শহুৰ-শাহুৰক বোৱাৰীয়েকে ভৰাইছিল জেলত : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 16, 2021

শহুৰ-শাহুৰক বোৱাৰীয়েকে ভৰাইছিল জেলত : Storyboard

Storyboard

আমাৰ কলনিত যোৱা চাৰি দিনৰ পৰা এই কথাটো বিয়পি পৰিছিল যে শৰ্মা দাৰ মাক তেওঁৰ ৯/১০ মহীয়া নাতীক চাবলৈ ডিব্ৰুগড়লৈ আহি আছে।( Storyboard )

 শৰ্মা অৰ্থাৎ পংকজ শৰ্মা জলসিঞ্চন বিভাগত তৰণীৰ কাম কৰে। তেওঁ এজন হিষ্ট পুষ্ট স্বাস্থ্যৱান মানুহ। তেওঁ খোজকাঢ়িলে তেওঁক তৰণী যেন নেদেখি এজন পালোৱান যেন দেখি। তেওঁৰ পত্নী গীতা তেওঁৰ আধাও নহয়, কিন্তু শৰ্মাতকৈ ওখ।

পংকজ শৰ্মা বহুত সাধাৰণ আৰু লাজকুৰীয়া মানুহ। তেওঁৰ জীৱনৰ অধিক সময় ঘৰ আৰু অফিচৰ কামতেই ব্যয় কৰে। তেওঁ অত্যন্ত জৰুৰী কামতহে ঘৰৰ পৰা বাহিৰলৈ যাবলৈ বাধ্যত পৰে। তেওঁক একো কাম নোহোৱাকৈ ঘূৰি ফুৰা , চাহ আৰু তামোলৰ দোকানত বহি আড্ডা দিয়াৰ কথা অঞ্চলটোৰ কোনো এজন মানুহেও  কব নোৱাৰে।

পংকজৰ আজিলৈকে কাৰোবাৰ লগত বাদ বিবাদ হোৱা বা তেওঁ কৰোবাক দাবী ধমকি দিয়াৰ কথা কোনেও কব নোৱাৰে। অৱশ্যে তেওঁৰ পত্নী গীতা খুব চাৰ আৰু এগৰাকী দন্দুৰী প্ৰকৃতিৰ মহিলা হয়। তেওঁ নাকত মাখি এটা পৰিলেও সহ্য কৰিব নোৱাৰে।

পংকজৰ দুটা সন্তান। প্ৰথম ছয় বছৰীয়া চুইটি আৰু দ্বিতীয়টো সন্তান দহ মহীয়া অভিষেক যাক চাবলৈ তাৰ আইতাক বৃন্দাবনৰ পৰা আহিব।

যোৱা ছয় মাহৰ পৰা পংকজৰ চুবুৰীয়া হৈ আছোঁ যদিও তেওঁৰ লগত সামান্য চিনাকি মাত্ৰ । অৱশ্যে মোৰ পত্নীৰ পংকজৰ পত্নীৰ লগত মানে গীতাৰ লগত ভাল সম্পৰ্ক আছিল। কিন্তু ইয়াতো ওচৰ চুবুৰীয়া মহিলা সকলে মোৰ পত্নীক গীতাৰ পৰা অলপ সাৱধানে থাকিবলৈ উপদেশ দিছিল। কিয়নো গিতাই অলপ অলপ কথাতে কাজিয়া কৰিব বিচাৰে , এইয়াই নহয় তাই নিজৰ স্বামী, শহুৰ শাহুৰক জেইল পঠিয়াবলৈ কোনো ভয় কৰা নাই। ওচৰৰ মহিলাবোৰে গীতাৰ পৰা প্ৰায়ে আতৰি থাকে।\



এদিন সন্ধিয়া পংকজ মোৰ ঘৰলৈ আহিল তেতিয়া মোৰ অলপ সন্দেহ হল। তেওঁ কলে যে তেওঁৰ মাতৃ এতিয়া বৈৰাগ্য গ্ৰহণ কৰিছে  সেইবাবে তেওঁ এতিয়া পংকজৰ ঘৰত নাথাকে। পঙ্কজে মোৰ ঘৰৰ কাষত থকা ছাঁ পৰা ৰূমটোত ৰাখিব বিচাৰে।

জলসিঞ্চন বিভাগৰ কলনীৰ পৰা মই যিটো ঘৰ পাইছিলোঁ হয়তো তাত মোতকৈ আগত কোনোবা গৌ ভক্ত আছিল। হয়তো তেওঁ গৰু বান্ধিবৰ বাবে সৰুকৈ কাষতে কোঠা এটা সাজি থৈছিল। এতিয়া সেইটো খালি হৈ আছে। মই পঙ্কজৰ কথাত সন্মতি দিবলৈ এক মিনিটো পলম নকৰিলো। মোৰ ঘৰত তেওঁৰ বৈৰাগ্য , ভগৱানৰ ভক্ত হৈ পৰা মাতৃ থাকিলে সেইয়া মোৰ সৌভাগ্যৰ কথা ।

 সেই কোঠাটো চাফা কৰি  তাত টেবুল চকী, বিচনা  ৰখা হল। দেৱালত ফুল থকা চাদৰেৰে ঢাকি দিলে আৰু ফুলেৰে সজাই তুলিলে। লগতে পুহৰৰো ব্যৱস্থা কৰা হল। লগতে ভক্ত ( দর্শনাৰ্থী) বহিবৰ বাবে সুবিধা কৰি পাতি পাৰি দিলে। ৩০/৪০ জনীয়া দল এটা পংকজৰ মাকক আনিবলৈ বাছ ষ্টেণ্ডলৈ গল।

তাৰ পৰা গান বাজনাৰ সৈতে শোভাযাত্ৰা কৰি তেওঁক লৈ অনা হল। 

পংকজৰ মাকৰ বয়স তেতিয়া প্ৰায় ৭০ বছৰ। তেওঁ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিছিল। তেওঁ হাতত লাখুটি এডাল লৈ আছিল । তেওঁক ফুলেৰে মালাৰে ভৰাই তোলা হল। তেওঁৰ লগত এগৰাকী আধা বয়সীয়া বৈৰাগী এগৰাকী আছিল যি তেওঁৰ দৰেই বগা বস্ত্ৰ পৰিধান কৰি আছিল আৰু কান্ধত এটা ডাঙৰ টোপোলা ওলোমাই থৈছিল।

শোভাযাত্ৰা আহি পংকজৰ দুৱাৰমুখ পালেহি। তেওঁৰ মাতৃ দুৱাৰ মুখতেই ৰৈ গল। আৰু তাৰ আগৰ দৃশ্য বহুত কৰুণাময় আছিল। গিতায়ে তেওঁক ভিতৰলৈ আৰতি কৰি স্বাগত কৰিলে। তাৰ পাছত গীতা তেওঁৰ চৰণত পৰি কান্দিবলৈ ধৰিলে। তাইৰ মনৰ দুখ চকুলো হৈ ওলাই আহিল। এইয়া হয়তো অনুতাপৰ চকুলো। তাই বাৰে বাৰে ক্ষমা বিচাৰিলে আৰু ভিতৰলৈ আহিবলৈ মাকক অনুৰোধ জনালে।

কিন্তু মাতৃ গৰাকীয়ে ঘৰৰ ভিতৰলৈ নাযাওঁ বুলি মানা কৰি কলে," মাজনী, যি হব লগা আছিল হৈ গল। সেইয়া এতিয়া আকৌ ঠিক কৰিব নোৱাৰি। আৰু যি হল তাৰবাবে মই অলপো দুখ নকৰো। তুমি নিজৰ ভুলত দুখী হৈছা আৰু অনুতাপ কৰিছা সেয়াই বহুত ডাঙৰ কথা। মই তোমাক আশীৰ্বাদ দিছোঁ যাতে তোমাৰ পূণ্য হওক আৰু সুখী হোৱা। মই সংসাৰিক জীৱন ত্যাগ দিলোঁ । এতিয়া মই ঘৰত গৃহস্থৰ দৰে থাকিলে ধৰ্মক কলংকৃত কৰা হব। তোমাৰ স্বৰ্গীয় শহুৰ দেউটাইও মনত বৰ কষ্ট পাব। মই তোমাক তোমাৰ ঘৰতো দি গোটেই সংসাৰখন পালোঁ আৰু মই বহুত সুখি।"\



চুইতিৰ কুলাত উঠি অভিষেকে এই সকলোবোৰ চাই আছিল। গিতাই কান্দি কান্দি অভিষেকক তেওঁৰ কোলাত তুলি দিলে। মাতৃয়ে তাক সাৱটি ধৰি কলে," ই একেবাৰে দেউতাকৰ দৰে হল।"  তেওঁ তাক মূৰত হাত থৈ আশীৰ্বাদ দিলে আৰু মালা এডাল পিন্ধাই দিলে। তাৰ পাছত তাক গীতাৰ হাতত দি তেওঁ তাৰ পৰা গুচি আহিল।

বাকী দিনবোৰত পংকজৰ মাক আমাৰ ঘৰত থকা সেই কোঠাটোত থাকিল। তেওঁ নিজৰ পুত্ৰ আৰু বোৱাৰীৰ অনেক প্ৰকাৰ গুণ গান কৰিলে। বহুত ৰাতিলৈকে তেওঁৰ দৰ্শন কৰিবলৈ মানুহ আহি থাকিল।

পংকজৰ মাকে একমাত্ৰ পুত্ৰৰ মোহ ত্যাগ কৰি বৈৰাগ্য কিয় ধাৰণ কৰিলে? সঁচাকৈয়ে তেওঁৰ বোৱাৰীয়ে তেওঁক জেললৈ পঠিয়াইছিল নেকি?এই প্ৰশ্নবোৰে মোৰ জিজ্ঞাসা বঢ়াইছিল।

মই যেতিয়া উচিত সময় পালোঁ মাতৃ গৰাকীক তেওঁৰ বৈৰাগ্য হোৱাৰ কাৰন সুধিলোঁ। তেওঁ নিজৰ অতীতক মনত পেলাব খোজা নাছিল সেইবাবে কথাটো তেওঁ কব বিচৰা নাছিল।কিন্তু মোৰ নিবেদন কৰাত তেওঁ যিবোৰ কলে সেইয়া এনেধৰণৰ-

গাঁৱৰ আটাইতকৈ শেষৰ জন পূজাৰী আছিল গংগাধৰ শৰ্মা। তেওঁৰ পাঁচটা লৰাৰ ভিতৰত  থানেস্বৰ শৰ্মা তিনি নম্বৰ জন লৰা আছিল। গোটেই পাঁচজনৰ পৰিয়াল একেলগতেই সহবাস কৰিছিল।  খেতি বাতিও পৰ্যাপ্ত পৰিমাণৰ আছিল যাৰ কামবোৰ বনুৱাই কৰিছিল। ঘৰত ৫০তা মান গৰু আৰু মহ আছিল।

থানেশ্বৰৰ বিবাহ বৰপেটা নিবাসী নাথৰ কন্যা ৰুণুৰ সৈতে হৈছিল। বিয়াৰ দুবছৰ পাছতেই ৰুণো কন্যা সন্তানৰ মাতৃ হল। তাৰ পাছত বহু বছৰ ধৰি তেওঁৰ কোনো সন্তান নহল।যেতিয়া তেওঁৰ কন্যা ৮ বছৰীয়া হল ভগৱানৰ কৃপাত এইবাৰ ৰুণুৱে পুত্ৰ পংকজক জন্ম দিলে। পংকজৰ জন্মত বহুত ডাঙৰ উৎসৱ পালন কৰা হল।

 পংকজ সৰুৰে পৰাই দেউতাকৰ দৰে শান্ত আৰু অজলা আছিল। সেইবাবে ৰুণোয়ে তাৰ খোৱা বোৱা আৰু অন্য সুবিধা বোৰৰ অধিক ধ্যান ৰাখিছিল। তেওঁ সকলো সময়তে পঙ্কজৰ কিবা ক্ষতি হোৱাৰ ভয় কৰিছিল সেইবাবে পংকজক বাহিৰত খেলিবলৈ যাবও দিয়া নাছিল। তাৰ পৰিনামৰূপে পংকজ লাহে লাহে বিপৰিতমুখী হৈ নিজতেই মগন হব ধৰিলে।

পঙ্কজৰ বৰদেউতা, খুড়া, কঁকায়েকহঁতে তাক খেতিৰ কামত যোৱাতো বিচাৰিছিল। কিন্তু পংকজে  এইটো তেওঁৰ দ্বাৰা নহব যেন অনুভৱ হল আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই সি কেৰানিৰ পদত  আবেদন কৰিলে।

ভাগ্যই তেওঁক লগ দিলে আৰু তেওঁ জলসিঞ্চন বিভাগত নিম্ন শ্ৰেণীৰ সহায়ক(গ্ৰেড ৩) ৰূপে নিযুক্তি পালে।\



চৰকাৰী আবাসত পংকজ মাক দেউতাকৰ লগত থাকিবলৈ ললে। পঙ্কজৰ মাকে সদায় দিনটোত তিনি চাৰিবাৰকৈ খাবলৈ দিয়ে।  ইমানেই নহয় যদি কেতিয়াবা আধা ৰাতিও পঙ্কজৰ ভোক লাগে তেতিয়া তাৰো যোগাৰ মাকে কৰি থয়। পঙ্কজৰ যেতিয়াই আধা ৰাতি ভোক লাগে আৰু সাৰ পায় তেওঁৰ বিচনাৰ কাষত এটা টোপোলাত খোৱা বস্তু বান্ধি থোৱা থাকে।

অত্যাধিক আহাৰ গ্ৰহণ আৰু শুই থকাৰ বাবে তেওঁৰ শৰীৰ এই ডেকা বয়সতো বহুত বেয়া ধৰণৰ হৈ পৰিল। অৱশ্যে তেওঁৰ মাক দেউতাকে সুস্থতা আৰু সুখৰ চীন বুলি কয়।

পঙ্কজৰ বায়েক নীলাক্ষীৰ বিয়া দিবলৈ বিশেষ অসুবিধা নহল। অসুবিধা হল পঙ্কজৰ বিয়াক লৈ। wwf ৰ পালোৱানৰ দৰে লৰা এজনৰ বাবে কইনা বিচৰাটো বহুত কঠিন কাম প্ৰমাণিত হল।

কৰবাত ছোৱালীৰ দেউতাকে দৰাক পছন্দ নকৰে আৰু কৰবাত মাকে নকৰে। যদি কৰবাত মাক দেউতাকৰ পছন্দ হয় তেতিয়া ছোৱালীয়ে নিজেই মানা কৰি দিয়ে। এইবিলাকতেই বহুত বছৰ পাৰ হল। ৰুণো দেৱীৰ নাতিক কোছত লৈ খেলুৱাৰ সপোন পুৰণেই হোৱা নাছিল।

কোৱা হয় যে জোৰা ভগৱানে প্ৰথমে ওপৰতেই বনাই তাৰ পাছতহে জীৱটোক পৃথিৱীলৈ পঠিয়াই। পঙ্কজৰ জোৰাও নিশ্চিত আছিল।

তেজপুৰ নিবাসী মুকুন্দ মাধৱৰ পাঁচ জনী ছোৱালী আৰু এটা লৰা আছিল। তেওঁৰ ডাঙৰ যি গীতাৰ বয়স ৩৫ পাৰ হৈছিল আৰু এতিয়ালৈকে বিয়া হোৱা নাছিল। তাই বি.এ পাছ তথা খোব চোকা আৰু খঙাল স্বভাৱৰ। খঙত নিজৰ দেহৰ তেজ শুকুৱাই একেবাৰে ক্ষিণাই শুকাই গৈছিল। তাইক দেখিলে এনেকুৱা লাগে যে শৰীৰৰ হাড়বোৰ লুকাৱাবলৈ চালখন বৰ যত্নেৰে লগাই দিয়া হৈছে।

 মুকন্দ মাধৱৰ প্ৰস্তাৱক শৰ্মাই প্ৰথম বাৰতে মানি ললে। কোনেও গীতা আৰু পঙ্কজৰ পছন্দ আৰু হা বা না জনাটো দৰকাৰ বুলি নাভাবিলে। দুয়োৰে পৰিয়ালৰে বিয়া কৰোৱাটো আৱশ্যক আছিল । এজনে ছোৱালীক বিদায় দিব খুজিছিল আৰু আনজনে লৰাৰ সংসাৰ তৰিব বিচাৰিছিল। বৰ্তমান বিয়াৰ বাবে মান্তি হোৱাতকৈ আৰু দ্বিতীয় বিকল্প তেওঁলোকৰ হাতত নাছিল।\



গীতা  বোৱাৰী হৈ গাঁৱলৈ আহিল আৰু কিছুদিন পাছত স্বামীৰ লগত কলনিত থাকিবলৈ আহিল। তাই প্ৰথমৰ পৰাই পঙ্কজক পছন্দ কৰা নাছিল। তাইৰ এই অপচন্দক শহুৰৰ ঘৰৰ নীতি নিয়ম, থকা খোৱাৰ ধৰণে দুগুন বঢ়াই দিলে।

শৰ্ম্মা পৰিয়ালত খোৱাত ঘিউৰ ব্যৱহাৰ বেছি হয়। মাত্ৰ চাকি জ্বলাবলৈ আৰু আচাৰ বনাবলৈ তেল কিনা হৈছিল। পঙ্কজৰ দেউতাক সুগন্ধি গুটখা আৰু পান খাই খুব ভাল পাইছিল। তেওঁ ধুতি কোর্টা ধুবীৰ ওচৰত ইস্ত্রি কৰিবলৈ দিয়ে। পৰিয়ালৰ সকলো কামতে টকা পইচা পঙ্কজে খৰছ কৰে।

এইবোৰ দেখি গিতাই জ্বলি পুৰি মৰে। গিতাই ভাবে তাইৰ স্বামীৰ টকাৰে শহুৰ শাহুৰৰ লা বিলাহ বোৰ  পূৰ হৈ আছে। তাৰ উপৰিও দিনত চাৰিবাৰ কৈ বিভিন্ন ধৰণৰ আহাৰ ৰান্ধিবলৈ তাইক আদেশ দিয়া হয়।

গিতাই শহুৰৰ ঘৰৰ সকলো বস্তু, কাম বেয়া পাইছিল। তাই মুখেৰে ভুনভূনাই থাকিলেও একো উত্তৰ নাপায়। উত্তৰ দিবনো কোনে? শাহু জোখতকৈ বেছি আজলী আৰু শহুৰে ভালকৈ শুনি নাপায় আৰু স্বামী ভয়াটোৰ আৰু দেৰিকৈ প্ৰতিক্ৰিয়া কৰে।

তাই বিচাৰিছিল যাতে শহুৰ শাহু সিহঁতৰ লগত নাথাকি গাঁৱত থাকি নিজৰ মাটি বাৰীৰ ভাগ লয়। তাই নিজৰ এই কথা মান্তি কৰোৱাবলৈ খং কৰি বহুত মাহ মাকৰ ঘৰত থাকিল। শুকান  শুকান আহাৰ খাবলৈ দিও চালে। এনেকুৱা সৰু সৰু কথাৰ শৰ্মা দম্পতিৰ ওপৰত কোনো প্রভাব নপৰিল।

যদি তেওঁলোক গাঁৱলৈ গুচিও যায় তেন্তে পুত্ৰৰ মোহে তেওঁলোকক তাত থাকিবলৈ নিদিয়ে আৰু দহ বাৰ দিনতে পুনৰ ঘূৰি আহিব।

এনেকৈয়ে দুবছৰ পাৰ হল আৰু তাৰ মাজতেই গীতা চুইটিৰ মাক হল। তাৰ পাছতো তাই শহুৰৰ ঘৰত মিলিব নোৱাৰিলে আৰু স্বাধীনভাবে থকাৰ ইচ্ছা দিনে দিনে বাঢ়ি গল।( Storyboard )

গীতাৰ লগত সদায় তাইৰ কোনোবা নহয় কোনোবা ভনীয়েক থাকে। গোটেইকেইজনীৰ ভিতৰত অলপ দুষ্ট সকলোতকৈ সৰু ভনীয়েক লিপি। লিপিয়ে অনবৰতে পংকজক আৰু তেওঁৰ মাক দেউতাকক ঠাট্টা কৰি ভালে বেয়া কথা শুনাই আৰু তেওঁলোকক অপমানিত কৰিবলৈ কোনো সুবিধাই নেৰে।\



কোৱা যায় যে সকলো ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে আৰু অজলা, সাধাৰণ মানুহৰো খং উঠে। হয়তো খং দুদিন দেৰিকৈ উঠে কিন্তু খং নিশ্চয়কৈ উঠে। শিলৰ দৰে টান বস্তু এটাক ঘঁহি থাকিলেও  তাৰ পৰা জুই ওলাই তাৰ পাছত সেই জুই বিয়পি পৰাটো কোনো ডাঙৰ কথা নহয়।

পঙ্কজৰ মাজতো বছৰ বছৰ  ধৰি থকা অপমান জ্বালামুখীৰ দৰে সৃষ্টি হৈ আছিল আৰু ওলাই আহিবলৈ সুবিধা বিচাৰি আছিল। এই জ্বালামুখীৰ এদিন উদগীৰণ হল।

সেইদিনা ৰাতিপুৱাৰ সময় আছিল। গিতাই পঙ্কজক চাহৰ কাপটো দি আৰম্ভ হৈ গল। পঙ্কজৰ বহুত খং উঠিল আৰু সি আগ পিছ নোচোৱাকৈ কাপ প্লেট মাটিত দলিয়াই দিলে।  কাপৰ এটা টুকুৰা ওপৰলৈ উফৰি পৰি গীতাৰ বাওঁ গালত লাগিল। আৰু অলপ তেজ ওলাই আহিল।  গীতাৰ বাবে গোটেই ঘৰ মূৰত উঠাবলৈ এইটো কাৰণেই যথেষ্ট আছিল।

কাজিয়া শেষ হোৱাৰ পাছত পংকজ অফিচলৈ গুচি গল।ইফালে দুইজনি বাই ভনী মিলি কথা পাতিলে আৰু থানালৈ গুচি গল। থানাত গৈ গীতাই নজৰ শহুৰ শাহুৰ, স্বামী, ননদ নিলাক্ষী আৰু তাইৰ নীলাক্ষীৰ স্বামীৰ ওপৰত যৌতুক দাবী কৰি শাৰীৰিক অত্যাচাৰৰ অভিযোগ দিলে। আৰু একো নোহোৱাৰ দৰেই ঘৰলৈ উভতি আহিল।

পুলিচৰ বিষয়ে এইটো কথা প্ৰায়ে শুনা যায় যে চুৰ ডকাইত ধৰাত সদায় পুলিচে দেৰি কৰে কিন্ত সাধাৰণ আৰু নিৰ্দোষী মানুহৰ ওপৰত কাৰ্যক্ষম সোনকালে কৰে। এইক্ষেত্ৰতো এনেকুৱাই হল।

সন্ধিয়ালৈ নিলাক্ষী আৰু তাইৰ স্বামী থানাত আহি উপস্থিত হল। তেওঁলোকতকৈও আগত পংকজ আৰু মাক দেউতাক আহি থানাত উপস্থিত আছিল।

পঙ্কজৰ দেউতাকক এইটো বুজাবলৈ বহুত কষ্ট হল যে তেওঁলোক থানালৈ কিয় আহিছে। পংকজ কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। সকলোবোৰ বুজি পোৱাৰ পাছত তেও মৌন ৰূপ ধাৰণ কৰিলে। আৰু ৰুণো দেৱীয়ে মুখত আচল ভৰাই ললে।

শৰ্মা পৰিয়ালৰ থানালৈ যোৱাৰ খবৰ গোটেই কলনিতে বিয়পি পৰিল। যিয়ে শুনে তেওঁ মাত্ৰ থানাৰ কথাই কয়। পঙ্কজৰ অফিচৰ লগৰবোৰ আৰু তেওঁৰ হিত চিন্তা কৰাবোৰে তেওঁক থানাৰ পৰা উলিওৱাৰ ব্যৱস্থা কৰে।

বিষয়টো পাৰিবাৰিক মতানক্যৰ আছিল। অৱশেষত থানাৰ অফিচাৰে শেষৰ কাৰ্য কৰাৰ আগত অভিযোগ কৰা গৰাকীক আকৌ এবাৰ সুধ পোচ কৰাটো উচিত ভাবিলে   যে তেওঁ এতিয়াও এই অভিযোগটো কাৰ্যক্ষম হোৱাটো বিচাৰে নে তাৰ মাজতো বেলেগ উপায় আছে।

গীতা আৰু তাইৰ ভনীয়েক লিপি আহিল আৰু তাইক দেখি লগা নাছিল যে তাই অকণমান হলেও লাজ পাইছে।\



গিতাই কলে যে তাই নিজৰ স্বামীৰ লগত থাকিব বিচাৰে শহু শাহুৰ লগত নহয়। যদি তাইৰ স্বাধীনতাত কোনো বাধা নথকাৰ আশ্বাস যদি পায় তেন্তে তাই অভিযোগটো উঠাই লব।

তাৰ বাহিৰে আৰু অন্য বিকল্প তাই মানি নলয়। শেষত থানাত মাকৰ মমতা, দেউতাৰ মৰম আৰু ভনীয়েকৰ স্নেহ হাৰি গল আৰু বোৱাৰীৰ জয় হল।

সকলো বুজাবুজি হল আৰু অভিযোগমুক্ত হৈ সকলো থানাৰ পৰা ওলাই আহিল। নিলাক্ষী, তাইৰ স্বামী আৰু দেউতাক কোনো পধ্যেই ঘৰলৈ যাবলৈ মান্তি নহল।

 শেষত শৰ্মা দম্পতি আৰু নিলাক্ষী আৰু তাইৰ স্বামীয়ে পঙ্কজৰ বন্ধু এজনৰ ঘৰত ৰাতিতো কটালে। পঙ্কজৰ দেউতাকে পঙ্কজক বুজাই মেলি গীতাৰ ওচৰলৈ পঠিয়ালে।

 থানেশ্বৰ শৰ্মা অজলা আৰু সাধাৰণ আছিল কিন্তু তেওঁ মূৰ্খ নাছিল। তেওঁ ৰুণো দেৱীক কলে যে "পঙ্কজৰ সুখৰ বাবে তেওঁৰ বোৱাৰীৰ ইচ্ছা পূৰণ হোৱাটো দৰকাৰ। এতিয়া মাত্ৰ সিহঁতৰ জীৱনটো আৰম্ভ হৈছেহে। আমাৰ নো কি ? বহুত দিন জীয়াই থাকিলোঁ। থানা দেখি পোৱা নাছিলোঁ সেয়াও দেখিলো। এতিয়া জীৱনৰ যি পাছ দহ বছৰ বাকী আছে সেয়াও যেনেতেনে পাৰ হৈ যাব। এই বাকী থকা সময়খিনি আমি ভগৱানৰ ভক্তিত লাগিলে কেনে হয়?"

ৰুণো দেৱীয়ে সদায় স্বামীৰ আজ্ঞা তথা ইচ্ছাৰ পালন কৰি আহিছিল, তেঁওৰণো আৰু কি আপত্তি থাকিব।

ইয়াৰ পাছত শৰ্মা ডাঙৰীয়াই মাটি বাৰীত নিজৰ ভাগ বতৰা ললে।ছোৱালী নিলাক্ষীক তাৰ ভাগ দিলে। বেলেগ সময় হোৱা হলে নীলাক্ষীয়ে ভাগ নললে হয়। বাকীবোৰ পঙ্কজৰ নামত কৰি দুয়ো কাকো নোকোৱাকৈ তীৰ্থ যাত্ৰা কৰিবলৈ গল। এইটোও গম পাব নিদিলে যে তেওঁলোক কত গৈছে আৰু কেতিয়া ঘূৰি আহিব?

বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি তেওঁলোক কৃষ্ণৰ জন্মস্থলী বৃন্দাবন পালেগৈ। তেওঁলোকে তাত ভগবান কৃষ্ণৰ সান্নিধ্য অনুভৱ কৰিলে। শেষত তেওঁলোক তাতেই থাকি গল।\



ৰুণো দেৱীয়ে পঙ্কজক মনত পেলাই কান্দে আৰু তেতিয়া তেওঁৰ স্বামীয়ে কয়," পাগলী, নিজৰ অৱস্থালৈ ঘূৰি আহ। এতিয়া মায়া মোহৰ পৰা ওলাই আহ। পাহৰি গলি নিকী এই মোহেই থানাৰ দৰ্শন কৰাইছিল? তথাপিও ইয়াতেই লাগি আছ। জেললৈ যোৱাৰ পৰা বাচিলি সেইবাবে ভগৱানক ধন্যবাদ দে যে তোৰ বৃদ্ধকাল বেয়া হোৱাৰ পৰা বাছিল।"

"আপুনি পিতৃ হয় সেইবাবে এনেদৰে কৈছে। আপোনাৰ অন্তৰখন কঠোৰ, কিন্তু মই কি কৰিম? মই কেনেকৈ পাহৰিম? নিজৰ মনটোক কেনেকৈ বুজাও?"

"তেন্তে কাৰোবাক নিজৰ লৰা পাতি লোৱা আৰু তাৰ ওপৰত মাকৰ মমতা বোৱাই দিয়া। তোমাৰ মমতাই তৃপ্তি পালে তোমাৰ ভাল লাগিব।" শৰ্মাই কলে।

" কাক লৰা বনাম? ৰাস্তাত গৈ থাকোঁতে লৰা পাই নিকী ?" ৰুণো দেৱীয়ে সুধিলে।

শৰ্মাই তেওঁক সান্তনা দিবলৈ কলে," তেন্তে এটা কাম কৰা, ভগবান কৃষ্ণক নিজৰ লৰা মানি লোৱা।"

" কৃষ্ণক? আপোনাৰ মগজু ঠিকে আছে তো?"

" অ মোৰ মগজু ঠিকেই আছে। ভগবান মৰমৰ বাবে আতুৰ। তুমি তেওঁক পুত্ৰ মানিলে হয়তো তেওঁ তোমাক  মাতৃ মানিবলৈ এক মিনিটৰো দেৰি নকৰে। সখী, মিত্ৰ,  ভাতৃ, ৰজা,স্বামী এইবোৰ ৰূপৰ মাজতো তেওঁৰ আৰু এটা ৰূপ আছে পুত্ৰ।  কৃষ্ণই কাৰাগৰলৈ নপঠিয়াই বৰঞ্চ তাৰ পৰা মুক্তি দিয়ে। যি সুখ তুমি কৃষ্ণক পুত্ৰ মানি পাবা সেই সুখ তোমাক পৃথিৱীৰ কোনো পুত্ৰই দিব নোৱাৰে।"

 এই কথা ৰুণো দেৱীয়ে বুজি পালে । তেওঁ প্ৰথমে কৃষ্ণৰ পূজা তেওঁক ঈশ্বৰ ভাবি কৰিছিল। এতিয়া তেওঁ মনৰ ভাব সলাই ললে। এতিয়া তেওঁ কৃষ্ণৰ শৃংগাৰ আৰু পূজা পুত্ৰ হিচাপে কৰিব ললে। লাহে লাহে তেওঁ ভগবান কৃষ্ণৰ দেখভাল এনেদৰে ৰাখিব ললে যেনেকৈ কোনো মাতৃয়ে নিজৰ শিশুৰ যত্ন লয়।

এবছৰ আগত থানেশ্বৰ শৰ্মাই  বৃন্দাবনত নিজৰ দেহ ত্যাগ কৰিলে। গুৰুৰ আদেশ মতে এই খবৰ তেওঁৰ গাঁৱলৈ দিয়া হল। তেতিয়া পৰিয়ালৰ লোকে গম পালে যে তেওঁলোক দুয়ো বৃন্দাবনত বাস কৰি আছিল।

গোটেই পৰিয়াল গোট খালে। পঙ্কজৰ লগত গীতাও আহিল। শহুৰ শাহু নাইকীয়া হোৱাৰ পাছতহে তাই নিজৰ ভুল বুজি পালে। তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল। তাই নিজৰ ভুলত বহুত লাজ পালে সেইবাবে অপৰাধীৰ দৰে তাই মূৰ তল কৰি সকলোতকৈ পিছত থিয় হৈ আছিল।

ৰুণো দেৱীয়ে এতিয়া এই সৰু সৰু কথাবোৰত লাগি নাথাকে। তেওঁ গীতাক ক্ষমা কৰি দিলে।

 ৰুণো দেৱী কোনো পধ্যেই   উভতি আহিবলৈ মান্তি নহল। তেতিয়া পৰিয়ালৰ লোকসকল উভতি আহিল আৰু ভাল বেয়াৰ খবৰ লৈ থাকিব ধৰিলে। তেনেদৰেই ৰুণো দেৱীয়ে তেওঁৰ নাতিৰ জন্মৰ খবৰ পালে। যাক চাবলৈ আৰু আশীৰ্বাদ দিবলৈ তেওঁ আহিছে আৰু ৰাতিপুৱা বৃন্দাবনলৈ পুনৰ উভতি যাব।

 ৰুণো দেবীৰ বৈৰাগ্য হোৱাৰ এই বৃত্ৰান্ত জানি আচৰিত হলো । মই তেওঁক প্ৰণাম জনালোঁ। মনতে ভাবিব ধৰিলো যে নিজৰ ক্ষুদ্ৰমান স্বাৰ্থৰ বাবে বয়োজ্যেষ্ঠ জনৰ অপমান কৰি গিতাই কি সুখ পালে? ৰুণো দেৱীৰ বৈৰাগী হোৱাৰ ঘটনাক বোৱাৰীৰ  জয় বুলি কব পাৰি নেকি?


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages