প্ৰতিদিন তুলসী পূজা কেনেদৰে কৰিব লাগে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 4, 2021

প্ৰতিদিন তুলসী পূজা কেনেদৰে কৰিব লাগে : Religious Studies

Religious Studies

তুলসী সকলোৰে ঘৰতে থাকে। হিন্দু মান্যতা অনুসাৰে ঘৰত তুলসী থকাটো শুভ মনা হয়। এনে কোৱা হয়, সদায়ে পুৱা গধূলি ঘৰত তুলসী পূজন কৰিলে, ঘৰখনত সুখ সমৃদ্ধি থাকে( Religious Studies )।লগতে তুলসী পূজন কৰিলে সৎ গুণৰ প্ৰাপ্ত হয়, কিন্তু তুলসীৰ লগত জড়িত কিছুমান কথা ধ্যানত ৰাখিব লাগে। তেতিয়া সু-ফলৰ প্ৰাপ্ত হয়। 


তুলসী পূজন কৰাৰ বিধি কথাৰে.. 

পুৱা উঠি স্নান কৰি, পৰিষ্কাৰ বস্ত্র পৰিধান কৰি

প্ৰথমে সূৰ্য্য দেৱতাক জল অৰ্পণ কৰিব। 

আৰু তাৰে পাছত তুলসী পূজন কৰিব লাগে। 

সৰ্বপ্ৰথম পূৰ্ৱ দিশৰ ফালে মুখ কৰি তুলসীক প্ৰণাম কৰিব লাগে। ইয়াৰে পাচত শুদ্ধ জল অৰ্পণ কৰিব লাগে। জল অৰ্পণ কৰাৰ পাছত শুদ্ধ ঘীৰ বন্তি জ্বলাই আৰতি কৰিব লাগে আৰু ঘৰখনৰ সুখ সমৃদ্ধি কামনা কৰিব লাগে। 


তুলসীক পানী দিয়াৰ বিধি.. 

তুলসীক জল সদায়ে, তুলসীৰ শিপাত দিব লাগে। 

আৰু জল দিয়াৰ সময়ত তিনিবাৰ তুলসীৰ পৰিক্ৰমা কৰিব লাগে। 

প্ৰথম তুলসীৰ শিপাত পানী দিব। 

এবাৰ পৰিক্ৰমা কৰিব। 

পুনৰ জল দি পৰিক্ৰমা কৰিব। 

আৰু তৃতীয় বাৰ জল দি পুনৰ পৰিক্ৰমা কৰিব। 

শেষত বাকী থকা জল, তুলসীৰ অগ্ৰ ভাগত দিব। 

এয়াই হৈছে তুলসীক জল দিয়াৰ বিধি। 


নতুন তুলসী ঘৰত কেতিয়া লগাব লাগে আৰু, কত ৰাখিব লাগে! 

তুলসী লগাবলৈ কাতি মাহ অতিকে উত্তম হয়। 

আৰু তুলসী গুৰুবাৰ আৰু শুক্রবাৰে লগালে শুভ মনা হয়। 

তুলসী পুৱা বা আবেলি লগাব লাগে। 

তুলসী ঘৰৰ আগফালে লগাব লাগে। 

আৰু ঘৰখনৰ বেলকনিৰ উত্তৰ দিশত তুলসী লগাব পাৰি। 

এনে বেলকনিত তুলসী লগাব লাগে, যি শুৱা কোঠালিৰ কাষত হয়। 

তুলসী ঘৰৰ দিক্ষিণ ভাগত লগাব নালাগে। 


তুলসী কেতিয়া চিঙিব নেপায়.. 

তুলসীৰ পাত ৰবিবাৰ, একাদশী, 

সূৰ্য্য গ্ৰহণ, চন্দ্র গ্ৰহণ, দ্বাদশী, সংক্রান্তি তথা

সন্ধ্যা কালত চিঙাটো অশুভ হয়। 

তুলসীৰ পাত কেতিয়াও বাচী নহয়। 

তুলসীৰ পাত চিঙি আনি ৰাখি, কিছু দিনৰ পাছত

তুলসীৰ পাত পূজাত ব্যৱহাৰ কৰা হয়। 

তুলসীৰ পাত বাৰে বাৰে দেৱতাক দিব পৰা যায়। 

তুলসীৰ পূজা সদায়ে কৰিব লাগে আৰু প্ৰতিদিন সন্ধ্যা সময়ত তুলসীৰ ওচৰত বন্তি জ্বলাব লাগে। 

আৰু তুলসী ঘৰত লগালে ঘৰখনৰ নকাৰাত্মক উৰ্জা দুখ দূৰ হয়, আৰু বাস্তু দুখ শেষ হয়। ( Religious Studies )


ৰবিবাৰে তলসী তলত বন্তি জ্বলাব লাগে নে নেলাগে! 

ৰবিবাৰে তুলসীৰ তলত আবেলি বন্তি জ্বলাব পাৰে। কিন্তু ৰবিবাৰে তুলসীৰ তলত জল দিব নালাগে। 

আৰু ধ্যান ৰাখিব লাগে, ৰবিবাৰে তুলসীৰ ওচৰত বন্তি জ্বলোৱা সময়ত তুলসীক স্পৰ্শ কৰিব নালাগে। সন্ধ্যা সময়ত বন্তি জ্বলোৱা কোনো মানা নাই। 


তুলসী শুকাই গলে কি কৰিব লাগে! 

তুলসী লগালে, ভালদৰে চুৱা চিতা কৰিব লাগে। 

যাতে ঘৰখনৰ তুলসী শুকাই নাযায়। 

তুলসী শুকাই গলেও, চিন্তিত হব নালাগে। 

তুলসী শিপাৰ সৈতে উঠাই লৈ প্ৰবাহিত নৈ বা জান জুৰিত প্ৰবাহিত কৰিব লাগে। 

তুলসী শুকাই গলে, সেই ঠাইত নতুন তুলসী লগাব বা তুলসীৰ বীজ সেই ঠাইত দিব লাগে। 

নতুন তুলসী নুলুৱালৈকে পুৰণি তুলসী থকা ঠাইতে

পূজন কৰিব পাৰে কাৰণ তুলসীৰ মাটি, পাত, বীজ সকলোবোৰ প্ৰয়োজনীয় হয়। 


তুলসীৰ পাত কেনেদৰে খাব লাগে! 

তুলসী পাত সেৱন কৰাৰ সময়ত এই কথা ধ্যানত ৰাখিব লাগে যে, তুলসীৰ পাত কেতিয়াও চুবাই খাব নালাগে। 

তুলসীৰ পাত সদায়ে চুপি খাব লাগে। 

তুলসী পাত বহু ৰোগৰ ঔষধি হয়। 

তুলসী পাতত পাৰাধাতু থাকে।তুলসী পাত

চুবোৱা সময়ত সেই ধাতু দাঁতত লাগে। 

আৰু এই ধাতু দাঁতৰ বাবে ভাল নহয়। 

সেইবাবে তুলসীৰ পাত চুবাই খাব নালাগে। চুপি খাব লাগে। 

তুলসী ঘৰত থকাটো ভাল। 

ভগৱান শ্রী বিষ্ণু আৰু শ্রী কৃষ্ণৰ পূজন

তুলসীৰ অবিহনে আধৰুৱা আৰু বীৰ হনুমানৰো তুলসী বৰ প্ৰিয়। 


ভগৱান শিৱ আৰু শ্রী গণেশক তুলসী কেতিয়াও অৰ্পণ কৰিব নালাগে।।


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages