অনু নিজৰ শহুৰেকৰ ঘৰত সুখী আছিল। কিন্তু তাইক এটা চিন্তাই অশান্তি কৰি আছিল। তাইৰ নৱৌয়েক আৰু তাইৰ প্ৰতি শহুৰেকৰ ঘৰৰ মানুহৰ ব্যৱহাৰ বেলেগ বেলেগ আছিল( Storyboard )। অনুক এফালে ঘৰৰ মানুহে বহুত মৰম কৰিছিল আৰু ইফালে অঞ্জলিৰ ফালে তেওঁলোকৰ ব্যৱহাৰ বহুত বেয়া আছিল। তাই বেচেৰি সকলোৰে সেৱা কৰে সকলোৰে ধ্যান ৰাখে আৰু কাকো উলোটাই উত্তৰ নিদিয়ে।অঞ্জলিৰ এজনী ছোৱালীয়ো আছিল কাজল। তাই কম পঢ়া-শুনা আছিল যদিও তাই নিজৰ ছোৱালীজনীক নিজেই পঢ়াইছিল।
এতিয়া কাজল পঞ্চম শ্ৰেণীত। কাজলৰ পঢ়াৰ কিছুমান কথা তাই বুজি নাপাইছিল যদিও তাই ঘৰৰ কাম কাজ সামৰি কিতাপ লৈ বহিছিল । প্ৰথমতে তাই নিজেই বুজিছিল তাৰ পাছত কাজলক বুজাইছিল। অনুৱে ভাবি নাপাইছিল যে ইমান কষ্ট তাই কেনেকৈ কৰিব পাৰে। এদিন গণিতৰ কিতাপ লৈ চিন্তা কৰি বহি আছিল। তাৰ পাছত অনুৱে ক'লে,"কি হ'ল নবৌ মই সহায় কৰি দিওঁ নেকি?"
"চোৱা চোন ইমান দেৰি পৰা চেষ্টা কৰি আছোঁ । একো বুজিয়ে পোৱা নায়। "
"মোক দিয়ক" অনুৱে সোনকালেই উত্তৰ উলিয়ায় দিলে আৰু বুজাই ও দিলে।
"বা আপুনি ইমান চিন্তা কৰি কিয় থাকে। টিউচন দি দিয়ক কাজলক এতিয়াটো তাই ডাঙৰ হৈ আহিছে। আগলে তাইৰ পঢ়া-শুনা আৰু কঠিন হৈ পৰিব। "
"বুজিছোঁ অনু , কিন্তু তুমিয়ে কোৱা কাক কম? কোন আছে নো যি বুজিব আৰু শুনিব। সকলোবোৰ তুমি দেখিছাই চোন। তোমাৰ দাদাৰ কেইটামান চাকৰিৰ পইচাৰে ক'ত হ'ব এইবোৰ আৰু বেলেগৰ ওপৰত মই কেনেকৈ এইবোৰৰ বুজা দিম?"
"বা আপুনি চিন্তা নকৰিব মই আছোঁ ন"অঞ্জলিয়ে অনুৰ কথা শুনি মিচিকিয়া হাঁহি মাৰিলে।
"আজিৰ পৰা সদায় অফিচৰ পৰা আহি মই তাইক গণিত পঢ়াই দিম।"
অঞ্জলিৰ লগত কথা পতা পাছত তাই বহুত দেৰি ৰুমত গৈ ভাবি আছিল।
এইবোৰ ভেদভাব চাগে বায়ে চাকৰি নকৰে যে সেইবাবে। অনুৱে পইচা ইনকম কৰে আৰু অঞ্জলিয়ে ঘৰ স্বম্ভালে। অনুৰ বহুত বেয়া লাগিছিল যেতিয়া তাই নবৌয়েকক তাই খোৱা লেটেৰা বাচন উঠোৱা দেখিছিল।
"বৌ নালাগে, মোক দিয়ক মই কৰিম নহয়।"
"শাহুমায়ে ক'লে, নালাগে তাই লৈ যাব নহয় অনু ।"
অনুৱে একো নক'লে আৰু নিজেই নি থৈ আহিলে।
অনুৱে তাই চেহেৰাটো দেখি বুজি পাইছিল যে তাই অপমানিত অনুভৱ কৰিছিল। দুয়োজনী পাকঘৰত আছিল বাবে অনুৱে সুযোগ বুজি সুধিলে ,"বৌ আপুনি কিয় এইবোৰ সহ্য কৰি থাকে?"
তাই একো উত্তৰ নিদিলে আৰু ৰুমলৈ গুচি গ'ল। পিছে পিছে অনু গৈছিল আৰু তাই দেখিছিল যে অঞ্জলিয়ে কান্দি আছিল।
"কি হ'ল বৌ আপোনাৰ চকুত চোন চকু পানী !"
অনুৱে নজনা দৰে সুধিলে।
"একো নাই অনু, তুমি মোৰ চিন্তা নকৰিবা, মই ঠিকেই আছোঁ।" অকমান ককাঁলত বিষ হৈছে সেইকাৰণে চকু পানী উলাইছে।
"দিয়ক মই মালিচ কৰি দিওঁ।"
অনুৱে মলম লৈ আহিলে আৰু অঞ্জলি ককাঁলত মালিচ কৰিবলৈ ধৰিলে।
"বৌ আপুনি দিনটো ঘৰৰ কামত লাগি থাকে তাৰ পাছতো - বাদ দিয়া সেইবোৰ।" মাজতেই অঞ্জলিয়ে কথাটো ৰখায় দিলে।"যদি মই চাকৰি কৰা যোগ্য হ'লো হেঁতেন তেতিয়া চাগে মোকো এইখন ঘৰত সন্মান দিলে হয়।"
অনুৱে বহুত দুখ পালে এইবোৰ শুনি।
"বৌ আপুনি কিবা কাম কৰিব বিচাৰে নেকি?"
"মোৰটো বহুত কৰিবলৈ মন কিন্তু কৰিবলৈ বেছি পঢ়া-শুনা কৰিব লাগিব ন মইটো অকল উচ্চতৰ মাধ্যমিকৰ লৈহে পঢ়া।"
"একো নাই বৌ ৰ'ব মই কিবা ভাবোঁ। এতিয়া আপুনি আৰাম কৰক আপোনাৰ ককাঁল বিষ ন।
কাইলৈ মোৰ ছুটি আছে কাইলৈৰ কথা পাতিম।
অনুৱে নিজৰ ৰুমলৈ গুচি গ'ল আৰু বহুত ৰাতিলৈকে তাইৰ টোপনি নাহিল। তাই ভাবি আছিল যে তাই পইচা ইনকম কৰে বাবে তাইক মৰম আৰু সন্মান কৰে । তাই এই কথাটো বহুত বেয়া পাইছিল। ছিঃ কিমান লুভীয়া মানুহ। তাইৰ মনতো বেয়া হৈ গ'ল।
তাইৰ চকুৰ আগত অঞ্জলিৰ কন্দা চেহেৰাটো আহি আছিল আৰু টোপনি ও অহা নাছিল।তাই এইটোৱে ভাবি আছিল যে কেনেকৈ অঞ্জলিৰ আত্মসন্মান ঘূৰাই আনিব আৰু কেনেকৈ ঘৰৰ মানুহে অলপ তাইক সন্মান দিব। তাই অনুৰ নৱৌয়েক আছিল যদিও তাই অনুক বহুত ভাল পাইছিল আৰু অনুৱে তাইক নিজৰ বায়েকৰ দৰে মৰম কৰিছিল। তাই বহুত দেৰি ভাবি থাকিল। তাই এটা উপায় বিচাৰি পালে আৰু তাইৰ চকু জোৰ আনন্দতে উজ্বল হৈ উঠিল।
পিছদিনা অঞ্জলি ওচৰলৈ তাই গৈ ক'লে, "বৌ তুমি নিজকে বেলেগতকৈ কম বুলি কিয় ভাবে। আপোনাৰ ওচৰত সেইটো কলা আছে যিটো সকলোৰে নাথাকে।
"অঞ্জলিয়ে বুজি পোৱা নাছিল যে অনুৱে কি কলা কথা কৈ আছে। অনুৱে ক'লে আপুনি যে ইমান ধুনীয়া আচাৰ, জাম, বিভিন্ন ধৰণৰ চাটনি বনাই সেইবোৰ খাই চোন মানুহে আঙুলি চুপি থাকিব। " অঞ্জলিয়ে এতিয়াও বুজি পোৱা নাছিল।( Storyboard )
অনুৱে ক'লে যে আপুনি ঘৰতে থাকি এইবোৰ বনাই চোন নিজৰ কলা প্ৰদৰ্শন কৰিব পাৰিব আৰু পইচাও ইনকম হ'ব। এইটো শুনি অঞ্জলিৰ চেহেৰাটো আনন্দতে উজ্বল হৈ উঠিল। তাই ভাবিলে যে এতিয়া তাইও দেখোৱাব পাৰিব যে কম পঢ়া-শুনা হ'লেও কিবা কৰা তাইৰ দম আছে।
"অনু এনেকুৱা হ'লে চোন মোৰ কাজলেও ভালকৈ পঢ়িব পাৰিব ন?"
"অনুৱে ক'লে," অ' বা পাৰিব কিন্তু আপুনি এতিয়া কাকো এইটো কথা নকব। ইয়াৰ বাবে পইচা যোগাৰো কৰিব লাগিব। অলপ সময় লাগিব।"অঞ্জলিয়ে হ'ব বুলি ক'লে। পাছদিনা অনুৱে নিজৰ লগত কাম কৰা ছোৱালীকেইজনী মানৰ লগত কথা পাতিলে আৰু"লঘু উদ্যোগ আঁচনিৰ জৰিয়তে অঞ্জলিলে লোণ লবলৈ সাজু হ'ল। কেইদিনমানৰ দৌৰা ধাপৰা পাছত লোণটো পাচ হৈ গ'ল। সিহঁতৰ ঘৰৰ ওপৰৰ চটত এটা ৰুম আছিল । বৰ্তমান তাৰ পৰাই কাম কৰিম বুলি ভাবি ল'লে। সৰু সুৰা জৰুৰী বস্তু কিনা হ'ল। অঞ্জলিয়ে ছোৱালীজনীক পঢ়াই মেলি ঘৰৰ কাম সামৰি ওপৰলৈ গুচি যায় আৰু বিভিন্ন ধৰণৰ চাটনি, আচাৰ,জাম বনাই। অনুৱে সেইবোৰ বস্তু নিজৰ অফিচত কাম কৰা মহিলাবোৰৰ মাজত ভগাই দিয়ে।
এনেদৰে এজনৰ পৰা দুজন দুজনৰ পৰা তিনিজন মানুহ বাঢ়ি গৈ থাকিল।
তাই বনোৱা বস্তুৰ দিমাণ্ড বাঢ়ি গৈ থাকিল। দিনে দিনে অঞ্জলিৰ ইনকম বাঢ়ি গৈ থাকিল। শাহুৱেকেও ভাবিছিল যে তেওঁলোকে এজনী হীৰা নিচিনা মানুহক মাটি দৰে কৰি থৈছিল। কামটো ইমান বাঢ়ি গ'ল যে তাই বেলেগত ঠাই ল'ব লগা হ'ল আৰু বহুত মহিলাক তাই কামত ৰখালে। এতিয়া তাইৰ প্ৰতি ঘৰৰ মানুহৰ ব্যৱহাৰ বহুত সলনি হৈ গৈছিল। শাহুৱেকে এটাটে দুটা লগাই বেলেগৰ ওচৰত তাইৰ গুণ গাইছিল। এতিয়া কাজলৰ নাম ভৰ্তি ও বেলেগ এখন ভাল স্কুলত কৰি দিয়া হ'ল। ঘৰলে টিউচন পঢ়াবলেও শিক্ষক আহিবলৈ ল'লে। শাহুৱেকেও কাজলৰ ধ্যান ৰাখিবলৈ ধৰিলে। এতিয়া অঞ্জলিয়ে কাজলৰ ইমান চিন্তা নকৰা হ'ল। কিন্তু তথাপিও তাই সময় উলিয়াই কাজলে ভালকৈ পঢ়া-শুনা কৰিছে নে চাই । তাই ঘৰ আৰু ব্যৱসায় ভাল দৰে স্বম্ভালী আছিল।
যেতিয়া ব্যৱসায় বৃদ্ধি হৈ গৈ আছিল সেই ঠাই খিনিও সৰু হৈ পৰিছিল। শাহুৱেকে ক'লে যে তোমালোকে নহ'লে এটা ডাঙৰ ঘৰ লৈ নিজৰ ব্যৱসায় বৃদ্ধি কৰা।" অনু আৰু অঞ্জলিয়ে শাহুৱেকৰ কথা শুনি বহুত আনন্দিত হ'ল আৰু ভাবিলে এতিয়া আমাৰ লগত আমাৰ শাহুমা ও আছে। চাওঁতে চাওঁতে ব্যৱসায়ত ২৫ জনীতকৈ বেছি মহিলা বৃদ্ধি হৈ গ'ল। ইয়াত কোনো চাকৰ নাছিল সকলো মালিক আছিল। পইচা সমানে ভাগ কৰা হৈছিল।
তাইৰ লগত কাম কৰা মানুহো বাঢ়ি গৈ আছিল আৰু তাই নিজৰ সংস্থাটোৰ নাম থলে "নিজৰ টেষ্ট"। বৰ্ড লগোৱা হৈছিল। অনুৰ স্বামীয়ে ক'লে ,"তোমালোকে নিজৰ কামৰ বিজ্ঞাপন ইন্টাৰনেটত দিয়া। তেতিয়া বেছি প্ৰচলিত হ'ব।"
অনুৱে স্বামীৰ সহায়ত এটা ভাল বিজ্ঞাপন প্ৰস্তুত কৰিলে আৰু অঞ্জলিক লগত লৈ এটা ভিডিঅ' বনাই চচিয়েল মিডিয়াত দিলে। তাৰ পাছত বহুত অৰ্ডাৰ আহিবলৈ ল'লে আৰু বহুত ইনকম হ'বলৈ ধৰিলে।
অঞ্জলিয়ে স্বামীৰ লগত কথা পাতিলে আৰু তেওঁকো চাকৰি এৰি তাইৰ লগত সহায় কৰি দিবলৈ ক'লে। এতিয়া লাহে লাহে তাইৰ ব্যৱসায়টো বৃদ্ধি হৈ গৈ আছিল। শহুৰেক শাহুৱেক সুখী আছিল যে তেওঁলোকৰ বোৱাৰীয়েকহঁতে লগ হৈ কিমান ভাল কাম এটা কৰি দেখালে!! এদিন চহৰৰ মহিলা ব্যৱসায়িক সংস্থাৰ এখন পুৰস্কাৰ প্ৰদান কৰা সভাত অনুৱে অঞ্জলিৰ নাম ভৰাই দিলে। সকলোৱে পুৰস্কাৰৰ বাবে বাট চাই আছিল। সভাখন হোৱা দুদিন আগত ফোন আহিল আৰু তেওঁলোকৰ ঘৰৰ সকলোকে সভালে নিমন্ত্ৰণ জনালে।
যেতিয়া অঞ্জলিৰ নাম তৃতীয় স্থানত ঘোষণা কৰিছিল। সকলোৰে আনন্দত চকু পানী উলাই আহিছিল। অঞ্জলিয়ে পুৰস্কাৰ ল'লে আৰু বহুত আত্মবিশ্বাসেৰে হাতত মাইক্ৰো ফোনটো লৈ ক'লে, "আজিৰ পৰা দুবছৰ আগতে মই ঘৰত থকা এজনী সাধাৰণ মহিলা আছিলোঁ। মোক ইয়াৰ যোগ্য মোৰ ভন্টী অনুৱে কৰিলে। তাই আছিল যিয়ে মোক সেই সময়ত সহায় কৰিছিল।
অনু অনুগ্ৰহ কৰি ইয়ালে আহা। অনু উঠি গ'ল।"এইটো পুৰস্কাৰ তোমাৰ বাবে।" অঞ্জলিয়ে পুৰস্কাৰটো অনুক দি ক'লে। দুয়োজনীয়ে দুয়োজনীক সাবতি ধৰিলে আৰু হাত চাপৰি মাত আহিল । এনেদৰে তাই অনু আৰু শাহুৱেকৰ সহায় নিজৰ ব্যৱসায় "নিজৰ টেষ্ট" সফলতাৰে আগবঢ়ায় নিলে আৰু আজি তাইৰ ব্যৱসায়ৰ বহুত ডাঙৰ নাম আছে।
সঁচাকৈ এজনী মহিলাই যদি আন এজনী মহিলাক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেতিয়া কোনো কাম জটিল হৈ নাথাকে।অঞ্জলিৰ এই সফলতা অনুৰ বাহিৰে কেতিয়াও সম্পূৰ্ণ নহ'ল হয়।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment