বিয়াৰ ছমাহ কেনেকৈনো পাৰ হ'ল এনিশাই ধৰিবকে নোৱাৰিলে । সাংসাৰিক ব্যস্ততাৰ মাজতে সমানে ব্যস্ত হৈ আছিল তাই শিক্ষকতা পেচাত( Assamese Storyboard )। এম এছ চি কৰাৰ পাছতে সহজতে পোৱা হাইস্কুলৰ চাকৰিটো লৈ কাৰো একো আপত্তি নাছিল । সেয়হে বিয়াৰ পাছতো চাকৰিটো এৰি দিব লগা হোৱা নাছিল এনিশাৰ ।টকা-পইচা , আদৰ যত্ন মৰম একোৰে অভাৱ নাছিল এনিশাৰ । মাকৰ দৰে এগৰাকী শাহু পাইছে । তাইৰ প্ৰতিটো ক্ষেত্ৰতে কেয়াৰ লোৱা এজন উদাৰ মনৰ স্বামী পাইছে । ঘৰত সোমাই থাকি মন বেয়া হ'ব বুলি ভাবিয়েই শাহুৱেক আৰু সমৰে তাইক চাকৰিটো কৰি থাকিবলৈ কৈছিল ।
হঠাতে অহা খবৰটোৱে এনিশাৰ মন বিষণ্ণ কৰি তুলিছিল ,সমৰৰ ট্ৰেন্সফাৰ অৰ্দাৰ আহিছে দুলিয়াজানলৈ । তাই চাকৰিটো এৰি ইচ্ছা কৰিলে সমৰৰ লগত গুছি যাব পাৰে কিন্তু অকলশৰীয়া শাহুৱেকক এৰি কিদৰে যায় তাই । যদিও কামত সহায় কৰা অনিতা লগত থাকে ..তথাপিও তাইৰ মন নগ'ল । সমৰৰ যোৱাৰ দিন চমু চাপি আহিল । সকলো বস্তু যোগাৰ কৰি এনিশাই বেগত ভৰাই দিছে । সাৱধানে খোৱা-লোৱা কৰিবলৈ সকিয়াই দিছে ।অৱশেষত সেই বিশেষ দিনটো আহি পালে সমৰৰ দুলিয়াজানত অইলৰ চাকৰিত জইন কৰাৰ
: ভালকৈ থাকিবা এনি ,নিজৰ কেয়াৰ লবা ,মাৰো যতন ল'বা ,মই আহি থাকিম সময় পালেই ।
সমৰৰ কথাত এনিয়ে একো ক'ব পৰা নাছিল ,বিষাদে গধুৰ কৰা বুকুখন বৰকৈ বিষাইছিল এনিৰ । একো শব্দ নোলাইছিল মুখৰ পৰা । সমৰৰ বকুত মুখ গুজি উচুপি উঠিছিল তাই ।এসময়ত সমৰ গুছি গৈছিল এনিশাৰ বুকু উদং কৰি ( Assamese Storyboard )।
এনিশাই সমৰৰ অবিহনে খুবেই অকলশৰীয়া অনুভৱ কৰিছিল । শোৱনি কোঠাত সোমালেই শূণ্যতাবোৰে আগুৰি ধৰিছিল তাইক ।টোপনি যাব পৰা নাছিল ..উজাগৰে কটাইছিল প্ৰতিটো নিশা । লাহে লাহে সহজ হৈ পৰিছিল এনিশা । প্ৰায়ে শনিবাৰে শনিবাৰে আহিছিল সমৰ । দুদিন থাকি সোমবাৰে গুছি গৈছিল । সেইদিনকেইটাত সমৰে মৰমেৰে উপচাই দিছিল তাইক । ফুৰাবলৈ লৈ গৈছিল তাইক । কেতিয়াবা পাৰ্কত বহিছিল ..কেতিয়াবা ৰেষ্টুৰেন্টত ।কেতিয়াবা এনেই লক্ষ্যহীনভাৱে ঘূৰি ফুৰিছিল সিহঁত । কিন্তু যোৱা শনিবাৰটোত সমৰ নাহিল । এনিশাক ফোনতে জনালে আহিব নোৱৰাৰ কাৰনে সি দুঃখিত । বেয়া লাগিছিল এনিশাৰ । কিন্তু সমৰক বেয়াপোৱা নাছিল । হেঁপাহেৰে বাটছাই ৰৈছিল তাই পুনৰ আহি থকা শনিবাৰটোলৈ । কিন্তু তাইৰ আশা আশা হৈয়ে থাকিল ..এই শনিবাৰেও সমৰ নাহিল । পুনৰ একেই কথাকে জনালে সমৰে । খুউব ব্যস্ত । তেনেকৈ কেবাটাও শনিবাৰ পাৰ হৈ গ'ল কিন্তু সমৰ নাহিল । /div>
আজিকালি কামৰ ব্যস্ততাত ফোনও কম কৰে সমৰে । ৰাতিও ভাগৰ লাগিছে বুলি বিশেষ কথা নাপাতে । এনিশাৰ অনুভৱ হয় -- সমৰ যেন তাইৰ পৰা হেৰাই যাব ধৰিছে ! উদাস হৈ পৰে তাই । তেনেকুৱা এটা বিষণ্ণ দিনতে এটা ভাল খবৰে তাইৰ মন উজ্বলাই তুলিলে । মাক হ'বলৈ ওলাইছে তাই । শাহুৱেক নিৰ্মলাও বহুত সুখী হ'ল খবৰটো পায় । ফোনটো তুলি ললে সমৰলৈ খবৰ দিয়াৰ উদ্দেশ্যে কিন্তু হঠাৎ মনলৈ আহিল তাই ফোন নকৰে ..নিজে যাব সমৰৰ ওচৰলৈ ভাল খবৰটো লৈ ।চাৰপ্ৰাইজ দিব তাই সমৰক । সি কিমান যে ভালপাব ! পাছদিনাই এনিশা যাবলৈ ওলাল ।সেইদিনা দেওবাৰ। সমৰো চাগে কোৱাটাৰতে থাকিব । শাহুৱেকো যোৱাৰ কথা আছিল যদিও বিশেষ মিটিং এখন থকাত এনিশাৰ লগত যোৱা বাধা আহিল । অৱশেষত ৰাতিপুৱা ছয় বজাতে দ্ৰাইভাৰৰ সৈতে অকলেই যাবলৈ ওলাল তাই ।
নিৰ্মলাইও সমৰৰ কাৰনে কিছুমান খোৱাবস্তু পেকিং কৰি দিলে । এনিশাক সাৱধানে যাবলৈ বাৰে বাৰে ক'লে তেওঁ । বাটত গৈ থাকোতে এনিশাই সমৰৰ কথাকে ভাবি গৈ থাকিল । বহুত দিনৰ মুৰত সিহঁত ল'গ হ'ব ..অভিমান কৰিব তাই প্ৰথমে ..সমৰে মৰমেৰে অভিমান ভাঙিব । তাৰপাছত সেই সু খবৰটো দিব । আনন্দত সমৰে তাইক মৰমেৰে উপচাই দিব । কথাবোৰ ভাবি শিহৰিত হৈ উঠিল তাই । সম্পূৰ্ণ তিনিঘণ্টা ৰ পাছত
সমৰে আগতেই দি থোৱা ঠিকনা মতেই কোৱাটাৰ পালেহি এনিশাহঁত । প্ৰথম দৰ্জাখন এনেই জপাই থোৱা আছিল । সামান্য থেলি দিলে দৰ্জাখন । খোল খাই গ'ল । প্ৰথম ৰূমটোৱেই দ্ৰয়িং ৰূম । তাৰপাছতে আৰু এখন দৰ্জা বেদৰুম সংলগ্ন । সেইখনো জপাই থোৱা আছে,। সম্ভৱ শুই আছে সমৰ । দৰ্জাখন খুলি দিলে তাই ..ঠিকেই সমৰ শুই আছে ..কিন্তু লগত সেয়া কোন ??? মুৰটো ঘূৰাই কথমপি নপৰাকৈ ৰ'ল তাই । সমস্ত জোৰত চিঞৰি উঠিল তাই -- সমৰ !!!!
আগলৈ…
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment