যেতিয়া যমদূত আহিছিল এজনৰ প্ৰাণ কাঢ়ি নিবলৈ : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 11, 2021

যেতিয়া যমদূত আহিছিল এজনৰ প্ৰাণ কাঢ়ি নিবলৈ : Storyboard

Storyboard

এহাল বুঢ়া বুঢ়ী আছিল। তেওঁলোকৰ পাহৰি যোৱা আৰু কমকে শুনাৰ বেমাৰ আছিল। বুঢ়া বুঢ়ী হালে, এতিয়াও এজনে আনজনক বহুত ভালপাইছিল Storyboard )। চহৰ খনৰপৰা কিছু আঁতৰত থকা, সৰু পজাটোত তেওঁলোকে সুখেৰে জীৱন অতিবাহিত কৰিছিল। বুঢ়াই, নিজকে এতিয়াও ডেকা বুলিছিল। 


বুঢ়াই বুঢ়ীক কৈছিল, মই নব্বৈটা বসন্ত দেখা পালো। এতিয়া মই আৰু দহ টা বসন্ত দেখা পাম। মই শতক লগাম। মোৰ আগতে তই আওট হব লাগিব। কিন্তু শুন, এতিয়াৰেপৰাই পৰি নাযাবি।

বুঢ়ীয়ে তপৰাই কৈছিল, পৰিব মোৰ শক্ৰ। এতিয়া বহু কাম কৰিবলগীয়া আছে। চাৰি ধামৰ যাত্রা কৰিবলগীয়া আছে। স্বৰ্ণ মন্দিৰলৈ যাবলগীয়া আছে। এনেদৰে কেনেকৈ গুচি যাম!

বুঢ়াই বুঢ়ীক জোকাৰিছিল, আৰু কৈছিল, কাণ খুলি শুনি লোৱা, যমৰাজে মোক লৈ যাব নোৱাঁৰে! মই শতক লগাই হে নিজৰ জীৱনক সামৰিম। দুয়োজনে বহুত কথায় কথায় লাগিছিল। বহু কথা কৈছিল। ভোৰভোৰাইছিল। এজনে আনজনক ভালে বেয়াই কৈছিল। কোন ডাঙৰ, কোন সৰু, এয়া গম পোৱা নগৈছিল। কিন্তু কিছু সময়ৰ পাছতে সকলো ঠিক হৈ গৈছিল। এজনে আনজনক আকৌ নেদেখাকৈ থাকিবও নোৱাঁৰে।


বুঢ়ীয়ে বুঢ়াক কৈছিল, আপোনাতে মোৰ সকলো। আপুনি আছে বাবে মই আছো। বুঢ়াৰ মূৰত চুলি কম আছিল। সেইবাবে সহজভাৱে হিচাপ কৰিব পৰা গৈছিল। কিন্তু বুঢ়াই চুলিকেইডালক ধুনীয়াকৈ ৰাখিবলৈ বিচাৰিছিল। বুঢ়াৰ প্ৰতিটো চুলাৰ জেপতে এখন ফণি ৰাখিছিল। সকলোতে ফণিয়ে ফণি কৰি ৰাখিছিল।  বুঢ়াই আইনাৰ আগতে ঠিয় হৈ ৰয়। সুবিধা পালেই বুঢ়াই চুলিকেইডালক ৰং লগাইছিল। দাড়ি সদায়ে কাটিছিল। সুগন্ধিৰে ভৰা, পাউদাৰ ক্ৰীম লগাবলৈ নাপাহৰিছিল। বুঢ়ীও কম নাছিল। বুঢ়ীও সাজি কাচি ভাল পাইছিল। ওঠঁৰ লিপিষ্টিকৰ কথা কি কবা! কাপোৰৰ ৰংৰ লগত হে মিলাই লিপিষ্টিক লৈছিল। কিন্তু প্ৰায়ে খেলিমেলি হৈ পৰিছিল। বুঢ়ীয়ে বজাৰ যাবলৈ ঘৰৰ দুৱাৰত বাহিৰৰ পৰা তলা লগাই দিছিল। পাহৰি যায় যে, বুঢ়া ঘৰৰ ভিতৰতে আছে বুলি। বুঢ়াই কেতিয়াবা তলা লগাবলৈ পাহৰে। বুঢ়াই ভাৱে, বুঢ়ী ঘৰতে আছে, কিন্তু বুঢ়ী বজাৰলৈ যায়। কেতিয়াবা দুয়োজনে গাখীৰ লৈ আহে, কিন্তু কেতিয়াবা দুয়োজনে গাখীৰ লৈ নানে। এই ভাৱে যে, এজনে আনিলে বুলি।কিন্তু তথাপিটো বুঢ়া বুঢ়ীৰ দিন সুন্দৰভাৱে অতিবাহিত হৈছিল। কেৱল, দুয়োজনৰ কোনো কথা মনত নাথাকিছিল। তেওঁলোকে সকলো কথায়ে পাহৰি গৈছিল। দুয়োয়ে কাণেৰেও কম শুনা পাইছিল। 


এদিনৰ কথাৰে, বুঢ়ীয়ে সুধিলে, আহিলে বজাৰৰ পৰা! বুঢ়াই ভালদৰে শুনা নাপালে। বুঢ়াই কলে, মই আকৌ বজাৰলৈ যাব নোঁৱাৰো। এতিয়া বজাৰৰ পৰায়টো আহিছো। বুঢ়ীও ভালদৰে শুনা নাপালে। তথাপিটো কলে, থাকিবলৈ দিয়ক। আকৌ পুনৰ বজাৰলৈ যাব নেলাগে। বুঢ়াই বজাৰৰ পৰা অনা বস্তু পাকঘৰত ৰাখিলেগৈ। আৰু বুঢ়ীক কলে, চোৱা, আজি একো নকবা। এইটো লোৱা ছাটি। আজি মই ছাটিতোক নাইপাহৰা! বুঢ়ীয়ে হাঁহিলে, আৰু কলে আপুনিটো আচৰিত কৰি দিছে। আজি আপুনি ছাটি লৈ যোৱাই নাই! ঠিক নাই, কাৰ ছাটি লৈ আহিলে! বুঢ়াই কলে, কি তেতিয়াহলে মই বৰষুণত তিতি তিতিয়ে গৈছিলো! বুঢ়ীয়ে ডাঙৰকে কলে, বৰষুণ! বৰষুণ দিয়াটো, কেইবা মাহো পাৰ হল। আজি আকৌ বৰষুণ কৰপৰা আহিল? হব বাদ দিয়ক। আলু আনিলে! আলু, তুমিটো কণী হে আনিবলৈ দিছিলা! বুঢ়ীয়ে অলপ খংৰ ভাৱেৰে কলে, হাজাৰ বাৰ কওঁ। প্ৰটিতো কথা লিখি লবলৈ! মই আকৌ পাহৰিলো। বুঢ়াই ভাৱিলে। আৰু বুঢ়ীক কলে, এতিয়া সেইটো বাদ দিয়া, আলু কাইলৈ আহিব। এতিয়া মোৰ বৰ ভোক লাগিছে। তুমি মোলৈ পুৰি বনাই দিয়া। আৰু শুনা, লিখি লোৱা। নহলে পাকঘৰ পাওঁতে পাওঁতে পাহৰি যাবাগৈ। বুঢ়ীয়ে, বুঢ়ীৰ কথা শুনি শুনি পাকঘৰলৈ গল, কিন্তু, পাকঘৰ গৈ পায় মানে, বুঢ়ীয়ে পাহৰি থাকিল। বুঢ়ীয়ে পুৰি সলনি অমলেট বনাই আনিল। বুঢ়াৰ খং উঠিল, আৰু কলে, কৈছিলো নহয় লিখি নিবলৈ। চাহ কত! মই নিজে চাহ বনাই আনোগৈ! 


বুঢ়ীয়ে মনতে ভাৱিলে, মই পাহৰি গলো। বুঢ়ীয়ে চিঞঁৰিলে, শুনকচোন, মৌলৈ নেমু দিয়া চাহ একাপ বনাব। বুঢ়া এঘন্টাৰ পাছত আহিল, কিন্তু বুঢ়াই চাহ বনাবলৈ পাহৰিলে। বেলেগ কিবা হে বনাই আনিলে। এয়া লোৱা তোমাৰ পচন্দৰ গাখীৰ। বাদাম আৰু কিচমিচ দিয়া। আৰু এয়া চোৱা মই মোলৈ অমলেট বনাই আনিছো। তোমালৈ ৰৈ থাকিলে মই ভোকতে থাকিলো হয়। বুঢ়ীয়ে বনাই অনা অমলেটো তাতে আছিল। বুঢ়ীৰ খং উঠিল আৰু কলে, মইটো অমলেট বনাই আনিছিলো। তাৰপিছত বুঢ়া বুঢ়ীৰ কাজিয়া আৰম্ভ হল। দুয়োজনে একো নাখালে। একো নোখোৱাকৈ শুই পৰিল। কিছু সময়ৰ পাছত দুৱাৰত মাত দিয়াৰ শব্দ হল। দুৱাৰত যমৰজা আছিল। যমৰজাই দুৱাৰ ভাঙি ভিতৰলৈ আহিল। (  Storyboard )


যমৰজাই বুঢ়াক জগালে, অ বুঢ়া উঠা, আৰু যমলোকলৈ বলা। বুঢ়াই মিনতি কৰিলে। মই কেনেকৈ যাম। এতিয়াও বহু কাম বাকী আছে। এইবাৰৰ হোলী খেলিবলেও আছে।


যমৰজাই বুঢ়ীক মাত দি কলে, তেতিয়া হলে তুমি বলা! বুঢ়ীয়ে বুদ্ধি কৰিলে, এতিয়াই কেনেদৰে! তীৰ্থ যাত্রালৈ যাবই পৰাই নাই! গংগাত স্নান কৰিবলৈ আছে। স্বৰ্ণ মন্দিৰলৈ যাবলৈ আছে! যমৰজাই খংৰে কলে, মই সেইবোৰ একো নাজানো। কোনোবা এজন মোৰ লগত যাবই লাগিব মোৰ লগত। মইতো আগলৈ উত্তৰ দিব লাগিব। এতিয়া নিজে তোমালোকে সিদ্ধান্ত কৰি লোৱা। তোমালোকৰ মাজত কোন যাব! মই বাহিৰতে আছো। এনে কয়ে যমৰজা বাহিৰলৈ গল গৈ।

সেই সময়ত বুঢ়া বুঢ়ীয়ে কাজিয়া কৰিবলৈ ধৰিলে। কিন্তু এইবাৰৰ কাজিয়াখন অলপ বেলেগ ধৰণৰ আছিল। দুয়োয়ে কবলৈ ধৰিলে, যমৰজাই মোক লৈ যাওক। যমৰজাৰ লগত কোন যাব! এই কথা সিদ্ধান্ত হোৱা নাছিল। যমৰজা ভিতৰলৈ আহিল। তেতিয়া বুঢ়াই চিঞঁৰিলে। আগতে সিদ্ধান্ত কৰি লবলৈ দিয়ক।কিছু সময়ৰ পাছত ভিতৰলৈ আহিব। যমৰজাই কলে, ঠিক আছে কোনো কথা নাই, মই বেলেগ ঘৰ বিচাৰো? কিন্তু মনত ৰাখিব, যাবটো সকলোকে লাগিব। আগে নহলে পাছে। মই চেষ্টা কৰিম, তোমালোক দুয়োকে একেলগে যমলোকলৈ নিবলৈ। এয়া কয়ে যমৰজা তাৰপৰা গুচি আহিলে।


বুঢ়া ঘামত তিতি গৈছিল। বুঢ়ীও সাৰ পালে আৰু সুধিলে, কিবা বেয়া সপোন দেখিলে! অ। বুঢ়াৰ ডিঙি শুকাই গৈছিল। বুঢ়াই পানী বিচাৰিলে। বুঢ়ীয়ে কিন্তু গাখীৰ লৈ আহিল। বুঢ়াই গাখীৰকে একে উশাহতে পী গল। গাখীৰ খোৱা পাছত, বুঢ়াই বুঢ়ীক কলে, অ এতিয়া কোৱা, কিয় টুপনিৰ পৰা জগালা! বুঢ়ীয়ে কলে, মই জগালো! আপুনিয়েটো চাহ খাম বুলিছিল! দুয়োয়ে, পুনৰ কথাৰ কথাত লাগিল। বুঢ়াই সপোনটোক পাহৰিলে। বুঢ়ীয়ে সুধিবলৈ পাহৰিলে। বুঢ়া বুঢ়ী পুনৰ টুপনিত ধলি পৰিল।।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

 Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages