বিধৱাৰ সাজত তাইৰ চকুত আছিল অযুত প্ৰশ্ন : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 27, 2021

বিধৱাৰ সাজত তাইৰ চকুত আছিল অযুত প্ৰশ্ন : Assamese Storyboard

Assamese Storyboard

দহ দিন হৈ গৈছিল নীল ঘৰলৈ অহা। সি দেউতাক ঢুকুৱা বাবে ঘৰলৈ আহিছিল কিন্তু যোৱাৰ আগতে সি নীলমে দিয়া বিয়া প্ৰস্তাৱৰ বিষয়ে মাকক কৈ যোৱাতো দৰকাৰী আছিল( Assamese Storyboard )।  সি বাৰু নীলমক একো‌ প্ৰতিশ্ৰুতি অথবা বিয়াৰ বাবে সন্মতিও দিয়া নাছিল। তাৰ জীৱনত কোনো নাছিল আৰু কোনো অহাৰ আশাও নাছিল। সেইকাৰণে নীলমে নিজেই প্ৰস্তাৱ দিয়া বাবে সি " ভাবি কম বুলি ক'লে"।

যি তোমাৰ মন যায়  তাকে কৰা নীল..... মোৰ একো আপত্তি নাই। কিন্তু যোৱা আগত  যোৰহাটতলৈ  গৈ আহিবা কামখিনি কৰি আহিবা। তাত থকা মাটি আৰু ঘৰ আমাক ইমান প্ৰয়োজন নাই আৰু যাবা যেতিয়া ........পেহী আৰু বিনীতাৰো খবৰো লৈ আহিবা। মঞ্জুৱে সদায় কোৱাৰ দৰে স্পষ্টভাবে অকল এইকেইটা কথা কৈছিল।

মাকৰ এই কথাবোৰ তাৰ বাবে আদেশৰ দৰে আছিল আৰু নাজানো কিয় মাকে সিহঁতৰ খবৰ লৈ আহিবা বুলি জোৰ দি কৈছিল। বাহিৰত থাকোঁতে ফোন কৰিলে সি মাকক বিনীতা কথা সুধিছিল.......... কিন্তু মাকে তাক বেলেগ কথা কৈ সেই কথাতোৰ উত্তৰ নিদিছিল। নীলৰ ইমান সাহসো নাছিল যে একেটা কথাকে মাকক বাৰে বাৰে সুধিব। কিন্তু আজি..........? যিয়ে হ'ক......... কামৰ ঠাইলৈ যোৱাৰ আগত যোৰহাট আৰু বিনীতাক লগ কৰা ইচ্ছা তাৰ বহুত আছিল।



যোৰহাটলৈ বহুত দূৰ আছিল যদিও  সিহঁতৰ শৈশৱৰ কথাবোৰ মনত পেলাই সি সময়টো কটাইছিল। এটা কথা শেষ হ'লে আনটো আহি তাক আৱৰি ধৰিছিল।

" নীল" আলহীক অশান্তি নকৰিবা........ বাৰ বছৰীয়া নীলৰ বাবে ৰামৰ এই কথাটো আদেশৰ দৰে আছিল। ডাঙৰ ব্যৱসায়ীবোৰ লগত ৰামৰ নাম জড়িত আছিল।

নীলৰ সেই দিনটো মনত আছে । যেতিয়া মাকে ওপৰৰ ৰুমটো বনকৰা জনক চফা কৰিবলৈ কৈছিল। দেউতাকৰ কোনোবা পাতি লোৱা ভনীয়েক গাঁৱৰ পৰা অহা কথা আছিল। মাকৰ দুয়োজনী বায়েকে বিয়াৰ পাছত বিধৱা হৈ গৈছিল। মাকে  সেইটো দুখতে মাজে মাজে বিধৱা আশ্ৰমলৈ গৈ দান বৰঙণি দি আহে।  তেওঁ বিধৱাসকলৰ কথা বহুত ভাবিছিল আৰু তেওঁলোকৰ বাবে বহুত কষ্ট কৰিছিল। সেইকাৰণে হয়তো মাকে দেউতাকৰ ভনীয়েকক ইমান মৰমেৰে নিজৰ লগত ঘৰত ৰাখিব বিচাৰিছিল।

"মা ,তুমিটো কৈছিলা দেউতাৰ ভনীয়েক আহিব। কিন্তু তেওঁৰ লগত এজনী দন্দুৰি ছোৱালীও আহিছে........।"

" তুমি কেনেকৈ গম পালা তাই দন্দুৰি  বুলি?"মঞ্জুৱে হাঁহি মাৰি প্ৰশ্ন কৰিলে।

"সেই জনীয়ে মোক দেখি মুখখন বেকা কৰি দেখাইছে আৰু তাইৰ চুলিকোচা ইমান জোৰে মাৰি পঠিয়াইছে যে আহি মোৰ মুখত লাগিছে....‌আৰু মোক ঘূৰিও চাইছে " নীলে দুয়োখন হাত কঁকালত থৈ তাইৰ অভিনয় কৰি ক'লে।

দিনটোত কিমান বাৰ নীল আৰু বিনীতাৰ কাজিয়া হয়।কাৰ কিমান ভুল আছিল । এইবোৰ হিচাপ ৰখা কাৰো সাধ্য নাছিল। চাৰি বছৰৰ সৰু ডাঙৰ আছিল দুয়োটা।



"নীল পঢ়া-শুনা মন দিয়া............. কেইবছৰমান পাছত তুমি বাহিৰলৈ যাব লাগিব পঢ়িব বাবে ।" মাকে এদিন পঢ়ায় থাকোতে কৈছিল।

"মা বিনীতায়ে কিয় নপঢ়ে...? অকল দিনটো সাজি কাচি য'ত  ত'ত ঘূৰি ফুৰে.....….........।"

"নীল, তাই বিয়া হ'ল যে সেইকাৰণে। তাইৰ দেউতাকে তাই সৰু থাকোতেই তাইৰ বিয়া থিক কৰি থৈছে।"

" বিয়া হল যদি তাই শহুৱেকৰ ঘৰলৈ নাজায় কিয়?"

"যাব ও নীল শহুৱেকৰ ঘৰলৈ.......... সৰু হৈ আছে যে,যেতিয়া ১৬ বছৰ মান হব, তেতিয়া শহুৱেকৰ ঘৰলৈ যাব।"

"হে ভগৱান এইজনীক আৰু ৭ বছৰ মই সহ্য কৰিব লাগিব মানে" বুলি নীলে আঙুলিত হিচাপ কৰি ক'লে আৰু মাকে হাঁহিবলে ধৰিলে।

সময় পাৰ হোৱা লগে লগে সিহঁতৰ মাজত আগৰ দৰে কাজিয়া নোহোৱা হ'ল।

"মই আছোঁ যেতিয়া তুমি কিয় চিন্তা কৰা বিনীতা । চোৱা মই মেট্ৰিকৰ পৰীক্ষা বাবে কিমান চেষ্টা কৰি পঢ়িছোঁ......... তুমিও দেউতাক কৈ স্কুলত নাম লগাই লোৱা আৰু পঞ্চম শ্ৰেণী পৰীক্ষা দি দিয়া...... মই পঢ়োৱাই দিম নহয় তোমাক।"

" নালাগে নীল মায়ে কৈছে ঘৰৰ কাম কাজ শিকিবলৈ পাছলৈ বোলে কামত আহিব। আগৰ বছৰলৈ মই শহুৰদেউতা ঘৰলৈ যাব লাগিব যে। শহুৰেকৰ ঘৰৰ কথা শুনিলে তাইৰ মুখখন লাজত ৰঙা হৈ পৰে।

বিনীতাই ঘৰৰ কাম শিকিবলৈ চেষ্টা কৰিছিল আৰু মঞ্জুৱে তাইক কেতিয়াবা চাদৰ মেখেলা পিন্ধায়ো দিছিল.......। তাইৰ বগা ৰঙৰ শৰীৰটোত সকলো ধৰণৰ চাদৰ মেখেলা ভাল লাগিছিল। দীঘল চুলিকোচা আগলৈ আনি থৈ দিয়ে।কিবা পূজা বা ব্ৰতত তাইৰ শিঁৰৰ সেন্দুৰ আৰু ৰঙা ৰঙৰ ফুটেই  তাইৰ সৌন্দৰ্য আৰু বঢ়াই দিয়ে। ১৩ বছৰ বয়সতে তাই পুতলা লগত খেলাৰ সলনি শহুৰেকৰ ঘৰলৈ যাবলৈ সাজু হৈ আছিল। কিন্তু এতিয়া  তাই আগৰ দৰে কাজিয়া নলগা হ'ল।



"এইয়া কি কৰি আছা নীল..........."

"চন্দ্ৰলে যোৱা প্ৰস্তুতি .......... প্ৰথমতে ৰকেটৰ চিত্ৰ আঁকিম আৰু তাৰ পাছত ৰকেট বনাম.......... বৈজ্ঞানিক হ'ম মই। তাৰ পাছত ৰকেটত বহি যাম........ চন্দ্ৰলৈ........ আৰু তাত ভৰি দিম।"

সহজ-সৰল বিনীতাক সি যিটি কৈ  দিয়ে আৰু তাই বিশ্বাস কৰি লয়।

"চন্দ্ৰ? বহুত দূৰত থাকে চোন চন্দ্ৰ তুমি কেনেকৈ যাবা তালে........কোৱা না নীল? অকলে ভয় নালাগিব নি তোমাৰ। মোকো লৈ যাবা...... তোমাৰ সকলো কাম কৰি দিম । মনে মনে কিয় আছাঁ.......কোৱা না নীল,কোৱা না ? বিনীতাই এবাৰ কিবা সুধিলে আৰু তাই প্ৰশ্ন উপৰি প্ৰশ্ন সুধিয়ে গৈ থাকে।

"হ'ব হ'ব লৈ যাম চন্দ্ৰলৈ....... কিন্তু তাৰ আগত তুমি ক'ব লাগিব যে মোৰ লগত আৰু কেতিয়াও কাজিয়া নকৰা .........।"

"হ'ব হ'ব সঁচাকৈ কৈছোঁ ............আজিৰ পৰা আৰু কাজিয়া নালাগো তোমাৰ লগত................ কিন্তু মোক চন্দ্ৰলৈ লৈ যাবাদেই .......... মই অপেক্ষা কৰিম........."।

সঁচাকৈয়ে তাই আৰু তাৰ লগত কাজিয়া কৰিব নোৱাৰিলে। কাৰণ নীলহঁত যোৰহাটৰ পৰা গুচি গ'ল আৰু তাৰ পাছত নীলক পঢ়িবলৈ বাহিৰলৈ পঠিয়াই দিলে। বাহিৰলৈ পঢ়িবলৈ যোৱা পাছত সি কেইবাৰ মানহে ঘৰলৈ আহিব পাৰিছে।


" বাবু যোৰহাট আহি পালো বুলি ড্ৰাইভাৰজনে গাড়ীখন ৰখাই ক'লত হে তাৰ পুৰণা স্মৃতিবোৰ নাইকীয়া হ'ল।


প্ৰায় ৯ বছৰ পাছত সি যোৰহাটৰ ঘৰলৈ আহিছিল।এটা দীঘলীয়া উশাহ লৈ সি চাৰিওফালে চকু ফুৰাই চালে আৰু দেখিলে চকি , টেবুল সকলোবোৰ বস্তু আগৰ দৰেই আছে।   নীলে ঘৰটোত সোমাই বেলেগ ধৰণৰ সুখ অনুভৱ কৰিছিল.......। কোনোবা আহা যেন লাগিলত সি ঘূৰি চালে।

" পেহী........?"

"মন্দিৰ গল" - নীললৈ চাহ একাপ অনা গৰাকীয়ে ইমান কন কৈয়ে আঁতৰি গল।

বাবু আপুনি ভাত কেতিয়া খাব । আজি সকলোবোৰ আপোনাৰ পচন্দৰ বনাইছো। "নীলক কাষলৈ আহু হাঁহি মুখেৰে চকু পানীৰ সৈতে হাত জোৰ কৰি সিহঁতৰ ঘৰত কাম কৰা ৰামুৱে ক'লে।

"পেহী বাৰু মন্দিৰলৈ গ'ল আৰু বিনীতা........তাই চাগে নিজৰ শহুৰেকৰ ঘৰতে আছে .........। এতিয়াও আগৰ দৰেই আছে নে অলপ সলনি হ'ল তাই........? নীলে হাঁহি মুখে ৰামুৰ হাতত ধৰি ক'লে।

"আপুনি এতিয়ালৈকে তাইক লগ কৰা নাই নেকি বাবু.......চিনি নাপালে নেকি আপুনি............ এতিয়া চাহ দিবলৈ তাইয়ে চোন আহিছিল...........। "ৰামুৱে অলপ চক্ খোৱা দৰে কৰিলে।

  "বিনীতাক আৰু একাপ  চাহ লৈ আহিব ক'ব চোন ৰামু দাদা।" ভাত পাছত খাম........ "

"ইনেই ইমান দূৰ আহিলো........  বিনীতাই মোক পাহৰিলেই । নহ'লে তাই  দহটা নহ'লেও এটা দুটা প্ৰশ্ন কৰিলেহেঁতেন আৰু দীঘলীয়া চুলিকোচা মোৰ মুখত মৰিলে হেঁতেন। এতিয়া চাহ দিবলৈ আহিলে মই তাইৰ চুলিকোচা টানি নিজেই সুধিম তাইক যে........."( Assamese Storyboard )



"আপুনি চাহৰ লগত কিবা খাব নেকি?" ক্ষীণ পাতল চাঁহ এটা দেখি সি  আনন্দতে ঠিয় হ'ল কিন্তু ..... এইয়া কি........

নীলে চক্ খাই উঠিল গাৰ ৰং ৰূপ একেই কিন্তু সাজ পাৰ......... শিঁৰৰো খালি আছিল। কাণ,নাক , হাত আৰু ভৰিয়ে যেন বহুত বছৰৰ পৰা নিজৰ গহনা বাবে বাট চাই আছে। শিঁৰতো আধা লৈকে বগা চাদৰৰ আঁচলেৰে ধাক খাই আছিল।

তাই আগৰ দৰে দীঘল চুলিকোচা...............

নাই.................... চিঞৰি উঠিল নীলে........... যেতিয়া সি বিনীতাৰ চুলি নাইকীয়া মূৰটো দেখিলে।

বিনীতাই চক্ খাই উঠিল তাৰ চিঞৰ শুনি । কিন্তু তাইৰ বুজি পাবলে দেৰি‌ নালাগিল সি চিঞৰা কাৰণটো।

তাই অলপ লাহেকৈ হাঁহি মাৰিলে। আগৰ সেই ছোৱালীজনী এতিয়া কি হয় গ'ল । তাইৰ মূৰত  বগা কাপোৰ আছিল আৰু তাই মূৰৰ পৰা সাপে বিষ উলিয়াই থকাৰ দৰে তাইৰ মূৰটো হৈ আছিল।

জীৱনত প্ৰথমবাৰৰ বাবে তাই মনে মনে আছিল। তাইৰ লাহে লাহে কঢ়া খোজে সকলো কৈ আছিল........।

নীল........... নীল....... বহুত দেৰি কৰিলা অহাত.....

ইমান দূৰত আছিলা নে তুমি........যে মোৰ একো চিঞৰ মাত তুমি নুশুনিলা? চোৱা না নীল এই স্বাৰ্থপৰ সমাজখনে মোৰ কি অৱস্থা কৰিলে..............।শহুৰৰ ঘৰলৈ গৈ মই স্বামী হত্যাকাৰী বুলি নাম পালোঁ। জোৰ কৰি মোৰ চুলি কাটি দিলে। মোৰ খাৰুবোৰো ভাঙি পেলালে............। মোৰ সাজ পাৰবোৰ খুলি  , বগা কাপোৰ পিন্ধাই দিলে আৰু মোক গোটেই জীৱন বগা কাপোৰ পিন্ধি থাকিবলৈ আদেশ দিলে। মই সেই সময়ত কিমান কান্দিছিলোঁ তুমি জানা নীল........ কিন্তু সেই সময়ত কোনেও মোক সহায় কৰিবলৈ অহা নাছিল জানা নীল........... তুমিও নাহিলা নীল.......

তোমাক কি কোনেও খবৰ দিয়া নাছিলে নেকি।মোৰ মা আৰু তোমাৰ মায়েও চকুত চকু পানী লৈ তাৰ পৰা গুচি আহিছিল মোক এৰি । তাৰ পাছত মোক মাৰ ওচৰলৈ পঠিয়াই দিলে।

"এটা কথা কোৱা নীল......... তোমাৰ চন্দ্ৰটো কি পুতলা খেলা বয়সতে ছোৱালী বোৰক বিয়া পাতি দিয়া হয় নেকি? তাতো কি নিয়ম নীতিৰ নামত এইবোৰ কষ্ট দিয়ে নেকি?নীল....... তাতো কি দুয়োখন ঘৰৰ সন্মান এজনী স্ত্ৰীয়ে অকলে ৰক্ষা কৰিব লাগে নেকি? কোৱা না নীল........ কোনোবাৰ স্বামী ঢুকুৱা দুখ তাইৰ বাবে যথেষ্ট নহয় নেকি যে তাইৰ পৰা এই সমাজখনে সকলো ৰং ধেমালি , হাঁহি কাঢ়ি লয়।"



বিনীতা ৰুমৰ পৰা বাহিৰলৈ উলাই গৈছিল। কিন্তু নীল তাতে একে থৰে হতাশ হৈ থিয় হৈ থাকিল। সি বুজি পাইছিল এতিয়া মাকে কিয় কৈছিল যে" যি মন তাকে কৰা........... মোৰ একো আপত্তি নাই খালি তাৰ আগত যোৰহাট গৈ..............বিনীতা খবৰ ..........."

বাহিৰত আন্ধাৰে লাহে লাহে আৱৰি ধৰিছিল। কিন্তু নীলৰ মনত বিনীতাক বগা সাজ পাৰ আৰু তাইক অন্ধকাৰ জীৱন পৰা উলিয়াই আনিবলৈ হেঁপাহৰ জন্ম  হৈছিল আৰু মাকৰো এইটোৱে ইচ্ছা আছিল। সেইকাৰণেটো তেওঁ চাকৰি ঠাইলৈ যোৱাৰ আগত যোৰহাট আহিবলৈ ক'লে আৰু যি মন যায় কৰা মানে শেষ সিদ্ধান্ত সিয়ে ল'ব লাগিব। সি বহুত হেঁপাহেৰে পেহীয়েক মন্দিৰৰ পৰা অহালৈ বাবে বাট চাই আছিল।

"নীল........" লাহে লাহে ওচৰলৈ অহা ভৰিৰ খোজ আৰু মূৰত হাত বুলাই দিলত সি পেহীয়েক বুলি গম পালে। সি হাঁহি মাৰি পিছফালে ঘূৰি চালে।

"নীল , ভালে আছা নে তুমি .....?"

"আপোনাৰ ভাল নে পেহী .......?" সুধিছিল যদিও সি কিন্তু পেহীয়েকক দেখিয়েই তেওঁৰ অৱস্থা বিষয়ে জানিছিল। বহুত দূৰ্বল আৰু মন মাৰি আছিল। চকুত বিধৱা জীয়েকৰ চিন্তাৰে ভৰি আছিল। তাৰ পিছতো নীলক দেখোৱাই হাঁহি আছিল।

"এতিয়া আহিছা.........যেতিয়া ঘৰতো বেছি থয় হে যাবা। ইয়াত এতিয়া তোমাৰ একোৱেই নাই চোন।মাকো চাগে তুমি য'ত থাকা তালে লৈ যাবা ন?? তুমি এতিয়াটো তাতে থাকিবা ন নীল? আমাৰ চিন্তা নকৰিবা নীল মইটো মন্দিৰতে থাকো লাহে লাহে বিনীতায়ে ও শিকি যাব তাত থাকিবলৈ...........। কিমান আৰু আমি তোমাৰ ওপৰত ............"পেহীয়ে যেন সকলোবোৰ একেলগে কৈ দিব খুজিছিল।

"ঠিকেই কৈছে পেহী............. কিমান আৰু আপোনালোক ইয়াত অকলে থাকিব। সেইকাৰণে মায়ে আপোনালোকক আমাৰ ঘৰলৈ মাতি পঠাইছে।"আপোনাক কোনে ক'লে মই ঘৰটো বিকিবলৈ অহা বুলি।"নীলে হাঁহি মাৰি পেহীয়েকৰ কথা জানি বুজি আধাতে ৰখাই ক'লে।

 "কিন্তু মঞ্জুৱে চোন ফোনত কৈছিলে................."

"কোৱা আৰু শুনাত চাগে কিবা ভুল হ'ল মইটো মাৰ আদেশ মতেই আপোনালোকক নিবলে আহিছোঁ পেহী। "

"কিন্তু নীল ........ তুমিটো বাহিৰত............"

"মই এতিয়া বাহিৰলৈ আৰু নাজাও গুৱাহাটীতে থাকি উকিলৰ চাকৰি কৰিম। আপুনি জানে নে মায়ে হেঁপাহেৰে আপোনালোকলে বাট চাই আছে।"

"কিন্তু.........."



"কিন্তু নহয় পেহী। আপোলোকে যাবলৈ কাপোৰ কানি  বেগত ভৰোৱক। মায়ে সঁচাকৈ আপোনালোকলে অপেক্ষা কৰি আছে। হাতত সেই ৰঙা চুৰনীখন লৈ যিখন মা আৰু আপুনি বহুত কষ্ট কৰি মোৰ হ'ব লগা কইনাজনীৰ বাবে বনাইছিল আৰু যিখন লৈ এজনী দন্দুৰি ছোৱালীয়ে মোক আগতে জোকাই থাকিছিল।

পেহীয়েকে নীলৰ কথা বিশ্বাস কৰিব পৰা নাছিল।

"মায়ে আজি সেই ছোৱালীজনীকে গোটেই জীৱনৰ বাবে সেই চুৰনীখন দিবলৈ মাতিছে.....................।"

নীলে কথাবোৰ ডাঙৰ ডাঙৰ কৈ কৈছিল সি জানিছিল যে বিনীতাই দুৱাৰৰ কাষত ৰৈ কথাবোৰ শুনি আছিল।

সমাপ্ত…


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages