ৰাতি ১২বাজিছিল। ঘৰৰ আনসকলে খায় বৈ শুবলৈ গৈছিল। কিন্তু চিত্ৰলেখাৰ চকুত টুপনি কত? মনৰ অস্থিৰতাৰ বাবে চিত্রলেখাই এবাৰ বাৰাণ্ডাত এবাৰ ডাইনিং ৰূমত আহি বহিছেহি( Storyboard )। কিন্তু তাইৰ চকু ঘড়ীটো ফালে আৰু কাণ দুখন দুৱাৰৰ বেলৰ ফালে আছিল। এপলক চিত্রলেখাই ভাৱিও যদি লৈছিল যে, এঞ্জেল এতিয়া সৰু হৈ থকা নাই, তাই এতিয়া ডাঙৰ হল, এঞ্জেলে এতিয়া নিজৰ কথা নিজে চিন্তা কৰিবলৈ পাৰে। আৰু কিছু সময়তে বাতৰি কাকতত, নিউজত পোৱা বাতৰিয়ে চিত্রলেখাৰ মনটো কপিঁ উঠিছিল। দিনবোৰ বৰ বেয়া হল, লৰা হওক বা ছোৱালী, কোনোৱে কতো সুৰক্ষিত নহয়। ডাঙৰ ঠাই বা সৰু ঠাই যিয়ে নহওক, দুৰ্ঘটনা সকলোৰে লগত ঘটিব পাৰে। এই কথাবোৰ ভাৱি ভাৱিয়েই চিত্রলেখাৰ চকীতে চকু জাপ খায় গল।
কোনোবা অহা গম পায় তাই লৰালৰিকৈ সাৰ পালে, কিন্তু কোনো নাছিল। চিত্ৰলেখাই মনটোক স্থিৰ কৰিলে। টুপনি যাব নোৱাঁৰিম! এঞ্জেল নিজৰ অফিচৰ পাৰ্টি এটালৈ গৈছিল। আনদিনা এঞ্জেলৰ ইমান পলম নহয়, কিন্তু আজি অলপ বেছিকৈয়ে পলম হৈছিল। আনফালে চিত্ৰলেখাৰ চিন্তাও বাঢ়ি গৈছিল। বহু বাৰ ফোন কৰিছিল। কিন্তু মাৰ হৃদয়, ফোনত মাতষাৰ শুনি নহয়, নিজৰ সন্তানক ভালে কুশলে নিজৰ দৃষ্টিৰে দেখা পালে হে শান্তি হয়। এয়া বিচাৰ কৰি থাকোতে চিত্ৰলেখা যেন, অতীতলৈ সুমাই গল। কলেজৰ বন্ধু বান্ধৱীৰ লগত ফুৰা, তাইটো এনেদৰে বহুবাৰ পলম কৰিছিল। সেই সময়ত কেৱল ৰাতি নহয়, সন্ধ্যা ৭,৮বাজিছিল। কেনেদৰে তেতিয়া চিত্ৰলেখাৰ মাক চিন্তিত হৈ পৰিছিল। সেই সময়টো কোনো মোবাইল নামৰ বস্তুৱে নাছিল। মাকে বহুবাৰ চিত্ৰলেখাক খং কৰিছিল, বুজাইছিল। কিন্তু সেই সময়ত খং কৰা আৰু বুজোৱাটো, কিমান যে বেয়া পাইছিল চিত্ৰলেখাই। বহু বাৰ খংতে চিত্ৰলেখাই ভাত খোৱা নাছিল। আৰু কেতিয়াবা চিত্ৰলেখাই মাকক কৈছিল যে, ভাইটিক কোনেও একো নকয়, সি ৰাতি ১০বজালেও ঘূৰি ফুৰিলে। সকলোৱে ভাইটিকে ভাল পায়। মোক কোনেও ভাল নাপায়! সি লৰা হয় যে। আৰু বহুতো।( Storyboard )
কিন্তু চিত্ৰলেখাই এইবোৰ কোৱাত মাকৰ ওপৰত কোনো প্ৰভাৱ নপৰিল। চিত্ৰলেখাৰ বিয়া পাছটো বা এঞ্জেল ডাঙৰ হোৱা পাচটো, এতিয়া এই যেতিয়া চিত্ৰলেখা কৰবালৈ যায়, তেতিয়া চিত্ৰলেখাৰ মাকে ফোন কৰি তাইৰ খবৰ খাটি লৈ থাকে। বহুবাৰ চিত্ৰলেখাই হাঁহি হাঁহি মাকক কয় যে, এতিয়া হব আৰু, এতিয়াটো মই এজনী ছোৱালীৰ মাক হলো। এতিয়াটো মোৰ বাবে চিন্তা কৰিবলৈ এৰি দিয়া। কিন্তু চিত্ৰলেখাৰ মাকে তাইৰ কথা শুনিলেনে! কোনো এটা দিন চিত্ৰলেখাৰ মাকে তাইৰ বাবে চিন্তা নকৰাকৈ শুব পাৰিল নে! নিশ্চয় কেতিয়াও নোৱাৰে। পুৰণি ভাৱনাত থকা চিত্ৰলেখাৰ দুচকু ভৰি আহিল। জীৱনৰ দীঘলীয়া সময়চোৱাত কেতিয়াবা চিত্ৰলেখাৰ মাকৰ চিন্তাৰ অনুভৱ হল নে? ইমান বছৰে তাই এনেদৰে ভাবিছিল যে, তাইক কোনেও ভাল নাপায়। সকলোৱে বাধা দিয়ে আৰু স্বাধীনতা কাঢ়ি লৈছে বুলি।। কিন্তু আজি চিত্ৰলেখাৰ মাকৰ পৰিস্থিতিৰ কথা জ্ঞান হল। সেই পৰিস্থিতি সময়ে নিজে আনি দিছে! আজি চিত্ৰলেখা সিমানেই চিন্তিত আছিল, কেতিয়াবা যি সময়ত তাইৰ মাক আছিল। সেই সময়টো চিত্ৰলেখাৰ মাকে ঘড়ী ফালে বাৰে বাৰে চাই ৰৈছিল, আৰু আজিও মাকে ঘড়ীটোলৈ বাৰে বাৰে চাই ৰৈছে।
পুনৰ চিত্ৰলেখাৰ চকুৱেদি দুধাৰি বৈ আহিল। তাইৰ অন্তৰখন কপিঁ উঠিল। সেই সময়ত চিত্ৰলেখাৰ ফোন কৰি মাকৰ লগত কথা পাতিবলৈ মন গল কিন্তু ঘড়ীটোলৈ চাই দেখা পালে যে নিশা ডেৰ বাজিছিল। তেতিয়া সকলোতে মাজনিশা হৈছিল। কেৱল সেই এগৰাকী মাকে সাৰ পাই আছিল, যি তাইৰ বাবে প্ৰতি মূহুর্ত্ব চিন্তিত কৰি তুলিছিল। চিত্ৰলেখাই বুজিছিল যে, কথা কেৱল সন্তানৰ ওপৰত বিশ্বাস কৰিলেই নহব, কথাটো হৈছে মাকৰ কোমল আৰু মমতাময়ী অন্তৰৰ হয়। যিয়ে, সময়, বয়স আৰু ঠাই নাচায়। চাই কেৱল নিজৰ সন্তানৰ সুখ আৰু সাৱধানতা। এইবোৰ ভাৱি ভাৱিয়ে চিত্ৰলেখাই পুনৰ এবাৰ ফোন লগালে এঞ্জেল'লে। ফোন ৰিং হোৱাত, এঞ্জেলে ফোন ৰিচিভ কৰি কলে, হেল্ল মা, তুমি চিন্তা নকৰিবা, মই গৈ আছো আৰু আধা ঘন্টাৰ পাচতে। নতুন ভাৱনাৰ লগত পুনৰ চিত্ৰলেখাই দুৱাৰ ফালে চাই ৰল।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment