলঙাৰে তিৰোতাৰ দেহটো চাবলৈ যায় । " গৰজি উঠিল তেওঁ ।

--" এইবোৰ কি কৈছা তুমি ? " 

--" কিয় ছাৰ, শুনিবলৈ বেয়া পাইছে নেকি । সাহস আছে যদি ভিডিও কৰা কেইজনক ইয়াত হাজিৰ কৰক আৰু কি অনৈতিক কাৰ্য্য কৰা দেখিলে প্ৰমাণ কৰক , টি আৰ পিৰ পিছত নিগনি দৌৰ দি থকা বেসেৰুৱা চেনেল কেইটাই খবৰ বিচাৰি নাপায় । সকলোতকৈ ডাঙৰ কথা কি জানে ছাৰ । " কাষতে তলমূৰ কৈ বহী থকা কনিষ্টবল জনলৈ চাই পূজাৰীৰ ঘৈনিয়েকে ক'লে -" এও মোৰ দাদা হয় , নিজৰ ককাইদেউ । " 

---" কি ? " 

কনিষ্টবলজনে সেমেকা হাঁহি মাৰি ক'লে --" হয় ছাৰ , এও মোৰ নিজৰ ভনী । এই নাথাকিলে এইকেইটা দিন মোৰ বৰ অসুবিধা হ'লহেতেন । "' 


সমাপ্ত


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages