ৰাতি দাইনিং টেবুলত সকলোৱে খাবলৈ বহি থাকোতে অমৰে কলে," কল্পনা, আজিৰ আহাৰ কিন্তু খুব সোৱাদ লগা আছিল। নতুনকৈ কিবা ৰান্ধিবলৈ চেষ্টা কৰিছা যেন পাওঁ।"( Assamese Storyboard )
বেদান্ত: অ মা আজি এক নতুন আৰু বেলেগ সোৱাদ আহিছে।
কল্পনা : আহিবইতো কাৰণ আজি মই ভাত ৰন্ধাই নাই।
দুয়োয়ে আচৰিত হৈ কল্পনাৰ ফালে চাই ৰল।
অমৰ : তুমি ভাত ৰান্ধিবলৈ ৰান্ধনী ৰাখিছা নেকি? কিন্তু তুমিতো অন্য ৰান্ধনীয়ে বনোৱা খাদ্য খাই বেয়া পোৱা তেন্তে এতিয়া কেনেকৈ?
কল্পনাই হাঁহি মাৰি কলে," মই কোনো ৰান্ধনী ৰখা নাই , এই সকলোবোৰ খাদ্য আজি ৰিয়াই ৰান্ধিছে।"
সকলোৱে ৰিয়াৰফালে চাই ৰল আৰু তাই লাজতে মূৰ তল কৰি মিচিকয়াই থাকিল।
বেদান্তই কলে," ৱাহ!ৰিয়া তুমিতো ধুনীয়াকৈ ৰান্ধিবও জানা।"
অমৰ: অ মাজনী, সচাই আজি বহুত ভাল লাগিল।
ৰিয়াই আনন্দিত হৈ কলে," সচাই আপোনাৰ ভাল লাগিল নে দেউতা?"
অমৰ: অ মাজনী।
তেতিয়াই বেদান্তৰ ফোনটো বাজিল ," আৰে দাদাৰ ফোন আহিছে।" আৰু সি ফুৰ্তিত ফোনটো ৰিচিভ কৰিলে।
"হেল্ল দাদা , তুমি কেনে আছা?"
ৰিংকু: মই ভালে আছোঁ। তুমি কোৱা তাত সকলো ঠিকে আছে নহয়?
বেদান্ত: অ দাদা , ইয়াত সকলো ঠিকেই আছে । এতিয়া আমি ভাত খাই আছো। কি ধুনীয়া খাদ্য দাদা, তুমি ইয়াত থকা হলে আঙুলি চেলেকি থাকিলা হয়। ইমানেই সোৱাদ লগা।
ৰিংকু: অ তাৰমানে মাক তুমি তেল দি আছা। মাৰ পৰা কিবা ভাল বস্তু লাগে নিশ্চয়।
বেদান্ত: কি যে কোৱা তুমি দাদা, মইনো মাক কিয় ভাল লগাবলৈ এনেকৈ কম? আৰু আজি মায়ে আহাৰ ৰন্ধা নাই।
ৰিংকু: তেন্তে কোনে ৰান্ধিলে?
বেদান্ত: দাদা আজিৰ আহাৰ ৰিয়াই ৰান্ধিলে।
ইফালে কল্পনাই কলে," মোৰ লগতো কথা পাতিবলৈ দিয়া, অকল তুমিয়েই পাতিবা নেকি?"
বেদান্ত: ৰবা দাদা ভিডিও কল কৰিছো।
তাৰ পাছত সি ফোনটো ভিডিও মোদত থৈ দিলে। সন্মুখত ৰিংকু আছিল। ৰিয়াই বেদান্তৰ ওচৰতে ৰৈ আছিল, লাহেকৈ তাইও মোবাইলৰ ফালে চকু ফুৰালে। ৰিংকুয়ে পাতল নীলা ৰঙৰ টি চাৰ্ট এটা পিন্ধি আছিল। তাৰ পাছত ৰিংকুয়ে মাক দেউতাকৰ লগত কথা পাতিব ধৰিলে। সি এবাৰো ৰিয়াৰ ফালে নোচোৱা দেখি তাইও লাহেকৈ তাৰ পৰা উঠি নিজৰ ৰুমলৈ গুচি গল।
কল্পনাই ৰিয়াক যোৱা দেখি ৰিংকুক ৰিয়াৰ কথা কবলৈ চেষ্টা কৰিলে কিন্তু সি পঢ়াৰ অজুহাত দেখুৱাই ফোনটো কাটি দিলে।
অমৰ: কল্পনা তুমি তাক বেছি জোৰ নকৰিবা। মই বিচাৰো যাতে সি নিজ ইচ্ছাৰে ৰিয়াক স্বীকাৰ কৰে।
কল্পনা: কিন্তু সেইয়া কেতিয়া হব?
বেদান্ত: নিশ্চয় হব মা। মাত্ৰ এবাৰ দাদাক ঘৰলৈ ঘূৰি আহিব দিয়া।
কল্পনা: ভগৱানে সকলো ভাল কৰিলেই হয় আৰু।
তাৰ পাছত সকলো নিজৰ ৰুমত শুবলৈ গুচি গল। বেদান্তই এবাৰ ৰিয়াৰ ৰুমলৈ জুমি চাই দেখে তাই বিছনাত শুই আছে আৰু সি তাৰ ৰুমলৈ গুচি যায়।
দ্বিতীয়দিনা কলেজত...
যেতিয়াই বেদান্তই ৰিয়াক লগত লৈ ক্লাছত সোমাল সকলোৱে ৰিয়াক দেখি অবাক হল। ছোৱালীবোৰৰ চাৱনিত ৰিয়াৰ বাবে হিংসা আছিল আৰু লৰাবোৰৰ তাইক দেখি মনত আশা জন্মিল তাইক পাবলৈ।
উৰ্মিয়ে উঠি গৈ ৰিয়াক হাতত ধৰি আনি তাইৰ লগত বহুৱাই ললে। বেদান্ত সিহঁতৰ ওচৰতে বহিল।
তেতিয়াই প্ৰিন্সিপাল ছাৰ ক্লাছলৈ সোমাই আহিল। সকলোৱে গুড মৰ্নিং বুলি কৈ থিয় হল।
ছাৰেও সকলোকে গুড মৰ্নিং জনাই কলে," আজি তোমালোকৰ লগত এগৰাকী নতুন ছাত্ৰীয়ে জইন কৰিছে।"
তাৰ পাছত তেওঁ ৰিয়াক ওচৰলৈ মাতি কলে," এইয়া হৈছে ৰিয়া কলিতা, তোমালোকৰ সহপাঠী। এওঁৰ সদায় টপ কৰি ৰেকৰ্ড কৰি আহিছে। দশম আৰু দ্বাদশত তেওঁ একেৰাহে টপ পজিছন পাইছে। গ্ৰেজুৱেচনৰ দুয়োটা সান্মাষিকতেই এওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ পাইছে। এতিয়া তৃতীয় সান্মাষিকত আমাৰ লগত আছে।" তাৰ পাছত ৰিয়াৰ ফালে ঘূৰি চাই কলে,"
"এতিয়া তুমি ক্লাছ জইন কৰা আৰু ফুৰ্তি কৰা।"
" ঠেংক ইউ ছাৰ"( Assamese Storyboard )
বিক্ৰমে কলে," ৱাহ বেদান্ত, তোমাৰ বান্ধৱী চোন টপাৰ।"
নেহাইউ টাইক শুভেচ্ছা দিলে। গোটেই ক্লাছটোত ফুচফুচ আৰম্ভ হল। সকলোৱে তাইৰ ৰূপ আৰু বুদ্ধিমত্তাৰ গুণ কৰিব ললে।
ক্লাছ শেষ হোৱাৰ পাছত তেওঁলোক কেণ্টিনলৈ গল।
বিক্ৰম: বেদান্ত তুমি কিয় কোৱা নাছিলা যে ৰিয়া টপাৰ হয়।
বেদান্তই মিচিকয়াই কলে,"এতিয়াটো গোটেই বছৰটো ৰিয়া আমাৰ লগত থাকিব। লাহে লাহে সকলো গম পাবা যে তাই কি হয় আৰু কি নহয়।"
নেহা: ঠিকেই আছে আমাৰো পঢ়াত অলপ সহায় হব। কিয় ৰিয়া আমাৰ সহায় কৰিবা নে?
ৰিয়া: হয় হয়, নিশ্চয়।
বেদান্ত: আৰে এই বিতো এতিয়ালৈকে অহা নাই।
উৰ্মি: অ , দুদিন ধৰি সি কলেজ অহাই নাই।
বেদান্ত: আজি আহিম বুলি ফোন কৰিছিল ।
ৰিয়া: এই বিতো কোন হয়?
নেহা: আমাৰ লগৰেই হয়।
উৰ্মি: অৱশ্যে তোমালোকে এটা কথা গুৰুত্ব দিছা নে ?
বিক্ৰম: কি কথা?
উৰ্মি: আজিকালি ৰাজুৰ গ্রুপটো কলেজ অহা নাই , সিহঁত নাই বাবে বহুত শান্তি অনুভৱ কৰিছো।
নেহা: অ তুমি ঠিকেই কৈছা। নহলে সদায় সিহঁতৰ বাবে কিবা নহয় কিবা ঘটনা ঘটিয়েই থাকে।
বেদান্ত: বাদ দিয়া না তাৰ কথা । আমি নিজৰ ফুৰ্তি কৰোঁ।
ৰিয়া: এতিয়া এইজন কোন?
বেদান্ত: কোনো বিশেষ নহয়। কলেজত অসভ্যালি কৰি থকা কিছুমান ষ্টুডেন্ট হয়।
ৰিয়া: অ , এনেকুৱা লৰা প্ৰায় কলেজতেই থাকে। ইহঁতক নো কিহৰ ভয় কৰিব লাগে?
তেতিয়াই বেদান্তৰ ফোনটো বাজি উঠিল আৰু সি ফোনটো ৰিচিভ কৰি অলপ আঁতৰি গল।
ইফালে বিক্ৰমো সিহঁতৰ বাবে কোল্ড ড্ৰিংক্স আনিবলৈ গল । এতিয়া তাত কেৱল ৰিয়া, নেহা আৰু উৰ্মি বাকী আছিল।
উৰ্মিয়ে হাতখন এৰুৱাই আনিবলৈ চেষ্টা কৰিলে। কিন্তু ৰাজুৱে তাইৰ হাতখন এৰি নিদিলে আৰু এইবোৰ দেখি ৰিয়াৰ বহুত খং উঠিল।
সেই সময়ত বিক্ৰম তালৈ আহিল। বেদান্তও আহি পালে । বিতো সিহঁতক বিচাৰি বিচাৰি তাত পালেহি। বিতুৱে যেতিয়া উৰ্মিৰ হাতখন ধৰি থকা দেখিলে , সি তেতিয়া বেদান্তৰ ফালে চালে যি শান্ত হৈ সিহঁতৰ ফালেই চাই আছিল।
বিতুৱে খঙেৰে বেদান্তক কলে,"তাত ৰাজুৱে উৰ্মিক অশান্তি কৰি আছে আৰু তুমি ইয়াত শান্ত হৈ চাই আছা।"
বেদান্তই হাঁহি মাৰি কলে,"
তেতিয়াই ৰাজু তাৰ গ্রুপটোৰ লগত কেণ্টিনলৈ আহিল। সি উৰ্মিক দেখি তাইৰ ফালেই আহিলে।
উৰ্মি: নাম ললোঁ আৰু আহি উপস্থিত হল।
ৰাজুয়ে তাইৰ কথাষাৰ শুনি কলে," আৰে জান, ইমান মৰমেৰে মনত পেলালে আহিবইতো লাগিব।"
উৰ্মি: চোৱা ৰাজু মোক অশান্তি কৰিব বন্ধ কৰা নহলে মই প্ৰিন্সিপালৰ ওচৰত গৈ তোমাৰ আপত্তি কৰিম।
তেতিয়াই ৰাজুৰ চকু ৰিয়াৰ ওপৰত পৰিল।" ইমান ধুনীয়া ছোৱালী আমাৰ কলেজত আহিল আৰু মই গমেই নাপাওঁ।"
সি ৰিয়াৰ ফালে বেকাকৈ চাই কলে," হাই মিছ বিউটিফুল , আগতে তোমাক কলেজত দেখা নাই, নতুনকৈ আহিছা নেকি? "
ৰিয়াক মনে মনে থকা দেখি ৰাজু তাইৰ ওচৰ চাপি আহিল," মোৰ লগত বন্ধত্ব গঢ়ি লোৱা ,তোমাক স্বৰ্গ ফুৰাম।" আৰু এটা দুষ্ট হাঁহি মাৰিলে।
উৰ্মি চিঞৰি উঠিল,"তাই বেদান্তৰ লগৰ হয়। তাইৰ কথা একো বেয়াকৈ নাভাবিবা নহলে বেদান্তই তোমালোকক সুদাই নেৰে।"
ৰাজুৱে হাঁহি কলে" ৱাহ, তেন্তে আৰু মজা লাগিব।"
উৰ্মি পুনৰ চিঞৰি উঠিল," ৰাজু"।
ৰাজুৱে অসভ্যৰ দৰে হাঁহি মাৰি কলে," ঠিক আছে বাৰু নাচাও তাইৰ ফালে। কিন্তু তাৰ পাছত তুমি মোৰ ওচৰলৈ আহিব লাগিব। এতিয়া বেদান্তই নতুন প্ৰেমিকা পালে যি তোমাতকৈও বেছি ধুনীয়া।" সি এনেদৰে কৈ উৰ্মিৰ হাতত ধৰি পকাই দিলে।
বেদান্তই হাঁহি মাৰি কলে," এইয়াটো কিছু সময় আগৰ কথা আছিল এতিয়া সন্মুখত চোৱা , এইবাৰ অশান্তি পাব ৰাজুৱে।"
বিতুৱে সন্মুখলৈ চালে কিন্তু একো বুজি নাপালে। সকলোৱে সন্মুখলৈ চাব ধৰিলে। ৰিয়াই একেচাতে ৰাজুৰ সেইখন হাতত ধৰি পিছলৈ ঠেলি দিলে যিখন হাতেৰে সি উৰ্মিক খামুচি আছিল। আৰু ৰিয়াই খঙত চিঞৰি কলে," তোমাৰ সাহস কেনেকৈ হল তাইৰ হাতত ধৰিবলৈ? কেবল অসভ্যালি কৰিবলৈ কলেজলৈ আহা নেকি?আজিৰপৰা যদি আৰু কাৰোবাক দিগদাৰী কৰা তেন্তে হাত লৰচৰ কৰাৰ যোগ্য কৰি নথম।"
আৰু তাই ৰাজুক মাৰিবলৈ আৰম্ভ কৰিলে।
ৰাজুক এজনী ছোৱালীৰ হাতৰ পৰা মাৰ খোৱা দেখি তাৰ লগৰবোৰ তাৰ পৰা পলালে। এই দৃশ্যটোৰ কেণ্টিনত থকা সকলোৱে বহুত মজা ললে।
বিতুৱে মাত্ৰ মুখ মেলি ৰিয়ালৈ চাই ৰল।
বেদান্ত: মুখ খন বন্ধ কৰ।
বিতু: কোন হয় এই ছোৱালীজনী?
বেদান্তই ৰিয়াৰ ফালে চাই ধ্যান নিদিয়াকৈ কলে,"মোৰ নবৌ হয়।"
কিন্তু যেতিয়া ধ্যান আহিল পতাপত সি কথাটো সলাই কলে,"মোৰ খুড়াৰ ছোৱালী হয় আৰু মোৰ ভাল বান্ধবীও।"
তেতিয়া বেদান্ত সন্মুখলৈ আহিল আৰু ৰিয়াৰ হাতত ধৰি কলে,"হব আৰু এৰি দিয়া বেচেৰাটোক, আজি বহুত মাৰ খালে ।"
ৰিয়া ৰৈ যোৱাত ৰাজুৱে তাইক ধমকি দি কলে," তোমাকটো মই সুদাই নেৰু।" আৰু তাৰ পৰা গুচি গল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment