আপোনাৰ সন্তানেও অনলাইন ক্লাছৰ নামত এইবোৰে কৰি থকা নাইটো ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 7, 2021

আপোনাৰ সন্তানেও অনলাইন ক্লাছৰ নামত এইবোৰে কৰি থকা নাইটো ? Storyboard

 

Storyboard

লকডাউনৰ সময়খিনিত মাকৰ মবাইলটো ছোৱালীজনীয়ে আৰু দেউতাকৰ মবাইলটো ল'ৰাজনে একপ্ৰকাৰ কব্জা কৰি ৰাখিছে । অনলাইন ক্লাছৰ নামত মাক দেউতাকে মবাইলত কথা এষাৰ পাতিব নোৱাৰা হৈছে । ( Storyboard )


        আৰ্থিক ভাৱে সবল চৌধুৰীয়ে নিজৰ লগতে পত্নীকো এটা দামী মবাইল কিনি দিছে । তেওঁ নিজে ইন্টাৰনেটৰ বেছি আও ভাও নাপায় , আন কথাত কবলৈ গ'লে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ দামি মবাইলটো লৈ থাকে । কেৱল ফোন কৰে আৰু ৰিচিভ কৰে । ঠিক তেনেদৰে পত্নীয়েও বেছি নাজানে । ছোৱালীজনীয়ে ফেচবুক একাউণ্ট এটা খুলি দিছে , মাকে ফেচবুক চাই চাই লাইক কৰি থাকে । কিন্তু এতিয়া মবাইল ছোৱালীৰ কবলত , কাৰণ অনলাইন ক্লাছ । 


    দিনটোৰ কোন সময়ত  অনলাইন ক্লাছ হয় , মাক দেউতাকে ভালদৰে নাজানে , আচলতে অনলাইন ক্লাছ মানে কি সেইটোও তেওঁলোকে নাজানে । কেৱল জানে যে স্কুল বন্ধ কাৰণে মবাইলতে ক্লাছ হয় । কেনেকৈ হয় সেইটোও নাজানে । 


      চৌধুৰীয়ে মন কৰিছে যে মবাইলতে ক্লাছ কৰি ল'ৰা ছোৱালী হালে বৰ আনন্দ পাইছে । এইকেইদিন ঘৰত হাই উৰুমি নাই , একো গণ্ডোগল নাই, নিজৰ নিজৰ ৰুমত সিঁহত ব্যস্ত । আনকি কাৰোবাৰ ফোন আহিলেও সিহতে ৰিচিভ নকৰে , মাক দেউতাকক পিছত কয় , কাৰ ফোন আছিল । সিহতে খাবলৈও পাহৰি যায়, আগতে নোখোৱা বস্তুও আগত দিলে কেতিয়াবা খাই দিয়ে । অনলাইন ক্লাছৰ ইমান উপকাৰিতা দেখি চৌধুৰী দম্পত্তিৰ মন বৰ খুছ হৈ থাকে এতিয়া । 


    এদিন স্কুলৰ পৰা চৌধুৰীলৈ ফোন আহিল । ল'ৰা ছোৱালী হালে অনলাইন ক্লাছ ভালদৰে কৰা নাই , ফিদবেক দিব লাগে দিয়া  নাই , সিহতক পঢ়াত মনোযোগ দিবলৈ স্কুলৰ পৰা নিৰ্দেশ দিলে । চৌধুৰীৰ খং উঠিল, দিনটো ইহতে অনলাইন ক্লাছ কৰি থাকে , অথচ শিক্ষকে মিছা অভিযোগ দিছে । ল'ৰাটোক সোধোতে সি ক'লে -- " ছাৰে ভুল কৰিছে দেউতা, একে নামৰ আন এজন ল'ৰা আছে আমাৰ ক্লাছত , সি আগতেও ক্লাছ নকৰে , সি বুলি ভাবিছে চাগে । ""

--'" ঠিক কৈছ, তহতে পঢ়ি থকা দেখিছো নহয় । অনলাইন ক্লাছৰ উৎপাতত নিজৰ প্ৰয়োজনীয় ফোন কেইটাও কৰিব নোৱাৰা হৈছো । "" তেওঁৰ কথা শুনি মিছেছ চৌধুৰীয়েও ক'লে --" হয় দেই , কিমান দিন যে এফ বিত যাব পৰা নাই , বৰ মিছ কৰি আছো । কিমান যে বেয়া পাব বন্ধু বোৰে , বন্ধৰ দিনত কিমান বা নতুন নতুন আইটেমৰ ৰেচিপি দিছে , গমেই নাপালোঁ । " মাকৰ কথা শুনি ছোৱালীজনীয়ে ক'লে --" মা মা তুমি সকলোকে চাৰপ্ৰাইজ দিবা দিয়া , কিন্তু মোৰ কথা শুনিব লাগিব । "

--" কি নো , কচোন মাইনা । " 

--" ৰ'বা , আগতে দাদাৰ লগত দিছকাছ কৰি লম , পিছত জনাম । " 


      অনলাইনত পঢ়াৰ নিছা ইমানেই বেছি হ'ল যে ল'ৰা ছোৱালী হালে খাবলৈ শুবলৈ সময় নাপায় । ৰাতি এপৰলৈ ব্যস্ত । মাকে সুধিলে কয় , দিনৰ ক্লাছ বোৰৰ এতিয়া হোমৱৰ্ক চলি আছে । মুঠতে সিহত দুটাই যোৱা প্ৰায় এমাহ নিজৰ পঢ়া টেবুলত বহাই নাই । কেৱল অনলাইন ক্লাছ কৰি আছে । ( Storyboard )


      চৌধুৰীয়ে এদিন মন কৰিলে , ইহতে দেখোন অদ্ভুত শব্দ কিছুমান কৈ থাকে । কানত হেডফোনটো লৈ কেতিয়া ক'ত বহি চিঞৰি থাকে থিকেই নাই । পঢ়ি পঢ়ি পাগলেই হ'ল নেকি বাৰু ? 


    " এনিমিচ এহেদ" ..." আই গট চাপ্লাই"

       " আই নিদ গান "..." ৰকেট চিকেন "

         " ৰিভাইভ , ৰিভাইভ , গট ডাউন "

          " উইনাৰ উইনাৰ    ." 


     জপিয়াই জপিয়াই এইদৰে চিঞৰি থকা হ'ল ল'ৰা ছোৱালীহাল । এইবোৰ আকৌ কি অনলাইন শিক্ষা । নে কিবা যুদ্ধৰ কাৰনেও শিক্ষা দিয়ে অনলাইনত । সুধিলে কয় --" এ তুমি এইবোৰ নাজানা দিয়া দেউতা , হেল আপ " 


        তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে চৌধুৰী দম্পত্তিৰ বিবাহ বাৰ্ষিকীৰ দিন । ঘৰত কোনো পাৰ্টি কৰিব নোৱাৰে, বাহিৰলৈও যাব নোৱাৰে । গতিকে ল'ৰা ছোৱালী হালে অনলাইন ক্লাছৰ মাজতে এটা বুদ্ধি উলিয়ালে । ছোৱালীয়ে মাকক ক'লে -- '' মা , এটা স্পেছিয়েল কেক অনলাইনত অৰ্ডাৰ দিম । তোমালোকৰ বিবাহ বাৰ্ষিকীৰ দিনা তুমি সেইটো নিজে বনোৱা বুলি ফেচবুকত এটা পোস্ত দিবা , কেনেকৈ বনাইছা বুলি কোনোবাই সুধিলে ইউ টিউবত চাই কিবা এটা কৈ দিম , হ'বনে ? "" 

---" হব দে, তোৰ বৰ বুদ্ধি দেখোন অ । পিছে দেউতাৰাক কি দিবি , বজাৰ বন্ধ যে । "" 

--" দেউতাক চাৰপ্ৰাইজ দিব দাদাই , তুমি কিন্তু তিনি হেজাৰ টকা দিব লাগিব । "


        সেই বিশেষ দিনটোত বহু জনৰ ফোন আৰু মেছেজ আহিল চৌধুৰী দম্পত্তিলৈ । আজি অৱশ্যে অনলাইন ক্লাছ নকৰিলে সিঁহতে , বাৰে বাৰে মেছেজ আৰু ফোন আহি থকা কাৰণে মাক দেউতাকক ফোন দিলে । 

আবেলি অনলাইনত অৰ্ডাৰ দিয়া মতে ডাঙৰ কেক এটা আৰু দেউতাকৰ চাৰপ্ৰাইজ গিফ্টটো আহি পালে । ঘৰখনত আনন্দৰ জোৱাৰ উঠিল । সন্ধিয়া হোৱাৰ ল'গে ল'গে দ্ৰয়িং ৰুমৰ টেবুলত কেক সাজু কৰা হ'ল । আটাইয়ে ভাল কাপোৰ পিন্ধি সাজু হ'ল । মবাইলৰ টাইমাৰ ব্যৱহাৰ কৰি কেক কটা ফটো ল'বলৈ সাজু হ'ল তেওঁলোক । কিন্তু চৌধুৰী নাই দেখোন , ক'ত গ'ল মানুহজন । ইফালে সিফালে চালে , নাই দেখোন । মিছেছ চৌধুৰীয়ে সন্দেহ কৰি পিছফালৰ বাৰাণ্ডালৈ গ'ল । হয় তাতেই চকিখন আউজি আছে । সন্মুখত বটল আৰু গিলাচ । পৰিবাৰে গাত ধৰি মাতি আছে , কিন্তু তেখেতৰ নিছা । 

--" হেৰি , আহকচোন অকনমান , আপুনিয়ে 

     খাব দিয়ক , ইমান নিচা হ'লনে আজি । " 

---" বহুদিনৰ মুৰত খালো যে , দুটা পেগতে নিছা হ'লহে আজি । "" 

--" আহক , সিঁহতে ৰৈ আছে ফটো উঠিবলৈ " 

--" হা ,অ ব'লা ব'লা । আজি অনলাইনতে বিবাহ  বাৰ্ষিকীৰ চাৰপ্ৰাইজ গিফ্টটো পাই ভাল লাগিছে দেই । ৰ'বই নোৱাৰিলোঁ , সেয়ে সোনকালে নিছা হ'ল । ''

--" এইবোৰ ইহতে কৰিছে, চব জনা হৈছে ,"

--" ইহত এক্সপাৰ্ট হ'ল , অনলাইন এক্সপাৰ্ট , নহ'ব কিয় হা , কাৰ সন্তান বুলি ভাবিছা । ""

--" আমাৰ আকৌ "। মিছেছ চৌধুৰীয়ে তপৰাই উত্তৰ দিলে আৰু চৌধুৰীক ধৰি ধৰি  কেক কাটিবলৈ লৈ গ'ল । 


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 


No comments:

Post a Comment

Advertisement

Pages