বিয়ালৈ মাত্ৰ দহদিন বাকী৷ পূৰৱীয়ে ভনীয়েকক লগত লৈ বজাৰলৈ গ’ল৷ সৰুসুৰা প্ৰয়োজনীয় বস্তুৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে( Storyboard )৷ আচলতে পূৰৱীয়ে প্ৰয়াগৰ লগত কথা পাতি দুই এটা বস্তু কিনিব খুজিছিল, সেয়ে মাকৰ সলনি ভনীয়েকৰ লগতহে ওলাই গ’ল তাই৷ মাকে বাৰে বাৰে সোঁৱৰাই দিলে -“ পলম নকৰিবি কিন্তু, সন্ধিয়াৰ আগতে ঘৰ সোমাবি, দিনকাল ভাল নহয়৷ “
কিন্তু বাৰে বাৰে ফোন কৰাৰ পিছতো প্ৰয়াগে ফোনটো ৰিচিভ নকৰিলে৷ তেওঁ আজি পূনেৰ পৰা অহা কথা আছিল৷ হোৱাটচ এপত কল কৰিবলৈ লৈয়ো তাই ৰৈ গ’ল, সি অফলাইন আছে৷ প্ৰয়াগৰ একো হোৱা নাইটো? পূৰৱীৰ চিন্তা লাগিল, নে তেওঁ খূব ব্যস্ত! তাইৰ বৰ ভয় লাগিল৷ ইফালে গোটেই পৃথিৱীজুৰি ক’ৰোণা ভাইৰাছৰ আতংক৷ তাই এটা মেচেজ দি থলে৷
পূৰৱীহঁতে সন্ধিয়াৰ আগে আগে ঘৰ পালেহি৷ দ্ৰয়িং ৰুমতে মাক দেউতাকে খুৰাকৰ লগত কিবা কথা পাতি আছিল৷ পূৰৱীয়ে মন কৰিলে আটাইকেইজনে কিবা চিন্তাত আছে৷ তাইক দেখাৰ লগে লগে মাকে বৰ উৎসুকতাৰে ক’লে -“ তঁহত পালিহি, এতিয়া ভিতৰলৈ যা, হাত ভৰি ধুই ফ্ৰেছ হৈ ল ৷ “
--’“ কিবা হৈছে নেকি মা, তোমালোক কিবা চিন্তাত আছা দেখোন৷ “
--“ একো হোৱা নাই ও, বাৰু প্ৰয়াগে ফোন কৰিছিল নেকি তোক? “
--“ নাই ক’ৰা, মইহে কৰিছিলোঁ, ৰিচিভ নকৰিলে, কিয় সুধিলা মা৷ “
--“ নাই, এনেই৷ “
পূৰৱীৰ মনত অলপ সন্দেহ হ’ল৷ প্ৰয়াগৰ লগত তাইৰ প্ৰেম বিবাহ নহয় যদিও বিয়াৰ কথা ওলোৱাৰ পিছত যোৱা প্ৰায় তিনি মাহ সিহঁতে ইজনে সিজনক ভালকৈ বুজি উঠিছে৷ আজি প্ৰথম বাৰ সি তাইৰ ফোন ৰিচিভ নকৰিলে, আনহাতে ঘৰতো মাক দেউতাকক চিন্তাক্লিষ্ট হৈ থকা দেখিলে৷ তাৰমানে ক’ৰবাত কিবা হৈছে নেকি?
পূৰৱীৰ সম্বন্ধীয় খুৰাক ৰবীনে প্ৰয়াগ আৰু তাইৰ বিয়াখন ঠিক কৰাত আগভাগ লৈছিল৷ ৰবীন আৰু প্ৰয়াগ ভাল বন্ধু হলেও কৰ্মসূত্ৰে প্ৰয়াগ এতিয়া পুনেত থাকে৷ বহুজাতিক কোম্পানীৰ উচ্চ পদত চাকৰি কৰা প্ৰয়াগহত যথেষ্ট ধনী যদিও মাক দেউতাকে নিম্ন মধ্যবিত্ত পৰিয়ালৰ উচ্চ শিক্ষিতা পূৰৱীক বোৱাৰী হিচাপে পচন্দ কৰিছিল৷ পূৰৱীয়ে ইমান ভাল আৰু ধনী ঘৰ এখনৰ বোৱাৰী হ’ব বুলি মাক দেউতাকেও বৰ সন্তোষ পাইছিল৷
ৰবীনে একো উৱাদিহ নোপোৱা হ’ল৷ কি কৰিব এতিয়া? বিয়ালৈ মাত্ৰ দহদিন থকা সময়ত সকলো খেলিমেলি হৈ গ’ল৷ সঁচা মিচা একো ধৰিব নোৱাৰা হ’ল৷ নিজৰ ভতিজা ছোৱালীজনীৰ জীৱনৰ কথা জড়িত হৈ আছে ইয়াত৷ চিন্তা কৰি কৰি তেওঁ ঘৰলৈ উভতি আহিল৷ ( Storyboard )
পিছদিনা প্ৰয়াগৰ মবাইলৰ চুইছ অফ৷ পূৰৱীৰ দেউতাকে প্ৰয়াগৰ দেউতাকলৈ দুবাৰো ফোন কৰিলে, কিন্তু তেখেতেও ৰিচিভ নকৰিলে৷ আটাইৰে চিন্তা লাগিল৷ নিশ্চয় কিবা অঘটন হৈছে৷ খুৰাকক পূৰৱীৰ দেউতাকে জৰুৰী ভাবে ঘৰলৈ মাতি আনি সুধিলে --“ এইবোৰ কি হৈছে, ইয়াৰ উত্তৰ একমাত্ৰ তইহে দিব পাৰিবি, প্ৰয়াগৰ মবাইল অফ, দেউতাকে ৰিচিভ নকৰে৷ ““ উপাই নাপায় ৰবীনে ক’বলৈ বাধ্য হ’ল যে গা বেয়া কাৰণে যোৱা তিনিদিন ধৰি প্ৰয়াগ হস্পিতালত আছে৷ খবৰ পাই প্ৰয়াগৰ দেউতাক আৰু ভায়েক ল’গে ল’গে পুনালৈ গৈছে৷ সি বিয়ালৈ এমাহৰ চুটী লৈ কালি অহা কথা আছিল৷ কিন্তু ডাক্তৰে ক’ৰোণা ভাইৰাছৰ সন্দেহ কৰি প্ৰয়াগ আৰু লগৰ কেইজনমানক হস্পিতালৰ আছুতীয়া ৰুমত ৰাখিছে৷ কাৰণ দুসপ্তাহ আগত ইটালী চীন নৰৱে ইজিপ্ত আদি দেশৰ পৰা অহা এটা দলৰ লগত প্ৰয়াগহঁত এখন চেমিনাৰত মিলিত হৈছিল, তাৰ দুদিনমান পিছৰে পৰা সিহঁতৰ গা বেয়া৷ ল’গে ল’গে হস্পিতালত ভৰ্তি কৰোৱা হৈছে৷ ভয় আতংকৰ সৃষ্টি হ’ব বুলি পূৰৱীহঁতক জনোৱা নাছিল৷ /p>
পূৰৱীৰ সৰগখন যেন খহি পৰিল৷ মাক দেউতাকো অস্থিৰ হৈ পৰিল৷ “ হে ভগৱান, এয়া তুমি কি কৰিলা “ বুলি মাকে উচুপি উঠিল৷ মাজত মাত্ৰ এসপ্তাহ বাকী, কি হ’ব এতিয়া! বিয়াখন হ’ব নে নহয়? যদিহে নহয়, তেন্তে? বিয়াৰ প্ৰায় সকলো যা যোগাৰ হৈ গৈছে৷ আটাইতকৈ ডাঙৰ সমস্যাত পৰিল ৰবীন, কাৰণ তেওঁহে মাজৰ মানুহ৷ কেনেকৈ ছোৱালীজনীক উদ্ধাৰ কৰা যায়! ৰবীনে কাতৰভাবে ক’লে যে কথাবোৰ যেন বাহিৰত প্ৰচাৰ নহয়৷ এতিয়াও হাতত এসপ্তাহ সময় আছে৷ প্ৰয়াগ নিশ্চয় আৰোগ্য হৈ সময়ত আহি পাব৷ কথাবোৰ ৰাজহুৱা হ’লে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব৷
পূৰৱীৰ দেউতাক আৰু ৰবীনে গোপনে আলোচনাত মিলিত হ’ল৷ কেনেকৈ কি কৰিব পাৰি৷ ৰবীনে মনে মনে শংকিত হৈ আছে৷ কিবা এটা বিকল্প ন’হলে ডাঙৰ বিপদ হ’ব৷ পূৰৱীৰ দেউতাকে এটা উপায় দি ক’লে --““ যিহেতু গোটেই বিশ্বতে ক’ৰোণা ভাইৰাছে মহামাৰী ৰুপ ধাৰণ কৰিছে, গতিকে দৰা পক্ষৰ লগত আলোচনা কৰি বিয়াখন কিছুদিন পিছুৱাই দিয়া যাওক৷ আজিকালি মবাইলতে বা প্ৰয়োজন হ’লে টিভি বাতৰিকাকত যোগে সকলোকে কথাটো জনাই দিব পাৰি৷ ““
--“ কিন্তু কিমান দিন অপেক্ষা কৰিবা৷ ভগৱানে নকৰক, যদি প্ৰয়াগৰ কিবা এটা হৈ যায়৷ “ ৰবীনে ক’লে৷
--“ কি? এইবোৰ তই কি কৈছ ৰবীন? তাৰমানে প্ৰয়াগৰ চিৰিয়াছ নেকি? নকৱ কিয়? ““ তেওঁ অস্থিৰ হৈ পৰিল৷
--“ দাদা, জন্ম মৃত্যু বিবাহৰ কথা কোনেও ক’ব নোৱাৰে৷ কি থিক আমাৰ পূৰৱীৰ কিজানি আন কাৰোবাৰ লগতহে যোৰা আছে, আমি বেলেগ চিন্তা কৰিব নোৱাৰোনে৷ ““ ৰবীনে ক’লে ৷
--“ কিন্তু হাতত মাত্ৰ এসপ্তাহ সময়৷ তদুপৰি পূৰৱীক কেনেকৈ মান্তি কৰাম৷ ইতিমধ্যে প্ৰয়াগৰ লগত তাই বহুখিনি ঘনিষ্ঠ হৈ পৰিছে, অন্যায় কৰা নহ’বনে আমাৰ৷ “
--’“ বিয়াৰ ঠিক পিছতেই যদি এনেকুৱা কিবা হ’লহেতেন, তেতিয়া৷ “ সামান্য হাঁহি
ক’লে ৰবীনে৷
--’“ তই হাঁহিলে যে ৰবীন? “
--’“ মোৰ ওপৰত বিশ্বাস ৰাখা দাদা, এই মুহূৰ্তৰ পৰা আমি গোপনে এজন উপযুক্ত ল’ৰাৰ সন্ধান কৰো, নিশ্চয় ভাল ল’ৰা এজন পাম৷ পূৰৱীক মই সৈমান কৰাম৷ প্ৰয়াগ ভাল হৈ উঠকেই বা নুঠকেই৷ মুঠতে পূৰৱীৰ বিয়া আন কাৰোবাৰ লগত হ’ব, প্ৰয়াগৰ লগত নহয়৷ কাৰণ সি ইতিমধ্যে ..৷ “ “
---“ কি ক’লি ৰবীন, সি ইতিমধ্যে৷ তাৰ মানে, তাৰ মানে প্ৰ ...য়া...গ.....৷ ““ তেখেত মুৰ ঘূৰাই পৰি যাব খুজিছিল, ৰবীনে কোনোমতে ধৰি বিছনাত শুৱাই দিলে৷ ঘৰখনত হুৱাদুৱা লাগিল৷ কোনোবাই এম্বুলেঞ্ছলৈ ফোন কৰিলে৷ ৷ ৷
উপহংসাৰ: : আচলতে প্ৰয়াগ ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা নাই৷ চৰিত্ৰহীন লম্পত প্ৰয়াগে নিজৰ কৰ্মস্থলীতে আন এগৰাকী ছোৱালীৰ লগত গোপনে সংসাৰ কৰি আছিল৷ কিন্তু ঘৰত বাৰে বাৰে বিয়াৰ কথা কৈ থকাত সাধাৰণ পৰিয়ালৰ পূৰৱীক বিয়া কৰাম বুলি সি কথা দিছিল৷ প্ৰয়াগে কৌশলেৰে এমাহৰ ছুটী লৈ ঘৰলৈ আহি, পিছত কোম্পানীৰ চাকৰি এৰি দি গুৱাহাটীতে ব্যৱসাই কৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু কথাটো আগৰ পত্নীয়ে গম পাই পুলিচৰ ওচৰ চাপিছিল৷ এতিয়া প্ৰয়াগ জেলত আৰু এইবোৰ কথা আন বন্ধুৰ পৰা ৰবীনে গম পাই ল’গে ল’গে পূৰৱীৰ জীৱনটো ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছিল, আৰু বিশ্বাসযোগ্য ভাবে প্ৰয়াগক নাকচ কৰিবলৈ ক’ৰোণা ভাইৰাছৰ আশ্ৰয় লৈছিল৷ ( কাল্পনিক )
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment