পুৱা দুৱাৰৰ বেল বাজিলত,নিশাৰ শাহুৱেকে দুৱাৰ খুলিলে। আৰু সন্মুখত নিশাৰ মাকক পুলিচৰ লগত দেখা পায় আচৰিত হৈ ৰল।( Storyboard )
ছয় মাহৰ পূৰ্ৱে হে নিশা কইনা হৈ এইখন ঘৰলৈ আহিছিল। নিশা সৰু হৈ থাকোতেই তাইৰ দেউতাকৰ মৃত্যু হৈছিল। নিশাৰ, মাকে তাইৰ মাক দেউতাক দুয়োজনে হয় তাইক ডাঙৰ কৰিছিল। এই সময়ত নিশা, এটা কোম্পানিৰ মাৰ্কেটিং মেনেজাৰৰ পদত আছিল। যেতিয়া পল্লৱৰ সম্বন্ধ নিশাৰ বাবে আহিল তেতিয়া তাইৰ মাক বহু সুখী হৈছিল। কাৰণ নিশা, তেওঁৰ অকলশৰীয়া সন্তান আছিল আৰু সেইবাবে নিশাই সদায়ে অকলশৰীয়া অনুভৱ কৰিছিল। আৰু পল্লৱৰ ঘৰখন সম্পূর্ণ ভৰপূৰ আছিল। মাক দেউতাক, এজনী ভনীয়েক আৰু এটা ভায়েকৰ সৈতে।
বিয়াৰ পাচৰ পৰাই নিশাই দেখা পালে যে, পল্লৱ তাইৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল। আৰু কিছুদিনৰ পাছত ঘৰৰ পৰিয়ালৰ লোকেও তাইৰ লগত ভালদৰে কথা পতা বন্ধ কৰি দিছিল। নিশাই অনুভৱ কৰিলে ঘৰৰ লোকে কেৱল তাইৰ মোতা দৰমহাৰ ওপৰতহে চকু আছিল। তাইৰ লগত কোনো সম্বন্ধই নাছিল যেন। কিছুদিনৰ পাছত নিশাৰ অৱস্থা পল্লৱৰ ঘৰখনত কামকৰা বাইৰ দৰে হৈ পৰিল। পুৱা ঘৰখনৰ সকলো কাম কৰি অফিচলৈ যোৱা আৰু পুনৰ আবেলি অফিচৰপৰা আহি ঘৰখনৰ সকলো কামকে কৰা। ইমানবোৰ কৰিলতো নিশাৰ ওপৰত কোনো সুখী নহৈছিল। পল্লৱেটো কোনো কথাকে নাপাতিছিল। এদিন নিশাই এখন ৰেষ্টোৰেন্টত, পল্লৱক এজনী ছোৱালী লগত আহাৰ খায় থকা দেখা পালে। নিশা সেই ৰেষ্টোৰেন্টলৈ নিজৰ এজন সহকৰ্মী লগত এজন কাষ্টমাৰক লগ কৰিবলৈ গৈছিল। নিশাই, পল্লৱ আৰু সেই ছোৱালীজনীৰ মোবাইলে ফটো এখন তুলি ৰাখিলে। বহুত ভৱা পাছত পল্লৱ যেতিয়া সন্ধ্যা অফিচৰপৰা ঘৰলৈ আহিলত, তেতিয়া নিশাই পল্লৱক সেই ছোৱালীজনীৰ বিষয়ে সুধাত, পল্লৱে কলে যে, সি সেই ছোৱালীজনীক ভালপাই, কিন্তু ঘৰৰ লোকে তাৰ বিয়া নিশাৰ লগত জোৰেৰে কৰালে। ( Storyboard )
নিশাৰ পল্লৱৰ কথা শুনি বৰ খং উঠিল আৰু তাহাঁতৰ মাজত সেই সময়ত বহুত কাজিয়া হল। পল্লৱে,সকলোৰে আগতে নিশাৰ ওপৰত হাত উঠালে, কিন্তু ঘৰৰ লোকে কোনেও পল্লৱক একো নকলে। নিশাই এয়া দেখা পায় আশ্চৰ্য্যজনক হল আৰু তাইৰ বহুত খং উঠিল। নিশাই বুজি পাইছিল যে, তাইৰ আৰু এইখন ঘৰত কোনো প্ৰয়োজন নাই। তেতিয়া তাই তক্ষনাৎ মাকলৈ ফোন কৰি সকলো কথা কলে। সেইবাবে মাক পুৱাতে নিশাৰ ঘৰ গৈ পায়গৈ। মাকে নিশাক কলে, যোৱা নিজৰ বস্তু লৈ আহাগৈ। সকলোৱে নিশাৰ মাকক বুজালে যে, নিশাক এনেদৰে লৈ যাবলৈ নোঁৱাৰে, নিশা পল্লৱৰ ঘৰৰ বোৱাৰী হয়। কিন্তু নিশাৰ মাকে নামানিলে। নিশাৰ শাহুৱেকে কলে, নিশা, এতিয়া আমাৰ ঘৰৰ বোৱাৰী হয়। আপুনি তাইৰ কন্যাদান কৰিলে। এতিয়া নিশা আমাৰ ঘৰৰ সদস্য।
তেতিয়া নিশাৰ মাকে খংত কলে, হয় কন্যাদান কৰিছিলো, যাতে তাই নিজৰ এখন ঘৰ পৰিয়াল গঢ়িব পাৰে, আৰু আপোনালোকৰ ঘৰখনক বান্ধি ৰাখিব পাৰে, এইবাবে নহয় যে আপোনালোকৰ অত্যাচাৰ সহিবলৈ। মই কন্যাদান কৰিছিলো কিন্তু নিজৰ ছোৱালীজনীৰ ত্যাগ কৰা নাছিলো! নিশা আপোনাৰ ঘৰৰ বোৱাৰী হৈ থাকক বা নাথাকক!কিন্তু মোৰ ছোৱালী হৈ সদায়ে থাকিব। কাৰণ মই মাক হৈ তাইৰ, তাইক মই মোৰ গৰ্ভৰপৰা জন্ম দিছো। আৰু নিশাৰ মাকে নিশাৰ হাতত ধৰি ঘৰৰ বাহিৰ হল আৰু পুলিচ বিষয়া জনক কলে, ছাৰ, এতিয়া বাকীখিনি আপুনি চাব! এওঁলোকৰ কি কৰা যায়! মোৰ ছোৱালীৰ মুখত থকা এই ৰঙা দাগে সকলো কথাৰে প্ৰমাণ দিছে, যে মই যি কৈছো সকলো সত্য।
নিশাৰ মাকে সকলোকে এটা কথা কব বিচাৰিছে, ছোৱালীৰ কন্যাদান অৱশ্যে কৰিব, কিন্তু তাইৰ ত্যাগ নকৰিব। হয়, ছোৱালীজনীৰ গৃহস্থী জীৱনত বেছিকৈ মাত দিয়াটো ভাল নহয়, কিন্তু ছোৱালীজনীক কষ্ট সহি সহি জীয়াই থাকিবলৈ পৰিস্থিতি ঠিয় কৰি নিদিব। তাই বোৱাৰী যাতে, যি খন ঘৰৰে হয়, কিন্তু ছোৱালী আপোনাৰে বুলিব।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



Xudor
ReplyDeleteXundor
ReplyDelete