প্ৰথম প্ৰেমৰ বাবে যেতিয়া এজন পুৰুষ হৈ পৰে ধৰ্ষণকাৰী ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 16, 2021

প্ৰথম প্ৰেমৰ বাবে যেতিয়া এজন পুৰুষ হৈ পৰে ধৰ্ষণকাৰী ? Storyboard

Storyboard

ঘনকৈ লোৱা উশাহবোৰে কোঠাটোৰ নিস্তৱদ্ধতাৰ মাজত আবদ্ধ হৈ থকা দুখন অন্তৰৰ মিলনৰ চেষ্টা  কৰিছে। বিছনাৰ চাদৰখন সোত-মোচ খাই গল( Storyboard )। বিছনাত থকা কাপোৰবোৰ মাটিত পৰি গল। এইয়া সেইটো সময় আছিল যেতিয়া মানুহে নিজৰ সকলো জ্ঞান হেৰুৱাই পাহৰি যায়। প্ৰেম ক্ৰিয়া পূৰণ হল অলপ অলপ পোহৰত। বিজিতে কাপুৰবোৰ উঠালে। বিয়াৰ কাপোৰযোৰ কৃষ্ণাৰ গালৈ দলিয়াই দিলে। বিজিতে নিজেও কাপোৰ পৰিধান কৰি ১০ মহলাৰ ওপৰত থকা ফ্লেটৰ পৰা বাহীৰৰ অন্ধকাৰলৈ চাই চিগাৰেট জ্বলালে।

দেউতাই কোৱাৰ দৰে এই প্ৰেম এনেকুৱা নেকি যত তেওঁ কৈছিল যে" বিয়াৰ পিছত প্ৰেম হৈ যাব।" মাত্ৰ কিছুক্ষণৰ ভৌতিক সুখ প্ৰেম হব নোৱাৰে। যদি সুন্দৰ শৰীৰৰ ভক্ষণ কৰাই প্ৰেম তেন্তে মই তেনে প্ৰেমক ত্যাগ কৰাটো উচিত বুলি ভাবিম। মই শতাব্দীক কেতিয়াও পাহৰিব নোৱাৰোঁ।  যি অপৰাধ মই কৰিলোঁ তাৰ পৰাছিট কেতিয়াও হব নোৱাৰে।

শতাব্দী আৰু মই যোৱা দুবছৰৰ পৰা একেলগত আছিলোঁ। একেলগতে জীৱনটো কটাব বিচাৰিছিলোঁ। অতীজৰে পৰা প্ৰেমৰ শত্ৰু সমাজে আজি আমাৰ তিনিতাকৈ জীৱনৰ বলি দিলে। শতাব্দীয়ে আত্মহত্যা কৰিলে আৰু কৃষ্ণা যাৰ কোনো দোষ নাই, তাই এইবোৰত সোমাই নিজৰ জীৱনটো ধংশ হব কাৰণ মই তাইক কেতিয়াও  মনৰ পৰা আঁকোৱালি লব নোৱাৰিম। বিয়াৰ পাছত এইটো আমাৰ একেলগত প্ৰথম নিশা। তাইক আপোন কৰিবৰ চেষ্টা কৰিলোঁ কিন্তু বিফল হলো কাৰণ চকুৰ সন্মুখত শতাব্দী আছিল।



প্ৰেম শাৰীৰিক আৰু মানসিক হয়। শাৰীৰিক প্ৰেম মানসিক প্ৰেমলৈ সলনি হৈ যায়। আগৰ দিনত বিয়া প্ৰথমে হৈছিল আৰু প্ৰেম তাৰ পাছত নিজে নিজে হৈছিল। এইবোৰ কথা কৈ মা আৰু দেউতাই মোক বিয়া কৰাবলৈ মান্তি কৰালে।

শতাব্দী আৰু কৃষ্ণাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। দেখিবলৈ একেবাৰে সাধাৰণ শতাব্দী আৰু কৃষ্ণা একেবাৰে অপ্সৰাৰ দৰে। কৃষ্ণাৰ  দৰে ধুনীয়া ছোৱালী পাবলৈ মানুহে অপেক্ষা কৰি থাকে। কিন্তু কেৱল ধুনীয়া হোৱাই যথেষ্ট নহয়। গাঁৱৰ গাঁৱলীয়া আৰু চহৰৰ শতাব্দীৰ মানসিকতাৰ মাজতো পাৰ্থক্য আছে। শতাব্দী পঢ়া শুনা জনা ছোৱালী যিয়ে মোক বুজাই মই তাইক এৰি দিলোঁ.. নহয়..এৰি দিয়া নাই  হত্যা কৰিলোঁ.. মই হত্যাকাৰী তাইৰ। তাই ভালপোৱা প্ৰমাণ কৰিলে আৰু মই ভয়াটোৰ। মই কি কৰিছোঁ ,ভৌতিক(দেহৰ) সুখ লৈ আছোঁ?

 আমাৰ মগজুটো সচাই বৰ বিচিত্ৰ। ক্ষন্তেকতে কিমান যে কথা ভাবি লয়। কিছুমান ভুল আৰু শুদ্ধ  প্ৰশ্নৰ মাজত যুত লাগি মনটোক ব্যথিত কৰি তোলে। ইয়াতো ঠিক এনেকুৱাই। একেলগে জীৱন মৰণৰ শপত লোৱা বিজিতে আজি অনুতাপৰ জুইত জ্বলি পুৰি শেষ হৈ গৈছে।

বিজিতে আঠুকাঢ়ি বহি আছে আৰু মনটোক বুজাব পৰা নাই। বিচনাত বহি থকা কৃষ্ণাই ৰুমৰ পকাত পৰি জ্বলি থকা চিগাৰেটৰ ধুৱাবৰলৈ চাই  নিজৰ ভৱিষ্যত বিচাৰি ফুৰিছে।

দুয়োৰে ৰঙা চকুযুৰি দেখি দাদা বৌ হতে ধেমালি কৰি আছে। কৃষ্ণাই ডাঙৰ সকলোৰে ভৰিত ধৰি সেৱা জনালে আৰু বৌয়েকক সাৱটি ধৰি কাণৰ ওচৰত কিবা ফুচফুচালে।

" বহুত হল হাঁহি ধেমালি, বোৱাৰী গা ধুই লোৱা পূজা কৰিব আছে। আকৌ অহাকাইলৈ তোমালোক গুচি যাবাগৈ।" শাহুমায়ে এনেকুৱা সুৰত কলে যে কথাষাৰ গাত লাগি গল।

বিয়াৰ পাছত নেনীতাল ফুৰিবৰ যাবৰ বাবে প্ৰস্তুতি কৰাত ডাঙৰ দাদায়ে কোনো অভাৱ হব নিদিলে। সকলো প্ৰস্তুতি সম্পূৰ্ণ হল। মাত্ৰ বিজিতৰ অন্তৰখন প্ৰস্তুত নাছিল।

কৃষ্ণা গোটেই দিনটো বিয়াৰ পিছৰ নীতি নিয়মবোৰত ব্যস্ত থাকিল। বিজিতে কোঠাত সোমাই চিগাৰেট হুপি ধোঁৱা উৰুৱাই শতাব্দীৰ ভাবনাত লিন হৈ পৰিল।

বিয়াৰ পিছৰ দিনা নিশা কৃষ্ণাই গাখীৰৰ গিলাছটো লৈ কোঠালৈ আহিল আৰু ধুৱাৰ গোন্ধত তাইৰ অসহ্য লাগিল। বিছনাত বিজিতে ভৰিৰ ওপৰত ভৰি উঠাই কিবা পঢ়ি আছে। কৃষ্ণাক গাখীৰৰ গিলাছটো লৈ মোৰ তল কৰি ৰৈ থকা দেখি কলে,

"গাখীৰখিনি খাই শুই যোৱা , ৰাতিপুৱা সোনকালে উঠিব লাগিব।" এনেকুৱা ব্যৱহাৰ কৰিলে যে নতুন বোৱাৰীটো বাদেই জিকোনো মানুহ এনেকুৱা ব্যৱহাৰত দুখী হল হয়।

 কৃষ্ণাই টেবুলত গাখীৰৰ গিলাছটো ঢাকি থৈ দিলে আৰু বিছনাৰ আনটো চুকত গৈ শুই পৰিল।

লাইটবোৰ নুমাই গল কিন্তু টোপনি দুয়োৰে চকুত নাছিল। হয়তো দুয়ো চকু মেলি নিজৰ নিজৰ পৃথিৱীত মগন। কোনো অপ্ৰিয় ঘটনা ঘটাতো নিশ্চিত।



আজি হনিমুনৰ বাবে দুয়ো ওলাল নেনীতাললৈ।ট্ৰেইনৰ পৰা নামিল, বতাহৰ সৈতে কথা পাতি থকা গাড়ীবোৰ ক'লা ৰাস্তাৰ মাজেৰে দৌৰি আছে। ধুনীয়া বতৰ আৰু পাহাৰীয়া ঠাই তথাপিও দুয়োৰে মুখত ফুৰ্তি নাই। ড্ৰাইভাৰে গাড়ী চলাইছে। দুয়ো পিছৰ ছিটত অচিনাকীৰ দৰে বহি আছে। ৫ ঘণ্টাৰ এই দীঘলীয়া যাত্ৰা এনেদৰে মৌনতাৰ মাজেৰে পাৰ হল।

পাহাৰেৰে ভৰা নেনিতাল, ধুনীয়া বতৰ। ডাৱৰ বোৰক ওচৰত থকা যেন অনুভৱ কৰিব পাৰি কিন্তু কৃষ্ণা আৰু বিজিত যেন ওচৰত থাকিও একেলগত যেন অনুভৱ কৰিব পৰা নাই। পাহাৰৰ মাজত থকা হোটেলৰ কোঠা যাক হানিমুন স্পেচিয়াল বুলি কোৱা হয় সচাকৈ স্পেচিয়াল। সজাই থোৱা বিছনা , খিৰিকীৰ গিলাছেৰে বাহিৰলৈ দেখি থাকি আৰু পাহাৰৰ সৌন্দৰ্যতাই দুয়োকে ৰিজাবলৈ বিফল হল।

বিজিতে চিগাৰেট উলিয়ালে আৰু কৃষ্ণাই ঘূৰি চাই দেখি বাহিৰলৈ ওলাই গল। বিজিতে কোনো গুৰুত্ব নিদি চিগাৰেটতো জ্বলাই আইনাৰ সন্মুখত থিয় হল। তলত ঘূৰণীয়া টেবুল এখন আছে। ৪/৫ জন লোক বেলেগ বেলেগ টেবুলত বহি চাহ খাই সুন্দৰ বতৰৰ আনন্দ লৈ আছিল।

কৃষ্ণাই চল এখন গাত মেৰিয়াই তাৰে টেবুল এখনত গৈ বহিল। তাই মোৰ দাঙি চাই বিজিতক দেখিলে আৰু সি দুখোজ পিছুৱাই গল। যেনেদৰে এজন চোৰে পলিচক দেখি ভয় খায়।

কৃষ্ণাৰ ইয়াত কি দোষ? সচাই দুটা পৰিয়ালৰ সিদ্ধান্তই তাইৰ জীৱনটো শেষ কৰি দিলে। পাহাৰৰ এলেকাত সন্ধিয়া সোনকালে হয় । এতিয়া ৭বাজিছিল মাত্ৰ কিন্তু এনেকুৱা লাগিছে যেন বহুত ৰাতি হল। কোঠাৰ দুৱাৰ খুলি তাই ভিতৰলৈ সোমাই গল।

"ইমান দেৰি কত আছিলা? কৈ যাব লাগে।" প্ৰায় গালি দিয়াৰ দৰে বিজিতে কলে। কিয়নো তাৰ মাতষাৰ টান আৰু তাত আপোনতা নাছিল। কৃষ্ণাই বিছনাৰ চুকত পৰি শুই গল।

উদয় হোৱা সূৰ্যৰ পোহৰে পাহাৰীয়া এলেকাটো দেখাত আৰু ধুনীয়া কৰি তুলিছে। দুয়ো খোজকাঢ়ি সেই সুন্দৰতাৰ আনন্দ লৈছে। দূৰৰ পাহাৰত থকা বৰফ হয়তো দুয়োৰে মুখত জমা হৈ আছে।

দুই পাহাৰৰ মাজেৰে তাৰৰ সহযোগত কেৱল দুজন ব্যক্তি যাব পৰা এটা ৰ'প ৱেত দুইজনে তলৰ দৃশ্যৰ আনন্দ লৈছে।

একেলগত জীৱন মৰণৰ শপত খাইছিলোঁ। তাই গুচি গল আৰু মই কাপুৰুষৰ দৰে জীয়াই আছো। এতিয়া সময় আহিল প্ৰেমত দিয়া কথা পূৰণ কৰিবলৈ।মইও মৰি যাব লাগে। বিজিতৰ হাত চেফটি বেল্টৰ ওপৰত পৰিল। চেফটি বেল্ট খুলি জঁপিয়াউৱাৰ আগতেই কৃষ্ণাই কলে,"

" যেতিয়াৰ পৰা মোৰ ধৰ্ষণ হৈছে মনলৈ মাত্ৰ আত্মহত্যাৰ ভাৱনা আহি থাকে। এই গভীৰ খালটো দেখিও মোৰ এনেকুৱাই লাগিছে।"

তাই আৰু কিবা কোৱাৰ আগতে বিজিতে চেফটি বেল্ট এৰি তাইৰ হাতত ধৰিলে। ধৰ্ষণ! এনেকুৱা এটা শব্দ যিয়ে ভাবিবলৈ আচৰিত কৰি দিয়ে । কোনো এজন মানুহ কেনেকৈ দানব হব পাৰে? ইমান মৰম লগা ছোৱালী এজনীক কেনেকৈ কোনোবাই কষ্ট দিব পাৰে? বিজিতে আত্মহত্যা কৰা কথা ভাবি আৰু জঁপিওৱাৰ প্ৰন লৈও সি স্বাভাৱিক ভাবেই আছিল কিন্তু ধৰ্ষণ শব্দটো শুনি তাৰ গাৰ নোম শিঞৰি উঠিল।

" বেলেগ কাৰোবাৰ ভুলৰ বাবে নিজক শাস্তি দিয়াটো কাপুৰুষতা হয়। এনেকুৱা পাপীবোৰে শাস্তি পাব লাগে। নিজক মাৰি এনেকুৱা পাপীবোৰক এৰি দিয়াটো ডাঙৰ পাপ হব।"

"দুখ পাইছোঁ" হাতখনৰ ফালে ইংগিত দি কলে কৃষ্ণাই।

বিজিতে অনুভৱ কৰিলে সি কৃষ্ণাৰ হাতখন এনেদৰে খামুচি ধৰিলে যে তাইৰ হাতৰ শিৰবোৰ কাম নকৰা হল। হাতখন লাহেকৈ ধৰিলে কিন্তু এৰি নিদিলে।

" এৰি দিয়ক , নজপিঁয়াও। মাত্ৰ আপোনাক মনৰ কথা কৈছো।" এইবাৰ কথাষাৰ কৈ কৃষ্ণাৰ চকুৰে চকুলো নিগৰি আহিল।

" তুমি কাৰোবাক কৈছা নে?"

"নাই"।

" এইয়াইটো পাৰ্থক্য গাঁৱৰ আৰু চহৰৰ ছোৱালীৰ মাজত। ন্যায়ৰ বাবে মাত মাতিবলৈ সদায় পিছ পৰি থাকে। মই তোমাক ন্যায় দিয়াম।"



" তেওঁ বহুত ভাল সম্বন্ধত আছে, সেইবাবে...."

" আজিকালি এইবোৰেইটো হৈ আছে , কোনোবা আপোন মানুহেই সৰলতাৰ সুবিধা লয়। আৰু সেই সৰল ছোৱালীজনীয়ে সমাজ, সন্মান আদিৰ ভয়ত মৌন হৈ থাকে। কোন হয় কোৱাচোন মোক? মই ... মই..." বিজিতৰ খং বাঢ়ি আহিল।

সেই যাত্ৰাটো শেষ হল আৰু তেওঁলোক তললৈ নামি আহিল আৰু বিজিতে তাইৰ হাত এৰি দিলে। হাত এৰাৰ লগে লগে তাই আগবাঢ়িল।

" মই তোমাৰ স্বামী হয়, মোক কব পাৰা।" বিজিত পিছে পিছে আছিল আৰু কৃষ্ণাৰ খোজ হোটেলৰ দিশে আগবাঢ়িল।বহুত অধিকাৰৰ সৈতে সি  কলে,"মই তোমাৰ স্বামী হয় কিন্তু সেই স্বামীয়ে অলপ সময় আগত নিজেই আত্মহত্যা কৰিব গৈছিল নিজৰ পত্নীক এখন অজান চহৰত অকলে এৰি।

হোটেলৰ নিজৰ কোঠাত দুয়ো বিছনাৰ একেফালে ভৰি ওলোমাই বহি আছে। বিজিতে বহুত বুজি পায় সেইবাবে সি জিদ কৰা নাই, সি বিচাৰে যাতে কৃষ্ণাই সময় লৈ সকলো কথা খুলি কব পাৰে।

মৌনতা ভাঙি কৃষ্ণাই কলে," আপুনি শতাব্দীক বহুত ভাল পায় নেকি?" কথাষাৰ সোধোতে তাইৰ চকু মাটিত আছিল।

শতাব্দী , এইটো নাম তাই কেনেকৈ গম পালে? তাই কেনেকৈ আমাৰ প্ৰেমৰ বিষয়ে গম পালে?মোৰ বাবে এই প্ৰশ্নতো এনেকুৱা আছিল যেনে কোনোবাই বন্দুক লৈ ঠিয় হৈ মোক মাৰি পেলোৱাৰ ধমকি দিছে । মই বাছিলোঁ, গুলিটো মোৰ কাণৰ কাষেৰে পাৰ হৈ গল।"

"হয়, আমি যোৱা দুই বছৰৰ পৰা লগতেই আছিলোঁ। কিন্তু ঘৰৰ মানুহে জোৰ কৰি... কিন্তু তুমি কেনেকৈ জানিলা?" বিজিতে বাচিবৰ বাবে ওলোটাই প্ৰশ্ন কৰিলে কৃষ্ণাক।

"প্ৰথম ৰাতি আপুনি তাইৰেই নাম লৈ আছিল। আপুনি বিয়া কৰুৱাবই নালাগিছিল। আপোনাৰ প্ৰেম সঁচা আছিল যদি সকলোৰে লগত কাজিয়া কৰিব লাগিছিল।"এতিয়াও কথাখিনি সোধোতে তাইৰ চকু তলতে আছিল। শত্ৰুৱে বন্দুক এৰি এ.কে ৪৭ ৰে প্ৰহাৰ কৰিলে বাছি যোৱাটো কঠিন আছিল গুলি গৈ মোৰ বুকুত লাগিল। মোৰ প্ৰেম সঁচা নাছিল নেকি?'

" আজিও চকু বন্ধ কৰিলে তাইৰেই কথা মনলৈ আহে । তাইৰ শৰীৰৰ সুগন্ধ মই এতিয়াও পাওঁ। তাই মোৰ শিৰে শিৰে বৈ আছে মই কেতিয়াও তাইক পাহৰিব নোৱাৰোঁ। ঠিকেই কৈছাঁ তুমি মই সকলোৰে বিৰুদ্ধে যাব লাগিছিল। কিন্তু ইতিহাস সাক্ষী আছে  মানুহ নিজৰ পৰিয়ালৰ বাবে হাৰে। দেউতাই সন্মানৰ কথা কলে, সমাজৰ ভয় দেখুৱালে। মই কাপুৰুষ হৈ তেওঁলোকৰ বিৰুদ্ধে নগৈ তেওঁলোকৰ সুখৰ বাবে সকলো ত্যাগ কৰিলোঁ।" মাতষাৰ কঁপিব ধৰিলে আৰু চকুলো বৈ আহিল বিজিতৰ।

" এইবোৰত মোৰ কি দোষ? আপুনি কেৱল নিজেই ত্যাগ দিয়া নাই এইবোৰত মোৰ জীৱনটোও বলি দিলে। এজনী ছোৱালীৰ সপোন হয় তাইৰ বিয়া, তাইক মনে প্ৰাণে  বিচৰা স্বামী। সপোন ভাগি গলে কোনো কথা নাই। সপোন মানুহে সময়ৰ লগত সলনি কৰিব পাৰে কিন্তু জীৱনটো ভাগি পৰিলে কোনে তাক চম্ভালিব?" এইবাৰ কৃষ্ণাই বিজিতৰ চকুলৈ চাই কলে আৰু তাৰ চকু এতিয়াও সেমেকি আছিল।

বুকুত লগা গুলিটোৱে তেজ বোৱাই আছিল। দ্বিতীয়টো গুলি সেই একে ঠাইতে লগাটো হয়তো মৃত্যুক নিমন্ত্ৰণ দিয়াৰ দৰে হব।



" মই বিয়াৰ আগতে সকলো কব বিচাৰিছিলোঁ কিন্তু তোমাক কবলৈ সাহস নহল। ভাবিলো হয়তো দেউতা শুদ্ধ আৰু মই ভুল। এনেকুৱা নহয় যে মই চেষ্টা কৰা নাই। কিন্তু হত্যাকাৰী হোৱা কথাটোৱে মোক অনুতাপ কৰিবলৈ বাধ্য কৰাই। এই উপলব্ধিয়ে মোক জীয়াই থাকিব দিয়া নাই।

" হত্যা!.. কাৰ?" কৃষ্ণাই মোৰ চকুলৈ একেথৰে চাই আছিল। এতিয়া আৰু মই তাইৰ চকুলৈ চাব নোৱাৰো। হত্যাকাৰীটো মই আছিলোএই আৰু এতিয়া মই সেই নিৰ্দোষী ছোৱালীজনীৰো অপৰাধী। মই মোবাইলৰ পৰা ফটো এখন উলিয়াই তাইক দেখুৱালো। ফাঁচীত ওলমি থকা শতাব্দী আৰু তাই পঠিওৱা শেষ বিদায়ৰ মেচেজ। তাই ফটোখন ধ্যান দি চাই থাকিল।

মোৰ বুকুত লগা গুলিটো মই উলিয়াই দিলোঁ। এই ফটোখন দেখি হয়তো তাই মোৰ সমস্যা বুজি পাব।

" তাই মোক বহুত ভাল পাইছিল। তাই সাহস দেখুৱালে আৰু মৃত্যুক আঁকোৱালি ললে। মই কাপুৰুষৰ দৰে বিয়া পাতি হানিমুনত আহিছোঁ। যদি তুমি মোক সেই সময়ত ধৰ্ষণৰ কথাটো নকলা হয় মই আজি ইয়াত বহি নাথাকিলো হয়। মই প্ৰায় মোৰ চেফটি বেল্ট খুলি জঁপিয়াবিলৈ লৈছিলোঁ। যোৱা দুদিনৰ পৰা যেনেতেনে সাহস কৰি। কিন্তু এতিয়া তোমাক ন্যায় .. মই তাৰ হত্যা কৰিম যিয়ে তোমাৰ এই অৱস্থা কৰিলে।এনেকুৱা মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই।  মৰিবটো লাগিবই কিন্তু তাক মাৰিহে মৰিম। নাম কোৱা তাৰ কোন হয়?" বিজিতৰ চকু ৰঙা হৈ পৰিল আৰু খং বাঢ়ি গল। কৃষ্ণাই এতিয়াও ফটোখন চাই আছিল।

 " মই কোঠাত অকলে আছিলো। অপেক্ষা কৰি আছিলোঁ আহিবলগীয়া সুখৰ জীৱনৰ। মই জনা নাছিলোঁ যে যাৰ বাবে মই অপেক্ষা কৰি আছিলো তেওঁ মানুহ নহয় এজন দানব। মদৰ নীচাট মোৰ ৰুমলৈ আহিল আৰু মোৰ কাপোৰ কানি খুলি মোৰ শৰীৰটো আজুৰিব ধৰিলে। মই সকলো পাহৰি গলো হয় , সেইবাৰ প্ৰেম বুলি ভাবিলোঁ হয় কিন্তু যেতিয়া আপুনি প্ৰেম কৰি থকাৰ সময়ত শতাব্দীৰ নাম ললে তেতিয়া মোৰ অনুভৱ হল যে এইয়া প্ৰেম নহয় , বিয়াৰ প্ৰথম নিশা নহয় এইয়া মোৰ ধৰ্ষণ হৈছে।

মই দুই হাতেৰে মুখখন ঢাকি চকুলো লুকুৱাব চেষ্টা কৰিলোঁ কিন্তু জনা নাছিলো যে মোৰ এই চকুলোয়ে তাইৰ ওপৰত কিবা প্ৰভাৱ পেলাব নে নেপালাই? মোৰ শৰীৰৰ টুকুৰাবোৰ বমৰ ধামাকাৰ সৈতে মাটিত পৰি ৰল। এই টুকুৰাবোৰক সামৰি কোনোবাই অন্তিম কাৰ্য্য কৰি দয়িক নহলে সঞ্জীৱনী সোধা আনি মোক পুনৰ জীৱিত কৰি তোলক।

" জানেনে জেতিয়া মই হোষ্টেলত আছিলো তেতিয়া বহুত লৰা প্ৰেমৰ প্ৰস্তাৱ লৈ মোৰ ওচৰলৈ আহিছিল। মই কেতিয়াও তেওঁলোকক বুজিয়েই নাপালোঁ কেনেকৈ এবাৰ দেখিলেই প্ৰেম হৈ যায়। মইতো বিচাৰিছিলোঁ যাতে প্ৰেম অনুভৱ কৰিব পাৰো যি ইজনে আনজনৰ শৰীৰৰ লগত নহয় মনৰ লগত প্ৰেম কৰিব । কিন্তু এনেকুৱা প্ৰেম বিচাৰি নাপালো। কেনেকৈ কোনোবাই ইজনে আনজনক ভালদৰে নজনাকৈ প্ৰেম হব পাৰে? মাকেও সন্তানক ৯ মাহ গৰ্ভত ৰাখি প্ৰেম কৰিব পাৰে। বেলগৰ সন্তানক কোনো মহিলাই সেই মৰম দিব নোৱাৰে। যিবোৰ সন্তান মাক দেউতাকৰ পৰা আঁতৰি দূৰৈত পঢ়ে, চাকৰি কৰে  তেওঁলোকৰ মাক দেউতাকৰ প্ৰতি প্ৰেম কম হয় যায়। তেতিয়া কেনেকৈ কোনোবাই উৰে জীৱন শৰীৰৰ লগত প্ৰেম কৰিব। মই ভাবিছিলোঁ মোৰ স্বামীয়ে মোক বুজি পুৱাৰ পাছত প্ৰেম কৰিব কিন্তু আপুনিও কেৱল শৰীৰ.... আপোনাৰ লগতো প্ৰায় তেনেকুৱাই, আপুনিও কেৱল শৰীৰটোক ভাল পায়। আপোনাৰ আজি এইবাবে দুখ লগা নাই যে আপুনি তাইক এৰি দিলে বৰঞ্চ দুখ এইকাৰণে যে তাই আপোনাৰ কাৰণে আত্মহত্যা কৰিলে। সাধাৰণতে যদি কোনোবাই আপোনাৰ কাৰণে আত্মহত্যা কৰে বা আপোনাৰ কাৰণে কাৰোবাৰ জীৱন গুচি যায় তেন্তে আত্মগ্লানি হোৱাটো স্বাভাৱিক। আপোনাৰ লগতো একেই কথা।"



"মই তোমাক কেনেকৈ বুযাম যে মোৰ শতাব্দীৰ লগত শাৰীৰিক একো নাছিল। মই তাইক বেয়া দৃষ্টিৰে কোনো দিন চুই পোৱা নাছিলোঁ। আমি দুয়ো একেলগে জীৱনটো কটাব খুজিছিলোঁ।"

 দানবৰ দৰে আপুনি মোক আজুৰি আছিল। আপুনি এবাৰো মোৰ বিষয়ে জানিব নিবিচাৰিলে মাত্ৰ নিজৰ ইচ্ছা পূৰন কৰিলে।আপুনি এই ফটোখন দেখি ইমানেই বিমূঢ় হৈ পৰিল যে কি কৰি আছে একো গমেই নাপায় আপুনি। 

মই কেনেকৈ কম যে সেইয়া ফুলশয্যাৰ ৰাতি আছিল, সেইয়া প্ৰেম আছিল? আৰু এই শব্দটো মই আজিলৈকে বুজিয়েই নাপালোঁ  ,প্ৰেম...।

মানুহে কয় প্ৰেম এক অনুভূতি যাক দেখি পোৱা নাযায় মাত্ৰ অনুভৱ কৰিব পাৰি। দুটা দেহ এক কৰে কিন্ত সেই অনুভৱ কত আছিল? তাততো দুখ আছিল, কষ্ট আছিল। দুখ আছিল তাইৰ স্বামীয়ে বেলগৰ নাম লৈ তাইৰ লগত..... " কৃষ্ণা শান্ত হৈ গল আৰু মই তাইৰ চেহেৰালৈ চালোঁ আৰু তাই মোবাইলৰ সেই ফটোলৈ। মোৰ মুখ খোল খাই থাকিল। এ.কে ৪৭ৰ গুলি মই উলিয়াই পেলালোঁ কিন্তু এতিয়া শত্ৰু মোৰ সন্মুখত টোপ লৈ থিয় হল আৰু বমৰ ধুম শব্দই আহি মোৰ শৰীৰটো চূৰ্ণ কৰি পেলালে।

এইয়া বাস্তৱিকতা আছিল যাক মিছা বুলি কব নোৱাৰি। যিবোৰ তাই কলে ১০০%ই শুদ্ধ। সেইয়া ফুলশয্যাৰ নিশা হবই নোৱাৰে । এইয়া কি চেষ্টা আছিল যিয়ে মোক দানব বনাই দিলে। এইয়া কিহৰ চেষ্টা আছিল যিয়ে মোক এজনী মৰমলগা ছোৱালীৰ  ধৰ্ষণকাৰি বনাই তুলিলে। এতিয়ালৈকে হত্যাকাৰী বুলি অনুতাপ কৰি আছিলোঁ আৰু এতিয়া ধৰ্ষণকাৰী হোৱাটো মোৰ বাবে ঘাটক আছিল।

মই আৰু আগলৈ কোৱাৰ আগত কৃষ্ণা মোৰ ওচৰলৈ আহি মোবাইলট চাই কলে," আপুনি ভাবে যে শতাব্দীয়ে আত্মহত্যা কৰিলে কিন্তু এইটো সঁচা নহয়।তাই তেনেকুৱা একো কৰা নাই এই ফটোখন মিছা হয়। ভাবিবলগীয়া কথা যে যদি তাই সচাই আত্মহত্যা কৰিলে তেন্তে এই ফটোখন আপোনাক পঠিয়ালে কেনেকৈ?"

মোৰ চকু এইবাৰ ফটোখনত পৰিল। কৃষ্ণাই প্ৰশ্নভৰা দৃষ্টিৰে মোলৈ চাই আছে। একেবাৰে ঠিক কৈছে কৃষ্ণাই। মৰি যোৱাৰ পিছত কেনেকৈ কোনোবাই ফটো পঠিয়াব পাৰে? তথাপিও মগজটো মগজেই তাকো প্ৰেমেৰে ভৰা।

" হয়তো বেলেগে পঠিয়ালে।" বিজিতে কলে।

কৃষ্ণা : "

কোনে পঠিয়ালে? তাইৰ দেউতাকে নে মাক, ভনীয়েকে? 

 নে পুলিচে?"

বিজিত:" কোনোবা হব পাৰে। চোৱা কাপুৰখন ডিঙিত আছে আৰু ভৰি কেইখন বতাহত ওলমি আছে। তেন্তে এই ফটোখন মিছা কেনেকৈ হব পাৰে?"

কৃষ্ণা: এনেকুৱা ধেমালি আমি হোষ্টেলত বহুত কৰিলোঁ। যিকোনো মাক দেউতাকে তেওঁৰ ছোৱালিক এনেকুৱা অৱস্থাত দেখিলে প্ৰথমে তললৈ নমাব নে তাইৰ প্ৰেমিকক ফতো মাৰি পঠিয়াব? পুলিচে পঠোৱা হলে এতিয়ালৈকে আপোনাৰ ওচৰত সোধা পোছা কৰিবলৈ আহিল হয়। ঠিক আছে এইফালে চাওক ( ফটোত আঙুলি থৈ কলে) পিছফালে ৱালত ঘড়ী লাগি আছে আৰু তাত ৪ বাজিছে। আপোনালৈ এই মেছেজটো ৪ বাজি দুই মিনিট পাছত আহিছে। আমাৰ বিয়াৰ এদিন আগত আৰু আত্মহত্যা কৰা দুই মিনিট পাছত।"

বিজিত: তাৰমানে তুমি কব খুজিছা যে তাই জীয়াই আছে? মই যাতে বিয়া নকৰাও সেইবাবে এইবোৰ কৰিলে?"( Storyboard )

কৃষ্ণা: এতিয়া বুজি পালে আপুনি, ছোৱালী মানুহৰ অস্ত্ৰ কি জানে ? যেতিয়া কাৰোবাক গলাব লগা হয় তেতিয়া চকুপানী  অস্ত্ৰ হৈ পৰে।কিন্তু যেতিয়া চকুলো চাবলৈ সন্মুখত কোনো নাথাকে তেতিয়া জীৱন হৈ পৰে অস্ত্ৰ।"



বিজিতে এতিয়ালৈকে কৃষ্ণাক গাঁৱৰ পঢ়া লিখা নজনা গাঁৱলীয়া বুলি ভাবি আছিল কিন্তু তাইৰ চিন্তাধাৰা বহুত চোকা।

" তুমি কিমানলৈকে পঢ়িলা?"

কৃষ্ণাই আচৰিত হৈ কলে," আপুনি মোৰ বিষয়ে একো নাজানে নেকি?"

বিজিত: মাত্ৰ এইটো ভাবি লোৱা যে জানিবলৈ চেষ্টা নকৰিলোঁ।"

কৃষ্ণা: মই এম.বি.এ কৰিছোঁ দিল্লীৰ পৰা, তাতেই হোষ্টেলত আছিলোঁ। পঢ়া শেষ হোৱাৰ পাছত চাকৰি কৰিব খুজিছিলোঁ কিন্তু দেউতাই নিদিলে। তেওঁ কলে যে বিয়াৰ পিছত এইবোৰ চিন্তা কৰিবলৈ।"

তাইৰ মুখত এটা হাঁহি আছিল যিটো তাইৰ চাকৰি কৰাৰ আশা পূৰণ নোহোৱাৰ বাবে আছিল।

বিজিত : অ, তেন্তে এতিয়া নো কি দেৰি হৈছে। ইয়াত কিবা চাকৰি চাই লবা মই তোমাক বাধা নিদিওঁ।"

কৃষ্ণা:" নাই, এতিয়া আৰু নকৰো।"

বিজিত : কিয় ?এতিয়া তুমি কলা চাকৰি কৰাৰ কথা।"

কৃষ্ণা:'  অ কিন্তু এতিয়া হব নোৱাৰে। দাদা বৌ বেলগ চহৰত ঠাকে আৰু মাৰ গাটো বৰ ভাল নহয়। এনেকুৱাত মই চাকৰি কৰিলে মাৰ ওপৰত কামৰ বুজা বাঢ়িব।"

মানুহৰ মগজু বহুত তুলনাত্মক হয় তৎক্ষণাত তুলনা কৰিব লাগি যায়। বিজিতেও তুলনা কৰিব ধৰিলে।

 কিমান যে পাৰ্থক্য আছে শতাব্দী আৰু কৃষ্ণাৰ চিন্তাধাৰাত। শতাব্দীয়ে প্ৰথমেই কৈছিল বিয়াৰ  পাছত আমি বেলগে থাকিম আৰু মইও মান্তি হৈছিলোঁ। মই প্ৰেমত ইমানেই অন্ধ হৈ গৈছিলোঁ নে যে মোৰ ভাল বেয়া সকলো পাহৰি গৈছিলো।

"মাৰ স্বভাৱ অলপ খিংখিঙীয়া, তেওঁ শুদ্ধ কামটো কিবা নহয় কিবা কথা শুনাবই। এনেকুৱাত তেওঁৰ লগত থকাটো বহুত কঠিন।" বিজিতে এনেদৰে কৈ কৃষ্ণাক জুখি চালে।

কৃষ্ণা: এবাৰ মই পৰি গৈছিলোঁ তেতিয়া মোৰ ভৰিৰ হাড় ভাগি গৈছিল। বহুত কষ্ট পাইছিলোঁ একদম  অসহনীয়। তেতিয়াও মই মোৰ ভৰিখন কাটি পেলোৱা নাছিলো, তাৰ ওপৰত প্লাষ্টাৰ কৰি ঠিক কৰি লৈছিলোঁ।"

বিজিত :' অ, হাড় ভাঙিলে কোনেনো ভৰি কাটি পেলাই?'

কৃষ্ণাক মিচিকিয়াই থকা দেখি সি বুজি পালে যে তাই কি কব খুজিছে। তাই বুজাব বিচাৰিছে যে ঘৰত যদি কোনোবা তেনেকুৱা ধৰণৰ মানুহ থাকে তেওঁক উলিয়াই পঠিওৱা নহয় বা তেওঁৰ পৰা পিছাঁ এৰুৱাব নালাগে , বৰঞ্চ প্লাষ্টাৰ ৰূপী মৰমেৰে তাক   ভাল কৰিব পাৰি।

বিজিত:  তুমি আগৰ পৰাই ইমান কথা বুজি পোৱা নে এতিয়া মোৰ লগ পাই এনেকুৱা হৈছা?'

তাই খীলখিলাই হাঁহিলে," এতিয়া অধ্যাপকৰ পত্নী ইমানকন জ্ঞানী নহলে মানুহে হাঁহিব।"

এইয়া মোৰ জ্ঞানৰ ওপৰত ব্যংগ নেকি? তথাপিও তাই মোক হেয় জ্ঞান নকৰিলে। বমৰ ধামকাত টুকুৰা টুকুৰ হৈ পৰা মোৰ অংগবোৰক কৃষ্ণাই সামৰি ললে।



কৃষ্ণাই বিছনাৰ পৰা  উঠি কলে,"আপোনাক এটা চমৎকাৰ দেখাও নেকি?"

বিজিত: দেখুওৱা।

কৃষ্ণাই নিজৰ পাৰ্চৰ পৰা এটা সৰু বটল উলিয়ালে আৰু ফুচ ফুচ শব্দৰে কোঠাটোত কেইটোপালমানেৰে সুগন্ধিত কৰি তুলিলে।

বিজিত: ইয়াত কি চমৎকাৰ হল?

কৃষ্ণা: আপুনি কৈছিল নহয় শতাব্দীৰ শৰীৰৰ গোন্ধই আজিও আপোনাক আমনি কৰে। এতিয়া দীঘলকৈ উশাহ টানি কওক যে তাইৰ শৰীৰৰ সুগন্ধ পাই নে মোৰ পাৰ্ফিউমৰ গোন্ধ?

মই চকু বন্ধ কৰি দীঘলকৈ উশাহ ললোঁ। আঁতৰৰ গোন্ধৰ আগত কেনেকৈ পুৰণা গোন্ধ এটা টিকিব পাৰে। চকু বন্ধ কৰোঁতেই শতাব্দীৰ নহয় , কৃষ্ণাৰ চেহেৰা  চকুৰ আগত ভাহি থাকিল।

" মই তোমাৰ লগত যি কৰিলোঁ সেয়া কেনেকৈ পাহৰি যাওঁ? ভৱিষ্যতে মই তোমাক মৰম দিব পাৰিম নে নাই তাৰো কথা নিদিওঁ।

কৃষ্ণাই মোৰ ওচৰত বহি মোৰ চকুলৈ চাই কলে," মই আপোনাৰ অৱস্থা বুজি পাইছোঁ। যি হব লগা আছিল হৈ গল  । অৱশ্যে বিয়া নকৰুৱা অন্তৰ এখন আইনাৰ দৰে যি সন্মুখত আহে তাৰেই প্ৰতিবিম্ব হৈ যায়, কিন্তু সেইয়া সলনি কৰিবও পাৰি। কিন্তু বিয়া এখন ফটোৰ দৰে যত পৰিৱৰ্তন নহয়, আমাৰ বিয়া হৈছে। বিয়া সেইটো পবিত্ৰ সম্পৰ্ক যত দেৱতা সকলক সাক্ষী কৰি গঠন কৰা হয়। এতিয়া আপুনি মোক বুজক আৰু মই আপোনাক। মই মোৰ প্ৰেমেৰে আপোনাক এনেদৰে বান্ধি পেলাম যে আপুনি কেতিয়াও শতাব্দীক মনত নেপেলাই।"

 মোৰ শৰীৰৰ টুকুৰাবোৰত পুনৰ জীৱন ঘূৰাই পাইছিলোঁ এই শব্দ কেইটাৰ পৰা। ইমান বিশ্বাস, ইমান আপোনতা কেতিয়াওঁ পোৱা নাছিলোঁ। এই শব্দবোৰে মোৰ মনত উগুল থুগুল লগালে। যদি শতাব্দী কেতিয়াবা মোৰ সন্মুখত আহে মই নিজকে ৰখাব পাৰিম নে? তাইৰ লগত কটোৱা সময়বোৰ মনত পেলাই মই কৃষ্ণাক কেনেবাকৈ বিশ্বাসঘাত নকৰো তো?

" তুমি মোক বিশ্বাস কৰিব পাৰিবা নে?"

কৃষ্ণা: সন্দেহ কৰাটো প্ৰতি গৰাকী নাৰীৰ শিৰে শিৰে আছে।সেইয়াটো হব নোৱাৰে। কিন্তু ইমান বিশ্বাস আছে যে মই নিজৰ পৰা আপোনাক কেতিয়াও দূৰ হব নিদিওঁ।"

মিচিকিয়াই ইমান সৰল ভাবে কথা কোৱাৰ গুণ প্ৰায় কম মানুহৰ থাকে। মই তাইৰ এই সৰলতাৰ প্ৰতি ইমান আকৰ্ষিত হলো যে তাইক মই সাৱটি ধৰিব খুজিলোঁ। কৃষ্ণাৰ মৰমলগা মুখখনত চুমা আঁকিব খুজিলোঁ, এক চুম্বকীয় শক্তিয়ে মোক টানি আছিল।

নিজকে চম্ভালি কলো," এই যে তুমি কোৱা আমি, আমাৰ  এনেকুৱা লাগে যেন কেৱল তুমিয়েই নহয় তোমাৰ পৰিয়ালটোও লগত আছে।"

কৃষ্ণাই খীলখিলাই হাহিলে।

" অ সকলো আমাৰ লগতেই আছে। যদি আপুনি বেয়া পায় তেন্তে মই কথা কোৱাৰ ধৰণ সলাই দিম। সৰুৰে অভ্যাস গতিকে সলাবলৈ অলপ সময় লাগিব।" এইয়া কি আছিল ? এক অজ্ঞাত অস্ত্ৰ যিয়ে মোৰ উপৰত প্ৰহাৰ কৰিলে। কেনেকৈ কোনোবা ইমান মধুৰ হব পাৰে?কেনেকৈ বিয়াৰ বাবে নিজৰ অভ্যাসলৈকে সলাই পেলাব পাৰে? কেৱল নাৰীয়ে সকলো ত্যাগ কৰাটো জৰুৰী নেকি? মই মোৰ নিজৰ সংসাৰৰ কাৰণে শতাব্দীক মনৰ পৰা উলিয়াই কৃষ্ণাক ঠাই দিব নোৱাৰো নে? এইবোৰ ভাবি চুম্বকীয় শক্তি ইমান বাঢ়িল যে মই নিজকে ৰখাব নোৱাৰিলো। মই তাইক সাৱটি ধৰিলোঁ । কোঠাত বিয়পি থকা সুগন্ধ আৰু তাইৰ কোমল শৰীৰটোৱে  মোক কব নোৱাৰা কৰিলে। তাইৰ হাত মোৰ ককালত আছিল। তাৰ বিৰোধ নকৰি মোৰ উত্তেজনা বঢ়াই দিলে। চুম্বকীয় শক্তি বাঢ়ি গল। এইয়া প্ৰথম প্ৰেমৰ অনুভৱ আছিল যি ফুলশয্যা নিষাতকৈ অধিক বেছি আছিল। ইয়াত সন্তুষ্টি আছিল, মোৰ মনত শতাব্দীৰ কোনো ধাৰণাই নাছিল।দুবাহুত মাত্ৰ কৃষ্ণা আছিল। ৰুমৰ ঠাণ্ডা তাপমানক আমাৰ শৰীৰৰ উত্ৰাপে গৰম কৰি তুলিছিল। তাইৰ বন্ধ চকুত সন্তুষ্টিৰ ভাব দেখা পাইছিলোঁ। এইয়া ধৰ্ষণ নহয় সম্পূৰ্ণ প্ৰেম।

বিয়াৰ ৮ বছৰ পাৰ হল , শতাব্দীৰ কথা এবাৰো মনলৈ অহা নাছিল। ৬ বছৰীয়া লৰা ৰিহান আমাৰ জীৱনলৈ আহিল।কৃষ্ণাই ঘৰখন ভালদৰে চম্ভালি আছিল। সৰু সৰু কাজিয়া হৈছিল কিন্তু তাৰ মাজতো ভালপোৱা লুকাই আছিল। প্ৰতিখন কাজিয়াৰ পিছত আকৰ্ষণ আৰু বেছি বাঢ়িব ললে। এইবোৰেইটো জীৱনৰ আনন্দ।



" তুমিয়েই যাব পাৰিলা হয়, মিছাতে মোক চুটি লবলগীয়া কৰালা।"বাথৰূমৰ পৰা ওলাই মূৰটো মোহাৰি বিজিতে কলে।

কৃষ্ণা: সদায় ময়েই যাওঁ, আজি আপুনি যাওক। আপোনাৰ লৰাই স্কুলত কি কাণ্ড কৰি আছে অলপ জানক।"

আজি ৰিহানৰ স্কুলৰ পি.তি. এম আছে। অধ্যাপক হোৱাৰ পাছতো আজিও স্কুলৰ শিক্ষকক লগ কৰাটোৱে মোক মোৰ স্কুলৰ ক্ৰুৰ শিক্ষক জনৰ কথা মনত পেলাই আৰু মই ভয় কৰোঁ।

 অনিচ্ছাস্বত্তেও মই ৰিহানৰ হাতত ধৰি স্কুলৰ কৰিদৰত দুৱাৰৰ নম্বৰবোৰ চাই আছিলোঁ। ৰিহান জঁপিয়াই আছে, আজি তাৰ বহুত ফুৰ্তি কিয়নো আজি তাৰ দেউতাক লগত আহিছে। ৰুম নম্বৰ ১৩৫ৰ ওচৰত মোৰ খোজ থমকি ৰল। এইটোৱেই ৰিহানৰ শ্ৰেণীকোঠা। সন্মুখত দীঘল চুলিৰ সৈতে তাৰ শিক্ষয়িত্ৰী গৰাকীয়ে ৰেজিষ্টাৰত কিবা লিখি আছে। মোৰ খোজ উভতি আহিল আৰু তেনেকুৱাতে অধ্যক্ষই মোক চিনি পায় কলে,

' ৰিহানৰ ক্লাছ ৰুম এইটোৱেই হয়, মিছ শতাব্দীৰ লগত চিনাকি হওক আমাৰ শ্ৰেষ্ঠ শিক্ষক।' 

শতাব্দী থিয় হৈ গল। তাই মোক দেখি উচপ খাই উঠিল আৰু মইও আচৰিত হলো তাইৰ উজ্জল মুখখন, কপালত ডাঙৰকৈ অঁকা ফুট যিটো তাই সদায় লগায়।

" শতাব্দী, আমাৰ চহৰৰ ভাল নাম থকা অধ্যাপক এওঁ। ধ্যান ৰাখিবা যাতে কোনো অসুবিধা নহয়।" অধ্যক্ষ গৰাকীয়ে নিৰ্দেশ দিলে আৰু গুচি গল।

শতাব্দী আৰু মই থিয় হৈ ইজনে আনজনলৈ চাই ৰলো। ৰিহানে মোৰ হাতত ধৰি টানিলে " পাপা, বাইদেউক গুড মৰ্নিং কোৱা।"

শতাব্দী: বহুত উটপতিয়া আৰু জ্ঞানী লৰা হয়, আহক বহক।

শতাব্দী চকীত বহিল আৰু সন্মুশত সৰু লৰা ছোৱালী বহা বেঞ্চত মই আৰু ৰিহান।

" কৃষ্ণাক বহুতবাৰ লগ পাইছোঁ কিন্তু গম নাপাওঁ যে তাই তোমাৰ.... মোৰ কথা কেতিয়াও মনত পৰা নাই নে?"

তাই একেথৰে মোলৈ চাই আছিল সেইবাবে মিছা মাতিব নোৱাৰি কথাটো সলাই দিয়াটো উচিত বুলি ভাবিলোঁ।

"সেই ফটোখন আৰু বিদায় মেচেজটো পায় ভাবিলোঁ তুমি আৰু...... সিদিনা তুমি মোক মতা হলে নিশ্চয় আহিলোঁ হয়। বাদ দিয়া এই পুৰণা কথা বোৰ। আজিকালি কত থাকা? বিয়া বাৰু হল নে নাই?"

কোৱা যায় যে পুৰণা কথা আৰু পুতি থোৱা মৃতদেহ খুচৰি থাকিলে দুৰ্গন্ধ ওলাই সেইবাবে মই পৰিবেশটো সহজ কৰিবলৈ চেষ্টা কৰিলোঁ।

" যিজনী ছোৱালীক তোমাৰ দৰে লৰা এজনে এৰি দিয়ে তাইক কোনে আপোন কৰে? নে এইটো কম যে তোমাৰ দৰে কাকো বিচাৰি নাপালোঁ। সেইদিনা মৰাৰ আগতে ঘৰৰ মানুহে বছালে সেইকাৰণে এতিয়া সন্মুখত বহি আছো।"

তাই এতিয়াও মোৰ চকুলৈ চাই কথা কৈ আছিল। তাই কব বিচাৰিচল যে মই প্ৰেমত তাইক ঠগিলোঁ আৰু তাই মোৰ প্ৰেমত পাগল হৈ আজিলৈকে আন কাকোয়েই পছন্দ নকৰিলে।

" ৰিহান পঢ়াত কেনেকুৱা? " মই কথাষাৰ সলাই পেলালো।

শতাব্দী: একদম তোমাৰ দৰে নুসুধিবাই আৰু। তাই ৰিহানৰ গাল খন টানি কলে।

" এতিয়া যাব লাগে , মই ইমানখিনি কৈ প্ৰায় দুৱাৰ মুখ পালোহি।

শতাব্দী: মই আজিও তোমাৰ অপেক্ষা কৰি আছো।

মই উভতি চাই দেখিলো তাইৰ চকুত চকুলো। তাইৰ চকুলোয়ে সঁচা প্ৰেম প্ৰমাণ কৰিছে। মোৰ কৃষ্ণাই কোৱা কথাষাৰ মনলৈ আহিল যে এইয়া অসহায় নাৰীৰ অস্ত্ৰ। পলম নকৰাকৈ মই কলো, " ' শতাব্দী , ৰিহান মোৰ দৰে নহয় কৃষ্ণাৰ দৰে হল। মইতো কেতিয়াও প্ৰত্যুত্তৰ দিয়াই নাছিলোঁ । ইমান বুজি পোৱা হলে আজি তোমাৰ লগত থাকিলোঁ হয় কৃষ্ণাৰ লগত নহয়।"

কথাখিনি কৈ মই ৰুমৰ পৰা ওলাই আহিলোঁ, মই উলটি ছোৱাতো উচিত নাভাবিলো। জ্ঞানীৰ বাবে ইংগিতেই যথেষ্ট। মই কোৱা কথাষাৰ হয়তো তাইও বুজি পালে।



দেউতাই কোৱা কথা এষাৰ মোৰ মনলৈ আহিল- " সেইজনী ছোৱালী তোৰ যোগ্য নহয় আৰু প্ৰেমৰ কি আছে সেয়া বিয়াৰ পাছত হৈ যাব। আজি নিজে দেউতাক হৈ বুজি পাইছোঁ যে কোনো পিতৃয়ে সন্তানৰ বেয়াটো চিন্তা নকৰে। সন্তানৰ উন্নত জীৱনৰ বাবে নিৰন্তৰ চেষ্টা কৰে। যিজন দেউতাক সেই সময়ত মোৰ দোষী বুলি ভাবিছিলোঁ আজি তেওঁ কোৱা প্ৰতিতো শব্দ শুদ্ধ যেন লাগিল।

ঘৰ পাই দেখিলোঁ কৃষ্ণাই কাপোৰ জাপি আলমাৰিত ভৰাই আছে।

" ৰিহানৰ শিক্ষক কোন জানা নে?"

কৃষ্ণা : অ, শতাব্দী বাইদেউ হয় ন। তাই কাপোৰ জপাতেই মন দি আছিল।

বিজিত: সেইয়া আন কোনো নহয় , সেইজনী শতাব্দীয়েই হয়।কৃষ্ণা : গম পাওঁ , সেইজনি আপোনাৰ শতাব্দী।এইবাৰ তাই মোৰ চকুলৈ চাই কলে।

বিজিত: তথাপিও তুমি মোক স্কুললৈ পঠিয়াই দিলা। তোমাৰ ভয় লগা নাছিল?

কৃষ্ণা: ভয় কিয় কৰিব লাগে? তাই হাঁহি মাৰি কলে।

বিজিত: তাই আজিও মোৰ অপেক্ষা কৰি আছে। মই তাইৰ কথাত ভোল যোৱা হলে?

কৃষ্ণা: প্ৰথম প্ৰেম হয় , সহজতে আঁতৰি যাব পাৰিব নেকি? শতাব্দীয়ে আজিও তোমাক ভাল পায়, মই তাইৰ চকুত সেই ভালপোৱা দেখিছোঁ। বহুত ভাল ছোৱালী হয় তাই। কিন্তু আজিও যদি তাইক আপুনি লগ নাপালে হয় তাই নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰিলে হয়। আজি আপুনি উভতি যোৱাৰ বাবে তাই হয়তো অনুভৱ কৰিলে যে এতিয়া তাইও সংসাৰ কৰিব লাগে।"

বিজিত: এইবোৰ ঠিক আছে বাৰু । মানি লোৱা যদি মই তাইৰ চকুলো দেখি গলি যোৱা হলে আৰু তোমাক এৰি তাইক....."

মই কিবা কোৱাৰ আগতে তাই মোৰ কাষলৈ আহি মোৰ মুখত হাত থৈ আগৰ শব্দ বোৰ কোৱাত বাধা দিলে।মোৰ দুবাহুত হাত থৈ কাণৰ ওচৰত ফুচফুচাই কলে," মই সেইখন দেশৰ নাৰী হয় যত সাৱিত্ৰীৰ দৰে স্ত্ৰী জন্ম হৈছে। তেওঁ জমৰজাৰ পৰাও নিজৰ স্বামীক উভতাই আনিছিল। এইজনীটো তথাপিও....."

শব্দবোৰ আধৰুৱা হৈ ৰল আৰু মায়ে মাত লগালে," কৃষ্ণা কত মৰিলি?"

কৃষ্ণাই চিঞৰি কলে," মা , মৰা নাই আহিছোঁ।" আকৌ মোৰ কাণৰ ওচৰত আহি কলে ,' মই মাৰি পেলোৱা বিধৰ হয় ,মৰি যোৱা বিধৰ নহয়।'

তাই মাৰ ওচৰলৈ দৌৰি গল। মই বিছনাত বহি পৰিলোঁ।  চকু বন্ধ কৰিলোঁ যেতিয়া দুয়োৰে চেহেৰা সন্মুখত আছিল।।

এফালে সেমেকা চকুৰে শতাব্দী আৰু আনফালে আত্মবিশ্বাসৰ সৈতে কৃষ্ণা মোৰ পত্নী , যিয়ে মোৰ প্ৰথম প্ৰেমক হৰোৱালে।

ৰিহান মোৰ বুকুত আহি বহিল,'পাপা , কৰবাত ফুৰাবলৈ লৈ যাবা বলানা'

কৃষ্ণাই ৰুমত সোমাই কলে,"এৰি নিদিবা মান্তি নোহোৱালৈকে।"

হাঁহি ধেমালিৰে গোটেই ৰূমটো গুজৰী উঠিল।

এনেকুৱা সুখৰ জীৱন এটা মই শতাব্দীৰ লগত কটাব পাৰিলোঁ হেতেন নে?


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages