বিয়া হোৱা কিছুদিন হে হৈছিল। আজি কামকৰা বাইজনীও নাহিল, সেইবাবে পাকঘৰত সেউজীয়ে কাঁহীবাটি ধুই আছিল( Assamese Storyboard )। কাঁহীবাটি ধুই থাকোঁতে সেউজীৰ হাতৰপৰা কাচৰ কাপ এটা পৰি ভাঙিল। কাপটো ভাঙিলে তাই ভয় খালে আৰু ভাৱিলে তাইৰ শাহুৱেকে এতিয়া তাইক তিতা জ্বালা কথা শুনোৱাব। মাতটো শুনা পায় শাহুৱেক দৌৰি আহিলে আৰু সুধিলে, মাজনী কি হল! 
সেউজীয়ে কন্দামূৱা মাতেৰে কলে, মা, ইমান সাৱধানে ধুওঁতেও, কেনেকৈ মোৰ হাতৰ পৰা কাপটো তলত পৰি ভাঙিল।
শাহুৱেকে কলে, সেউজী, চিন্তা নকৰিবা। কাপহে ভাঙিছে! তুমি আকৌ দুখ পালা নি! কাপটো যিমান টুকুৰা হলেও, কিন্তু মোৰ সেউজীৰ মনটো ভাঙি যাব নালাগিব। মোৰ বোৱাৰীতকৈ ডাঙৰ নহয় কাপটো। আৰু তুমি এইবোৰ এতিয়াই কৰিবলৈ কি প্ৰয়োজন! ভালদৰে তোমাৰ গাৰপৰা মা হালধীৰে সুগন্ধিয়ে আতঁৰা নাই। এতিয়া তুমি বেছি সময় অমিতৰ লগত থাকা, আৰু এজনে আনজনক ভালদৰে বুজি উঠা। তেতিয়া হে তোমালোকৰ সম্বন্ধ অধিক শক্তিশালী হৈ পৰিব। মুনু, এইফালে আহা। তোমাৰ নবৌৰ লগত থাকা। তোমাৰ নবৌ এতিয়া এইখন ঘৰত নতুন। সেউজী, তুমি মোক তোমাৰ মা বুলি ভাৱিবা। মইও তোমাৰ হৃদয় জয়ী কৰিব লাগিব। শাহুমা ৰূপেৰে নহয়, এগৰাকী মাতৃৰ ৰূপেৰে। সেই বাক্যশাৰী অমৃতৰ দৰে আছিল।
চাওঁতে চাওঁতে সেউজীৰ চকুলো চলচলীয়া হৈ পৰিল। তাই শাহুৱেকেৰ ভৰিত ধৰিলে আৰু কলে যে, মই এগৰাকী মাক এৰি থৈ আহিলো, আৰু আন এগৰাকী নতুন মা পালো। আপুনিটো মোৰ মাতকেও অধিক মমতা দিছে। যদি ঘৰত কাপটো ভঙাহলেও মায়েও দুআষাৰ নুশুনুৱাকে নাথাকিল হয়।
সেই নিশা, সেউজীৰ টুপনিকে হেৰাই গল। বাৰে বাৰে আবেলিৰ ঘটনাটো মনলৈ আহিল। শাহুৰ বিষয়ে যি তাইৰ ধাৰণা আছিল, তাতকৈ আজি সেউজীয়ে বিপৰীত ব্যৱহাৰ শাহুৱেকৰ পৰা পালে। তাইৰো ভুল নাছিল, শাহুৰ বিষয়ে এনে ভৱাটো কাৰণ সেউজীয়ে আন লোকৰ মুখৰ পৰা বেয়া শাহুৱেকৰ কথায় শুনিছিল। আৰু সেই সময়ত সেউজী নিজৰ অতীতত সুমাই পৰিল।
সেউজীৰ মনত পৰিলে যে, আজি ৪ বছৰমানৰ আগতে, তাইৰ একমাত্র ককায়েক বিয়া হৈছিল। নতুন বৌজনীৰ দেহৰপৰা মাহ হালধীৰ গোন্ধ আঁতৰি নাযাঁওতেই মাকে নবৌৱেকৰ ওপৰত ঘৰৰ দায়িত্ব দি দিলে। আৰু নিজৰ নিয়ম নীতিৰ মাজেৰে মায়ে নবৌক চলিবলৈ জোৰ কৰিছিল। মায়ে, নবৌক নতুন ঘৰখনক বুজি উঠিবলৈ অলপো সময় নিদিলে। দাদায়ে, নবৌক বাহিৰলৈ ফুৰাবলৈ লৈ গলে, মাৰ মুখ খনি এপাচি হৈ ৰৈছিল, আৰু কয়, সকলো সময়তে বোৱাৰীক কিয় লৈ যাব লাগে! কেতিয়াও নবৌক মন খুলি হঁহা দেখা নাপালো। সময় বাগৰা লগে লগে, নবৌয়েও মাৰ কথা সহিবলে এৰিলে আৰু সদায়ে ঘৰত কাজিয়া হবলৈ আৰম্ভ কৰিলে। এদিন নবৌৰ হাতৰ পৰা কাচৰ গিলাচ এটা মাটিত পৰি ভাঙিল। মায়ে চিঞঁৰিবলৈ ধৰিলে, কিমান দামী গিলাচ ভাঙিলা! সদায়ে ইমান ভাল ভাল খাদ্য খোৱা, সেইবোৰৰ শক্তি কলৈ গল? নিজৰ মা ঘৰত ইমান দামী গিলাচ ভঙা হলে বুজিলা হয়। কোনো এটা কাম ভালদৰে কৰিব নোঁৱাৰা! কত যে মনটো থাকেগৈ!( Assamese Storyboard )
নবৌয়েও টান কে কলে যে, হয় মইটো বহি বহি খাওঁ। আপুনিটো থিয় হৈ খায়। যেতিয়া পৰা আহিছো, আপুনি এষাৰ জ্বলা তিতা নুশুনুৱালৈকে আপোনাৰ মনটো শান্তি নহয়! কেতিয়াবা মোৰ মাক নহলে দেউতাক নহলে মোৰ মাৰ ঘৰৰ লোকক ভালে বেয়াই কথা শুনাই। দুই ফালৰপৰা ধনু কাঁড় ওলাই দুয়োকে থকা সৰকা কৰিছিল। ঘৰৰ বাহিৰেও সেউজীয়ে শাহু বোৱাৰীৰ কথা শুনি তাই ভয় আৰু বিয়াত বহিবলৈ মন নকৰিছিল। কিন্তু মাক দেউতাকৰ বাবে বিয়াত বহিব লগীয়া হল। আৰু এটা নেদেখা ভয়ক লৈ শহুৰৰ ঘৰ পালেহ।
কিন্তু আজিৰ ঘটনা পৰা সেউজীৰ ভুল ধাৰণাটোক সলনি কৰি দিলে যে, সকলো শাহু বোৱাৰী মাজত কাজিয়া নহয়। টুপনি নহাত সেউজীয়ে ভাৱিলে, অলপ সময় মা লগতে কথা পাতি লওঁ। মাকে, ইমান ৰাতি সেউজীয়ে ফোন কৰা দেখা পায় সুধিলে, মাজনী সকলো ঠিক আছে নে! জোঁৱাই বা, শাহু, নন্দেকৰ লগত কাজিয়া হল নি ?
সেউজীয়ে কলে, নহয় মা, এনে একো হোৱা নাই। জানানে মা, আজি মোৰ হাতৰপৰা কাপ এটা তলত পৰি ভাঙিলত, সেই সময়তে শাহুমা আহিল আৰু সেউজীয়ে আগলৈ আৰু কিবা কোৱাৰ আগতে মাকে কবলৈ আৰম্ভ কৰি দিলে, মাজনী,তেতিয়া তোমাৰ শাহুৱে চিঞঁৰাত তুমি ভালদৰে উত্তৰ দি দিলা নই! মাজনী তুমি কেতিয়াও ভয়ে ভয়ে নাথাকিবা। তুমিও এজনী পঢ়া শুনা কৰা ভাল ছোৱালী হয়। তোমাৰটো কোনো গুণ নথকা নহয়। যি শুনি থাকিবা ?
তেতিয়া অলপ খঙেৰে সেউজীয়ে মাকক কলে, মা হব আৰু! মই মোৰ ইগৰাকী মাৰ বিষয়ে একো শুনিব নিবিছাৰো। মাক ৰৈ গল আৰু কলে, তুমি এয়া কি কৈছা! হয় মা, আজি যেতিয়া মোৰ হাতৰ পৰা কাপ পৰি ভাঙিল, তেতিয়া শাহুমায়ে... ……সকলো কথা কয় শেষত সেউজীয়ে কলে, এতিয়াটো সকলো বুজিলে ন! আৰু শাহুমায়ে কেৱল কথাকেইষাৰ কৈয়ে সামৰা নাই। তেওঁ সচাঁকৈয়ে নিজৰ জি মুনুৰ দৰে ব্যৱহাৰ মোৰ লগত কৰিছিল। মা এটা কথা কওঁ, আপুনি বেয়া নাপাব। অ কোৱা মাজনী! মা আপুনিও যদি মোৰ নতুন মাৰ দৰে ব্যৱহাৰ নবৌ লগত কৰা হলে, হয়টো আজি নবৌ দাদা বেলেগ ঘৰত নাথাকিলে হয়। মা মোৰ শাহুমায়ে প্ৰথমৰপৰাই মৰমৰে সকলো সম্বন্ধ শক্তিশালী কৰি তুলিছে। সেইবাবে সেই সম্বন্ধত থকা সকলো লোক সম্বন্ধ কেনেকৈ শক্তিশালী নহব ?
আজি মাকে অনুভৱ কৰিছিল যে, সেউজীয়ে তেওঁৰ মাক হৈ তেওঁক ভাল শিক্ষা দিছে। মাকে নিজৰ ভুলৰ অনুভৱ কৰিলে। আৰু সেউজীয়ে কিবা কোৱাৰ আগেয়ে মাকে কলে, মাজনী তুমি এতিয়া যেতিয়া ইয়ালৈ আহিবা, তেতিয়া ইয়াতো সম্পূর্ণ পৰিয়ালৰ একেলগে মৰমৰ শক্তিৰে পাবা। এতিয়া ফোন ৰাখা, মইও পুত্র বোৱাৰীক আদৰাৰ প্ৰস্ততি কৰোঁ।
বিয়াৰ পাছত নতুন জীৱনৰ আৰম্ভণিতে যদি শাহুৱেকে নিজৰ জ্ঞানেৰে কাম নকৰে, আপোন ভাৱ,আপোন ভাৱ নেদেখুৱাই, তেতিয়া আৰম্ভণিতে নতুন সম্বন্ধৰ জড়িডাল দূৰ্বল হৈ, গোটেই জীৱনতে সেই নতুন সম্বন্ধত বাধা আহি পৰে। কাপটো ভঙাৰ পৰা কোনেও ৰখাব নোঁৱাৰে। কিন্তু মৰম ভালপোৱা শেষ হোৱাৰ পৰা আমি ৰক্ষা কৰিবলৈ পাৰোঁ। কাঁচৰ টুকুৰা টুকুৰ হলেও, ঘৰখনৰ টুকুৰা টুকুৰ হবলৈ দিবলৈ নেলাগে। ঘৰখনত মৰম ভাল পোৱাৰ পৰিৱেশ কৰি তুলি ৰাখিব লাগে। এজনে আনজনৰ সন্মানক বুজিব লাগে। সন্মান কৰিলে, ঘৰখন স্বৰ্গৰ দৰে হয়। ঘৰখন নৰকৰপৰা স্বৰ্গলৈ সলনি হব পাৰে, যদি বোৱাৰীয়েকক, শাহুৱেকেক মাকৰ দৰে জ্ঞান কৰে আৰু শাহুৱেকে বোৱাৰীয়েকক নিজৰ জী দৰে ললে। দৃষ্টি সলনি কৰিলে সৃষ্টি সলনি হৈ যায়।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।



No comments:
Post a Comment