প্ৰতিজনী ছোৱালীৰ দৰে নিজৰ বিয়াখনক লৈ ববিতাৰো এক আশা আছিল, আৰু সেই আশা অতি সোনকালেই পূৰ্ণ হৈছিল( Storyboard )। কাৰণ ববিতাৰ আঙুঠি পিন্ধোৱা হৈছিল আৰু এতিয়া বিয়াৰ প্ৰস্তুতি চলি আছিল। দুদিনৰ পাছত তাইৰ বিয়া দিন আছিল আৰু তাই বহুত সুখী হৈ পৰিছিল। ববিতা চহৰত ডাঙৰ দীঘল হোৱা ছোৱালী, আৰু মুকলি মনৰ আছিল। আৰু নিজৰ জীৱনত আগুৱাই যাব বিচাৰিছিল। ববিতা এখন কলেজত প্ৰফেচাৰ আছিল আৰু চচিয়েল ওৱাকাৰ আছিল।
ববিতাৰ বিবাহ গাওঁত বাস কৰা দীপাংকৰ'ৰ লগত হৈছিল আৰু, দীপাংকৰে এখন দোকান চলাইছিল। ববিতাৰ বিবাহৰ দিন আহি পৰিল আৰু দুয়ো এক প্ৰৱিত্ৰ বান্ধোনত বান্ধ খায় পৰে আৰু ববিতাই নিজৰ নতুন ঘৰখনত গৃহ প্ৰৱেশ কৰে। ববিতাৰ শাহুৱেকে বন্তি কাঁহী লৈ দুৱাৰত ৰৈ থাকে আৰু নতুন দৰা কইনাক আদৰি ভিতৰলৈ লৈ যায়। ববিতাৰ বাবে সকলো নতুন আছিল। নতুন ঘৰ, নতুন সম্বন্ধ, নতুন লোক। এজনী ছোৱালীৰ বাবে বহু কষ্টকৰ হয়। কিন্তু কোৱা হয় যে, ছোৱালী জন্ম হওঁতেই নিজৰ লগত এটা বেলেগ শক্তি লৈ জন্ম হয়, সেইবাবে ছোৱালীয়ে সকলো ৰংৰ লগতে মিহলি হয় যায়।
সকলো ৰীতি নিয়ম শেষ কৰা পাছত ববিতা আৰু দীপাংকৰ নিজৰ কোঠালৈ যায়। তাহাঁতৰ এৰেঞ্জ মেৰিজ হৈছিল সেইবাবে কোঠালৈ গৈ দুয়োয়ে কথাপাতি এজনে সিজনক বুজিবলৈ চেষ্টা কৰিছিল।
ববিতাই মাজে মাজে মেখেলা চাদৰ সলাই চুইজাৰো পিন্ধিছিল আৰু ঘৰখন আৰু ঘৰৰ সকলোৰে ভালদৰে চোৱা চিতা কৰিছিল। আৰু এদিন ববিতা মাহেকীয়া হৈছিল, আৰু তেতিয়া তাইৰ অলপ গা বেয়া হৈ পৰে। যেতিয়া তাইৰ শাহুৱেকে গম পায় তেতিয়া ববিতাক দীপাংকৰৰ পৰা দূৰত থাকিবলৈ কয়। লগতে পাকঘৰলৈ যাবলৈ মনা কৰে। যেতিয়া লৈকে তাই সুস্থ হৈ নোঠে, তেতিয়া লৈকে তাইক আন এটা কোঠালিত থাকিবলৈ কয়। যেনে, তাই কিবা অপৰাধ হে কৰিলে আৰু তাইক অপৰাধীৰ দৰে শাস্তি দিয়া হৈছে। ববিতাই এই সকলোবোৰ দেখিবলৈ সহিবলৈ আচৰিত হৈ পৰে, আৰু এই যুগতো তাইৰ শাহুৱেকে এনেধৰণৰ বিচাৰ কৰে। ববিতাই ভাৱে, সকলোৱে সময়ৰ লগত আগবাঢ়িব লাগে।
এনেদৰেই দিন মাহ পাৰ হৈ গৈ থাকিল। এদিন ববিতাৰ শাহুৱেকে তাইক কলে, এতিয়া নাতি পুতিৰ মুখ মোক দেখুৱাই দিয়া, নহলে কেতিয়া ভগৱানে মাতি পথিয়াব কোনো থিক নাই। তেতিয়া ববিতাই কয়, এতিয়াই কত মাতিব, নাতী পুতিৰ বিয়াখন পাতিব লাগিব নহয়। তেতিয়া শাহু বোৱাৰী দুইজনীয়ে হাঁহি দিয়ে। তাৰপিছত ববিতা আৰু শাহুৱেকে দিনৰ আহাৰ গ্ৰহণ কৰি নিজৰ নিজৰ কোঠালৈ আৰাম কৰিবলৈ গুচি যায়। ববিতাই, শাহুৱেকে কোৱা কথাত বিচাৰ কৰে, আৰু তাই তেতিয়া ভাৱে যে, যি মাহেকীয়াক অভিশাপ আৰু অপৱিত্ৰ মনা হয়, তাৰবাবেইটো ঘৰখনৰ পৰিয়ালৰ এটা অংশ জন্ম লৈ। ববিতাই এই কথাত আৰু দ কৈ ভাৱিবলৈ ধৰে। তাৰপিছত পুনৰ ভাৱে, সন্তান এটা ঘৰখনত থাকিবই লাগে।( Storyboard )
যেতিয়া নিশা দীপাংকৰ ঘৰলৈ আহে, তেতিয়া ববিতাই দীপাংকৰৰ লগত সন্তানৰ বিষয়ে কথা পাতে। তেতিয়া দীপাংকৰে কয়, মায়ে ঠিকেতো কৈছে। এই বিষয়ে ভাৱিব লাগিব। গোটেই নিশা ববিতাই এয়াকে ভাৱি থাকে যে, সেইদিনকেইটাত কোনেও নাভাৱে যে, এয়া অপৱিত্ৰ নহয়, কোনো অপৰাধ নহয়। যিয়ে মোক এনেদৰে বেলেগ কৰি দিয়া হয় সকলোৰে পৰা। তাই আৰু ভাৱিবলৈ ধৰে। তেতিয়া তাইৰ মনত এটি কথা আহে, এওঁলোকে বুজিব লাগিব যে মাহেকীয়া হোৱাটো অপবিত্ৰ নহয়, বৰঞ্চ সেয়া এক নতুন জীৱনৰ আৰম্ভণি হয়।
পুৱা হলত ববিতাই নিজৰ শাহুৱেকক কয়, মা মই ডক্টৰৰ ওচৰলৈ যাবলগীয়া আছে! তেতিয়া শাহুৱেকে সুধে, কি হল তোমাৰ! মা, এইমাহত মাহেকীয়া হোৱা নাই, সেইবাবে ডক্টৰক দেখুৱাই আঁহোগৈ, ববিতাই কয়। তেতিয়া ববিতা, ঘৰৰ পৰা ওলাই আহে, নিজৰ এজনী বান্ধৱী ওচৰলৈ, যি এক মহিলা ডক্টৰ হয়। আৰু তাইক সকলো কথ ববিতাই কলে। তেতিয়া ববিতাৰ বান্ধৱীয়ে ববিতাক কয়, তুমি শাহুক একো নকৈ ভাল কৰিলা । এতিয়া মই যিদৰে কওঁ, তুমি তেনেদৰে কৰিবা। ববিতাই সুধে, তুমি কি কৰিব বিচাৰিছা!
ববিতাৰ বান্ধৱীয়ে তাইক কয় যে, অলপ নাটক কৰিব লাগিব তুমি। ববিতা, নাটক, কেনেধৰণৰ নাটক! তুমি তোমাৰ শাহুক কব লাগিব যে, তুমি মাতৃ হব নোৱাঁৰা! ববিতা, কিন্তু তেওঁ মোৰ বিশ্বাস কিয় কৰিব! ববিতাৰ বান্ধৱীয়ে কয়, কি দৰে বিশ্বাস নকৰিব, কৰিবই লাগিব। মই কেতিয়া কামত আহিম। মই, নুবুজিলো তোমাৰ কথা, ববিতাই কলে। ববিতাৰ বান্ধৱীয়ে কলে, তুমি কবা যে, মোৰ গৰ্ভ শক্তিশালী নহয়, যাৰ বাবে মই মাতৃত্ব সুখ নাপাওঁ।ঠিক আছে, মই এনেদৰে কৰিম। ববিতাই শাহুৱেকক সকলোবোৰ তেনেদৰে কয়, তেতিয়া তাইৰ শাহুৱেক চিন্তিত হৈ পৰে আৰু কয়, বেলেগ ডক্টৰক দেখুৱাবা, মাহেকীয়া নিয়মীয়াকৈ হলেই সকলো ঠিক হব। তেতিয়া ববিতাই কয়, মাহেকীয়া নহলেই ভাল, নহলে মই আকৌ কোঠাত সকলোৰে পৰা আঁতৰত অকলে থাকিব লাগিব।মা হৈ নো কি কৰিম , এনেদৰে ঠিক আছে। আৰু লৰা ছোৱালী হলে, মোৰ সুন্দৰতাও নাইকিয়া হয় পৰিব।
ববিতাৰ শাহুৱেকে কলে, এয়া কি পগলাৰ দৰে কথা কৈছা! ঘৰখনত লৰা ছোৱালী থাকিলেহে ঘৰখন পূৰ্ণ হৈ পৰে। সেয়া নহলে, তুমি মা কিদৰে হবা! কি কলে আপুনি! মা, এতিয়া, মাহেকীয়া হোৱাটো আপোনাৰ অপবিত্ৰ নালাগে, ইয়াৰ সহায়তে আপুনিও মাতৃত্বৰ সুখ পাইছিল। আৰু আপুনিয়েই ইয়াক যদি অপবিত্ৰ বুলি কয়, তেতিয়া কেনেদৰে হব!
নাৰীক, জননী বুলি কোৱা হয়। নাৰী এগৰাকী জননী হোৱাৰ সুখ আৰু সৌভাগ্য দুয়ো মাহেকীয়া দ্বাৰা প্ৰাপ্ত হয়। মাহৰ সেই দিনকেইটাই ছোৱালী এজনীক মা হবলৈ সক্ষম কৰে৷যি জনী ছোৱালী মাহেকীয়া নহয়, সেই জনী ছোৱালীক কোনেও বিয়া কৰোৱাবলেও সাহস নকৰে। মাহেকীয়া নহলে ছোৱালীজনীয়ে মাতৃত্বৰ সুখ নাপায়। সেইবাবে যিয়ে হয়, তাইৰ বাবে এয়া কোনো আৰ্শীবাদতকে কম নহয়। ববিতাৰ কথা শুনি তাইৰ শাহুৱেকৰ চকুলো বৈ আহিল। আৰু তেওঁ ববিতাৰ ওচৰত ক্ষমা বিচাৰে, আৰু কয় তুমি বহুত বুজি পোৱা, জ্ঞানী ছোৱালী। আৰু মৰমেৰে ববিতাৰ মূৰত হাত ফুৰাই সদায়ে সুখী হোৱাৰ আৰ্শীবাদ দিয়ে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment