ফোনটোৰ শব্দত গাড়ী চলাই থকা জুমিৰ ধ্যান ভাগি গ'ল আৰু তাই দেখিলে যে তাই ফেচবুক মেচেনজাৰত কোনোবা অচিনাকী নম্বৰৰ পৰা এটা ভিডিঅ' কল আহিছিল( Storyboard )। জুমিয়ে মনতে ভাবিলে ভালে কৰিলো ভিডিঅ' কলটো নধৰিলো। কোনেবা কৰিছিল ঠিক নাই। তাইৰ ফোনটোত মাত্ৰ এটা অচিনাকী নাম উলাই আছিল দিপু বৰা। তাই আজিলৈকে দিপু বৰা নামৰ মানুহটোক লগে পোৱা নাছিল। তেতিয়াই জুমিৰ স্বামীৰ ফোন আহিল আৰু ক'লে,"জুমি ক'ত আছা?" ৰাতিৰ আহাৰ খাবলৈ যাব লাগিছিল নহয়। দুয়োটা সন্তানে বাট চাই আছে। তাই ক'লে মই সুস্বাদু কেক লৈ ঘৰলৈ গৈ আছো। তাইৰ আজি ২২ বছৰীয়া বিবাহ বাৰ্ষিকী। কিন্তু তাইৰ মনত অকনো উৎসাহ নাছিল। জুমিৰ স্বামী বিপুলে চৰকাৰী চাকৰি বাবে আন এখন চহৰত থাকিব লগা হৈছিল। সি দুই তিনিমাহৰ মূৰে মূৰে দুই তিনিদিনৰ বাবে জুমি আৰু সন্তানকেইটাক লগ কৰিব আহে। আগতে ইটোৱে সিটোক এৰি বহুত কষ্টত আছিল। কিন্তু এতিয়া ইটোৱে সিটোক এৰি থাকিব পৰা অভ্যাস হৈ গৈছিল। এতিয়া জুমিৰ এনেকুৱা লগা হৈছিল যেন তাই জীৱনটো আধৰুৱা হৈ পৰিছে।
জুমি ঘৰ গৈ পোৱা লগে লগে তাই ।তাই দেখিছিল যে তাইৰ সন্তানকেইটা আৰু বিপুল দুৱাৰৰ মুখত ৰৈ আছিল আৰু তাইক এটা ফুলৰ থুপা দি কৈছিল শুভ বিবাহ বাৰ্ষিকী । জুমিয়ে দুয়োটা সন্তানক সাবতি ধৰিলে।
জুমিয়ে বেংকৰ চাকৰি কৰা লগতে সন্তানকেইটাকো চোৱা চিতা কৰিছিল। সিহঁতি কি ভাল পায় কি বেয়া পায় সকলোবোৰ তাই জানিছিল। তাৰ পাছত বিবাহ বাৰ্ষিকীৰ কেক কটা হ'ল। তাৰ পাছত সিহঁতি বাহিৰলৈ ৰাতিৰ আহাৰ খাবলৈ গ'ল। জুমিয়ে যেতিয়া খাই আছিল তাইৰ ফোনত আকৌ সেই দিপু বৰাৰ মেচেজ আহিল। তাই ভাবিলে ঘৰলৈ গৈ চাব কোন , যিয়ে ইমান মেচেজ কৰি আছে। খাই বৈ সকলো ঘৰলৈ গুছি আহিলে আৰু সকলোৰে ভাগৰ লাগিলত নিজৰ নিজৰ ৰুমলৈ শুবলৈ গুছি গ'ল। স্বামীৰ লগত তাই আজি বহুত কথা পাতিলে। কিন্তু তাৰ পাছতো তাইৰ টোপনি অহা নাছিল। বিপুল শুই থাকিল আৰু তাই নিজৰ ফোনটো লৈ দেখিলে যে আকৌ সেই দিপু বৰাৰ মেচেজ আহি আছে।
"ৰূপ তোমাৰ ইমান মনোমোহা "
আৰু চেহেৰা তোমাৰ ইমান মৰম লগা
"কেতিয়াবা ভুলতে হ'লেও মোক লগ
কৰিবলৈ এবাৰ আহিবা।"
জুমি অলপ আচৰিত হ'ল আৰু তাইৰ লাহে লাহে এতিয়া খঙ উঠিব ধৰিলে।তাই লগা লগ মেচেজৰ উত্তৰ দিলে , মই তেনেকুৱা মহিলা নহয়। তোমাৰ কি লাজ নালাগে। মই দুটা সন্তানৰ মাক আৰু মোৰ এটা মৰম লগা পৰিয়াল আছে।
ইফালে দিপু বৰাই তাইৰ মেচেজৰ উত্তৰৰ বাবে বাট চাই আছিল। সি ক'লে তুমি বিবাহিত যদিও মোৰ একো অসুবিধা নাই। তোমাক মই বহুত ভাল দেখো আৰু তুমি মৰম লগা আৰু ধুনীয়া। জুমিয়ে সুধিলে তুমি মোক ক'ত দেখিলা ? দিপুৱে ক'লে, তোমাৰ ফেচবুকত থকা ফটোবোৰ চালো আৰু সেইবোৰ বহুত আকৰ্ষণীয় আছিল। তুমি সেইজনীয়ে যি মোৰ সপোনত আহা। সি ক'লে অনুগ্ৰহ কৰি মোৰ লগত বন্ধুত্ব স্থাপন কৰিবা নে মই গোলাঘাট বেংকত চাকৰি কৰো। সি জুমিক নিজৰ ফটো পঠিয়ালে। সি বহুত মৰম লগা আৰু আকৰ্ষণীয় আছিল। তাৰ বয়স ২৫ নতুবা ২৭ বছৰ মান আছিল। দিপুৱে কৈছিল ,সি অবিবাহিত।জুমিৰ হৃদয়ৰ ধপধপনি বাঢ়িবলৈ ধৰিলে।
কাৰণ জুমিৰ বয়স দিপুতকৈ বহুত বেছি আছিল। জুমিয়ে সুধিলে, তুমি মোৰ কি গুণ ভাল পোৱা । তেতিয়া সি ক'লে যে, তুমি বহুত মৰমীয়াল। মাত্ৰ এবাৰ তোমাৰ মাতটো শুনিব বিচাৰো আৰু লগতে লগ কৰিব বিচাৰো। সি বাৰে বাৰে কৈ থকাৰ বাবে জুমিয়ে তাৰ লগত বন্ধুত্ব স্থাপন কৰিব লগা হ'ল। তাৰ পাছত জুমিয়ে ঘড়ীটো চাই দেখিলে যে ৰাতি ২:০০ বাজিলে। তাই হ'ব এতিয়া বুলি মেচেজ দি শুই থাকিল। জুমিৰ ৰাতিপুৱা শুই উঠোতে দেৰি হ'ল। স্বামীও আকৌ যাব লাগে। সন্তানকেইটাৰ বাবে আহাৰ প্ৰস্তুত কৰি স্বামীক বিদায় দি ,কাম কৰা মানুহজনীক কামবোৰ বুজাই তাই অফিচলৈ গুচি গ'ল।
অফিচলে গৈ পায় তাই মোবাইলটো চাই দেখিলে যে দিপু বৰাৰ মেচেজ আহি আছে। "হেল্ল' তুমি কেনে আছা আৰু কি কৰি আছা?" জুমিয়ে উত্তৰ দিলে যে তাই ভালেই আছে আৰু বেংকৰ কাম কৰি আছে। কাম কৰি হ'লে মেচেজ কৰিম বুলি দিপুক ক'লে। দুপৰীয়া আহাৰ খোৱা পাছত তাই নিজে দিপুলে মেচেজ কৰিলে ।" তুমি কেনে আছা,কি কৰি আছা?" সি ক'লে সি ভালেই আছে আৰু অফিচত আছে। এতিয়া এনেদৰে কথা বতৰাবোৰ বাঢ়ি গৈ আছিল। দুয়োটাই দুয়োটাৰ বিষয়ে বহুত কথা গম পালে। জুমিও তাৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিলে। এতিয়া তাই তাৰ মেচেজৰ বাবে অপেক্ষা কৰি থাকে। দুয়োটাই প্ৰায় দুঘণ্টা মান ইটোৱে সিটোক মেচেজ কৰে। এদিন দিপুৱে তাইক ভিডিঅ'কল কৰিলে । তাৰ পাছৰ পৰা দুয়োটাই দুয়োটাৰ প্ৰতি আসক্ত হৈ পৰিল। কিন্তু এইবোৰৰ মাজতো তাই ঘৰৰ কাম আৰু অফিচৰ কাম ভালদৰেই কৰিছিল একো অসুবিধা নোহোৱাকৈ। জুমিৰ মনত এটা বেলেগ ধৰণৰ উৎসাহ দেখা গৈছিল। বসন্ত ঋতুত গছ-গছনি, ফুল যেনেকৈ উজ্জ্বল হৈ থাকে তাই তেনেদৰে উজ্জ্বল হৈ পৰিছিল। প্ৰায় এমাহ মান সিহঁতি মেচেজত বহুত কথা পাতিলে। এদিন দিপুৱে জুমিক আই লভ ইউ বুলি মেচেজ লিখি পঠায় দিলে।
তাই সেই মেচেজটো পঢ়ি দিপুক ক'লে যে তাই নিজৰ স্বামীক বহুত ভাল পায় আৰু কেতিয়াও তাই তাক এৰিব নোৱাৰে। দিপুৱে ক'লে সি তাইক বহুত ভাল পায় আৰু তাইক বিচাৰে গোটেই জীৱনৰ বাবে। দিপুৱে ক'লে সি তাইক মাত্ৰ এবাৰৰ বাবে লগ কৰিব বিচাৰে। জুমিয়ে নকৰোঁ বুলি তাক কৈ দিলে। জুমিৰ হৃদয়খনো দিপুৰ মৰম লগা কথা শুনি গলিবলে ধৰিলে। তাইও এদিন তাৰ প্ৰতি থকা মৰমবোৰ প্ৰকাশ কৰি দিলে-
" অচিনাকি আছিলো আৰু
আমি লগ হ'লো অনলাইনত
এতিয়া নাজানো এনে এক পৰিস্থিতিত আমি
আহি পালো য'ত মোক তোমাৰ প্ৰয়োজন।
এতিয়া যি হ'লেও তুমিয়ে মোৰ প্ৰেম।"
এইটো পঢ়ি দিপু ৰৈ থাকিব নোৱাৰিলে সি সেই দিনা ৰাতি জুমিক ১০০০ বাৰ আই লভ ইউ , আই মিচ ইউ বুলি মেচেজ লিখি পঠায় দিলে। সেইদিনা জুমিৰ গোটেই ৰাতি টোপনি নাহিল। তাই কিমান যে দিপু আৰু তাইক লৈ সপোন দেখিলে। সিহঁতৰ প্ৰেম মাজত তাই নাইটো সন্তানকেইটা কথা ভাবিছিল নাইটো স্বামীৰ কথা।( Storyboard )
জুমিয়ে নজানাকৈয়ে প্ৰেমত ডুবি পৰিল । যেন এখন নদী সমুদ্ৰ লগত মিলি যাবলৈ আশা কৰি আছে। থিক তাইৰো তেনেধৰণৰ অৱস্থা হৈ পৰিছিল। তাই আৰু দিপুৰ অনলাইনত প্ৰেম হৈ পৰিল। তাই ভবাই নাছিল যে তাই জীৱনত আকৌ দুই নম্বৰবাৰ প্ৰেম হ'ব। এনেদৰে দুমাহ পাৰ হৈ গ'ল। কেইদিনমানৰ পাছত জুমিৰ ল'ৰাটোৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল উলাল। সি জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। জুমি আজি বহুত সুখত আছিল। তাইৰ পুতেকে ক'লে- মা তুমি মোক লৈ দেখা সকলোবোৰ সপোন মই পূৰণ কৰিম আৰু গোটেই জীৱন তোমাক সুখত ৰাখিম। এই কথাটো শুনি তাই চক্ খাই উঠি আৰু ভাবিলে তাইটো দিপুৰ লগত নিজৰ সপোন ৰচি আছে। তাইটো নিজৰ ল'ৰা ছোৱালী কথা ভবাই নাছিল আৰু তাইৰ এনেকুৱা লাগিছিল যে তাই বহুত বেয়া কাম কৰি আছে। দিপুৰ লগত তাই অনলাইনত প্ৰেমৰ সম্পৰ্ক ৰখাটো ভাল কথা নহয়। যদি তাই স্বামী আৰু ল'ৰা ছোৱালীয়ে তাইৰ এইবোৰ কথা জানে সিহঁতি ভিতৰি বহুত ভাগি পৰিব আৰু তাইৰ অকমানো সন্মান নথকা হ'ব। সেইফালে দিপু জুমি লগত লগ কৰিবলৈ বহুত উত্তেজিত আৰু উৎসাহিত হৈ আছিল। জুমিয়ে ভাবিলে এবাৰ দিপুৰ লগত লগ কৰো কিন্তু শেষ বাৰৰ বাবে তাৰ পাছত আৰু কেতিয়াও নকৰোঁ।
জুমিৰ আহিব লগা সপ্তাহত বেংকৰ কামত গোলাঘাট যাব লগা আছিল । তাই দিপুক ক'লে আৰু দুয়োটাই এবাৰ লগ কৰা সিদ্ধান্ত ল'লে। চাৰিদিন পাছত জুমি গোলাঘাট গ'ল।দিপু আৰু জুমিয়ে এখন হোটেলত লগ কৰিলে।জুমিক দেখি সি চকু ডাঙৰ কৰি চাই আছিল কাৰণ তাই ফটোবোৰত কৈ দেখাত বেছিহে ধুনীয়া আছিল। ধুনীয়া কাজল লোৱা চকুহাল আৰু তাইৰ মিহি চুলিবোৰ সৈতে তাইৰ শৰীৰটো বহুত দেখিবলৈ ধুনীয়া আছিল। দিপুৱে তাইক ক'লে তুমি সঁচাকৈ বহুত ধুনীয়া।আই লভ ইউ মোক অকল জীৱনত তোমাকে লাগে আৰু কাকো নালাগে। কিন্তু আজি জুমি মনে মনে আছিল। দিপুৱে জুমিক সুধিছিল , তুমি মোক পছন্দ নকৰা নেকি? জুমিৰ চকুত মৰম ভৰি আছিল কিন্তু তাই তাক এইবোৰ দেখাব খোজা নাছিল। সকলোবোৰ স্পষ্টকৈ তাইৰ চকুত দেখা পোৱা গৈছিল। জুমিৰ চকুৱে দি চকু পানী বাগৰি আহিল আৰু তাই ক'লে মই তোমাক বহুত পচন্দ কৰো। তোমাক মোৰ বহুত ভাল লাগে আৰু তোমাৰ কথাবোৰো মোৰ বহুত ভাল লাগে। তোমাক মই মোৰ অন্তৰৰ পৰা বিচাৰো। কিন্তু কালি মোৰ চিন্তা হ'ল যে মই যদি তোমাক ভাল পাওঁ মোৰ পৰিয়ালে মোক ঘৃণ কৰিব আৰু মোৰ স্বামীয়ে ভাবিব যে মোৰ মৰম কি কম হৈ গৈছিল যে তাই এইটো কৰিব লগা হ'ল। সেইকাৰণে এইয়া আজি মই তোমাক শেষবাৰৰ বাবে লগ কৰিছোঁ। আজিৰ পৰা আমি আৰু লগ নকৰোঁ আৰু তোমাৰ লগত কথাও নাপাতো। তুমি মোক পাহৰি যোৱা।
দিপুৱে জুমিৰ হাতত ধৰি ক'লে , তুমি মোক পাহৰিব পাৰিবা জানো? জুমিয়ে হাতখন এৰোৱাই আনি ক'লে নাই কেতিয়াও নোৱাৰো। তুমিটো তোমাৰ বয়সৰ দহজনী মান ছোৱালী পায় যাবা । কিন্তু মোৰ লগত সম্পৰ্ক স্থাপন কৰিলে তুমি সকলোৰে তুচ্ছতা সহ্য কৰিব লাগিব আৰু তোমাৰ পৰিয়ালৰ মানুহে ও মোক কেতিয়াও স্বীকাৰ নকৰে। মই নিবিচাৰোঁ মোৰ প্ৰেমত পৰি তুমি বদনাম হোৱাটো। এই সমাজখনে প্ৰেম সমবয়সীয়া মাজত হ'লেহে স্বীকাৰ কৰে। তোমাৰ আৰু মোৰ মাজত একো মিল নাই। মই তোমাক বহুত ভাল পাওঁ কিন্তু মই এই প্ৰেম আৰু বৰ্তাই ৰাখিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিবা দিপু। যোৱা ইয়াৰ পৰা তুমি মোক এটা ৰাতি দেখা সপোন বুলি ভাবি দিনত পাহৰি যোৱা। দিপুৱে ক'লে , মই তোমাক বহুত ভাল পাওঁ , কেনেকৈ পাহৰি যাওঁ। দিপুক জুমিয়ে ঘৰ ,পৰিয়াল আৰু সমাজৰ বিষয়ে বহুত বুজালে আৰু তাৰ পাছত সি তাইৰ জিদৰ আগত হাৰ মানিব লগা হ'ল। সি উঠিলে আৰু গুচি গ'ল।জুমিয়ে সি যোৱা চাই থাকিল। তাই নিজকে কৈ আছিল আজি তাইৰ অনলাইন প্ৰেম অফলাইন হৈ পৰিছিল। তাই মনত ভাবি আছিল আই লভ ইউ দিপু আই মিচ ইউ। দিপু মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো।আজি তুমি মোৰ জীৱনৰ পৰা গুচি গ'লা। কিন্তু এটা অনলাইনৰ প্ৰেম হিচাপে সদায় মনত পৰিবা।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment