মা মই যাওঁ.......... নিজৰ সৰু হাতখন জোঁকাৰি মোক বাই বাই দি সি অট'ত বহি স্কুললে গ'ল আৰু মই শান্তিৰ উশাহ এটা ল'লো...........ওফ! ৰাতিপুৱা দৌৰা ধাপৰাবোৰ অলপ কমে । যেতিয়া ল'ৰা ছোৱালী স্কুললৈ উলিয়াই পঠিয়াই দিয়া হয়।( Storyboard )
চুমনে এবাৰ বাথৰুমত সোমোৱা পাছত আৰু বাহিৰলৈ উলাই আহিবলে নোখোজে। যেতিয়া লৈকে তিনি চাৰি বাৰ নিচিঞৰো। সি একো চিন্তা নকৰে যে স্কুললে দেৰি হ'ব আৰু অ'ট চালকজন তাৰ বাবে ৰৈ থাকিব। জোৰে গালি দিলে সি কয়,"মই স্কুল গ'লেহে স্কুল আৰম্ভ হ'ব!!" মোৰ তাৰ কথাবোৰ শুনি হাঁহি উঠে আৰু মই বাহিৰলৈ গৈ অ'ট চালকজন আহিলে নে নাই চাই তাক স্কুললৈ পঠিয়াই এটা দীঘলীয়া শান্তিৰ উশাহ লওঁ ।
তাৰ পাছত ঘৰতো এবাৰ চকু ফুৰাই চাই অলপ কাৰাকে চাহ বনাই আনি বাতৰি পঢ়িবলৈ বহো।
মই ৰাজনীতিৰ খবৰবোৰ ইমান ভাল নাপাওঁ। কিন্তু বাতৰি কাকত খনৰ যিটো পৃষ্ঠাত শুক- সংবাদৰ বিষয়ে থাকে । সেই পৃষ্ঠাটো আগত পঢ়ো। সকলোবোৰ শুক-সংবাদ ভালদৰে পঢ়ি ভাবো এওঁৰ কিমান বা ল'ৰা ছোৱালী আছিল আৰু সিহঁতৰ বা বয়স কিমান.....। কোনোবা ল'ৰা আৰু নাতিনীয়েক থকা মানুহ হ'লে ভাবো। "অমৰটো কোনো হ'ব নোৱাৰে কিন্তু আৰু কেইবছৰমান জীয়াই থকা হ'লেনো কি হ'ল হয়।" কিন্তু কেতিয়াবা কম বয়সৰ ল'ৰা ছোৱালী হ'লে মই সিহঁতৰ ঘৰৰ পৰিৱেশৰ লগত থকা দৰে বহুত বাৰ মোৰ চকু পানী উলাই আহে আৰু ভাবো পৃথিৱীত কিমান যে দুখ আছে। তাৰ পাছত সিহঁতৰ পৰিয়ালৰ মানুহক সাহস দিবলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি চকু পানী মোহাৰো। এইবোৰ মই মোৰ স্বামী ৰিটুৰ পৰা লোকোৱাই হে কৰোঁ তেওঁ মোৰ এই স্বভাৱটো বহুত বেয়া পায়।
আজি বাতৰি কাকতখন লৈয়ে মুখ্য পৃষ্ঠাটোত এখন ফটো দেখি ৰৈ গ'লো। ফটোখনৰ তলত লিখা আছিল যে ,"অৰুণ বৰাই আই.এ.এচ পৰীক্ষাত ভাৰতবৰ্ষ ভিতৰত তৃতীয় স্থান পাইছে" আৰু ফটোখনত তাৰ মাকে তাক মিঠাই খোৱাই আছে আৰু বহুত আনন্দত আছে যেন লাগিছিল..........।
অৰুণৰ মাকৰ ফটোখন মই চাই থাকিলো।"অ' এয়া চোন ৰূপা খুড়ী যেন লাগিছে। তাৰ পাছত মাক ফোন কৰি সুধিলো সেই গৰাকী ৰূপা খুড়ী নেকি..........।
মা বহুত সুখী আছিল আৰু ক'লে," মই তোকেই ফোন কৰিম বুলি ভাবিছিলো। আজি ৰূপাৰ কষ্ট সফল হ'ল। দুয়োটা ল'ৰাই বহুত ভাল হ'ল। সৰুটোও দুদিন মানৰ পাছত ইঞ্জিনিয়াৰ হ'ব। ভালে হ'ল, এতিয়া তাইৰো সুখৰ দিন ঘুৰি আহিব।"
ৰূপা খুড়ী, বগা ৰঙৰ ,মুখখনো ধুনীয়া আৰু দূৰ্বল দেহৰ দৰে সাধাৰণ মনৰ এগৰাকী মহিলা আছিল। তেওঁৰ কথা ভাবিলেই কাণত এটা মাত বাজি উঠে। তেওঁ আমাক মাজে মাজে পঢ়াইছিল আৰু যেতিয়া শ্ৰেণীত কোনোবাই চিঞৰ বাখৰ কৰে তেওঁ হাতত এচাঁৰি এডাল লৈ জোৰে চিঞৰি কয়,"চুপ....... থাকা..............আৰু গোটেই শ্ৰেণীকোঠাটোৱে শান্ত হৈ পৰে।
এইটো তেতিয়া কথা আছিল। যেতিয়া মই সপ্তম শ্ৰেণীত আছিলোঁ আৰু তেওঁ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ পঢ়ি আছিল। তাৰ পৰা প্ৰকল্পৰ বাবে আমাৰ স্কুললে পঢ়োৱাব আহে আৰু তাৰ ভিতৰত ৰূপা খুড়ীও আছিলে।
তেওঁক খুড়ী বুলি এইকাৰণে মাতো যে তেওঁ আমাৰ চিনাকী আছিল আৰু আমাৰ ঘৰলে অহা যোৱাও কৰিছিলে। তেওঁৰ দুটা ল'ৰা আছিল অৰুণ আৰু বিজু..........। মই সৰু ল'ৰা ছোৱালী বহুত ভাল পাইছিলো কাৰণে সিহঁতৰ লগতো বহুত খেলিছিলো।
খুড়ীয়ে মাক বা বুলি মাতিছিল। তেওঁলোকে মনে মনে বহুত কথা পাতি থাকে। মই বহুত বাৰ খুড়ীয়ে কান্দি চকু পানী মোহাৰা দেখিছিলো আৰু মাক সুধিছিলো । কিন্তু মায়ে ডাঙৰৰ কথা নুশুনিবি বুলি গালি দি থৈ দিছিল।
কিন্তু মই তেতিয়া নিজকে ইমান সৰু বুলিও ভবা নাছিলোঁ যে মানুহৰ মন বুজি নাপাম। বহুত বাৰ খুড়াক স্কুলৰ ওচৰৰ ৰৈ থকাও দেখো আৰু খুড়ী আহিলে তেওঁক লৈ গুচি যোৱাও দেখো। দেউতা কামৰ বাবে বহুত বাৰ বাহিৰলৈ যাব লগা হয় । এবাৰ মিন্টু খুড়াও দেউতাৰ লগত গৈছিল।
প্ৰায় দহদিন মানৰ পাছত দেউতা আহিল আৰু আমি বহুত সুখী আছিলোঁ । কাৰণ দেউতাই ক'ৰবাত গ'লে আমাৰ বাবে কিবা নহয় কিবা আনে। এইবাৰ মোৰ বাবে এটা চন্দনৰ গোন্ধ উলোৱা পেইন লৈ আহিছিল।
পিছদিনা মই স্কুলৰ পৰা অহা পাছত ৰূপা খুড়ী কান্দি কান্দি বা বা মাতি দৌৰি আহি মাক সাবতি ধৰিছিল। মায়ে মোক চকুৰে বাহিৰলৈ যাবলে ইংগিত দিলে। মই জানিব বিচাৰিছিলো কি হৈছে। তেওঁ মুখত বহুত আঘাতৰ চিন আছিল। মই বাহিৰৰ পৰা মনে মনে শুনি আছিলোঁ।
খুড়ীয়ে কৈ আছিল । বা আজিটো মোক বহুত শাস্তি দিছে। ইমান দিনে মিন্টুৱে যি সন্দেহ কৰি আছিল মোক আজি সেইবোৰৰ বাবে মাৰ-পিতো কৰিছে।
নাজানো কোনে তেওঁক ক'লে তেওঁ দাদাৰ লগত বাহিৰলৈ যাওঁতে মই বেলেগৰ লগত বিয়া পাতি লোৱা বুলি। যাৰে তাৰে লগত আগৰ পৰাই মোক যোৰা দি সন্দেহ কৰে আৰু কালিটো আহিয়ে মোক মাৰ পিত কৰি ক'বলৈ ধৰিছিল যে তই কাৰ লগত বিয়া আকৌ পাতিলি ক' ............... মই বহুত সুধিলো কোনে তেওঁক এইবোৰ মিছা কথা লগাইছে কিন্তু তেওঁ নক'লে।
তেওঁ বহুত দেৰি লৈকে কান্দি থাকিল। মায়ে খুড়ীক নকান্দিবলে কৈ ক'লে , মায়ে নহলেবা মোৰ দেউতাই খুড়াক বুজাব............। কিন্তু ভয়তে খুড়ীয়ে মাৰ হাতখন ধৰি ক'লে," নালাগে বা তাৰ পাছতো মোক আৰু মাৰিব। হয়তো এইয়া মোৰ কপালৰ দুখ । মানুহে সঁচাই কয় যে, যাৰ মাক সৰুকালতেই ঢুকাই তাৰ কপাল বেয়া হৈ যায় বুলি।" আকৌ তেওঁ কান্দিবলৈ ধৰিলে........। তেতিয়া মই সৰু আছিলোঁ যদিও বেয়া কথাৰ বিৰুধ কৰিব লাগে বুলি জানিছিলো। মই ভাবি আছিলোঁ খুড়ী ইমান ডাঙৰ তথাপিও কিয় তেওঁ মাৰ খালে একো নক'লে তেওঁৰ ভুল নথকাৰ পাছতো.....।
তাৰ পাছত তেওঁ সহ্য কৰিয়ে থাকিলে আৰু খুড়ীয়ে চৰকাৰী স্কুলত চাকৰি ও পালে । খুড়াই ও খুড়ীয়ে চাকৰি পোৱা ঠাইলৈ নিজৰ চাকৰি স্থানান্তৰ কৰাই ল'লে। তাৰ পাছত দেউতাৰো বেলেগ ঠাইলৈ স্থানান্তৰ হ'ল আৰু আমি তাৰ পৰা বেলেগলে গুচি আহিলো...।
বহুত বছৰ পাৰ হৈ গ'ল। মই তেতিয়া একাদশ শ্ৰেণীত আছিলোঁ। এদিন মই পৰীক্ষা বাবে পঢ়ি আছিলোঁ আৰু দুৱাৰৰ বেলটো বাজি উঠিল। তেতিয়া দুপৰীয়া দুটা মান বাজিছিল। দুৱাৰ খন খুলি দেখিলোঁ কোনোবা চিনি পোৱা এগৰাকী মহিলা ৰৈ আছিল। ভালকৈ চাই মনত পৰিল আৰু ক'লো, "আপুনি ৰূপা খুড়ী.......হয় নে......।"
তাৰ পাছত মাক চিঞৰি চিঞৰি মই মাতিলো আৰু দুয়োজনীয়ে দুয়োজনীক লগ পায় বহুত সুখী আছিল। অলপ পাছত মায়ে তেওঁৰ খবৰ সুধিলত তেওঁ দুখ কৰি ক'লে ,"মিন্টু তেনেকুৱাই আছে। তেওঁ সন্দেহবোৰ এতিয়া বেমাৰলে পৰিবৰ্তন হৈছে। কেতিয়াবা নিজকে কেতিয়াবা মোক আৰু কেতিয়াবা ল'ৰাকেইটাক বহুত মাৰে। এবাৰ অৰুণক চুলিত ধৰি মৰোতে চুলি চিগি আহিছিল।( Storyboard )
আকৌ এবাৰ চকুত মাৰি বহুত ডাঙৰ চিন বহাই থৈছে। যেনেতেনে চকুতো বাচি গ'ল।
বহুত ডাক্তৰক দেখালো একো কাম নহ'ল। পাগল খানাতো থৈ চালোঁ। তেওঁৰ পৰিয়ালৰ মানুহ আৰু ওচৰৰ চুবুৰীয়ায়েও মোকে বেয়া বুলি ভাবে। মই কিমান বুজালো মিন্টুক যে মই বেলেগৰ লগত বিয়া পতা হ'লে কিয় তেওঁৰ লগত মাৰ খাবলৈ থাকিলো হেঁতেন । কিন্তু তেওঁৰ মনত যি সন্দেহৰ পোক সোমাইছিল। সেইটোৱে তেওঁক আৰু আমাৰ পৰিয়ালটোক ধ্বংস কৰি গৈ আছিল।"
মায়ে তেওঁৰ কথা শুনি কান্দিবলে ধৰিলে আৰু তেওঁ ৰৈ গ'ল আৰু কিমান কান্দিব তেওঁ। চকু পানীৰো চাগে কিবা সীমা থাকে। শেষ হৈ গৈছিল চাগে এতিয়া সেইবোৰ। তেওঁৰ চকুত অকল ল'ৰাকেইটাৰ ভৱিষ্যতৰ বিষয়ে চিন্তা আছিল।
ল'ৰাকেইটাৰ কথা সুধিলত ক'লে,"সিহঁতি ভালে আছে আৰু পঢ়া-শুনাটো সিহঁতি ভাল। অলপ পাছত খুড়ী গুচি গ'লত মায়ে তেওঁৰ বিষয়ে ক'লে যে ৰূপা খুড়ীৰ মাক তেওঁ সৰু থাকোঁতেই ঢুকাইছিল।
সিহঁতৰ ওচৰৰ মানুহ এজনীয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে ডাঙৰ কৰিলে। মাকৰ ঘৰত তেওঁৰ কোনো নাই আৰু শহুৰেকৰ ঘৰৰ মানুহেও স্বামীয়ে লগ দিলেহে লগ দিব।
"তেওঁ কিয় এইবোৰ কষ্ট সহ্য কৰি থাকে মা। কিয় এৰি গুচি নাযায় তেওঁ নিজৰ ভৰিত থিয় দিয়া পাছতো! তেওঁৰ একো ভুল নথকাৰ পাছতো তেওঁৰ শহুৰেকৰ ঘৰৰ মানুহে কিয় খুড়াক নুবুজাই............।"মই অলপ আচৰিত আৰু দুখী হৈ মাক সুধিলো...।
"এতিয়া তাই কি কৰিব বেচেৰিয়ে এৰি গ'লেও এই পৃথিৱীৰ মানুহবোৰে তাইক কি ভালকৈ জীয়াই থাকিব দিব নেকি........। তাইক আৰু বেয়া বুলি ভাবিব এই সমাজখনে। এবাৰ মই তাইক কৈছিলো এনেকুৱা কৰিবলৈ ।কিন্তু তাই মনা কৰিলে ক'লে, সমাজে তাইকে বেয়া ভাবিব আৰু তাই তাক এৰি গ'লেও তেওঁটো ল'ৰাকেইটাৰ দেউতাক ন।
তাই নিজৰ কপাল বেয়া বুলি ধৰি লৈছিল।" মায়ে দুখ লগা মাতেৰে ক'লে।
মই বহুত দুখ পাইছিলো আৰু ভাবিছিলো যে কেতিয়ালৈকে আৰু মহিলাই নিৰ্দোষী হোৱাৰ পাছতো কষ্ট সহ্য কৰি থাকিব।কিয় সাহস গোটাব নোৱাৰে।কিয় বেয়া কথাৰ বিদ্ৰোহ কৰিব নোৱাৰে। বিয়া কি কিছুমানৰ বাবে ইমান ডাঙৰ শাস্তিও হৈ পৰে নেকি.....।
তেওঁ মাকৰ ঘৰৰ কোনো নাছিল যদিও শহুৰেকৰ ঘৰত কি মহিলা নাছিল নেকি ।তেওঁ কিয় খুড়ীৰ দুখ বুজি নাপালে.....?কিয় নুবুজালে যে খুড়ী বেয়া নহয় । তেওঁলোকৰ সমন্ধীয় , বন্ধু ওচৰৰ চুবুৰীয়া কোনো নাছিল নেকি যে খুড়ী গাত দুখ নাই বুলি কবলৈ......।
তাৰ পাছত খুড়ীক লগ কৰা নাছিলো। বি.এ পাছ কৰা পাছত মোৰ বিয়া হৈ গ'ল আৰু মই নিজৰ পৰিয়ালৰ লগত ব্যস্ত হৈ পৰিলোঁ। তাৰ পাছত এদিন গম পালো যে মিন্টু খুড়াই নিজক জ্বলাই আত্মহত্যা কৰিলে। সন্দেহৰ জুইত জ্বলি থকা জনে নিজেই আকৌ জ্বলি মৰি গৈছিল।
ৰূপা খুড়ীয়ে আগতেও ল'ৰাকেইটাক মা-দেউতাক দুয়োজনৰে মৰম দিছিল আৰু খুড়া ঢুকোৱা পাছতো কৰিছিল। সিহঁতক আগবাঢ়ি যাবলৈ সাহস দিছিল। এনেকুৱা এগৰাকী মহিলা বাবেহে সম্ভৱ আছিল যে ইমান হোৱাৰ পিছতো সাহসেৰে যুঁজ দি আছিল। আজি তেওঁ কষ্টৰ ফল তেওঁৰ মুখৰ আগত আছিল । তেওঁ ডাঙৰ লৰাটোৰ সফলতা। তেওঁ চেহেৰাত সুখ দেখা গৈছিল যদিও চকুত দুখৰ অলপ চিন আছিল।
তেওঁ চাগে খুড়াক মনত পেলাই ভাবি আছিল ।আজি যদি তেওঁ ভালে থাকিল হয় তেওঁ বহুত সুখ পালে হয়......।
ভাবি ভাবি কেতিয়ানো মোৰ চকু পানী বাগৰি আহিল মই গমকে নাপালো আৰু মই ভাবি ভাবি বহিয়ে থাকিলো হেঁতেন যদি ৰিটুৰে মোৰ হাতৰ পৰা বাতৰি কাকতখন লৈ নক'লে হয়,"আজি কাৰ আত্মা শান্তিৰ বাবে প্ৰাৰ্থনা কৰি আছা।"
"আজি এইয়া সুখৰ চকু পানী কাৰোবাৰ কষ্ট সফল হোৱা ফলত উলোৱা চকু পানী।"
মই চকু পানী মহাৰি ৰিটুক ফটো খন দেখাই সকলো কথা ক'লত তেওঁ অৰুণৰ সফলতাত খুড়ী কষ্ট আছে বুলি ক'লে।
তাৰ পাছত আকৌ ক'লে,"হয় আজি তেওঁৰ বাবে বহুত সুখৰ দিন । কিন্তু তেওঁ আগতে পাৱ লগীয়া সুখবোৰ যে নাপালে এতিয়া তেওঁক সেইবোৰ কোনে ঘূৰাই দিব..............।
"নিজৰ দুখৰ বাবে ক'ৰবাত নহয় ক'ৰবাত ৰূপা খুড়ীৰো ভুল আছে আৰু লগতে তেওঁ চিনাকি সকলৰো ভুল আছে। কাৰণ তেওঁলোকে তেওঁ স্বামীক নুবুজালে....। এনেদৰে কষ্টৰে তেওঁ এটা জীৱন পাৰ কৰি দিলে.....।"
মইয়ো মোৰ স্বামী কথাত সন্মতি দিছিলোঁ। সুখ আৰু দুখ দুয়োটাৰে সৈতে মই তাৰ পৰা উঠি আহিলো।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment