এয়া সেই সময়ৰ কথা, যেতিয়া অনিলে বিয়া কৰোৱা এবছৰ হৈছিল। সেইদিনাও আনদিনাৰ দৰে অনিলে খেতিত পানী দি ঘৰলৈ উভতিছিল। তেতিয়ালৈকে সন্ধ্যা সময় হৈছিল। সেই সময়তে এজনী ছোনালীয়ে অনিলক পাচফালৰপৰা মাত লগালে।( Storyboard )
অলপ শুনকচোন! সেই মাত অনিলৰ কাণত পৰাত, সেই সময়ত অনিলৰ শৰীৰ কঁপি উঠিল। অনিলক যেন এজাক চেচাঁ বতাহে চুই গল। আৰু অনিলে পাচফালে ঘূৰি নোচোৱাকৈ সুধিলে, কোন হয়! কি কথা আছে!
অনিলৰ উত্তৰ শুনি সেই ছোৱালীজনীয়ে পুনৰ কলে, এতিয়া মানে আপুনি মোক ঘূৰিও নাচায়! তাইৰ কথা শুনি,অনিল কঁপিবলে ধৰিলে। কিন্তু অনিলে, যেনে তেনে অলপ সাহস কৰি পাচফালে ঘূৰি চালে। তেতিয়া অনিলে দেখা পালে, তাৰ সন্মুখত এজনী ছোৱালীয়ে কোলাত কেচুৱাঁ এটি লৈ ৰৈ আছিল। যেতিয়া অনিলৰ দৃষ্টি তাইৰ ওপৰত পৰিল, তেতিয়া তাইৰ চকুলো বৈ আহিল। সেই ছোৱালী জনীয়ে কান্দি কান্দি অনিলক সুধিলে, আপুনি মোক চিনি পোৱা নাই নি!
অনিলে, কপাঁ কপাঁ মাতেৰে কলে, নাইপোৱা। মই কেনেকৈ চিনি পাম হয়নে!দৰাচলতে যি জনী ছোৱালী অনিলৰ সন্মুখত ৰৈ আছিল, তাইৰ মৃত্যু কিছুদিনৰ পূৰ্ৱে হৈছিল।
অনিলক ভয় কৰা দেখা পায় তাই কলে, ভয় কিয় কৰিছে, ভয় নকৰিব। মই আপোনাক একো নকৰোঁ। কিন্তু মোক এতিয়া মুক্তি লাগে!
অনিলে, পুনৰ ভয়ে ভয়ে সুধিলে, কি দৰে পাবা তুমি মুক্তি!
অনিলৰ কথা শুনি সেই ছোৱালীজনীয়ে উত্তৰত কলে, যেতিয়ালৈকে মই সেইসকলক মৃত্যুদণ্ড নিদো, যি মোৰ মৃত্যুৰ কাৰণ হয়, তেতিয়ালৈ মোৰ মুক্তি নহব।
সেইসময়তে অনিলক গাওৰ লোক এজনে মাত দিয়াত , অ দাদা বুলি, পাচফালে ঘূৰোঁতেই, সেই ছোৱালীজনী নাইকিয়া হৈ গল। আৰু অনিলো তেতিয়া সেই গাওঁৰ লোকজনৰ লগত ঘৰৰফালে গুচি আহিল। বাটত সেই গাওঁৰ লোকজনে অনিলক সেই সময়ত সেই ঠাইত অকলে কাৰ লগত কথা পাতি আছিলা বুলি , অনিলে সেই সময়ত সেইজনক কিবা কোৱাটো সঠিক নুবুজি একো নোকোৱাকৈ ঘৰলৈ গুচি আহিল।
অনিলে যি জানিছিল, সেই ছোৱালীজনীৰ মৃত্যু এটা পুখুৰীত পৰি হৈছিল, আৰু যি এক দুৰ্ঘটনা আছিল। সেই ঘটনাত তাইৰ মৃত্যুৰ কাৰণ আন কোনোবা কেনেকৈ হব পাৰে! তাকে ভাৱোটে ভাৱোটে নিশাটো কেনেদৰে পাৰ হল, অনিলে গমকে নাপালে। আৰু পোহৰ হলত অনিল নিজৰ কামলৈ গল। আৰু সেইদিনাও যেতিয়া অনিল ঘৰলৈ আহিবলৈ ওলাইছিল, তেতিয়া পুনৰ সেই ছোৱালীজনীয়ে পাচফালৰপৰা অনিলক মাত দিলে, অলপ শুনকচোন! ছোৱালীজনীৰ মাত শুনা পায়ে অনিলে তৎক্ষনাত পাছফালে ঘূৰিলে। ভয়টো অনিলৰ তেতিয়াও আছিল। কিন্তু অনিলে সোনকালেই জানিব বিচাৰিছিল যে, ছোৱালীজনীয়ে অনিলৰ পৰা কি বিচাৰিছিল! অনিলে তাই ফালে ঘূৰি লৈ সুধিলে, কোন হৈ তোমাৰ মৃত্যুৰ কাৰণ! ( Storyboard )
তেতিয়া ছোৱালীজনীয়ে কলে, মোৰ পৰিয়ালৰ সকলো লোক। যি সকলে মোক প্ৰথমে মোক বহুত মাৰ ধৰ কৰিলে, যিয়ে মোৰ লগত জীৱ জন্তুতকেও বেয়া ব্যৱহাৰ কৰিছিল, আৰু এদিন যেতিয়া মোৰ জ্বৰ হৈছিল, তেতিয়া মোক তেওঁলোকে পুখুৰীৰ পৰা পানী আনিবলৈ কলে, আৰু যেতিয়া মই পুখুৰীৰ পৰা পানী আনিব লওঁতেই, মোৰ খুড়াই মোক পাচফালৰপৰা পুখুৰীত ঠেলা মাৰি দিলে। আৰু মই পুখুৰীৰ পানী খায় খায় পুখুৰীতে মৃত্যুক সাৱটি ললো।
অনিলে কলে, কিন্তু তোমাৰ খুড়াৰো মৃত্যু সেই পুখুৰীত পৰিয়েই হৈছিল! তোমাৰ মৃত্যুৰ দুদিনৰ পাচতে! তেতিয়া ছোৱালীজনীয়ে কলে, হয়, মইয়েই খুড়াক পুখুৰীলৈ টানি নিচিলো। আৰু তাৰ পাছত মই সেই সকলোকে মৃত্যুদণ্ড দিলো। যি মোৰ মৃত্যুৰ কাৰণ আছিল, সকলোৱে বৰ ভয়ানক ভাৱে মৃত্যুক সাৱটি ললে।
তাইৰ কথা শুনি অনিলে সুধিলে, তাৰপিছত তুমি কিয় মুক্তি নাপালা! আৰু এয়া তোমাৰ কোলাত সন্তানতি কাৰ! তেতিয়া তাই কলে, সেইসকলৰ মাজৰ বৰ্তমান এতিয়াও এজন জীৱিত হৈ আছে।
অনিলে, সুধিবলৈ লওঁতে সেইজন কোন বুলি, অনিলে তেতিয়া চাইকেলৰ বেলৰ শব্দ শুনিবলৈ পালে। চাইকেলৰ বেলৰ শব্দ শুনা পায়, অনিলে পাছফালো ঘূৰি চাই দেখা পালে পোষ্টমেন দাদা অনিলৰ ফালে আগবাঢ়ি আহি আছিল। পোষ্টমেন অনিলৰ কাষ পাই, চাইকেল ৰখাই মাত দিলে, অ মহাৰাজ, এই সময়ত ইয়াত কাৰ লগত কথা পাতি আছা? সকলো ঠিকে আছে ন!অনিলে কিবা কোৱাৰ আগতে পোষ্টমেন জনে কলে, যোৱা যোৱা, ঘৰলৈ যোৱা। সময় বহুত হল। অনিলক তেনেদৰে কয় পোষ্টমেনজন তাৰ পৰা আগবাঢ়ি আহিল। আৰু তেতিয়া সেই ছোৱালীজনী পুনৰ অদৃশ্য হৈ গল। তেতিয়া অনিলো ঘৰলৈ গুচি আহিল। এই প্ৰশ্ন লগত লৈ যে, সেই জীৱিত থকাজন কোন!
পাচদিনা আবেলি অনিল ঘৰলৈ অহা আগতে সেই ছোৱালীজনীলৈ বাট চাই ৰৈছিল। যে কেতিয়া তাই অনিলক মাত দিয়ে। আৰু অনিলে তেনেদৰে ভাৱি থাকোতেই সেই ছোৱালীজনী য়ে অনিলক মাত লগালে। অ শুনকচোন! তাইৰ মাতষাৰ শুনা লগে লগে অনিলে লৰালৰিকৈ পাছফালে ঘূৰিলে। আৰু তাইৰ ওচৰলৈ কাষ চাপি গল। যেতিয়া অনিল তাইৰ একেবাৰে ওচৰ পালেগৈ, তেতিয়া তাই তাইৰ কোলাত থকা কেচুঁৱাটো অনিলৰ কোলাত দি দিলে। আৰু কলে যে, এয়া লওঁক আপোনাৰ সন্তান! তাইৰ তেনে কথা শুনি অনিল থৰ থৰকে কপিঁবলৈ ধৰিলে। সেই সন্তানটিৰ না কোনো মুখ আছিল, না কোনো হাত ভৰি! আৰু সেই ছোৱালীজনীয়ে কলে, মোৰ মৃত্যুৰ কাৰণ হৈছা তুমিয়েই এজন যি এতিয়ালৈকে জীৱিত হৈ আছা।
তাইৰ কথা শুনি অনিলে বুজিলে যে, আজি তাৰ জীৱনকালৰ অন্ত হব। অনিলৰ সম্পূর্ণ শৰীৰ ভয়তে তিতি গল। তাৰ শৰীৰৰ ভিতৰৰ পৰা গৰম হৈ গৈছিল। যেনে ভিতৰৰ পৰা উতলি উঠিছিল।।অনিলে, সন্তানটি কোলাত লৈ এটি শিলৰ মূৰ্তি দৰে ৰৈ থাকিল। সেই সময়ত সেই ছোৱালীজনী অনিলৰ চাৰিওফালে ঘূৰি আছিল। তেতিয়া সেই ছোৱালীজনীয়ে পুনৰ কলে, মই তোমাক আনসকলৰ দৰে কেতিয়াবাই মৃত্যুদণ্ড দিব পাৰিলো হয়। কিন্তু মই তোমাক এতিয়াও বহুত ভালপাওঁ। কিন্তু তুমি মোক নুবুজিলা। মই তোমাৰ বাবে মোৰ ঘৰৰ পৰিয়ালৰ লোকসকলৰ লগত যুদ্ধ কৰিলো। আৰু তেওঁলোকৰ পৰা মাৰ খালো। আৰু যেতিয়া তেওঁলোকে গম পালে, মই গৰ্ভৱতী বুলি, তেতিয়া তেওঁলোকে সমাজৰ ভয়ত মোক হত্যা কৰিলে। আৰু তুমিও আনৰ লগত সংসাৰ কৰিলা। মই কেৱল তোমাৰপৰাই আশা কৰি ৰৈছিলো। আৰু তুমিয়েই মোৰ লগ নিদিলা। সেইদিনা মই বিচৰা হলে পুখুৰী পৰা ওলাই আহিবলৈ পাৰিলো হয়, কিন্তু কাৰ বাবে মই ওলাই আহিলো হয়! মই তোমাক এতিয়াও হত্যা কৰিব নিবিচাৰো। নহলে মই মুক্তি নাপাম। যদি মোৰ প্ৰতিশোধ সম্পূর্ণ নহলে।
এই কথাখিনি সেই ছোৱালীজনীয়ে অনিলৰ ওচৰত কান্দি কান্দি কৈছিল। তাই মুখ মণ্ডলত তাইৰ দুখ পূৰ্ণ ভাৱে জিলিকি উঠিছিল। আৰু তেতিয়া অনিলে সকলো বুজি উঠিছিল। কিন্তু সেই সময়ত অনিলে একো কৰিব নোৱাৰিছিল। আৰু তেতিয়া ছোৱালীজনীয়ে অনিলৰ সন্মুখত ৰৈ কলে, যোৱা তোমাক আৰু এটা সুবিধা দিছো। মই তোমাৰ সলনি তোমাৰ গৰ্ভৱতী পত্নীক হত্যা কৰোঁ। যি দৰে মই মোৰ সন্তানৰ মুখ কেতিয়াও দেখা নাপালো, ঠিক তেনেদৰে তোমাৰ পত্নীও দেখা নাপাব।তাইৰ এই কথা শুনি অনিল কান্দোনত ভাঙি পৰিল। তেতিয়া অনিলে তাইৰ ওচৰত নিজৰ ভুলৰ ক্ষমা বিচাৰিলে। অনিলক কন্দা দেখি তাই নিজৰ সন্তানক অনিলৰ হাতৰপৰা লৈ মনে মনে অনিলৰ ওচৰৰ পৰা আঁতৰি আহিল। আৰু সেই দিন ধৰি, অনিলক আৰু কোনোদিন দেখা নকৰিলে। কিন্তু অনিলে অনুভৱ কৰিছিল তাই অনিলৰ ওচৰে পাজৰে সদায়ে আছে, কেৱল দেখা নিদিয়ে। আৰু সময়ত যেতিয়া অনিলৰ পত্নীৰ সন্তান জন্ম হল, সেই সন্তানটিৰ মূৰৰ গণ্ডগোল আছিল। যাৰ বাবে অনিলৰ সন্তানটো পগলা হৈ গল। অনিলে আজিও অনুভৱ কৰে, সেই ছোৱালীজনীয়ে আজিও মুক্তি নাপালে।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment