৬ বজাৰ এলাৰ্ম টো বজাৰ লগে লগে কাবেৰী টোপনিৰ পৰা সাৰ পালে। ৰাতি দেৰিলৈকে অফিচৰ কামত ব্যস্ত থাকিবলগীয়া হোৱা বাবে এক অৱসাদে তাইক হেচাঁ মাৰি ধৰিছে( Storyboard )। উঠিবলৈ মন নথকা সত্ত্বেও তাই জোৰ কৰি বিচনাৰপৰা উঠি আহিল। পুৱাৰ নিত্য কৰ্মখিনি কৰি অফিচলৈ যাবলৈ ওলাল। আধাবাটতে পৰীক স্কুলত নমাই থৈ তাই খৰধৰকৈ অফিচ পালেগৈ।
'মিছেছ বৰুৱা, আপোনাৰ আজিও পলম হ'ল যে?' কোম্পানীৰ মেনেজাৰে সুধিলে,
প্ৰথম বিবাহ বাৰ্ষিকীত বেদান্তই উপহাৰ হিচাপে দিয়া ৰূপালী ৰঙৰ হাতঘড়ীটোলৈ কাবেৰীয়ে চাই পঠিয়ালে। ইতিমধ্যে ১০:৩০ বাজি গৈছে। ছেহঃ আজিও দেৰি হৈ গ'ল।
'মাজনীক স্কুলত নমাই থৈ গাড়ীৰ কাৰণে বহুত দেৰি ৰ'ব লগা হ'ল ছাৰ।' কাবেৰীয়ে কও নকওকৈ ক'লে
'মই সেইবোৰ একো নাজানো। অফিচলৈ সময়মতে আহিবলৈ চেষ্টা কৰিব, Otherwise you may leave the company.' মেনেজাৰে খঙত ক'লে,
'I am sorry Sir.' বুলি কৈ তাই মেনেজাৰৰ কেবিনৰ পৰা ওলাই আহিল।
সহকৰ্মীসকলে তাইক দেখি যেন ফিচিঙা ফিচিঙি হে কৰাত লাগিল। তাৰে মাজতে এজনে মাত লগালে, ' ৰাতিপুৱা মোৰ গাড়ীখন বাৰু খালীয়েই আহে।' সমগ্ৰ অফিচ কোঠালিতোতে এক ইতিকিংসূচক হাঁহিৰ কোলাহল বিয়পি পৰিল |
এইবোৰলৈ তাই আওকান কৰি চকীখন টানি উলিয়াই বহি ললে আৰু নিজৰ কামত লাগিল । আজিকালি তাইৰচোন অফিচলৈ আহিবলৈও ভাল নলগা হৈছে। সহকৰ্মী পুৰুষসকলৰ চকুলৈ চাই কথা ক'ব নোৱাৰে তাই । সিহঁতৰ চঞ্চল চকুৱে যেন তাইৰ বগা সাজ পৰিধান কৰা দেহাটোত বৰকৈ কিবা অনুসন্ধান কৰি ফুৰে। কেইগৰাকীমানে সুবিধা পালেই তাইক সহানুভূতি দেখুৱাই কয়, ' তোমাৰ কপালখন সঁচাকৈয়ে বৰ দুখলগা দেহি, হাতৰপৰা জেতুকাৰ গোন্ধ আঁতৰাই নাছিল ছাগে, নহয়নে? আজি তেখেত থকা হ'লে তুমিনো কত চাকৰি কৰিবলগা হলহেঁতেন ছাগে!'
উস ৰাম! তাই যেন জীৱনটো কাৰোবাৰ ওচৰত বন্ধকতহে থৈছে । প্ৰতিজন মানুহৰ মুখৰ সংলাপে যেন কাবেৰীৰ মূৰটোতহে কুঠাৰঘাত কৰে। কমটো মনোকষ্টত গাৱঁৰ ঘৰৰপৰা টালি-টোপোলা বান্ধি গুচি আহিবলগীয়া হৈছিলনে তাই! ( Storyboard )
আজিৰপৰা ছয় বছৰৰ আগতেই তাইৰ কপালৰ ৰঙা বেলিটো চিৰস্থায়ীভাৱে মাৰ গৈছিল। চিনস্বৰূপে থাকি গৈছিল এবছৰীয়া পৰীজনী। অকলশৰে কোঠালিটোত সোমাই উদং গাৰুটোত মূৰ গুজি বেদান্ত শোৱা ঠাইকনক খেপিয়াই খেপিয়াই কত ৰাতি যে তাই চকুপানী টুকি উজাগৰে পাৰ কৰিছিল কাকো বুজাই কব নোৱাৰে। একমাত্ৰ পৰীজনীক সাবটিয়েই জীৱন অতিবাহিত কৰিব ধৰিছিল।
'ৰঙা কাপোৰবোৰ পিন্ধিবাছোন, তোমাক কোনোবা দেশৰ পৰী যেন লাগে'-গডৰেজটো খুলিলেই যেন তাইৰ বেদান্তৰ কথাবোৰে খুন্দিয়াবলৈ ধৰিছিল। কিন্তু ইচ্ছা কৰিলেও তাই ৰঙাবোৰ গাত সানি লব পৰা নাছিল। জীৱন নৈৰ সিপাৰে থকা সমাজখনে যেন তাইক সেইদিনাই শুভ্ৰতাৰে সজাই পেলাইছিল যিদিনা তাইৰ কপালৰ ৰঙাখিনি নোহোৱা হৈ গৈছিল। একমাত্ৰ ননদৰ বিয়াতো তাইক আগভাগ ল'বলৈ দিয়া নহৈছিল। গাওঁখনৰ সামাজিক অনুষ্ঠানতো যেন তাই প্ৰৱেশ কৰিলে এক অপৰাধবোধ চাৱনিৰে চাইছিল।
'হেৰি নহয় কাবেৰী, তোমাৰ একাডেমিক কোৱালিফিকেশ্যন ও ভাল। আমাৰ স্কুলখনতে পোষ্ট এটা খালী হৈছে। ইচ্ছা কৰিলে জইন কৰিব পাৰা। ব্যস্ত হৈ থাকিলে মনটোও পাতল লাগিব।' গাঁৱৰে বলেন মাষ্টৰে তেনেদৰে কোৱাৰ পাছত তাই দুই কি:মি: আতঁৰৰ প্ৰাইভেট স্কুলখনত জইন কৰিলে। কেতিয়াবা দেৰি হ'লে বলেন মাষ্টৰৰ লগত অহা যোৱা কৰিবলৈ লোৱা দেখি সমাজে এইবাৰ তাইৰ চৰিত্ৰত দাগ লগালে। শাহুৱেকেও যেন তাইক আনৰ কথামতেই নানা ধৰণৰ কটু কথা শুনোৱাত লাগিল। কেনেকৈ সহ্য কৰিব তাই, আন সকলো পাৰিলেও নিজৰ চৰিত্ৰত কলংক সানিলে কোনো নাৰীয়ে সহ্য কৰিব নোৱাৰে। তাইৰ স্বামী এবাৰহে ঢুকাইছিল, কিন্তু সমাজে যেন তাইক বাৰে বাৰে বিধৱা সজাইছিল। তাতকৈ স্বামীৰ চিতাতে শুৱাই জ্বলাই দিয়াহেঁতেন তাই বহুত সুখী হ'লহেঁতেন, তেতিয়া অন্তত বৈধব্য বুলি বাৰে বাৰে সমাজে উনুকিয়াই থাকিব নালাগিলহেঁতেন।
গুচি আহিল তাই! পৰীক লৈ একেবাৰে গুৱাহাটী মহানগৰীলৈ। প্ৰাইভেট কোম্পানী এটাত আজি ছমাহ দিন ধৰি তাই চাকৰি কৰি আছে। কিন্তু ইয়াতো চোন সকলো একেই। দিনত ভদ্ৰতাৰ মুখা পিন্ধা বহুতো পুৰুষৰ টোকৰ মাজৰাতি তাইৰ দুৱাৰত পৰে । আমাৰ সমাজে নিদিয়ে এগৰাকী নাৰীক শান্তিৰে জীয়াই থাকিবলৈ।
সকলোকে যেন তাইৰ চিঞৰি চিঞৰি ক'বলৈ মন যায়, মই যদি বিধৱা স্বামীহীনতাৰ, তেন্তে আপুনিও বিধৱা বিবেকহীনতাৰ।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment