মাকৰ অন্তিম চিঠিখনো বোৱাৰীয়েকে পঢ়িবল নিদিলে পিতেকক : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 9, 2021

মাকৰ অন্তিম চিঠিখনো বোৱাৰীয়েকে পঢ়িবল নিদিলে পিতেকক : Storyboard

 

Storyboard

সেইদিনা পুৱাই পুৱাই মনোজে সাজো হৈছিল। সেইদিনা মনোজ তাৰ পত্নী ৰাগিনী আৰু ছোৱালী যেচিকাৰ লগত বিদেশলৈ যাবলগীয়া আছিল( Storyboard )। পত্নী আৰু ছোৱালীজনী বহুত আনন্দত হৈ আছিল। ৰাতিপুৱাই ফ্লাইট আছিল। সকলো ৬ টা বজাতে ওলাই গল। ২০দিন বিদেশত ভালদৰে ঘূৰি পকি আজি মনোজহঁতে গুৱাহাটীৰ এয়াৰপৰ্টত ভৰি দিলেহে। তাৰপাছত ঘৰৰ ফালে আগবাঢ়িল। এই ১৫,২০দিনত  মনোজৰ মনট অশান্তি হৈ আছিল। যেতিয়া সকলোবোৰ ঘৰ আহি পালেহি, তেতিয়া চিধাই মনোজ নিজৰ ৰূমলৈ গল আৰু বাথৰূমত সোমালেগৈ। গা ধূই যেতিয়া ড্ৰেচিং টেবুলৰ কাষলৈ আহিল, তেতিয়া তাত এখন চিঠি দেখা পালে। চিঠি খন খুলি হাতত লৈ দেখা পালে, চিঠিখন মনোজৰ মাকৰ আছিল। >


মনোজে চিঠিখন খুলিলত তাত লিখা আছিল, পুত্র মনোজ, মই বুজিপাওঁ তোমালোকে মোৰ লগত কোনো সম্বন্ধ ৰাখিব নিবিচাৰা। মোৰ ব্যক্তিত্ব তোমালোকৰ বাবে সদায়ে লাজ জনক। মনোজ, মই একো বিচৰা নাই, তোমালৈ চিঠিও নিলিখিলো হয়। কিন্তু মোৰ জীৱনটো এতিয়া অন্ত হোৱাৰ ফালে গতি কৰিছে। মই এতিয়া বৰ্তমান কেন্সাৰৰ শেষ পৰ্য্যায়ত। মোৰ অন্ত এতিয়া একেবাৰে কাষত। কেৱল এবাৰ মৃত্যুক সাৱটি লোৱা আগতে পাৰিলে তুমি তোমাৰ আৰু ছোৱালীজনীৰ মুখখনি দেখুৱাই যাবাহি। মই কোনো জোৰ কৰা নাই। যদি তুমি ভাল দেখা। তোমাৰ মা। 


তেতিয়া আকৌ মনোজে দেখা পালে, তোমাৰ মা শব্দটো কাটি দি, তলত কেৱল ৰঞ্জিতা লিখা হৈছে। মনোজে, ৰাগিনীক মাত দিলে, ৰাগিনী, ৰাগিনী, মনোজৰ পত্নী আহিলে। মনোজে সুধিলে, এই চিঠিখন তুমি খুলিলা! অ খুলিলো, ৰাগিনীয়ে উত্তৰ দিলে। মোক কিয় নিদিলা! উফ, এতিয়া পালা ন! সেইদিনা আমাৰ বিদেশ যোৱাৰ ফ্লাইট আছিল। সকলো, প্লান বেয়া হৈ গল হয়। আৰু ইনেও সেই দুইপইচাৰ বুঢ়ীজনীক, মোৰ ছোৱালীজনীক লগ কৰিবলৈ নিদিলো হয়। তাইৰ সাহস নাই, মোৰ ছোৱালীজনী চাবলৈ আৰু চুবলৈ। ৰাগিনী,মনোজে চিঞঁৰি কলে আৰু ৰাগিনীৰ গালত এচৰ দিলে। সেয়া মোৰ মা হয়। লোকৰ ঘৰে ঘৰে কাম কৰি মোক ডক্টৰ কৰিলে। তুমি তেওঁৰ লগত থাকিব নিবিচাৰিছিলা, আৰু এই কথা মায়ে বুজিছিল। সেইবাবে তেওঁ তোমাৰ সুখৰ বাবে নিজে বৃদ্ধাআশ্ৰম যাবলৈ জিদ কৰিছিল। আৰু মই বাধ্যত পৰি তেওঁক বৃদ্ধাআশ্ৰমত থৈ আহিলো। যি ছোৱালীৰ ওপৰত তুমি অধিকাৰ দেখুৱাইছা, তেওঁ তাইৰ আইতাক হয়। আৰু মোৰ মায়ে মোৰ বাবে যি কৰিলে, সেয়া তুমি কেতিয়াও কৰিব নোঁৱাৰা, তোমাৰ সন্তানৰ বাবে।


ৰাগিনী খংতে জ্বলি পকি কলে, মনোজ তুমি মোক বেয়া পোৱা! কেনেকৈ তুমি মোৰ ওপৰত হাত তুলিলা! মই এজনী পঢ়া শুনা কৰা ছোৱালী হয়, আৰু কেতিয়াবা মোৰ প্ৰয়োজন হলে, আনৰ ঘৰে ঘৰে কাম কৰিবলগীয়া নহয়। মই চাকৰি কৰি ভাল পইচা ঘটিব পাৰিম। মনোজে, ঘৰৰ পৰা ওলাই আহিবলৈ লওঁতে, তেতিয়া পাচফালৰপৰা যেচিকাই মাত দিলে, পাপা, তেতিয়া মনোজ তাইৰ কাষলৈ গল। অ মাজনী, যেচিকাই কলে,আইতাৰ ওচৰলৈ যোৱা!মনোজে অলপ খং কৰি কলে, এতিয়া তোমাৰো কিবা আপত্তি আছে নি! নহয় পাপা! মইও আপোনাৰ লগত যাব বিচাৰো। যেচিকাৰ কথা শুনি মনোজে মিচিকিয়া হাঁহি মাৰিলে আৰু কলে, বলা মাজনী। মনোজ আৰু যেচিকা আশ্রম গৈ পালেগৈ। তাত গৈ গম পালে যে, মাক ৰঞ্জিতাই দুদিনৰ আগতে, মনোজৰ অপেক্ষা কৰি কৰি মৃত্যুক সাৱটি ললে। মনোজে, মাকৰ অস্থি লৈ ঘৰলৈ আহিল। ৰাগিনীয়ে, মনোজ ঘৰলৈ অহাত তাৰ ওচৰলৈ আহে। আৰু সুধিলে, কি হল! ( Storyboard )


তোমাৰ বাবে এটা সুখৰ বাতৰি আছে, মা আৰু নাই। তোমাৰ বাবেই মই মোৰ মাৰ বাবে একো কৰিব নোঁৱাৰিলো আৰু তোমাৰ বাবেই মায়ে নিজৰ শেষ সময়ছোৱাত মোক দেখি নাপালে আৰু মইও তেওঁৰ সৎকাৰ কৰিবলৈ নোঁৱাৰিলো। এতিয়া তুমি বহুত সুখি নহয়। এতিয়া শান্তি পাইছানে। মনোজে, খংতে কান্দি কান্দ কলে, আৰু ভিতৰলৈ যাবলৈ ললে।। পাপা, ৰবা, আৰু এই অস্থি মোক দিয়া, এই অস্থিৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই। যিয়ে নিজৰ পুত্রৰ কৰ্তব্য পালন কৰিব নোঁৱাৰিলে, তাকো এগৰাকী মহিলাৰ বাবে, তেওঁৰ এই অস্থিৰ ওপৰত কোনো অধিকাৰ নাই।


ৰাগিনীয়ে, তপৰাই কলে, যেচিকা, আমি তোমাৰ  মা দেউতা হয়। অ সচাঁনে, মা আপোনাৰ সেই অধিকাৰ মনত নাছিল নে! যি  মাকৰ নিজৰ পুত্ৰৰ ওপৰত আছিল। যি গৰাকী মাকে আনৰ ঘৰত জোথা কাঁহী বাটি ধুই নিজৰ পুত্রক নিজৰ ভৰিত থিয় কৰালে, যাৰ বাবে আমি আজি এই সুখত আছো। যেতিয়া সেই মা গৰাকীৰ সুখৰ দিন আহিল, তেতিয়া আপোনালোকে তেওঁক ঘৰৰ পৰা উলিয়াই দিলে। আৰু পাপা, যিয়ে আপোনাৰ ভৱিষ্যক গঢ় দিলে, তেওঁকে আপুনি নিজৰ জীৱনৰ পৰা উলিয়াই দিলে। আপোনালোক দুজনৰ দৰে মই নিজৰ কৰ্তব্য এৰি নিদো। কিন্তু আপোনালোকক দুয়োজনকে কেতিয়াও অন্তৰৰ পৰা সন্মান কৰিব নোঁৱাৰিম। কেৱল নিজৰ দায়িত্ব পালন কৰিম। আৰু অস্থি মই বিৰ্সজন কৰিম।


যেচিকাৰ কথা শুনি, ৰাগিনী আৰু মনোজে কান্দোনত ভাঙি পৰিল। ৰাগিনীয়ে, মনোজক সাৱটি ধৰি কান্দিবলৈ ধৰে, তেতিয়া মনোজে তাইক নিজৰপৰা আঁতৰাই দিয়ে। আৰু মনোজে কলে, তুমি সেই চিঠিখন লুকুৱাই আমাৰ সম্বন্ধ শেষ কৰি পেলালা। 


আজি এই ঘটনাটো ১০বছৰ পাৰ হৈ গল। যেচিকা, চহৰখনৰ এগৰাকী ভাল ডক্তৰ হল। কিন্তু সেই দূৰত্ব যি সম্বন্ধৰ মাজত , আজিও সেয়া তেনেদৰেই আছে। সম্বন্ধ কেৱল কৰ্তব্য হৈ ৰল। মৰম ভালপোৱা দূৰ দূৰণিলৈ শেষ হৈ গল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Storyboard

বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages