মহামাৰী কৰ'নাৰ বাবে একাংশ লোকৰ এই অৱস্থা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 25, 2021

মহামাৰী কৰ'নাৰ বাবে একাংশ লোকৰ এই অৱস্থা : Assamese Storyboard

Assamese Storyboard

যতীনে বেগাবেগিকৈ বেংকলৈ আহিল । লকডাউনৰ সময়ত চৰকাৰী নীতি নিয়ম অনুসৰি তেওঁ মুখখন এখন ফুলাম গামোছাৰে মেৰিয়াই আহিছে ( Assamese Storyboard )। মাস্ক পিন্ধিলে নাক আৰু মুখখন হে ঢাক খাই , সেয়ে যতীনে গামোছা মেৰিয়াই লৈছে , যাতে ক'ৰোণা কোনোফালেদি সোমাব নোৱাৰে । চকু দুটাৰ বাহিৰে যতীনৰ মুখখন সম্পূৰ্ণ ঢাক খোৱা । আনে সহজে তেওঁক চিনি নাপায় , আচলতে তেওঁক আনে চিনি নোপোৱাটোহে তেওঁ বিচাৰে। 


      যতীনঁহত এনেই দুখীয়া , তাতে আকৌ লকডাউনৰ সময়ত সকলো খেলিমেলি । দিন হাজিৰা কৰি কোনোমতে পেটটো পুহি থকা যতীনক পুত্ৰ বোৱাৰীয়েও অত্যাচাৰ কৰে । উপাৰ্জন কৰি আনিব পাৰিলে খাবলৈ দিয়ে , এতিয়া উপাৰ্জন নাই, গতিকে তেনেকৈ খাবলৈও পোৱা নাই । এসাজ খাই দুসাজ লঘোনে থাকিব ল'গা হোৱা যতীনে ভাবি ভাবি এটা উপায় উলিয়ালে । সেয়ে আজি ৰাতিপুৱাই বেংকলৈ আহি গ্ৰাহকৰ শাৰীত থিয় হৈ থাকিল । 


  গামোছাৰে মুখখন ঢাকি ৰখাত যতীনক চিনি নাপালেওঁ , যতীনে কিন্তু বহুতকে চিনি পালে । কিছুমানে মুখত মাস্ক পিন্ধি লৈছে যদিও ,বহুতে আকৌ নাকটো উলিয়াই ৰাখিছে । তেওঁ দেখিলে , নামতহে সামাজিক দুৰত্বৰ কথা , ইয়াত দেখোন সকলোৱে ওচৰা ওচৰিকৈ থিয় হৈ আছে । এজনে চাধা মাৰি তিনিজনে খাইছে । যতীনে চিনি পালে , সমাজৰ জনা শুনা শিক্ষিত , চাকৰিয়াল ভদ্ৰলোক সকলেই দেখোন দুৰত্ব মানি চলা নাই , যিমানেই মানুহৰ সমাগত বাঢ়ি গৈছে , সিমানেই দুজনৰ মাজত দুৰত্ব কমি আহিছে । পাৰিলে হেচি থেলি আগতে সোমাই নিজৰ কামটো কৰিব খোজে । তাৰমানে এইবোৰ চব ভেকোভাওনাহে নেকি !! দুই এজনে যতীনক সুধিলে --" পেঞ্চনৰ কাম চাগে ?" 

--" হয়, " এনেই ক'লে যতীনে ।( Assamese Storyboard )


      এবাৰ সুযোগ বুজি যতীনে পকেটৰ পৰা দিয়াচলাইৰ কাঠি এদাল উলিয়াই গামোছাখনৰ ফাকেৰে নাকৰ বিন্ধাত খজুৱাই দিলে আৰু একেৰাহে কেইবাবাৰো হাছি মাৰিলে । লগে লগে ওচৰৰ মানুহবোৰ ফৰিং চিটিকা দিলে । দুৰৰ পৰাই দুই এজনে সুধিলে --" কি হৈছে, কি হৈছে আপোনাৰ ? গা বেয়া নেকি ? জ্বৰ নেকি ? গাৰ বিষ আছে নেকি ? কাহ আছে নেকি ? এইকেইদিন বাহিৰত গৈছিল নেকি ?? ... ..? ..? " কেৱল প্ৰশ্ন । যতীনে অলপ থেৰোগেৰো  কৰি ক'লে ,-" দুদিনমানৰ পৰা অলপ জ্বৰ , কাহো আছে, গাটো ভাল লগা নাই , পিঠিৰ বিষ । কেইদিনমান আগতে জগন্নাথৰ পৰা ভ্ৰমণ কৰি আহিছো । " 


     বেংকৰ ভিতৰত হুৱাদুৱা লাগিল । এজনে লগে লগে 104 লৈ ফোন কৰিলে , এখন চকীত যতীনক আছুতীয়াকৈ বহিবলৈ দি উৎসুকতাৰে তেওঁলৈ চাই থাকিল । মানুহবোৰৰ মাজত বু বু বা বা আৰম্ভ হ'ল কৰোণাক লৈ । অলপ সময় আগতে যিসকলে লগালগিকৈ থিয় হৈ আছিল, এতিয়া তেওঁলোকে নিজে নিজেই দুৰত্ব বজাই ৰাখিলে । সকলোৱে নাক মুখ ঢাকি লৈছে ।


    অলপ সময় পিছত চাইৰেণ বজাই এম্বুলেঞ্ছ এখন আহিল । দুজন PPE পিন্ধা লোক গাড়ীৰ পৰা নামি আহি যতীনক গাড়ীখনত উঠাই লৈ গ'ল । বেংকৰ লেনদেনৰ কাৰণে ৰৈ থকা সকলে তেওঁলোকৰ তৰ্জনি আঙুলিটো কপাল আৰু বুকুত লগাই ভগৱানক স্মৰণ কৰিলে , যেন যতীনক স্মশানলৈহে নিলে , শেষ বিদায় দিছে ।


ইফালে গাড়ীত উঠিয়েই যতীনে ভালকৈ বহি ল'লে  । তেওঁ লগত থকা স্বাস্থ্য কৰ্মী জনক সুধিলে --" তাত খোৱালোৱা ভালকৈ পামনে ছাৰ ? "

---" আপুনি কি কয়হে , আগতে বাছি থাকেনে তাকেই ভাবক , খোৱাটো পিছৰ কথা । "" 

   যতীনে তলমুৰ কৰি মনে মনে ভাবিলে,..." ঘৰত খাবলৈ নাপায়হে অভিনয় কৰিবলৈ বাধ্য হৈছো । তাত গ'লে বোলে কমেও চৈধ্য দিন ভালদৰে খাবলৈ পায় । কিবা উপায় কৰি তাত এমাহ মান থাকিব পৰা হ'লে , খোৱা লোৱাত বৰ কষ্ট পাই আছো। " ........ ( যোৱাটো বছৰৰ গল্প )

কমলেন্দ্ৰ শৰ্মা।

Assamese Storyboard






এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages