ভৈৰৱ ওলাই যোৱাৰ পাছতেই অতিথিক আলপৈচান ধৰাত ৰাজীৱ ব্যস্ত হৈ পৰিল । হাঁহি ফুৰ্তি মাজেৰে কামবোৰ কৰি অলপ ফ্ৰেচ হৈ দুৱাৰখন জপাই বেগটোৰ পৰা ভৈৰৱে দিয়া উপহাৰ টোপোলাটো উলিয়াই ৰাজীৱ বিচনাত উঠিল । সুন্দৰকৈ পেকিং কৰি থোৱা উপহাৰটো খুলি ৰাজীৱ আচৰিত হৈ পৰিল । সৰু টেমা এটাত সোমাই আছে এটা ৰূপৰ আঙঠি । বাওঁহাতৰ মধ্যমা আঙুলিত আঙঠিটো ভৰাই এবাৰ চালে আৰু মনৰ আনন্দতে ভৈৰৱলৈ ফোন কৰিলে । ( Assamese Storyboard )
: হেল্ল'....! ভৈৰৱ দা । Thank you so Much....!
: Most welcome ..., কেনেকুৱা লাগিল surprisedটো...?
: ভৈৰৱ দা । এইবোৰ কিয় দিব লাগে নো....! আপুনি মোৰ কাষত থাকিলেই হ'ব । উপহাৰতকৈ মোৰ জীৱনত আপোনাৰ মূল্য বহুত বেছি ।
: আঙুঠিটো জোখত হ'ল নে.....?
: ধুনীয়াকৈ হৈছে ভৈৰৱ দা । /p>
: তেন্তে হ'ব দিয়া । কালিলৈ লগ পাম ।। কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ভৈৰৱে । ৰাজীৱেও ফোনটো গাৰুটোৰ কাষতে থৈ চকু দুটা জপাই ভাবিবলৈ ধৰিলে । ....
কোনোবাই মোক কন্দুৱাবও পাৰে আৰু সময়ত হঁহুৱাবও পাৰে ৷ এনেকুৱা কিমানজন মানুহ আছে মোৰ জীৱনত ?
খুবই ক’ম....! তেওঁৰ সঙ্গ -সান্নিধ্যই মোৰ বুকুৰ ভিতৰখন পৰিপূর্ণতাৰে ভৰাই তোলে আৰু তেওঁৰ প্রস্থান বা অনুপস্থিতিয়ে মনৰ ভিতৰখন স্থবিৰ হৈ পৰে....৷ আস:...! মই এইটো বৰকৈ অনুভৱ কৰো....!
তেওঁ যেতিয়া কান্দে তেতিয়া এনে লাগে চৌদিশে যেন আন্ধাৰ নামিছে আৰু তেওঁ যেতিয়া হাঁহে তেতিয়া পোহৰ হৈ উঠে মোৰ জীৱনটো ৷ নিজৰ হোৱা বেমাৰ বা অসুখেও মোক ইমান দূর্বল নকৰে কিন্তু ভৈৰৱ দা....! নিজৰ সুস্থতাই যিমানখিনি সান্তনা দিয়ে তাতোকৈ হাজাৰগুণে বেছি শান্তি দিয়ে ভৈৰৱ দাৰ মুখৰ হাঁহিটোৱে । ভৈৰৱ দাক লৈ দেখা সপোনবোৰে কেতিয়াবা মোক বৰকৈ আমনি কৰে আৰু কেতিয়ায়া মনত শান্তিও দিয়ে ৷ ভৈৰৱ দাৰ শৰীৰ মোৰ পৰা বহুত দূৰৈত কিন্তু হৃদয়ৰ বন্ধনত তেওঁ মোৰ হৃদয়তেই আবদ্ধ ৷ চিৰদিন, চিৰকাল….. । এয়াই ভালপোৱা……………! ভালপোৱা এনেকুৱাই নহয়জানো......! কথাবোৰ ভাবি থাকোতেই ৰাজীৱৰ ফোনটো আকৌ বাজি উঠিল ।
: হেল্ল'....! ভৈৰৱ দা ,
: ৰাজীৱ তুমি এতিয়াই আমাৰ ঘৰলৈ আহিব লাগিব ।
: কিয়.....? ভৈৰৱ দা ,
: প্ৰশ্ন নকৰিবা । তুমি ৰেডী হৈ থাকা । মই পাঁচ মিনিটত পাই আছোগৈ ।
: কাৰণটো কি ....? সেইটো কোৱা ভৈৰৱ দা ।
: কাৰণ বহুত ডাঙৰ । ফোনত ক'ব নোৱাৰিম । মই ডাঙৰ সমস্যাত পৰিছোঁ ।
: তোমাৰ হৈছে কি ভৈৰৱ দা । কিয় এনেকুৱা কৰিছা...?
: তুমি ফোনটো মাক দিয়াচোন ।
: মোৰ বৰ ভয় লাগিছে ভৈৰৱ দা । কথাবোৰ কিয় ভালকৈ কোৱা নাই । মাক যি টি কথা কৈ নিদিবা । ৰূমৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল ৰাজীৱ ।
......মা, ভৈৰৱ দাই তোমাৰ লগত কথা পাতিব বিচাৰিছে ।ৰ'বা , মাক দিছোঁ । তৰালৈ ফোনটো আগবঢ়াই দিলে ৰাজীৱে ।
: হেল্ল'...! ভৈৰৱ কোৱা ।
: মা , আজি মোৰো জন্মদিন আছিল নহয় । ৰাজীৱক এতিয়া আনিবলৈ যাম । তাক মোৰ লগত আহিবলৈ দিবনে...!
: আজি ৰাতিৰ ভাতকেইটা একেলগে খাম বুলি ভাবিছিলোঁ । ই বেলেগ এদিন যাব ভৈৰৱ ।
: নহয় মা, আজি আহিবই লাগিব । প্লীজ...! প্ৰয়োজন হ'লে মই আপোনাৰ ভৰিত ধৰিম মা , আজি ৰাজীৱক মোৰ লগত আহিবলৈ দিয়ক ।
: হ'ব দিয়া । মই ইয়াক ৰেডী হ'বলৈ কওঁ ।
: ঠিক আছে মা । ফোনটো ৰাজীৱক দি দিয়কচোন....!
: উম...! দিছোঁ ৰ'বা । ....সোণ , ফোনটো নিয়াহী । মাকৰ হাতৰ পৰা ফোনটো লৈ আকৌ ৰূমত সোমাল ৰাজীৱ । .....কোৱা , ভৈৰৱ দা ।
: মই মাৰ পৰা Permission ললোঁ । তুমি সোনকালে ৰেডী হোৱা ।
: মোৰ বহুত ভাগৰ লাগিছে ভৈৰৱ দা । আজি নাযাওঁ দিয়া ।
: মই সেইবোৰ একো নাজানো । তোমাৰ কথা ৰাখি মই তোমাৰ ঘৰলৈ গলো । এতিয়া তুমি মোৰ ঘৰলৈ আহিব লাগিব । অলপ খঙেৰে কলে ভৈৰৱে
: খং কৰিব নালাগে । যাম দিয়া । তোমাৰ এই খঙটোৰ কাৰণে মোৰ বৰ ভয় লাগে । ( Assamese Storyboard )
: খং কৰিব নালাগে যদি ধুনীয়াকৈ ৰেডী হৈ থাকা । বেছি সময় নকৰিবা । মই গৈ আছোঁ....
: আহাঁ ....! ফোনটো কাটি দিলে ৰাজীৱে । আলনা ডালত ধুনীয়াকৈ জাপি থোৱা পাতল সেউজীয়া ৰঙৰ কুৰটাটো গাত সুমুৱাই কাঢ়া নীলা জিন্স পেন্টটো পিন্ধি চুলিকেইডালত জেল অকণ লগাই এটা চেপ দি ওঁঠ জুৰিত পাতলকৈ লিপবাম অকণ লগাই হাতত আঙুঠিটো পিন্ধি মনে মনে মাকক দেখুৱালে ।
: মা, কেনেকুৱা লাগিছে ....?
: ধুনীয়া লাগিছে । চুলিবোৰ কি কৰিলা...? বৰ বেয়া লাগিছে
: তুমি বেয়া দেখিলেই ন'হব নহয় । ভৈৰৱ দাই এনেকৈ ষ্টাইল কৰিলে ভাল পায় ।
: আঙঠিটো ক'ত পালা সোণ...?
: ভৈৰৱ দাই গিফ্ট কৰিছিল ।
: তুমি কিয় ল'লা...? ভৈৰৱ দাই এতিয়া পঢ়িহে আছে । চাকৰি কৰা নাই নহয় ....!
: মই খুজি লোৱা নাই মা । ভৈৰৱ দাই মোক মৰমতে দিছে ।
: এনেকুৱা ভুল যেন আগলৈ নকৰা সোণ । ভৈৰৱক দাক কিমান খৰছ হ'ল ভালকৈ সুধি পইচাটো দি দিবা ।
: মই নোসোধো । মোক গালি পাৰিব । তুমিয়ে সুধিবা ।
কথা পাতি থাকোঁতেই হঠাৎ বাইকএখন আহি পদূলিত ৰখোৱা যেন শুনি উধাতু খাই বাহিৰলৈ ওলাই গ'ল ৰাজীৱ । ....মা, মই গৈ থাকোঁ ভৈৰৱ দা আহিলে ।
: শুনচোন....! বেছি ৰাতি হ'লে আহিব নালাগে । তাতে থাকি দিবা । ভিতৰৰ পৰাই চিঞৰ মাৰি কথাষাৰ কৈ ওলাই আহিল তৰা । .... ভৈৰৱ দেৰি হ'লে থবলৈ আহিব নালাগে । ৰাতিপুৱা সোনকালে থৈ গলেহিয়ে হ'ব ।
: হ'ব মা । ৰাতিপুৱাই থৈ যামহি । ৰাজীৱ বাইকত উঠাৰ লগে লগেই বাইকখনৰ ষ্টাৰ্ট দি ৰাজীৱহতঁৰ ঘৰৰ পৰা ওলাই আহিল । অলপ দূৰ যোৱাৰ পাছতেই লাহেকৈ মাত লগালে ভৈৰৱে । .....ৰাজীৱ , বৰ মনে মনে আহিছা যে....!
: এনেই..., কোৱা ।
: মোক কিবা বেয়া পাইছা নেকি....?
: তোমাক কিয় বেয়া পাম আকৌ ....! তোমাৰ কামবোৰ দেখি মোৰ কিবা ভয়হে লাগিছে । সঁচাকৈ কোৱাচোন , তোমাৰ কি হৈছে ভৈৰৱ দা ।
: মোৰ একো হোৱা নাই । তুমি মোক ভাল পোৱা নে নাই তাকে প্ৰমাণ কৰিবলৈ এইবোৰ কৰিলোঁ ।
: তাৰমানে তুমি.....? এইবোৰ নাটক কৰিলা.....? বহুত বেয়া পাইছোঁ তোমাক......! ভৈৰৱৰ পিঠিত লাহেকৈ ভুকুৱাই দিলে ৰাজীৱে । তিনি আলিটো পোৱাৰ আগতেই বাইকখন ৰখাই দিলে ভৈৰৱে । .....কিয় ৰখাই দিলা ভৈৰৱ দা....?
: নামাচোন....!
বাইকখনৰ পৰা লাহেকৈ নামিলে ৰাজীৱ । বাইকখন ৰাস্তাৰ কাষতে ষ্টেণ্ড কৰি ৰাজীৱৰ কাষ চাপি আহিল ৰাজীৱক বুকুৰ মাজত সাৱটি ললে ভৈৰৱে । ...... ভৈৰৱ দা , এৰি দিয়া প্লীজ...! কোনোবাই দেখিব
: এতিয়া কোনো নাহে এইটো ৰাস্তাত । ভৈৰৱৰ তপত ওঁঠ দুখনে লাহেকৈ ৰাজীৱৰ কপালত মৰমৰ চুমা এটা আঁকি দিলে । ..... তুমি নজনাকৈয়ে মই তোমাক ভাল পাই পেলালোঁ ৰাজীৱ । সেয়ে আজিৰ বিশেষ দিনটো মই তোমাৰ লগতেই পাৰ কৰিব বিচাৰিছোঁ । চিৰযুগমীয়া হৈ ৰওঁক আমাৰ এই সম্পৰ্ক আৰু ভালপোৱাবোৰ ।
: তোমাৰ মৰমৰ ফুলনিত ময়ো এপাহ ৰঙা গোলাপ হৈ ফুলিব বিচাৰোঁ ভৈৰৱ দা ।
: তাৰমানে মই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাই গলো....! আই লাভ ইউ ৰাজীৱ ।
: লাভ ইউ টু ভৈৰৱ দা । ৰাজীৱেও ভৈৰৱক দুহাতেৰে সাৱতি ললে ।
: উঠা উঠা , বেছি দেৰি হ'লে মায়ে আকৌ বলকিব ।
ক্ৰমশঃ
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment