সেয়ে কোৱা হয় "নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু" : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 25, 2021

সেয়ে কোৱা হয় "নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু" : Assamese Storyboard

Assamese Storyboard

নিতৌৰ দৌৰাদৌৰি কৰি থাকোতে সময় কেনেকৈ পাৰ হয় গমেই পোৱা নাযায় । সদায় ৰাতিপুৱা হয় নতুন আশা , আকাংক্ষাৰ সৈতে যে আজি এইটো কৰিম, সেইটো কৰিম কিন্তু কেতিয়া মনে মনে ৰাতি হয় গমেই পোৱা নাযায়। পুনৰ দ্বিতীয়দিনাৰ বাবে অপেক্ষা থাকে।( Assamese Storyboard )

  এইটো যোৱাকালিৰে কথা , মোৰ স্বামীৰ  নতুন এখন ঠাইলৈ বদলি হৈছে। যেনেতেনে বহুত কষ্টেৰে নতুন চহৰখনত  এটা ঘৰ বিচাৰি পালো। আমি তালৈ বয়বস্তু বোৰ লৈ গুচি আহিলোঁ।

  নতুন চহৰ, নতুন মানুহ সকলো বহুত বেলেগ আছিল। পুৰণা আছিল যদি কেৱল মই, মোৰ স্বামী আৰু আমাৰ বস্তুবোৰ। আৰু এতিয়া এই চহৰখনত থকা  ২ বছৰেই হব হ'ল। কিন্তু এতিয়াও এই চহৰখন আমাৰ বাবে কিয় জানো নতুন হৈয়ে আছে।

  মই এই চহৰখন আপোন কৰিব নোৱাৰিলোঁ নে চহৰখনে মোক আপোন কৰিব নোৱাৰিলে? সেইয়াটো একমাত্ৰ ঈশ্বৰে জানিব কিন্তু ইয়াত সেই আত্মীয়তা নাই । ইয়াত অন্তৰংগ মানুহ লগ পালো, অন্তৰংগ কথাও শুনিলোঁ কিন্তু ব্যৱহাৰবোৰ বহুত বেলেগ ধৰণৰ।

  তাতেই আজি ইমান দিনৰ মুৰত বজাৰত বহুত পুৰণি বন্ধু এজন লগ পালো।



মোৰ লগত তাই একেলগে স্কুলত পঢ়িছিল। তাই আগতীয়াকৈ পিছফালৰ পৰা মাত লগালে মণিকা বুলি। পিছফালে ঘূৰি চাই দেখিলো সাগৰিকা। তাই একেবাৰেই সলনি হোৱা নাই,  একদম বিয়াৰ আগত যেনেদৰে আছিল ঠিক তেনেকুৱাই হৈ আছে। কোনো পৰিৱৰ্তন নাছিল, মাত্ৰ এটাই পাৰ্থক্য আছিল যে তাই আগতকৈ বেছি ধুনীয়া হৈ পৰিল। সাগৰিকাই কলে," চিনি পালা নে? মই তোমাৰ লগত একেলগে স্কুলত পঢ়িছিলোঁ মনত পৰিছে নে? " মই হাঁহি মাৰি তাইক সাৱটি ধৰিলোঁ," হয় চিনি পাইছো দিয়েৰ, কোৱাচোন ইয়াত কেনেকৈ?"

   তাই কলে ,"মোৰ বিয়া এইখন চহৰতেই হৈছে। তুমি কোৱা তুমি ইয়াত কেনেকৈ?" মই যেতিয়ালৈকে তাইক উত্তৰ দিওঁ তাই প্ৰশ্নৰ পাহাৰ খহাই দিলে।

"তোমাৰ স্বামীয়ে কি কৰে? কেইটা সন্তান আছে? কি চাকৰি কৰি আছা? আমাৰ লগৰ কাৰোবাৰ লগত কথা বতৰা পাতা নে? "ইত্যাদি ইত্যাদি।

  মই হাঁহি হাঁহি উত্তৰ দিলো," বাইদেউ  প্ৰশ্ন কৰি শেষ হল যদি মই উত্তৰ দিওঁ? মোৰ স্বামীয়ে বেংকত চাকৰি কৰে আৰু ইয়ালৈ ২বছৰ আগতে বদলি হৈ আহিছে। মোৰ এজনী ছোৱালী আছে তাই ক্লাছ ৯ত পঢ়ে। এতিয়া তুমি কোৱা তুমি কেনে আছা ? কত থাকা? "

সাগৰিকাই তপৰাই উত্তৰ দিলে,"দেখিবলৈ কেনেকুৱা হৈ আছোঁ মই, একদম আগৰ দৰেই নে?"

 মই হাঁহি মাৰি কলো," তুমি একেবাৰে সলনি নহলা, একেবাৰে আগৰদৰেই তপৰাই উত্তৰ দিয়া।" তাই কলে যে তাই চিভিল লাইন্সত থাকে আৰু আমি ফন নম্বৰ ইজনীয়ে সিজনীক দিলো।



তেতিয়াই মোৰ ফোনটো বাজি উঠিল, মোৰ স্বামী অপুৱে ফোন কৰিছে। তেওঁৰ লগত ২ মিনিট কথা পাতি ফোনটো কাটি সাগৰিকাৰফালে ঘূৰি চাই দেখোঁ তাই তাত নাই। তাইক তাত নেদেখি মই আচৰিত হলো আৰু চাৰিওফালে তাইক বিচাৰিলো। হয়তো তাইৰ লৰালৰি হল সেইবাবে গুচি গল তাৰ পৰা, কোনো কথা নাই ফোন নম্বৰ আছে যেতিয়া ফোন কৰি লম।  কিন্তু কথাটো ভাবি অলপ অজীৱ লাগিল যে তাইতো মোক এবাৰ কৈ যাব পাৰে। এইবোৰ ভাবি কেতিয়ানো ঘৰ পালোহি গমকে নাপালো। ঘৰলৈ আহি প্ৰথমতে তাইৰ নম্বৰটো চেভ কৰিলোঁ আৰু তাৰ পাছত তাইক হোৱাটছএপত বিচাৰিলো কিন্তু তাই নাই। তাৰ পাছত ভাবিলো যে হয়তো অন্য নম্বৰত হোৱাটছএপ ব্যৱহাৰ কৰে। কোনো কথা নাই আজিটো নালাগে কাইলৈ দিনত তাইক ফোন কৰিম। অপু অফিচৰ পৰা আহি পালে আৰু আমি দুয়োয়ে চাহৰ সোৱাদ ললোঁ । তাৰ মাজতেই মই তেওঁক আজি বজাৰত সাগৰিকাক লগ পোৱাৰ কথা কোৱাত তেওঁ আনন্দিত হল। 

" অন্তত এই চহৰত তোমাৰ আপোন কাৰোবাক লগ যে পালা। তাতেই আকৌ তোমাৰ স্কুলৰ ইমান ভাল বান্ধৱী। এতিয়া তোমাৰ বাবেই ভাল হব দিয়া।" মইও তেওঁৰ কথাৰ শলাগ ললো।


পিছদিনা ইফালে সিফালে দৌৰাদৌৰি কৰি থাকোতেই পাৰ হল। সাগৰিকাক ফোন কৰাৰ কথাটো মগজলৈ নাহিলেই। তাৰ পাছত মই তাইক সন্ধিয়া ফোন কৰিলোঁ কিন্তু তাই ফোনটো ৰিচিভ নকৰিলে। মই ভাবিলো হয়তো ব্যস্ত আছে যেতিয়া আজৰি হব মোৰ ফোন দেখিলে ঘূৰাই তাই ফোন কৰিব। সেইদিনা গোটেই দিন পাৰ হল কিন্তু তাইৰ ফোন নাহিল। ইমানেই নহয়, ২০ দিন পাৰ হল কিন্তু তাইৰ ফোন নাহিল। তাৰ পাছত মই ভাবিবলৈ বাধ্য হলো যে তাইকো এই চহৰখনে কঠোৰ হবলৈ বাধ্য কৰালে নেকি? আজি প্ৰায় ২২/২৫ দিনৰ পাছত সাগৰিকাৰ ফোন আহিল। তাইৰ নম্বৰ আৰু নাম মোবাইলত দেখি প্ৰথমে আচৰিত হলো যে আজি কেনেকৈ তাইৰ মনত পৰিল?

   এফালে বহুত ফুৰ্তি পালোঁ কিন্তু খং বহুত উঠিছিল। তাইৰ ফোনটো ৰিচিভ কৰিয়েই মই কলো," কিয় মেদাম, আজি সময় পালা মোৰ লগত কথা পাতিবলৈ? মানুহবোৰ ইমানেই ব্যস্ত যে ফোন অহা গম পাইও ঘূৰাই ফোন নকৰে। " ইফালৰ পৰা একো শব্দ নুশুনি মই কলো 'হেল্ল'। ইফালৰ পৰা লাহেকৈ মাত দিলে ,"অ শুনি আছো।" 

মই সুধিলো ," সাগৰিকা কি হল, তোমাৰ মাতষাৰ কিবা হৈছে নেকি ?" তাই কলে,"একো হোৱা নাই।"

মই আকৌ সুধিলো," আজি তোমাৰ মাতষাৰত সেই উৎসুকতা নাই যিটো সদায় থাকে।"]



সাগৰিকাই কলে,"কিছুদিনৰ পৰা মোৰ গাটো ভাল নহয় আৰু চ'ৰি দিয়েৰ মই তোমাৰ ফোন অহা গম পাইউ উঠাব নোৱাৰিলোঁ। ইয়াত গাটো বেছিকেই বেয়া আছিল।"

 মই কলো," কোনো কথা নাই, এতিয়া কোৱা কেনে আছা?"

তাই কলে," যদি খবৰ সুধিবলৈ আছে তেন্তে ঘৰলৈ আহিবা আৰু ফৰ্মেলিটি পুৰা কৰিবলৈ লগত ফলমূল লৈ আহিবা।" বুলি কৈ হাঁহি দিলে।

   মই কলো," তুমিও যে নহয়, মোক ভয় খুৱাই দিলা। ঠিক আছে কাইলৈ গৈ আছোঁ তোমাৰ ঘৰলৈ। ঠিকনাতো মোলৈ  পঠিয়াই দিবা।"

সাগৰিকা: ঠিক আছে তেন্তে ,কাইলৈ আহিবা কথা পাতিম।

 মইও ঠিক আছে বুলি কৈ ফোনটো কাটি দিলো। সন্ধিয়া অপু ঘৰলৈ অহাৰ পাছত মই তেওঁক সাগৰিকাৰ অসুস্থতাৰ কথা কলো আৰু লগতে এইটোও কলো যে কাইলৈ তাই মোক তাইৰ ঘৰলৈ মাতিছে। 

 অপুৱে কলে," ঠিক আছে , কাইলৈ যোৱাৰ সময়ত মোক কবা মই গাড়ী পঠিয়াই দিম তুমি গুচি যাবা।  তুমি যাবলৈ আৰাম পাবা কাৰণ ইয়াৰ পৰা পোনে পোনে চিভিল লাইন্সলৈ যাবলৈ গাড়ী পোৱা নাযায়।"

মই কলো,"ঠিক আছে, কাইলৈ দুপৰীয়া ১২ বজাত গাড়ী পঠিয়াই দিব।"

তেওঁ লগালগ ড্ৰাইভাৰক ফোন লগাই কলে," কাইলৈ মোক বেংকত থৈ অহাৰ পাছত মেদামক চিভিল লাইন্সত থৈ আহিবা ১২বজাত।"

ড্ৰাইভাৰে কলে,"মেদামৰ ওচৰত ১১:৩০ বজালৈকে গাড়ী লৈ উপস্থিত হম ছাৰ।"

পিছদিনা সোনকালে সকলো কাম আজৰি কৰি ৰেডি হৈ গলো আৰু ১১:৪৫ত সাগৰিকাৰ ঘৰলৈ বুলি ওলাই গলো। আধা ৰাস্তা পাওঁতেই মোৰ তাই কৰা ধেমালিলৈ মনত পৰিলে। ড্ৰাইভাৰক কলো ,"কৰবাত ফলমূল দেখা পালে ৰখাই দিবা।"( Assamese Storyboard )]


 ফলমূল লৈ সাগৰিকাৰ ঘৰ গৈ পালো। বহুত দেৰি ঘৰৰ দ'ৰ বেল বজোৱাৰ পাছত বন কৰা মানুহ আহি দুৱাৰ খুলি মোক লৈ গল। কিন্তু মোক ড্রইং ৰুমলৈ লৈ নগৈ পোনে পোনে সাগৰিকাৰ বেদৰুমলৈ লৈ গল। তাত গৈ দেখিলো সাগৰিকা বিছনাত শুই আছে। তাইক দেখি এনেকুৱা লাগিল যেন তাই বহুত মাহৰ পৰা অসুস্থ হৈ আছে। ওচৰতে থকা চকী এখনত মই বহিলো আৰু বিছনাৰ ওচৰত থকা টেবুলৰ ওপৰত ফলৰ পেকেততো থৈ দিলো। পেকেটতো দেখি সাগৰিকাই হাঁহি মাৰি কলে," তুমিতো সচাকৈ ফল লৈ আহিলা , মই ধেমালিহে কৰিছিলো।"

মই কলো"একো নাই ,ৰাস্তাত আহি থাকোঁতে পালো আৰু লৈ ললো। তুমি কোৱাচোন তোমাৰ কি হৈছে? আমি সেইদিনা বজাৰত লগ পাওঁতে তুমি সুস্থ আছিলা , হঠাৎ ইমান অসুস্থ কেনেকৈ হৈ পৰিলা?"

    সাগৰিকা: "সকলো কম ধৈৰ্য্য ধৰা। প্ৰথমে কোৱা চাহ খাবা নে কফি? "

মই কলো' যিয়েই হওক খাম আৰু।' তাই বন কৰা মানুহ জনীক মাত লগালে," বিনা,দোকাপ ধুনীয়াকৈ কফি আনিবা আমাৰ কাৰণে।" 

তাৰ পাছত তাই কলে,"কোৱা কি সুধিবা?"

মই কলো,"কি হৈছে তোমাৰ?"

 সাগৰিকা: ' মোৰ কেঞ্চাৰ হৈছে।'

তাইৰ উত্তৰ শুনি মই মৌন হৈ পৰিলো , বুজি পোৱা নাই মই কি কম? আগলৈ সাগৰিকাই কলে," এক সপ্তাহ আগতেই কেম'থেৰাপি লৈছো সেইবাবে বহুত দুৰ্বল যেন লাগিছে।"মাত্ৰ ইমান কথা পতাৰ পাছতেই বনকৰা মানুহগৰাকীয়ে চাহৰ ত্ৰে খন লৈ ৰুমলৈ আহিল।]


সাগৰিকাই কলে,"বিনা ,এইয়া মণিকা মোৰ বান্ধৱী।" বিনাই মোক নমস্কাৰ কৰিলে আৰু তাৰ পাছত সাগৰিকাই কবলৈ ধৰিলে," বিনাই মোৰ বহুত যত্ন লয়। মোৰ সকলো কাম তাই কৰে। আৰু ঘৰৰ দায়িত্বও এতিয়া তাইৰ ওপৰতেই।" বিনায়ে ত্ৰেখন টেবুলত থৈ গুচি যায়। মই সাগৰিকাক মাজতে সুধিলো ," তোমাৰ স্বামী আৰু শহুৰ শাহুৰক দেখা পোৱা নাই যে? তোমাৰ লগত ঘৰত আৰু কোন কোন থাকে?"

   সাগৰিকাই কলে,"অকলশৰীয়া মই। বিনা ৰাতিপুৱা ৮বজাত আহে আৰু ৰাতি ৯ বজাত গুচি যায়। গোটেই দিন ইয়াতেই থাকে।"

মই আকৌ সুধিলো ,"অকলশৰীয়া কিয়? মানুহজন বেলেগ ঠাইত থাকে নেকি?"

সাগৰিকাই কলে," নহয়, আচলতে আমাৰ দিভৰ'চ হৈছে।"

মই আকৌ আচৰিত হৈ সুধিলো," তোমাৰ দিভৰ'চ কিন্তু কিয়?" 

" আৰে মণিকা বহুত দীঘল কাহিনী , এতিয়া মাত্ৰ এইটো জানি লোৱা যে মই আকৌ অকলশৰীয়া আৰু অকলেই থাকিব বিচাৰোঁ।" তাই কথাখিনি কৈ হাঁহি দিলে কিন্তু তাইৰ চেহেৰাত থকা উদাসতাবোৰ দেখা পোৱা গৈছিল। যাক তাই ইচ্ছা কৰিও মোৰ পৰা লুকুৱাব পৰা নাছিল।]



সাগৰিকাই কলে,'ঠিক আছে এতিয়া কফি খাই লোৱা নহলে হত কফি গৈ কোল্ড কফি হবগৈ।'

আৰু আমি নিজৰ নিজৰ কফি লৈ খাবলৈ ধৰিলো। তাই কথাবোৰ আগবঢ়াই কলে," তুমিতো জানাই বি.এ কৰি শেষ হোৱাৰ পাছতেই মোৰ বিয়া কৰাই দিয়া হল। আৰু আগলৈ মোৰ শহুৰৰ ঘৰৰ মানুহে পঢ়া সম্পূৰ্ন হব নিদিলে কাৰণ তেওঁলোকক ঘৰৰ কাম কৰিবলৈ বোৱাৰীৰ দৰকাৰ আছিল। সেইবাবে আগলৈ পঢ়িবলৈ দিয়াটো উচিত হব বুলি নাভাবিলে। মানুহজনৰ ওচৰত পঢ়াৰ কথা কওঁতে তেওঁ কলে,' যেতিয়া মায়ে মানা কৰিছে আৰু কিয় পঢ়িব লাগে? আৰু পঢ়ি শুনি তুমি কতনো অফিছাৰ হব পাৰিবা?' 

এইবোৰ কাৰণতে আৰু পঢ়িব নোৱাৰিলো। সময় পাৰ হল কিন্তু মোৰ শাহু আৰু স্বামীৰ চিন্তাধাৰাৰ পৰিৱৰ্তন নহল , বৰঞ্চ দুবছৰ পাছত নাতিৰ ইচ্ছা আমাৰ সন্মুখত ৰাখিলে।  যাক মোৰ স্বামীয়ে মানি ললে আৰু মাকৰ আজ্ঞা পালন কৰিলে আৰু এবছৰৰ ভিতৰতেই আমাৰ সন্তান জন্ম হল।  কিন্তু বিধিৰ বিধান নাতি নহৈ নাতিনি হল। এই খবৰটো পায় মোৰ শাহুৱে তিনিদিনলৈ ভাত নাখালে আৰু ছোৱালী জন্ম পোৱাৰ বাবে শোক পালন কৰিলে। সদায় মোক, মোৰ ছোৱালীজনীক, মোৰ ঘৰৰ মানুহক ঠাট্টা দি কথা কয়। এইবোৰ শুনি শুনি ভাগৰি পৰিলো। তেওঁক কলে কয়," মা হয়, তোমাতকৈ ডাঙৰ হয় যেতিয়া কিবা এটা কৈ দিলে তাতে কি হল?" ছোৱালী জন্ম হোৱাৰ এবছৰৰ পাছতেই আকৌ লৰা বিচাৰি সদায় কবলৈ ধৰিলে। সদায় তেওঁৰ এটাই কাহিনী," নাতিৰ মুখ নেদেখাকৈয়ে মৰিব লাগিব। নাতিক এবাৰ কোচত লৈ খেলাব নাপাম চাগে। মোৰটো এটাই লৰা , যদি তাৰ লৰা জন্ম নহয় তেন্তে তাৰ বংশতো কেনেকৈ আগবাঢ়িব? মোৰ নাম লবলৈ কোনো নাথাকিব।" সদায় এইবোৰ শুনি ভাগৰি পৰিছিলো কিন্তু উভতাই উত্তৰ দিয়াৰ স্বাধীনতা মোৰ নাছিল। ]


মণিকা হয়তো তুমি বিশ্বাস নকৰিবা মই কেতিয়াও মুখৰ পৰা এটা শব্দ উলিওৱা নাছিলো। আৰু হয়তো কেতিয়াও একো নকলো হয়,যদি সেইদিনা মোৰ ছোৱালীজনী ছতৰ ওপৰৰ পৰা নপৰিলে হয়।

সেইদিনা জাৰৰ দুপৰীয়া আছিল। মোৰ ছোৱালীজনীৰ বয়স তেতিয়া ৪বছৰ। তাই আইতাকৰ পিছে পিছে ছতৰ ওপৰলৈ গুচি গল। তাই আইতাকৰ সন্মুখতেই ছতৰ ৰেলিংত উঠি আছিল কিন্তু আইতাকে দেখিও একো নকলে। তাইৰ ভৰি পিছলি তললৈ পৰি গল।  আৰু যেতিয়ালৈকে আমি তাইক হস্পিতাল লৈ যাওঁ তাইৰ মৃত্যু ঘটিছিল। তাই ওপৰৰ পৰা পৰি যোৱাৰ বাবে মোৰ স্বামী আৰু মোৰ শাহুৱে মোকেই দোষাৰোপ কৰিলে।  মোক দায়িত্বহীন মাতৃৰ টেগ লগাই দিলে। তেতিয়া মই তেওঁক কলো যদি আজি ছোৱালীৰ ঠাইত লৰা হোৱা হলে? তেতিয়া দুয়োৰে ওচৰত কোনো উত্তৰ নাছিল। তাৰ কেইমাহমান পাছতেই মোৰ কেঞ্চাৰ ধৰা পৰিল। লগতে মোৰ শাহুৰ নাতিৰ লালসাত চেঁচাপানী পৰিল। শাহুৱে মোৰ স্বামীক মোক দিভৰ্চ দি দ্বিতীয় বিবাহ কৰি ভৱিষ্যত জীৱনৰ চিন্তা কৰিবলৈ বুজালে। প্ৰথমে মোৰ স্বামীয়ে একো নকলে কিন্তু তেওঁ মোক পাছত নিজেই বুজাব ধৰিলে," মোৰ মতে মায়ে কোৱা কথাটো এবাৰ ভাবি চাব লাগে।"

মই তেওঁক মাত্ৰ এটাই সুধিলো যে ইয়াৰ কি গেৰেণ্টি আছে আপুনি জাকেই বিয়া কৰাব তাইৰ লৰাই জন্ম হব? 

 তেওঁৰ ওচৰত কোনো উত্তৰ নাছিল কিন্তু মাকৰ ইচ্ছাৰ ধ্যান আছিল। সেইদিনা মোক কোৱা হল," মুখখন বহুত বাঢ়িব ধৰিছে। পত্নী হয়, বোৱাৰী হয় যেতিয়া তেনেদৰেই থাক , তোৰ সন্মতি বিচৰা নাই কোনেও।"

সেইদিনাই প্ৰথম মই কৈছিলো ," সন্মতি দিয়া নাই মাত্ৰ আপোনাৰ পৰা দিভৰ্চ বিচাৰিছো। এতিয়া আৰু সহিব নোৱাৰো ।"


সাগৰিকাৰ চকুত চকুলো আছিল কিন্তু সেয়া মাত্ৰ তাইৰ ছোৱালীজনীৰ বাবে যাক তাই চেষ্টা  কৰিও বচাব নোৱাৰিলে।

 তাই চকুলো মচি কলে," মণিকা, মোৰ কেঞ্চাৰৰ চিকিৎসা আছে কিন্তু সমাজত মোৰ শাহুৰ দৰে মহিলাৰ কোনো চিকিৎসা নাই। তেওঁৰ চিন্তাধাৰা কেন্সাৰতকৈও ঘাটক। এগৰাকী নাৰী হৈ কেনেকৈ আন এগৰাকী নাৰীৰ শত্ৰু হব পাৰে ,লাগিলে সেয়া এজনী বোৱাৰীৰ ৰূপতেই হওক বা নাতিনিৰ ৰূপত? "

সাগৰিকাৰ প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাছিল। তাইৰ লগত যি ঘটিল তাৰ দুখ কেৱল তাইহে বুজি পাইছিল। আমিতো মাত্ৰ অনুভৱ কৰিব পাৰো। 

কিন্তু মনত এটা প্ৰশ্নৰ উদয় হৈছিল যে সচাকৈ আজিও সমাজত সাগৰিকাৰ শাহুৰ দৰে চিন্তাধাৰাৰ তিৰোতা ব্যাপ্ত হৈ আছে নে?


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages