ভগৱান শিৱৰ অমোঘ মন্ত্ৰ জপ কৰাৰ নিয়ম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 28, 2021

ভগৱান শিৱৰ অমোঘ মন্ত্ৰ জপ কৰাৰ নিয়ম : Religious Studies

Religious Studies

ঔঁ নমঃ শিবায় এটা অতি শক্তিশালী মন্ত্ৰ। এই মন্ত্ৰৰ অৰ্থ "পৰমেশ্বৰ শিৱক প্ৰণাম "। ভগৱান শিৱক গুৰু বুলি ধৰা হয় সেয়ে এই মন্ত্ৰক গুৰু মন্ত্ৰ বুলিও কয়। ( Religious Studies )


ভগৱান শিৱ হৈছে দয়া আৰু সহানুভূতিৰ গৰাকী । তেওঁৰ উপাসকক দুষ্ট শক্তিৰ পৰা ৰক্ষা কৰে । মানুহৰ মাজত থকা লোভ,মোহ,খং এইবিলাক ভগৱান শিৱই নাশ কৰে।


ইয়াৰ উপৰিও শিৱ ভগৱানে উপাসকৰ আবেদন নিবেদনো গ্ৰহণ কৰে। উপাসকৰ সৌন্দৰ্য্য ব্ঢ়ায় আৰু জ্ঞান উদ্ভাসিত কৰে।


শিৱ শব্দই মানুহৰ আত্মাক বুজায়। ই মানুহৰ ভিতৰৰ সত্বাক বুজায় । এই মন্ত্ৰ দৈনিক জপ কৰিলে মানুহৰ অন্তৰ আত্মা সুস্থ,  বিশুদ্ধ আৰু উজ্বলি উঠে ।


কেতিয়াবা মনলৈ বহুত চিন্তা আহে , কোনো কাম হৈ নুথা নিচিনা লাগে । বাৰে বাৰে হাৰৰ সন্মুখীন হৈ মন উদাসীন হৈ যায়। এনে অৱস্থাত  "ঔঁ নমঃ শিবায় " মন্ত্ৰই ঔষধৰ কাম কৰে।


জ্যোতিষৰ মতে জীৱনৰ বিভিন্ন বাধা, মনৰ উদাসীনতা, শত্ৰু বৃদ্ধি আদি কথা বিলাক গ্ৰহৰ অশুভ দৃষ্টিৰ বাবে হয়। গ্ৰহৰ নাকাৰাত্মক ভাব বিলাক দূৰ কৰিবৰ বাবে ঔঁ নমঃ শিবায় মন্ত্ৰ মহৌষধৰ কাম কৰে ।


এই মন্ত্ৰ কেনেদৰে জপ কৰিব লাগে----


এই মন্ত্ৰ জপ কৰিবৰ কাৰণে কোনো গুৰু নোহোৱাকৈ কৰিব পাৰি। কিয়নো ভগৱান শিৱ নিজেই সকলোৰে গুৰু গতিকে শিৱ ভগৱানক গুৰু মানি শুদ্ধ অন্তৰ আৰু বিশ্বাসেৰে আৰম্ভ কৰিব পাৰে। ( Religious Studies )


মাটিত কিবা এখন দলিচা পাৰি উত্তৰ বা উত্তৰ পূৱ লৈ মূৰ কৰি বহিব লাগে । বহোতে পিঠি একেবাৰে চিধা কৰি মনৰ পৰা  সকলো  কথা , চিন্তা ভাৱনা আতৰাই ৰাখি কেৱল ভগৱান শিৱক চিন্তা কৰি মন্ত্ৰটো গাবলৈ আৰম্ভ কৰিব লাগে। 


এই মন্ত্ৰ প্ৰথম আৰম্ভ কৰোতে সোমাবাৰে কৰিব লাগে। প্ৰতি দিনে একেটা সময়তে গাব পাৰিলে ভাল। ব্ৰহ্ম মূহুৰ্তত অৰ্থাৎ ৰাতিপুৱা তিনি বজাৰ পৰা ছয় বজালৈ সময় খিনিত এই মন্ত্ৰ জপ কৰিব পাৰিলে ভাল। 


এই মন্ত্ৰ সিদ্ধ মন্ত্ৰ সেয়ে কোনো সিদ্ধ কৰিব লগীয়া নহয়।  অতি কমেও ১০৮ বাৰ গাব লাগে। ভাল তিথি আৰু শাওণ মাহত বেছিকৈ জপ কৰিলে ভাল ফল পাব।

#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্ 

জুলা শৰ্মা 

নতুন দিল্লী

Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages