কৌশিক, তুমি নিজৰ যত্ন অলপো নোলোৱা। বিয়াৰ দহ বছৰৰ পাছটো ৰিছি আৰু ৰিছুতকৈও মই তোমাৰহে বেছিকৈ যত্ন লব লগা হয়( Storyboard )। ফটাফট টিফিন তৈয়াৰ কৰি অনুৰাধাই কয় আছিল। আৰু কৌশিকে ফোন এটা অহাত লৰালৰিকৈ ওলাই গল। ওফ টিফিনটো লৈ যোৱা। কৈয়ে, টিফিনটো হাতত দি, অনুৰাধা তাৰ পাছত প্ৰায়ে দৌৰ মৰাদিয়েই গল। টিফিনটো লৈয়ে, কৌশিকৰ গাড়ী ধূঁৱা ওৰোৱাই আঁতৰি গল। অনুৰাধাই এতিয়া হে, বহি লৈ শান্তি ভাৱে চাহ একাপ খাবলৈ সময় পালে।
বিয়াৰ পাঁচ বছৰলৈকে তাহাঁতৰ কোনো সন্তান নাছিল। তেতিয়া পুৱা চাহকাপ অনুৰাধা আৰু কৌশকে একে লগেই খাইছিল। ওচৰৰে শইকিয়ানী খুড়ীৰ কথা ভাৱি, অনুৰাধাই কেতিয়াবা উদাশ মনেৰে কৈছিল, কৌশিক, শইকিয়ানী খুড়ীৰ দুই পুত্র বিদেশলৈ গুচি গল। কিন্তু শইকিয়ানী খুড়ীয়ে অকলে থাকিও গৰ্বৰে কয়, লগত নাথাকিলে কি হব, ভগৱানে তেওঁক দুটাকৈ পুত্ৰ সন্তান দিছে। এয়া কয় প্ৰায় অনুৰাধা কান্দি পৰিছিল। তেতিয়া মৰমৰে কৌশিকে তাই হাতখন খামুচি কৈছিল, ডক্টৰে কৈছে ন, সোনকালে আমাৰ ঘৰটো লৰা ছোৱালীৰ হাঁহিয়ে খেলিব। তুমি একেবাৰে চিন্তা নকৰিবা। কৌশিকৰ কথা শুনি অনুৰাধা স্বাভাৱিক হৈ উঠিছিল। কৌশিকৰ আত্মীয়তাই তাইক, এক নতুন আত্মবিশ্বাসেৰে, আগুৰি ধৰে।
অনুৰাধাৰ ঘৰৰ কাষতে থকা মাধুৰীয়ে ৰেডীঅ' কল চেন্টাৰত চাকৰি কৰিছিল। মাধুৰীৰ কণমানি জী পাৰ্লীক অনুৰাধাই বৰ মৰম কৰিছিল। এদিন আবেলি অনুৰাধা ঘৰৰ চতত আছিল, তেতিয়া তাইৰ চকু মাধুৰীৰ ঘৰত পৰিলত দেখা পালে যে, কণমানি পাৰ্লীয়ে স্কুল বেগ লৈ দুৱাৰত বহি আছে। তাকে দেখা পায়, অনুৰাধাৰ মন মমতাৰে ভৰি পৰিল। তেতিয়া অনুৰাধাই পাৰ্লীক নিজৰ ঘৰলৈ আনি, খাবলৈ দিলে। তাৰপাছত মাধুৰীলৈ ফোন কৰি গম পালে যে, মাধুৰীৰ এখন মিটিং থকা বাবে, তাইৰ আজি অহাত পলম হৈছে। তেতিয়া অনুৰাধাই পাৰ্লীক মই চাম বুলি, মাধুৰীক আশ্বাস দিলে। মাধুৰী যেতিয়া অফিচৰপৰা আহিল, তেতিয়া এই সময় পাৰ্লীক চোৱাৰ বাবে অনুৰাধাক ধন্যবাদ জনালে। আৰু আগলৈ মাধুৰী তুমি চিন্তা কৰিব নালাগে, কেতিয়াবা এনে হলে মই পাৰ্লীক মোৰ ওচৰতে ৰাখিম। অনুৰাধাই এনে কলত, মাধুৰীয়ে কলে, ধন্যবাদ অনুৰাধা। কিন্তু আগলৈ কেতিয়াও এনে নহয়। কাৰণ মই এখন প্লে স্কুলত কথা পাতিছো, নিজৰ স্কুল চুটি পাছত, পাৰ্লী প্লে স্কুললৈ যাব। আৰু অফিচৰপৰা অহা সময়ত মই তাইক লগতে লৈ আনিম। অ, মানে, তোমাৰ পাৰ্লী মোৰ লগত থকা পচন্দ নহয়! অনুৰাধাই উদাশ মনেৰে কলে, তেতিয়া মৰমেৰে মাধুৰীয়ে অনুৰাধাৰ কান্ধত হাত থৈ কলে, এনে একো কথা নাই, অনুৰাধা, তোমাৰ যেতিয়াই মন গলেই, পাৰ্লীক তোমাৰ ওচৰলৈ লৈ আনিব পাৰিব। কিন্তু মোৰ মতে,নিজৰ কামৰ বাবে, আমি নিজে দায়িত্ব লব লাগে। মোৰ স্বামীৰ ৩খন ফাৰ্মহাউচ আছে। তেওঁ সকলো সময়, নিজৰ কামতে ব্যস্ত হৈ থাকে।মই চাকৰি নকৰি, ঘৰতে থাকিব পাৰোঁ, কিন্তু মই আত্মনিৰ্ভৰশীল হব বিচাৰো। নিজে উৰ্পাজন কৰাৰ যি সুখ পোৱা যায়, সেয়া মই হেৰুৱালৈ নিবিছাৰো।
অনুৰাধা, মাধুৰীৰ কথাথ প্ৰভাৱিত হল। অনুৰাধাৰ মনটো নিজে উপাৰ্জন কৰাৰ সুখ পাবলৈ ইচ্ছা জন্মিলে। আৰু অতি সোনকালেই অনুৰাধাই নিজৰ ইচ্ছা পূৰ্ণ কৰিবলৈ সুবিধা পালে। মাধুৰীৰ অফিচত, এগৰাকী সহকৰ্মী অসুস্থ হোৱাৰ বাবে, মাধুৰীয়ে, অনুৰাধাক অস্থায়ী ৰূপে নিজৰ অফিচত কাম কৰিবলৈ প্ৰস্তাৱ দিলে। তেতিয়া তৎক্ষনাত অনুৰাধাই গ্ৰহণ কৰিলে। আত্মবিশ্বাসেৰে ভৰা, অনুৰাধাৰ মাতত মাধুৰীৰ বচ প্ৰভাৱিত হল।
কিছু দিনতে অনুৰাধাৰ মাত ৰেডিঅ' চেন্টাৰত লোকপ্ৰিয় হল। অনুৰাধাই সোনকালে স্থায়ী ৰূপে কাম কৰিবলৈ প্ৰস্তাৱ পালে। অনুৰাধা বৰ সুখী হল। কৌশিকেও লগ দিয়াত, অনুৰাধাই, ৰেডিঅ'ৰ পৃথিৱীখনত জনপ্রিয় হৈ পৰিল। ইয়াৰ মাজতে অনুৰাধাৰ সুখ আৰু বেছি হল, যেতিয়া তাই গম পালে, তাই মাক হবলৈ ওলাইছে। অনুৰাধাই এই কথা নিজৰ পৰিয়ালটো কলে। আৰু অনুৰাধাই গম পালে যে, তাইৰ যমজ সন্তান হব, তেতিয়া বিনম্ৰতাৰে অনুৰাধাই নিজৰ চাকৰি পৰা ত্যাগ পত্র দিলে। কিছু দিনৰ পাছত, কণমানি ৰাজকুমাৰ দুটা অনুৰাধাৰ জীৱনলৈ আহিল। তেতিয়া তাই অধিক সুখী হৈ পৰিল। একেলগে দুটা সন্তানক চোৱা চিতা কৰি, অনুৰাধা ভাগৰি পৰিছিল। কিন্তু কৌশিকে তাইক সহায়তা কৰা থাইত, নিজৰ অধিক সময় অফিচত দিছিল। অনুৰাধাই, যেতিয়া কৌশিকক নিজৰ সন্তান দুটিৰ হাঁহি শুনুৱাব বিচাৰিছিল, তেতিয়া কৌশিক তাইৰপৰা দূৰলৈ যোৱাৰ অনুভৱ হৈছিল। অনুৰাধা যিমানে কৌশিকৰ কাষলৈ যাব বিচাৰিছিল, সিমানে কৌশিক আঁতৰি গৈছিল। অনুৰাধাই বুজি পোৱা নাছিল যে, তাই দুটি যমজ সন্তান জন্ম দি এনে কি অপৰাধ কৰিলে যে, কৌশিকে তাইক নিজৰ পৰা দূৰ কৰিবলৈ বিচাৰিছে। ( Storyboard )
লাহে লাহে অনুৰাধাই বুজিলে যে, কৌশিকৰ এতিয়া তাইৰ স্পৰ্শ পচন্দ নহয়। এতিয়া প্ৰায়ে, অফিচৰ কামত কৌশিক ঘৰৰপৰা বাহিৰত থাকে। নিজৰ দুই সন্তানৰ ডাঙৰ দীঘল কৰাৰ দায়িত্ব অনুৰাধাৰ গাত অকলে পৰিল। কিছু দিনৰ আগতে অনুৰাধাৰ সন্তান দুটিৰ চাৰি বছৰীয়া জন্ম দিন হৈ গৈছিল। কৌশিকে, সেইদিনাও বহু পলমকৈ আহিছিল। সেইদিনা, অনুৰাধাই, কৌশিকৰ বিষয়ে কিবা কোৱা শুনিলে। কিন্তু অনুৰাধাই আনৰ কথাত কাণ নিদিলে। কিন্তু কিছু দিনৰ পাছত এনে এক ঘটনা ঘটিলে যে, সেই ঘটনাৰ দ্বাৰা অনুৰাধাৰ জীৱনৰ বাটে সলনি কৰি পেলালে।
হৈছিল এয়া যে, এদিন মাধুৰীয়ে অনুৰাধাৰ বাবে এখন আমন্ত্রণি পত্ৰ লৈ আনিলে। ৰেডিঅ' চেন্টাৰৰ লোকে পূৰ্ৱ কৰ্মচাৰী সকলৰ বাবে এটা পাৰ্টিৰ আয়োজন কৰিছে। যত অনুৰাধাকো, আমন্ত্রণ কৰা হৈছে। কৌশিক অফিচৰ কামৰ বাবে ঘৰৰপৰা বাহিৰলৈ গৈছিল। অনুৰাধাই, লৰা দুটাক প্লে স্কুলত থৈ এখন হোটেলত আয়োজন কৰা ৰেডিঅ' চেন্টাৰৰ পাৰ্টিলৈ গল। তাত অনুৰাধাই, কৌশিকক এজনী ছোৱালী লগত দেখা পালে। তেতিয়া অনুৰাধাই আচৰিত হৈ, কৌশিকৰ পাচে পাচে গল। কৌশিক আৰু সেই ছোৱালী জনীয়ে হোটেলৰ এটা কোঠালৈ গৈ দুৱাৰ বন্ধ কৰি দিলে। অনুৰাধাই হোটেলৰ ৰিপচেচনত গৈ ৰেজিষ্টাৰখন চাই দেখা পালে যে, তাত শ্ৰীমান আৰু শ্ৰীমতী কৌশিক লিখা আছিল। সেয়া দেখা পায়, অনুৰাধা থৰ লাগিল। তাৰ মাজতে মাধুৰীয়ে তাইক বিচাৰি আহি পাৰ্টিলৈ লৈ গল। মাধুৰীৰ পুৰণি বচে কৈছিল, অনুৰাধা, তোমাৰ মাতক আজিও সকলোৱে মনত পেলাই। তুমি যেতিয়া বিচাৰা পুনৰ ঘূৰি আহিব পাৰা। "ইউ আৰ মষ্ট ওৱেলকাম"। অনুৰাধাই অন্যমনষ্ক হৈ তাত বহি আছিল। যেনেতেনে তাই পাৰ্টি শেষ কৰি ঘৰলৈ আহিল। ঘৰলৈ আহিয়েই অনুৰাধা কান্দোনত ভাঙি পৰিল। তাইক প্ৰতি পল প্ৰতাৰনা কৰাৰ অনুভৱ হল। আজি প্রথম বাৰ অনুৰাধাৰ নাৰী হৈ জন্ম লোৱাত দুখ হল। তাই কৌশিকক ফোন কৰিলে কিন্তু তাৰ ফোন বন্ধ আছিল।
কৌশিক পাচদিনা আহিল, অনুৰাধাই, কৌশিকক কামৰ বাবে বাহিৰলৈ যোৱাৰ কথা সুধিলে, তেতিয়া কৌশিক অলপ চিন্তিত হল। অনুৰাধাই সেই হোটেল খনৰ নাম কলত,কৌশিকে তেতিয়া খংত ভালে বেয়াই বহু কথাই অনুৰাধাক কলে। আৰু ঘৰৰ বাহিৰলৈ গলগৈ। অনুৰাধাই এতিয়া ভালদৰে বুজিলে যে, কিয় কৌশিকে তাইৰপৰা আঁতৰি থাকিবলৈ বিচাৰিছিল! তাই ভাৱিছিল,, পিতৃ হোৱাৰ যি গৌৰৱ তাই কৌশিকক দিছিল তাৰ বাবে সি অনুৰাধাক মৰমেৰে আৱৰি ৰাখিব। কিন্তু কৌশিকে, তাইক নিজৰ জীৱনৰপৰাই আঁতৰ কৰি দিলে! অনুৰাধাই, কৌশিকক বহু বুজালে, কিন্তু সি তাইৰ একো কথায় শুনিবলৈ ইচ্ছা নকৰিলে। অনুৰাধাই বহু প্ৰাৰ্থনাও কৰিলে, নিজৰ সন্তান দুটিৰ কথাও কলে, কাজিয়াও কৰিলে, কিন্তু কৌশিকৰ ওপৰত কোনো প্ৰভাৱে নপৰিল।
কৌশিকে কলে যে, সি অনুৰাধা আৰু লৰা দুটাৰ খৰচ দি থাকিব, কিন্তু নিজৰ জীৱনত সি কি কৰে,এইবোৰক লৈ অনুৰাধাৰ মাত মতাৰ প্ৰয়োজন নাই। অনুৰাধা নিজৰ মাকৰ ঘৰলৈ যোৱাৰ কথা ভাৱিলে, কিন্তু তাই চিন্তা কৰিলে, যেতিয়া তাইৰ কণমানি দুটিৰ ওপৰত সমাজৰ তিতা মিঠা কথা বৰষিব, তেতিয়া তাই কাৰ কাৰ মুখ বন্ধ কৰি ফুৰিব। তাইক চিন্তাই হেঁচা মাৰি ধৰিলে। এতিয়া দিনে ৰাতিয়ে চিন্তাৰ ভাৱনাত সোমাই থাকে। নিজকে নিজে ইমান অপমানিত তাই কেতিয়াও অনুভৱ কৰা নাছিল। সেই সময়তে, তাইৰ বচে কোৱা কথাষাৰ মনত পৰিলে, ইউ আৰ মষ্ট ওৱেলকাম'তেতিয়া তাই ঠিয় হৈ উঠিল। তাই অফিচলৈ ফোন কৰি, পুনৰ অফিচ জইন কৰাৰ কথা কলে। আৰু উত্তৰত এয়া শুনিবলৈ পালে যে, ইউ আৰু মষ্ট ওৱেলকাম। অনুৰাধাই অপমানিত পৃথিৱীৰ পৰা ওলাই আহিবলৈ বিচাৰিছিল। তাই নিজৰ জীৱনৰ বিখৰিত পাটত সামৰি ৰাখিছিল।অনুৰাধাৰ হৃদয়ৰ কোণত আজিও বিশ্বাস আছিল যে, কৌশিকৰ কোনোবা এটা সময়ত নিজৰ ভুলৰ অনুভৱ হব। কিন্তু এতিয়াও এটা প্ৰশ্ন , অনুৰাধাই কৌশিকক ক্ষমা কৰিব পাৰিব নে!
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment