বৃষ্টিয়ে ৰাতিৰ আহাৰ খোৱাৰ পাছত লৰা ছোৱালী কেইটাক শুৱাই দিলে আৰু সঞ্জীৱ অহালৈ ৰৈ আছে। ১০ বাজি গৈছিল, বৃষ্টিৰ ভোকও লাগিছে আৰু খংও উঠিছে যে সঞ্জীবে এইবোৰ সদায় সদায় কি নাটক আৰম্ভ কৰিছে( Storyboard )। আগতে ৮ বজাতেই আহি পোৱা সঞ্জীৱ আজিকালি ১১/১২ বজাৰ আগত ঘৰলৈ নাহে। তেওঁৰ ব্যৱহাৰ আজিকালি বহুত সলনি হৈছে। ঘৰলৈ আহি খাবলৈ মন গলে অকণমান খাই আৰু কেতিয়াবা নুখুৱাকৈয়ে শুই যায়। বৃষ্টিয়ে খোৱাৰ কথা কলে কয় যে "এতিয়া আৰু খাবলৈ সময় নাই। আজিকালি কামৰ বুজা ইমানেই বাঢ়িছে যে খাবলৈ সময় নাপাওঁ। চাহ খাই খাই পেট ভৰি থাকে। বহুত টোপনি ধৰিছে এতিয়া মাত্ৰ আৰাম কৰিব বিচাৰো।" বৃষ্টিয়েও কেতিয়াবা আকৌ নোখোৱাকৈ ভোকত শুই যায়। তাইৰ সঞ্জীৱৰ বাবে বেয়া লাগে আৰু ভাবে যে ব্যৱসায় বাঢ়িলে কামো বাঢ়িবই। এইবোৰ ভাবি ভাবি তাই কেতিয়া দাইনিং টেবুলত শুই পৰিল গমকে নাপালে । হঠাৎ মোবাইলতো বাজি উঠাত তাই থতমত খাই উঠিল । সঞ্জীবৰ ফুন আছিল,"কত আছা তুমি? ৰাতি ১১/৩০ বাজিল ঘৰলৈ নাহা নেকি?" বৃষ্টিৰ খং উঠিল।
"তুমি কবলৈ এৰিলেহে মই কম, শুনা তুমি ভাত খাই শুই যোৱা। লণ্ডনৰ পৰা মানুহ আহিছে তেওঁলোকৰ লগতেই আছোঁ , কিমান সময়ত ঘূৰি যাব পাৰো ঠিক নাই। বেছি দেৰি হলে ইয়াতে হোটেলত থাকিম। তুমি দুৱাৰ বন্ধ কৰি আৰামত শুই যোৱা।"
" ঠিক আছে , নিজৰ ধ্যান ৰাখিবা আৰু এতিয়া ইমান ৰাতি নাহিলে ভালেই হব কাইলৈ ৰাতিপুৱা আহিবা। বাই।" বৃষ্টিয়ে ফোনটো কাটি খোৱা খাদ্যবোৰ ফ্ৰীজত ভৰাই গাখীৰ এগিলাচ খাই শুই গল।
প্ৰথমবাৰ সঞ্জীৱ ঘৰলৈ ৰাতি নহাকৈ আছে।
এইবোৰ চলিয়েই থাকিল, কেতিয়াবা ৰাতি দেৰিকৈ অহা আৰু কেতিয়াবা ৰাতি বাহিৰতে থাকি যোৱা। বৃষ্টিয়ে টিফিনত খোৱা বস্তু দি পঠিয়ালেও কেতিয়াবা সেইবোৰ ঘূৰি আহে। বহুত দিন এনেকৈয়ে পাৰ হল আৰু বৃষ্টিয়ে ভাবিলে যে সঞ্জীৱ কামত ব্যস্ত আৰু ব্যৱসায়ী মানুহে নো পৰিয়ালৰ লগত সময় কটাবলৈ কত সময় পায়।
বৃষ্টি অহাকালিলৈ লগৰবোৰৰ লগত অনুষ্ঠান এটালৈ যাব লাগে। ৰাতিৰ পৰাই প্ৰস্তুতি চলিল। নতুন কাপোৰ আৰু তাৰ লগত মিলা অলংকাৰ উলিয়াই বেলেগে ৰাখি দিলে আৰু আলমাৰীৰ পৰা চেন্ডেল, হেন্ডবেগ আদিবোৰ উলিয়াই থৈ সেই পাৰ্টিটোৰ কথা ভাবি শুই পৰিল। সঞ্জীৱ আৰু লৰা ছোৱালীকেইটা আগতেই শুলে। পিছদিনা লৰা ছোৱালীকেইটাক স্কুললৈ পঠিয়াই আৰু সঞ্জীৱক অফিচলৈ পঠিয়াই তাই সকলোৰে লগত ফোন কৰি যোৱাৰ কথা পাতিলে। তাৰ পাছত হাঁহি ফুৰ্তিৰে গৈ হোটেল পালেগৈ।
গাড়ীৰ পৰা নামি চকুৰ সন্মুখত যি দেখা পালে তাইৰ বিশ্বাসেই নহল। সঞ্জীৱে আৰাধনাৰ লগত হাতত হাত থৈ নিজৰ গাড়ীৰ ফালে গৈ আছিল। বৃষ্টিৰ উশাহ যত আছিল তাতেই থমকি ৰল। তাই মাত্ৰ এটাই ভাবিলে যাতে কোনো বান্ধবীৰ চকু সঞ্জীৱৰ ওপৰত নপৰে। সঞ্জীৱ গাড়ীত উঠি গুচি গল। তাৰ পাছত বৃষ্টিৰ পাৰ্টিটোত মন নবহিল আৰু গা বেয়া লাগিছে বুলি অজুহাত দেখুৱাই সোনকালে তাৰ পৰা গুচি আহিল।
তাই গোটেই দিন বহি বহি মনতে ভাবিলে যে সঞ্জীৱ আহিলে সকলো সুধিব যে কি ব্যৱসায়ত ইমান ব্যস্ত থাকে?
কথাবোৰ ভাবি ভাবি সন্ধিয়া হল। অৰ্ণব আৰু জুপিতাৰ টিউচনৰ শিক্ষক আহিল। সিহঁতক পঢ়াবলৈ বহুৱাই বৃষ্টি চাহ বনাবলৈ গল। হঠাৎ তাইৰ মগজত এটা বুদ্ধি আহিল কিয়নো সঞ্জীৱক হাতে লোতে ধৰা হওক। তাই ভাবিলে যে এনেকুৱা কি কাম কৰিব যাৰ দ্বাৰা তাৰ সকলো কাণ্ড কাৰখানাৰ ওপৰত চকু দিব পাৰি। ৰাতি হল আৰু সঞ্জীৱ আজি সময়মতে ঘৰলৈ আহিল। খাই থাকোতে বৃষ্টিয়ে সুধিলে" আজি দিনৰ ১ বজাত কত আছিলা?"
" কত আছিলা মানে? অফিচত আছিলোঁ আৰু কত থাকিম?"কথাষাৰ শুনি বৃষ্টিয়ে সঞ্জীৱক প্ৰশ্ন কৰিলে," আৰাধনা কত আছিল?"
সঞ্জীৱৰ মুখ শুকাই গল। সি বুজি পালে যে নিশ্চয় বৃষ্টিয়ে সিহঁত দুয়োটাক একেলগত দেখা পাইছে। " অ মনত পৰিল আজিটো মিটিং এখনৰ বাবে হোটেল ৰেদিচনত গৈছিলোঁ। কিয় কি হল?"
"মোক মূৰ্খ সজাবলৈ চেষ্টা নকৰিবা। সচাকৈ কোৱা তোমালোকৰ মাজত এইবোৰ কি চলি আছে?" সঞ্জীবে লৰা ছোৱালীকেইটাৰ ফালে চাই কলে," মাইনাহঁতৰ সন্মুখত এইবোৰ কি কথা কৈ আছা তুমি?"
বৃষ্টি," যদি বেলেগৰ মুখৰ পৰা শুনিলোঁ হয় তেন্তে বিশ্বাস নকৰিলোঁ হয় কিন্তু মই নিজ চকুৰে দুয়োকে হাতত হাত ধৰি ঘূৰি থকা দেখিছোঁ। আৰু এতিয়া মাইনাহঁতৰ কথা নকবা সিহঁত এতিয়া ইমানো সৰু হৈ থকা নাই সকলো বুজি পাই।" অনিচ্ছা স্বত্বেও বৃষ্টিৰ চকুৰ পৰা চকুলো বৈ আহিল। সঞ্জীবে খঙতে খাবলৈ এৰি শুবলৈ গুচি গল।
সেইদিনাৰ পৰা ঘৰখনত অশান্তিয়ে বাহ ললে। সদায় কাজিয়া, চিঞৰ বাখৰ। সঞ্জীবে কেতিয়াও মানি নললে যে তাৰ আৰু আৰাধনাৰ অবৈধ সম্পৰ্ক আছে।
এতিয়া বৃষ্টিৰ ওচৰত কোনো উপায় নাই । তাই ভাবিলে যে কোনো প্ৰাইভেট ডিটেকটিভ বিচাৰিব লাগিব। তাই ইণ্টাৰনেটত বিচাৰি এজন ডিটেকটিভ পালে। তাই ডিটেকটিভৰ যোগেদি সিহঁত দুয়োৰে বিষয়ে প্ৰমাণ গোটালে। সঞ্জীৱৰ কামবোৰ দেখি খঙতকৈ বেছি তাইৰ দুখ লাগিল। ৰাতি যেতিয়া সঞ্জীৱ ঘৰলৈ উভতি আহিল আৰু ভাত খোৱাৰ পাছত বৃষ্টিয়ে সকলো ফটো তাৰ সন্মুখত দলিয়াই দিলে।
সঞ্জীৱৰ ওচৰত এতিয়া আৰু একো উপায় নাছিল কিন্তু তাৰ চকুত এতিয়াও লাজ নাছিল।
সঞ্জীবে কাজিয়া কৰাটো ঠিক নহব বুলি ভাবিলে আৰু খং ও নকৰিলে মাত্ৰ ইমানেই কলে," এতিয়া সকলো কথা তুমি গম পালাই যেতিয়া আমাৰ সম্পৰ্কটো আৰু আগবঢ়াব নালাগে। আমি দুয়ো বেলেগে থাকি আমাৰ জীৱনটো জীয়াই থকাটো উচিত।"
বৃষ্টিৰ ওপৰত যেন বিজুলী পৰিল। তাইৰ এনেকুৱা লাগিল যেন এই তাইৰ ভৰিৰ তলৰ মাটিখিনি ফাটি তাৰ মাজত তাই লিন হৈ যায়। এক মিনিততে সঞ্জীবে তাইক পৰ কৰি পেলালে।তাই ভাবিলে কেনেকৈ এজন পুৰুষে নিজৰ পৰিয়ালটোক এৰাৰ কথা ভাবিব পাৰে। আজি ১৫ বছৰৰ সম্পৰ্ক ১৫ মিনিততে শেষ কৰি পেলালে সঞ্জীবে। কান্দি কান্দি তাইৰ অৱস্থা বেয়া হৈ গল। হুলস্থুল শুনি লৰা ছোৱালীকেইটাও আহিল। সিহঁতে ভয় কৰি সকলো চাই আছিল। অৰ্ণবে মাকক দেখি কান্দিব ললে আৰু দুই মাক পুতেকে চকুপানী মোহাৰি দিলে।
বৃষ্টিয়ে এতিয়া কি কৰিব ভাবি পোৱা নাছিল। সঞ্জীৱৰ মুখৰ পৰা ইমান ডাঙৰ কথা এষাৰ শুনি কেনেকৈ জীয়াই আছে তাকে ভাবি আছিল। তাই লৰা ছোৱালীকেইটাৰ মুখলৈ চাই নিজকে চম্ভালিলে আৰু সিহঁতৰ ৰুমত শুবলৈ গুচি গল। সিহঁত দুয়োটা শুই গল কিন্তু বৃষ্টিৰ চকুত টোপনি নাছিল। তাই গোটেই ৰাতি ভাবি থাকিলে যে পুৰুষবোৰ কিমান নিৰ্দয়ী হয়। নিজৰ সুখৰ বাবে কেনেকৈ পত্নী, ঘৰ সংসাৰ , সন্তানক এৰাৰ কথা ভাবিব পাৰে? ভগৱানে কেৱল নাৰীক কিয় ইমান ভাবুক বনালে যে স্বামী, সন্তানৰ বাহিৰে স্ত্ৰীয়ে একো ভাবিবই নোৱাৰে? হয়তো এইবাবেই কাৰণ তেওঁ এগৰাকী মাতৃও হয়। তাই ঠিৰাং কৰিলে যে সন্তানকেইটাক তাই অকলেই চোৱাচিতা কৰিব আৰু সঞ্জীৱক নিজৰ সুখ বিচাৰি যাবলৈ দিব।
তাই ৰাতিপুৱাই সঞ্জীৱক জগোৱালে আৰু কলে," কোৱা সঞ্জীৱ এতিয়া কি কৰিবা? ঘৰ এৰি মই যাম নে তুমি যাবা?"
সঞ্জীবে এনেকুৱা এটা প্ৰশ্নৰ আশা কৰা নাছিল সি থতমত খাই উঠিল আৰু কলে," কথা পাতিম বাৰু আগতে চকু কেইটা মেলিবলৈ দিয়া।"
" নাই এতিয়া আৰু নহব, মোক এতিয়াই উত্তৰ লাগে।"
" তেন্তে ঠিক আছে তুমি কতো যাব নালাগে ইয়াতেই থাকা, ময়েই গুচি যাম।"( Storyboard )
সি উঠিল আৰু আনদিনাৰ দৰে অফিচলৈ ওলাই ব্ৰেকফাষ্ট কৰিবলৈ বহিল যেন একো হোৱাই নাই। কিন্তু বৃষ্টিয়ে আজি একো বনোৱা নাছিল। সি আপেল এটা খাই লৈ কব ধৰিলে,-
" চোৱা, যি হব লগা আছিল হৈ গল কিন্তু মই তোমাক আৰু মাইনাহঁতক একো অসুবিধাত পেলাব নুখুজোঁ। সম্পত্তি, বেংক বেলেঞ্চ, তোমাৰ ভাগ সকলো তোমাৰ নামতেই আছে। ক্ৰেডিট কাৰ্ড তোমাৰ ওচৰত আছেই। মই মাইনাহঁতৰ ওচৰলৈ আহি থাকিম। কিবা সমস্যা হলে মোক ফোন কৰিবা একদম আগৰ দৰেই। পাৰ্থক্য মাথোঁ এটাই যে এতিয়া আৰু আমি লগত নাথাকো।।"
কথাবোৰ শুনি বৃষ্টি কান্দি উঠিল। তাই একো কব নোৱাৰিলে আৰু তাইক কান্দি থকা অৱস্থাত এৰি সঞ্জীৱ গুচি গল। তাই মনে মনে নিজৰ জীৱনটোক যোৱা চাই আছিল, কেনেকৈ থাকিব তাই সঞ্জীৱৰ অবিহনে?
সন্তানকেইটা স্কুলৰ পৰা অহাৰ পাছত তাই সিহঁতক সকলো কলে। বহুত কান্দিলে সিহঁতে।কিন্তু সিহঁতৰ কান্দোন শুনিবলৈ কোন আছিল? বৃষ্টিয়ে কান্দি কান্দি কলে যে সিহঁতক লগ কৰিবলৈ সঞ্জীৱ আহি থাকিব
দিন, সপ্তাহ , বছৰ পাৰ হল আৰু জীৱনটো এনেকৈয়ে চলি থাকিল। সঞ্জীৱ কেতিয়াবা আহে মাইনাহঁতক লগ কৰিবলৈ। এতিয়া লাহে লাহে বৃষ্টিয়েও সঞ্জীৱৰ অবিহনে জীয়াই থাকিব শিকিছে।
তিনি বছৰ পাৰ হল। এদিন যেতিয়া দুৱাৰত কোনোবাই মাত লগালে তাই দুৱাৰ খুলি সঞ্জীৱক দেখি আচৰিত হল কিয়নো এই সময়ত সি মাইনাহঁতক লগ কৰিবলৈ নাহে ,সি সন্ধিয়া আহে সদায়।
" এতিয়া সিহঁত ঘৰত নাই।"
"গম পাওঁ বৃষ্টি কিন্তু আজি মই তোমাক লগ কৰিব আহিছোঁ।"
"কিয় , আজি মোক লগ কৰাৰ কি প্ৰয়োজন আহি পৰিল?"
" বৃষ্টি আমি বহি লৈ কথা পাতিব পাৰো নে?"
বৃষ্টি ভিতৰলৈ সোমাই আহিল । আগত ঘটি যোৱা ঘটনাৰ পৰা তাই বহুত আহত হৈছিল আৰু কলে," কোৱা কি কব বিচাৰিছাঁ?"
সঞ্জীৱ তাইৰ ভৰিত পৰিল ," মোক ক্ষমা কৰি দিয়া বৃষ্টি।"
বৃষ্টি আচৰিত হল আৰু তাৰ ওচৰৰ পৰা আঁতৰি আহি কলে," কি কথা আছে খুলি কোৱা।
"মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই বহুত দেৰিকৈ বুজিলোঁ যে আৰাধনাই কেৱল মোৰ টকা ভাল পাইছিল। তাই মোৰ ব্যৱসায় আত্মসাত কৰিব খুজিছিল কিন্তু মই সঠিক সময়ত গম পালোঁ। মই জানো যে মোৰ ভুল ক্ষমাৰ যোগ্য নহয় কিন্তু তোমাৰ অন্তৰখন বহুত ডাঙৰ।মোক এটা সুযোগ দিয়া, মই দ্বিতীয়বাৰ এনেকুৱা কাম কেতিয়াও নকৰো।" সঞ্জীৱে মিনতি কৰি থাকিল।
" তুমি কেনেকৈ ভাবিলা যে মই তোমাক ক্ষমা কৰি দিম?"
"প্লিজ বৃষ্টি তোমাক দুটা সন্তানৰ শপত।" বৃষ্টিয়ে তাৰ মুখলৈ খঙেৰে চাই ৰল। সন্তানৰ শপতৰ আগত তাই একো কব নোৱাৰি মাত্ৰ কলে," মোক ভাবিবলৈ সময় দিয়া।"
" নহয় বৃষ্টি মই এতিয়া ইয়াৰ পৰা যাবলৈ অহা নাই।" সন্তানকেইটা ঘৰলৈ অহাৰ পাছত সিহঁতক সাৱটি সিহঁতকো ক্ষমা খুজিলে সঞ্জীবে।
সিহঁত সৰু আছিল দেউতাক লগত থাকিব বুলি ফুৰ্তিত মাককো মান্তি কৰালে।
বৃষ্টিয়ে ইচ্ছা কৰিও মানা কৰিব নোৱাৰিলে আকৌ একেলগত থাকিব ললে। সকলো লাহে লাহে স্বাভাৱিক হব।বৃষ্টিয়ে নিজকে চম্ভালিব পৰা নাছিল।
সঞ্জীবে তাইক মান্তি কৰাবলৈ চেষ্টা কৰি থাকিল।
" এইয়া চোৱা বৃষ্টি, আমি দ্বিতীয়বাৰ হানিমুনত অষ্ট্ৰেলিয়া যাম।" সঞ্জীবে টিকেট দেখুৱাই কলে।
" বাদ দিয়া এতিয়া মাইনাহঁত ডাঙৰ হল , কিহৰ হানিমুন এতিয়া?"
" সিহঁত আইতাকৰ লগত থাকিব।মই মাক মাতি পঠিয়ালো। তুমি যাবলৈ প্ৰস্তুতি চলোৱা।"
মন নথকাৰ পাছতো বৃষ্টি যাব লগা হল
১৫ দিনৰ বাবে সিহঁতে অষ্ট্ৰেলিয়াত নিজকে সময় দিলে। তাত উঠা ফটোবোৰ ফেচবুকত দিলে। সকলো সুখী আছিল কাৰণ তেওঁলোকৰ সংসাৰ আকৌ ঠিক হল।
উভতি অহাৰ পাছত দুয়ো বহুত ফুৰ্তিত আছিল।
লৰা ছোৱালীকেইটাই মাক দেউতাক উভতি অহাৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু এটা বেয়া খবৰ আহিল যে যিখন ফ্লাইটত সিহঁত আহিছিল সেইখন দুৰ্ঘটনাগ্ৰস্ত হল। তাত থকা কোনো ব্যক্তিক বচাব পৰা নগল।
ঘৰত সকলো শান্ত হৈ পৰিল , যিয়েই শুনিছে সকলো আচৰিত হল।
হয়তো সিহঁতৰ দ্বিতীয়বাৰ লগ হোৱাটো সিহঁতৰ একেলগত মৃত্যু হোৱাৰ বাবে আছিল। বিধিৰ বিধান কোনেনো বুজি পায়। হয়তো ইমানলৈকে একেলগত থকাটো লিখা আছিল সিহঁতৰ কপালত। হয়তো এইয়াই আছিল ভাগ্য লেখ।
একেলগত জীয়াই থাকিবলৈ নহয় মৰিবলৈ লিখা আছিল কপালত।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


Val lagil
ReplyDelete