শহুৰেকৰ ঘৰত লাজত পৰিল এগৰাকী বোৱাৰী : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 11, 2021

শহুৰেকৰ ঘৰত লাজত পৰিল এগৰাকী বোৱাৰী : Storyboard

Storyboard

ফোনৰ ৰিং হোৱাত স্পৃহাই ফোনটো ৰিচিভ কৰিলত আনফালে মিনু পেহী আছিল। হেল্ল, পেহী, ইমান ৰাতি ফোন কৰিলা যে, কিবা বিশেষ প্ৰয়োজনীয় কথা আছিল নি! প্ৰয়োজনীয় কথাই স্পৃহা( Storyboard )। তোমাক কবলেও ভয় লাগিছে। পেহী, ঘূৰাই পকাই নকবা, চিধা চিধি কে কোৱা কি হৈছে! পেহীয়েকে ভয় খায় কলে, স্পৃহা, এতিয়া, ডিব্ৰুগড়ৰ পৰা মলয়া বায়ে ফোন কৰিছিল আৰু কলে যে, ডাঙৰ দাদাই পুনৰ বিয়া কৰালে। মলয়া বায়ে, ডিভোর্স হোৱা কাৰোবাৰ লগত সম্বন্ধ কৰি দিছে। এয়া শুনা লগে লগে স্পৃহাৰ হাতৰ পৰা ফোনটো সৰি পৰিল। স্পৃহা বিজুলী পৰাৰ দৰে থৰ লাগিল। তাই লাজো পাইছিল। এতিয়া শাহুমাক, ডাঙৰ নবৌৱেক, নন্দেকে তাইৰ ওপৰত হাঁহি ৰব। তাই আন কাৰোবাক নিজৰ মুখ কেনেদৰে দেখুৱাব? পংকজক কি দৰে কব, পাপায়ে পুনৰ বিয়া কৰালে বুলি! স্পৃহাই নিজৰ চকুপানীক ৰখাব পৰা নাছিল। 


নিজৰ বিয়া সময়টো ডাঙৰ পেহীক স্পৃহাই বৰ বেয়া পাইছিল কাৰণ যেতিয়া ডাঙৰ পেহীয়ে কৈছিল, এতিয়া বিজয় দাদালৈ বৰ কষ্ট হব। এতিয়া তেওঁ জীয়াবলেও সমস্যা হব। তেওঁ দ্বিতীয় বিবাহ কৰাব লাগে। স্পৃহাৰ মনত পৰিলে, যেতিয়া তাই দেউতাকৰ ঘৰলৈ যায়, তেতিয়া কিমান মৰমেৰে মাকৰ বস্তুবোৰ সামৰি ৰাখিছিল। তেতিয়া দেউতাকে কয়, এতিয়া এইবোৰ সামৰি কি লাভ! এতিয়ানো পুনৰ কত বন্তি ঘূৰি আহিব। স্পৃহা, তোমাক যি লাগে, তুমি লগত লৈ যোৱা। নালাগে পাপা, পংকজে মোক সকলো দিছে। মোৰ পংকজৰ ঘৰত বহু আৰাম। তাত মোৰ কোনো বস্তুৰে অভাৱ হোৱা নাই। স্পৃহাই তেনেদৰে কলেও, অহা সময়ত দেউতাকে তাইৰ হাতত পইচা গুজি দিছিল। স্পৃহাৰ বিয়াটো দেউতাকে মন ভৰি খৰচ কৰিছিল, মূৰৰ পৰা ভৰিলৈকে সজাই দিছিল। স্পৃহাক কোনো বস্তুৰে নাটনি হবলৈ নিদিছিল। তাইক সকলোবোৰ দিছিল।


নিজৰ বিয়া দিনা কান্দি কান্দি স্পৃহা মূৰ্চা গৈছিল। তেতিয়া দৰা ঘৰৰ লোকেও ভাৱিছিল,কেনে এজনী ছোৱালী আমাৰ ঘৰলৈ আহিছে! স্পৃহা শহুৰৰ ঘৰলৈ নিশ্চয় আহিছিল, কিন্তু তাইৰ মনটো নিজৰ দেউতাকৰ লগতে থাকি আহিছিল। স্পৃহাই ভাৱিছিল, তাইৰ অন্ধ ককায়েকক, দেউতাকৰ বাবে বহু ডাঙৰ দায়িত্ব। এতিয়ালৈকে তাইৰ ককায়েকৰ বাবে নিচিন্ত হৈ আছিল। এতিয়াটো ঘৰৰ আৰু বাহিৰৰ সকলো তেওঁৱেই চাব লাগিব৷আনদিনা স্পৃহাই দেউতাকৰ লগত দিনত ২,৩বাৰ কথা নপতাকৈ নাথাকিছিল, পাপায়েটো একো জানিবলকে নিদিলে, কালিয়েটো ইমান সময় কথা পাতিছিলো। এয়া কৈছিল, ডাঙৰ পেহী ওচৰলৈ কিবা দৰকাৰী কাম এটাত যাব, কিন্তু ইমান ডাঙৰ কথা লুকুৱালে! এই কথা ভাৱি ভাৱি স্পৃহাই চিঞঁৰি দিলে, আৰু তাইৰ চকুলোৰে দুধাৰি বৈ আহিল। কান্দোতে কান্দোতে স্পৃহাৰ তাইৰ মাকৰ কথা মনত পৰিল। সৰুতে মৰমেৰে সাধু কথা কয় কয়, তাইক ভাত খুৱাই দিছিল। কিমানযে মৰমৰ ভাল দিন আছিল। পংকজ অহাত স্পৃহা ভয় খায় গল। পংকজে সুধিলে, কি হল! বৰ মন মাৰি আছা যে! তোমাৰ গা ঠিকে আছে ন স্পৃহা! তেতিয়া স্পৃহাই নিজকে আৰু ৰখাব নোৱাৰিলে। পংকজক সাৱটি লৈ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। পংকজে, তাইৰ কান্দোন ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু স্পৃহাৰ ফেকুৰা ৰখাবই পৰা নাছিল। বহু দেৰি পাছত স্পৃহাই কলে, পংকজ, পাপাই, পুনৰ বিয়া কৰালে! পংকজে আশ্চর্য জনক হৈ কলে কি! পাপাৰ এই বুঢ়া বয়সত কি মন গল স্পৃহা! পাপাই দৰা হোৱা সময়ত চুলিত ৰং কৰি ললে ন! বগা চুলিত! পাপাক দৰা সাঁজত কেনে লাগিছিল বাৰু স্পৃহা! তাই পুনৰ ফেকুৰি উঠিল। বাদ দিয়া এইবোৰ স্পৃহা। আহা আমি দুয়োয়ে পাপাৰ এই আনন্দত ফুৰ্তি কৰোঁ।


পংকজে, পৰিস্থিতি অলপ পাতলীয়া কৰিব বিচাৰিলে। খং কৰি, স্পৃহাই ৰূমৰপৰা ওলাই আহিল। বহু তৰ্ক কৰা পাছত স্পৃহা আৰু পংকজৰ মাজত সিদ্ধান্ত হল যে, তাহাঁতি আৰু দেউতাকৰ লগত কোনো সম্বন্ধ নাৰাখে। ৰাতি শুৱা সময়টো স্পৃহাই ভাৱিলে, কিছু মাহৰ আগতে তাই সম্বন্ধীয় ভনীয়েক এজনীৰ বিয়ালৈ গৈছিল, তেতিয়া তাতে ডাঙৰ পেহীয়ে কৈছিল, বিজয় দাদাৰ জীৱনত সমস্যাই সমস্যা। ঘৰৰ লখিমী অবিহনে ঘৰখন চেচাঁ, কোনোবাই ভাত কেইটাই জাচি দিবলৈ এজনী লাগে। এই কথা শুনিয়েই স্পৃহাই বেয়া পাইছিল। আপুনি কি কব বিচাৰিছে পেহী! পাপায়ে কি এই বয়সত বিয়া কৰোঁৱাই! পেহীয়ে কলে, অ তাতে কি হল! দাদাৰ বাকী থকা জীৱন সুন্দৰ হৈ পৰিব। লৰাটোকো চোৱা চিতা কৰিবলৈ এজনী লাগে। পেহীয়েকে স্পৃহাৰ অন্ধ ককায়েকৰ কথা কৈছিল। স্পৃহা খংতে জ্বলি পকি, দেউতাকৰ ওচৰলৈ গল। সকলো কথা দেউতাকে গম পায় স্পৃহাক নিজৰ কাষতে বহুৱাই, মৰমেৰে তাইৰ মূৰত হাত ফুৰাইছিল, কিন্তু স্পৃহাৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিছিল। তেওঁৰ মৌনতা স্পৃহাক বিন্ধি পেলাইছিল। তাই তেতিয়া দেউতাকক বেয়া পায় আহিছিল। পংকজে বহু বাৰ বাটতে সুধিছিল, কিয় তাই বেয়া পাইছে! কিন্তু স্পৃহাই কি কব। তাই মনে মনে  ৰৈছিল। তথাপিটো, স্পৃহাৰ বিশ্বাস আছিল যে, দেউতাকে তেনে কাম নকৰে। এতিয়া প্ৰশ্ন এয়া যে, স্পৃহাই এতিয়া এই সকলো কথা ঘৰৰ সকলোকে কেনেদৰে কব!


এই কথা ভাৱি থাকোতেই পুৱা হল। স্পৃহা এটা সংযুক্ত পৰিয়ালক বাস কৰিছিল। শাহুমাকে তাইক মাকৰ দৰে মৰম কৰিছিল। নবৌয়েক পিংকি লগত তাইৰ বহু মিল আছিল। হয় কেতিয়াবা লৰা ছোৱালীৰ বাবে, তেওঁলোকৰ মাজত অলপ কথা শুনোৱা হয়। দেউতাকে স্পৃহাক দিয়া বস্তু বোৰৰ বাবে পিংকি বৌৱেকৰ অলপ ঈৰ্ষা হৈছিল, কিন্তু সেয়া পিংকি বৌয়েকে মুখত বা ব্যৱহাৰত আহিবলৈ নিদিছিল। এই কথা স্পৃহাই জানিছিল, পিংকি বৌৱেকৰ মাকৰ ঘৰখন স্পৃহাৰ দেউতাকৰ ঘৰখনৰ দৰে সম্পন্ন নাছিল। স্পৃহাৰ নিজৰ দেউতাকৰ টকা পইচাত অলপ অংহকাৰো কৰিছিল। স্পৃহাৰ সকলোতকে ডাঙৰ চিন্তা এয়া আছিল যে যেতিয়া পিংকি বৌৱেকে স্পৃহাৰ দেউতাকৰ ওপৰত হাঁহিব। স্পৃহা পুৱা উঠিলে, গা ধূই পাকঘৰলৈ গল। পাকঘৰত স্পৃহাৰ শাহুৱেকে তাইৰ উদাশ মুখ মণ্ডল দেখা পায়, বুজিলে কৰবাত কিবা নহয় কিবা এটা হৈছে। শাহুৱেকে সুধিলে, কি হল স্পৃহা? তোমাৰ গা বেয়া নি! তুমি কোঠালৈ গৈ আৰাম কৰাগৈ, মই চাহ বনাই তোমাৰ কুঠালৈ পথিয়াই দিম।


মা, মই একেবাৰে ঠিকে আছো, স্পৃহাই কলে। বৌয়েকেও বহু বাৰ জানিবলৈ প্ৰয়াস কৰিলে, কিন্তু তাই একো নকলে,হাঁহি ধেমালী কৰি থকা স্পৃহাৰ মুখখন কন্দামুৱা অৱস্থা দেখি, ঘৰৰ সকলোকে চিন্তিত কৰি তুলিলে। শাহুমাকে, পংকজকো সুধিলে, স্পৃহা কিয় চিন্তিত হৈ আছে! তোমাৰ লগত কিবা কাজিয়া লাগিল নি! নহয় মা।এটা কথা হল মা, কিন্তু আপুনি কাকো নকব, স্পৃহাৰ দেউতাকে পুনৰ বিবাহ কৰালে। সেইবাবে স্পৃহা বৰ দুখিত। তাই নিজৰ দেউতাকক বহুত বেয়া পাইছে। চোৱাচোন মা, এই ৬০বছৰৰ ওপৰত, সকলো চুলি বগা হল। আৰু এতিয়া তেওঁ বিয়া কৰালে! পংকজে কলে, পংকজৰ মাক এগৰাকী বহু কথা বুজা ধৈৰ্য্যশীল মহিলা আছিল। তেওঁ যেতিয়া এই কথা ভাৱিলে, তেতিয়া পংকজৰ মাকৰ স্পৃহাৰ দেউতাকৰ সিদ্ধান্ত দেখা পালে। লগতে স্পৃহাৰ খং আৰু বেয়া পোৱা স্বাভাৱিক লাগিলে। পংকজ যোৱাৰ পাছত মাকে নিজে চাহ বনালে আৰু প্লেটত গৰম গৰম পুৰী সজালে। এয়া স্পৃহাৰ প্ৰিয় হয়। মাকে নিজে চাহ আৰু পুৰি প্লেট লৈ,স্পৃহাৰ কোঠালৈ গল। স্পৃহাই উদাশ মনেৰে বিচনাতে পৰি আছিল। মাকক দেখা পায়, তাই লৰালৰিকৈ উঠিল। স্পৃহাৰ, কান্দি কান্দি ৰঙা হৈ থকা চকুহালে স্পৃহাৰ মনৰ কথা কৈছিল। 


শাহুমাকে, প্ৰথমতে কলে, লোৱা প্ৰথমতে চাহ আৰু পুৰি খায় লোৱা। তাৰপিছত কথা পাতিম। স্পৃহাই মাকে এনে কোৱাত শাহুমাকৰ কথা অমান্য কৰিবলৈ নোৱাৰিলে। তাই মনে মনে চাহ পুৰি খালে। স্পৃহা, যেতিয়া পৰা পংকজৰ ঘৰলৈ আহিছিল, তেতিয়া পৰা শাহুমাকৰ পৰা, মাকৰ মৰম পাইছিল। নিশ্চিন্ত মনে, স্পৃহাই নিজৰ মনৰ কথা, শাহুমাকক কব পাৰিছিল। তাই যেতিয়া পুৰি আৰু চাহ খায় শেষ কৰিলে, তেতিয়া শাহুমাকে স্পৃহাক সুধিলে, কি কথা হল! স্পৃহাই তেতিয়া নিজকে ৰখাব নোঁৱাৰিলে। তাই কান্দোনত ভাঙি পৰিল, আৰু ফেকুৰি ফেকুৰি কলে, মা, পাপায়ে বিয়া কৰালে। তেতিয়া শাহুমাকে স্পৃহাক সাৱটি ধৰিলে আৰু মূৰত হাত ফুৰাই লৈ কলে, স্পৃহা ধৈৰ্য্য ধৰা। যদি তোমাৰ দেউতাই বিয়া কৰালে, তেতিয়া হলে তুমি দুখী কিয় হৈছৈ! তুমিটো সুখী হব লাগে। তুমি তোমাৰ দেউতাৰ পৰিস্থিতিক বুজিবলৈ চেষ্টা কৰা। তোমাৰ দেউতাৰ বয়স বাঢ়ি গৈছে। তেওঁ ওপৰত তোমাৰ অন্ধ দাদাৰ দায়িত্ব আছে। যি নিজে একো কৰিবলৈ নোৱাঁৰে। তুমি নিজে ভাৱা, তোমাৰ দাদাক তেওঁ কেনেকৈ চুৱা চিতা কৰিব। তুমিয়েই মোক বহু বাৰ কৈছা, ( Storyboard )

কাম কৰা বাই জনীয়ে বস্তু চুৰি কৰি লৈ যায়। সেইবাবে দেউতাই ব্ৰেদ খায় নিশা কটাব লাগে। কেতিয়াবা কেতিয়াবা একো নুখোৱাকৈ শুই পৰে। কেতিয়াবা আধা সিজাকে দাদাক খুৱাই দিয়ে। কেতিয়াবা গাখীৰ খায়ে শুৱে। এই সকলোবোৰৰ পৰা হাত সাৰিবলৈ, ইয়াতকে আৰু ভাল উপায় আৰু একো হবই নোৱাঁৰে। তোমাৰ খং উচিত হয়। যদি মই তোমাক ঠাইত হোৱা হলে মোৰো এনে প্ৰতিক্ৰিয়া হল হয়। কিন্তু লৰালি এৰি, নিজৰ মনটোক নিয়ন্ত্রণ কৰা স্পৃহা।


খং আৰু প্ৰচ্যাতাপৰ আৱশ্যকে নাই। তোমাৰ দেউতাই তোমাৰ প্ৰতি সকলো দায়িত্ব পালন কৰিলে। তেওঁক নিজৰ মতে জীয়াবলৈ দিয়া। শান্ত মনেৰে চিন্তা কৰা। শাহুৱেকে স্পৃহাক নানা প্ৰকাৰে বুজালে। স্পৃহাৰ মনৰ জুইকুৰা অলপ কমিছিল। ভাগৰুৱা স্পৃহাৰ চকুহাল জাপ খায় গল। তাই সপোনত দেখা পালে, স্পৃহাৰ মাকে তাইৰ মূৰত মৰমেৰে হাত বুলাই আছে, তাইৰ চকুপানী মুহাৰি দিছে। স্পৃহা চক খায় বহি পৰিল। এতিয়া তাইৰ মনৰ বুজো অলপ পাতলীয়া অনুভৱ কৰিছিল। তাইৰ কোঠাৰ পৰা ওলাই আহি নিজৰ দৈনন্দিন কামত লাগিল। কিন্তু এতিয়া স্পৃহা, উদাশ আৰু গম্ভীৰ হৈ থাকিবলৈ ললে। হাঁহিমুখীয়া স্পৃহা এতিয়া ঘৰৰ লোকৰ লগতো বেছি কথা না পাতিছিল। লৰা ছোৱালী কেইটা লগতো বেছি কথা নাপাতিছিল। পিংকি বৌৱেকে তাইক বহু মৰমেৰে বুজালে, স্পৃহা, তোমাৰ ডাঙৰ পেহীয়ে তোমাৰ বোজা পাতল হে কৰি দিলে। এতিয়া তুমি প্ৰতি মূহুৰ্ততে চিন্তা কৰি থাকিবলৈ প্ৰয়োজন নাই। তোমাৰ দেউতাক আৰু দাদাক চুৱা চিতা কৰিবলৈ এতিয়া তাতো কোনোবা আছে। ইয়াৰ বাবে তুমি নিজে প্ৰথমে প্ৰয়াস কৰিবলৈ লাগিছিল। এতিয়া তুমি তোমাৰ দেউতা লগত সামান্য ভাৱে কথা পাতা। নিজৰ নতুন মাক লগ কৰাগৈ। যি হৈ গল বা,যি হৈ আছে সেয়া স্বীকাৰ কৰা। এতিয়া আৰু আন কোনো উপায় নাই। পিংকি বৌৰ কথা স্পৃহাৰ ভাল লাগিল কিন্তু, দেউতা লগত কথা পাতিবলৈ তাইৰ মনটোক মনাবলৈ নোৱাৰিলে।


এসপ্তাহৰ পাছত স্পৃহাৰ সৰু পেহীয়েক তাইক লগ কৰিবলৈ আহিল। স্পৃহাই পেহীয়েকক দেখা পায়, সাৱটি ধৰিলে। স্পৃহাৰ চকুলো বৈ আহিল। সৰুৰে পৰা স্পৃহাই সৰু পেহীয়েকক বৰ ভাল পায়। মাক ঢুকুৱাৰ পাছত সৰু পেহীয়েকে তাইক চাইছিল। ৩,৪মাহ নিজৰ ঘৰ দুৱাৰ এৰি স্পৃহাৰ লগত ককায়েকৰ ঘৰত থাকিছিলহি। স্পৃহাক মৰমেৰে সকলো বুজাইছিল। সৰু পেহীয়েকৰ কোলাত মূৰ থৈ স্পৃহাই বহুত কান্দি ৰৈছিল। সৰু পেহীয়েকে স্পৃহাক সাহস দিছিল, তাইক জীয়াবলৈ শিকাইছিল। সকলোতকে অধিক সৰু পেহীয়েকৰে আগত চিৰ কৃতজ্ঞ, কাৰণ তেওঁৱেই স্পৃহাৰ জীৱনলৈ পংকজক আনি দিছিল। স্পৃহাই পেহীয়েকৰ লগত ফোনত ঘন্টা ধৰি কথা পাতিছিল। মনৰ সকলো কথায় কৈছিল। ঘৰটো ওচৰতে হোৱাৰ বাবে সৰু পেহীয়েকে মন গলেই স্পৃহাৰ ঘৰলৈ আহি থাকিছিল। পাগলী, কি হল। তুমিটো সুখী হব লাগে। কালি বিজয় দাদাই ফোন কৰিছিল আৰু কৈছিল এতিয়া স্পৃহাৰ লগত কেনেকৈ কথা পাতো! তাই মোক বহুত বেয়া পাই আছে। সৰুৰে পৰা তাই বহুত জীদ কৰে। আৰু কি কৈছিল পাপায়ে! তোমালোক সকলোৰে কথা সুধিলে। আৰু মোক তোমাক লগ কৰি আহিবলৈ কলে।আৰু সকলোৰে খা খবৰ লৈ আহিবলৈ কলে। স্পৃহাক বুজাবলৈ চেষ্টা কৰা। তাই যেন নিজৰ খং কৰিবলৈ এৰে। সৰু পেহীয়েকে কলে, আৰু কিছু সময় থাকি পেহীয়েক ঘৰলৈ গুচি আহিল।


লাহে লাহে স্পৃহাই নিজৰ মনক বুজালে আৰু নিজৰ গৃহস্থী জীৱনত ব্যস্ত হৈ পৰিল। ৩মাহ পাৰ হৈ গৈছিল। এই ৩মাহত স্পৃহাই দেউতাকলৈ ফোন কৰা নাছিল আৰু দেউতাকেও কৰা নাছিল! স্পৃহাই দেউতাকলৈ সদায়ে মনত পৰিছিল কিন্তু তাইৰ জীদে বাপেক জীয়েকৰ সম্বন্ধৰ মাজত  বাধা হৈ আহি পৰিছিল। এদিন কাকো খবৰ নিদিয়াকৈ ডাঙৰ পেহীয়েক স্পৃহাৰ ঘৰলৈ আহিল। মনতে স্পৃহাই ডাঙৰ পেহীয়েকক বেয়া পাই আছিল। ডাঙৰ পেহীয়েকক দেখা পাই তাই ভাৱিলে, সকলোবোৰটো এওঁৰে কাম। এতিয়া আহিছে, মৰম দেখুৱাবলৈ। ডাঙৰ পেহীয়েকে তাইলৈ বহু বস্তু লৈ আহিছিল। স্পৃহাই দেখা পালে, তাইৰ ছোৱালী জনীৰ বাবে, এটা ধুনীয়া ফ্ৰগ, পংকজৰ বাবে চাৰ্ট, তাইৰ বাবেও মেখেলা চাডৰ এযোৰ। এটা আমৰ টুপুলা। ঘৰতে বনোৱা নাৰিকলৰ লাৰু, আৰু পিঠা। স্পৃহাই সকলোবোৰ আচৰিত ভাৱে চাই ৰৈছিল। তাই বিশ্বাস হোৱা নাছিল যে এই সকলোবোৰ তাইৰ ডাঙৰ পেহীয়েকে লৈ আহিছে। আজি ডাঙৰ পেহীয়ে ইমান মৰম কিয় দেখুৱাইছে? স্পৃহাই পেহীয়েকক সুধিব লওঁতেই তাইৰ চকু সেই বেগটোৰ ওপৰত পৰিল, যৰপৰা পেহীয়েকে পিঠা লাৰুৰ টেমাটো ওলিয়াইছিল। পলকতে স্পৃহাই সকলো বুজিলে। সেই বেগটো, সেইটো বেগেই হয়, যি দেউতাকে সদায়ে বজাৰলৈ লৈ যায়। এই বেগটোত দেউতাকৰ সুগন্ধি আছে। তথা তাই কেনেকৈ পাহৰিব পাৰে।


সেই সময়ত স্পৃহাই আচৰিত ভাৱে সুধিলে, পেহী, পাপা আহিছে ন! অ, স্পৃহা। তোমাৰ সন্মুখলৈ আহিবলৈ সাহস কৰিব পৰা নাই। এই সকলোবোৰ বস্তু তোমাৰ নতুন মায়ে তোমালৈ দি পঠিয়াইছে। তোমাৰ দেউতাই তোমাক চাবলৈ পাগলা হৈ আছে। মা পাপা বাহিৰত গাড়ীতে আছিল। তেতিয়া স্পৃহাই দৌৰি ঘৰৰ বাহিৰলৈ আহিল। স্পৃহাক দেখা পায় দেউতাকে কলে, মাজনী মোক ক্ষমা কৰি দিয়া। মই তোমাৰ মাৰ ঠাই আনক দিলো। দেউতাকৰ কথা শুনি স্পৃহাৰ খং চকুপানী হৈ ববলৈ ধৰিলে। তাই কান্দি কান্দিয়ে সুধিলে, পাপা, নতুন মা কত আছে। এই লাৰু পিঠাৰপৰা টো মোৰ মাৰ সুগন্ধ আহিছে। সকলোবোৰ পাহৰি স্পৃহাই নতুন মাকক সাৱটি ললে।।।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages