পাঁচ ধৰ্ষণকাৰীক কিয় হত্যা কৰিলে লেখিকা ৰশ্মিয়ে ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 11, 2021

পাঁচ ধৰ্ষণকাৰীক কিয় হত্যা কৰিলে লেখিকা ৰশ্মিয়ে ? Storyboard

Storyboard

এসময়ত নিজৰ প্ৰতিভাৰে সামাজিক মাধ্যমৰ সাহিত্যজগতত খলকনি তুলিবলৈ সক্ষম হোৱা ৰশ্মি আজি মৌন হৈ ৰ'ল! ( Storyboard )                                                     


   সৌ সেইদিনা কৰ্মস্থলীৰ পৰা নিশা ঘৰলৈ উভতি আহোতে ঘটা ঘটনাটোৱে তাইক ক্ষন্তেকৰ বাবে ভাগৰুৱা কৰি তুলিছিল যদিও তাইক ন্যায় প্ৰদান কৰিবলৈ বিভিন্ন দল-সংগঠণ তথা সামাজিক মাধ্যমত বিভিন্ন ব্যক্তিয়ে গঢ়ি তোলা প্ৰতিবাদৰ ঢৌৱে তাইক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা দিছিল।কিন্তু সময়ৰ সোঁতত সকলোৱে পাহৰি গ'ল যে এদিন তেওঁলোকে আৰম্ভ কৰা যুঁজখন আধাবাটতে থমকি ৰ'ল।লাহে লাহে এচাম ব্যক্তিয়ে তাইক"ধৰ্ষিতা,চৰিত্ৰহীনা,কুলক্ষিনী........."ইত্যাদি বিভিন্ন অপৱাদ গাত চতিয়াই দিৱলৈ ধৰিলে।তথাপি আইনৰ ওপৰত তাইৰ আস্থা অটুট আছিল। কিন্তু সেইদিনা তাইৰ ধৈৰ্য্যৰ বান্ধ চিঙি গৈছিল যিদিনা ধৰ্ষণকাৰীকেইটাক উকালতি কৰা উকিলজনে দিয়া মিছা প্ৰমাণে তাইক ন্যায়ৰ পৰা বঞ্চিত কৰিছিল।                                                            


     কিছূসময়ৰ পিছত প্ৰত্যেকটো নিউজ চেনেলত ৰশ্মিৰ নামটো ডাঙৰ ডাঙৰ আখৰেৰে জিলিকি উঠিছিল-"এই মূহূৰ্তত আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ.....চছিয়েল মিডিয়াৰ জনপ্ৰিয় লেখিকা ৰশ্মি দাসে আদালতৰ চৌহদতে হত্যা কৰিলে পাঁচ ধৰ্ষণকাৰীক....."যেতিয়া সাংবাদিকৰ বিভিন্ন প্ৰশ্নই তাইক বাৰে বাৰে হত্যাকাৰী সজাবলৈ চেষ্টা কৰিছিল,তেতিয়া তাই নিঃসংকুচৰে কৈছিল"হয়,মই হত্যাকাৰী।কিন্তু মই মোৰ কাৰ্য্যৰ দ্বাৰা অকণো অনুতপ্ত নহয়। বৰং মই সেইসকল নাৰীৰ বাবে প্ৰেৰণা হৈ ৰ'ম যিসকলৰ ন্যায়ৰ হকে প্ৰথম অৱস্থাত সমাজে ঠিকেই মাত মাতে কিন্তু সময়ৰ গতিত সেই মাত মৌন হৈ ৰৈ যায়।( Storyboard )


যেতিয়া মই ন্যায় বিচাৰি আদালতৰ কাষ চাপিছিলো তেতিয়া আপোনালোকেইটো "সাহসী ৰশ্মি" বুলি মোৰ সাক্ষাতকাৰ লৈছিলে! কিন্তু আজি আইনে নিদিয়া ন্যায় মই আৰ্জি লওঁতে আপোনালোকৰেই বাতৰিৰ শিৰোনামত মোক "হত্যাকাৰী ৰশ্মি" সজালে।আজি মই ক'ৱলৈ বাধ্য যে- নাৰীৰ দেহক ধৰ্ষণ কৰে অমানৱে কিন্তু নাৰীৰ মনক  ধৰ্ষণ কৰে সেইসকল ব্যক্তিয়ে, যিয়ে সচাঁ-মিছা বিচাৰ নকৰাকৈ সমস্ত দূখ  নাৰীগৰাকীক জাপি দিয়ে , যিয়ে ধৰ্ষণকাৰীৰ উকালতি কৰি নতুন নতুন ধৰ্ষণকাৰীৰ জন্ম দিয়ে......"


               প্ৰথম অৱস্থাত ৰশ্মিৰ ন্যায়ৰ  হ'কে প্ৰতিবাদ গঢ়ি পিছলৈ মৌন হৈ যোৱা ব্যক্তি-সংগঠণ-চেনেলবোৰে বাৰু ৰশ্মিৰ বাবে পুণৰ মাত মাতিবনে? নে এইবাৰো তেওঁলোকে আধাবাটতে ৰশ্মিৰ সংগ এৰিব? 

Storyboard

এই গল্প আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় পপী দত্ত ডাঙৰীয়াণীয়ে


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

( Storyboard )




No comments:

Post a Comment

Advertisement

Pages