হব লগীয়া সম্বন্ধৰ বিৰুদ্ধে এগৰাকী শিক্ষিত যুৱতীৰ উচিৎ সিদ্ধান্ত : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 11, 2021

হব লগীয়া সম্বন্ধৰ বিৰুদ্ধে এগৰাকী শিক্ষিত যুৱতীৰ উচিৎ সিদ্ধান্ত : Storyboard

Storyboard

নিজৰ পুৰণা কাগজবোৰ সামৰি থাকোতে ৰাণীয়ে এনেকুৱা এখন কাগজ দেখা পালে যিয়ে তাইক সুন্দৰ বৰ্তমানৰ পৰা টানি আনি অশান্তিৰে ভৰা অতিতলৈ ঠেলি দিলে।( Storyboard )

কি আছিল সেইয়া, যিয়ে তাইক অলপ সময়ৰ বাবে স্তব্ধ কৰি পেলালে? এনেকুৱা কি স্মৃতি জড়িত হৈ আছিল সেই কাগজখনৰ লগত যিয়ে তাইৰ চেহেৰাত এক বিষাদৰ ৰেখা টানি দিলে।

সেইয়া আছিল এখন বিয়াৰ কাৰ্ড, যত লিখা আছিল ৰাণী ৱেদছ নিতুল। তাইৰ দেখি এনেকুৱা লাগিল যেন তাইৰ অন্তৰখন চিৰাচিৰ হৈ ভাগিবপৰিল।

 ৰাণীৰ আৰু এতিয়া কাগজ সামৰিবৰ মন নাছিল। তাই সকলো কাগজ যেনেকৈ আছিল তেনেকৈ আলমাৰিত পেলাই থলে। তাই সেই কাৰ্ডখন লৈ পাকঘৰলৈ গুচি গল যত তাইৰ মাহীয়েকৰ ছোৱালী লিজাই চাহ বনাই আছিল। লিজাই তাইৰ হাতত কাৰ্ডখন দেখি টানি আনিলে , " এইখন কাৰ বিয়াৰ কাৰ্ড বা?"

যেতিয়াই লিজাই কাৰ্ডখন চালে তাইৰো অৱস্থা ৰাণীৰ দৰে হল।

দুই বাই ভনীয়ে মন মাৰি চাহৰ কাপ হাতত লৈ ড্রইং ৰুমলৈ আহিল।

ৰাণীৰ সেইদিনবোৰ মনত পৰিল যেতিয়া তাই এম.বি.বি.এছ পঢ়ি আছিল। তেতিয়াই তাইৰ দেউতাকৰ ভাল বন্ধু গংগাধৰৰ সুপুত্ৰ নন্দন যি এজন ডাক্তৰ , তেওঁৰ লগত বিয়া ঠিক হল। এই বিয়া তাইৰ মাক আৰু নন্দনৰ মাকে ...( নিস্তব্ধতা দূৰ কৰি লিজাই মাত লগালে )

" বা, তুমি এই কাৰ্ডখন কিয় চম্ভালি থৈছাঁ?"

ৰাণী," এইখন কেতিয়াও পেলাবলৈ মন নগল।"

লিজাই মাত সৰু কৰি কলে," কিন্তু ই তোমাক দুখৰ সময়বোৰ মনত পেলাই।"


ৰাণীয়ে দীঘলকৈ উশাহ টানি কলে," এনেকুৱা নহয় লিজা, ই মোক দুখ নহয় মোৰ সংঘৰ্ষৰ সময়ৰ কথা সোঁৱৰাই। সেই সময় যেতিয়া মই অনিশ্চয়তাত আছিলোঁ কিন্তু সেই সময়তে মই জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা পালোঁ।"

অলপ পৰ ৰৈ ৰাণীয়ে কলে," তই জাননে লিজা এই কাৰ্ডখন মোৰ অস্তিত্বৰ জয়ৰ চীন হয়।"

 লিজা," এইটো হয় বাৰু, তেতিয়া মই বহুত সৰু আছিলো সেইবাবে তেতিয়া ঘৰখনত চলি থকা সমস্যাবোৰ বুজি পাইছিলোঁ। কিন্তু তেতিয়া মূল ঘটনাৰ  গম্ভীৰতা মই জনা নাছিলো।

এতিয়া প্ৰায় ৮ বছৰ পাছত মই বুজি উঠিছোঁ যে সেই সময়ত তোমাৰ মনৰ অৱস্থা কি আছিল।ইমান এটা ডাঙৰ সিন্ধান্ত তুমি কেনেকৈ লব পাৰিলা? সমাজৰ নিয়মবোৰ ভাঙি অকলে জীৱন কটোৱাৰ পথ বাছি ললা।"

 কথাখিনি কৈ লিজাই ৰাণীৰফালে চালে, তাই অতীতৰ সেই দিনবোৰলৈ ঘূৰি গল। যিহেতু  ৰাণীৰ মাক এই পৃথিৱীত নাই। সেইবাবে দেউতাকে মাকৰ ইচ্ছাৰ সন্মান ৰাখি এই বিয়া ঠিক কৰিছিল। বিয়াৰ কথা ঘোষণা কৰাৰ আগতে দুয়োপক্ষৰ পৰা সন্মতি লোৱা হল।

এটা সৰু আঙুঠি পিন্ধোৱাৰ নিয়মৰ পিছতেই ৰাণী আৰু নন্দনৰ ফোনৰ বিল বাঢ়িবলৈ ধৰিলে। ৰাধিকা আৰু গঙ্গাৰাম ( নন্দনৰ মাক দেউতাক) মাজে সময়ে ৰাণীৰ লগত কথা পাতি থাকিল। কেতিয়াবা পঢ়াৰ কথা লৈ আৰু  কেতিয়াবা বেলেগ কথা পাতিবলৈ।

 ৰাণী নিজৰ নতুন সম্পৰ্কবোৰ লৈ বহুত সুখী আছিল কিয়নো তাইৰ মাকৰ অভাৱ পূৰণ হৈছিল। নন্দনে লগতে তাইক পঢ়া শুনাটো সহায় কৰি দিছিল।

ইয়াৰ মাজতে তাই পৃ. পি.জী.ৰ পৰীক্ষা দিছিল। কিন্তু পঢ়াৰ বাবে সময় নোপোৱাৰ বাবে  তাই ক্লিনিকেলৰ ঠাইত নন ক্লিনিকেলত ছিট পালে।

 তেতিয়া নন্দনে তাইক ক্লিনিকেল  শাখাত ইচ্ছা দেখি উপদেশ দিলে যে তাই এতিয়া এই ছিটটো লৈ লব লাগে আৰু পিছত আকৌ এবাৰ  পৃ. পি.যি. পৰীক্ষাৰ বাবে ভালদৰে পঢ়ি প্ৰস্তুত হব লাগে।


এই কথা ৰাণীয়েও বুজি পালে যে  ষ্টাইপেন্দ্ৰৰ পৰা পোৱা টকাৰে  তাই আর্থিকভাৱে সবল হব পাৰিব আৰু পঢ়িবও পাৰিব।

সেইবাবে তাই নন ক্লিনিকেল ব্ৰানছত জইন কৰিলে। এম.দি ৰ পঢ়া আৰু পৃ. পি.জী ৰ প্ৰস্তুতিৰ বাবে তাই  বহুত ব্যস্ত থাকিব ললে। সপ্তাহৰ দুদিন ৰাণী পৰীক্ষাৰ প্ৰস্তুতি কৰা কেন্দ্ৰৰ বাবে  ওচৰৰ চহৰলৈ যাব লগা হৈছিল। বাকী ৫ দিন তাই কলেজত থাকি পঢ়িছিল।

এইবোৰৰ মাজতে কিছুমান কথাই ৰাণীক বহুত আমনি কৰিছিল।  তাইৰ হবলগীয়া শহুৰ আৰু শাহুৱে তাই তেওঁলোকৰ ফোন নোঠুৱাৰ বাবে  যি তি কথা তাইৰ দেউতাক আৰু ডাঙৰ দাদাক কৈ দিছিল। তাৰ পাছত ঘৰৰ মানুহে তাইক বুজাই যে  অন্তত তাই তেওঁলোকৰ ফোনটো উঠাব লাগে।

এবাৰ যেতিয়া ৰাণী ঘৰলৈ গল তেতিয়া দেউতাকে সুধিলে," তুমি নন্দনৰ মাকক কৈছিলা নিকী যে ঘৰৰ কামৰ বাবে কাম কৰা মানুহ ৰাখিবা আৰু নিজে প্ৰেক্টিকেলৰ কামত ব্যস্ত থাকিবা?"

ৰাণীয়ে কলে," হয় মই কৈছিলোঁ, কাৰণ তেওঁ মোক সুধি থাকে যে মই ঘৰ আৰু চাকৰি কেনেকৈ চম্ভালিব পাৰিম।"

তেতিয়া দেউতাকে তাইক বুজালে," তুমি মনৰ কথাবোৰ তেওঁলোকৰ লগত নাপাতিবা।হয়তো তেওঁলোকে মৰমেৰে কথা পাতি তোমাৰ মনৰ ভাৱবোৰ জানিব বিচাৰে। তাৰ পাছত এইবোৰ কথা আহি আমাক আপত্তি কৰে।"

ৰাণী," কিন্তু দেউতা এইটো ভুল হয়। মোৰ মা নাই সেইবাবে মই  তেওঁক মা বুলি ভাবি সকলো কথা কওঁ। আৰু এইবোৰ কোনো লুকুৱাই থোৱা কথা নহয়।"

ইয়াৰ উত্তৰ পালে ককায়েকৰ পৰা," ভন্টি, আজিকালি পৃথিবীখন এনেকুৱাই। মানুহে মাত্ৰ মনৰ কথা উলিয়াবলৈ মৰমেৰে কথা পাতে। তাৰ পাছত সকলো কথা সন্মুখৰ জনৰ আগত সজাই মেলি আপত্তি কৰে।"

ৰাণীয়ে দুখমনেৰে কলে," যদি আপুনালোকৰ এনেকুৱা লাগে যে তেওঁলোক এনেকুৱা ধৰণৰ হয় তেন্তে এই সম্পৰ্ক কিয় হবলৈ দিছে?"

দেউতা," মাজনী, আজিকালি সকলো মানুহ এনেধৰণৰ হৈ পৰিছে। তুমি পঢ়াৰ বাদে বাকী জগতখন কত নো দেখিছা? দেখিছা যদিও হোষ্টেলৰ জগতখন"।

" একো নাই, লাহে লাহে সকলো বুজি পাবা।" বুলি কৈ ককায়েকে চুলি টানি দিলে।


 দেউতাকে বুজাবলৈ চেষ্টা কৰি কলে," যেতিয়া তোমাৰ বিয়া হৈ যাব তুমি যেনেদৰে বিচৰা ঠিক তেনেকৈ কৰিবা। কিন্তু এতিয়া এইবোৰ কথাই সম্পৰ্ক গঢ়াৰ আগতে ভাঙিবলৈ কাম কৰে। সেইবাবে ভাবি চিন্তি তেওঁলোকৰ কথাৰ উত্তৰ দিবা। এনেকৈ ভাবি লোৱা যে তেওঁলোক আমাৰ দৰে স্বাধীন মনৰ মানুহ নহয়।"

ৰাণী," কিন্তু দেউতা তেওঁলোকৰ নিজৰ লৰাজনোটো ডাক্তৰ হয়। তেন্তে তেওঁলোকে কি মোৰ কেৰিয়াৰ  আৰু প্ৰতিযোগিতা বোৰৰ বিষয়ে নাজানে?"

দেউতা," হয় মাজনী নিশ্চয়কৈ জানিব। কিন্তু আজিও আমাৰ সমাজে লৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য বিচাৰে। ছোৱালী যিমানেই আগবাঢ়ি যাওক লাগিলে শহুৰৰ ঘৰৰ মানুহে তাইৰ পৰা এইটো আশা কৰে যে বোৱাৰীয়েকে ঘৰৰ কাম নিজেই কৰিব।  গতিকে চেষ্টা কৰিবা যাতে তোমাৰ মনৰ ভাৱবোৰ বেলেগে ভুল ধৰণে ভাবি নলয়।"( Storyboard )

এইবোৰৰ পাছত ৰাণীয়ে তেওঁলোকৰ লগত কথা পাতিবলৈ অলপ বেয়া পাইছিল। তাইৰ তেওঁলোকৰ ব্যৱহাৰবোৰ ভাল লগা নাছিল। এবাৰ তাই এই বিষয়ে নন্দনৰ লগত কথা পাতিব চেষ্টা কৰিলে কিন্তু সি কথাটোত বৰ বেছি গুৰুত্ত্ব নিদিলে। এতিয়া ৰাণীয়ে সাৱধান হৈ তেওঁলোকৰ লগত কথা পাতে কিন্তু তাইৰ স্পষ্টবাদী স্বভাৱৰ বাবে তেওঁলোকে পুনৰ তাইৰ আপত্তি কৰিবলৈ সুবিধা পায়।

এনেদৰেই সময় পাৰ হল আৰু দ্বিতীয়বাৰ তাইৰ পৰীক্ষাৰ সময় ওচৰ চাপিল আৰু লগতে বিয়াৰ দিন ঠিক হল পৰীক্ষা শেষ হোৱাৰ ঠিক এমাহ ২০ দিন পিছত । ক্লিনিকেল ব্ৰানচৰ বাবে ৰাণী আৰু ব্যস্ত হৈ পৰিল আৰু তাই সকলোৰে ফোন উঠোৱা বন্ধ কৰি দিলে। কিয়নো তাই বিচাৰিছিল যাতে এই প্ৰয়াস শেষ আৰু সুখৰ হওক।

 কিন্তু এই সময়ছোৱাত তাইৰ শাহুমাৰ ফোন বেছিকৈ আহিব ধৰিলে। বিয়াৰ লগত জড়িত যিকোনো কথাৰ বাবে তাইক ফোন কৰিব ললে। কেতিয়াবা তাই ফোনটো উঠাব নোৱাৰাৰ বাবে তেওঁলোক আহি ৰাণীৰ ঘৰ ওলাল আৰু ৰাণীৰ ব্যৱহাৰৰ বিষয়ে বহুত কিবা কথা কলে। তেওঁলোকে এইটো মানিছিল যে ৰাণীয়ে যেতিয়া নন ক্লিনিকেল ব্ৰান্সত ছিট পালে আকৌ দ্বিতীয়বাৰ কিয় পৰীক্ষা দিব লাগে। তেওঁলোকে বোৱাৰীয়েকক ক্লিনিকেল ব্ৰান্সত পঠোৱাৰ বিৰুদ্ধে আছিল।


 কিন্তু ৰাণীৰ দেউতাকে তেওঁলোকক জনালে যে তেওঁলোকৰ লৰাও ৰাণীৰ এই সিদ্ধান্তত সন্মতি জনাইছে আৰু তেওঁলোকে খং কৰি তাৰ পৰা গুচি আহিল। এই ঘটনাটো গম্ভীৰ দেখি ককায়েকে ৰাণীক এদিনৰ বাবে ঘৰলৈ মাতি পঠিয়ালে। ফোনত একো কথা নকৈ মাত্ৰ এইটোৱেই কলে এদিন আহি বিয়াৰ কাৰ্ড বনাই হল চাই যাবলৈ।

যেতিয়া তাই ঘৰ পালে তাইক সকলো কথা ভালদৰে কোৱা হল। কথাবোৰ শুনি তাই বহুত চিন্তাত পৰিল। ঘৰৰ মানুহে তাইক পৰীক্ষা এৰি শহুৰৰ ঘৰৰ মানুহৰ ইচ্ছানুসাৰে বিয়াৰ প্ৰস্তুতি  চলাবলৈ উপদেশ দিলে। কিন্তু ৰাণীয়ে এইটো একেবাৰে মানি নলয়। তথাপিও তাই ভাবিবলৈ অলপ সময় বিচাৰিলে আৰু দ্বিতীয় সপ্তাহত ঘৰলৈ পুনৰ অহাৰ কথা কৈ কলেজলৈ গুচি গল।

উভতি আহি প্ৰথমে তাই নন্দনক ফোন কৰিলে আৰু সি কলে যে সিও ঘৰলৈ আহিছে। ৰাণীয়ে তাক দুয়োটা পৰিয়ালৰ মাজত হোৱা কথাবোৰ জনালে কিন্তু তাৰ উত্তৰে ৰাণীৰ ভৰিৰ তলৰ মাটি কঁপাই তুলিলে।

 উত্তৰ আছিল," মই মোৰ মা দেউতাৰ বিৰুদ্ধে যাব নোৱাৰোঁ। আৰু তুমিও যাব নালাগে। তেওঁলোক ডাঙৰ হয় কিবা ভাবি চিন্তিয়েই তেওঁলোকে এইটো কথা কৈছে।"

ইয়াৰ পাছত নন্দনে  বিয়াৰ প্ৰস্তুতিৰ অজুহাত দেখুৱাই ৰাণীৰ লগত বাদ বিবাদ হোৱাৰ পৰা বাচিবৰ বাবে ফোনটো মাকক দি দিয়ে।আৰু মাকে যা টা প্ৰশ্ন কৰি তাইক বেলেগ দিশলৈ ঠেলি দিয়ে। এইবোৰে তাইক বহুত দোমোজাত পেলালে। তাই বুজি পোৱা নাই আচলতে এইৰ লগত কি হৈছে? আৰু যি হৈছে সেয়া ভুল নে শুদ্ধ? কেৰিয়াৰ আৰু বিয়াৰ মাজত কাক বাছি লব?

তথাপিও নিজৰ মন আৰু মগজুৰ সন্তুলন বযাই ৰাখি তাই পীচৰ সপ্তাহত ঘৰলৈ গল ।

এতিয়া তাই নিজৰ সিদ্ধান্ত ললে যে তাই বিয়া নহয় আৰু নিজৰ পৰীক্ষা দিব। ঘৰৰ সকলোকে আচৰিত কৰি তাই এই সিদ্ধান্ত ললে।

ৰাণীয়ে দুটামান শব্দত ঘৰৰ মানুহক কলে,"  তেওঁলোকৰ ব্যৱহাৰ দেখি মোৰ এনেকুৱা নালাগে যেন এই সম্পৰ্কতো বেছি দিন টিকি থাকিব। আৰু যদিও এই সম্পৰ্ক চলি থাকে তেন্তে সেয়া মোৰ মানসিক সন্তুলনৰ বলি লৈ যিটোৰ বাবে মই একেবাৰেই মান্তি নহয়।"

 দেউতাকক বুজাই ৰাণীয়ে কলে," দেউতা তেওঁলোকক ডাক্তৰ বোৱাৰী নালাগে , তেওঁলোকক এজনী আদৰ্শ বোৱাৰী লাগে যাৰ ওচৰত মাত্ৰ ডাক্তৰ বুলি পৰিচয় আছে।"

দেউতাকে সকলো জানিও  নজনাৰ ভাও ধৰি থাকিবলৈ যত্ন কৰিছিল।

 বেলেগৰ হতুৱাই ৰাণীৰ মাহী(লিজাৰ মাক) মাতি পঠিয়ালে। যিয়ে আহি তাইক অলপ বুজাব পাৰে।

 কিন্তু ৰাণীয়ে যেন তাইৰ ইন্দ্ৰিয় বন্ধ কৰি লৈছিল এই সিদ্ধান্তৰ বিষয়ে একো শুনিব নিবিছাৰি। ককায়েকে তাইক পৰিয়ালৰ সন্মানৰ খাতিৰত বিয়া হবলৈ বুজালে। মহাকে পুনৰ আকৌ বিয়া নোহোৱাৰ ভয় দেখুৱালে কিন্তু পৰিনাম শূণ্য পোৱা গল।


দেউতাকে শেষবাৰৰ বাবে কলে," যদি তুমি এই বিয়াত নবহা তেন্তে এইখন ঘৰৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই।"

পৰিনাম আকৌ এবাৰ শূণ্য।

নিজৰ সিদ্ধান্তত অটল হৈ পৰা ৰাণী হোষ্টেললৈ উভতি আহিল।বিয়াৰ সকলো প্ৰস্তুতি এৰি থৈ আহিল। ঘৰৰ মানুহে নিজকে অসহায় অনুভৱ কৰিছিল। নিজৰ সামাজিক প্ৰতিষ্ঠা আৰু ছোৱালীৰ ভৱিষ্যতক লৈ চিন্তাত পৰিল।

এনে সময়ত কিছু পৰিয়ালৰ লোকে কথা শুনালে," আৰু পঢ়া ছোৱালীক। দেখিছ মগজ কিমান আকাশত উৰিছে তাইৰ যিয়ে ঘৰ পৰিয়াল, সমাজৰ সিদ্ধান্তত দলিয়াই থৈ গল।

 ৰাণীয়ে নিজে বাছি লোৱা এই পথ বহুত দুৰ্গম আৰু অকলশৰীয়া প্ৰমাণিত হল।বহুত দিন তাইৰ ঘৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নহল। এই সময় তাইৰ জীৱনৰ সেইবোৰ সময় আছিল যত তাই নিজেই নিজৰ  সাহস হৈছিল। ইফালে তাই নিজৰ পঢ়া( ক্লিনিকেল) চম্ভালি আছিল। কিন্তু তাইৰ স্পষ্ট স্বভাৱে তাইক হাৰিবলৈ নিদিলে। যেতিয়া কিবা উৎসৱ হলে গোটেই হোষ্টেল খালি হৈ পৰে তাই তেতিয়া সেই সকল মানুহৰ ভিতৰত পৰিছিল যিয়ে হোষ্টেলক নিজৰ ঘৰ বুলি মানি লয়।

 এই কঠিন সময়ে তাইক সম্বন্ধৰ  গভীৰতা বুজাই গল যে সকলো সম্পৰ্ক সমাজৰ কিছুমান বান্ধি দিয়া নিয়মেৰে চলে। যেতিয়াই তুমি সমাজৰ বিৰুদ্ধে যোৱা তেতিয়াই তোমাক সমাজত ব্লক কৰি দিয়া হয়।

কিন্তু মানুহতকৈ বেলেগ ওপৰত বহি থকাজন নিৰপেক্ষ ন্যায়ৰ প্ৰতীক। যেতিয়া তেও কঠিন পৰীক্ষা লয় তেওঁ সুখেৰে ভৰা পৰিনাম দিয়ে। এই বিয়াখন ভাগি যোৱা প্ৰায় ২ বচৰ পাছত তাইৰ দেউতাকৰ ওচৰলৈ এটা পৰিয়াল নিজৰ ডাক্তৰ সুপুত্ৰৰ  বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিল। তেওঁলোকে ৰাণীৰ অতীতৰ কথা জানিছিল আৰু স্বাধীন মনৰ আছিল। তেওঁলোকে মানিছিল যে  আধা মনেৰে গঢ় লোৱা সম্পৰ্ক এটা আজি নহয় কালি ভাগিবই।


এই নতুন সম্পৰ্কটোৱে ৰাণীৰ পূৰনা সম্পৰ্ক বোৰ পুনৰ ঘূৰাই দিলে। ২ বছৰ ধৰি চলি থকা সূৰ্যাস্তই যে ৰাণীৰ জীৱনত উজলি থকা এটা ৰাতিপুৱাৰ উপহাৰ দিব কোনেও ভবা নাছিল।

"অ বা, কত হেৰাই গলা ?"

এই শব্দ যেতিয়া কাণত পৰিল তেতিয়া ৰাণী তাইৰ অতীতৰ পৰা বাহিৰ ওলাল।

ৰাণীয়ে হাঁহি মাৰি কলে," লিজা মই এই কাৰ্ডখন কেতিয়াও পেলাই নিদিওঁ।"


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages