শহুৰৰ ঘৰত এগৰাকী নিঃসন্তান বোৱাৰীৰৰ যান্ত্ৰনা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 27, 2021

শহুৰৰ ঘৰত এগৰাকী নিঃসন্তান বোৱাৰীৰৰ যান্ত্ৰনা : Assamese Storyboard

Assamese Storyboard

এতিয়া যদি সন্তান জন্ম নাই হোৱা তেন্তে ৰুণজুনে কি কৰিব? তাই বেছিতকৈ বেছি চিকিৎসাহে কৰাব পাৰিব। কি কি ডাক্তৰৰ ওচৰত গৈ চিকিৎসা কৰোৱা নাছিল তাই ( Assamese Storyboard )?  যিয়ে যিটো উপদেশ দিয়ে তাই সেইটোকে মানি লয়। যি কৰিবলৈ কয় সকলো কৰে কিন্তু সকলো ব্যৰ্থ।  কেতিয়াবা কোনোবাই একীওপ্ৰেচাৰ জনৰ ওচৰলৈ যাবলৈ কয় আৰু কোনোবাই বিভিন্ন মন্দিৰত গৈ প্ৰাৰ্থনা কৰিব কয়। ওচৰৰ বৌ গৰাকীৰ মাকে হোমিঅপেথিৰ নাম থকা ডাক্তৰৰ ওচৰত চিকিৎসা কৰিবলৈ কোৱাত গুৱাহাটীত গৈ ৪ বছৰ থাকি চিকিৎসা কৰিলে।

 সকলো পণ্ডিত, হাকিম,মৌলবীৰ ভৰিত ধৰি চিকিৎসাৰ বাবে অনুৰোধ জনালে কিন্তু সকলো বেকাৰ । ডাক্তৰৰ প্ৰতিটো ৰিপোৰ্টত ৰুণজুনৰ মাজতেই সমস্যা পোৱা গৈছিল।

  বিয়াৰ ১০ বছৰ পাৰ হল কিন্তু সন্তান জন্ম হোৱা নাই । এফালে সন্তান নোহোৱাৰ দুখ আৰু আনফালে শহুৰ শাহুৰ ঠাট্টা শুনি শুনি ৰুণজুন ডিপ্ৰেছনত ভুগিল। ইমানলৈকে সকলো ঠিকেই আছিল কিন্তু তাইৰ  স্বামী সুব্ৰতও তাইৰ পৰা লাহে লাহে আঁতৰি গৈছিল। তাই সুব্ৰতৰ মনৰ পৰিস্থিতি বুজি পাইছিল কিন্তু তাই উপায়হীন আছিল । যদি ভাগ্যৰ লীখন তাইৰ হাতত থকা হলে  তাইৰ ঘৰটো কণমানি শিশুৰ মাত শুনিবলৈ পালে হয়।



কিছুদিনৰ পৰা ৰুণজুনৰ অনুভৱ হল যে  সুব্ৰতে ৰুণজুনক কিবা এটা কবলৈ বিচাৰি আছে কিন্তু সি কব পৰা নাই। ৰুণজুনে বহুতবাৰ কলে যে ,"কি হল সুব্ৰত? কিবা কব বিচাৰিছা নেকি?" কিন্তু সি ডিঙি তল কৰি না বুলি ইংগিত দিয়ে । দুমাহ এনেদৰেই পাৰ হোৱাৰ পাছত ৰুণজুনে ভাবিলে যে এনেকুৱা এটা উপায় উলিয়াব লাগিব যাতে সুব্ৰতৰ মনৰ কথাবোৰ বাহিৰলৈ ওলাই আহে। এইবোৰ ভাবি থাকোতেই সুব্ৰতৰ গাড়ীৰ মাত শুনি তাইৰ তন্দ্ৰা ভাগিল।

   কিছুসময় পাছত যেতিয়া সুব্ৰত ৰুমলৈ আহিল তেতিয়া তাই সুৰাৰ দুৰ্গন্ধ পায় আচৰিত হল। অ , তাৰমানে সুব্ৰত চিন্তাত আছে কাৰণ সি তেতিয়াহে মদ্যপান কৰে যেতিয়া সি অধিক চিন্তিত হয়।  তাৰমানে মই ঠিকেই ভাবি আছিলোঁ।

 এইবোৰ ভাবি ৰুণজুনৰ মনত ভয় লাগিল। তাই ভাত বাঢ়িবলৈ যাব লওঁতেই সি তাইৰ হাতত ধৰি তাৰ কাষত বহুৱাই ললে।   খাবলৈ মন নাই বুলি কৈ সি বিছনাত শুই পৰিল। কিন্তু এইটো কথাও ৰুণজুনৰ আচৰিত লাগিল কাৰণ সি সদায় কাপোৰ সলাই গেঞ্জী আৰু অন্ত্ৰবস্ত্ৰ পিন্ধিহে শুয়ে। তাইও একো নোখোৱাকৈয়ে শুই যোৱা দেখি সুব্ৰতে লেহেৰীয়া মাতেৰে কলে ," ৰুণ মোৰ তোমাৰ লগত কথা পাতিবলগীয়া আছে।

কথাষাৰ শুনি ৰুনে বহি ললে আৰু কলে ," অ কোৱাচোন, মোৰ এনেকুৱা লাগিছে যেন তোমাৰ কিবা সমস্যা হৈছে। কোৱানা , মই তোমাৰ সকলো সুখ দুখতেই তোমাৰ লগত আছো।  অফিচত ব'চৰ লগত কিবা হল নেকি? " 



 অৱশ্যে তাই অফিচ আৰু ব'চৰ কথা কলে যদিও এজনী পত্নী হিচাপে তাই গম পাইছে যে সমস্যা বেলেগ কিন্তু তাই নজৰ মনটোক বুজাবলৈ ধৰিলে। ডিপ্ৰেছনৰ ৰোগী আছিল বাবে মন আৰু মগজু কঁপিবলৈ ধৰিলে। তাই লাহেকৈ এন্টি ডিপ্ৰেছনৰ টেবলেত খাবলৈ বেলেগ এটা ৰুমলৈ গুচি গল যাতে সুব্ৰতে তাইৰ মনৰ ভয়ৰ কথা গম নাপায়। আৰু সুব্ৰতে তাইৰ এই ডিপ্ৰেছনক বেমাৰ বুলি  ভাবিছিল নো কেতিয়া? সদায় তাইক পাগল বুলি কৈ উপলুঙা কৰিলে।

 নিজৰ ৰুমলৈ উভতি আহি দেখিলে সুব্ৰতে হাতত সুৰাৰ গিলাচ লৈ বহি আছে। আৰু চাই থাকোঁতেই এবাৰতে গিলাচ খালি কৰি দিলে। ৰুণজুনে বুজি পালে যে কিবা এটা বিশেষ কথা নিশ্চয় আছে যিটো কবলৈ সি নিজকে জ্ঞানহীন কৰিব বিচাৰিছে।

  দৰব খোৱাৰ পাছতো ৰুণৰ মনৰ ভয়টো কম হোৱাই নাছিল। তথাপিও তাই সুব্ৰতৰ হাত  নিজৰ হাতখনত থৈ কলে ,"কৈ দিয়া যি কব বিচাৰিছা। মই প্ৰতিপল তোমাৰ লগত আছো। ভাল সময় হওঁক বা বেয়া সময় কেতিয়াও তোমাৰ লগ এৰি নিদিওঁ। কৈ দিয়া বাবু।"

ৰুণজুনে বাৰে বাৰে সুধি থকাৰ পাছত বহুত দেৰি সি নিমাত হৈ থাকিল । হয়তো সি বুজি পোৱা নাছিল যে কৰ পৰা আৰম্ভ কৰিব? কিন্তু ইফালে ৰুণজুনে তাৰ ওপৰত জোৰ দি আছিল কথাটো কবলৈ। সুব্ৰতে কিবা এটা কবলৈ লোৱাৰ আগতেই তাৰ মোবাইলট একেৰাহে কেইটামান মেছেজৰ নটিফিকেচন আহিল। সি একেজাপে উঠি বহিল আৰু সুৰাৰ আৰু এটা পেগ বনাই খাই শেষ কৰিলে। ৰুণজুনে তাক মানা কৰাৰ আগতেই সি আকৌ এটা পেগ বনাই ৰেডি কৰিলে। এতিয়া ৰুণজুনৰ ধৈৰ্য্য হেৰাই গৈছিল কিন্তু তাই একো কব নোৱাৰিলে কাৰণ মানসিক স্থিতি ভাল নোহোৱাৰ বাবে  তাইৰ হাত, ভৰি , মন সকলো কঁপিবলৈ ধৰিলে। সেইবাবে তাই লাহেকৈ বিছনাত উঠি সুব্ৰতৰ ফালে মুখ ঘূৰাই শুই গল। তাই যেন কিবা এটা অজান আশংকাৰ পৰা মুখ লুকাই পলাব খুজিলে। কিমান দেৰি যে তাই এনেদৰেই বিছনাত পৰি থাকিল আৰু তাই অনুভৱ কৰিব পাৰিলে যে সুব্ৰতৰ ড্ৰিংক্স শেষ হৈছে আৰু সি একেৰাহে কাৰোবাক মেছেজ কৰি আছে।



দৰবে কাম দিব ধৰিলে আৰু ৰুণজুন কেতিয়া শুই পৰিল তাই গমকে নাপালে। ৰাতি ৩ বজাত পানী পিয়াহ লগাত তাই উঠি পাকঘৰলৈ পানী খাবলৈ গল। ৰাতি চিন্তাৰ কাৰণে পানী বটল আনি থবলৈ তাই পাহৰিলে।

পানী খাই আহি ৰুণজুনে ৰাতি জ্বলাই থোৱা লাইটতোৰ মধ্যমীয়া পোহৰত দেখিলে যে সুব্ৰত গভীৰ নিদ্ৰাত শুই আছে কিন্তু মোবাইলটো তাৰ হাততেই আছে। তাই ফোনটো লৈ চাইদৰ টেবুলত থৈ দিওঁতে মোবাইলৰ স্ক্ৰীন খন লৰচৰ কৰিছে। হয়তো নটিফিকেচনৰ শব্দ অফ কৰি দিলে যাতে তাইৰ টোপনি ভাঙি নাযায়। তাৰ পাছত তাই আহি শুই পৰিল কিন্তু তাইৰ চকুত টোপনি নাই। ৰাতিপুৱালৈকে এইটোৱেই ভাবি থাকিল যে "সুব্ৰতৰ হৈছে কি?  কি কব খুজিছিল সি তাইক? মনে মনে কিয় আছে? কেনেবাকৈ চাকৰিত ৰিজাইন কৰি দিয়া নাই তো?" এইবোৰ ভাবি থাকোতেই ৰাতিপুৱা হল আৰু তাই উঠিলে।অৱশ্যে তাইৰ মোবাইলট সদায় ৫ বজাত এলাৰম লগাই থোৱা থাকে কিন্তু তাই সদায় আগতীয়াকৈ সাৰ পায় কাৰণ শহুৰ আৰু শাহুক ৰাতিপুৱা ৫:৩০বজাত চাহৰ দৰকাৰ হয়। যদি কেতিয়াবা দেৰি হৈ যায় শাহুয়েকে তাইক কথা শুনাবলৈ নাপাহৰে যে ," এতিয়া তোৰ কেঁচুৱাতো নাই যে ৰাতি তই ভাগৰি পৰ। অন্তত এই বুঢ়া বুঢ়ীহালক ৰাতিপুৱা চাহকণ কে দিবি।" এইবোৰ ঠাট্টা শুনিয়েই ৰাতিপুৱা টোপনি আহিবলৈ বন্ধ হৈ গল।

 ইফালে ৰুণজুন ব্ৰেকফাষ্ট বনোৱাত খৰধৰ কৰি আছিল আৰু আনফালে শাহুয়েকে পূজাৰ থাল খন সজাই থোৱা নেদেখি বকণি  । তাই সুব্ৰতৰ পছন্দৰ আহাৰ ৰন্ধাত ব্যস্ত। এইটোৱেইতো তাইৰ গুণ আছিল যিটোৰ বাবে তাই কেতিয়াও ঠাট্টা শুনিব নালাগে। সুব্ৰতে তাইৰ হাতৰ আহাৰ খাই বহুত ভাল পায় আৰু আজিও তাই সুব্ৰতৰ মোদ সলাবলৈ তাৰ পছন্দৰ আহাৰ  বনাবলৈ ৰাতিপুৱাৰ পৰা পাকঘৰত আছে। পইচাৰ কোনো অভাৱ নাছিল কিন্তু সুব্ৰতে তাইৰ হাতৰ খাদ্য বহুত পছন্দ কৰে। যিদিনাই বেলেগে আহাৰ ৰান্ধে সেইদিনা হয়তো সি নুখুৱাকৈয়ে গুচি যায় নতুবা আধা পেট খাই গুচি যায়। এইটো কথাই ৰোনজোনক গৰ্বিত কৰে।



হঠাৎ সুব্ৰতে বাথৰূমৰ পৰা মাত লগালে,"ৰুণ, চেম্পু শেষ হৈ গল বেলেগ এটা বাথৰূমৰ পৰা আনি দিয়াচোন।" ৰুনে সোনকালে গৈ শাহুয়েকৰ বাথৰুমৰ পৰা চেম্পু আনি সুব্ৰতৰ হাতত দিলে। ৰুমৰ পৰা ওলাব লওঁতেই দেখিলে সুব্ৰতৰ মোবাইলট একেৰাহে নটিফিকেচন আহি আছে। ৰুনে বাথৰূমৰ বন্ধ দৰ্জাৰ ফালে চাই ফোনৰ হোৱাটছএপটো খুলি চালে। ৰুনে মেছেজ পঢ়ি গৈ থাকিল আৰু ভৰিৰ তলৰ মাটি কঁপি থাকিল। 'উফফফ ইমান ডাঙৰ বিশ্বাসঘাটকতা ... ইমান মিছা কথা... হে প্ৰভু।'

 ৰুণে তাতেই ফোনটো থলে আৰু এন্টি ডিপ্ৰেছনৰ ২/৩তা টেবলেট আৰু খাই দিলে। সুব্ৰতক সোনকালে খাবলৈ দি পূজা কৰিবলৈ বহিল। মূৰত উৰণী আৰু চকুত চকুলো লৈ ঘৃণা, অভিমান, দুখ বুকুত লৈ তাইৰ এটাই মনলৈ আহিল যে এই ভগৱানৰ সকলো মূৰ্ত্তি ছ'তৰ ওপৰৰ পৰা পেলাই দিব আৰু নিজেও জঁপিয়াই দিব। আৰু সুব্ৰত????

 তাৰমানে এইটো কথা কবলৈ যোৱাকালি ইমান সুৰাপান কৰিলে।

ৰুণজুনৰ চকুলো বৈ থাকিল আৰু মনৰ পৰা প্ৰেমৰ নদী শুকাই যাব ধৰিলে। কান্দি কান্দি এনেকুৱা লাগিল যেন তাইৰ শৰীৰটো পাথৰেৰে বনুৱা। শৰীৰ শূণ্য, মগজু শূণ্য মাত্ৰ তাই চলা ফুৰা কৰি আছিল। সুব্ৰত অফিচলৈ গল আৰু শহুৰ শাহু টি ভিৰ সন্মুখত বহি পৃথিৱীৰ বাতৰি চোৱাত মগন। তেওঁলোকে এইটো কথা নাজানিছিল যে তেওঁলোকৰ সুপুত্ৰইও এটা কথা লিখি দিছে।

     ৰুণৰ বিশ্বাস নহল যে অংকিতাই তাইৰ লগত বিশ্বাসঘাট কৰিলে। সুব্ৰততো তাইৰ স্বামী হয় কিন্তু অংকিতা তাইৰ  ভনীয়েক আছিল, নিজৰ বৰ্মাকৰ  ছোৱালী। অৱশ্যে অংকিতাৰ মাক দেউতাকৰ লগত ৰুণজুনৰ মাক দেউতাকৰ মাটি সম্বন্ধীয় বিবাদৰ বাবে মাত বোল নাছিল  কিন্তু সিহঁতৰ সম্বন্ধতো আছিল তেজৰেই।এইবোৰ অংকিতাই কি কৰিলে? ৰুণজুনৰ ঘৰখনেই ভাঙিবলৈ পালে নে?আৰু অংকিতা বয়সত কিমান সৰু হয় । ৰুণজুনে মনতে হিচাপ কৰিলে, তাইৰ ২৪ বছৰ বয়সত বিয়া হৈছিল আৰু তেতিয়া সুব্ৰতৰ বয়স আছিল ২৮ বছৰ। সেই সময়ত অংকিতাৰ বয়স ১১বছৰ আছিল। এতিয়া বিয়া হোৱা ১০ বছৰ হল , মানে অংকিতাৰ বয়স ২১ বছৰ এতিয়া, ৰুণজুনৰ ৩৪ বছৰ আৰু সুব্ৰতৰ ৩৮ বছৰ। তাৰমানে ১৭ বছৰ সৰু ছোৱালীৰ লগত প্ৰেম?



ৰুণজুনে অংকিতাৰ মেছেজবোৰ দেখি কেতিয়াও গম নাপালে হয় তাই কোন ছোৱালী যদি তাইৰ ফটোখন নেদেখিলে হয়। আৰু এটা কথা ভাবি ৰুণজুনৰ মনত সন্দেহ হল যে বৰ্তাক আৰু বৰ্মাকতো শিৱসাগৰত থাকে তেন্তে অংকিতা এইখন চহৰত কি কৰিছে?  সুব্ৰতৰ অফিচত তাই কি কৰে? তাই হয়তো ফ্লেটত থাকে সেইবাবে মেছেজট বাৰে বাৰে ফ্লেটৰ কথা উল্লেখ আছে। আৰু এটা মেছেজ আছিল যিটোৱে তাইক জোকাৰি পেলালে। সেইটো হল- 

অংকিতা: " আপুনি ৰুণ বাক কেতিয়া এৰি দিব? নতুবা মই আপোনাক এৰি গুচি যাম আপোনাৰ মূল্যবান সম্পদ লৈ।"

সেইটো মেছেজতেই সুব্ৰতে তাইক কাকোটি মিনতি  কৰি লিখিছে," নাযাবা অংকিতা, মৰি যাম মই , জান তুমি গুচি গলে জীয়াই থাকিব নোৱাৰো।"

আৰু এটা শেষৰ মেছেজ যিটো দেখি ৰুণজুনে তাইৰ জীৱনৰ ১০ বছৰ হেৰুৱাই পেলালে।

" সুব্ৰত: অংকিতা তুমি গুচি গলে মই মৰি যাম। তোমাৰ বাহিৰে মোৰ আৰু কোনো নাই যাক মই ভাল পাওঁ।"

অংকিতা: তেন্তে কেতিয়া এৰিবা তাইক? 

সুব্ৰত: বিশ্বাস কৰা জান , আজি ৰুণজুনৰ লগত কথা পাতিহে ফ্লেটলৈ যাম।

অংকিতাৰ কি হল বাৰু? ৰুণজুন খঙত কঁপি আছিল। তাইৰ বিয়াত বৰদেউতাক আৰু বৰ্মাক মাত্ৰ সমাজক দেখুৱাবলৈহে আহিছিল। তাৰ পাছত ৰুণজুনৰ দেউতাকৰ মৃত্যুৰ সময়ত আহিছিল। তেতিয়াও তেওঁলোকৰ মুখত দুখৰ ঠাইত শান্তি পোৱা যেন অনুভৱ হৈছিল। তাৰ পাছত ৰুণজুনৰ হঠাৎ মনত পৰিল যেতিয়া তাইৰ দেউতাক ৩ বছৰ আগতে ঢুকাইছিল তেওঁৰ সকামত অংকিতা আৰু সুব্ৰতে খুব হাঁহি ফুৰ্তি কৰি কথা পাতি আছিল। এইবোৰ দেখি ৰুণজুনে মনত ভালহে পাইছিল কাৰণ তাই ভাবিছিল অন্তত বৰ্তাক আৰু বৰ্মাকৰ ব্যৱহাৰ অলপ সলনি হল। বৰ্মাকেও তেতিয়া প্ৰথমবাৰ তাইক আৰু সুব্ৰতক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল। অৱশ্যে ৰুণজুনৰ তেওঁলোকৰ ঘৰলৈ যোৱা নহল কাৰণ তাই চিকিৎসাৰ পৰা সময়ে উলিয়াব নোৱাৰে।



এতিয়া ৰুণজুনৰ ভয় বেছি বাঢ়ি গল। ফ্লেটত দুয়োটা লগ হৈ কি কৰে চাগে? এতিয়াও সুব্ৰত তাতেই আছে নেকি? ৰুণজুনৰ শৰীৰত পৰুৱাই কামোৰাৰ দৰে অনুভৱ হল, উশাহবোৰে ঘন হৈ পৰিল। নিজৰ মূল্যবান প্ৰেমকো হাৰি যোৱা দেখি আছিল আৰু তাইৰ ভনীয়েকেই সতিনি হৈ বহি আছিল।

    ৰুণজুনে চিন্তাত চটফটাবলৈ ধৰিলে। একোৱেইটো নাই তাইৰ, না তাই ইমান ধুনীয়া, না তাইৰ সেই যৌৱন আছে, না আগৰ সেই শৰীৰ । সন্তানৰ আশাত তাই যি টি দৰব খাই তাই শৰীৰটো অৱস্থা নাইকীয়া হল। ৰূমটো সোনকালে বন্ধ কৰিলে, মিউজিক চিষ্টেমত গানৰ ভলীয়াম বঢ়াই লৈ বাথৰূমলৈ গৈ চাৱাৰৰ তলত বহি পৰিল আৰু চিঞৰি চিঞৰি কান্দিলে। 

" মোৰ লগতেই এনেকুৱা কিয় হল?"

 নিজৰ ওপৰত খং উঠিছিল তাইৰ। খঙতে নিজৰ পেটত মাৰি দিলে যে এটা সন্তান জন্ম দিব নোৱাৰিলে। এটাইটো বিচাৰিছিল তাই ভগৱানৰ ওচৰত আৰু জোৰকৈ চিঞৰিলে," দেৱী মা ,মোক  এটা সন্তান দিব নোৱাৰিলা। ৰাস্তাততো সদায় হাজাৰটা সন্তান মৰি যায়।"

কান্দি কান্দি তাইৰ চকু ভাগৰি পৰিল আৰু বাথৰূমৰ পৰা ওলাই কাপোৰ সলাই লৈ শুই পৰিল। তাই ভাবিবলৈ ধৰিলে , " এতিয়া কি হব? কি কৰিম?"

কান্দি কান্দি তাই টোপনি গুচি গল কিন্তু ৰুমত কোনোবা অহা যেন উমান পাই তাৰ সাৰ পালে। সুব্ৰত অফিচৰ পৰা আহিল । ৰুণজুনৰ বুকু ঢপধপাবলৈ ধৰিলে , তাইৰ এনেকুৱা মন গল যে উঠি গৈ  সুব্ৰতক সাৱটি ধৰি খুব কান্দিব। কিন্তু তাই নোৱাৰিলে কাৰণ তাই জানিছিল যে এতিয়া তাক বেলেগে সাৱটি ধৰে । তাই উঠি গৈ চাহ কৰিব ললে। সুব্ৰতে চাহ খাই থাকোতে তাই এনেদৰে থকাৰ কাৰণ সোধাট তাই কলে যে তাইৰ জ্বৰ হৈছে। দুয়োৰে মাজত থকা মৌনতাবোৰ চাহৰ ধুক কেইটাইহে ভংগ কৰিছিল। ৰুণজুনে তাক লাহেকৈ সুধিলে," তেন্তে কেতিয়া এৰিবা মোক?"( Assamese Storyboard )



ৰুণজুনৰ এই প্ৰশ্নত সুব্ৰত আচৰিত হল আৰু কলে," তেন্তে তুমি মোৰ মেছেজবোৰ পঢ়িলা? তোমাৰ ইমানকনো শিষ্টাচাৰ নাই নে যে কাৰোবাৰ ফোন বিনা অনুমতিত চুব নালাগে?"

ৰুণজুন: (তাই সুব্ৰতৰ পৰা ইমান অভদ্ৰামি আশা কৰা নাছিল) তুমি এনেকুৱা কাণ্ড কৰিবলৈ লাজ নাপালা? তুমি মোক ঠগি লাজ নাপালা? তুমি মোৰেই ভন্টীৰ লগত মিলি এইবোৰ খেল খেলিলা? তুমি মোৰ বিশ্বাসৰ, প্ৰেমৰ এইয়াই পুৰস্কাৰ দিলা?

 তুমি মোৰ ভালপোৱাৰ মূল্য নুবুজি মোক অকলশৰীয়া কৰি দিলা। আটাইতকৈ ডাঙৰ কথা হল তুমি মোৰ অনুমতি নোলোৱাকৈ সতিনি আনি বহুৱালা আৰু মোক কৈছা শিষ্টাচাৰ নাই বুলি? "

কথাখিনি কৈ থাকোতে তাইৰ মাত ডাঙৰ হৈ পৰিছিল।

সুব্ৰত: কাৰোবাক মোৰ জীৱনলৈ কিয় নানিম? কেতিয়ালৈকে আৰু  আনৰ মাটিত  আশা কৰি কৰ দি থাকিম?মোৰ কি দেউতাক হোৱাৰ ইচ্ছা নাই? আৰু এটা কথা শুনি লোৱা ৰুণ , মই অংকিতাক ভাল পাওঁ আৰু বিয়াও কৰাম। আমি বিবাহ বিচ্ছেদ কৰি বেলেগ হৈ যোৱাটোৱেই ভাল হব।"

বিবাহ বিচ্ছেদ শব্দটো শুনি ৰুণজুন নীৰৱ হৈ পৰিল। ১০ বছৰ একেলগে থাকি মাত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে তাইৰ সৈতে বিবাহ বিচ্ছেদ কৰিব ওলাইছে।

 ৰুণজুন পাগলৰ দৰে হৈ পৰিল। অৱসাদৰ ৰোগী নিজৰ লগতেই হাৰি গল। তাই এইটো পৰিস্থিতি সহিব নোৱাৰিলে আৰু সুব্ৰতৰ ডিঙিত ধৰি লৈ দুই তিনি থাপৰ লগাই দিলে। তাই চিঞৰি আৰু কান্দি কান্দি কলে," যদি তোমাৰ সন্তান জন্ম দিয়া ক্ষমতা নাথাকিল হয় তেতিয়া যদি মই তোমাৰ ভাইটিৰ লগত অবৈধ সম্পৰ্ক ৰাখিলোহেতেন তেতিয়া তোমাৰ কেনেকুৱা লাগিলহেতেন? মোকো যদি তাৰ লগত ফ্লেটত মজা কৰি থকা দেখি তুমি মনে মনে থাকিলা হয়? 

কোৱা , উত্তৰ কিয় নিদিয়া? কোৱা আকৌ মনে মনে কিয় আছা?"



ৰুণজুন ডিপ্ৰেছনৰ প্ৰথমটো এতেক পৰিছিল। হাত ভৰিবোৰ ঢিলা হৈ পৰিছিল আৰু চকুৰে চকুলো বৈ আছিল কিন্তু মাত নাইকীয়া হৈ পৰিল। কেতিয়াবা জোৰকৈ উশাহ লয় আৰু কেতিয়াবা কান্দিবলৈ ধৰে। সুব্ৰতৰ মাক দেউতাকো তাত আহি পালে আৰু পৰিস্থিতি চম্ভালিব চেষ্টা কৰিলে। সুব্ৰতে তৎক্ষণাত মনোৰোগী বিশেষজ্ঞক  ফোন কৰি মাতিলে আৰু তাৰ মাকে ৰুণজুনৰ মাকলৈ ফোন কৰি কলে,"বহুত সহিলো তোমাৰ  পাগল ছোৱালীক , তাইক লৈ যোৱা ইয়াৰ পৰা । তাইতো মোৰ লৰাটোক এতিয়া মাৰ পিত কৰিব ধৰিছে।"

 ইফালে ৰুণজুনৰ মাকৰ ভয় লাগিল । কি কৰিব কি নকৰিব? তেওঁৰ দুজনী ছোৱালী। এজনীয়ে আগতেই বিধবাৰ জীৱন কটাই দুখত আছে আৰু সৰু ছোৱালী ৰুণজুনৰ ঘৰৰ পৰা এইটো খবৰ শুনি কান্দি পেলালে। ৰাতিপুৱা হোৱাত  তেওঁ  শিৱসাগৰৰ পৰা গুৱাহাটীলৈ বুলি আহিল।

ইফালে ৰুণজুনক ডাক্তৰে টোপনিৰ দৰব খুৱাই তাইক শুৱাই দিলে আৰু কোনো ধৰণৰ মানসিক চিন্তা নিদিবলৈ কৈ থৈ গল। কিন্তু সুব্ৰতৰ মাকৰ ধৈৰ্য্য নাছিল, তেওঁ কাষৰ ৰুমলৈ গৈ সুব্ৰতৰ পৰা সকলো কথাৰ গম ললে। সুব্ৰতে সকলো সঁচা কথা কৈ দিলে কাৰণ এদিনটো এইবোৰ কথা কবই লাগিব। সি লগতে আৰু এটা সঁচা কলে যে অংকিতা তাৰ সন্তানৰ মাক হব ওলাইছে। এতিয়া অংকিতাৰ গৰ্ভধাৰণৰ ২মাহ হল আৰু সি তাইক এৰিব নোৱাৰে। সন্তানৰ কথা শুনি মাকে ফুৰ্তি পালে। তেওঁ কলে," মোকো মোৰ বংশ বঢ়াই নিয়া বোৱাৰী লাগে। এতিয়া যি হবলগা আছিল হৈ গল। ৰুণজুনৰ পৰা কেনেকৈ পিছা এৰুৱাব পাৰি সেইটো চিন্তা কৰ।"

   মাকৰ কথা শুনি সুব্ৰত চিন্তাত পৰিল । সি যদিও অংকিতাক ভাল পাব ধৰিছিল, যদিও সি তাৰ হবলগা সন্তানক নিজৰ জীৱনটোতকৈ বেছি ভাল পাইছিল কিন্তু সি ৰুণজুনক কোনোদিন বেয়াও পোৱা নাছিল। কিয়নো ৰুণজুনে তাক অসীম মৰম ভালপোৱা দিলে। তাইক এৰি দিয়াৰ কথা শুনি সুব্ৰতৰ মনটো দুখ লাগিল।



ৰুণজুনৰ মাক সুব্ৰতৰ ঘৰ গৈ পালে আৰু তাৰ মাক দেউতাকৰ লগত এখন কাজিয়াও কৰিলে কাৰণ তাৰ মাকে কেৱল ৰুণজুনৰ বদনাম কৰিছিল আৰু তাইকেই অসম্পূৰ্ণ বুলি কৈছিল।

 " আৰে বাইদেউ কি কম আপোনাক, অনবৰতে বেমাৰত পৰি থাকে আপোনাৰ ছোৱালী। কেতিয়াবা ইয়াত বিষ, তাত বিষ, কেতিয়াবা আকৌ জ্বৰ। এক নম্বৰ এলেহুৱা একো কাম কৰিব নিবিচাৰে, অনবৰতে শুই থাকে। তাৰ উপৰিও পাগলৰ ডাক্তৰে তাইক চিকিৎসা কৰি আছে। সন্তান নহয় তাইৰ, সংসাৰৰ দৰব খিনিৰ নামত পইচা পানীৰ দৰে বৈ আছে।  আপুনি লৈ যাওক তাইক আমিনো ৰাখি কি কৰিম তাইক?"

ৰুণজুনৰ মাকৰ চকুলো নিগৰি আহিল," বাইদেউ , যদি তাই অসুস্থ তেন্তে তাইৰ ওপৰত অলপ দয়া কৰক। তাই জানি শুনি বেমাৰি হৈ নাথাকে নহয়। জ্বৰতোক তাই নিজে মাতি আনিব নোৱাৰে আৰু দ্বিতীয়তে তাই পাগল নহয় সেইকাৰণে তাইক পাগল বুলি নকব। সন্তান জন্ম নহল বুলি এইটো নহয় যে আপুনি বোৱাৰীজনীক ঘৰৰ পৰা উলিয়াই দিব। আপুনি নিজৰ লৰাটোক কিয় নুবুজাই যে অংকিতাৰ পাল্লাত পৰি মোৰ ছোৱালীজনীক সি পাহৰি গৈছে?"

   ৰুণজুনৰ শাহুয়েকে কঁকালত হাত থৈ চিঞৰি চিঞৰি কলে," খবৰদাৰ , যদি সুব্ৰত আৰু অংকিতাৰ বিষয়ে কিবা কোৱা, অংকিতা মাক হব ওলাইছে আৰু মোৰ বংশটো আগবঢ়াই নিব।  সেইবাবে সুব্ৰত আৰু ৰুণজুনৰ বিবাহ বিচ্ছেদ কৰাই এইবোৰ ইয়াতে সমাপ্ত কৰা।"

  ৰুণজুনৰ মাকৰ  বহুত খং উঠিল কিন্তু তেওঁ খঙটো কমাই কলে," চাওক বাইদেউ, এই বিবাহ বিচ্ছেদ হব নোৱাৰে আৰু ৰুণজুন এই ঘৰৰ পৰা ওলাই নাযায়। বাকী আপুনি যি কৰিব পাৰে কৰক। নতুবা দ্বিতীয় বিবাহ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ কৰিলে সুব্ৰতৰ জেইল হব।"



 কিন্তু সুব্ৰতৰ মাকে যেন সকলো আগৰ পৰাই যোগাৰ কৰি থৈছে। তেওঁ বহুত কুটিলতাৰে হাঁহি মাৰি কলে," ঠিক আছে নালাগে বিবাহ বিচ্ছেদ কৰুৱাবলৈ। অংকিতা ইয়াতেই থাকিব বিয়া নোহোৱাকৈ মোৰ ঘৰত। তাইৰ সন্তানক আমি আমাৰ নাম দিম, সুব্ৰতে দেউতাকৰ নাম দিব। এতিয়া যোৱা কর্ট কাছাৰীলৈ , কি কৰিব পাৰিবা আমাক?"

সুব্ৰতৰ মাকে কৈ গৈ থাকিল আৰু তাৰ দেউতাকে মাকৰ সকলো ভুল দেখিও মৌন হৈ থাকি সভাগিতা দেখুৱালে । কোনেও এবাৰলৈ চিন্তা নকৰিলে যে ৰুণজুনে মনত কিমান কষ্ট পাইছে।

 ইফালে সুব্ৰতে মাকক ফোন কৰি কলে যে সি আজি ঘৰলৈ আহিব নোৱাৰে কাৰণ অংকিতাৰ গা ভাল নহয়। কথাষাৰ শুনি ৰুণজুনৰ কান্দোন ওলাই পৰিল আৰু তাই শাহুয়েকক কলে," আপুনি কিয় এনেকুৱা কৰিছে? মই আপোনাৰ কি ক্ষতি কৰিলো? সুব্ৰতক ফোন কৰি ঘৰলৈ মাতক।"কিন্তু সুব্ৰতৰ মাকে নুশুনাৰ ভাও জুৰি ৰুমলৈ গৈ টি ভিৰ শব্দ বঢ়াই ৰুম বন্ধ কৰি দিলে।

 ৰুণজুন আৰু তাইৰ মাক কান্দি থাকিল আৰু সান্তনা দি থাকিল। কিন্তু ৰুণজুনৰ মনত এক মিনিটৰ বাবেও শান্তি নাছিল , তাই একেৰাহে সুব্ৰতক ফুন কৰি আছিল। সুব্ৰতে এবাৰ ফোন উঠোৱাত তাই কলে," সুব্ৰত তোমাৰ কি হৈছে? তুমিতো মোক বহুত ভাল পাইছিলা কিন্তু এতিয়া কিয় মোৰ পৰা ইমান দূৰলৈ আঁতৰি গৈছা?"

সুব্ৰত: চোৱা, মই গোটেই দিন কাম কৰি কৰি ভাগৰি পৰিছো,মোক শুবলৈ দিয়া।

   কথাখিনি কৈ সি ফোনটো কাটি দিলে। ৰুণজুন আৰু ভাগি পৰিল," এইবোৰ কি হৈ গল? মোৰ স্বামী মোৰ শতিনিৰ ওচৰলৈ গুচি গল যি মোৰেই ভনী হয়।"  হঠাৎ তাই উঠি বেলেগ ৰুমলৈ গৈ দৰবৰ সকলো পেকেট খুলি সকলো দৰব পানীত মিলাই খাই দিলে। প্ৰায় আধা ঘন্টা পাছত ৰুণজুনৰ মাকে তাইক মাত লগালে কিন্তু তাইৰ কোনো মাত নিদিয়াত তেওঁ ইটো ৰুমলৈ গৈ দেখিলে ৰুণজুন ছ'ফাট পৰি আছে বহুত গভীৰ নিদ্ৰাত।

  তেওঁ সুব্ৰতৰ মাকৰ ৰুমৰ দুৱাৰত মাত লগালে আৰু ডাক্তৰক মাতিবলৈ কলে। সুব্ৰতৰ মাকে তাক ফোন কৰিলে আৰু  সি তাৰ লগৰ ডাক্তৰ এজনক লৈ ঘৰলৈ আহিলে যাতে পুলিচ কেচ হৈ নাযায়।

 ইফালে ডাক্তৰে ৰুণজুনক জ্ঞান ঘূৰাই আনিবলৈ সম্পূৰ্ণ চেষ্টা চলালে আৰু আনফালে সুব্ৰতক অংকিতাই ফোন কৰি তাইৰ ওচৰলৈ মাতিলে।



ইফালে ৰুণজুনৰ অৱস্থা বেয়া হৈ গৈ আছে আৰু সুব্ৰতৰ লগৰ ডাক্তৰ বিজয়ে তাইক হস্পিটেলত ভৰ্তি কৰোৱাৰ কথা কলে। কিন্তু অংকিতাই একেৰাহে ফোন কৰি থকাৰ কাৰণে সুব্ৰত পাগলৰ দৰে হৈ পৰিল। সি ৰুণক বেয়া নাপায় কিন্তু সি অংকিতাক বহুত ভাল পায়। এই ভালপোৱা বেছি বাঢ়িল যেতিয়া তাই সন্তান সম্ভৱা হল।

 সুব্ৰতে বেলেগ এটা ৰুমলৈ গৈ অংকিতাক ফোন কৰি বুজাই আছিল যে ৰুণৰ অৱস্থা ভাল নহয় আৰু সি ইয়াতেই থাকিব লাগিব । কিন্তু অংকিতাই যেন জিদ ধৰিলে যে এতিয়াই সি তাইৰ ওচৰলৈ যাব লাগিব। সি খঙেৰে এইটো কৈ ফোনটো কাটি দিলে যে "যেতিয়া  ৰুণজুন সুস্থ হৈ উঠিব সি তেতিয়া তাইৰ ওচৰলৈ যাব , লাগিলে দুদিনেই হওক বা দুসপ্তাহ।"

  ৰুণ হস্পিটেলত ভৰ্তি হল। তাইৰ মাকে চিন্তা কৰি পাৰ পোৱা নাছিল। কোনো সময়ত তেওঁ হস্পিটেলৰ ভিতৰত থকা মন্দিৰত গৈ ভগবানক প্ৰাৰ্থনা কৰে আৰু কেতিয়াবা ডাক্তৰক তাইৰ স্বাস্থ্যৰ বিষয়ে সোধে।

পিছদিনা সন্ধিয়ালৈকে ৰুণজুনৰ চেতনা আহিল। তাই চকু মেলিয়েই চাৰিওফালে চালে আৰু উমান কৰিবলৈ চেষ্টা কৰিলে যে তাই কত আছে। তাৰ পাছত হস্পিটেলত থকা গম পাই তাই কান্দি পেলালে যে ," হে প্ৰভু, মই তোমাৰ পৰা মৃত্যুও নাপালো।"

ৰুণজুনে সুব্ৰতক চাব খুজিলে আৰু মাকে কলে যে ,'যোৱাকালিৰে পৰা ইয়াতেই আছিল ,এতিয়া বাহিৰলৈ ওলাই গৈছে।' তেতিয়ালৈকে সুব্ৰত ভিতৰলৈ আহিল আৰু মাকে সিহঁতক কথা পাতিবলৈ এৰি ওলাই গল।

 সুব্ৰত: কিয় কৰিলা এনেকুৱা?

 ৰুণজুনে লাহেকৈ কলে," এইটো প্ৰশ্ন মই তোমাক সুধিব লাগিছিল।"

সুব্ৰত:  বাদ দিয়া এইবোৰ, তোমাৰ গা ভাল নহয় আৰাম কৰা।

 ৰুণজুন: সুব্ৰত তুমি ইয়াতেই থাকিবা নে মোৰ ওচৰত?

  সুব্ৰতে কিবা কোৱাৰ আগতেই তাৰ মোবাইলট ফোন আহিল , যাৰ নম্বৰ দেখি সি ফোনটো কাটি দিলে কিন্তু চেহেৰাত এটা চিন্তা  দেখা পোৱা গল।  সি ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল। কিছুসময় পাছত তাইৰ মাক ভিতৰলৈ আহিল আৰু সুব্ৰতে ফোন আহিছে বুলি কৈ গৈছে। তাইৰ চেহেৰাত দুখৰ ৰেখা অহা যোৱা কৰিবলৈ ধৰিলে। কিন্তু তাই মাকৰ সন্মুখত শান্ত হৈ থাকিল কাৰণ দুদিন ধৰি মাক উদাস হৈ পৰিছিল আৰু তেওঁক বহুত দুৰ্বল দেখা গৈছিল।



ৰুণজুনে শুই শুই ভৱিষ্যতৰ কথা ভাবিবলৈ ধৰিলে। তেনেকুৱাতে সুব্ৰতে তাইক মেছেজ কৰিলে আৰু তাত লিখা আছিল," মই সুব্ৰতৰ জীৱনলৈ ইতিমধ্যে আহিলো । মই তাৰ সন্তানৰ মাক হব ওলাইছো। সি মোক বহুত ভাল পায় কিন্তু তোমাৰ কাৰণে সি জীয়াই থাকিবলৈ শান্তি পোৱা নাই। এতিয়া তুমি কোৱা যে তুমি তাক এৰি যাবা নে আমি এই চহৰ এৰি গুচি যাম?......অংকিতা।"

   ইমান পঢ়াৰ পাছত ৰুণজুনৰ হাতত মোবাইল ধৰিবলৈ শক্তি নাছিল। তাই গাৰোটোত শুই পৰিল আৰু তাইৰ চকুলো কেতিয়ালৈকে বৈ থাকিল কোনেও  গম নাপালে । কিন্তু তাই মনতে ভাবি ললে যে  তাই আৰু সুব্ৰতৰ জীৱনত নাথাকে। কিন্তু তাই যাব কত?

ৰুণজুনৰ ইমান পঢ়া শুনাও নাই আৰু আগতে কোনো কাম কৰাৰ অভিজ্ঞতা নাই। না তাইৰ মাকৰ ওচৰত ইমান টকা আছে না তাই ডাঙৰ বায়েকৰ ওচৰত যাব পাৰিব। নিজৰ এই অৱস্থাত তাই আজি বহুত কান্দিলে। দেউতাক জীয়াই থাকোতে তাইক বাৰে বাৰে কৈছিল যে," ৰুণ এম.ফিল কৰি ল " কিন্তু তাই নুশুনিলে আৰু আজি তাই কত ফচি গল যে  তাই কত যাব?

  তেতিয়ালৈকে ডাক্তৰ আহিল আৰু দুদিন পাছত তাইক ঘৰলৈ লৈ যাব পাৰিব বুলি কলে। পিছদিনা সুব্ৰত অলপ সময়ৰ কাৰণে আহিল যদিও আহি পোৱাৰ পাছতেই বাৰম্বাৰ ফোন আহি থকা কাৰণে ফোনত কথা পাতিয়েই সময় পাৰ হল। ৰুণজুনৰ তাক কবলৈ মন গল যে ,"যোৱা তুমি, এনেকৈ অহাতকৈ তুমি নহাকৈ থকাটোৱেই ভাল।" ইফালে সুব্ৰতৰ মাকে নিজৰ পক্ষে মাত দিবলৈ পৰিয়ালৰ মানুহক মাতি আনি গোটাব আৰম্ভ কৰিলে।

    দুদিন পাছত যেতিয়া ৰুণজুন ঘৰলৈ আহিল তেতিয়া তাই দেখিলে যে সুব্ৰতে তাৰ সকলো বস্তু যেনে কাপোৰ, জোতা, অফিচৰ ফাইল এইবোৰ পেক কৰিছে। এইবোৰ দেখি তাই এটা জোকাৰণী পোৱাটো স্বাভাৱিক। তাই মাত্ৰ নীৰৱ হৈ চাই ৰল। তাইৰ চিঞৰি চিঞৰি কান্দিব মন গল কিন্তু তাই ইমানখিনিটো বুজি পালে যে এতিয়া আৰু কান্দি কাটি কোনো লাভ নাই।

আৰু তাই এইটোও বুজি পালে যে এজনী বয়সত ১৮ বছৰ সৰু ছোৱালীৰ প্ৰেম তাইৰ সমৰ্পিত প্ৰেমতকৈও  গভীৰ হৈ পৰিল। তাৰোপৰিও অংকিতা দেখিবলৈ ইমান ধুনীয়া আৰু তাইৰ টেঙৰ চৰিত্ৰ লগতে এতিয়া তাই মাক হবও ওলাইছে। এতিয়া ৰুণজুনৰ ওচৰত সেইবোৰ একো নাই যিবোৰৰ কাৰণে তাই বিৰোধ কৰি নিজকে শুদ্ধ প্ৰমাণিত কৰিব পাৰে। সঁচাটো এয়ে যে,প্ৰেম কেতিয়াও জোৰ কৰি নহয়।



সুব্ৰত ৰুমলৈ আহি নিজৰ বস্তুবোৰ যেতিয়া সামৰি লয় যাব ধৰিলে তাইৰ মনটো ভাগি পৰিল । কিন্তু যেতিয়া তাই দেখিলে সুব্ৰতে কাষৰে ৰুম এটাত বস্তুবোৰ নি সজাইছে তাই ৰৈ থাকিব নোৱাৰি তাক সুধিলে," ইমান ঘৃণা হব ধৰিলে মোৰ প্ৰতি?"

  সুব্ৰতে কলে ,"ঘৃণা নহয় ৰুণ,মায়ে অংকিতাক ইয়ালৈকে লৈ অহাৰ কথা কলে সেইবাবে তাই এইটো ৰুমত থাকিব। এনেদৰে আমি সকলো লগতেই থাকিব পাৰিম। " সি এনেদৰে কৈ তল মূৰ কৰিলে।

  ৰুণজুনৰ দুভৰি আকৌ কঁপি গল কিন্তু শাহুৰ মাত শুনি তেওঁক খাবলৈ দিবলৈ পাকঘৰলৈ গুচি গল।


সমাপ্ত…


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages