জীৱনৰ এই যাত্ৰাটো, কেনে ধৰণৰ যাত্ৰা.....কোনেও বুজি নাপায়....কোনেও নাজানিলে.........।( Storyboard )
গাড়ীখন সম্পূৰ্ণ নিজৰ গতিত সেই নিজান আৰু বহল ৰাস্তাটোত গৈ আছিল......।ৰাস্তাৰ দুয়োফালে বহুত দূৰলৈ পাহাৰে আৱৰি আছিল....।ঘন দেৱদাৰু গছৰ জংঘল।আকাশত ঘন ক'লা ডাৱৰে আৱৰি আছিল...। লাহে লাহে বৰষুণ আহিব ধৰিছিল.....। পশ্চিমফালে দূৰৰ পাহাৰৰ পিছফালে সূৰ্য অস্ত যাবলৈ ওলাইছিল। দেৱদাৰু গছবোৰত চৰাইবোৰে বহি চিঞৰি আছিল।গাড়ী খন চলাই নিৰঞ্জন অচিনাকি যাত্ৰালৈ আগবাঢ়ি গৈ আছিল....।
"সহযাত্ৰী এৰি দিয়া এতিয়া মোৰ আশা..... লগ মই কি দিম মোৰ এতিয়া আৰু সাহস নাই....তোমাক শিকাওনো মই কেনেদৰে......। তুমি তোমাৰ দৰে থাকিলা মই অৱশ্যে এতিয়া মই নহয়......।"
নিৰঞ্জনৰ সেই সকলোবোৰ গুণ আছিল। যি এজনী ছোৱালীয়ে নিজৰ সপোনৰ ৰাজকুমাৰৰ তাত দেখা পায়.....। আকৰ্ষণীয় ওখ পাখ...., বগা ৰং....মৰম লগা চকু... য'ত যিকোনো ছোৱালীয়ে নিজৰ সম্পূৰ্ণ অস্তিত্বৰ সৈতে ডুবি যাব বিচাৰে।
বহল বুকু, তাক দেখি কলেজৰ বহুতো ছোৱালীয়ে প্ৰেম পত্ৰ লিখিব বিচাৰিছিল। খেল-ধূল হওঁক বা পঢ়া শুনা নিৰঞ্জনে সকলোতে শীৰ্ষস্থান দখল কৰিছিল।
আজি নিজৰ স্মৃতিৰ আৱেগৰ সৈতে কাজিয়া লগাৰ দৰে নিৰঞ্জনে তাৰ চহৰখন বহু দূৰত এৰি গৈছিল.…..।সন্ধিয়া হৈ আহিছিল।ৰাতিটোৱে ক'লা পোছাক পিন্ধি পাহাৰখন আৱৰি ধৰিছিল......। দূৰৰ এটা ঘৰৰ পৰা পাকঘৰৰ ধুৱা উলাই আছিল.....। বৰষুণ বেছিকৈ দিব ধৰিছিল....। কোনোবাই নিজৰ মাজত মগ্ন হৈ গান গায় থকা শুনা গৈছিল।
"আজিও নাহিলা তুমি , বাৰিষা পাৰ হৈ গ'ল.....।"
সেইদিনা ৰাতিও এনেদৰেই বেছিকৈ বৰষুণ হৈ আছিল..।
যেতিয়া নিৰঞ্জনে সেই ছোৱালীজনীক লিফ্ট দিছিল..।তাই বৰষুণত সম্পূৰ্ণৰূপে তিঁতি আছিল....।
"তোমাৰ কাপোৰ তিঁতি গ'ল চোন....।ওচৰৰ ৰাস্তাটোতে মোৰ ঘৰ.... তুমি তাতে কাপোৰ সলাই ল'বা.....।"
"নালাগে,....মই ঠিকেই আছোঁ.....। কাৰোবাক লগ কৰিবলৈ আহিছিলো....।চহৰৰ পৰা অকমান দূৰতে মোৰ গাঁও.... আপুনি বেয়া নাপায় যদি মোক তাত থৈ আহিব নেকি?"
চিগাৰেটৰ ধোঁৱা গাড়ীখনৰ গ্লাচৰ বাহিৰলৈ উলিয়াই দি সি সেই ছোৱালীজনীৰ চেহেৰাটো গাড়ী আইনা খনত চাইছিল। অলপ ছায়ঁবৰণীয়া ৰং....মৰম লগা চকু...কাপলত দীঘলীয়া ফুট... সুস্থ-পুষ্ট দেহ.... মেকাপ নকৰাকৈয়ে তাইক বহুত ধুনীয়া লাগিছিল....।
তিঁতি যোৱা ফলত তাইৰ চুৰনিখন গাত লাগি ধৰিছিল...। নিৰঞ্জনে আইনৰ পৰা চকু আতঁৰাই আনিলে...আৰু বাহিৰলৈ চাবলৈ ধৰিলে...।
''কি নাম তোমাৰ...? আৰু কি কৰিবলৈ আহিছিলা গাওঁৰ পৰা ইমান দূৰত এই চহৰলৈ....?"
"মিনু.....ককায়ে মোক এইটো নামেৰেই মাতে......খোৱা বোৱা খৰচৰ বাবে মাহত এবাৰ দুবাৰ চহৰলৈ আহিব লগা হয়......।ককা বৃদ্ধ হৈ আহিছে যে... এতিয়া কষ্ট আৰু কাম কৰিব নোৱাৰে ...। মা মোক জন্ম দিয়ে ধুকাল....। দেউতায়ে বেলেগ মহিলা এজনীক ভাল পায় আৰু বেলেগ এখন গাঁৱত থাকে। এতিয়া মই নিজৰ খোৱা বোৱা ব্যবস্থা নকৰিলে কোনে কৰিব...?"
নিৰঞ্জনে আজি ভুক আৰু খোৱা মাজত সম্পৰ্ক বুজি পাইছিল....। ওচৰৰ এজোপা গছত নিজৰ চিকাৰৰ অপেক্ষাত ফেঁচা এটা বহি আছিল। দূৰত কোনোবাই যেন গাই আছিল।
"নিজৰ পত্নী যিমানে ভাল হওঁক,পুৰুষে সতিনীৰ সৈতে থাকিব মন কৰে ...."
"যদি তুমি মোক বিশ্বাস কৰিব পৰা তেতিয়া আজি ৰাতি মোৰ ঘৰতে থকা ।কাইলৈ ৰাতিপুৱা মই তোমাক তোমাৰ গাঁৱত থৈ আহিম.....।
ছোৱালীজনী মনে মনে আছিল....। তাই মনে মনে থকাটোৱে হয় থাকিম বুলি তাইৰ উত্তৰ আছিল। নিৰঞ্জনে গাড়ীখন নিজৰ ঘৰৰ ফালে ঘূৰাই লৈ গ'ল।
"আপুনি কি কৰে দাদা...?
"ডিগ্ৰীৰ শেষ ষান্মাসিকত পঢ়ি আছোঁ....। কেতিয়াবা কেতিয়াবা মডেলিংও কৰো ।খোৱা বোৱা আৰু পিন্ধাৰ পইচা উলাই যায়।"
নিৰঞ্জনে তাইক নিজৰ সকলো সঁচা কথা কৈ দিলে। ছোৱালীজনীয়ে একো নক'লে।মনে মনে গাড়ীৰ খিৰিকীয়ে দি বাহিৰলৈ চাই আছিল। দূৰৰ এটা জাৱৰৰ দ'মত এজনী বৃদ্ধ মহিলাই নিজৰ আহাৰ বিচাৰি আছিল.....।
গাড়ীখন গৈ ৰল আৰু তাই চুপচাপ গাড়ী পৰা নামি এটা চুকত ৰৈ থাকিল।
"বলা"
নিৰঞ্জনে ছোৱালীজনীক নিজৰ পিছে পিছে আহিবলে ইংগিত দিলে।
ওচৰত ৰৈ থকা চিক'ৰ্তিজনে নিৰঞ্জনলে ঘুৰি চালে
" মোৰ গাঁৱৰ সম্পৰ্কীয় ছোৱালী.... আজি ৰাতি ইয়াতে থাকিব...।"
"চাৰ লিফ্ট দুপৰীয়া পৰাই বেয়া হৈ আছে চিৰিয়ে দি যাব লাগিব...."।
নিৰঞ্জনৰ পাছে পাছে ছোৱালীজনী চুপচাপ গৈ আছিল।
"এইটোৱে মোৰ সৰু ঘৰ.... ভিতৰলৈ আহা..."।
"আপোনাৰ ঘৰটো বহুত ডাঙৰ দাদা ....."।
"সেইটো বাথৰুম.... যোৱা তুমি সলাই লোৱা.....আৰু যি কাপোৰ ভাল লাগে উলিয়াই পিন্ধি ল'বা.....। মই তেতিয়ালৈকে কিবা খোৱাৰ ব্যবস্থা কৰোঁ....।"
নিৰঞ্জন পাকঘৰৰ ফালে আগবাঢ়ি গৈছিল..। ছোৱালীজনীয়ে ঘৰতো চাবলে ধৰিলে।এটা ৰুম, বাথৰুম আৰু এটা পঢ়া-শুনা কৰা ৰুম আছিল। বিচনাত এখন গিটাৰ আৰু বহুত কিতাপ মেলি থোৱা আছিল। ওচৰতে থকা টেবুল খনত এখন প্লেটত নোমোৱাই থোৱা চিগাৰেটৰ ছাঁয়ে ভৰি আছিল। বেৰত ধোনী আৰু শ্বাহৰুখ খানৰ ফটো লগাই থোৱা আছিল।
"লোৱা এইয়া বেড ,চালাত আৰু কফি .., মাত্ৰ ইমানেই যোগাৰ কৰিব পাৰিলো.....।"
ছোৱালীজনীয়ে গা ধুই নিৰঞ্জনৰ এটা চাৰ্ট পিন্ধিছিল । সেইয়া দেখি সি নহঁহাকে থাকিব নোৱাৰিলে ।
"তুমি খোৱা..... মই গা ধুই লওঁ...অকমান ভাগৰ লাগিছে....। কিবা আৰু যদি লাগে ফ্ৰিজৰ পৰা উলিয়াই ল'বা....।"
নিৰঞ্জন যেতিয়া বাথৰুমৰ পৰা উলাল তাৰ গাত অকল এখন টাৱেল আছিল....। তাৰ গাত পানীৰ সৰু সৰু টোপালবোৰ জিলিকি আছিল....। ছোৱালীজনীয়ে মনে মনে তাৰ ফালে চালে আৰু তললৈ মূৰ কৰি দিলে......।
তাই কিবা গান গুণগুণাই আছিল চাগে-
"মোৰ মিনতি…তৰা হয় যদি"
তোমাৰ আকাশ চুব"…
ছোৱালীজনীৰ চকুত দুখ দেখা গৈছিল....তাই গাই গাই ৰৈ গ'ল.... আৰু বিচনাত থোৱা কিতাপবোৰত উলোতা পুলোতা আঁচ টানিবলৈ ধৰিলে....।
"ৰৈ কিয় দিলা ..... গোৱা আকৌ...."।
নিৰঞ্জন গানটো শুনিবলৈ আগ্ৰহী যেন লাগিছিল ।তাই তাক মনা কৰিব নোৱাৰিলে । তাই আকৌ গাবলৈ ধৰিলে....।
" মোৰ এই গান…যদি সুৰ হয়
মোৰেই কথা কব
মোৰ মিনতি...।"
"তুমি তোমাৰ মাতত ইমান দুখ ক'ৰ পৰা আনা মিনু ..."?
নিৰঞ্জনে প্ৰথমবাৰ ছোৱালীজনীৰ নাম কাঢ়িছিল....।
ছোৱালীজনী আৱেগিক হৈ পৰিল। তাই চকুৰ পৰা উলোৱা চকু পানীয়ে তাইৰ হৃদয়ত আৰু মনত লগা আঘাতবোৰ ব্যক্ত কৰি দিছিল .....।
সম্পৰ্কবোৰতো দুখৰে হয় ....নিৰঞ্জনে এতিয়া নিজকে আৰু স্বম্ভালীব নোৱাৰিলে....। ছোৱালীজনীক বুকুৰ মাজত সাবতি ধৰিলে.....। তাৰ বুকুখন ছোৱালীজনীৰ গৰম চকু পানীয়ে তিঁতি গ'ল....।( Storyboard )
"কান্দিবলৈ দিয়া আজি মোৰ দুয়োটা চকু ফুলি যাবলে দিয়া ।
সাবতি ধৰিবলৈ দিয়া আৰু মোক চকু পানীৰে তিঁতি যাবলৈ দিয়া।
হৃদয়ত থকা সকলো দুখ নাইকীয়া হ'বলৈ দিয়া।
ইমান দুখ যে তোমাৰো কাপোৰ তিঁতি যাব.....।"
ছোৱালীজনীয়ে বহুত দেৰি কান্দি থাকিল। নিৰঞ্জনে তাইৰ দুখবোৰ বহুত দেৰি অনুভৱ কৰি থাকিল.....।
ছোৱালীজনীৰ কন্দা বন্ধ হৈছিল কিন্তু তাইৰ চকু পানীয়ে নিৰঞ্জনৰ হৃদয়ত বহুত প্ৰশ্ন অংকন কৰি পেলালে.…। ৰাতি বহুত দেৰি হৈ গৈছিল....। দিনটোৰ ভাগৰে তাক ভাগৰুৱা কৰি পেলাইছিল....।তাৰ পাছত
নিৰঞ্জন শুই পৰিছিল....।
কিন্তু ছোৱালীজনী সাৰ পাই থাকিল...। নিৰঞ্জনে লিখা ডায়েৰি পাতবোৰ লুটীয়াই আছিল। কিবা পঢ়িও আছিল....।
"তুমি পাৰা যদি মোক পাহৰি যোৱা
তোমাক পাহৰিবলৈ মোক হয়তো বহুত জনম লাগিব।
তোমাৰ চহৰৰ পৰিৱেশ মোৰ বহুত ভাল লাগিল।
মই এটা সন্ধিয়া চুৰ কৰি লওঁ,যদি তোমাৰ বেয়া নালাগে...।"
যেতিয়া নিৰঞ্জন সাৰ পালে.... টেবুলত ৰখা ঘড়ীটো চালে দিনৰ ১২বাজি গ'ল.....। সি এটা দীঘলীয়া শান্তিৰ উশাহ ল'লে.....।
"মিনু......মিনু....."
কিন্তু মিনুক ক'তো বিচাৰি নাপালে......।বাথৰুম...পাকঘৰ...ক'তো নাছিল তাই। গুচি গ'ল তাই ঘৰতোৰ বেৰত হাজাৰ হাজাৰ অদৃশ্য উত্তৰ এৰি থৈ...।
আচলতে কোন আছিল তাই....ক'ৰ পৰা আহিছিল তাই...?
নিৰঞ্জন তাতে পকাত বহি পৰিল।
একো বুজি পোৱা নাছিল নিৰঞ্জনে.... তাইৰ দুখত ডুবি থকা চকু জোৰ সি পাহৰিব পৰা নাছিল..। এতিয়া সি ক'ত বিচাৰিব তাইক..তাইটো তাইৰ গাওঁৰ নামো কোৱা নাছিল....। সি নিজৰ ওপৰতে লাজ অনুভৱ কৰিছিল...। কিজানি তাইক পইচা প্ৰয়োজন আছিল...। তাই নিজৰ অৱস্থা বিষয়ে কৈছিল.... কিন্তু সি হয়তো বুজি নাপালে..।
এটা চিগাৰেটৰ সি মুখত লৈছিল.....। তেতিয়াই এজাক বতাহ ভিতৰলৈ সোমাই আহিছিল....। টেবুলত ৰখা ডায়েৰি পাতবোৰ বতাহত লুটি খাবলৈ ধৰিলে। নিৰঞ্জনৰ কিবা মনত পৰিল আৰু সি ডায়েৰিখন লুটিয়াবলে ধৰিলে.....।শেষৰ পৃষ্ঠাত কিবা লিখা আছিল। যিবোৰ পঢ়ি তাৰ মুৰৰ শিৰবোৰ ফাটি যোৱা লাগিছিল....।
" আপোনাক একো নোকোৱাকৈ মই যাবলৈ উলাইছো... আপুনি যি সন্মান মোক দিলে....তাৰ ধাৰ মই হয়তো কেতিয়াও ঘূৰাব নোৱাৰোঁ । এজনী অচিনাকি ছোৱালী লগ পায় তাইক নিজৰ ঘৰত আশ্ৰয় দিয়াতো ....হয়তো আপোনাৰ কাৰণে নতুন....। যেতিয়াৰ পৰা সচেতন অৱস্থালৈ আহিছোঁ। মই এইবোৰে কৰি আহিছোঁ...। আপোনাৰ দৰে কোনোবা নহয় কোনোবা অচিনাকি মানুহে মোক লিফ্ট দিয়ে.....।
সিহঁতৰ বেয়া আচৰণ আৰু বাসনৰ বাবে সিহঁতি মোক গচঁকি মঁহাৰি পেলোৱাৰ দৰে অৱস্থা কৰে...। তাৰ পাছত পাওঁ কেইটামান টকা ,যাৰ ফলত মই খোৱা বোৱা বস্তু যোগাৰ কৰিব পাৰোঁ.....।
মই কালি ৰাতি এইটো উদ্দেশ্যতে আপোনাক লগ কৰিছিলো। মইটো চন্দ্ৰতো নিজৰ খাদ্য বস্তু দেখা পাওঁ দাদা...। আজি মই ঘৰৰ পাকঘৰত ৰান্ধিব নোৱাৰিম..।
কিন্তু আপুনি দিয়া সন্মান আৰু মৰমবোৰ লৈ মই যামগে....। আপোনাক লগ পায় এইটো গম পালো যে সকলো মানুহ মোৰ দেউতাৰ দৰে নহয়....। মোক ক্ষমা কৰি দিব...। মই ইমান সাহস গোটাব নোৱাৰিলোঁ যে আপোনাক সকলো ক'ব পাৰোঁ....। মই যাওঁ।
মিনু..।
স্মৃতিৰ ধৌবোৰ লাহে লাহে নাইকীয়া হৈছিল। গাড়ী চিতত বহি নিৰঞ্জনে কান্দি আছিল। ক'ৰবাত দূৰত শিয়ালেও চিঞৰি আছিল..। বৰষুণ ও অলপ অলপকৈ হৈ আছিল। সি আকৌ গাড়ীখন চহৰৰ ফালে ঘুৰালে আৰু সি সোনকালেই সেইখিনি ঠাই পাব বিচাৰিছিল য'ত সি মিনুক লগ পাইছিল।
কিন্তু সিদিনা ৰাতি সি মিনুক লগ নাপালে...। নিৰঞ্জনে সদায় ৰাতি সেইখিনি ঠাইলৈ গৈছিল য'ত সি মিনুক পাইছিল আৰু সদায় সি অপেক্ষা কৰি থাকিছিল....।
কিন্তু এদিন সন্ধিয়া......।
"আহা তোমাক তোমাৰ গন্তব্যস্থানত থৈ আহোঁ...।"
"দাদা আপুনি..."?
"ভিতৰত বহা মোৰ পিছত নহয় মোৰ কাষত..."
মিনুৰ চকু পানী বৈ আহিছিল..... কিন্তু এইয়া সুখৰ চকু পানী আছিল.....।
"কিবা এটা গান শুনোৱা মিনু"
"জোনাক গলা জাৰৰ নিশা
মূৰ থৈ শেতা শেতেলী
গনি গনি আঙুলী মূৰত
আছে কিমান চকুৰ পানী
সুখৰ চিকুন মণি
ময় ভাগৰা নাই,জীৱন হেৰুৱা নাই.....।"
ডাৱৰ নাইকীয়া হৈ পৰিছিল ..... আকাশখন পৰিস্কাৰ হৈ পৰিছিল...। গাড়ীখন এতিয়াও নিজৰ গতিত গৈ আছিল...।নিৰঞ্জন এতিয়া অকলে নাছিল...। তাৰ লগত তাৰ মিনু আছিল...।
আধৰুৱা উশাহ আছিল। ধিপধিপনিও আধৰুৱা , আধৰুৱা আছিলোঁ মই কিন্তু এতিয়া চন্দ্ৰ সম্পূৰ্ণ হৈ পৰিল আৰু সম্পূৰ্ণ হ'লো আমিও......।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment