এখন ঘৰত শাহু-বোৱাৰীৰ মাজৰ সম্পৰ্ক এনে হলে কেনে হয় ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 4, 2021

এখন ঘৰত শাহু-বোৱাৰীৰ মাজৰ সম্পৰ্ক এনে হলে কেনে হয় ? Storyboard

Storyboard

দিনাই ঘড়ীটোলৈ চালে, আবেলি ৫ বাজি গৈছিল। ভাবিলে বোৱাৰী পাৰিজাত আৰু পুত্র ডৰ্পন এতিয়া পাবহিয়েই। দিনাই চাহৰ বাবে পানী গৰম কৰিলে। ডৰ্পন অফিচৰ পৰা আহি পাইছিলহি। আহিয়েই চকীখনত নিজৰ বেগটো পেলালে আৰু বাথৰূমলৈ গল। দিনাৰ চাহ বনোৱা হৈছিলেই, সেই সময়তে দুৱাৰৰ বেল বাজিল আৰু দিনাই দুৱাৰ খুলিলত পাৰিজাত আহি চকীত বহি পৰিল। দিনাই পাৰিজাতলে পানী এগিলাচ আনি দিলে আৰু কলে, যোৱা ফ্ৰেচ হৈ লোৱা। তাৰপিছত একেলগে চাহ খাম।( Storyboard ) 


দিনাৰ স্বামী অনিলে টিভি চাই আছিল। তেওঁ অফিচৰ পৰা সোনকালে আহে। দিনাই, পুতেক বোৱাৰীয়েকৰ লগত একেলগে চাহ খালে। তেতিয়া ডৰ্পনে পাৰিজাতক কলে, আজি পুৱাৰ আঞ্জাত ইমান নিমখ! বহুত খং উঠিছিল মোৰ, সেইবাবে মই টিফিন নাখালো। আৰু তুমি বেঙেনা আঞ্জা কিয় বনালা! তুমি নাজানা নি, মই বেঙেনা ভাল নাপাওঁ বুলি! মা, তুমিও পাৰিজাতক নকলা, মই বেঙেনা নাখাও বুলি। দিনাই কলে, ডৰ্পন, তেনেদৰে বনোৱা বেঙেনা আঞ্জা পাৰিজাতে ভালপাই। আৰু তোমালোকৰ বিয়া হোৱা ৩ মাহহে হৈছে। পাৰিজাতে বেঙেনা খায় ভালপাই। আৰু এনেদৰে বেঙেনা আঞ্জা বনাবলৈ, তাই পুৱাই বহু কষ্ট কৰিলে। কেতিয়াবা তুমিও তাইৰ পচন্দৰ খাবা, ডৰ্পন। তাইটো তোমাৰ পচন্দৰ খায়। আৰু আঞ্জা বহুত ধুনীয়া হৈছিল। মইও নাজানো এনেদৰে বনাবলৈ। 


দিনাই দেখা পালে, পাৰিজাতৰ মুখখন সেমেকি গৈছিল। দুয়োৰে বিয়া হোৱা বেছিদিন হোৱা নাছিল। দিনাই ভাৱিলে, এগৰাকী পত্নীক স্বামীৰ মুখৰ পৰা প্ৰসংশা শুনিলে যিমান সুখী হয়, সেয়া আনৰ মুখৰ পৰা শুনিলেও নহয়। দিনাও যেতিয়া নতুন বিয়া হৈ আহিছিল, তেতিয়া এই পৃথিৱীখন নতুন নতুন ৰঙেৰে ভৰপূৰ লাগিছিল। কিন্তু আজিকালি স্বামী স্ত্রীৰ মাজত মৰম ভালপোৱা, এজনে আনজনৰ বাবে সময়ে নোহোৱা হৈছিল। দিনাই আচৰিত হৈ ৰয়, নিজৰ পুত্র বোৱাৰীৰ ব্যৱহাৰ দেখি। দুয়োৰে মাজত সকলো আছে, কিন্তু, কোনো বস্তুৰে কম নাছিল, কিন্তু সময় নাছিল, এজনে আনজনৰ বাবে।



তাতো, ডৰ্পনে নিজৰ পত্নীয়ে বনোৱা আঞ্জাৰ প্ৰসংশা কৰা ঠাইত, বেয়া হে বুলিছে। অ অলপ নিমখ বেছি হৈছিল, এনে কেতিয়াবা হৈ যায়। কিন্তু পুৱাই ওলাই যোৱা দুয়ো পুনৰ এতিয়া হে লগ পাইছে, তেতিয়া সেই কথাটো এতিয়া কব নেলাগিছিল। যি হলেও, তাহাঁতৰ জীৱন। মই মাজত কোৱাটো বেছি ভাল নহব। সেই কথা পাছটো ডৰ্পনে, পাৰিজাতক জুকাৰি আছিল, সেই কথা দিনাই বুজিছিল। দিনাৰ পুতেকৰ খোৱা বোৱা সমূহ অলপো বেয়া হোৱাটো নিবিচাৰিছিল। বহু বাৰ সেই কথা লৈ মাকৰ পুতেকৰ মাজত তৰ্কা তৰ্কি হৈছিল। এটাই মাথো মৰমৰ লৰা। বহুত ৰং দেখুৱাই। কিন্তু এতিয়া পাৰিজাতে ডৰ্পনৰ ইমান কিয় কথা সহিব। মই মা হয়, মই সহিলো। পাৰিজাতে কিয় সহিব। অফিচ যোৱা আগতে কিমান সহায় কৰে, পাৰিজাতে। মই মনা কৰো। কিন্তু পাৰিজাতে যিমান পাৰে, সিমানে কামত সহায়তা কৰিছিল। পাৰিজাতে কয়, মা দিনটোৰ অফিচৰ কামৰ ভাগৰৰ পাচত ঘৰলৈ ঘূৰি অহা পাছত আৰু কাম কৰিবলৈ শক্তি নাথাকে, কিন্তু অফিচ যোৱাৰ আগতে, পুৱা কামত আপোনাক সহায় কৰিবলৈ দিয়ক। দিনাই কাম কৰা বাইজনী লগত সকলো কাম কৰি লৈছিল, কিন্তু পুৱা পাৰিজাতে কিবা নহয় কিবা কামত মাকক সহায়তা কৰি দি হে অফিচলৈ গৈছিল। তিনিটা টিফিন বনাবলগীয়া হয়, আকৌ পুৱাৰ আহাৰ, সেয়াও, বেলেগ বেলেগ। বহুত কাম হয়। কাম কৰা বাইজনী সকলো যোৱাৰ পাছতহে আহে। দিনা এগৰাকী পঢ়া শুনা কৰা গৃহিণী হয়। কাম নথকা সময়ত, দিনাই টিভি চাই নাথাকিছিল। কিতাপ পঢ়ি সময় পাৰ কৰিছিল। দিনাৰ কিতাপ পঢ়াৰ অভ্যাস আছিল। দিনা, খুলা অন্তৰৰ, শান্তি প্ৰকাৰৰ মহিলা হয়। বোৱাৰীয়েকক বহুত স্নেহ কৰিছিল আৰু পাৰিজাতেও মাকক বহুত আদৰ কৰিছিল।



দিনাৰ স্বামী আৰু পুতেক কিছু বেলেগ স্বাভৱৰে হয়। পাৰিজাতে সকলোকে বুজি উঠিবলৈ চেষ্টা কৰি আছিল। দিনাই জানিছিল, পাৰিজাতো চহৰৰে ছোৱালী। তাইৰ মাকৰ ঘৰখনৰ মাক দেউতাক আৰু এজনী ভনীয়েক সকলো চাকৰিয়াল হয়। এতিয়া লকডাউনৰ পাছত তিনিওৱে ২দিনহে অফিচলৈ যাবলগীয়া হৈছিল। বাকী কেইটা দিন ঘৰৰপৰাই অফিচৰ কাম কৰিবলগীয়া হৈছিল। এনেকুৱাত সকলোৰে বৰ অশান্তি হৈছিল। দুটা বেডৰূমৰ ফ্লেট আছিল। হল ৰূমত থকা, ডাইনিং টেবুলৰ পৰা দিনাৰ স্বামীয়ে কাম কৰিছিল। ডৰ্পনৰ ৰূমৰপৰা, ডৰ্পনে। কিন্তু পাৰিজাতে এফালৰপৰা আনফালে, নিজৰ লেপটপ টো লৈ ঘূৰি ফুৰিছিল। এদিন পাৰিজাতে অলপ ভয় কৰি মাকক কলে, মা মই আপোনাৰ ৰূমত বহি লৈ এটা ফোন কৰিব পাৰিমনে! বহুত প্ৰয়োজনীয়। বচৰ লগত কথা পাতিবলগীয়া আছে। মাকে কলে, অ বহা, আৰামত বহা।তেতিয়া লৈ মোৰ বাকী কাম কৰি লওঁ। ধন্যবাদ মা। ডৰ্পনে টো এক মিনিটৰ বাবেও নিজৰ ৰূমটো এৰি নিদিয়ে। পাৰিজাতৰ এনে কথা শুনি দিনাৰ বৰ দুখ লাগিল। আৰু মাকে কলে, পাৰিজাত, তোমাৰ যেতিয়াই মন যায়, তেতিয়াই মোৰ ৰূমলৈ আহি কাম কৰিবাহি। পাৰিজাতৰ মিটিং দীঘলীয়া হল। বিচনাত বহি বহি তাইৰ ককাঁল থৰ লাগিল। দিনাই যেতিয়া সকলোকে খাবৰ বাবে মাত দিলে, তেতিয়া সকলোৱে অলপ সময়ৰ বাবে নিজৰ নিজৰ লেপটপ বন্ধ কৰিলে।



দিনাই কলে, পাৰিজাতৰো বৰ অশান্তি হল, বিচনাত বহি কাম কৰোঁতে কৰোঁতে। তাইকো এখন টেবুলৰ দৰকাৰ। পাৰিজাত, নহলে তুমি পাপাৰ লগতে ডাইনিংতে কাম কৰিবা, নহলে ডৰ্পন তুমি পাৰিজাতৰ মিটিংৰ বাবে, তোমাৰ টেবুলখন দিবা। নহলে তুমি পাৰিজাতলে এখন নতুন টেবুল আনি দিবা। তেতিয়া দেউতাকে কলে, পাৰিজাত মোৰ কোনো অশান্তি নহব। কিন্তু মোৰ বহুত ফোন কৰিবলগীয়া থাকে। তাৰ বাবে তোমাৰ অশান্তি হব নি! 


তেতিয়া দিনাই কলে, কিছু সময়ৰেটো কথা। মিলিজুলি কৰিবা আৰু। পাৰিজাতে মনে মনে ৰৈছিল, মাকে বহুত কথায় ভাবিছিল। কিছু দিন এনেদৰেই পাৰ হল। এদিন পাৰিজাত অফিচৰ পৰা অলপ সোনকালে আহিছিল। দিনাই ফোনত নিজৰ বান্ধৱী সৈতে ৰূমতে কথা পাতি আছিল। পাৰিজাতে অফিচৰ পৰা আহি টিভিতে চিৰিয়েল চাই আছিল। সেই চিৰিয়েল খন শেষ হবলৈ হৈছিল, সেই সময়তে ডৰ্পন অফিচৰ পৰা আহিয়েই কলে যে, পাৰিজাত টিভিটো বন্ধ কৰা। কি যে চাইছা নহয়! আৰু মোৰ বাবে একাপ চাহ লৈ আহা। ৰিমোৰ্টটো লৈ ডৰ্পনে টিভিটো বন্ধ কৰি দিলে। পাৰিজাত অপমানিত মুখখন চাই, দিনাই আৰু ফোনত কথা পাতিবলৈ নোৱাৰিলে। দিনাই ফোনটো সোনকালে ৰাখিলে আৰু মনে মনে থাকিল। 

মাকৰ ডৰ্পনৰ ওপৰত বহুত খং উঠিল, সদায় সদায় পাৰিজাতক সকলোৰে আগত কিবা নহয় কিবা এষাৰ কোৱাটো মাকে পচন্দ নকৰিলে। দিনাই পাৰিজাতক চাই আচৰিত হৈ ৰৈছিল যে, তাই প্ৰতিটো কথাতে কিয় মনে মনে শুনি ৰৈছে, একো নকয় কিয়? যেনে তাইৰ কোনো কথাতে একোকে ইচ্ছাকে নাই! সেইয়াই পিন্ধি ছিল যি, ডৰ্পনে পচন্দ কৰিছিল, সেয়াই বনাইছিল, যি ঘৰখনৰ সকলোৱে ভালপাই। কোনো কথাতে, তাই একো নকয়ছিল। আৰু নিজৰ পচন্দৰ কথাও একোকে নকয় ছিল। দিনাই ভাৱিছিল, পাৰিজাতটো এতিয়া নতুন বোৱাৰী। কত আছে তাইৰ সকলো, ফুৰ্টি। এখন চিৰিয়েল নিজৰ পচন্দৰ মতে চাবলৈ নোৱাৰে। ডৰ্পনৰ মন গলেই ৰিৰ্মৰ্টটো লৈ চেনেল সলনি কৰি দিয়ে। পাৰিজাত একো নকয়ছিল। মাথো মিচিকিয়া হাঁহি মাৰি ৰৈছিল। 


এদিন সকলোৱে ঘৰৰপৰা কাম কৰি আছিল। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত, দিনাই নিজৰ কোঠালিতে আৰাম কৰি আছিল। সেইদিনা দিনাই কোঠালিৰপৰা ওলাই দেখা পালে, দিনাৰ স্বামীয়ে ডাইনিংত আনদিনাৰ দৰে কাম কৰি আছে। ডৰ্পনৰ কোঠাৰপৰা ডাঙৰ ডাঙৰ কে হহাঁৰ শব্দ আহিল। তেতিয়া মাকে গৈ দেখা পালে, ডৰ্পনে, ফোনত নিজৰ বন্ধু সৈতে কথা পাতি আছিল। আৰু পাকঘৰলৈ গৈ দেখা পালে, পাৰিজাতে পাকঘৰৰ পকাতে লেপটপ লৈ বহি আছে। আৰু মিটিংত থকাৰ বাবে মাকৰ ফালে চকুৰ প্ৰচাৰতে জনালে। দিনাই মনে মনে নিজৰ কোঠালৈ গুচি আহিল। এঘন্টাৰ পাছত পাৰিজাত মাকৰ কোঠালৈ আহিল আৰু লেপটপ এফালে থৈ মাকৰ বিচনাতে বাগৰ দিলে। তাই এটা হুমুনিয়াহ কাঢ়িলে। আৰু কলে যে অ মা। পকাত বহি বহি, মোৰ সকাল জথৰ লাগিল। মাকে আৰু আজি মনে মনে থাকিব নোৱাৰিলে। আৰু কলে পাৰিজাত মোৰ তোমাৰ লগত কথা অলপ আছিল। পাৰিজাতে কলে অ মা কওক আকৌ, দিনাই কলে, তুমি পাকঘৰৰ মজিয়াত বহি কিয় কাম কৰি আছিলা! পাৰিজাতে কলে, ডৰ্পনে কলে যে, তেওঁ নিজৰ ৰূমতে থাকিব। তেওঁ নিজৰ ৰূমতে শান্তি পায়। ( Storyboard )

মাকে কলে, তুমি তাক কোৱা নাছিলা নে! তোমাৰ দৰকাৰী মিটিং আছে বুলি! 


পাৰিজাতে কলে, কোৱাটো কৈছিলো, কিন্তু তেওঁ কলে, মই আন কৰবাত গৈ নিজৰ কাম কৰোঁ। আপুনি শুই আছিল। সেইবাবে মই পাকঘৰতে বহিলো। মাকে কলে, শুনা পাৰিজাত, তুমি তোমাৰ কথা কিয় নোকোৱা!পাৰিজাতে কলে, মা মই বিচাৰো যে, মই এগৰাকী সফল পত্নী, আৰু এজনী বোৱাৰী হৈ থাকো। মোৰ মা দেউতা মাজত যেতিয়া কেতিয়াবা কাজিয়া হৈছিল, তেতিয়া মোৰ অলপো ভাল নালাগিছিল। মই তেতিয়াৰপৰাই ভাৱিছিলো যে, মই মোৰ বিয়াৰ পাছত ঘৰখনত কোনো সমস্যা বা কাজিয়া সৃষ্টি হবলৈ নিদো। ভাল পত্নী হম। দিনাই হাঁহিলে আৰু কলে, তোমাৰ মা দেউতা কাজিয়াৰ পাছত আকৌ ভাল হৈছিল ন! পাৰিজাতে কলে, অ মা ভাল হৈছিল। কিন্তু মোৰ তেওঁলোকৰ কাজিয়া ভাল নালাগিছিল। দিনাই কলে, পাৰিজাত তুমি সফল পত্নী আৰু ভাল বোৱাৰী হবলৈ চেষ্টাও নকৰিবা। সেয়া কৰাতকৈ তুমি এগৰাকী সাধাৰণ বোৱাৰী আৰু সাধাৰণ পত্নী হৈ নিজৰ মনৰো  কেতিয়াবা কিবা কৰিবা। অকল আমাৰ মনৰ দ্বাৰাই নহয়, কেতিয়াবা নিজৰ পচন্দৰ মতেও আগবাঢ়ি যাবা। কেতিয়াবা কাৰোবাৰ লগত কাজিয়া হলেও ভয় কিহৰ! আমি সকলো লগে ভাগে থাকো। কিমান সময়লৈ কাজিয়া থাকিব। কেতিয়াবা অলপ ভুল বুজা বুজি হলেও সম্বন্ধ এটা শেষ হৈ নাযায়। বৰঞ্চ তাৰপাছত আৰু মৰম বাঢ়ি হে যায়। একো সমস্যা নহয় যাতে, কোনো কথাত কাজিয়া নহয় যাতে, এই সকলোবোৰ চেষ্টাতে লাগি থাকিলে, তেতিয়া নিজৰ বাবে কেনেদৰে জীয়াবা পাৰিজাত! কিমান দিন এনেদৰে সুখী হবা। মনতে কঠিন হৈ পৰিবা। আৰু তাৰ পৰা যি লোকচান হব সেয়া কোনে ভৰপূৰ কৰিব। আৰু কাইলৈ যেতিয়া লৰা ছোৱালী হব, তেতিয়া তাহাঁতৰ ইচ্ছা মতে কৰিবা। নিজৰ বাবে কেতিয়া জীয়াবা! তাৰপিছত সফল মা হবলৈ চেষ্টা কৰিবা। নিজৰ কথা কোৱা আৰু তাক পূৰ্ণ কৰিবলৈ শিকা পাৰিজাত। নহলে বহুত সমস্যা হব। মইও এয়া ভুল কৰিলে। সদায়ে এয়াই কৰিলে, যি শাহু, শহুৰ, ননদ, স্বামী, ডৰ্পনে, পচন্দ কৰিছিল। নিজে যি ভালপাইছিলো, সেয়া কেতিয়াও নকৰিলো। এতিয়া বয়স হোৱাত অনুভৱ হয় যে, মই নিজৰ বাবে জীয়াবই নিশিকিলো। সেইবাবে সফল হোৱাৰ পাকত কেতিয়াও সোমাই নপৰিবা। মই টো কওঁ, মোৰ ওপৰটো যদি কেতিয়াবা খং উঠে বা মোৰ কিবা কথাত বেয়া পালে, তেতিয়া মোৰ লগতো কাজিয়া কৰিবা, এনেদৰে মন মাৰি, জীয়াই থাকি লাভ নাই পাৰিজাত। একো ফল নোপোৱা। ওলোটাই দিনক দিনে দুৰ্বল হৈ পৰিবা। 


বিচনাত বাগৰি থকা পাৰিজাতে একে থৰে শাহুমাকৰ ফালে চাই আছিল। আৰু ভাৱিবলৈ ধৰিলে, এয়া কেনে শাহু মা, যিয়ে মোক এনেদৰে বুজাইছে। এয়াটো  বৰ টান কথা। এতিয়া কি ভাৱনাত আছা পাৰিজাত! মাকে সুধিলে। পাৰিজাতে কলে, মই ভাৱিছিলো, আপুনি সুখী হব, মই ঘৰৰ সকলোৰে বাবে চিন্তা কৰো বাবে। যি কোৱা হয়, তাকে মই কৰোঁ। মই সচাঁকৈ এগৰাকী ভাল বোৱাৰী আৰু সফল পত্নী হবলৈ বিচাৰিছিলো। দিনাই কলে, কোনো প্ৰয়োজন নাই পাৰিজাত, মই সাধাৰণ মানুহে ভালপাওঁ। যি নিজৰ বাবেও জীয়াবলৈ যানে। যাৰ নিজৰো এক ইচ্ছা থাকে আৰু সেয়াও পূৰ্ণ কৰিব বিচাৰে। এনেও আমাৰ সমাজখন পুৰুষ প্ৰধান হয়। এজনী ছোৱালীয়ে কেৱল কিয়, সফল হোৱাৰ পাকত থাকি নিজৰ সকলো ত্যাগ কৰিব লাগে! ডৰ্পন আৰু তোমাৰ শহুৰ দেউতাই কেতিয়াবা এনে কিয় নকৰে! কি আমাৰ ইচ্ছাৰ বাবে, কেতিয়াবা নিজৰ ইচ্ছাক এৰি দিয়ে। কেতিয়াবাটো কব লাগে যে, আজি তুমি ভালপোৱাটোকে বনোৱা। এনেটো কেতিয়াও নহয় ন পাৰিজাত! কেতিয়াবা তুমি ডৰ্পনৰ শুনা আৰু কেতিয়াবা তোমাৰ সি শুনিবলৈ লাগে। কিন্তু এনে কেতিয়াও নহয়, এইখিনিতে বৰ দুখ লাগে। আৰু মই কেতিয়াও নিবিচাৰো যে মোৰ বোৱাৰীয়ে নিজৰ মনটোকে মাৰে। আজিও মোৰ মনত বহুতো দুখ আছে যি মই মনৰ মতে কৰিবলৈ নোঁৱাৰিলো। বয়স হোৱাত তোমাৰ এই দুখ যাতে হব নালাগে! কেতিয়াও ভাবিব লগা নহয় যে, তুমি কেতিয়াও নিজৰ মনৰ পচন্দৰ মতে নকৰিলাই। সেইবাবে সাধাৰণ মানুহৰ দৰে জীৱন নিৰ্বাহ কৰা পাৰিজাত। এনে কৈয়ে দিনাই পাৰিজাত মূৰত হাতখন ৰাখিলে। পাৰিজাতে মাকৰ হাততে চুমা খালে। সেইসময়তে ডৰ্পনো আহিল আৰু বিচনাতে বাগৰ দি কলে, পাৰিজাত আজি বিৰিয়ানী বনাবা নি! আজি নবনাওঁ ডৰ্পন। বেলেগ এদিনাখন বনাম।


ডৰ্পনক কাৰেন্টৰ চৰ্ট মৰা দৰে লাগিল। সি উঠি বহিলে কি! পাৰিজাতে কলে, অ মিটিং পাকঘৰৰ মজিয়াত বহি এটেন্ড কৰিলো। সেইবাবে কমৰ জথৰ হল। সেইবাবে আজি বেছি বনাব নোৱাৰিম। বহুত ভাগৰি গলো। মায়েও আজি পুৱাৰ পৰা বহুত কাম কৰিলে, মায়েও বনাব নোৱাৰিব। ঠিক আছে না! বিয়াৰ পাছত এয়া প্ৰথম বাৰলৈ পাৰিজাতে কোনো কথালৈ মনা কৰিছিল। তেতিয়া ডৰ্পনে এবাৰ মাকলৈ আৰু এবাৰ পাৰিজাতৰ ফালে চাই কলে যে, ঠিক আছে পাৰিজাত। যি তোমাৰ ইচ্ছা। আৰু ডৰ্পনৰ ফোন অহাত সি তাৰপৰা ওলাই আহিল। দিনাই পাৰিজাতৰ হাতখন ধৰি লৈ কয়, চাব্বাছ, এয়া হল ন পাৰিজাত। তেনেতে দেউতাকে ভিতৰলৈ আহি সুধে, কি কথাত চাবাচি দিয়া হৈছে হয়নে! আমাকাটো কোৱা শাহু বোৱাৰীয়ে! পাৰ্চনেল কথা শাহু বোৱাৰী মাজত পাপা, এনে কৈয়ে পাৰিজাতে হাঁহি মাৰি কোঠাৰ পৰা আহিবলৈ ওলাল। দিনাই তাইৰ ফালে চালত তাই মাকলৈ চাই চকু টিপ মাৰিলে। দিনাই ডাঙৰকে হাঁহি দিলে। দিনাৰ স্বামীয়ে একো নুবুজিলে কিন্তু দিনাৰ হাঁহি থকা মুখলৈ চাই ৰল।।।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages