- সোঁণ উঠ, ৰাতি কেতিয়াবাই পোহৰ হ'ল |
মাৰ মাতত টোপনিৰ মহানগৰীৰ পৰা বাস্তৱ জীৱনলৈ ঘূৰি আহিলো |( Storyboard )
বিচনাৰ সন্মুখত থকা ঘড়ীটোলৈ চালো,বাপৰে দহ বাজি গ'ল | একেজাপে বিচনাৰ পৰা নামিলো | আজি ৰৱিবাৰ,অফিচ নাই যেতিয়া এপাক আমাৰ সাপ্তাহিক বজাৰখনৰ পৰা অহাৰ সিদ্ধান্ত ল'লো |
প্রায় কাম খিনি কৰি ,বাইক খন লৈ বজাৰলৈ বুলি আহিলো | দুষ্ট ফাগুন মাহ ,চঞ্চলা ফাগুন সকলো ফালে ধূলি বালিৰে ভৰিছে | কিছুসময় পাছত গৈ মই বজাৰ পালো | বাহ: বজাৰত আজি যথেষ্ট মানুহ | আচলতে ইমান ভীৰৰ মাজত মোৰ বজাৰত সোমাৱলৈ অকমান সংকোচ লাগিল |
কাৰন নিৰৱতা মই ভালপাওঁ | নিৰৱতাৰ মাজত মই শান্তিৰ পৃথিৱী খন বিছাৰি পাওঁ |
কিন্তু তেনেতে মোৰ চকুত আমাৰ ৰামোকাইৰ হোটেল খন পৰিল | আমাৰ অঞ্চলৰ বিখ্যাত চাহদোকানী ৰামো কাই,চিংৰা মাষ্টৰ বুলি গোটেই অঞ্চলতে এটা নাম আছে | মই ৰামোকাইৰ হোটেললৈ আগবাঢ়িলো |
তেনেতে মোৰ নাকত লাগিল গৰম গৰম চিংৰাৰ এটা চিনাকী সুগন্ধী |
- কিহে ৰামোকাই,,,,,
ৰামোকাই ব্যস্ততাৰ মাজত মোৰফালে মূৰতুলি চালে |
- অ বোপা,বাহ আজি বজাৰ আহিলা ?
- আহিলো বোলো এপাক বজাৰখনে চাই যাওঁ,তাতে আকৌ ৰৱিবাৰ |
- ভালে কৰিলা দিয়া | ঘৰত সকলোৰে ভাল নে ?
- ভালে,ৰামোকাই আগতে চাহ একাপ আৰু গৰম চিংৰা এটা দিয়া,,,,
- হে:হে:হে: বোপা দিৱলৈ আছো,ৰৱা,,,
বৰ সৰল অন্তৰৰ মানুহজন,মুখত এটি মিঠা হাঁহি প্রতি মূহূৰ্ত্ততে লাগি থাকে |
কিছু সময় পাছত ৰামোকাই মোক চাহ একাপ আৰু গৰম চিংৰা এটা দিলে,মই চিংৰাটোত একামোৰ মাৰিছো হে,,,,,
- ঐ চোৰ,চোৰ, ধৰ ধৰ মাৰ মাৰ
এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ল | গোটেই বজাৰখনতে হৈচৈ লাগিল | কি হ'ল মই একো ধৰিব নোবাৰিলো |
মই হোটেলৰ পৰা বাহিৰলৈ ওলাই আহিলো আৰু দেখিলো মানুহৰ এটা প্রকাণ্ড জুম |বিভিন্নজনে বিভিন্ন কথা কৈ আছে মই একো ধৰিবই নোৱাৰিলো |
মই দুখুজ আগুৱাই গৈ জুমটোৰ মাজত সোমাব চেষ্টা কৰিলো,মোৰো আৱিস্কাৰ কৰিবলৈ মন গৈছিল তেনে এটা পৰিস্থিতি হোৱাৰ আচল কাৰন নো কি !
বহুত চেষ্টা কৰিলো চক্ৰবেহু ভেদি ভিতৰত প্রবেশ কৰিব নোবাৰিলো | কাষত থকা মানুহজনকে শুধিলো,,,,
- দাদা,এয়া আচলতে হৈছে কি !
- কি নো কবা,সৰু ল'ৰা এজনে বোলে দোকান এখনৰ পৰা ৰুটি এটা চোৰ কৰিলে,এতিয়া তাক সকলোৱে এনেকে আগচি ধৰিছে,,,,,
কি ! হায় মানুহৰ মানৱতাবোৰ কত হেৰাল,সামন্য এটা ৰুটি চোৰ কৰোতে এই পৰিস্থিতিৰ উদ্ভৱ,সচাকে লজ্জাজনক |
মই আৰু ধৈৰ্য্য ধৰিব নোবাৰিলো,পৰিস্থতিৰ সন্মুখীন হবলৈ জুমৰ ভিতৰত যোৰকৈ সোমাবলৈ চেষ্টা কৰিলো |কোনোবাই পিছপিনৰ পৰা মাৰা প্রকাণ্ড ঠেলা এটাত মই একেবাৰে ল'ৰাজনৰ ওচৰ পালো | কিন্তু ল'ৰাজনক চকুৰ সন্মুখত দেখি মোৰ হৃদয়খন কপি উঠিল |
এটা প্রায় আঠ/দহবছৰীয়া শিশু ! তাক লাইটৰ পোষ্টত বান্ধি থোৱা হৈছে,ডিঙিত আৰি দিয়া হৈছে ম'ৰেল পুলিছৰ চেণ্ডেলৰ মালা |
ধিক ! মানৱতা ঘৃননীয়, তেনেতে এজনে,,,,
- চোৰ ওলাইছ,চোৰ কৰিবি নে আৰু,,,,,
দিলে ল'ৰাজনৰ মুখত এটা পচণ্ড ঘোচা
- আঔ ! মৰিলো,মোক নামাৰিব,মই আৰু চোৰ নকৰো,,,,,
মোৰ অদৃশ্যমনটো কান্দি উঠিল,হে ভগৱান তুমি আছা নে নাই !
- ঐ তাক ভালকে এসেকা দে,যাতে আজিৰ পাছত আৰু চোৰ কৰিব নাহে,,,,
মানুহৰ জুমৰ মাজৰ পৰা আন এজন ম'ৰেল পুলিছৰ নিৰ্দেশ,,,কথা মতে কাম
দক্ষিন ভাৰতৰ চিনেমাৰ দৰে এজনৰ এক্সন|
মাৰি দিলে কনমানিজনৰ পেটত এটা প্রকাণ্ড গোৰ,,,,,বেচেৰাই যন্ত্রনাত আৰ্তনাদ কৰিলে |লক্ষ্য কৰিছিলো কিছুমান মানৱৰূপী দানৱৰ বিকৃত হাঁহি,,,,,,
- মই আপোনালোকক হাতযোৰ কৰিছো,মোক জীয়াই থাকিব দিয়ক,মোক মাৰি পেলালে মোৰ ভন্টি লঘোন থাকিব,,,,
মোৰ কানত তাৰ কথাখিনি স্পষ্টকৈ পৰিল |কিন্তু তেনেতে আৰু এজনে তাৰফালে চোছা ল'লে |মই আৰু ৰৈ থাকিব নোবাৰিলো,,,,
- ৰৱ | আপোনালোক বিবেক শূন্য মানৱ নেকি ? এটা কনমানি,সি এটা সামন্য ৰুটি চোৰ কৰিছে,সি কিয় ৰুটি চোৰ কৰিলে,কি পৰিস্থিতিত পৰি এবাৰ তাক কোনোবাই শুধিছে ?
অ সমাজত ঘূৰি ফুৰা দাগী দাগী চোৰ ডকাইটক ধৰিব নোৱাৰি,এই ফুলকুমলীয়া শিশুটিৰ ওপৰত নিৰ্মম অত্যাচাৰ,লাজ লাগে,,,,,,,
তেনেতে এজনে মাত মাতিলে,,,
- হাতি চোৰো চোৰ,বেজি চোৰো চোৰ
- ৰৱ,আপোনালোকে শুনিছিল নে,ল'ৰাজনে মাজতে কৈছিলে মোক মাৰি নেপেলাব,মোক মাৰিলে মোৰ ভন্টি লঘোন মৰিব ! কিয় ইমান কঠোৰ হৃদয়ৰ আপোনালোক?( Storyboard )
আমি জানিব লাগিব,সি চোৰ,কিন্তু কিয় ?
সকলো মানুহ মৌন হৈ পৰিল,ক্ষনিকৰ উত্তেজনা বন্ধ হ'ল | মই ল'ৰাজনৰ ওচৰত গ'লো,তাৰ হাতৰ বান্ধ বিলাক খুলি দিলো,দেখিছিলো তাৰ কোমল হাতখনত সেই বান্ধবোৰে আঘাট কৰিছিল | তাৰ ডিঙিত আৰি দিয়া চেণ্ডেলৰ মালাডাল দলিয়াই দিলো |
সি ভয়তে মোৰ হাতখনত খামোছি ধৰিলে,আৰু মানুহবোৰলৈ ভয় ভয় কৈ চালে,,,
- মানুহবোৰে মোক আকৌ মাৰিব,,
মই তাক সাহস দিলো,মূৰত হাতবুলাই শুধিলো,,,,
- তোমাৰ ঘৰ ?
সি হাতৰ আঙুলিটোৰে দেখাই দিছিলে সৌ খিনিত |
- ৰুটি কিয় চোৰ কৰিছিলা,,,,
- ভন্টিৰ বাবে,,,,,
- কিন্তু কিয় ?
সি একো উত্তৰ দিয়া নাছিলে,মাত্র মোৰ হাতখনত একপ্রকাৰ খামোছি ধৰি তানি লৈ গ'ল | মোৰ পাছত বাকি বোৰ মানুহ আহি থাকিল | কিন্তু সকলোবোৰ মৌন |
কিছু সময়পাছত আমি এটা জুপুৰিত সোমালো |
- এইটো আমাৰ ঘৰ |
ল'ৰাজনে আমাক কৈছিলে | ঘৰটো দেখি ভাৱ হ'ল এজাক ডাঙৰ বতাহ বলিলে হয়টো জুপুৰিটো ভাঙি ভিতৰৰ মানুহ কেইটাৰ গাৰ ওপৰতে পৰিব |
সি মোক ভিতৰলৈ তানি নিলে,,পাছে পাছে সকলোৱে খোজ ল'লে,,,,
জপনাখন পোৱাৰ লগে লগে এটা কনমানিৰ কান্দোন ভাহি আহিল | বুজিলো সেইজনী ল'ৰাজনৰ ভন্টি | ভিতৰত সোমাই গ'লো,,,,
উফ ! চাব নোৱাৰো,বৰ মৰ্মান্তিক | দুয়োখন ভৰি চিগা তাৰ মাতৃ বিচনাত পৰি আছিল |মাকৰ ওপৰত নগ্ন দুৱছৰীয়া এটি দেৱশিশু |হয়টো তাইৰ ভোক লাগিছিল | সেয়েহে মাজে মাজে মাকৰ বুকুত আহাৰ খেপিয়াই আছিলে |
সি কান্দিছিল,কি বুলি নো সান্তনা দিম |
- দাদা,এইখনে মোৰ ঘৰ | এইজনী মোৰ মা,আৰু সেয়া মোৰ ভন্টি |
এদিন আমাৰ বাবাই আমাক এৰি গৈছিল ,ক'ত গৈছিল আমি নাযানো | বাবা আজিলৈ ঘৰলৈ উভতি নাহিলে | বাবা নোহোৱা হোৱাৰ পাছত আমাৰ মাই ঘৰখনৰ সকলো দায়িত্ব ল'ৱ লগা হ'ল | তেতিয়া মা গৰ্ভৱতী আছিলে |কিছুদিন পাছত আমাৰ ভন্টিৰ জন্ম হ'ল | মই দিনটো ভন্টিৰ সৈতে থাকো আৰু মাই বেলেগৰ ঘৰত কাম কৰে | নহ'লে আমি লঘোন থাকিব লাগিব |
মোৰ দুচকুৰে মাত্র নিগৰিছিল চকুপানী |
সি আকৌ আৰম্ভ কৰিলে |
- দিনবোৰ তেনেকে গৈ আছিল | কিন্তু এদিনাখন আকৌ আমাৰ ঘৰত আন্ধাৰ নামি আহিছিল ,সন্ধিয়া মা কামৰ পৰা আহি থাকোতে ট্রেইনৰ আগত পৰিলে,মাৰ দুয়োখন ভৰি চিগি থাকিল |
ভাগ্য সেইখিনি ভাল আছিলে মাৰ মৃত্যু নহ'ল |তেনেকুৱা হ'লে আমি একেবাৰে নিঠৰুৱা হ'লো হৈ |
এতিয়া ঘৰখন কেনেকে চলিব| মা বিচনাতে ,মই কাম কৰাৰ সিদ্ধান্ত ল'লো | মই এখন হোটেলত কাম কৰিলো | দিনত হোটেলত কাম কৰো | আকৌ ৰাতি আহি মা আৰু ভন্টিৰ খোৱাৰ জোগাৰ কৰি দিওঁ |
সেইদিনাখন হোটেলত মোৰ হাতৰ পৰা গ্লাছ দুটা পৰি ভাঙিল | আৰু মোক মাৰি মাৰি কামৰ পৰা উলিয়াই দিলে |
দুখীয়া ঘৰৰ ল'ৰা যেতিয়া সকলোৰে গালি-মাৰ খাবই লাগিব | কিন্তু হাতৰ পৰা কামটো যোৱাত ঘৰত একো নোহোৱা হ'ল |
আজি দুদিন হ'ল মা লঘোনে পৰি আছে লগতে মই ওঁ | কিন্তু মোৰ কনমানি ভন্টিৰ পেটৰ জ্বালাত চিঞৰা কান্দোন কেইটা মই শুনি থাকিব নোৱাৰিলো |
সেয়েহে মই বজাৰ গৈ তাইৰ কাৰনে ৰুটি এটা চোৰ কৰিলো | মোক ক্ষমা কৰিব দাদা ,বিশ্বাস কৰক মই চোৰ নাছিলো |
মই আৰু সহ্য কৰিব নোৱাৰিলো,মই ডাঙৰকৈ কান্দি দিলো | হে ভগৱান দুটা কনমানিৰ ওপৰত তোমাৰ কি বিছাৰ ! কি স্বাৰ্থ তোমাৰ,,,,
মই লক্ষ্য কৰিছিলো সকলো মানুহে চকুলো টুকিছে |হয়টো বুজি পালে সকলো সিদ্ধান্ত সুস্থ মগজুৰে লব লাগে,তেজৰ উত্তেজনাত নহয় |
মই তাৰ মাকৰ ওপৰৰ পৰা কনমানি ছোৱালি জনীক কোচত তুলি ল'লো | তাই এটা মিচিকিয়া হাঁহি মাৰিলে,তাইনো কি যানে কি দুখ,কি সুখ |
এইবাৰ তাই মোৰ হাত খনত মুঠি মাৰি ধৰি মুখলৈ তানি নিলে | আৰু আঙুলি এটা চুপিব ধৰিলে |
মোৰ কলিজাতি চিৰাচিৰ হ'ল,বেচেৰীৰ ভোকৰ জ্বালা |
মাকৰ ফালে লক্ষ্য কৰিলো আমাৰ ফালে চাই হাতদুখনৰে প্রনাম জনাই চকুলো টুকিলে,কি হৃদয় বিদাৰক,,,,,,
মই সকলোৰে মুখলৈ চালো,হয় সকলোৱে বিষাদ মনৰে ক'লে আমিয়ে ইহতক উদ্ধাৰ কৰিব লাগিব !
বিষাদৰ মাজত ও মোৰ সুখৰ হাঁহি এটি ওলাই আহিল |||
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment