সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( সপ্তম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 25, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( সপ্তম খণ্ড ) : Assamese Storyboard

Assamese Storyboard

 

বৰ ব্যস্ততাৰ মাজতেই দিনটো পাৰ হৈ গ'ল  । ভৈৰৱ দাৰ বাৰ্থডে ....। ভাল কিবা এটা উপহাৰ দিব লাগিব । কিন্তু....! কি উপহাৰ দিব একো ভাবি পোৱা নাই ৰাজীৱে । কথাবোৰ ভাবি থাকোতেই তৰা সোমাই আহিল ।( Assamese Storyboard ) 


: কি ভাবিছা ৰাজীৱ....?


: মা, কালিলৈ ভৈৰৱ দাৰ জন্মদিন । কি দিম তাকে ভাবি আছোঁ । 


: কোন ভৈৰৱ....? তোমাৰ মুখত দেখোঁন আজিলৈকে ভৈৰৱৰ নাম শুনাই নাই । 


: তোমাক ক'ম বুলি ভাবিছিলোঁৱেই । কিন্তু পাহৰি থাকিলোঁ । মা..., তুমি মোক কে'ক এটা বনাই দিব পাৰিবানে....? 


: কালিলৈ যীশুৰো বাৰ্থডে । কে'ক এটা বনাম বুলি ভাবিছিলোঁৱেই , তেতিয়া হ'লে সৰু সৰুকৈ দুটা বনাই দিম বাৰু...! 


: ঠিক আছে মা । তুমি বনোৱাগৈ যোৱা মই অলপ পঢ়ি লওঁ । 


: পঢ়িবা বাৰু....! তাৰ আগতে তুমি চাহ একাপ বনোৱাচোন...! দিনটো কাম কৰি কৰি বৰ ভাগৰ লাগিছে । 


: হ'ব দিয়া । তুমি অলপ ৰেষ্ট কৰা । মই চাহ কৰোগৈ.... কথাষাৰ কৈ হাতত ম'বাইলটো লৈ পাকঘৰলৈ সোমাই গ'ল ৰাজীৱ।  চাহৰ চছটো স্তভত উঠাই ভৈৰৱলৈ ফোন লগালে । দুই তিনিবাৰ ফোন কৰাৰ পাছতো ভৈৰৱে ফোনটো ৰিচিভ নকৰিলে । ....ভৈৰৱ দাই কিয় ফোনটো ৰিচিভ কৰা নাই...? মোৰ ওপৰত খং উঠি থকা নাইটো...! মইনো কি বেয়া কথাটো কৈছিলোঁ ...! সঁচা কথাবোৰ লুকুৱাই নাৰাখি ঘৰত জনাই দিবলৈ কৈছিলোঁ, সঁচা কথাবোৰ সূৰ্য্যৰ দৰেই ৰাতি যিমানেই আন্ধাৰ নহওঁক কিয় ....! ৰাতিপুৱাৰ লগে লগেই পূৱৰ আকাশত পুৱাৰ বেলি ওলাবই । সঁচা কথাবোৰ তেনেকুৱাই যিমানেই লুকুৱাই ৰাখিবলৈ চেষ্টা নকৰোঁ কিয়..., এদিন নহয় এদিন সঁচা কথাবোৰ পোহৰলৈ আহিবই । কথাবোৰ ভাবি চাহ দুকাপ হাতত লৈ ৰাজীৱ পাকঘৰৰ পৰা ওলাই আহিল । 


: মা, চাহ লোৱা ।  চাহকাপ আগবঢ়াই দিলে তৰালৈ ।


: পাকঘৰৰ টেমা এটাতে নাৰিকলৰ লাডু আছে লৈ আহাগৈচোন...!


: মই খালি চাহেই খাম । তোমালৈ লৈ আহাগৈ যোৱা ।  /p>


       হাতত চাহৰ কাপটো লৈ ৰাজীৱ বাহিৰলৈ ওলাই গ'ল । মুকলি আকাশ , মুকলি বতাহ । আগফালৰ ফুলনীখনৰ ওচৰতে থকা বাঁহৰ চকীখনত বহি দিলে ৰাজীৱ । গোলাপ ফুলৰ সমধুৰ সুবাস বতাহত চাৰিওদিশে বিয়পি পৰিছে।  সৰু সৰু জোনাকী পৰুৱাবোৰে মনৰ আনন্দত উৰি উৰি গীত জুৰিছে । সন্ধিয়াৰ মধুৰ সৌন্দৰ্য উপভোগ কৰি থাকোঁতেই ৰাজীৱৰ ম'বাইলটো বাজি উঠিল । ধৰোঁ নধৰোঁকৈ ফোনটো ৰিচিভ কৰিলে ৰাজীৱে । ....হেল্ল'...! দাদা 


: ক'ত আছ...? 


: ঘৰতে আছোঁ । তই....?


: মই কাপোৰ সামৰি আছোঁ । ৰাতিৰ বাছত ঘৰলৈ যাম । 


: হয়নেকি....! এইবাৰ তোৰ বাৰ্থডে বাহিৰত পাতিম দেই দাদা ...। 


: বাহিৰত কিয়...? ঘৰত পাতিলে তোৰ কিবা অসুবিধা হ'ব নেকি...?


: নহয় অ' দাদা । ঘৰত বৰ হুলস্থুল হয় যে....! কেতিয়া পাবিহি তই....? 


: ৰাতিপুৱাই পাই যামগৈ । মই মোৰ লগৰবোৰক ফোন কৰি ইনভাইট কৰিলোঁ । তই কাৰোবাক ইনভাইট কৰ যদি কৰি দিবি....। 


: দাদা , মায়ে দেখোঁন তই আহিবি বুলি গমেই নাপায়....! 


: মাকটো মই ফোন কৰি কৈছিলোঁ । 


: তেতিয়া হ'লে একো নাই । মই মন্দিৰাহঁতক ইনভাইট কৰি দিম । 


: ঠিক আছে।  এতিয়া ৰাখিছোঁ দে ।    কথাষাৰ কৈয়ে ফোনটো কাটি দিলে যীশুৱে । হাতত কাপটো লৈ ৰাজীৱ ভিতৰলৈ উধাতু খাই সোমাই আহিল । .....মা, কালিলৈ দাদা আহিব । তুমি মোক কোৱা নাছিলা কিয়...? 


: দাদাই তোমাক চাৰপ্ৰাইজ দিম বুলি ভাবিছিলে । সেয়ে তোমাক ক'বলৈ মানা কৰিছিল । সি কৈয়ে দিলে দেখোঁন তোমাক ।


: ভালেই হ'ল । মা, ভৈৰৱ দাকো ইনভাইট কৰিম নেকি বাৰ্থডেলৈ । 


: তোমাৰ যদি ভাল বন্ধু ইনভাইট কৰি দিবা । সেইটো আৰু সুধিব লাগে নে...! তুমি পঢ়াৰ টেবুলত বহাগৈ যোৱা । মই পাকঘৰলৈ যাওঁ । কথাষাৰ কৈয়ে তৰা পাকঘৰলৈ সোমাই গ'ল। যীশু অহাৰ খবৰটো শুনি ৰাজীৱৰ মনটো যেন সেমেকি উঠিল । বৰ দুখ মনেৰে ৰাজীৱ পঢ়াৰ টেবুলত বহিল । কিতাপখন মুখৰ আগত মেলি লৈ ভৈৰৱলৈ এটা মেচেজ কৰিলে ৰাজীৱে । .... Good Evening ভৈৰৱ দা , ফ্ৰী হ'লে ফোন এটা কৰিবা । মেচেজটো sent কৰি ম'বাইলটো চার্জত লগাই পঢ়িবলৈ ধৰিলে ৰাজীৱে । হ'মৱৰ্ক কেইটা কৰি ম'বাইলটো চার্জৰ পৰা এৰুৱাবলৈ যাওঁতেই ভৈৰৱে ফোন কৰিলে । ভৈৰৱৰ নামটো স্ক্ৰীণত ভাঁহি অহা দেখি ৰাজীৱৰ মুখত হাঁহি বিৰিঙি উঠিল । ফোনটো ৰিচিভ কৰি বিচনাত বাগৰ দিলে ৰাজীৱে । 


: হেল্ল'....! ভৈৰৱ দা , ব্যস্ত আছিলা নেকি....? ফোনটো ৰিচিভ কৰা নাছিলা যে....! 


: অলপ ব্যস্ত হৈ আছিলোঁ । কি কৰিছা তুমি.....?


: মই পঢ়ি আছিলোঁ । তুমিনো কিহত ব্যস্ত হৈ আছিলা । 


: মই বজাৰলৈ গৈছিলোঁ । ফোনটো বিচনাতে এৰি থৈ গলো । অলপ আগতে ঘৰ সোমাইছোঁহি । চাহকণ খাই তোমালৈ ফোন লগাইছোঁ । 


: অ'...! কি বজাৰ কৰিলানো ...? 


: সৰু সুৰা বস্তু কেইটামান । 


: উম...! ভৈৰৱ দা , কালিলৈ মোৰ দাদাৰ বাৰ্টডে । তুমি আহিব লাগিব । 


: কালিলৈটো মোৰো বাৰ্থডে । 


: মই সেইবোৰ একো নাজানো । তুমি আহিব লাগিব কিন্তু....!  মাহঁতৰ লগত চিনাকি কৰাই দিম । ( Assamese Storyboard )


: চাই লওঁচোন...! সময় মিলাব পাৰিলে এপাক যাম বাৰু...! কালিলৈ কলেজ যাব নালাগে । ন- বজাত তিনি আলিত ৰৈ থাকিবা । মোৰ স্কুল ফ্ৰেণ্ড দুজনো আহিব । 


: আৰু কোন কোন থাকিব তোমাৰ লগত...? 


: তুমি - মই আৰু মোৰ ফ্রেণ্ড দুজন । 


: তেতিয়া হ'লে কোনো কথা নাই । 


: মই তোমাক সিহঁতৰ লগত চিনাকি কৰাই  দিম । লগ পালে বহুত ভাল পাবা , বহুত ফ্ৰী হয় সিহঁত দুটা । ৰাতি বেছি দেৰিলৈকে নপঢ়িবা আজি । সোনকালে শুই যাবা । 


: তুমিও সোনকালে শুই যাবা ভৈৰৱ দা । এতিয়া ৰাখিছোঁ দিয়া । মায়ে মাতি আছে । 


: হ'ব দিয়া । বাই..., বাই ...., ফোনটো কাটি দিলে ভৈৰৱে । ফোনটো বিচনাতে পেলাই ৰাজীৱ পাকঘৰলৈ সোমাই গ'ল । বৰ সযতনেৰে তৰাই বনোৱা কে'ক দুটাৰ ওপৰত ধুনীয়াকৈ ক্ৰীমেৰে ডিজাইন কৰি এটাত ভৈৰৱ আৰু আনটোত যীশুৰ নামটো লিখি ফ্ৰীজত ভৰাই থলে । খৰখেদাকৈ তৰাই ভাতকেইটা ৰান্ধি ৰাজীৱহঁতক খাবলৈ দিলে । ভাতকেইটা খাই পুৱা পাঁচ বজাতেই এলাৰ্ম দি ৰাজীৱ বিচনাত উঠিল । ইকাটি সিকাটি কৰি থাকোঁতেই ৰাতিটো বৰ সোনকালে পাৰ হৈ গ'ল...। কাহিলী পুৱাতে উঠি গাটো তিয়াই ৰাজীৱ গোঁসাইঘৰত সোমাল । ভৈৰৱৰ জীৱনটো সুখ শান্তিৰে ভৰি পৰিবৰ বাবেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে । গোঁসাইঘৰৰ পৰা ওলায়ে ৰঙাচাহ একাপ কৰি মাক দেউতাকক বিচনাতে চাহকাপ দি লৰালৰিকৈ চাহকাপ খাই ফ্ৰীজৰ পৰা কে'কটো উলিয়াই ধুনীয়াকৈ পেকিং কৰি বেগটোত সুমুৱাই ললে । ঘৰৰ খিৰিকী কেইখন মেলি ৰূমকেইটা ঝাৰু দিবলৈ লওঁতেই যীশু আহি মাত লগালেহি । ....মা, 


: দাদা , পালিহি...! মাহঁত উঠাই নাই । আহ.....! তই ফ্ৰেচ হৈ লৱ, মই ৰূমকেইটা ঝাৰু দি লওঁ । 


: মই একেবাৰে গাটো ধুই আহোঁগৈ । তই চাহ কৰগৈ.... 


         ৰূমকেইটা ঝাৰু দি হয় মানে তৰা লাহেকৈ উঠি আহিল । আগফালৰ চোতালখন ভালকৈ সাৰি গাটো তিয়াই গোঁসাইঘৰত সোমাই থাপনাৰ সন্মুখত মূৰ দোঁৱাই ভিতৰলৈ সোমাই আহিল তৰা । ৰাজীৱেও হাতত চাহৰ কাপটো লৈ যীশুলৈ চাহৰ কাপটো আগবঢ়াই দিলে । 


: Happy Birthday দাদা । চাহকাপ খাই অলপ শুই দে । মই কলেজলৈ যাম আহি পাইহে তোৰ লগত কথা পাতিম । 


: অলপ সোনকালে আহিবি । মাক অলপ সহায় কৰি দিব লাগিব । 


: মোৰ অলপ দেৰি হ'ব আজি । 


: কিয়....? 


        .....সৰু , মই ভাত দিলোঁ খাই লোৱাহি ।  পাকঘৰৰ পৰাই চিঞৰিলে তৰাই । মাকৰ চিঞৰ শুনি যীশুৰ প্ৰশ্নটোৰ উত্তৰ নিদিয়াকৈ ৰূমটোৰ পৰা ওলাই আহিল ৰাজীৱ। কাণে নাকে ভাত কেইটা খাই কে'কটো হাতত লৈ ফুলনিৰ পৰা ৰঙা গোলাপ ফুলৰ কলি এটা চিঙি বেগত ভৰাই খৰখেদাকৈ কলেজলৈ বুলি খোজ দিলে । ৰাজীৱ গৈ তিনি আলি পোৱাৰ আগতেই ভৈৰৱ আহি ৰাজীৱলৈ বাট চাই আছিল । বগা চাৰ্ট , ক'লা পেন্ট আৰু চানগ্লাছখনৰ সৈতে ভৈৰৱক মায়ানগৰীৰ কোনোবা সপোন কোঁৱৰ যেন লাগিছিল । ৰঙা গোলাপ কলিটো ভৈৰৱলৈ আগবঢ়াই জন্মদিনৰ শুভেচ্ছা জনালে ৰাজীৱে ।  ......ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভৈৰৱ দা । আহিব লগীয়া দিনবোৰ যেন সুখ - শান্তিৰে ভৰি পৰক । 


: বহুত...., বহুত...., ধন্যবাদ ৰাজীৱ । এতিয়া উঠা , নহলে দেৰি হৈ যাব । 


: ক'ত যাবা ভৈৰৱ দা...? 


: তুমিয়ে দেখোঁন কৈছিলা " গ'লডেন অৰ্কিত " যাম বুলি । 


: উম...., উঠা , চেৰী গাৰ্ডেণত সোমাই কে'ক এটা লৈ যাব লাগিব । 


: কে'ক ল'ব নালাগে ভৈৰৱ দা । মই লৈ আহিছোঁ....। 


: তুমি কিয় আনিলানো....! মই অৰ্ডাৰ দি থৈছিলোঁ চেৰী গাৰ্ডেণত । 


: তেন্তে সেইটোও লৈ ল'বা । মোৰ কে'কটো মায়ে বনাই দিছে , তোমাৰ জন্মদিন বুলি । কথাষাৰ কৈয়ে ৰাজীৱ বাইকত উঠিল । 


: ভালকৈ ধৰি লোৱা । অলপ স্পীডত যাম , দেৰি হৈছে । সিহঁত দুটা আহি ৰৈ আছেহি ।  ৰাজীৱে ভালকৈ সাৱটি ললে ভৈৰৱক । ভৈৰৱেও ধোঁৱা উৰুৱাই বাইকখন আগুৱাই নিলে । 




     ক্ৰমশঃ....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages