গণেশ শব্দটো দুটা শব্দৰ সৃষ্টি ।
গণ+নৰেশ = গণেশ
গণ মানে মানুহ আৰু নৰেশ মানে হল ৰজা ।
মানৱ সমাজৰ ৰজা অৰ্থাৎ আমাৰ সমাজৰ ৰজাকে গণেশ বুলি কয় । এজন ৰজা হবলৈ হলে গণেশৰ দৰে গুণ থাকিব লাগিব । গণেশৰ গুণবোৰ কি কি আছিল আমি বুজি লৈ সেইবোৰ নিজৰ শৰীৰত আনিব পাৰিলেহে এজন 'গনপতি' বা 'গণেশ' বা ৰাইজৰ মনৰ ৰজা হব পৰা যায় ।। ( Religious Studies )
গণেশক বহুতে বুদ্ধিৰ ৰজা বুলিও কয় । কাৰণ গণেশ তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় । গণেশৰ মূৰত হাতীৰ মূৰটো থকা কথাটোৱে এইটোৱে বুজায় যে ৰজা এজনৰ বিবেক , জ্ঞান , বুদ্ধি আদি হাতীৰ দৰে হব লাগে । আমাৰ সমাজত যিজনৰ মূৰটো ডাঙৰ , সেইজনক বুধিয়ক বুলি কোৱা হয় । সেইদৰেই গণেশৰ ক্ষেত্ৰতো একেই । অৰ্থাৎ ৰজা এজনৰ জ্ঞান , বুদ্ধি বেছি হব লাগিব।
দ্বিতীয়তে গণেশৰ কান দুখন বহুত ডাঙৰ । অৰ্থাৎ ৰজা এজন 'গনপতি' বা 'গণেশ'ৰ দৰে হবলৈ হলে সকলোৰে কথা শুনিব লাগিব। ৰাইজৰ সুখ-দুখঃ সকলো শুনিলেহে ৰজা হৈ থাকিব পাৰিব ।
তাৰ পিছত হল গণেশৰ নাকৰ ঠাইত থকা সুৰডাল । ইয়াৰ অৰ্থ হল ৰজাৰ নাক বহুত দীঘল হব লাগে । আমাৰ সমাজত নাক দীঘল মানে হল সমাজৰ সকলো বস্তুৰে খবৰ ৰখা বা গোন্ধ পাই থকা । ৰজা এজনে ৰাজ্যত কত কি হৈ আছে , সকলোৰে খবৰ ৰাখিব লাগিব ।
তাৰ পিছত হল পেটটো । ৰজাৰ পেট বহুত ডাঙৰ হব লাগে । ইয়াৰ অৰ্থ হল যে ৰজা এজনক বহুতে তিতা-মিঠা শুনাব পাৰে । সেই সকলোবোৰ ৰজাই পেটত ভৰাই ৰাখিব পাৰিব লাগিব ।
গণেশৰ বাহন হল এন্দুৰ । যদি ৰজাই বেছি দূৰ যাব ইচ্ছা কৰে , তেন্তে এন্দুৰৰ দৰে খাব লাগিব । যিদৰে এন্দুৰে কুটি কুটি খায় , সেইদৰেই ৰজা এজনে প্ৰজাৰ পৰা অলপ অলপকৈ খাব লাগে । একেলগে বহুত বেছি কৰ লগাই খাব বিচৰা ৰজা বেছিদিন নাথাকে বা বেছিদূৰ যাব নোৱাৰে ।
এই আটাইবোৰ গুণ এজন ৰজাৰ শৰীৰত থকাৰ পিছত ৰজা এজনে ৰিধি আৰু সিদ্ধিক পায় । ৰিধি আৰু সিদ্ধিক গণেশৰ পত্নী বুলি কোৱা হয় । ৰিধি মানে হল ধন সম্পত্তি আৰু সিদ্ধিৰ আৰু আঠ টা গুণ আছে । যাক অষ্ট সিদ্ধি বুলি কোৱা হয় ।
গণেশৰ সকলোবোৰ গুণ থকাৰ পিছত অষ্ট গুণ সম্পন্ন সিদ্ধিক পাইছিল ।
সিদ্ধিৰ লগত কি কি অষ্ট গুণ আছিল তলত লিখা হল ।।
অনিমা : অনিমা মানে হল অনুৰ সমান । যাৰ অৰ্থ হল যিয়ে নিজৰ দেহক অনুৰ দৰে সূক্ষ্ম কৰি ৰাখিব পাৰে । গণেশে সিদ্ধিক পাইছিল আৰু সিদ্ধিৰ প্ৰথম গুণ আছিল অনিমা । অনিমা অনুৰ সমান হোৱা বাবে কোনেও দেখা নাপায় । অৰ্থাৎ গণেশৰ লগত অনিমা আছে , যি অনিমা কোনেও দেখা নাপায় আৰু কাঢ়ি নিব নোৱাৰে । ( Religious Studies )
মহিমা : অনিমাৰ পাছতে আছে মহিমা । এই মহিমাৰ দ্বাৰাই সাধকে নিজৰ শৰীৰটো যিমান দৰকাৰ হয় সিমান বঢ়াই লব পাৰে ইচ্ছা অনুসৰি ।। যিকোনো ঠাইলৈ নিজৰ শৰীৰটো লৈ যাব পাৰে বা একদম সৰু হৈও যাব পাৰে । ইয়াৰ অৰ্থ হল ক্ষমতা । গণেশে সিদ্ধিক পোৱা মানে ক্ষমতাও পাইছিল । যি ক্ষমতা বা শক্তি পোৱাৰ পিছত নিজৰ শক্তি যিকোনো পৰিধিলৈ লৈ যাব পাৰে ।
গৰিমা : এই সিদ্ধিটো পোৱাৰ পিছত সাধকৰ শৰীৰৰ ওজন বাঢ়ি যোৱা বুলি কোৱা হয় । শৰীৰৰ ওজন ইমানেই বাঢ়ি যায় যে সেই সাধক জনক কোনেও লৰাব নোৱাৰে নিজৰ ঠাইৰ পৰা । অৰ্থাৎ গণেশক বা সেইজন ৰজাক যিজনৰ লগত গৰিমা আছে , তেওঁক পৃথিৱীৰ কোনো শক্তিয়ে ক্ষমতাচ্যুত কৰিব নোৱাৰে ।
লঘিমা : লঘিমা মানে হল লঘু । সাধকৰ শৰীৰত এইটো গুণ অহা বাবে সাধকে নিজৰ ইচ্ছা অনুযায়ী শৰীৰটোক ইমান লঘু কৰি দিব পাৰে যে বতাহঁতো উৰি যাব পাৰে । এজন ৰজাৰ গাত এইটো গুণ আহি যায় , যাতে সকলো পৰিস্থিতিতে ৰজা এজনে নিজকে বৰ্তাই ৰাখিব পাৰে ।
প্ৰাপ্তি : এই সিদ্ধিটো থাকিলে সাধকে নিজৰ ইচ্ছা অনুযায়ী যতে ততে যাব পাৰে নাইবা অদৃশ্য হৈও নিজৰ কাম কৰিব পাৰে । ৰজাই যি বিচাৰে , সেইটোকে পায়।
প্ৰকাম্য : এই সিদ্ধিটোৰে সাধকে যিকোনো মানুহৰ মনৰ কথা বুজি পায় । তেওঁ বুজাই নকলেও বুজি পায় ।
ইসত্য : এইটো হল ভগৱানৰ উপাধি । এইটো সিদ্ধিৰে সাধক এজন ভগৱানৰ শাৰীত পৰি যায় । গণেশক বহুতে ভগৱানৰ দৰেও পূজা কৰে । অৰ্থাৎ ৰজা এজনে গণেশৰ দৰে স্বভাৱ নিজৰ শৰীৰত আনিলে ৰাইজে ভগৱানৰ লগত তুলনা কৰি ভগৱানৰ দৰে পূজা কৰে ।
বসিত্য : এইটো সিদ্ধিৰ দ্বাৰা ৰজা এজনে যিকোনো মানুহক বশ কৰি বা দাস বনাই ৰাখিব পাৰে ।
ওপৰৰ অষ্ট সিদ্ধি গণেশৰ প্ৰাপ্ত আছিল । কাৰণ গণেশে নিজৰ মগজু , কান , নাক , পেট , বাহন আদিৰ সদব্যৱহাৰ কৰিছিল । যাৰ বাবে গণেশে পাছত সিদ্ধিক পাইছিল । ইয়াৰ উপৰিও ৰিধি আছিল গণেশৰ লগত।
গণেশৰ পত্নী বুলি এইবাবেই কোৱা হয় যে , পত্নী মানে হল অজ্ঞাকাৰী।
ইয়াৰ উপৰিও গণেশে পাইছিল শুভ আৰু লাভ নামৰ দুজন সন্তান । শুভ -লাভ হল গণেশৰ পত্নী ৰিধি আৰু সিদ্ধিৰ পৰা জন্ম হোৱা সন্তান ।।অৰ্থাৎ গণেশে নিজৰ সৎ কৰ্মক ব্যৱহাৰ কৰাৰ ফলত এদিন ধন -সম্পত্তি , সিদ্ধি আদি পোৱাৰ লগত সেই সম্পত্তিৰ চোৱাচিতা কৰিবলৈ শুভ-লাভ নামৰ দুজন সন্তান পালে । ইয়াৰ পিছত শুভ-লাভৰ পৰা জন্ম পালে আমোদ-প্ৰমোদ নামৰ দুটা নাতি ।
অৰ্থাৎ গণেশৰ দৰে নিজৰ কৰ্ম , বিচাৰ - বুদ্ধিক ব্যৱহাৰ কৰিলে এজন ৰজাই সদায় ৰাইজৰ ৰজা হৈ থকাৰ উপৰিও ধন-সম্পত্তিৰ মালিক হব আৰু আমোদ-প্ৰমোদৰে জীৱ্নত্য কটাব পাৰিব।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment