পাৰুল, টিকেট কনফৰ্ম হৈ গল। এতিয়া তুমি পেকিং আৰম্ভ কৰি দিয়া। দুটাবছৰৰ পাছত আমি ঘৰলৈ যাব উলাইছো, মা দেউতা যে কিমান সুখী হব লৰা ছোৱালী দুটাক লগ পায়। ৰাজীৱে অফিচৰ পৰা পাৰুলক আহি কলে।( Storyboard )
ঠিক আছে ৰাজীৱ, মই পেকিং আৰম্ভ কৰোঁ, তুমিও তোমাৰ প্ৰয়োজনীয় বস্তু বোৰ দিবা। পাৰুল আৰু ৰাজীৱে নিজৰ ঘৰলৈ যোৱাৰ প্ৰগেম বনাই আছিল।
ৰাজীৱ, তুমি যোৱা বছৰ ঘৰলৈ গৈছিলা, মই হে যাব নাপালো। লৰা ছোৱালী দুটাৰ বৰ্ডৰ পৰীক্ষা হৈ আছিল। মা ভাগৰো গা টো বেয়া হৈ থাকে, এতিয়া ঘৰৰ কাম বন কোনে কৰে! কাৰোবাক ঘৰৰ কাম বনৰ বাবে ৰাখিছেনে!
কোৱাটো মই কৈছিলো তেওঁলোকক, পইচাও দি আহিছিলো। এতিয়া গলেহে গম পাম। - ৰাজীবে কলে।
ৰাজীৱ আৰু পাৰুল, লৰা ছোৱালী দুটাৰ লগত ট্ৰেইনত আহি ঘৰ পালেহি। গোটেই নিশা যাত্রা কৰিছিল বাবে তাহাঁতক বহু ভাগৰুৱা কৰি পেলাইছিল।ঘৰৰ আগফালে আহি পায়, ৰাজীৱে ঘৰৰ গেটখন খুলোতে মাকে কাহী থকা শুনা পালে,
আহি পালা ৰাজীৱ, কেতিয়া পৰা তোমালৈ বাট চাই আছিলো।
অ, মা, তুমি কিয় বাচন বৰ্তন ধুই আছা, কামকৰা বাইজনী নাহে নি! মই টো তেনে কাম কৰা বাইক মাতিবলে কৈছিলো মা!
ৰাজীৱ, এই কাম কৰা বাইবোৰ বৰ বদমাচ হয়। সদায়ে চুটি লৈ আৰু কাম বনো ভালদৰে নকৰে। মইটো বুজি হলে নাপাওঁ এই কামকৰা বাইৰ মহিমা। কামনো কি আছে, মই নিজে নিজে কৰি লওঁ। আৰু কাম কৰা বায়ে পইচাও বহুত বিচাৰে।
মা, এতিয়া তুমি নিজৰ বয়সৰ ফালেও চাবা, কিমান তোমাৰ গা বেয়া হৈ থাকে, আৰু তুমি পইচা বাবে কিয় চিন্তা কৰিব লাগে, আমি দেখুন দিছোৱেই। ভাল লাগে নি এই বয়সত কাঁহী বাটি ধুইছা। লোকেও যে কি কব।
কিন্তু মাকৰ ওপৰত পুতেকৰ কথাৰ কোনো প্ৰভাৱ নপৰিল। তেওঁ কেৱল বাচন বৰ্তনক জিলিকাই তুলিবলৈ লাগি আছিল। পাৰুল আৰু ৰাজীৱক বহুত বেয়া লাগিছিল, তেতিয়া ৰাজীৱৰ খুড়াক আৰু খুড়ীয়েক আহিল আৰু মাকক বাচন বৰ্তন ঘহিঁ থকা দেখা পায় কলে, ৰাজীৱ তুমি সকলোবোৰ পাৰ কৰি দিলা, তোমাৰ ইমান ভাল চাকৰি, তুমি লাজ নোপোৱা নে, তোমাৰ মা এই বয়সতো কাঁহী বাটি ধুব লগা হৈছে আৰু ঝাৰু দিবলগীয়া হৈছে যে! কি এইদিনৰ বাবে তোমাক পঢ়ালে শুনালে!
ৰাজীৱে, খুড়াক খুড়ীয়েকৰ কথাত বৰ লাজ পাইছিল, কিন্তু তাৰ ওচৰত কোনো উত্তৰ নাছিল। ৰাজীৱে কলে, খুড়া, মায়ে নিজে কোনো কামকৰা বাইক ৰাখিবলৈ নিবিচাৰে। মইটে পইচাও দি যাওঁ। কিন্তু মায়ে মোৰ কথা নুশুনে। ৰাজীৱে, লাহে কৰি কলে।
তেতিয়া খুড়ীয়েকে কথা শুনাই লৈ কলে, বোৱাৰী জনীও লাজ নাপায়, বুঢ়ী শাহুৱেকে বাচন বৰ্তন ধুই আছে। কি সময় আহিলে। আজিকালিটো পুত্র বোৱাৰীৰ পৰা সুখ পোৱাটো আশায়ে কৰিব নোৱাৰি।
পাৰুলে, যাত্রা কৰি ভাগৰুৱা দেহাৰে বাচন বৰ্তন ধুবলৈ বহিল। পাৰুলৰ বাচন বৰ্তন ধুই হৈছিল হে মাত্র, তেনেতে শাহুৱেকে আহি কলে, বোৱাৰী আজি গোটেই দিন, বাচনকে ধুই থাকিবানে,ভাতো বনাবা! শাহুৱেকৰ কথা শুনি পাৰুলে পাকঘৰৰ ফালে আগবাঢ়িল আৰু সকলোৰে বাবে আহাৰ তৈয়াৰ কৰিলে। কোনেও পাৰুলক পাকঘৰৰ কামত সহায় কৰি নিদিলে। মাকে ৰাজীৱ ঘৰলৈ অহাত নিজৰ আত্মীয় কুটুমক নিমন্ত্রণ দি থৈছিল। পাৰুলে পাকঘৰৰ কাম শেষ কৰিলে, তেতিয়া আবেলি ৪বাজি গৈছিল আৰু তাই আহাৰ খাবলৈ লওঁতে, শাহুৱেক আহিলে আৰু কলে যে, বোৱাৰী তুমি খায় লৈ বাচন বৰ্তনবোৰ ধুই পেলাবা। মোৰ পাকঘৰত জোথা বাচন বৰ্তন ৰখা নহয়। পাৰুল একেবাৰে ভাগৰি পৰি তাইৰ শৰীৰত বিষ হৈছিলগৈ, কিন্তু কি কৰিব পাছফালে বাচন বৰ্তন লৈ বহি গল, কাৰণ শাহুৱেকৰ আজ্ঞা আছিল যে জোথা বাচন বৰ্তন পাকঘৰত নহয় পাছফালে ধুৱা হব। এতিয়া পাৰুলৰ নিজৰ শহুৰৰ ঘৰলৈ অহাটো কোনো শাস্তিতকৈ কম লগা নাছিল। তাই ভাৱি ৰৈছিল যে, কিয় এই শাহুমা বোৰে নিজৰ কথাতে লাগি থাকে! নিজৰ পুৰণি বিচাৰবোৰক কিয় এৰি নিদিয়ে! যদি পুত্র বোৱাৰীয়ে তেওঁক আৰাম দিব বিচাৰিলে, সেয়া কিয় গ্ৰহণ কৰি নলয়। তেওঁলোকে কিয় বিচাৰে, ঘৰৰ সকলো কাম বোৱাৰীজনীয়ে কৰিব লাগে! কিয় তেওঁলোকে কামকৰা বাই ৰখাটো এটা খৰচ বুলি ভাৱে? যদি পুত্রই তেওঁৰ আৰামৰ বাবে পইচা খৰচ কৰি কামকৰা বাই ৰাখিব বিচাৰে, তেতিয়া তেওঁ কিয় বেয়া পায়!( Storyboard )
পাৰুলে, সম্পূর্ণ ১৫টা দিন শহুৰৰ ঘৰত বৰ কষ্টৰে থাকে। কাৰণ তাইৰ তালৈ গৈ সম্পূর্ণ সময় পাকঘৰত আৰু বাচন বৰ্তন ধুই থাকোতে পাৰ হৈছিল। নিজৰ ঘৰলৈ গৈ পাৰুলে শান্তি মনে উশাহ ললে কাৰণ এই ১৫টা দিনত পাৰুলৰ ওপৰত ইমানে কামৰ বোজা আছিল যে, তাই অসুস্থ হৈ পৰিছিল। আৰু এতিয়া তাই ৰাজীৱক কলে যে, আৰু তাই কেতিয়াও শহুৰৰ ঘৰলৈ নাযায়। মাক ইয়ালৈকে মাতি দিবা। কাৰণ যেতিয়ালৈকে মাৰ পুৰণি বিচাৰ এনেদৰে চলি থাকিব, তেতিয়া লৈকে আন একো হব নোঁৱাৰে। ৰাজীৱ আৰু পাৰুলৰ ঘৰৰ পৰা অহা ৬মাহ পাৰ হল, এতিয়া ফোনতে কথা বতৰা হৈছিল। মাঘ বিহু আহি আছিল, ৰাজীৱে বিচাৰিছিল ঘৰলৈ যোৱাটো, কিন্তু সি বুজিছিল, তালৈ গলে পুনৰ পাৰুলে সেই সকলোবোৰ সহিব লাগিব। তেতিয়া তাৰ মোবাইলটো বাজিল, ৰাজীৱৰ দেউতাকৰ ফোন আছিল। ৰাজীৱ তুমি সোনকালে বোৱাৰীক লগত লৈ ঘৰলৈ আহা।তোমাৰ মায়ে চিৰি মুহাৰি থাকোতে পিচলি পৰিলে আৰু তেওঁৰ সোঁ ভৰিখন ভাঙিছে।
ৰাজীৱে তক্ষনাৎ দেউতাকক কলে যে আমি গৈ আছো। আপুনি চিন্তা নকৰিব। ৰাজীৱ আৰু পাৰুলে তক্ষনাৎ ৰিজাৰ্বেচন কৰি ঘৰ গৈ পালেগৈ। বিচনাত মাকে কেকাই আছিল। পাৰুলে, মাকৰ ভৰি চুই কলে আপুনি সোনকালে ভাল হবে, এতিয়া মই আহিলো নহয়, এতিয়া মই এমাহ থাকিম। লৰা ছোৱালী দুটা আৰু ৰাজীৱ যাবগৈ।
বোৱাৰী, ৰাজীৱে কি খাব! লৰা ছোৱালী দুটাই কি কৰিব! ইমান দিন লৰা ছোৱালী দুটা কেনেকৈ থাকিব! মা মই কাম কৰা বাইজনীক সকলো কৈছো, তাই এমাহলৈ খোৱা বোৱা বনাই দিব। আপুনি চিন্তা নকৰিব। পাৰুলে ঘৰলৈ আহিয়েই মাকৰ ভালকে চোৱা চিতা কৰিবলৈ আৰম্ভ কৰি দিলে। তাই এজনী কামকৰা বাইকো কামত ৰাখিলে, যিয়ে ঘৰৰ বাহিৰা কাম কাজ আৰু বাচন বৰ্তন ধুই দিয়ে।
পাৰুলে, শাহুৱেকৰ ওচৰত বহি কথা পাতি আছিল। তেতিয়া মাকে সুধিলে, বোৱাৰী, পাকঘৰ চফা কৰিলা নে! তেনেদৰে বাচন বৰ্তন পেলাই থৈছা! আৰু এতিয়া তুমি মোৰ লগতে লাগি থাকা, গোটেই ঘৰটো চাগে লেতেৰা হৈ পৰিল! নহয় মা, আপুনি চিন্তিত নহব। মই কাম কৰা বাই এজনী ৰাখিছো, সকলো ভালধৰণে কৰে। এক মাহ সম্পূর্ণ হৈ গল,এতিয়া শাহুমাকো সুস্থ হৈ উঠিল।
প্ৰথমে তেওঁ পাকঘৰলৈ গল আৰু তাত জিলিকি থকা বাচন বৰ্তন দেখা পায় আৰু চাফ চিকুনতা দেখি আচৰিত হৈ পৰিল। কাৰণ সম্পূর্ণ ঘৰটো চাফ চিকুন হৈ আছিল। আৰু তেতিয়া শাহুৱেকে ভাৱিছিল যে, তেওঁ বিনা কাৰণতে একেতা কথাতে লাগি আছিল, সেইবাবে তেওঁৰ এই অৱস্থা হল। যিমান পইচা তেওঁ সাচিবলৈ বিচাৰিছিল, তাতকৈ অধিক তেওঁৰ হস্পিটালৰ বিলে ললে। আৰু তেওঁ ভাৱিলে যে, তাতোতকৈ ভাল সেই পইচা কামকৰা বাই জনীয়ে পোৱা হলে ভাল আছিল। দুখীয়াৰ সহায়ো হৈছিল। তেতিয়া ৰাজীৱো আহি পালে, পাৰুলক লৈ যাবলৈ। মাকে কলে, বোৱাৰীয়ে মোৰ বহুত সেৱা কৰিলে, ৰাজীৱ।
মা আমি এতিয়া গৈছো। কিন্তু আপুনি এতিয়া কামকৰা বাইক আঁতৰাই নিদিব। দেখিলে নহয়, আপোনাৰ জিদৰ বাবে কি অৱস্থা হল। অ, হয়, ৰাজীৱ, বোৱাৰীয়ে মোৰ চকু খুলি দিলে। এতিয়া মই বুজিলো যে, লৰা ছোৱালী কথাও শুনিব লাগে। মোৰ জিদ এনেই আছিল। যদি মৰমেৰে লোৱা, তেতিয়া কামকৰা বাইয়ে সুন্দৰকে কাম কৰে। কাষতে ৰৈ থকা পাৰুলে হাঁহি আছিল। ৰাজীৱো এতিয়া সুখী হৈছিল কাৰণ মাকৰ পুৰণি চিন্তা ধাৰা আঁতৰ হল। তেতিয়া শাহুমাকে কলে, বোৱাৰী, মাঘ বিহুত ঘৰলৈ আহিবা ন! কিয় নাহিম মা। এতিয়া প্ৰতিটো উৎসৱে আমি আপোনাৰ লগতে উদযাপন কৰিম। শাহুৱেক বৰ সুখী হৈছিল। এতিয়া ৰাজীৱ আৰু পাৰুলো চিন্তা মুক্ত হৈ পৰিছিল কাৰণ শহুৰৰ ঘৰখনত পাৰুলৰ এতিয়া কোনো কামৰ বোজা নাছিল।
যদি আপুনি এগৰাকী শাহু হয় আৰু আপোনাৰ পুত্রই আপোনাক আৰাম দিব বিচাৰিছে,তেন্তে কিয়নো আপুনি আপোনাৰ পুৰণি চিন্তা ধাৰাকে লৈ বহি আছে? নিজৰ পুত্র বোৱাৰী হিচাপত নিজকে কিয় সলনি নকৰে!আপোনাৰ জিদে আপোনাৰ বুঢ়া বয়সত দুখৰ কাৰণ হব পাৰে। অলপ চিন্তা কৰক, আজিৰ এই ঘূৰি ফুৰা জীৱনত আপুনিয়েই নিজকে সলনি কৰিব লাগিব।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment