এজনী বাপেক নথকা ছোৱালীৰ জীৱন কাহিনী : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 4, 2021

এজনী বাপেক নথকা ছোৱালীৰ জীৱন কাহিনী : Storyboard

Storyboard

 নগেন মহাজনে তেওঁৰ বিদ্যালয়ৰ প্রার্থনা সম্পূৰ্ণ কৰি বাহিৰলৈ আহোতেই কণমানি ছোৱালীজনীয়ে তেওঁৰ হাতখন ধৰিলে। তেওঁ ৰল আৰু মৰমেৰে তাইক নামটো সুধিলে।( Storyboard )

তাই উত্তৰ দিলে, ' আৰোহি'।

মহাজনে তাইক কোছত তুলি লৈ কলে,' তুমি কিবা পুৰস্কাৰ পালা নে?'

তাই মহাজনৰফালে গভীৰ ভাৱে চাই কলে, ' আপুনি  গুচি গলে মোৰ কান্দিব মন যায়। মোকো লগত লৈ বলক।'

মহাজনে হাঁহি মাৰি কলে,' মই বহুত দূৰ যাম, তুমি কেনেকৈ যাবা?'

তাই বৰ মৰমেৰে মহাজনৰ ডিঙিত হাত থৈ কলে,' আপুনি যতেই যায় মইও যাম। মই আপোনাৰ ছোৱালী হব খোজো।'



বিদ্যালয়ৰ শিক্ষক এজন আগবাঢ়ি আহি কলে,' আজি এবছৰ হৈছে তাইৰ দেউতাক ঢুকোৱা। মাকে কাপোৰ চিলাই কৰে । বহুত কষ্টেৰে চলি আছে।

মহাজন বহুত দয়ালু আছিল। কথাষাৰ শুনি তেওঁ কান্দি পেলালে। তাইৰ সেই মৰমলগা প্রার্থনাত যি দুখ আছিল সেইয়া যিকোনো লোককে গলাব পাৰে। দুৰ্ভাগ্য আৰু অসহায়তাক ইয়াতকৈ আৰু দুখজনকভাবে ব্যক্ত কৰিবলৈ সম্ভৱ নাছিল।

নগেন মহাজনে ভাবিলে,' এই কনমানি মনটোত কিমান যে আশা আছে ঠিক নাই ? লগৰ ছোৱালীবোৰে চাগে নিজৰ খেলা বস্তুবোৰ দেখুৱাই আৰোহিক কয় , এইটো মোৰ দেউতাই দিছে। তেওঁলোক হয়তো  দেউতাকৰ লগত স্কুললৈ আহে । মেলাত ফুৰিবলৈ যায় আৰু নিজৰ মনোকামোনা পূৰণ কৰিবলৈ জিদ কৰে। এইবোৰ শুনি তাইৰো মন যায় চাগে যদি তাইৰো দেউতাক থাকিল হয় তাইও সেই সকলোবোৰ কৰিব পাৰিলে হয়। মাকৰ মৰমত আত্মীয়তা থাকে আৰু বহুত গভীৰ হয় যিটো সন্তানে বুজি নাপায়। দেউতাকৰ মৰমত ফুৰ্তি আৰু নিজস্বতা থাকে যিটো সন্তানে বেছি বুজি পায়।

 মহাজনে আৰোহীক সাৱটি ধৰি কলে,' ঠিক আছে মই তোমাক মোৰ ছোৱালী বনাম। কিন্তু খুব মন লগাই পঢ়িব লাগিব। এতিয়া ছুটীৰ সময় হল , ব'লা মোৰ লগত তোমাক ঘৰত থৈ আহিম।'



মহাজনে আৰোহিক নিজৰ গাড়ীত বহুৱাই ললে। আৰোহিয়ে খুব গৰ্বেৰে তাইৰ লগৰ ছোৱালীবোৰৰফালে চালে। তাইৰ ডাঙৰ ডাঙৰ চকুবোৰ ফুৰ্তিত জিলিকি উঠিছিল আৰু মুখখন জোনাক ৰাতিৰ দৰে পোহৰ হৈ উঠিছিল।

মহাজনে তাইক বজাৰত খুব ফুৰালে। তাইৰ পছন্দৰ আৰু তেওঁ নিজে পছন্দ কৰি কিছুমান বস্তু কিনি দিলে। আৰোহি কথা পাতি পাতি ভাগৰি পৰিল আৰু মৌন হৈ গল। তাই ইমান বস্তু দেখিলে আৰু ইমান কথা শুনিলে যে তাইৰ মন ভৰি গল। সন্ধিয়ালৈ আৰোহি আহি ঘৰ পালে আৰু গাড়ীৰ পৰা নামি তাই অলপ আৰাম পালে। ঘৰৰ দৰ্জা বন্ধ আছিল। তাইৰ মাক কোনোবা গ্ৰাহকৰ ঘৰত কাপোৰ দিবলৈ গৈছিল। আৰোহিয়ে তাইৰ উপহাৰবোৰ উলট পালত কৰিব আৰম্ভ কৰিলে। ধুনীয়া ৰৱৰৰ পুতলা, অলপ টিপিলেই ছোঁ ছোঁ শব্দ কৰা পুতলা আৰু তাত বাজি থকা গান শুনি তাই খুব ফুৰ্তি পাইছিল। কোমল কাপোৰ আৰু ৰং বিৰঙৰ খাৰুৰ বানদুল আছিল ।  তাই এই বস্তুবোৰ পাই যিমান সুখী আছিল তাতকৈ বেছি সুখী তাই তেতিয়া হব যেতিয়া লগৰবোৰক এইবোৰ দেখুৱাব। লগৰবোৰৰ জোতাবোৰ ধুনীয়াতো হয় কিন্তু তাত তাইৰ যোৰৰ দৰে ফুল নাই।এনেকুৱা পুতলা হয়তো আৰোহিৰ লগৰবোৰে দেখায়ে নাই। এইবোৰ ভাবি তাই ফুৰ্তিত কব নোৱাৰা হল আৰু গান গাব ধৰিলে। মহাজনে দৰ্জামুখত ৰৈ এইবোৰ দৃশ্য দেখি বহুত আনন্দ পাইছিল। তেনেকুৱাতে আৰোহিৰ মাক ৰূপালী কাপোৰৰ বেগ এটা লৈ ওলালহি। আৰোহিয়ে আনন্দত একেজাপে আহি মাকৰ ভৰিত সাৱটি ধৰিলে। ৰূপালীৰ মুখখন সেতা হৈ আহিছিল। চকুত চিন্তা আৰু অসহায়তা লুকাই আছিল। তাই যে ভিতৰি বহুত কিবা চিন্তা কৰি থাকে জীৱনত কাৰো সহায় নোপোৱা বাবে তাইক দেখিলেই গম পোৱা গৈছিল।


কিন্তু ৰূপালিয়ে যেতিয়া আৰোহিক কোলাত তুলি লৈ চুমা যাছিলে তেতিয়া অলপ সময়ৰ কাৰণে তাইৰ মুখত আশা আৰু জীয়াই থকাৰ হেপাঁহ দেখা গল।

মৰি যোৱা ফুল জী উঠিল। ৰূপালিয়ে আৰোহিক কলে,' আজি তই ইমান দেৰিলৈকে কত আছিলি? মই তোক বিচাৰি স্কুললৈ গৈছিলোঁ।'

আৰোহিয়ে হাঁহি মাৰি কলে,'মই গাড়ীত উঠি বজাৰলৈ গৈছিলোঁ। তাৰ পৰা বহুত ভাল ভাল বস্তু আনিলোঁ। সেইফালে চোৱা কোন ৰৈ আছে?'

মাকে মহাজনৰফালে চাই লাজ কৰি মোৰ তল কৰিলে।

বাৰাণ্ডালৈ গৈ আৰোহিয়ে মহাজনৰ কোলাত উঠি মাকক বিশ্বাস ডিয়াবলৈ মৰমেৰে কলে, ' আপুনি মোৰ দেউতা হয় নে?'

মহাজনেও মৰমসনা মাতেৰে কলে,' অ, তুমি মোৰ মৰমৰ ছোৱালী হয়।'

আৰোহিয়ে তেওঁৰফালে বাসনা ভৰা চাৱনিৰে কলে,' এতিয়া আপুনি সদায় ইয়াতে থাকিব নে?'

মহাজনে তাইৰ মূৰত হাত ফুৰাই কলে,' মই ইয়াত থাকিলে কাম কোনে কৰিব? মই  মাজে সময়ে তোমাক চাবলৈ আহি থাকিম কিন্তু তাৰ পৰা তোমাৰ কাৰণে ভাল ভাল বস্তু পঠিয়াই থাকিম।

আৰোহি উদাস হৈ পৰিল। ইমানতে ৰূপালীয়ে ঘৰৰ  দৰ্জা খুলিলে আৰু বহুত ফুৰ্তিৰে ফটা ছিটা কাপোৰবোৰ গোটেই চুক এটাত থৈ দিলে যাতে নগেন মহাজনৰ চকু এইবোৰত নপৰে। এই স্বাভিমান মাইকী মানুহৰ আপোন।

ৰূপালিয়ে এতিয়া চিন্তাত পৰিল যে তাই কেনেকৈ মহাজনৰ শুশ্ৰষা কৰিব। তাই মহাজনৰ নামটো আগতে শুনিছিল। তাইৰ স্বামীয়ে সদায় তেওঁৰ বিষয়ে সন্মানত কথা কৈছিল। তেওঁৰ দয়া আৰু উদাৰতাৰ কথা বহুত বাৰ শুনিছে।

ৰূপালিয়ে মহাজনক মনতে দেৱতাৰ দৰে পুঁজিছিল। তাই কেতিয়াও ভবা নাছিল যে কোনোবাদিন সেই দেৱতাজন আহি তাইৰ ঘৰত উপস্থিত হৈ তাইৰ ঘৰ পোহৰাই তুলিব। কিন্তু আজি যেতিয়া সেই শুভ ক্ষণ , শুভ দিনতো আহিল , তাই ইমানৰো যোগ্য নহয় যে তেওঁক বহিবলৈ ভাল মুঢ়া এটাকে পাৰি দিব। ঘৰত তামোল পানো নাই। তাই নিজৰ চকুলোক ৰখাব নোৱাৰিলে।

 যেতিয়া সন্ধিয়া হল আৰু ওচৰৰ মন্দিৰৰ পৰা ঘণ্টা আৰু গান বাজনাৰ শব্দ শুনিলে তেতিয়া মহাজনে উচ্চস্বৰত কলে,' ভন্টি, মই এতিয়া যাওঁ । মোৰ ইয়াত বহুত কাম কৰিব লগা আছে। চাবা মোৰ আৰোহিৰ যাতে একো অসুবিধা নহয়। সুবিধা পালেই মই তাইক চাবলৈ আহিম। তাইক ভৰণ পোষণ দিয়াৰ দায়িত্ব মোৰ আৰু মই বহুত আনন্দ মনেৰে এই কাম কৰিম। এইবোৰৰ কাৰণে তুমি আৰু চিন্তা নকৰিবা। মই তাইৰ বাবে এই কথা নিশ্চিত কৰি ললো আৰু এইটো তাৰ প্ৰথম কিষ্টি।/p>


কথাখিনি কৈ মহাজনে তেওঁৰ ধুনীয়া মনিবেগতো উলিয়াই ৰূপালিৰ সন্মুখত থৈ দিলে। তাইৰ চকুলো বৈয়ে আছিল। তেওঁৰ ভৰিত পৰি সেৱা জনাই কান্দিবৰ মন গল ৰূপালীৰ। আজি প্ৰথমবাৰৰ বাবে তাইৰ দুখত সমভাগি হোৱা এজন মানুহ লগ পাইছিল।

যেতিয়া মহাজন যাবলৈ ওলাল তাই দুইখন হাত যোৰ কৰি তেওঁক প্ৰণাম কৰিলে। তাইৰ অন্তৰৰ গভীৰতাৰ পৰা প্রার্থনা ওলাল,' আপুনি এগৰাকী অসহায় তিৰোতাক সহায় কৰিলে , ভগৱানে আপোনাৰ মংগল কৰক।'

পিছদিনা আৰোহি স্কুললৈ যাওঁতে  সাজি কাঁচি গল। শিক্ষক সকলে তাইক খুব মৰম কৰিলে আৰু লগৰ ছোৱালীবোৰে তাইৰ প্ৰতিটো বস্তু আচৰিত আৰু লোভৰ চকুৰে চালে। আজি আৰোহি সেইজনী ছোৱালী নহয় যিয়ে অসহায়ভাবে বেলেগৰ বস্তুত চকু দিছিল। আজি তাইৰ কামবোৰত শিশুসুলভ মনটো ফুটি উঠিছিল আৰু তাই কথা কৈ ভাগৰা নাছিল। কেতিয়াবা গাড়ীত উঠাৰ কথা কলে আকৌ কেতিয়াবা বজাৰত দেখা বিভিন্ন বস্তুবোৰৰ ব্যখ্যা কৰিলে। কোনোবা সময়ত তাইৰ পুতলা কেইজনিৰ কুশল মংগল কামনা কৰিলে আৰু কেতিয়াবা তাইৰ দেউতাকৰ গুণ বখানিলে। তাইৰ অন্তৰখন আকাংক্ষৰে ভৰি আছিল।

এমাহ পিছত নগেন মহাজনে আৰোহিৰ কাৰণে পইচা আৰু উপহাৰ পঠিয়ালে। বেচেৰী মাক জনীৰ তেওঁৰ কৃপাত জীৱিকাৰ বাবে থকা চিন্তাৰ অন্ত পৰিল। মহাজন যেতিয়া তেওঁলোকৰ অঞ্চলৰ ফালে আহে তেতিয়াই আৰোহিৰ ওচৰলৈ আহে। তেওঁৰ আগমনে তাইৰ মনত প্ৰসন্নতা আৰু মনোৰঞ্জনৰ বাবে মাহজোৰা বস্তুৰে ভৰাই তোলে।


এনেদৰে বহুত বছৰ পাৰ হল আৰু আৰোহিয়ে যৌৱনত ভৰি দিলে। সৰু হৈ থাকোতে তাইৰ মনোভাব বোৰত এক বিশেষ কাৰণ আৰু মনোকামনা আছিল।

আৰোহি এতিয়া বাহ্যিক আৰু আন্তৰিক  সৌন্দৰ্যত স্কুলত সকলোতকৈ আগত । চলন ফুৰণত আকৰ্ষণতা আৰু কথাত গানৰ দৰে মধুৰ সুৰ আৰু আত্মিকতা আছিল। কাপোৰত ৰঙীনতা আৰু চকুত লাজ আৰু সংকোচ আৰু চিন্তা ধাৰাত পবিত্ৰতা আছিল। যৌৱন আছিল অহংকাৰ আৰু চঞ্চলতাৰ পৰা মুক্ত। তাইৰ মাজত এটা একাগ্ৰতা  আছিল যিটো উচ্চ আকাংক্ষাৰে জন্মিছিল।

  নগেন মহাজনৰ ডাঙৰ লৰা মিন্টু বহুত বছৰ ধৰি আমেৰিকা আৰু জাৰ্মানীত থাকি ইঞ্জিনীয়াৰিং বিভাগত ভাল ৰিজাল্ট কৰি ঘৰলৈ উভটিছে। আমেৰিকাৰ সকলোতকৈ প্ৰতিষ্ঠিত কলেজত তেওঁ সন্মান প্ৰাপ্তি কৰি আহিছে। আমেৰিকাৰ বাতৰি কাকতবোৰত তেওঁৰ এই সফলতা দেখি আচৰিত হৈছিল

মিন্টুৰ স্বাগত কৰিবলৈ গুৱাহাটীত এক বিশেষ অনুষ্ঠান পতা হৈছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বহুত দূৰৰ পৰা মানুহ আহিছে। সৰস্বতী বিদ্যালয়কো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ আহিল আৰু আৰোহিক মহাজনৰ পত্নীয়ে বিশেষভাবে মাতি পঠিয়ালে। স্কুলত বহুত দিনৰ পৰা প্ৰস্তুতি চলিল। আৰোহিৰ অলপ সময়ৰ বাবেও শান্তি নাছিল। এইটো প্ৰথম সুযোগ যত তাই নিজৰ বাবে ভাল ভাল কাপোৰ কিনিলে। ৰং পছন্দ কৰাত তাই বহুত পাৰ্গত আছিল। স্কাৰ্ত আৰু চাৰ্টত তাইৰ সুন্দৰতা জিলিকি উঠিল। নগেন মহাজনৰ পত্নী নমিতা দেৱীয়ে তাইক আনিবলৈ ৰেল ষ্টেচনত উপস্থিত আছিল। আৰোহিয়ে গাড়ীৰ পৰা নামিয়েই তেওঁৰ ভৰিত ধৰিবলৈ ললে কিন্তু তেওঁ তাইক সাৱটি ধৰিলে আৰু এনেদৰে মৰম কৰিলে যেন তাই তেওঁৰ ছোৱালী। নমিতাই বাৰে বাৰে তাইৰফালে গৰ্ব আৰু মৰমেৰে চালে ।

এই অনুষ্ঠানৰ বাবে বহ্মপুত্ৰ পাৰত এখন ধুনীয়া ঠাইত এটা ধুনীয়া ওখ বস্তু লগোৱা আছিল। ইফালে পুৰুষৰ ভিৰ আৰু নদীৰ ঢৌ ওথলী আহিছিল। আৰোহি এই সুকলোবোৰ ফুৰ্তিৰ অংশীদাৰ হৈ পৰিল।( Storyboard )

আৰোহিয়ে নিজৰ দলটোৰ লগত গীত গাব আৰম্ভ কৰিলে। সকলো উপস্থিত মানুহ শান্ত হৈ পৰিল। সেই ভাঁহি অহা গীতৰ ৰাগ, তাৰ কুমলতা , তাৰ প্ৰভাৱশালী মধুৰতা আৰু উৎসাহ ভৰা বাণীয়ে এক নিচাৰ উৎপন্ন কৰিছিল, যত প্ৰেমৰ লহৰ উঠিছিল, যিয়ে মনৰ পৰা বেয়াবোৰ মচি পেলাই আৰু জীৱনত সদায় মনত থকাকৈ স্মৃতি ৰৈ যায়। 


 গান শেষ হোৱাৰ পাছত বিভিন্ন সংস্থাৰ পৰা অভিনন্দন জনালে আৰু তেতিয়া মিন্টু সকলোকে ধন্যবাদ জনাবলৈ থিয় হল। কিন্ত তেওঁৰ ভাষণ শুনি মানুহবোৰ অলপ নিৰাশ হল। এনেইটো বন্ধুৰ সন্মুখত তেওঁ কথা কলে আবেগে বেৰি ধৰে কিন্তু এনেকৈ সাৰ্বজনীন স্থানত থিয় হোৱাৰ লগে লগে তেওঁক শব্দ আৰু বিবেকে লগ নিদিয়ে। তেওঁ বহুত কষ্টেৰে ধন্যবাদৰ কেইটামান শব্দ কলে আৰু তেওঁৰ যোগ্যতাৰ লজ্জিত স্বীকৃতি লৈ নিজৰ ঠাইত বহিল। 

 এতিয়া অনুষ্ঠান শেষ হোৱাৰ সময় আহিল। সেই কোমল ফুলৰ মালা যি সৰস্বতী বিদ্যালয়ৰ পৰা আহিছিল, টেবুলতে থোৱা আছিল। সেইডাল হীৰাৰ ডিঙিত কোনে পিন্ধাব? সভাপতিজনে মহিলাৰ নামবোৰলৈ চকু ফুৰালে আৰু তাত আৰোহিৰ নামটো চকুত পৰি থমকি ৰল। আৰোহিৰ বুকু কপিব ঢৰিলে  কিন্তু সভাপতিৰ নিৰ্দেশ মানিবই লাগিব। তাই মোৰ তল কৰি টেবুলৰ ওচৰলৈ আহিলে আৰু কঁপা হাতেৰে মালাডাল হাতত তুলি ললে। এক মিনিটৰ বাবে দুয়োৰে চকুৰ মিলন হল আৰু তাই মিন্টুৰ ডিঙিত মালা পিন্ধাই দিলে।

পিছদিনা সৰস্বতী বিদ্যালয়ৰ অতিথিৰ বিদায় হল কিন্তু নমিতা দেৱীয়ে আৰোহিক যাব নিদিলে। তেওঁ কলে,' এতিয়া তোমাক চাই হেঁপাহ পলুৱাই নাই। তুমি ইয়াত আৰু এসপ্তাহ থাকিব লাগিব। মইয়োতো তোমাৰ মা হওঁ। এজনী মাক ইমান মৰম আৰু আনজনীৰ প্ৰতি অলপো মৰম নাই ।'

 আৰোহিয়ে কোনো উত্তৰ দিব নোৱাৰিলে।

 এই গোটেই সপ্তাহটো নমিতা দেৱীয়ে তাইৰ বিদায়ৰ প্ৰস্তুতিতে লাগি থাকিল। ৭নম্বৰ দিনা তাইক থবলৈ ষ্টেচনলৈ আহিল। যাব লওঁতে তাইক সাৱটি ধৰি চকুলো ৰখাব নোৱাৰিলে। মিন্টুও আহিছিল, তেওঁৰ চেহেৰাও উদাস আছিল। নমিতাই তেওঁৰফালে সহানুভূতিৰ দৃষ্টিৰে চাই কলে,'মইতো এইটো নাভাবিলোয়ে যে, আৰোহি ইয়াৰ পৰা ঘৰলৈকে অকলে কেনেকৈ যাব? কোনো কথা নাই তুমি লগত গুচি যোৱা, সন্ধিয়াৰ গাড়ীত উভতি আহিবা।'

মিন্টুৰ চেহেৰাত ফুৰ্তি দেখা পোৱা গল যি এই শব্দবোৰত লুকাই নাথাকিল,'  ঠিক আছে ময়ে গুচি যাম'।তেওঁ এইটো কথাত চিন্তাত আছিল যে গুচি যোৱাৰ পাছত কথা বতৰাৰ বাবে সুবিধা পাব নে নাপায়। এতিয়া তেওঁ সেই উদাসীনতাবোৰ মোহাৰি পেলালে।


ৰূপালীৰ এতিয়া আৰোহিৰ বিয়াৰ বাবে চিন্তা হব ধৰিলে। ওচৰৰ মাইকী মানুহবোৰে এই বিষয়ে কথা পাতিব ধৰিছে,' ছোৱালী ইমান বুজা শুনা হল এতিয়া কি বুঢ়া বয়সত বিয়া হব ?'বহু ঠাইৰ পৰা খবৰ আহিছিল যাৰ ভিতৰত বহুত প্ৰতিষ্ঠিত লোক ও আছিল। কিন্তু যেতিয়াই ৰূপালিয়ে নগেন মহাজনক কথাটো জনাই তেওঁ মাত্ৰ এটাই কয় যে মই একো চিন্তা কৰিব পৰা নাই। ৰূপালিৰ তেওঁৰ এই জোখ মাসবোৰ ভাল নালাগিছিল।

আৰোহি গুৱাহাটীৰ পৰা অহা এমাহ পাৰ হৈ গল। এদিন তাই স্কুলৰ পৰা অহাৰ পাছত মাকৰ বিচনাত চিঠি এখন পালে। তাই পঢ়িব ধৰিলে,' ভন্টি, মই যেতিয়াৰ পৰা তোমাৰ ছোৱালীক গুৱাহাটীত দেখিলো মই তাইৰ মাজত মগ্ন হৈ পৰিলোঁ। এতিয়া মই তাইৰ কথা নভবাকৈ থাকিব নোৱাৰো। মোৰ এনেকুৱা ভাগ্য হব নে যে তাই মোৰ বোৱাৰী হব?  মই বহুত দুখীয়া হও কিন্তু মই মহাজনক বিয়াৰ বাবে মান্তি কৰালো। তুমিও মোৰ এই মিনতি মানি লোৱা। হয়তো মই তোমাৰ ছোৱালীক ফুলৰ দৰে কোমল বিছনাত শুৱাব নোৱাৰো, কিন্তু এইখন ঘৰৰ মানুহে তাইক নয়নৰ মণিৰ দৰে ৰাখিব। মাকৰ মুখৰ পৰা লৰাটোৰ কথা বৰ ভালকৈ শুনা নগল। কিন্তু এইটো কব পাৰি যে পৰমাত্মাই এই জোৰাটো নিজ হাতেৰে বান্ধিছে। দেখাই শুনাই আৰু পঢ়া লিখাৰ ফালৰ পৰাও লৰাজন আৰোহিৰ বাবে যোগ্য। তুমি যেনেকৈ বিচৰা তেনেকৈ উত্তৰ দিব পাৰা। উত্তৰ সোনকালে দিবা আৰু নো কি লিখিম।

 আৰোহিয়ে গালত হাত থৈ চিন্তা কৰিলে। মিন্টুৰ চেহেৰাটো তাইৰ চকুত ভাঁহি উঠিল। তেওঁৰ সেই প্ৰেমসনা কথা যি গুৱাহাটীৰ পৰা নগাওঁলৈকে চলিছিল। কাণত কথাবোৰ ভাঁহি আহিল। তাই এটা স্বস্তিৰ উশাহ ললে আৰু উদাস হৈ শুই পৰিল।


সৰস্বতী বিদ্যালয়ত আকৌ এবাৰ সাজ সজ্জা দেখা গৈছে। আজি আৰোহিৰ বিয়াৰ শুভ দিন। সন্ধিয়াৰ সময় আৰু বসন্তৰ বতৰ। বিদ্যালয়ৰ দেৱালবোৰে হাঁহি উঠিছে আৰু ফুলনী বাগিছাখন আনন্দত কব নোৱাৰা হৈছে। 

 চন্দ্ৰমা তেতিয়া দৰা লগত লৈ পূবৰ ফালে আহিলে। সেই পূৰ্ণিমা নিশা ঢিমি ঢিমি বতাহ বলি  আছিল। দৰা আহিল আৰু তেওঁক দেখি সকলো আচৰিত হৈ পৰিল।

দৰা মণ্ডপলৈ আহিল। আৰোহিৰ মাকে নিজক ৰখাব নোৱাৰি নগেন মহাজনৰ ভৰিত পৰি ৰল। আৰোহিৰ চকুৰে প্ৰেম আৰু আনন্দৰ চকুলো বব ঢৰিলে।

 মণ্ডপত হোমৰ জুই জ্বলিল। সেই জুইৰ নৈবেদ্যই চাৰিওদিশ সুগন্ধিত কৰিলে। 

তাৰ পাছত আহিল সংস্কাৰৰ কথা। দৰা কইনাই সুখ দুখৰ সমভাগি , দায়িত্বৰ পবিত্ৰ শব্দৰে কথা দিলে। দুইখন অন্তৰত সেই সময়ত এক নতুন, আত্মিক শক্তিৰ জাগৰণ হৈছিল ।

 বিয়া সম্পূৰ্ণ হোৱাৰ পাছত নাচ গান হল। ধুনীয়া গীত শুনিব পোৱা গল। মহাজনে নাচি বাগি ভাগৰি পৰিল। অলপ আৰাম কৰিবলৈ বেঞ্চ এখনত বহি ললে।

 মৃদু বতাহ বলি আছিল। শান্তিপূৰ্ণ  এক নিচাৰ উৎপন্ন হৈছিল। সেই সময়ত আৰোহি তেওঁৰ ওচৰলৈ আহিল আৰু তেওঁৰ ভৰিত ধৰি সেৱা জনালে। মহাজনে তাইক উঠাই  হাঁহি মাৰি সাৱটি কলে,' কিয়? এতিয়াটো তুমি মোৰ নিজৰ ছোৱালী হলা'।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages