বগা চাদৰ মেখেলা পিন্ধাই জ্যোতিৰ মাকে তাইক ভিতৰলৈ লৈ আহে। চকুলোৰে সৈতে জ্যোতিক দুৱাৰমুখত থিয় কৰি তাইৰ সৰু ভণ্টিক মাত লগাইচে( Storyboard )। সৰু, আৰতিৰ থালখন লৈ আহ মোৰ ঘৰৰ লক্ষ্মী আহিছে। ঘৰৰ সকলো অতিথি জ্যোতিৰ আশে পাশে জমা হৈ গল। মায়ে জ্যোতিক আদৰি ৰুমলৈ লৈ গল।জ্যোতিৰ বগা সাজ যোৰ খুলি দলিয়াই দিলে আৰু তাইক ৰঙীন চাদৰ মেখেলা এযোৰ পিন্ধালে। তাৰ পাছত জ্যোতিক মাকে শুৱাবলৈ চেষ্টা কৰিলে। কিন্তু জ্যোতিৰ চকুত টোপনি নাছিল। তাইৰ চকুত সেই ভয়ানক ঘটনাটোৱে তাণ্ডৱ নৃত্য কৰি আছিল। কাণত কুলক্ষণী শব্দতো ভাঁহি আহিছিল। ইয়াতো আলহীবোৰে সমালোচনা কৰিব ধৰিলে আৰু তাইৰ মাকে নিজকে অপৰাধী বুলি মানি ললে।
এটা দিনৰ পূৰ্বে -
আজি জ্যোতিৰ বিয়াৰ দিন। মাহ হালধি সনা পৰ্ব আৰম্ভ হল, দুইজনী বাই ভনীয়ে ইজোৰৰ পিছত সিজোৰ কাপোৰ সলাই ফুৰ্তি কৰি আছে। ৰাতিপুৱা ৰাতুলৰ সম্পৰ্কীয় ভায়েক এজন আহি দুৱাৰত মাত লগাইছে। দেউতাকে দুৱাৰ খুলি মাকক মাত লগালে,' চোৱাচোন জ্যোতিৰ শহুৰৰ ঘৰৰ পৰা কোনোবা আহিছে আৰু কিছুমান বস্তু আনিছে সোনকালে আহা।'
মাকে ওলাই আহি তেওঁক ভিতৰলৈ মাতে কিন্তু তেওঁ কয় যে,' নাই ,সময় বহুত কম আছে। খুৰীয়ে কৈছে এইজোৰ সাজেৰে কইনা বিদায় হব লাগিব আৰু হালধীয়া চাদৰ মেখেলা যোৰ বিদায়ৰ সময়ত গাড়ীত পাৰি দিয়া হব। এইজোৰ লওক আৰু মোক যাবলৈ অনুমতি দিয়ক।' তেওঁ গুচি গল।
মাক জ্যোতিৰ ওচৰলৈ আহিলে আৰু কাপোৰযোৰ দেখুৱাই কলে,' ব'লা মাহ হালধি সানিবলৈ সকলোৱে তোমাৰ বাবে ৰৈ আছে।' হয় গৈছোঁ বুলি কৈ তাই অলপ পিছত তললৈ আহিল। সময় ইমান সোনকালে পাৰ হৈছিল যেন সময়ৰ পাখিহে গজিছিল। অলপ পাছত দেউতাক আহি কলে,' গাড়ীবোৰ আহিল, সোনকালে বিবাহ ভৱন যাওঁ ব'লা।'
সকলো লোক ভৱনত উপস্থিত হল। সন্ধিয়া হোৱালৈ বিউটি পাৰ্লাৰৰ বাইদেউ গৰাকী আহিল আৰু তেওঁৰ সহায়িকা গৰাকীক কলে,' যোৱা তোমালোকে দুইজনী বাই ভনিক সজাই দিয়া। মই জ্যোতিৰ মাকৰ কাপোৰ পিন্ধা হোৱাৰ পাছত জ্যোতিক সজাই দিম। প্ৰায় এঘণ্টা পাছত দৰা আহিল। সকলো পৰিয়ালৰ ছোৱালীবোৰ দৰাক চাবলৈ দৌৰ মাৰিলে। পাৰ্লাৰৰ বাইদেৱে কলে,' ৰ'বা মইও দৰা চাই আহোঁ। ' তেওঁ ঘূৰি আহি কলে,' দৰাজন বহুত ধুনীয়া। জ্যোতিয়ে নিজৰ ভাগ্য লৈ গৰ্ব কৰিলে। মাক আহি কলে, জ্যোতি দৰা আহি পালে। সোনকালে কৰক হুমৰ বিধি সমাপ্ত কৰিব লাগে। বিদায়ৰ শুভ সময় ৰাতিপুৱা ৫ বাজি ১ মিনিটো বাঢ়িব নালাগে। সকলোৱে তেওঁক মালিকণি বুলি মাতিছিল।
সাধাৰণ ৰঙৰ চাদৰ মেখেলা, হাত ভৰাই খাৰু আৰু ডাঙৰ মাতেৰে মালিকণীৰ দৰে লাগিছিল। তেতিয়াই তেওঁ পাৰ্লাৰৰ বাইদেও গৰাকীক পইচা দি কলে সোনকালে কৰা অলপ পাছত হুমৰ সময় আৰম্ভ হব। সুস্মিতাই জ্যোতিক বিচাৰি তাইৰ ওচৰলৈ আহে। হাঁহি ধেমালিৰে নিয়মবোৰ পাৰ হল। অলপ সময় পাছত মাক আহি জ্যোতিক কয়,' মাজনী কাপোৰযোৰ সলাই হালধীয়া চাদৰ মেখেলা পিন্ধি লোৱা আৰু সোনকালে কৰা তোমাৰ শাহুমাৰ আদেশ সকলো কাম সময়মতে হব লাগে। বিয়াৰ সকলো নীতি নিয়ম সম্পূৰ্ণ হল। যেতিয়াই ঘড়িত ৪ বাজিল ৰাতুলৰ মাকৰ মাততো আৰু টান হল তেওঁ কলে,' পণ্ডিতে আকৌ এবাৰ শুভ ক্ষণ উলিয়াব নিকী?'
অলপ সময় পাছত সকলো ঠিক কৰা সময়তে বিয়াৰ সকলো ৰীতি নীতি সম্পন্ন হয়। ঠিক ৫ বজাত জ্যোতিৰ বিদায় হল। ৰাতুলৰ মাকে জ্যোতিৰ দেউতাকৰ ওচৰত আহি কলে,' ককাইদেউ, আপুনি উদাস নহব। জ্যোতিলৈ মনত পৰিলে তাইক গৈ লৈ আনিব। তাই কোনো কষ্ট নাপায়। সুস্মিতা যেনেকৈ মোৰ ছোৱালী জ্যোতিও মোৰ ছোৱালী।যিহেতু মৰল মাহ পৰিকে সেয়ে আপুনি আঠ মংগলাৰ দিন ঠিক কৰি খবৰ দিব এতিয়া আমাক অনুমতি দিয়ক।
ঘৰৰ সকলোৱে জ্যোতি গুচি যোৱাৰ বাবে দুখী আছিল কিন্তু তাইৰ শহুৰৰ ঘৰৰ মানুহ ভাল বাবে তেওঁলোক সুখী হৈছিল। জ্যোতিৰ মাকে দেউতাকক কলে,' এজনী ছোৱালীৰ বিয়া শান্তিৰে হৈ গল এতিয়া আমি গঙ্গা স্নানৰ বাবে যাম। শহুৰৰ ঘৰ ওচৰতেই হোৱা বাবে জ্যোতি ১ ঘণ্টাৰ ভিতৰত গৈ পালে। স্বাগতৰ বাবে আগৰ পৰাই বাজনা বাজি আছিল। ওচৰ চুবুৰীয়াই জুমি জুমি চাই আছিল। ৰাতুলৰ আইতাকে তাইক আদৰণী জনাই আনিলে।
ভিতৰৰ দৃশ্য চাবলগীয়া আছিল। জ্যোতিক মাটিত ভৰি থবলৈ দিয়া নাচিল। বাহিৰৰ পৰা তাইৰ কোঠালৈকে গোটেই ফুল ছটিয়াই থোৱা হৈছিল। ফুলত ভৰি পেলাই জ্যোতিয়ে ৰূমলৈকে গল। নিজৰ ৰুমৰ সাজ সজ্জা দেখি তাই আচৰিত হৈ গল। অলপ সময় পাছত তাইৰ শাহুয়েক আহি কলে,' এতিয়া এইখন তোমাৰ ঘৰ। আজিৰে পৰা এই ঘৰৰ মান মৰ্য্যদাৰ প্ৰতি চকু ৰখা তোমাৰ দায়িত্ব। ঠিক আছে এতিয়া তুমি গা ধুই অলপ আৰাম কৰি লোৱা । দুপৰীয়াৰ পৰা কিছূমান নিয়ম হব তেতিয়া তুমি আৰাম কৰিবলৈ সময় নাপাবা। আকৌ অহাকালি ৰাতি ৰিছেপচন আছে। তোমাৰ কাপোৰ জোৰ সম্পূৰ্ন প্ৰস্তুত হৈ আহিল। ৰাতুল আহি কাপোৰযোৰ তোমাক দি যাব মই তোমাৰ কাৰণে চাহ পঠিয়াইছোঁ ৰবা। অলপ পাছত ৰাতুলে কাপোৰ আৰু চাহ লৈ আনিলে আৰু দুয়ো একেলগে বহি চাহ খালে। ৰাতুলে কলে ,' জ্যোতি তুমি ঘৰলৈ ফুন কৰি লোৱা, মই যাওঁ। বহুত কাম বাকী আছে। সকলো পৰিয়ালৰ আলহীৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিব আছে আৰু কাইলৈৰ অনুষ্ঠানটোৰ প্ৰস্তুতিবোৰ চাব আছে। ঠিক আছে ৰাতি লগ পাম। '
জ্যোতিয়ে মাকক ফোন লগাই এইখন ঘৰৰ সকলো কথা কলে। নিজৰ ছোৱালীজনীৰ সুখ দেখি মাকে কান্দি পেলালে। ভগৱানক শ শ ধণ্যবাদ জ্ঞাপন কৰে।
জ্যোতিয়ে গা ধুই আহি দেখে তাইৰ ননদ সুস্মিতা ব্ৰেকফাষ্ট আনি বহি আছে। তাই যাওঁতে কয়,' বৌ, খাই লয় অলপ আৰাম কৰি লব আৰু দুপৰীয়ালৈ ৰেডি হৈ থাকিব। কোনযোৰ কাপোৰ পিন্ধিব লাগিব সেয়া মায়ে কব। মই যাওঁ মোৰো কাপোৰবোৰ ৰেডি কৰিব আছে। দাদাক পঠিয়াই দিওঁ নিকী?' বুলি জোকাই তাই ওলাই গল। বাইদেউ এইটো বস্তু কত, সেইটো কত আছে বুলি গোটেই ঘৰটো গুজৰী আছিল। ইয়াৰ পৰা বুজিব পাৰি যে মাকে সকলো দায়িত্ব কিমান ভালদৰে লৈছে। দুপৰিয়াৰ নিয়ম শেষ হোৱাৰ পাছত সুস্মিতাই খাবলৈ আনি জ্যোতিক দিয়ে,' বৌ খাই লয় আৰু আৰাম কৰি লব, মায়ে কৈছে সন্ধিয়া আৰু নিয়ম বাকী আছে।' জ্যোতিয়ে আহাৰ গ্ৰহণ কৰি অলপ সময় শুই পৰে।ইফালে শাহুৰ মাততো আকৌ গুজৰী উঠিল,' ভাইটি, এই ৰিতাজনী এতিয়ালৈ কিয় অহা নাই? ইমানবোৰ মানুহৰ আহাৰ প্ৰস্তুত কৰিবলৈ ৰাতি হৈ যাব। ৰাতুল , ৰিতাক মাতিবলৈ কাৰোবাক পঠিয়াই দিয়া আৰু যেতিয়ালৈকে তাই আহি নাপায় হ'লত লাগি থকা গেছটো বাহিৰৰ পেণ্ডেলত ৰখাৰ ব্যৱস্থা কৰা।'
বাইদেউৱে গেছটো বাহিৰলৈ এইকাৰনেই নিব কৈছে কাৰণ ঘৰৰ ভিতৰত তেওঁলোকে আমিষ আহাৰ প্ৰস্তুত নকৰে। জ্যোতিৰ স্বামীৰ ঘৰত বিয়াৰ পিছদিনা মাছ ৰন্ধটো শুভ বুলি মানে। ৰিটাই ঘৰত ভাত বনুৱাৰ কাম কৰে। ঘৰত বহুত কেইজন লগোৱা আছে কিন্তু ভাত ৰন্ধা কাম তাইৰ। শাহুমা ভোৰভোৰাই আহি কয়,' ৰিটাইতো সময়মতে আহি যায় । কিয় জানো মোৰ তাইৰ বাহিৰে বেলগক পাকঘৰত সোমাব দিব ভাল নালাগে। মোৰ পাকঘৰ তাইৰ বাহিৰে কোনেও চম্ভালিব নোৱাৰে। এই কাপুৰবোৰ লোৱা। অলপ পাছত নিয়ম আৰম্ভ হব মানুহ আহিব ধৰিছে। তুমি ৰেডি হোৱা, মই সুস্মিতাক পঠিয়াইছোঁ কিবা দৰ্কাৰ হলে তাইক কবা।' তেতিয়াই এজন মানুহ দৌৰি আহি কয়,' বাইদেউ মাছ আহি পালে এতিয়া কি কৰিব লাগিব?'
শাহু,' ঠিক আছে মই গৈছোঁ,ৰীতা আহিল নে নাই? তাই নাথাকিলে মোৰ মগজুৱে কাম কৰা বন্ধ হৈ যায়।'
ৰাতুলে কলে,' আহি আছে চাগৈ, ভাইটি আনিব গৈছে। তেতিয়ালৈকে আলহীৰ চাহৰ ব্যৱস্থা কৰি দিওঁ।'
সুস্মিতাই কলে,ঢোল পেঁপা কত আছে? নিৰু খুৰীয়ে বিচাৰিছে।'
বাইদেউ:' প্ৰথম মহলাৰ দ্বিতীয় ৰুমত আছে কাৰোবাক পঠাই আনি লোৱা।'
নিৰু খুৰীয়ে কলে,' বাইদেউ ইয়াত পইছাতো থওক আৰু ঢোল পেঁপা আনি নিয়ম কৰি গান আৰম্ভ কৰিব লাগে।'
শাহু,: থিক আছে আহিছোঁ ৰবা।'
নিৰু খুৰী শাহুয়েকৰ জাক আছিল। সময় পাৰ হোৱাৰ লগে লগে শাহুমাকৰ মাততো ডাঙৰ হব ধৰিলে।
" ৰাতুল, সুস্মিতাক কোৱা যদি জ্যোতি ৰেডি হৈ গল তেন্তে তাইক লৈ আনিবলৈ।"
ঠিকা আছে মা বুলি কৈ ৰাতুলে ৰুমলৈ বুলি খোজ ললে।
তেনেকুৱাতে ৰীতা আহি পাই আৰু টাইক দেখি শাহুয়েকে চিঞৰিব ধৰে,' কি হল ৰীতা? তইতো গম পাৱ বিয়াৰ ঘৰ আৰু তই নাইকিয়া হৈ গলি। মই তোক কৈছিলোঁ পৰিয়াল লৈ ইয়াতে থাক কিন্তু তই কথাই নুশুন। তোৰ ছোৱালিজনীক লৈ নানিলি কিয়?
" বাইদেউ তাইৰ বহুত জ্বৰ আৰু লৰাটোৰ ওচৰত তাইক থৈ আহিছোঁ।" কথাখিনি শুনি শাহুয়েক অলপ শান্ত হল।
" আৰু ক, তই কিয় নকলি?কাৰোবাক পঠিয়াই সিহঁতক লৈ আনো ৰ। এতিয়া যা ভাত ৰান্ধ গৈ। প্ৰথমে ভাত ৰান্ধিবি আৰু পাছত আহি মোৰ বোৱাৰীক চাই যাবি। মই তোৰ কামত সহায় কৰিম।'
হলত ঢোল পেঁপাৰ শব্দ শুনা গল। সুস্মিতা দৌৰি দৌৰি জ্যোতিৰ ৰুম পালেগৈ,' বৌ ব'লা,মায়ে তললৈ মাতিছে।'সুস্মিতাই জ্যোতিক লৈ তললৈ আহিলে। জ্যোতিক দেখি সকলোৱে চকু থৰ কৰিলে। অলপ সময়ৰ বাবে নিৰু খুৰীৰ হাত ৰৈ গল, শান্ত হৈ পৰিল সকলো। জ্যোতি সাজি কাঁচি গোটেইজনী অপ্সৰা যেন লাগিছিল। ৰাতুলে দুষ্ট ছাৱনীৰে জ্যোতিলে চাই হাঁহি দিলে। জ্যোতিয়েও মিচিকিয়াই হাঁহিলে। শাহুয়েকে আধাদূৰ গৈ জ্যোতিক তললৈ নমাই আনিলে। শাহুয়েকে তাইৰ আঙুলিত সোণৰ আঙুঠি পিন্ধোৱাই নিয়ম আৰম্ভ কৰিলে আৰু আইতাকে সোণৰ চেইন পিন্ধাই বংশৰ লক্ষ্মী বোৱাৰী বুলি কলে। বাইদেউৱে কলে,' নিৰু বাইদেউ ,আগলৈ আপুনি চাব মই খোৱাৰ যোগাৰ কৰোঁ। আৰু সুস্মিতা তুমি বৌৰ লগত থাকিবা।' কথাখিনি কৈ তেওঁ বাহিৰত থকা পেণ্ডেললৈ খুব জোৰেৰে খোজ ললে। ৰিটাই আহি কলে,' খাদ্য প্ৰস্তুত হল। আতা গুলি আছোঁ। মই ৰুটি বনাম এতিয়া।'
'ঠিক আছে প্ৰথমে কইনাক চাই আহগৈ, তেতিয়ালৈকে বাকী কামবোৰ বেলেগে চাব।'( Storyboard )
" ভাইটি মিঠাইৰ পেকেটবোৰ লৈ আন , আলহিবোৰ ঘূৰি যাওঁতে আইতাই নিজ হাতেৰে দিব।" ঠিক আছে খুৰী বুলি কৈ সি স্ত'ৰ ৰুমৰফালে গল। ঢোল পেঁপাৰ শব্দ গোটেই চুবুৰীটোত শুনা গৈছিল। শাহুমাকৰ ফুৰ্তিৰ ঠিকনা নাচিল। তেতিয়া ৰীতা আহি কলে," বাইদেউ আহাৰ প্ৰস্তুত হল। যেতিয়াই অনুষ্ঠান শেষ হব মোক কব গৰম গৰম ৰুটি বনাব আৰম্ভ কৰিম। বাজনাৰ তালে তালে সুস্মিতা আৰু তাইৰ লগৰবোৰে নাচিব ললে। কিছু সময় পাছত সকলো শেষ হল আৰু সকলোৱে জ্যোতিক আশীৰ্বাদ দিলে। আইতাই সকলোকে মিঠাইৰ টোপোলা দিলে। সকলো যোৱাৰ পাছত শাহুয়েকে ৰিতাক কলে,' ৰুটি বনোৱা আৰম্ভ কৰ আৰু সুস্মিতা তুমি বৌক গৈ খাবলৈ দি আহিবা।' ঠিক আছে বুলি কৈ তাই জ্যোতিৰ ৰুমলৈ গল আৰু ৰিটাই ৰুটি বনাব ললে। ৰাতুল আৰু ভাইটিয়ে মিলি সকলোৰে খোৱাৰ ব্যৱস্থা কৰিলে। ৰাতুলৰ মাকে কলে," ৰাতুল, এইবোৰ বাদ দিয়া আৰু সকলোৰে লগত বহাগৈ। কাম কৰা মানুহবোৰ মৰিল নিকী? তুমি গৈ নৃপেন বৰ্ত্তাৰ ওচৰত বহাগৈ ,তেওঁ ঘৰলৈগুচি যাবগৈ।'
বাইদেউৱে ৰিতাৰ ওচৰত আহি কলে,' তই ঘৰৰ কাৰণে খোৱা বস্তু অলপ উলিয়াই দে মই কাৰোবাৰ হতুৱা দি পঠিয়াম আৰু তোৰ ছোৱালীজনীক লৈ আহিব কম। আৰু তই ৰাতিপুৱা যাবি এতিয়া বহুত ৰাতি হল।"
ৰাতুলে গৈ নৃপেন ডাঙৰীয়াৰ লগত বহিলগৈ। সুস্মিতাই জ্যোতিক কয়,'আপুনি কাপোৰ পিছত সলাব। বলক চাদৰ ওপৰত গৈ আপোনাক ঘৰৰ সাজ সজ্জা আৰু লাইটিং দেখুৱাম। উপৰৰ পৰাটো বহুত ধুনীয়া দেখি কিন্তু লাইটবোৰ দেখিলে আপুনি চায়ে থাকিব। জ্যোতি সুস্মিতাৰ লগত চাদৰ ওপৰলৈ গুচি যায়। ওপৰৰ পৰা বাহীৰৰ পেণ্ডেলটো বহুত ধুনীয়া লাগিছিল আৰু তাইৰ মুখেৰে ৱাহ! বুলি ওলাই পৰিল। সুস্মিতাই কলে," আমাৰ আগফালৰ চোতালখন বহুত ডাঙৰ, মা আৰু দাদাই ৰাতিপুৱা ইয়াতেই চাহ খাই। জ্যোতিৰ দুচকুৱে ৰাতুলক বিচাৰিব ধৰিলে। ৰাতুলে বহি লৈ কাৰোবাৰ লগত কথা পাতি আছে। শাহুয়েকেৰ দায়িত্ব আছিল যে কাৰো খাতিৰদাড়ি কৰাত কিবা কম হব নালাগে, যাৰ কাৰণে তেওঁ ইফালৰ পৰা সিফালে ঘূৰি আছিল। তেওঁ কাম কৰা মানুহক কৈছে," ৰীতা জিমান ৰুটি বনাই হল সিমান পঠিয়াই দে।
" কথাটো কৈ তেওঁ মানুহক খাবলৈ মাতি আনিলে। ইফালে ৰিটাই টিফিনত খাবলৈ ভৰাই থাকোতেই তাইৰ আচলটো গৈ গেছৰ চুলাটোৰ জুইত লাগিলগৈ।
তেতিয়াই শাহুয়েকে জোৰেৰে চিঞৰিলে," ৰীতা তোৰ কাপোৰত জুই লাগিলে তোৰ মন কত আছে? ইফালৰ পৰা ৰাতুল আৰু ভাইটি দৌৰি আহিল আৰু শাৰীত লগা জুই তাই অনুভৱ কৰিলে। তাই ইফালৰ পৰা সিফালে দৌৰিব ধৰিলে। ৰাতুলে তাইৰ শাৰীখন ফালি দলিয়াই দিলে আৰু শাৰীখন গৈ পেণ্ডেলত লাগিল।
পেণ্ডেলত জুই লগাৰ পাছত চৰ্ত চাৰ্কিত হল। গোটেই ঘৰ আন্ধাৰ হৈ পৰে। জ্যোতিক চাদৰ ওপৰত এৰি সুস্মিতা তললৈ দৌৰি আহিল। এইবোৰ দেখি জ্যোতিয়ে থত মত খালে। তাই যেনেতেনে আন্ধাৰৰ মাজেৰে তললৈ নামিবলৈ চেষ্টা কৰিলে। পেণ্ডেলত জুই লগাৰ পিছতেই হোৱা দুৱা লাগিল। ৰাতুলে মাকৰ ওচৰলৈ আহিল মাকৰ কিবা হোৱা বুলি ভয় কৰি। তেতিয়াই তাৰ ভৰিটো কিবা বস্তুত উজত খাই সি মূৰত দুখ পালে। সি চিঞৰ মাৰি উঠিল মা বুলি কৈ। ৰাতুলক জুইৰ পোহৰত তললৈ পৰি যোৱা দেখা পোৱা গল। তাৰ মাক তাৰফালে দৌৰিলে আৰু মানুহবোৰে জুই নুমোৱাব চেষ্টা কৰিলে।
হঠাৎ ৰাতুলৰ মূৰৰ শিৰবোৰ কুচখাই আহে। হাত ভৰিবোৰ টান হব ধৰিলে। তাৰ মুখৰ পৰা ফেন ওলাব ধৰিলে। মাকে চিঞৰিলে," ভাইটি সোনকালে যা ৰাতোলৰ আকৌ মিৰগীৰ বেমাৰটো উকাইছে। যেতিয়ালৈকে কিবা বুজি উঠিব তেতিয়ালৈকে সকলো শেষ হৈ পৰিছিল। মাকে ডাক্তৰ ডাক্তৰ বুলি কৈ নিজৰ মূৰটো মাৰি আছিল। ৰাতুলে মূৰত দুখ পোৱাৰ বাবে বহুত তেজ ওলাইছিল। কিছু সময় পাছত ডাক্তৰে ৰাতুলক মৃত ঘোষণা কৰিলে। সকলোফালে শব্দ নাইকীয়া হৈ পৰিল। জ্যোতিয়ে সকলোবোৰ দেখি স্তব্ধ হৈ পৰিল।
এনেকুৱা লাগিছে যেন জ্যোতিৰ আত্মা বাহিৰলৈ ওলাই পৰিল কেৱল শৰীৰটো আছে ভিতৰৰ সকলো ঠাণ্ডা হৈ পৰিল। ইফালে জ্যোতিৰ মাকৰ ঘৰত ফোন বাজিছে। তাইৰ দেউতাকে কৈছে,"ইমান ৰাতি কাৰ ফুন হব পাৰে চোৱাচোন।"
মাকে ভোৰভোৰাই কলে,"ইমান ৰাতি কাৰ ফুন নো হব পাৰে? টোপনি ভাঙি দিলে।"
তেই ফোনটো ৰিচিভ কৰি হেল্ল' বুলি কওঁতেই ইফালৰ পৰা কিছুমান শব্দ আহিল যিটো শুনি তেওঁ মাটিত বহি পৰিল। মুখেৰে আপোনাআপোনিকৈ ওলাল , 'এইবোৰ কি হৈ গল? যোৱাকালি তাইক বিয়া দিছিলোঁ হে। জ্যোতিৰ কপাল ইমান বেয়া কেনেকৈ হব পালে? " বহুত দেৰি মাক ঘূৰি অহা নেদেখি দেউতাক ওলাই আহিল আৰু সুধিলে," কাৰ ফোন?" প্ৰায় এক ঘণ্টা পাছত জ্যোতিৰ মাক দেউতাক তাইৰ শহুৰৰ ঘৰ গৈ পালে তাই এতিয়াও শিল পৰা কপৌ যেন হৈ আছিল। তাইৰ ওপৰত কান্দোনৰ শব্দবোৰৰ কোনো প্ৰভাৱ পৰা নাছিল। জ্যোতিৰ মাকক দেখি মানুহবোৰে কথা পাতিলে," কেনেকুৱা কুলক্ষণী ছোৱালী জন্ম দিলে জানো? দুইখন ঘৰ শেষ কৰি পেলালে। নিজৰ স্বামীৰ মূৰটো খালে। "
এইবোৰ দেখি নৃপেন দাই মোৰ তল কৰি চাই দুখ কৰিলে। তেওঁ এই বিয়াখন কৰাই দিবৰ বাবে ছমাহ মানৰ পৰা লাগি আছিল। জ্যোতিৰ মাকে তাই পঢ়ি থকাৰ কাৰণে কথাটো পিছুৱাই আছিল।
নৃপেন ডাঙৰীয়াই বাৰে বাৰে কৈছিল, বিয়া কৰাই দিয়ক ছোৱালীয়ে কোনো কষ্ট নাপায়। ৰাতুলৰ মাকে তাক এক মিনিটৰ কাৰণেও অকলে এৰি নাযায় কাৰণ তেওঁ ৰাতুলৰ মৃগী বেমাৰৰ কথা গম পাইছিল। ৰাতিপুৱাৰ সূৰ্য্যই পোহৰ বিলাইছিল। ৰাতুলৰ অন্তিম যাত্ৰাৰ কাম চলি আছিল। মাক আৰু আইতাকৰ অৱস্থা বহুত বেয়া । জ্যোতিক শেষ বাৰৰ বাবে ৰাতুলৰ মুখখন দেখুওয়া হল আৰু তাৰ পাছত ৰাতুলক শ্মশানলৈ লৈ যোৱা হল। সুস্মিতাই জ্যোতিক ৰুমলৈ লৈ যায়। অলপ পিছত নিৰু খুৰীও আহিল আৰু তেওঁ এইবোৰ দেখি নজৰ চেতনা হেৰাই পেলালে।তেওঁ জোৰেৰে চিঞৰে," জ্যোতি কত আছে? লৈ আন তাইক। সুস্মিতা জ্যোতিক লৈ আন শুনি পোৱা নাই নেকি?"p>
আইটায়ে সুস্মিতাক কলে ," মাজনী জ্যোতিক তললৈ লৈ আনা, সকলোবোৰ কপালৰ লিখন। তুমি মই বিচাৰিলেও একো কৰিব নোৱাৰো।"
সুস্মিতাই অনিচ্ছাস্বত্তেও জ্যোতিক লৈ আনিলে। জ্যোতিয়ে এতিয়াও মূৰ্তিৰ দৰে ৰৈ আছে যেন তাইৰ মগজু শূন্য হৈ পৰিছে। কিছুমান তিৰোতাই তাইক টানি আনি বহুৱালে। ৰঙীন সাজ পিন্ধি থকা জ্যোতিৰ ওপৰত বালটিৰ সৈতে পানী ধলা হল আৰু তাইৰ অলংকাৰবোৰ খুলি দিয়া হল। ৰঙা খাৰুৰে ভৰি থকা হাতখন পলকতে খালি হৈ গল। তাইৰ শিৰৰ সেন্দুৰ পানীৰ সৈতে বৈ গল। সূৰ্যৰ কিৰনৰ দৰে জিলিকি থকা তাইৰ সেন্দুৰ চন্দ্ৰমাৰ পোহৰৰ দৰে ধোঁৱা হৈ গল। কপালৰ ফুট এৰুৱাই পেলাই। তাইৰ মুখৰ সেই উজ্জলতা পলকতে নাইকিয়া হৈ যায়। সকলো আভূষন আঁতৰাই তাইক বগা সাজ পিন্ধাই দিয়া হল। জ্যোতিৰ মাকৰ বাবে এই সকলোবোৰ চাই থকা বহুত দুখজনক আছিল। কিন্তু বিধিৰ লিখন কোনেও মচিব নোৱাৰে। তিৰোতাবোৰে ফুচফুচাব ধৰিলে," যোৱাকালি বিয়া হল আৰু আজি বিধবা হৈ পৰিল, কুলক্ষণী নহয় কি?" জ্যোতিৰ মাকে তাইৰ শাহুয়েকক কলে," এতিয়া মোক অনুমতি দিয়ক মই জ্যোতিক লগত লৈ যাম।" নিৰু খুৰীয়ে গৰজি কলে," অ লৈ যোৱা , এনেকুৱা তিৰোতাৰ এইখন ঘৰত কোনো দৰকাৰ নাই। তাই ঘৰত ভৰি দিয়াৰ লগে লগে ঘৰৰ সুখ শান্তিবোৰ শোকলৈ পৰিৱৰ্তন হল। আজি গিৰিয়েকৰ মূৰটো খালে , কাইলৈ কি কৰিব ঠিক নাই?"
জ্যোতিৰ মাকৰ ধৈৰ্যৰ সীমা হেৰাই যায়। তেওঁ জ্যোতিৰ হাতত ধৰি টানি লগত লৈ আনিলে।এই ঘটনাটোৱে জ্যোতিক এটা ৰাতিৰ ভিতৰত লক্ষ্মীৰ পৰা কুলক্ষণী বনাই দিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment