কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ৭ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 27, 2021

কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ৭ ) ? Assamese Storyboard

Assamese Storyboard


বেদান্তই ৰিয়াক সন্মুখত থকা চকীখনত বহাই দি কলে," শান্ত হোৱা ৰিয়া, সি গুচি গল। কিন্তু ৰিয়া মই তোমাক আগতেই কৈছিলো যে তুমি ইয়াত তোমাৰ  মাৰ পিত বন্ধ ৰাখিবা।"( Assamese Storyboard )

  ৰিয়া: কিন্তু তুমিতো জানাই যে এইবোৰ মই সহ্য কৰিব নোৱাৰো।
 বেদান্ত: মই সেইটো জানো। বাৰু যি হব লগা আছিল হৈ গল কিন্তু আগলৈ তাৰ পৰা আঁতৰি থাকিবা। সি বহুত বেয়া মানুহ হয়।" ৰিয়াৰ হাতত ধৰি তাইক বুজালে।
বিক্ৰম: অ ৰিয়া, আৰু তুমি সকলোৰে সন্মুখত তাৰ ওপৰত হাত উঠাইছা যেতিয়া মোৰ মতে সি মনে মনে নাথাকে। তুমি আগলৈ সাৱধানে থাকিব লাগিব।



  নেহা: ঠিক আছে বাৰু কিন্তু এতিয়া তোমালোকে ৰিয়াক ভয় খুৱাইছা।
 উৰ্মি: মোক মাফ কৰি দিবা ৰিয়া, মোৰ কাৰণে আজি তুমি বিপদত পৰিব লগা হৈছে।
ৰিয়া: নহয় উৰ্মি, ইয়াত তোমাৰ একো ভুল নাই। কোনোবাই তোমাৰ লগত অসভ্যালি কৰাটো মই সহ্য কৰিব নোৱাৰো। তুমি মোৰ বেষ্টফ্রেণ্ডৰ প্ৰেমিকা হয় গতিকে তুমি ... 
শেষৰ কথাষাৰ হাঁহি মাৰি কলে,"মোৰো প্ৰেমিকা"। তাত থকা সকলোৱে হাঁহি দিলে।
 বিতু যি এতিয়ালৈকে ৰিয়ালৈ চাইয়ে আছিল ,সি আগবাঢ়ি আহি কলে," চোৱা যি হব লগা আছিল হৈ গল। এতিয়া এইটো কথা পাহৰি যোৱা।আমাৰ গ্রুপত নতুন সদস্য আহিল যেতিয়া মোৰ লগতো চিনাকি কৰাই দিয়া ভাই।" সি ৰিয়ালৈ চাই হাঁহি হাঁহি কলে।
  বেদান্ত: অ বিতু , মইতো তোমাক চিনাকি কৰাই দিবলৈ পাহৰিলোয়েই। বিতু এইয়া ৰিয়া মোৰ সৰুকালৰে বেষ্টফ্রেণ্ড আৰু এতিয়া আমাৰ লগতেই পঢ়িব। ৰিয়া এইয়া বিতু আমাৰ একে লগৰ সহপাঠী আৰু আমাৰ গ্ৰুপৰ সদস্য।"

বিতুৱে হাতখন আগবঢ়াই হাই বুলি কোৱাত ৰিয়াইও হাই বুলি কলে।

"অবশ্যে তুমি দেখাত ইমান শক্তিশালী নহয় যদিও ৰাজুক কিন্তু ভালকৈ পিটিলা।" তাইৰ গুণ গাই বিতুৱে কলে," তুমি কিন্তু বহুত ধুনীয়া হয়।"
ৰিয়াই লাহেকৈ কলে," ধন্যবাদ।"
 বিক্ৰম: সুন্দৰী হোৱাৰ লগতে টপাৰও হয়।
বিতু: ৱাহ আৰু কিমান গুণ লুকাই আছে তোমাৰ মাজত?
বেদান্ত: লাহে লাহে চাই থাকা সকলো গম পাবা। আমি তাইক এনেই অলৰাউণ্ডাৰ বুলি নকওঁ।
  নেহা: কোৱা কোৱা আমাকো আৰু কি কি টেলেণ্ট লুকাই আছে ৰিয়াৰ মাজত।
 উৰ্মি: ৰিয়াই বহুত ধুনীয়া ৰান্ধে।
 উৰ্মিয়ে হাঁহি হাঁহি কোৱা দেখি ৰিয়া আচৰিত হল," তুমি কেনেকৈ গম পালা?" 
তাৰ পাছত তাই বেদান্তৰফালে চালে , সি মূৰ তল কৰি মিচিকয়াই হাঁহি আছিল।
"অ তাৰমানে তুমি কলা। এতিয়া এইটো কৈ মোক কৃপা কৰিবা নে আৰু কি কি কথা কৈ ফুৰিছা মোৰ বিষয়ে?" মিছা খং দেখুৱাই কলে ৰিয়াই।



  বিক্ৰম যি খাই ভাল পাইছিল," বাৰু ৰিয়া বাদ দিয়া এইবোৰ। এতিয়া তুমি কোৱা আমাক তোমাৰ হাতেৰে ৰন্ধা খাদ্য কেতিয়া খুৱাবা?"
  ৰিয়াই মিচিকয়াই কলে,"যেতিয়াই তোমালোকে কোৱা ।"
বিক্ৰম: 'ঠিক আছে তেন্তে এইটো দেওবাৰে তুমি আমাক তোমাৰ হাতৰ ৰন্ধা খুৱাব লাগিব।' সি নিজেই সকলো ঠিক কৰা দেখি সকলোৱে হাঁহি দিলে।
 ৰিয়া: ঠিক আছে তেন্তে এইটো দেওবাৰে ৰাতিৰ আহাৰ তোমালোকে আমাৰ ঘৰত খাবা।
  ইফালে সকলোৱে কথা পাতিব ধৰিলে কিন্তু বিতুৱে ৰিয়াক চাইয়ে আছে। তাৰ মনত ৰিয়াৰ প্ৰতি কিবা এক অনুভূতি জাগিছিল। এনেদৰেই হাঁহি মাতি থাকি সপ্তাহতো পাৰ হল আৰু দেওবাৰৰ দিনটো আহিল।
  ৰিয়া: মা, আজি মোৰ বন্ধু কেইজনমান ৰাতিৰ আহাৰ খুৱাকৈ আহিব ।
কল্পনা: অ মাজনী বেদান্তই কৈছিল। ব'লা আমি দুইজনী লাগি সকলো যোগাৰ কৰি লওঁ।
ৰিয়া: নহয় মা, আপুনি আৰাম কৰক। মই সকলো কৰি লম।
কল্পনাই নামানিলে আৰু দুয়ো মিলি সকলো প্ৰস্তুতি চলালে।
সকলো বন্ধুবৰ্গ আহিল। সকলোৱে একেলগত বহুত ফুৰ্তি কৰিলে। তাৰ পাছত সকলোৱে লগ হৈ আহাৰ গ্ৰহণ কৰিলে।
বিক্ৰম: ৱাহ ৰিয়া! তুমিতো সচাই বহুত ধুনীয়া আহাৰ ৰান্ধিব পাৰা।
  ৰিয়া: এই সকলোবোৰ মই অকলেই ৰন্ধা নাই। মা আৰু মই মিলি ৰান্ধিছো।
 বিতু: ৱাহ খুৰী! ইমান সুস্বাদু আহাৰ খাই বৰ ভাল লাগিল। হোষ্টেলত নো কত ইমান সোৱাদ লগা খাবলৈ পাওঁ।
  কল্পনাই হাঁহি মাৰি কলে," তেন্তে তোমাৰ যেতিয়াই ঘৰৰ বনুৱা আহাৰ খাবলৈ মন যাব তুমি ইয়ালৈ গুচি আহিবা।"
  বিতুৱে মিচিকিয়াই ৰিয়াৰ ফালে চাই কলে,"
 ঠিক আছে খুৰী মই নিশ্চয় আহিম।"
বিক্ৰম: অ আৰু আমিও আহিম।
বেদান্তই হাঁহি মাৰি কলে," খকুৱা তো কৰবাৰ।"
 নেহা: আমি এতিয়া ঘৰলৈ যোৱাটো ভাল হব।
বিতু:  অ বহুত দেৰি হল , এতিয়া আমি যাব লাগে।( Assamese Storyboard )



 যেতিয়া সিহঁত যাবলৈ ওলাল তেতিয়া ৰিয়াই কল্পনাক কলে," মা , বহুত ৰাতি হল এতিয়া উৰ্মি হোষ্টেল কেনেকৈ যাব? আজি তাই আমাৰ ঘৰতেই থাকক নহলে?"
কল্পনা: অ নিশ্চয়।
ৰিয়া: উৰ্মি তুমি আজি আমাৰ ঘৰতেই থাকা কাইলৈ একেলগত কলেজলৈ যাম।
উৰ্মি: কিন্তু ৰিয়া মই ইয়াত কেনেকৈ থাকিব পাৰিম?
 ৰিয়া: থাকি যোৱা না সকলোৱে ভাল পাব। 
 সকলোৱে তাইক থাকিবলৈ জোৰ কৰিলে। বেদান্তইউ উৰ্মিৰ চকুলৈ চাই থাকিবলৈ ইংগিত দিলে।  উৰ্মিও থাকিবলৈ মান্তি হল।
ইফালে নেহা আৰু বিক্ৰমে বেদান্তৰ ইংগিত দেখি হাঁহি দিলে।
তাৰ পাছত সিহঁতো ঘৰলৈ বুলি ওলাই গল। নেহা বিক্ৰমৰ লগত তাৰ গাড়ীত গুচি গল। বিতুৱেও বাইকত তাৰ হোষ্টেললৈ বুলি ওলাই গল।
ৰিয়াইউ উৰ্মিক তাইৰ ৰুমলৈ লৈ গল," মা মই উৰ্মিক মোৰ ৰুমলৈ লৈ যাওঁ।"
কল্পনা: ঠিক আছে যোৱা আৰাম কৰি লোৱাগৈ।
 ৰিয়া: ঠিক আছে মা।
 সিহঁত দুজনীৰ পিছে পিছে বেদান্তও তাইৰ ৰুমলৈ আহিল।
ৰিয়াই তাক দেখি তাৰ কানখন ধৰি কলে," তলত এইবোৰ কি ইংগিত দি আছিলা?"
বেদান্তই কলে," আৰে ..কানখন এৰি দিয়া। মইতো তোমাক ধন্যবাদ দিবলৈ আহিছিলো আৰু তুমি মোৰ কাণত ধৰিছা।" উৰ্মিয়েও লাজতে ইফালে সিফালে চাব ধৰিলে।
ৰিয়া: ঠিক আছে।
তাৰ পাছত তিনিওটা লগ হৈ কথা পাতিব ধৰিলে। কিছুসময় পাছত ৰিয়াই সিহঁতক অকলে কথা পাতিবলৈ দি কলে,' মই কফি বনাই আনো ৰবা।' আৰু তাই তললৈ গুচি গল।
ৰিয়া যোৱাৰ পাছতেই বেদান্তই উৰ্মিক পিছফালৰ পৰা সাৱটি ধৰি তাইৰ কান্ধত মূৰ থৈ লাহেকৈ কলে,"উৰ্মি আজি মই বহুত সুখী।"
উৰ্মি: কিয় কিবা বিশেষ কাৰণ আছে নেকি?
 বেদান্ত: কাৰণ তুমি আজি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছা।
উৰ্মিয়ে লাজ কৰি কলে," আগতে তুমি মতাও নাছিলা।"
 বেদান্ত: হয় নেকি ? মই মাতিলে তুমি যেনিবা আহিলাহেঁতেন।
উৰ্মি: মাতি চাব লাগিছিল। বাদ দিয়া এইবোৰ, মইতো ৰিয়াৰ কাৰণে থাকিলো আজি।
 বেদান্তই অভিমান কৰি কলে," তাৰমানে মোৰ কাৰণে থকা নাই?"
উৰ্মিয়ে নিজকে তাৰ হাতৰ পৰা আতৰাই আনি "নহয় নহয়"বুলি কৈ তাক জোকালে।



 বেদান্তই তাইক ধৰিবলৈ দৌৰিলে। দুয়ো এনেদৰে ৰূমতেই আগ পিছ কৰি দৌৰি থাকিল। হঠাৎ উৰ্মিয়ে ৰিয়াৰ পঢ়া টেবুলত খুন্দা মাৰিলে। তাৰ পৰা কিতাপ কেইখনমান তাইৰ ওপৰত পৰি গল। তাই সেই কিতাপবোৰ উঠাব ললে। বেদান্তইও দৌৰি তাইৰ ওচৰলৈ আহিল। হঠাৎ সেই কিতাপখিনিৰ মাজত উৰ্মিয়ে ৰিয়াৰ ডায়েৰী খন পালে।
 উৰ্মি: এইখন ৰিয়াৰ ডায়েৰী। বেদান্ত আমি এইখন পঢ়োঁ ব'লা।
 বেদান্ত: নালাগে উৰ্মি, বেলেগৰ ডায়েৰী পঢ়াটো বেয়া কথা।
 উৰ্মি: পঢ়িব দিয়া না।
 উৰ্মিয়ে যেতিয়াই ডায়েৰী খনৰ প্ৰথম পৃষ্ঠা লুটিয়ালে তেতিয়া তাৰ পৰা ফটো এখন ওলাই পৰিল। বেদান্তই সেইখন উঠালে" এইজনটো ৰিংকু দাদা হয়।"
উৰ্মিয়ে ফটোখন দেখি কলে," দাদাৰ ফটো,তাৰমানে ৰিয়াৰ মনত তেওঁৰ প্ৰতি কিবা অনুভৱ আছে। কিন্তু তুমিতো কৈছিলা যে যেতিয়া দাদাই তাইক স্বীকাৰ কৰিবলৈ মানা কৰিলে তেতিয়া তাইও মানি ললে। তেন্তে এইয়া কি?" তাই একো বুজি পোৱা নাছিল। 
 বেদান্তইও আচৰিত হল যে 'তাৰমানে ৰিয়াই  নিজেই দাদাক এই সম্পৰ্কৰ পৰা মুক্ত কৰি দিলে। মই মাত্ৰ নিজৰ ফালৰ পৰা চেষ্টা কৰিছিলো সিহঁতক একেলগ কৰিবলৈ।'
 উৰ্মি: কিবা এটাটো আছে যিটো ৰিয়াই আমাৰ পৰা লুকুৱাইছে। আৰু সেইটো কি হয় এই ডায়েৰীখন পঢ়াৰ পাছতহে গম পাম।
  বেদান্ত: কিন্তু আমি এইখন পঢ়িম কেতিয়া? ৰিয়াটো কফি লৈ আহিলেই চাগে।



 উৰ্মিয়ে কিবা ভাবি কলে,' তুমি ৰিয়াক ফোন কৰি কোৱা যে আমি কিছুসময় অকলশৰে থাকিব বিচাৰো সেইবাবে তোমাৰ ৰুমলৈ আমি গৈছো।'
 বেদান্ত: অ ঠিকেই কৈছা।
সি ৰিয়াক ফোন কৰি উৰ্মিক তাৰ ৰুমলৈ লৈ যোৱাৰ কথা কলে।
কথাটো শুনি ৰিয়াই হাঁহি কলে ," ঠিক আছে যোৱা কিন্তু বেছি দেৰি নকৰিবা। কেনেবাকৈ মা সাৰ পালে বেয়া হব।"

   আগলৈ গম পাম এই ডায়েৰী খনত কি লুকাই আছে।

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages