কি পৰিস্থিতিত পৰি কেৱল এটা নিশাৰ বাবে তাই কইনা হব লগা হৈছিল ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 18, 2021

কি পৰিস্থিতিত পৰি কেৱল এটা নিশাৰ বাবে তাই কইনা হব লগা হৈছিল ? Storyboard

Storyboard

এখন সৰু গাঁৱত বৃদ্ধ মানুহ এগৰাকী আৰু তেওঁৰ ধুনীয়া নাতিনী নেহা থাকিছিল। সকলোৰে মুখত অকল নেহাৰ ৰূপৰ কথা অকল তাই কথাকে সকলোৱে আলোচনা কৰি থাকে( Storyboard )। গাওঁৰ বহুতো পুৰুষে তাইক নিজৰ কৰি ল'ব বিচাৰিছিল।  সিহঁতি অকল নিজৰ কৰি তাইৰ ৰং ৰূপৰ লগত খেলিবহে বিচাৰিছিল । কিন্তু তাইৰ লগত কোনেও বিয়া পাতিব নিবিচাৰিছিল। কাৰণ তাই নিচ জাতিৰ ছোৱালী আছিল। সদায় কোনোবা নহয় কোনোবাই তাইৰ অসহায়ৰ  সুযোগ ল'বলৈ চেষ্টা কৰে।

কিন্তু কোনো সফল হোৱা নাছিল। তাই নিজকে সকলোৰে পৰা বচাই আৰু আইতাকৰো চোৱা চিতা কৰে। তাই সদায় জংঘললৈ গৈ জামু আনে আৰু বজাৰত বেচিবলে যায়। নেহা ধুনীয়া হোৱাৰ বাবে তাইৰ এটাই ভাল হৈছিল যে মানুহবোৰে তাইক চোৱা বুদ্ধিৰে তাইৰ ওচৰত ফল কিনিবলে আহে ।

এনেদৰে তাই আৰু আইতাকৰ জীৱনটো চলি আছিল।

আইতাই নিজৰ জুঁপুৰিটোত বহি সদায় কৰা দৰে নেহাৰ বাবে অপেক্ষা কৰি আছিল। তেতিয়াই নেহা আহি পালে। তেওঁ তাৰ পাছত সুধিলে কি হ'ল ইমান দেৰি হ'ল যে তোৰ । আইতা আজি অলপ বেছি কাম উলাল আৰু তুমি মোৰ ইমান চিন্তা কৰি নাথাকিবা। কিয় নকৰিম, সদায় ভাবো যে তোক কেতিয়া বিয়া দিম। এই গাওঁখনৰ মানুহবোৰে মই মৰাটোৱে বিচাৰে। তেতিয়াহে মই মৰা পাছত সিহঁতি তোৰ সুযোগ ল'ব পাৰিব।



আইতা ইমান চিন্তা নকৰিবা চোন তুমি আৰু ১০০ বছৰ জীয়াই থাকিবা। বাদ দিয়া, এটোই কোৱা কাজল শহুৰেকৰ ঘৰৰ পৰা আহিলে নে নাই।

অ' অ' আহিলে যা লগ কৰি আহ । কিন্তু সোনকালেই আহিবি। হ'ব আইতা সোনকালেই আহিম।

তাই কাজলৰ ঘৰ গৈ পালে আৰু কাজলে তাইক দেখি ক'লে নেহা তই আহ,আহ মই তোৰ কথাই ভাবি আছিলোঁ। এটা কথা ক'  ইমান দিনে ভিনদৌয়ে তোক কিয় আহিব দিয়া নাছিল। যা নকওঁ ,ক' না কি কি কৰিলে ভিনদৌয়ে ।

(দুয়োজনীয়ে হাঁহিবলে ধৰিলে আৰু অলপ পাছত....)

 তোৰ ভিনদৌ জন্তুৰ দৰে। প্ৰথমতে এবটল মদ খাই ল'লে আৰু তাৰ পাছত পাগলৰ দৰে মোৰ কাপোৰবোৰ ফালি , নিজৰ উঁঠত থকা মদৰ গোন্ধ মোৰ উঁঠটোত দি দিলে আৰু মই একো কৰিব নোৱাৰিলোঁ। গোটেই ৰাতি সি মোক কষ্ট দি থাকিল আৰু মই কষ্ট পাই থাকিলো। যেতিয়া ৰাতিপুৱা হ'ল আমি দুয়োটাই সচেতন অৱস্থাত নাছিলোঁ। বহুত দিন লৈকে মই ভালকৈ উশাহ ল'ব পৰা নাছিলোঁ। যেতিয়াই দেউতাই মোক আনিবলে গ'ল মই তেওঁৰ লগত গুচি আহিলোঁ। সিটো মোক আহিবলৈ দিয়া নাছিল। মই হে জানো কেনেকৈ বাচি আহিছোঁ। (এইবোৰ শুনি নেহাই হাঁহিবলে ধৰিলে...)

তই হাঁহি আছ ।যেতিয়া তোৰ বিয়া হ'ব তই তেতিয়া গম পাবি । তেতিয়া তোৰ মোৰ এই কথাবোৰ মনত নপৰে যদি মোৰ নাম সলাই দিবি।

(এনেদৰে বহুত দেৰি কথা পাতি থাকিলে আৰু তাৰ পাছত নেহাই কাজৰ পৰা বিদায় লৈ গুচি আহিলে...)



আহি তাই ভাত ৰান্ধিলে আৰু দুয়োজনীয়ে খাই বৈ শুই থাকিল। মাজ ৰাতি হোৱাই নাছিল আৰু তেতিয়াই কিবা শব্দ আহিল। তেতিয়া আইতাকৰ টোপনি ভাঙিল । কিন্তু নেহাই সাৰ পোৱা নাছিল।  দিনটো কষ্ট কৰিছিল বাবে তাই গভীৰ টোপনি গৈছিল। আইতা উঠিল আৰু মমডাল লৈ ইফালে সিফালে চালে। আন্ধাৰত তেওঁ কিবা এটা দেখিলে ভালকৈ চালত দেখা পালে যে এজন পুৰুষ আছিল। তেওঁ চক্ খাই উঠিলে। তেতিয়াই সেই পুৰুষজনে আইতাৰ মুখত টেপা মাৰি ধৰি ক'লে , "শুন মই ডকাইত আৰু যদি তই হুলহূল কৰ মই তোক মাৰি পেলাম।

ৰজাৰ মানুহে মোক বিচাৰি ফুৰিছে। মোক যদি সিহঁতি ধৰিব পাৰে মোক ফাঁচি দি দিব। এইবোৰ শুনি আইতা মনে মনে থাকিল। এইবোৰ দেখি ডকাইতটোৱে মুখৰ পৰা হাত আতঁৰাই নি এটা চুকত বহি থাকিল।আইতায়ে ক'লে তই যে মোক লুটিবলে আহিছ মোৰ দৰে বৃদ্ধজনীৰ তাত কিনো থাকিব। মই ইয়াত লুটিবলে অহা নাই ৰজাৰ মানুহৰ পৰা পলাই পলাই মই ভাগৰি গৈছো সেইকাৰণে ইয়ালে আহিছোঁ।  নাজানো কেতিয়া মৰি যাওঁ। তেতিয়াই ডকাইটটোৰ চকু নেহাৰ ফালে গ'ল য'ত তাই শুই আছিল। তাইক দেখি ডকাইতটো উৎফুল্লিত হৈ পৰিল আৰু সপোন দেখিবলৈ লাগিল। তাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰি গ'ল। সি নেহা ফালে দেখাই  আইতাক সুধিলে সেইজনী কোন? আইতায়ে অলপ দেৰি ভবা পিছত ক'লে মোৰ নাতিনী নেহা।ডকাইতটোৱে অলপ দেৰি ভাবি ক'লে মই তাইক বিয়া পাতিব বিচাৰো। এইটো শুনি আইতাই কান্দিবলে ধৰিলে আৰু ক'লে আমি তোৰ কি লোকচান কৰিলোঁ ।মোৰ নাতিনীজনীক এৰি দে। তই কেতিয়া মৰি যাওঁ ঠিক নাই। কিয় মোৰ নাতিনীজনীৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছ। (অলপ দেৰি বাবে শান্ত হৈ পৰিল....................)



ডকাইতটোৱে ক'লে মই জানো মই মৰিম। কিন্তু মৰা আগত মই মোৰ সকলো ইচ্ছা পূৰণ কৰিব বিচাৰোঁ। সেইকাৰণে মই তোৰ নাতিনী লগত বিয়া পাতিব বিচাৰিছোঁ।

আইতাই কান্দি কান্দি ক'লে মই যদি মোৰ নাতিনীজনীৰ বিয়া তোৰ লগত পাতি দিওঁ ।তই মৰা পাছত মানুহবোৰে তাইৰ জীৱনটো নৰক বনাই দিব। তেতিয়া কি হ'ব। তাৰ পাছত তেওঁ কান্দিবলে ধৰিলে।

ডকাইতটোৱে অলপ দেৰি ভাবি ক'লে কোনোবাই গম পালে হে কৰিব। আমি আজি ৰাতিয়ে বিয়া পাতিম আৰু মই যিমান লুটিলো সকলোবোৰ তহঁতক দি দিম।কোনেও গম নাপায় আৰু সেই পইচাৰে তহঁতি গোটেই জীৱন ভালকৈ চলিব পাৰিবি। ভাবি ল' এটা ৰাতি ভিতৰত ইমান পইচা পাবি । কাৰণ কাইলৈ ৰাতিপুৱা মোক এনেও মাৰি পেলাব। কোনেও গম নাপায় যে আমাৰ মাজত কি হ'ল।

আইতাই ভাবিব ধৰিলে যে এটা ৰাতি ভিতৰতে তেওঁৰ নাতিনীজনী কইনাও হ'ব আৰু বিধৱাও আৰু বহুত পইচাও পাব। কোনে গমো নাপাব। তাৰ পাছত বেলেগ গাওঁ এখনলৈ গৈ আকৌ নাতিনীজনীৰ বিয়া পাতি দিম।

আইতাই এটা দীঘলীয়া উশাহ লৈ ক'লে হ'ব । কিন্তু মোক আগতে পইচাবোৰ লাগে তাৰ পাছত তাইৰ বিয়া পাতি দিম তোৰ লগত। ডকাইতটোৱে মানি ল'লে আৰু ২ঘন্টা পাছত কালী মা মন্দিৰলে আহিবি বুলি কৈ সি তাৰ পৰা গুচি গ'ল।( Storyboard )

নেহা এতিয়াও টোপনি গৈয়ে আছিল। আইতা তাইৰ ওচৰলে গ'ল আৰু তাইক উঠালে। তাই উঠিলত আইতাকে সকলো কথা তাইক ক'লে আৰু তাই কান্দিবলে ধৰিলে।আইতাই তাইক ক'লে তই যদি এইখন বিয়াত নবহ মই মৰি যাম।  এইটো শুনি নেহাই ভয় খালে আৰু বিয়াৰ বাবে মান্তি হ'ল।



তাৰ পাছত সিহঁতি মন্দিৰৰ ফালে খোজ কাঢ়িলে।ডকাইতটোৱে আগতেই সকলো ব্যবস্থা কৰি তাত বহি আছিল। সোনকালেই বিয়া হৈ গ'ল আৰু ডকাইতটোৱে সোণ ৰূপ পইচাৰে ভৰা টোপোলাতো আইতাকজনীক দি দিলে। যেতিয়া বিয়া হৈ গ'ল ডকাইতটোৱে নেহাক লগত লৈ যাবলে ল'লে আৰু ক'লে ৰাতিপুৱা হোৱা আগত ইয়াতে তাইক থৈ যাম।আইতাকজনীয়ে দুয়োটাকে যাবলে দিলে আৰু টোপোলাতো লৈ তাতে বহি থাকিল।

নেহাই ভয় খাই আছিল যে ঠিক নাই এই  ডকাইতটোৱে এতিয়া তাইৰ লগত কি কৰিব। তাই ভাবি থাকোঁতেই দুয়োটা এটা জংঘলত থকা ঘৰলৈ গ'ল। ডকাইতটোৱে ঘাঁহেৰে বিছনা দৰে বনাই ল'লে আৰু তাইক ঘাঁহৰ ফালে ঠেলা মাৰি দিলে। তাৰ পাছত সি তাইৰ ভৰিটো ধৰি লৈ চুমা খাবলৈ ধৰিলে। তেতিয়াই নেহায় ক'লে আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি আৰু মই তোমাক গাখীৰ এগিলাছ খাবলৈও দিয়া নাই। এইটো শুনি ডকাইতটোৱে হাঁহি হাঁহি ক'লে ইমান সৰু কথা। সি ক'লে মোৰ তাত গাখীৰটো নাই । কিন্তু মদ আছে ৰ'বা আনো বুলি কৈ সি মদৰ বটল আনি তাইৰ ওচৰত থ'লে আৰু ক'লে এতিয়া খুলা এইটো আৰু মোক খোৱাই দিয়া।  কিন্তু সোনকাল কৰা মই আজি তোমাৰ যৌৱনৰ এই ৰং ৰূপবোৰ ওচৰৰ পৰা চাম। নেহাই ক'লে এতিয়াও বহুত দেৰি আছে । লোৱা খোৱা এতিয়া।

নেহাই ডকাইতটোক মদ খোৱাই থাকিল আৰু সি খাই থাকিল। 

যেতিয়া মদ শেষ হ'ল সি পাগলৰ দৰে হৈ গৈছিল আৰু নেহাৰ ওপৰত ভুকাটোৰ সিংহৰ দৰে জপিয়াই পৰিল । কিন্তু তাই তাৰ পৰা আঁতৰি দিলে।  তাৰ পাছত ডকাইতটোৰ খঙ উঠিল আৰু সি তাইক জোৰ কৰি ধৰি ল'লে।

তেতিয়াই ডকাইতটোৰ মূৰ ঘূৰোৱা দৰে হ'ল আৰু তাৰ মুখৰ পৰা ফেন উলাই সি মৰি থাকিল। নেহাই তাৰ দেহটো ঘোৰাটোত  উঠাই কালী মন্দিৰলৈ লৈ গ'ল।

তাই সোনকালেই মন্দিৰ পালে গৈ আৰু তাত আইতাকে তাইৰ বাবে অপেক্ষা কৰি আছিল। আইতাই বুজি পালে যে তেওঁৰ কামটো সফল হ'ল আৰু তাই ডকাইতটোক তেওঁ দিয়া বিষবোৰ খোৱাই দিলে।  

ৰাতিপুৱা মানুহবোৰে মন্দিৰলে আহি ডকাইতটোৰ দেহটো দেখিলে আৰু চিঞৰ বাখৰ কৰি সকলোকে জনাই দিলে। ৰজাই নিজেই আহিলে আৰু সুধিলে ইয়াক কোনে মৰিলে। কিন্তু একো উত্তৰ নাপালে। তেতিয়া এটা শব্দ শুনা গ'ল মোৰ নাতিনীয়ে।এইটো শুনি সকলো চক্ খাই গ'ল।



ৰজাই সিহঁতক মাতি সকলো কথা কবলৈ ক'লে। আইতাই ক'লে যে ৰাতিপুৱা আমি যেতিয়া ইয়ালে আহিছিলোঁ । সি তাইক জোৰ কৰি লৈ যাব খুজিছিল। তাৰ পাছত তাই নিজকে বচাবলৈ কালী মাৰ ত্ৰিশূল ডাল লৈ তাক  মাৰি দিলে। 

তাৰ পাছত ৰজাই এইবোৰ শুনি ভাল পালে আৰু তাইক বিয়াৰ বাবে প্ৰস্তাৱ দিলে।তাই সেই প্ৰস্তাৱটো মানি ল'লে। সোনকালেই ৰজাৰ লগত তাইৰ বিয়া হৈ গ'ল আৰু তাই আইতাকৰ লগত সুখৰে জীৱন যাপন কৰিবলৈ ল'লে। কোনেও গম নাপালে যে সেই ৰাতি কি হৈছিল। কিন্তু অকল সেই ৰাতি বাবে কইনা হোৱা জনীয়েহে  সেই কথাটো জানিছিল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages