দুদিনমান স্কুলৰ পৰা ছুটী ললে এনিশাই । মানসিক আৰু শাৰিৰিক ভাৱে ভাগি পৰিছিল তাই । শোৱা খোৱা সকলোতে খেলিমেলি হ'ল ( Assamese Storyboard )। নিৰ্মলাই বুজায় তাইক -- " চোৱা এনি , তুমি এনেকৈ নাখায় নবৈ থাকিলে কি হ'ব ..এবাৰ সন্তানটোৰ কথা ভাবাছোন । যি থিতাপি লৈছেহে মাথোন । সমৰৰ দোষৰ ভাগী সন্তানটিক নিদিবা এনি । এতিয়া তুমি আহিব লগীয়া সন্তানটিৰ কথা ভাবা ,আৰু কষ্ট নিদিবা ।তুমি খোৱা বোৱাত গুৰুত্ব দিয়া ..বাদ দিয়া সমৰৰ কথা..তাৰ কথা ভাবি দুখত ম্ৰিয়মান হ'বলৈ কোনো দৰকাৰ নাই ।"
শাহুৱেকে ঠিকেই কৈছে .. তাই দুখত ইমানেই ভাগি পৰিছিল যে সন্তানটিৰ কথা পাহৰিয়েই গৈছিল । বহুত দুখ কৰিলে ..বহুত চকুপানী বোৱালে তাই সমৰৰ নামত ..এতিয়া তাই সন্তানটো কথা ভাবিব। নিজৰ কথা ভাবিব । চকুপানী মোহাৰি পেলায় তাই ।স্কুললৈ পুনৰ অহা-যোৱা কৰিবলৈ ললে এনিশাই । গতানুগতিক ভাৱে সময়বোৰ গৈ থাকিল । গৰ্ভৰ সন্তানটি পাঁচ মাহত ভৰি দিলে । এনিশাৰ মাক-দেউতাক আহি পঞ্চামৃত খুৱাই থৈ গ'লহি এনিশাক । এদিন হঠাতে পদুলিত গাড়ী ৰখাই সমৰ সোমাই আহিল ঘৰলৈ । আহিয়েই পোনেই নিজৰ ৰূমলৈ গৈ যাৱতীয় কাগজ-পত্ৰ লগতে অলপ পিন্ধা কাপোৰ লৈ ওলাই আহিল । সেই সময়ত এনিশা স্কুলত আছিল । সমৰ ৰূমৰ পৰা ওলাই আহোঁতে মাকৰ মুখামুখী হয় ।
সজোৰে চিঞৰি উঠে নিৰ্মলাই -- কিয় আহিছ তই , এইখন ঘৰত তোৰ কোনো অধিকাৰ নাই ..ভবিষ্যতে কোনোদিনে এইখন ঘৰত ভৰি নিদিবি তই । তোক লালন পালন কৰাতে কি ভুল থাকি গৈছিল যে তই আজি মোক এইতো বয়সত ইমানটো ডাঙৰ দুখ দিলি ? এনিশাই কি ভুল কৰিছিল ? মই কি ভুল কৰিছিলো ..এতিয়াও পৃথিৱী নেদেখা সন্তানটোৰ কি ভুল আছিল ..ক'ব পাৰিবি তই ??"
একো নকয় নিৰৱে ওলাই গুছি গৈছিল সমৰ । নিৰ্মলা ফোপাইছিল ..চকুত একুৰা জুই জ্বলিছিল ..অনিতাই লৰালৰিকৈ এগিলাচ পানী আনি দিছিল । চকিখনত ধুপোছকৈ বহি পৰিছিল নিৰ্মলা । চকুৰ জুইকোৰা লাহে লাহে কমি গৈ পানী হৈ ওলাইছিল । এনিশা স্কুলৰ পৰা অহাৰ পাছত অনিতাই সকলো কৈছিল ।( Assamese Storyboard )
সময়বোৰ পাৰ হৈছিল ..এদিন এনিশা এটা সুন্দৰ লৰা সন্তানৰ মাক হৈছিল । কান্দিছিল সিদিনা তাই ..হেঁপাহ পলুৱাই কান্দিছিল । কোনেও একো কোৱা নাছিল ..নিৰ্মলাইও । কান্দক তাই ..কান্দি কান্দি গধুৰ হৈ থকা বুকুখন পাতল কৰক তাই । নিৰৱে মাথো হুমুনিয়াহ কাঢ়িছিল নিৰ্মলাই ।
প্ৰকৃতিৰ পৰিবৰ্তন হৈছে ..শেৱালিফুলবোৰ তলভৰি সৰি আছে ..সেউজীয়া দুবৰিত নিয়ৰৰ টোপাল পৰি জিলিকি উঠিছে মুকুতাৰ দৰে । বহুদিনৰ মুৰত এনিশাই প্ৰকৃতিৰ বিনন্দিয়া ৰূপত মোহ গ'ল ।সেউজীয়া দুৱৰিত খোজ পেলাই এনিশাই এপাহ শেৱালি বুটলি ললে । নাকেৰে উজাই ললে সুগন্ধি ..শেৱালিৰ সুবাসে মন মতলিয়া কৰিছিল এসময়ত এনিশাৰ । এতিয়া ..এতিয়া আৰু তাইক একো বস্তুৱেই মতলিয়া কৰিব নোৱাৰে । হঠাৎ বতৰে ৰূপ সলালে ..ক্ষন্তেকতে আকাশত কলিয়া ডাৱৰ উপচি পৰিল । হুৰহুৰাই নামি আহিল এজাক বৰষূণ । এনিশা কিন্তু একে ঠাইতে ৰৈ থাকিল । ধুই নিয়ক বৰষূণজাকে তাইৰ মনৰ সকলো অৱসাদ । ধুই নিয়ক লগতে সমৰৰ প্ৰতি থকা মৰমবোৰ ..হেঁপাহবোৰ ..স্মৃতিবোৰ ।
" এনি !! বৰষূণত কিয় তিতিছা? কি হৈছে তোমাৰ ? "
-- হাতত ধৰি টানি লৈ আহে শাহুৱেকে এনিশাক ।টাৱেল এখনে মুৰৰ চুলিবোৰ মচি দিয়ে । নীৰৱ নিস্তব্ধ হৈ মূৰ্ত্তিৰ দৰে ৰৈ থাকে মাথো এনিশা ।চকুপানী বৈ আহে নিৰ্মলাৰ -- " কিয় ইমান দুখ দিছা প্ৰভূ তাইক ? কিয় প্ৰভূ ? কিয় ?? ভাগি পৰে দুখত নিৰ্মলাও ।
লাহে লাহে নীৰ ডাঙৰ হ'বলৈ ধৰে । মা শব্দটোত এনিশাৰ মন ভৰি পৰে । নিমৰ্লাইও নাতিয়েকক লৈ ব্যস্ত হৈ পৰিল । নীৰ আধা ফুটা ঠুনুক-ঠানাক মাতে ঘৰখনলৈ সজীৱতা আনিলে । নিৰ্মলাৰ কাম বঢ়াই নীৰে ..পঢ়ি থকা বাতৰি কাকতখন লৈ থুপুুক-থাপাক খোজেৰে সেইখিনিৰ পৰা আঁতৰ হয় ..পিছে পিছে নিৰ্মলাই গৈ বাতৰিখন আনিবলৈ চেষ্টা কৰে । অনিতাই বাচি থকা চাউলবোৰৰ এমুঠি লৈ খৰ খোজেৰে আঁতৰ হয় নীৰ । গা ধুওৱাৰ পাছত কাপোৰ পিন্ধাবলৈ লৈ ভাগৰি পৰে এনিশা ..বহল বিচনাখনত ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰে নীৰ।নীৰৰ দুষ্টামিবোৰ দেখি নিৰ্মলাৰ সমৰলৈ মনত পৰে ..সৰুতে সিও এনেকুৱাই আছিল । কমখন লটিঘটি কৰিছিলনে আইতাকক সমৰে ।অজানিতে ওঁঠৰ মাজেৰে এটি হাঁহি ওলাই আহে নিৰ্মলাৰ ।
আগলৈ ...
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment