অহংকাৰী প্ৰেমিকাৰ শেষত এনে অৱস্থায়ে হয় : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 25, 2021

অহংকাৰী প্ৰেমিকাৰ শেষত এনে অৱস্থায়ে হয় : Assamese Storyboard

 

Assamese Storyboard

আজি তেওঁ কিদৰে ইমান সহজে কৈ দিলে যে আজিলৈকে তোমাৰ বিষয়ে যি ভাবিছিলো সেই সকলোবোৰ ভুল আছিল। এই শব্দকেইটাই এতিয়ালৈকে মোৰ কাণত বেজিৰ দৰে খুচি আছে। তোমাক কেনেকৈ বুজাও উদয় আজি তুমি কি কলা আৰু কিয় কলা?( Assamese Storyboard )

এতিয়ালৈকে ইয়াৰ আগতেও উদয় আৰু ৰিম্পীৰ মাজত বহুতবাৰ কাজিয়া হৈছে নে এইটো কম যে বহুতবাৰ নহয় হাজাৰবাৰ হৈছে। মাহ মাহ ধৰি দুয়োৰে মাজত কথা বতৰা নহয়। ৰিম্পীয়ে ফোন ৰিচিভ নকৰে। হোৱাটছএপ, এফ .বিত ব্লক কৰি দিয়ে উদয়ক। কিন্তু উদয়ে প্ৰতি বাৰে যিকোনো উপায়েৰে তাইক মান্তি কৰাই সম্পৰ্কটো আগবঢ়াই নিয়ে। কিন্তু এইবাৰটো উদয়ে ৰিম্পীক এনেকৈ কলে। ৰিম্পীৰ ব্যৱহাৰৰ পৰা উদয়ৰ আজি কৰবাত নহয় কৰবাত এনেকুৱা লাগিল যেন ৰিম্পীৰ বাবে উদয়ৰ কোনো মূল্য নাই । ৰিম্পীয়ে এতিয়ালৈকে এইটো বুজি পোৱা নাই যে উদয়ে তাইৰ বিষয়ে এনেদৰে ভাবিব কেনেকৈ পাৰিলে, কোৱাটো দূৰৰে কথা।

      


আজিও ৰিম্পীৰ মনত আছে, কেনেকৈ তাই আৰু উদয়ৰ প্ৰথম চিনাকি এটা চাটিং মেছেনজাৰত হৈছিল। আৰু কথা পাতি পাতি কেতিয়া লগ পাব ধৰিলে সিহঁতে গমেই নাপালে। তাৰ পাছত, চিনাকি প্ৰেমলৈ সলনি হল। উদয়েতো সেই সময়ত ৰিম্পীক বহুত প্ৰেম কৰিছিল যে ৰিম্পীয়ে ভাবিবও নোৱাৰে। ৰিম্পিয়ে সদায় উদয় আৰু তাইৰ মাজত সীমা চেৰাই যাব নিদিয়ে। ৰিম্পীয়ে সদায় ভয় কৰে যে তাই ইমান ভাগ্যবান হব নোৱাৰে যে উদয়ক তাই জীৱন সংগী ৰূপে পাব। উদয়ে তাইক বিয়া কৰাব খুজিছিল কিন্তু ৰিম্পিয়ে ইচ্ছা কৰিও তাক সন্মতি দিব পৰা নাছিল। আৰু শেষত সেইয়াই হল যাৰ বাবে সদায় ভয় আছিল। উদয় আৰু ৰিম্পীৰ বিয়া বেলেগৰ সৈতে হল। আৰু দুয়ো অনিচ্ছাস্বত্তেও নিজৰ নিজৰ জীৱনত আগবাঢ়ি গল। তাৰ পাছত দুয়োৰে মাজত কোনো কথা বতৰা নহল।

     হঠাৎ বিয়াৰ ২ বছৰ মান পাছত লগ পালে। আজিও উদয়ে ৰিম্পীক সিমানেই ভাল পায়। কিন্তু ৰিম্পিৰ এই সম্বন্ধটো ভুল যেন লাগিল কাৰণ দুয়ো এতিয়া বিবাহিত।  ৰিম্পীয়ে বিয়াৰ পাছত  অবৈধ সম্পৰ্ক ৰাখিব নোখোজে কিন্তু উদয়ৰ মতে ," আমাৰ সম্পৰ্ক অবৈধ কেনেকৈ হব পাৰে? এই সম্পৰ্কটো আমাৰ বিয়াৰ আগতেই গঢ়ি উঠিছিল। আৰু মই সদায় তোমাক মোৰ পত্নী ৰূপে দেখিছিলো, দেখোঁ আৰু আগলৈও দেখি থাকিম , তোমাৰ কিবা আপত্তি? "



  তথাপিও আজি ৰিম্পীয়ে উদয়ক মনৰ কথা নকলে যে তাই এতিয়াও উদয়ক ভাল পায়। লাহে লাহে বছৰ পাৰ হল আৰু ৰিম্পিৰ মনটো উদয়ৰ দিশে  চাপি গল। তাই ইচ্ছা কৰিও নিজক বুজাব নোৱাৰিলে।

আজি হঠাৎ ১১বছৰৰ পাছত তাই মনৰ কথা উদয়ক কৈ পেলালে। ইমানবছৰে কেৱল উদয়ে নিজৰ প্ৰেম ৰিম্পীক দেখুৱাই। কিন্তু তাই সদায় এই সম্পৰ্কতো বাধা দি আহিছে। ইয়াৰ কাৰণো শুদ্ধ আছিল। ৰিম্পীৰ এনেকুৱা লাগিছিল যে যদি তাই আকৌ উদয়ক ভাল পাবলৈ ধৰে তেন্তে সি আকৌ তাইৰ পৰা আঁতৰি যাব। ইমানেই নহয় , তাই যেতিয়া উদয়ৰ সন্মুখত নিজৰ ভালপোৱাক স্বীকাৰ কৰিছিল তেতিয়াও তাই তাক কৈছিল যে,"মোক এৰি থৈ নাযাবা।" সেই সময়ত উদয়েও এনেদৰেই কৈছিল," যাবলৈ থকা হলে উভতি কিয় আহিলোঁহেঁতেন?" কিন্তু এতিয়া যেন সকলো কথা হৈয়ে ৰব। আজিও ৰিম্পীয়ে মনৰ কথা উদয়ক এইকাৰনেই  কলে  কাৰণ তাই ভাবিছিল যে 'উদয়ক ভাল পায় তাৰ সতে জীৱনটো জীয়াই লৈ মৰি যাম। অন্তত মনত এইটো শান্তি লাগিব যে যাক প্ৰেম কৰিলো তাক মনৰ কথা খুলি কব পাৰিলো আৰু কিছুসময় তেওঁৰ লগত কটাব পাৰিলো।' সেইকাৰণে তাই ইমান বছৰৰ পাছত মনৰ কথা উদয়ক কলে। কিন্তু আজি উদয়ে ৰিম্পীৰ কথাত বিশ্বাস কৰিব পৰা নাছিল।



    যোৱা ১৫ দিন ধৰি দুয়োৰে মাজত একো ঠিক নাই। যি উদয়ে ৰিম্পীৰ লগত থাকিব খুজিছিল আজি সি তাইৰ পৰা আঁতৰি যাব বিচাৰিলে। ৰিম্পীয়ে যেতিয়া কাৰণ সুধিলে সি কথাবোৰ ঘূৰাই পকাই কবলৈ ললে। উদয়ৰ মাজত হোৱা এই পৰিৱৰ্তনে ৰিম্পিক চিন্তিত কৰি তুলিলে। ইফালে উদয়ে ১০ দিনৰ ছুটিত ঘৰলৈ গৈছে ,সেইবাবে তাই উদাস আছিল।

তাই ইচ্ছা কৰিও তাক একো কব পৰা নাছিল কাৰণ সি তাইৰ কথাবোৰ কি বুলি ভাবিব ঠিক নাই । আৰু আনফালে তাই জানিছিল যে উদয় ঘৰলৈ গৈছে যেতিয়া সি অলপ ব্যস্ত থাকিব। হয়তো তাইৰ ভয় নকৰিলে হয় যদি এই ১০ দিনত সি এবাৰ তাইক মনত পেলোৱা হলে।

     ৰিম্পীয়ে সদায় তাৰ ফোন মেছেজৰ বাবে অপেক্ষা কৰি থাকে কিন্তু তাৰফালৰ পৰা কোনো ফোন, মেছেজ নাহে। হঠাৎ ৬ দিন পাছত উদয়ৰ মেছেজ আহিল,"মই অহাকাইলৈ যাম"। মেছেজটো পাই ৰিম্পীৰ ফুৰ্তিৰ ঠিকনা নাই আৰু আনফালে তাইৰ উদয়ৰ ওপৰত খং উঠিল। কিন্তু তাইৰ খং সিহঁতৰ ভালপোৱাৰ ওপৰত পৰাভূত হল। তাই খঙতে মেছেজৰ ৰিপ্লাই কৰিলে," মই ঘৰত নাই , মই চহৰৰ বাহিৰত আছো। মই চহৰত থকা হলেও তোমাক লগ কৰিব নোৱাৰো।"

 উদয়ে পুনৰ উত্তৰ দিলে," সচাকৈ তুমি চহৰৰ বাহিৰত আছা  নে মিছা মাতিছা?  মোৰ শপত খাই কোৱা যে তুমি চহৰৰ বাহিৰত আছা ।"

  ৰিম্পীয়ে খঙত থকাৰ বাবে মেছেজ কৰিলে,"শপত খাই কৈছো মই চহৰৰ বাহিৰত আছো।"( Assamese Storyboard )



এইটো উত্তৰ পোৱাৰ পাছতো পিছদিনা উদয় ৰিম্পীৰ ঘৰলৈ যায় আৰু ৰিম্পীক ঘৰত দেখি তাৰ খং উঠে।

  " তোমাৰ বাবে মোৰ, মোৰ ভালপোৱাৰ, মোৰ শপতৰ কি কোনো মূল্য নাই  ?" এইটো কথাৰ বাবে সি তাইৰ লগত কথা পতা বন্ধ কৰি দিয়ে। ৰিম্পীয়ে কোনো পধ্যেই তাইৰ কথা উদয়ক বুজাব পৰা নাছিল। উদয়েও তাইৰ কথা শুনিবলৈ আৰু বুজিবলৈ বিচৰা নাছিল। তাইৰ হাজাৰ চেষ্টাৰ পাছতো উদয়ক বুজাব নোৱাৰিলে। ৰিম্পীয়ে বিচাৰে যাতে সি তাইক আৰু তাইৰ ভাবনাবোৰক বুজি পাই কিন্তু সি একো বুজিবই নিবিচাৰে।  তাই ইচ্ছা কৰিও আগবাঢ়িব পৰা নাই কাৰণ তাই বুজি পাইছে যে তাই উদয়ৰ পত্নী নহয়। যি পত্নী নহয় , তাইক সমাজে দ্বিতীয় তিৰোতা আৰু অবৈধ সম্পৰ্ক বুলিয়েই কয়। সমাজে এনেকুৱা সম্পৰ্কবোৰ নুবুজে আৰু সমাজত এই সম্পৰ্কৰ বাবে কোনো ঠাই নাই। এইবোৰ জনাৰ পাছতো ৰিম্পি উদয়ৰ লগত থাকিব বিচাৰে। তাই একো চিন্তা নকৰে যে তাইৰ বিষয়ে কোনে কি ভাবিব, কোনে কি কব। তাই মাত্ৰ এটাই জানে যে উদয়ে কি কব , কি ভাবিব।



    কোৱা যায় যে সময়ে সকলো ঠিক কৰি দিয়ে, সেয়াই সিহঁতৰ লগতো হল। চুটি শেষ কৰি যেতিয়া সি আকৌ অফিচ জইন কৰিলে তেতিয়া ৰিম্পীয়ে এই বিষয়ে কলে। কিন্তু সেই সময়ত সি কোনো কথাই শুনিব খোজা নাছিল। ৰিম্পীয়ে বাৰে বাৰে বুজোৱাৰ পাছত হয়তো সি বুজি পালে কিন্তু এইবাৰ তাৰ  ৰিম্পীৰ প্ৰতি ব্যৱহাৰ বেলেগ আছিল। সি তাইক এভইড কৰিব ধৰিছে। ইয়াৰ কাৰণ তাই বহুতবাৰ জানিব চেষ্টা কৰিলে কিন্তু সি কিবা নহয় কিবা প্ৰকাৰে কথা সলাই দিয়ে।

   আজি অফিচৰ পৰা উদয়ে চুটিত আছিল সেইবাবে ৰিম্পীৰ কথামতে সি তাইক লগ কৰিবলৈ মান্তি হল। দুয়ো লগ হল আৰু বহুত কথা পাতিলে। কথাৰ মাজতে তাৰ মুখৰ পৰা এইটো কথা ওলাই গল যে সি তাৰ বিবাহিত জীৱনত আৰু পত্নীৰ লগত বহুত সুখী। কথাষাৰ শুনি ৰিম্পী উচপ খাই উঠিল। কিন্তু তাই মনতে এইটো ভাবি সান্তনা ললে যে সি তো কোনোদিন এইটো কোৱা নাছিল যে সি তাৰ পত্নীৰ লগত সুখী নহয়। তাইতো নিজেই মানি লৈছিল যে সি যেতিয়া বিয়াৰ পাছত পুনৰ উভতি আহিছে তাইক সি বহুত ভাল পায়। হয়তো সি পাহৰিব নোৱাৰিলে, হয়তো সি তাৰ পত্নীৰ লগত সুখী নহয়।অৱশ্যে সি এনেদৰে কোৱা নাছিল।



  কথা বতৰা আগবাঢ়িল। আজি হয়তো উদয় বহুত সুখী, নহলে সি তাইক নজনাকৈয়ে সকলো সঁচা কব বিচাৰিছিল। সি তাইক তাৰ ভৱিষ্যত পৰিকল্পনাৰ কথা কলে। তাত কেৱল উদয় আৰু তাৰ পত্নীহে আছিল। মাত্ৰ ৰিম্পী সেই ভৱিষ্যতত নাই। তথাপিও আজি তাই ঘূৰাই কোনো প্রতিক্ৰিয়া নকৰিলে। এইয়া সেইজনী ৰিম্পীয়েই আছিল যিয়ে সৰু সৰু কথাত কাজিয়া কৰিছিল, উদয়ক খং কৰিছিল, কথাবোৰ বেছি বহলাই বহুত দিনলৈকে কথা নপতাকৈ আছিল।আজি তাই আকৌ কব নোৱাৰিলে। এতিয়া তাই উদয়ক কথাৰ মাজতে বাধা দি কলে যে তাই ঘৰলৈ যাব লাগিব কিবা দৰকাৰী কাম মনত পৰিল। প্ৰতিবাৰৰ দৰে উদয়ে তাইক ধৰি ৰাখিবলৈ জিদ নকৰিলে আৰু তাইক তাইৰ ঘৰত থৈ আহিল।

    আজি ৰিম্পি ঘৰলৈ গৈ বহুত কান্দিলে। তাই কি কৰিব বুজি পোৱা নাছিল। উদয়ৰ ব্যৱহাৰ আৰু উদয় বহুত সলনি হল ইতিমধ্যে। ৰিম্পি নিজৰ সম্পৰ্কত আগবাঢ়িল, কোনো উপায় তাই এতিয়া ভাবি পোৱা নাই। তাই এতিয়া ইচ্ছা কৰিও উদয়ৰ পৰা আঁতৰি থাকিব নোৱাৰে। এতিয়া তাই নিজেই বুজি পাব লাগিব যে তাই এটা অবৈধ সম্পৰ্কত আছে যত কোনো সম্পৰ্কৰ নাম নাথাকে।



ইজনে আনজনৰ ওপৰত অধিকাৰ নাথাকে। এইবোৰটো  তাই আগতেই জানিছিল ইয়াত নতুন কি আছে? যদি সি এই সম্পৰ্কক নাম দিব খুজিছিল তেন্তে বিয়া কিয় নকৰালে।  ৰিম্পীয়ে যি বেলেগ হোৱা যেন অনুমান কৰিছিল সেইয়া হল উদয়ৰ ব্যৱহাৰ যি তাইৰ বাবে একেবাৰেই সলনি হল। কিন্তু এনেকুৱা একো নাছিল  , এইয়া মাত্ৰ তাইৰ মনৰ ধাৰণাহে। তাইৰ এইকাৰনেই  এনেকুৱা লাগিছিল কাৰণ তাই এতিয়া উদয়ক লৈ বেছি আবেগিক হৈ পৰিছে। আগতে যেতিয়া উদয়ে তাইৰ লগত কথা পাতিব বিচাৰে তেতিয়াহে তাই কথা পাতিব খুজিছিল। কিন্তু আজিকালি তাই নিজেই তাৰ লগত কথা পাতিব বিচাৰে আৰু যিমান পাৰে তাৰ কাষ চাপিব খুজিছিল । হয়তো সেইবাবেই অজানিতে উদয়ে তাইক এভইদ কৰিছিল , অথবা সি জানি বুজি কৰিছিল । সেইয়াটো কেৱল সি গম পাব। কিন্তু এতিয়া এইটো সঁচা যে উদয়ে ৰিম্পীৰ পৰা এটা দূৰত্ব বজাই ৰাখিব বিচাৰে।

ৰিম্পীয়ে এইটোৱেই তো জানিব বিচাৰিছিল যে উদয়ে যদি সচাকৈ এইবোৰ কৰিছে তেন্তে  কিয় ?  যদি এই সম্পৰ্কৰ পৰা তাৰ কিবা সমস্যা হৈছে তেন্তে সি উভতি আহিছিল কিয়?  এনেকুৱা বহুত প্ৰশ্ন আছিল যিবোৰ ৰিম্পীয়ে উদয়ক কৰিব বিচাৰিছিল, উত্তৰ তাৰ পৰা জানিব খুজিছিল। কিন্তু তাই ইচ্ছা কৰিও তাক সুধিব নোৱাৰিলে কাৰণ তাই জানে যে  তাইৰ কোনো প্ৰশ্নৰ উত্তৰ উদয়ৰ ওচৰত নাই।


   

 এতিয়া ৰিম্পীয়ে সিদ্ধান্ত লব লাগিব যে তাই এতিয়াও উদয়ৰ লগত থাকিব নে পুনৰ তাইৰ স্বামীৰ লগত সেই আগৰ জীৱনটোলৈ ঘূৰি যাব।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages