আমাৰ সমাজ আৰু বেশ্যাৰ সন্তান : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 31, 2021

আমাৰ সমাজ আৰু বেশ্যাৰ সন্তান : Storyboard

 

Storyboard

"নাম কোৱা?"------ সন্মুখত বহি থকা কলেজৰ অধ্যক্ষ জনে মূৰ নোতোলাকৈয়ে নোটবুকখনত কিবা লিখি লিখিয়ে তাইক প্ৰশ্ন কৰিলে।( Storyboard )


তেওঁৰ কাষত কাষে কাষে বহুকেইজন অধ্যক্ষ-অধ্যাপক বহি আছে ঘূৰণীয়াকৈ। মাত্ৰ নতুন পদটোৰ বাবে ইন্টাৰভিউ দিবলৈ অহা কেনডিডেট্ কেইজন অহা-যোৱা কৰিব পৰাকৈহে এটা সুৰু বাট ৰাখিছে। 


"সকলোলৈ নমস্কাৰ জনালোঁ। মোৰ নাম নাৰ্জীলীনা কুমাৰী।"-----হাতযোৰ কৰি নমস্কাৰ জনাই তাই নিজৰ পৰিচয় দিলে। তেতিয়ালৈকে তাইক সন্মুখৰ চকীখনত বহিবলৈ কোনো এজনেও অনুমতি দিয়া নাই। তৰুণ যেন লগা অধ্যাপক দুজনমানে তাইলৈ খুওব তীক্ষ্ণ দৃষ্টিৰে চাই থকা দেখা পায় তাই তেওঁলোকৰ চকুত চকু থলে; তেওঁলোকে তাইৰ সেই দৃষ্টি সহ্য কৰিব নোৱাৰি তলমূৰ কৰিলে। ছিঃ! পুৰুষৰ এনে চাৱনিও এজনী নাৰীক ধৰ্ষণ কৰি থৈ যায় মনে মনে।


স্বাভাৱিকতে তাই এজনী ধুনীয়া ছোৱালী। ৩০ বছৰীয়া দেহাটোত বসয়ৰ আঁচোৰ একেবাৰেই পৰা নাই। বাৰ্গেন্দি ৰঙৰ দীঘল চুলিকোচা এটা সৰু ক্লাচাৰে আধা চুলি বান্ধি আধাটো খোলাকৈ ৰাখিছে। আগফাললৈ উলিয়াই ৰখা চুলিখিনিয়ে আঁঠু চুইচেগৈ। বাওঁহাতে বেৰিয়া গজা দাঁত আৰু আগফালৰ দাঁত দুটাৰ মাজত ত্ৰিভুজৰ কোণৰ দৰেই অকণমান ভাঁজ থকাৰ বাবেই হাঁহিলে অসম্ভৱ ধুনীয়া দেখি তাইক,তাতে ওপৰৰ ওঁঠৰ ওপৰত সৰুকৈ থকা কলা তিলটো । স্বাভাৱিকতে প্ৰত্যেক পুৰুষে তেনে এগৰাকী নাৰীক নিজৰ কৰাৰ হাবিয়াস থাকে। 


"তুমি বহিব পৰা?"----- নাৰ্জীলীনালৈ চাই থকা অধ্যাপক এজনে তাইক বহিবলৈ অনুমতি দিলে। তাইৰ পিন্ধনত এজোৰ সাধাৰণ মেখেলা-চাদৰ। কমলা ৰঙৰ এচ.চি কটনৰ জোৰাযোৰত কলা ৰঙৰ সৰু সৰু বুটা বছা। কাপোৰজোৰে তাইক অসম্ভৱ ধুনীয়া দেখিছে। গাৰ বৰন অৱশ্যে চকুত লগা বগা নহয়; মাগুৰবৰণীয়া ওখ,লাহী শৰীৰটো আবেদনময়ী। সহজে আকৰ্ষণ কৰিব পৰা সাধাৰণ গুণেৰে ভৰপূৰ তাইৰ এইটোৱেই শেষ ইন্টাৰভিউ বুলি মাকক আজি জনাই আহিছে। ওলাবৰ পৰত সদায় গোঁসাই ঘৰত  চাকি জ্বলোৱা তাই আজি গোঁসাই ঘৰলৈ কেৰাহিকৈও চোৱা নাই। তাই জানে তাইৰ আচল পৰিচয় পোৱাৰ পাছত একোটা লোলুপ দৃষ্টি,একোটা শৰীৰ বিনিময়ৰ প্ৰস্তাৱৰ বাহিৰ তাই একোৱেই আশা নকৰে। 


"মাৰ নাম আশাদ্বীপা বুলি জানিলোঁ কিন্তু পিতৃৰ পৰিচয় দেখোন ইয়াত নাইয়েই। দেউতা নাই তোমাৰ?"------- আন এজন অধ্যক্ষই তাইৰ ফাইলটোলৈ চাই চাই মাত লগালে। ওচৰৰে দুজনমানে কাণে কাণে ফুচফুচাই থকা পাতি খুকখুককৈ হাঁহিছে। তাইৰ অসহ্য লাগিল। তাই জানে সেই আগৰবোৰৰ দৰেই তাইক এতিয়া প্ৰশ্ন কৰিব দেউতাৰ পৰিচয় কিয় নাই, দেউতা নোহোৱাকৈয়ে তুমি পৃথিৱীৰ পোহৰ দেখিলা, এজনী বেশ্যাৰ ছোৱালী হৈ তুমি ইমান ডাঙৰ ইন্টাৰভিউ এটা দিবলৈ সাহস কৰিছা ইত্যাদি ইত্যাদি। বুকুখন বিষোৱা যেন লাগিল তাইৰ। মাকক সঘনাই অপমান কৰিব নোখোজে তাই। কিন্তু মাকে অলপো বুজিবলৈ যত্ন নকৰে, তেওঁ শিকাই সমাজৰ এই বেয়াবোৰক নেওচিও যিয়ে সফলতা আজুৰি আনিব পাৰে সেইয়াহে  জীৱনৰ প্ৰকৃত যোদ্ধা। তেওঁ শিকাই পিতৃ-মাতৃৰ আচল পৰিচয়ৰ বাদেও সময় আৰু বয়সৰ লগে লগে সকলোকে একোটা নিজা পৰিচয়ৰ দৰকাৰ।যিয়ে মূৰ তুলি থিয় হ'বলৈ শিকাই, প্ৰত্যাহ্বানবোৰ সাহসেৰে নেওচিব  পৰাকৈ মানসিকভাবে সবল হ'বলৈ শিকাই


মানুহ কেতিয়াবা আত্মকথনত ডুব যাব লাগে। তেতিয়াহে নিজ মনৰ অভাৱ-অভিযোগ, পোৱা-নোপোৱাৰ প্ৰকৃত হিচাপ ওলাই পৰে। নিজক বুজা যায় তেতিয়া আচলতে তেওঁ কিমান শক্তিশালী, কিমান উপযুক্ত। এনেকৈয়ে ভাবে নাৰ্জীয়ে আজিকালি; হয়, আত্মকথন দৰকাৰ খুবেই দৰকাৰ নিজক চাবলৈ,বুজি উঠিবলৈ।


"মহোদয় মই এগৰাকী সমাজৰ পৰা বৰ্জিতা বেশ্যাৰ জীয়েক। গতিকে মোৰ পিতৃৰ আচল পৰিচয় অথবা নাম মই সঠিককৈ ক'ব নোৱাৰিম। নোৱাৰিম মানে নাজানো মই।"-------- কথাখিনি তাইৰ স্পষ্টকৈ ওলাইছিল। আগৰবোৰ ইন্টাৰভিউত কঁপি কঁপি মাত ওলোৱাৰ দৰে বা তলমূৰ কৰি উত্তৰ দিয়াৰ দৰে তাই এইবাৰ নিদিয়ে বুলি মনতে থিৰাং কৰি আহিছে। তাই জানে যে এইটো চাকৰিও তাই কেতিয়াও নাপায়। সেয়ে তাই চাকৰি পোৱাৰ ব্যথা চেষ্টা কৰিবৰো তিলমানো ইচ্ছা আৰু হেঁপাহ এটাও নাই।


"বেশ্যাৰ ছোৱালী? ইন্টাৰনেছনেলৰ প্ৰচটিউত আশাদ্বীপা ওৰফে জেনেটৰ ছোৱালী। একপ্ৰকাৰৰ পৰ্ণ ষ্টাৰ!"------- আটাইকেইজন প্ৰফেছাৰে গিৰ্জনী মাৰি হাঁহিলে। খঙত ৰঙা-চিঙা পৰা নাৰ্জী কঠোৰ হৈ সকলোকে তীক্ষ্ণ দৃষ্টিৰে চাই থাকিল। তাই এইবাৰ চাকৰিটোৰ বাবে নহয়,চাকৰিৰ বাবে ইন্টাৰভিউ দিওঁতে মাকক কৰা অপমানৰ পোটক তুলিবলৈহে আহিছে। সকলোৰে ওপৰত থকা খঙবোৰ আজি শেষ কৰিম বুলি ওলাই আহিছে। নালাগে তাইক চাকৰি,গোটেই জীৱন আৰামেৰে খাব পৰাকৈ লাখ টকাৰ সম্পত্তি সিহঁতৰ আছে। তথাপি মাকে তাইৰ সুকিয়া পৰিচয় এটা থকাটো বিচাৰে সেয়ে বাধ্য হয় তাই আহিবলৈ।


"হয়,মহোদয় মই এগৰাকী প্ৰষ্টিটিউতৰ ছোৱালী। বয়স মোৰ ৩০ বছৰ। মোৰ মাৰ অসংখ্য পুৰুষৰ সৈতে দৈনিক শৰীৰৰ খেল হৈছিল। সেই খেলখনলৈ সৰু সৰু মানুহ নহয় বৰঞ্চ মাল্টিনেছনেল কোম্পানীৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীৰ মালিক মানুহ আহিছিল। যিসকলে দিনত নাৰী সৱলীকৰণ, শিশু সুৰক্ষাৰ বাবে,বেশ্যালয় বন্ধৰ দাবী কৰিছিল সেইসকল লোকেই এন্ধাৰত খুপি খুপি শৰীৰৰ জুতি ল'বলৈ মাৰ কাষ চাপিছিল। মোৰ দেউতাও হয়তো তেনে এজন ডাঙৰ মানুহেই,যাক হয়তো মোৰ মায়ে ভালপায় পেলাইছিল। তেওঁৰ নাম মই আজিলৈকে নাজানিলো আৰু জনাৰ চেষ্টাও কৰা নাই। এটা কথা ঠিক বেশ্যাবোৰো মানুহেই। গতিকে হৃদয় এখন তেওঁলোকৰো থাকে। সেয়ে হয়তো মই মাৰ গৰ্ভত ধাৰণ কৰাৰ পাছতেই তেওঁ বেশ্যা বৃত্তি সুমলি এৰি পেলাইছিল।"( Storyboard )


"এগৰাকী বেশ্যাৰ জীয়েক হৈ ইমান ডাঙৰ কথা কোৱা? ভীষণ এটিটিউড তোমাৰ?"


তেওঁলোকৰ মাজৰেই এজনে কথাখিনি খঙেৰেই ক'লে নাৰ্জীলীনাক। 


"এইয়া ফাইল লোৱা তুমি যাব পাৰা। ভদ্ৰ মানুহৰ আগত কেনেকৈ কথা হ'ব লাগে সেই সাধাৰণ জ্ঞানো নাই তোমাৰ! ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিবা! ইন্টাৰভিউ দিব আহিছা যেতিয়া তলমূৰ কৰি কথা কবা।"


অধ্যক্ষজনৰ কথাত এটা বেঁকা হাঁহি মাৰি তাই ক'লে


"নিজৰ যোগ্যতাৰ ভিত্তিত ইন্টাৰভিউ দিব আহিছোঁ,ভিক্ষা খুজিবলৈ বা চকীৰ তলেৰে দালালী কৰি চাকৰি বিচাৰি অহা নাই মহোদয় ক্ষমা কৰিব কোৱাৰ বাবে।"


তাই ফাইলটো ল'বলৈ হাতখন মেলোতেই পুনৰ অধ্যক্ষজনে ক'লে


"তোমাৰ এই এটিটিউড এৰি যদি শান্তভাৱে আমাৰ সৈতে সহযোগ কৰাহ'লে নিশ্চিত চাকৰিটো তুমিয়েই পালাহেঁতেন। যিহেতু তোমাৰ শিক্ষাগত সকলো অৰ্হতাই আছে।"


"ক্ষমা কৰিব মহোদয় এই এটিটিউড বহুত লাজ-অপমান সহ্য কৰি, কষ্ট কৰি অৰ্জন কৰিছোঁ গতিকে এৰিব নোৱাৰোঁ। এইয়াই মোৰ প্ৰথম নহয় যে মই এগৰাকী প্ৰষ্টিটিউতৰ ছোৱালী হোৱাৰ বাবে এইবোৰ কথা শুনিছোঁ; বিশ্বাস নকৰিব পাৰে এতিয়ালৈকে প্ৰায় বিশতাতকৈও অধিক সৰু-ডাঙৰ ইন্টাৰভিউ দিছোঁ ২৪ বছৰ বয়সৰ পৰাই কিন্তু মাৰ নাম দেখাৰ লগে লগেই ইন্টাৰভিউ লোৱাকেইজনে মূল কথাৰপৰা আঁতৰি মোৰ শৰীৰৰ জোখ-মাখ লোৱাতহে ব্যস্ত হয়। কিমান কষ্টকৰ সেইখিনি সময় হয়তো আপোনালোকে নুবুজে। ইচ্ছা কৰিলে মই মোৰ মাৰ পৰিচয় সলনি কৰিব পাৰোঁ কিন্তু নকৰোঁ।কাৰণ মোৰ মা বেশ্যা হ'ব পাৰে কিন্তু মুখাপিন্ধা ভদ্ৰলোক কেতিয়াও নহয়। হ'ব পাৰোঁ বেশ্যাৰেই জীয়েক কিন্তু তাতে বুলিয়ে সকলোৰে ভৰিৰ মলি কিয় হম,কিয় মোকো সেই দৃষ্টিৰে চাব? মাক ধন্যবাদ দিওঁ লগতে তেওঁৰ বেশ্যা বৃত্তিটোও এই কাৰণেই যে মুখা পিন্ধা এচাম ভদ্ৰলোকৰ পৰা বহুজনী ছোৱালী ধৰ্ষিতা হোৱাৰ পৰা বাছি যায়।পুৰুষে কেৱল যে শৰীৰেই ধৰ্ষণ কৰে সেইয়া নহয়, চকুৰেও ধৰ্ষণ কৰে তেওঁলোকে। আপোনালোকৰ চাকৰি আপোনালোকে ৰাখক মোক নালাগে। মাৰ ইচ্ছা পূৰণ কৰিলোঁ সেইয়াই সুখ মোৰ। ধন্যবাদ।"


বহুদিনৰ মূৰত মনটো পাতল লাগিল তাইৰ। যিমানবাৰেই তাই ইন্টাৰভিউ দিছে সিমানবাৰেই তাইক মূল কথাৰপৰা আঁতৰাই শাৰীৰিক সম্বন্ধীয় কথাখিনিৰ মাজতহে সোমোৱাই দিয়ে। নাৰ্জীয়ে জানে তাই যে এখন ডাঙৰ ব্যক্তিগত চিকিৎসালয়,দুখনকৈ ফাইভ ষ্টাৰ হোটেল,দুশবিঘা চাহ বাগানৰ মালিক তিলক চলিহাৰ ছোৱালী কিন্তু তাই হ'লেও সেই পৰিচয় কেতিয়াও দিয়া নাই নিদিয়েও,মাকেও দিবলৈ নিদিয়ে। বাৰ্থ চাৰ্টিফিকেটটো সেয়ে পিতৃৰ নামৰ ঘৰটো খালি কৰিয়েই ৰাখিছিল মাকে।  


"ছাৰ,যাব পাৰোনে মই। ক্ষমা কৰিব ইমানবোৰ কোৱাৰ বাবে। এইকাৰণে ক'বলৈ বাধ্য হ'লো যে বেশ্যা হ'লেও,বেশ্যাৰ জীয়েক হ'লেও মুক্ত মনেৰে জী থকাৰ অধিকাৰ আমাৰো আছে। যদি অবৈধ‌ই হ'ল হেঁতেন তেন্তে কলিকতাৰ সোণাগুছি কেতিয়াও বিখ্যাত নহল হেঁতেন। আপুনি জানেনে এই সোণাগুছিতে অবৈধভাৱে জন্ম হোৱা কিমান জন ল'ৰা-ছোৱালী বলিউডতে হ‌ওঁক বা বেলেগ ভাৱেই হ‌ওঁক নিজক সবলভাৱে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকে যিদৰে নিজকে বেশ্যাৰ জীয়েক অথবা পুতেক বুলি অলপো হীন বুলি নাভাবে ঠিক তেনেকৈ ম‌ইয়ো নাভাবো। হয় মই বুকু ডাঠ কৰি কম ম‌ই এজনী বেশ্যাৰ ছোৱালী।"


অধ্যক্ষজনৰ ওচৰৰ পৰা ফাইলটো লৈ যুদ্ধত জয়ী হোৱাৰ দৰে নাৰ্জীলীনা ওলাই আহিল কনফাৰেন্স ৰুমৰ পৰা। বেগৰপৰা চানগ্লাছযোৰ উলিয়াই পিন্ধি লৈ গাড়ীৰ ড্ৰাইভিং চিটত বহিলেহি।মুখত এমোকোৰা সতেজ হাঁহি। হয়,আজি এখন যুদ্ধত বাকীসকলক ধাৰাশায়ী কৰি উভতি  আহিছে তাই। কোনো কথা নাই চাকৰি নাপালেও। গান এটা গুণগুণাই তাই টাৰ্ণিঙটোৰে পাৰ হ‌ওঁতে কলেজখনলৈ এবাৰ চালে। কোনো আক্ষেপ নাই। কিন্তু হেঁপাহ আছিল এগৰাকী সফল প্ৰবক্তা হোৱাৰ। 


এসপ্তাহৰ পাছত পিয়নটোৱে দিয়া চিঠিখনেহে তাইক আবেগিক কৰিলে। তাই চিলেক্ট হৈছে কলেজখনলৈ প্ৰবক্তা হিচাপে। এই এসপ্তাহে গোঁসাই ঘৰত নোসোমোৱা নাৰ্জীয়ে এপ‌ইনমেন্ট লেটাৰখন লৈ ঈশ্বৰক ধন্যবাদ জনালে। 

হয় তাই বেশ্যাৰ জীয়েক কিন্তু পেলনীয়া নহয়,তাইৰো সপোন আছে সাধাৰণ এজনী ছোৱালীৰ দৰেই,হৃদয় আছে হেঁপাহ আছে,জী থকাৰ এখন পাৰা-পাৰাহীন আকাশ মুকলি আকাশ আছে। হয় তাই আশাদ্বীপা নামৰ এগৰাকী বেশ্যাৰ জীয়েক,তাত তাইৰ অকণো আক্ষেপ নাই। 


আগফালৰ ফুলনিত আশাদ্বীপাই পাঁচটা অনাথ শিশুৰ সৈতে খেলি আছে। এতিয়াও তৰুণী তেওঁ। কোনে কয় বেশ্যাৰ হৃদয় নাই,মৰম নাই, ভালপোৱা নাই। এটা ধুনীয়া হাঁহিৰে সৈতে তাই মাকক এপ‌ইনমেন্ট লেটাৰখন দিলে। দুয়ো মৌন হৈ ৰ'ল বহুসময়। সৌৱা গেটখনৰ ওচৰত অনাথ শিশুকেইটাই খিলখিলকৈ হাঁহিছে। 


"মাজনী,এইখনেই আমাৰ পৃথিৱী। ত‌ই বেশ্যাৰ ছোৱালী কিন্তু ইহঁতৰ দৰেতো অনাথ নহয়।"


সমাপ্ত


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা পাপৰি ফুকন বৰগোহাঁইৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages