এখন সৰু গাঁৱৰ এজন সৰু ৰাজকুমাৰ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 25, 2021

এখন সৰু গাঁৱৰ এজন সৰু ৰাজকুমাৰ : Assamese Storyboard

Assamese Storyboard

ক্ৰন্দসী আকাশ। এটুকুৰা-দুটুকুৰা ক'লীয়া মেঘ। টিউছ্যন কেইটা শেষ কৰি দৌৰাদৌৰিকৈ প্ৰাৰ্থনা ঘৰলৈ উভতিছে। সন্ধিয়াৰ আগতে তাই ঘৰ গৈ পাবগৈ লাগিব( Assamese Storyboard )। সেই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই অহা, মাকেও ছাগৈ চিন্তা কৰি আছে। কিন্তু য'তে বাঘৰ ভয় ত'তে ৰাতি হোৱাৰ দৰে নিপাং আহি ওলালেহি। নিপাঙক দেখাৰ লগে লগে তাই গোটেই মুখখন চুৰ্ণীখনেৰে মেৰিয়াই ল'লে। এই ল'ৰাটোক তাই মুঠেই পচন্দ নকৰে। কাম-বন নাই, লোকৰ পদূলি শুঙি ফুৰে। বিনা কাৰণত ৰাস্তাই-ঘাটে মানুহক ব্যতিব্যস্ত কৰি তোলে। 


প্ৰাৰ্থনাৰ গাৰ কাষেদিয়েই নিপাং বিজুলী বেগেৰে পাৰ হৈ গ'ল। প্ৰাৰ্থনাই স্বস্তিৰ নিশ্বাস এৰিলে- "উঃ ৰক্ষা, এই পাগলটোৱে মোক চিনি নাপালে!" কিন্তু তাইৰ ধাৰণা ভুল আছিল। কথাছবিৰ নায়কৰ নিচিনাকৈ কিছুদূৰ গৈ নিপাং ৰ'ল। চাইকেলখন পিছলৈ পিছলৈ ঠেলি ঠেলি সি প্ৰাৰ্থনাৰ কাষতে ৰ'ল। কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ সি তাইক আদেশ দিলে- "ঐ জহনীতজাতী, চাইকেলত উঠ।" প্ৰাৰ্থনাৰ খঙে চুলিৰ আগ পালেগৈ। কিন্তু তাৰ চুৱা মুখখন মেলি নলওঁ বুলিয়েই তাই মনে মনে ৰ'ল। এইবাৰ চাইকেলত ওলমাই অনা ছাতিটো তাইৰ ফালে দলিয়াই সি ক'লে- "তোৰ নিচিনা আগ-গুৰি নোহোৱা এজনী মোৰ চাইকেলত নুঠিলেও হ'ব, ছাতিটো লৈ যা, বৰষুণত তিতিলে বেমাৰ হৈ মৰিবি!" 'তোৰ ছাতি নালাগে' বুলি ক'বলৈ নৌপাওঁতেই নিপাং বৰষুণৰ মাজত নোহোৱা হৈ গ'ল। প্ৰাৰ্থনাই ছাতিটো মেলি ল'লে।


প্ৰাৰ্থনাহঁতৰ ঘৰৰ পৰা কেইফালং মান নিলগত নিপাঙহঁতৰ ঘৰ। নিপাঙহঁত সিহঁতৰ গাঁৱৰ পুৰণি মানুহ নহয়। প্ৰাৰ্থনাহঁতৰ গাঁৱলৈ আহোঁতে সি মাকৰ লগত আহিছিল। গাঁৱলৈ অহা দুবছৰমান পাছতেই তাৰ মাক ঢুকাইছিল। প্ৰাৰ্থনাহঁতৰ ঘৰৰ সৈতে নিপাঙহঁতৰ এক মধুৰ সম্পৰ্ক আছিল। নিপাঙৰ মাকে প্ৰাৰ্থনাক খুউব মৰম কৰিছিল। নিপাঙো কেতিয়াবা প্ৰাৰ্থনাহঁতৰ ঘৰলৈ গৈছিল। কিন্তু মাক ঢুকোৱাৰ পাছত সি প্ৰাৰ্থনাহঁতৰ ঘৰলৈ যোৱাটো একেবাৰে বাদ দিছিল। 


এটা অদ্ভূত চৰিত্ৰৰ ল'ৰা নিপাং। তাৰ ওখ ক্ষীণ চেহেৰাটোত অনবৰতে এটা হাঁহি ওলমি থাকে। সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ লগত সি আবেলি ধূলিৰ ধেমালি খেলে। ল'ৰা-ছোৱালীবিলাকে তাক নাম কাঢ়ি মাতে। গাঁৱৰ ৰাস্তায়েদি যোৱা সকলো মানুহকে সি জোকায়। সৰুকণহঁতৰ আইতাক দেখিলেই সি দীঘলীয়া উকি মাৰে। আইতাই পুৰাতন গালিৰে তাক থকা-সৰকা কৰে। আইতাই যিমানেই গালি বৰষে সিমানেই সি জপিয়াই জপিয়াই নাচে। গাঁৱৰ প্ৰতিঘৰতে সি ভাত খায়। কোনোবাই নিদিওঁ বুলি ক'লেও সি ডাবি-ধমকি দি খায়। তাৰ পুৰণি চাইকেলখন গাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ঘূৰি ফুৰে। কোনোবাই ধান কুটাবলৈ নিয়ে, আন কোনোবা ফুৰিবলৈ যায়। তাৰ পঢ়া-শুনা সম্পৰ্কে কোনো জ্ঞাত নহয় যদিও হাইস্কুলৰ সকলো শ্ৰেণীৰ ইংৰাজী-অংকৰ পাঠ পঢ়াব পাৰে। গাঁৱৰ প্ৰতিটো ভাল-বেয়া কামৰ লগত নিপাং জড়িত হৈ থাকে। চোৰ হ'লেও নিপাং, বিপদ হ'লেও নিপাং!


পুৱা উঠিয়েই সি চোতাল সাৰে। চোতালৰ পৰাই চালে-বেৰে কোবাই প্ৰাৰ্থনাক কথা শুনাই থাকে- "আয়ৈ, এইপাতে চোতাল সাৰিছে চা!" ৰাতিপুৱাই পৰিৱেশটো বেয়া নহওঁক বুলিয়েই প্ৰাৰ্থনাই সকলো সহি-মেলি থাকে। সি যে অকল প্ৰাৰ্থনাৰ লগতেই তেনে আচৰন কৰে এনে নহয়। গাঁৱৰ বুঢ়া-বুঢ়ী, ডেকা-গাভৰু কোনো তাৰ পৈণত দৃষ্টিৰ পৰা সাৰি নাযায়। আজিকালি বহুতেই তাৰ মুখত নালাগি ফালৰি কাটে। কোনোবাই মুখ পাতি ধৰিলেও তাৰহে প্ৰকোপ বাঢ়ে।


ডেকা ল'ৰা এটাৰ এনে অদ্ভূত কাণ্ড-কাৰাখানাবোৰ দেখি প্ৰাৰ্থনা আচৰিত হয়। অনবৰতে হাঁহি থকা নিপাঙক তাই পাগল বুলিয়েই ভাৱে। প্ৰাৰ্থনাই তাক কাহানিও ব্যথিত হোৱা দেখা নাই। মাক ঢুকোৱাৰ দিনাহে সি মাথোঁ অলপ সময়ৰ বাবে দুৱাৰ জপাই ভিতৰত সোমাই আছিল। যেতিয়া বাহিৰলৈ ওলাই আহিছিল সেই একেই চকু, একেই সংলাপ। ল'ৰা-ছোৱালীবিলাকৰ বাহিৰে একমাত্ৰ ভাকৌ আইতাহে সিহঁতৰ ঘৰলৈ আহে। তাকো ঘূৰি যোৱাৰ পৰত পুৰণিকলীয়া শাওপাত কিছুমান দি ভোৰভোৰাই ভোৰভোৰাই ঘৰলৈ ওভতে। ভাকৌ আইতা কিয় নিপাঙহঁতৰ ঘৰলৈ যায় আৰু এনেনো কি পৰিস্থিতিৰ উদ্ভৱ হয় যাৰ বাবে ভাকৌ আইতাই শাওপাত দিব লগা হয় তাইৰ জানিবৰ মন যায়।


এদিন ভাকৌ আইতা প্ৰাৰ্থনাহঁতৰ ঘৰলৈ আহিল। গাখীৰৰ সৰ দি বনোৱা চাহ এবাটি আইতাৰ হাতত তুলি দি তাই সুধিলে- "অ' আইতা, তইনো সেই নিপাং পাগলটোৰ ঘৰলৈ কিয় যাৱ?" চাহৰ বাতিটো আইতাই তললৈ নমাই গহীন হৈ ক'লে- "আই, তই তাক পাগল বুলি নক'বি, মোৰ বৰ দুখ লাগে।'


পগলা নিপাঙৰ প্ৰতি আইতাৰ দৰদ দেখি প্ৰাৰ্থনাৰ ওঁঠৰ কোণেদি এটি কূটিল হাঁহি বিৰিঙিল। তথাপি আইতাৰ মুুখেদি শাওপাতৰ ৰহস্য উদঘাটনৰ বাবেই তাই গহীন হৈ ক'লে-

:ঠিক আছে, আজিৰ পৰা মই নিপাঙক পাগল বুলি নকওঁ। এতিয়া ক, তই সিহঁতৰ ঘৰলৈ কিয় যাৱ?

:তই কিন্তু তাক কৈ নিদিবি!

:হ'ব আইতা, তোৰে শপত মই কাকো নকওঁ।

:ই আঁকৰী, মই যে তাক শাও দিওঁ, মিছাকৈহে দিওঁ, মৰমতহে দিওঁ। মোৰ যে কঁকালৰ বিষটো ভাল হৈছে, কেনেকৈ বুলি ভাবিছ? সি মোক চহৰৰ পৰা দৰব আনি দিয়ে। মাহেকৰ মূৰত নাৰিকল তেলৰ টেমা এটাও আনি দিয়ে। সেই বস্তু কেইটা আনিবলৈহে মই সিহঁতৰ ঘৰলৈ যাওঁ। আৰু আই, মই তাইক কিয় গালি পাৰোঁ জান!

:কিয়??

:জহনীত মৰাটোৱে কয় মই হেনো দিনক দিনে গাভৰু হৈছো। আৰু অকণমান গাভৰু হ'লেই হেনো সি মোক বিয়া পাতিব। তয়েই চাচোন- সি বাৰু মোক তেনেকৈ ক'ব লাগেনে বালক! তই তাক কেতিয়াও বেয়াকৈ নক'বি। সি মোৰ নিজৰ ল'ৰা-ছোৱালীতকৈও ডাঙৰ। মই মৰিলেও তাৰ কথা যমৰ আগত কম।


এমোকোৰা ক্লান্তিহীন হাঁহি হৈ ভাকৌ আইতা গ'লগৈ। আইতাৰ মুখত নিপাঙৰ কথাবোৰ শুনিলেও তাই মুঠেই সেইবোৰ কথা বিশ্বাস নকৰিলে। কোনোবাই পৃথিৱীখন চেপেটা বুলি ক'লেও তাই মানি ল'ব, কিন্তু নিপাঙে ভাকৌ আইতাক দৰব আনি দিয়া কথাটো তাই মানি ল'ব নোৱাৰে। তাইৰ শিক্ষিত মনটোৱে নিপাঙক বাৰে বাৰে চালি-জোকাৰি চাইছে। তাৰ ভিতৰখনক জুখি চোৱাৰ প্ৰতিটো প্ৰয়াসক ভেঙুচালি কৰে তাৰ বেসুৰা স্বভাৱে। আঁত হেৰুওৱা মনটোক তাই নিজে প্ৰবোধ দিয়ে- "সেই পাগলবোৰৰ কথা কোনে চিন্তা কৰে!"


প্ৰাৰ্থনাই টিউছ্যন কৰে। দেউতাক ঢুকোৱাৰ পাছৰ পৰাই ৰুগীয়া মাকৰ দায়িত্ব সম্পূৰ্ণ তাইৰ ওপৰতেই! ছোৱালী এজনীৰ বাবে এটা সুচল উপাৰ্জনৰ পথ নিৰ্বাচন কৰাটো ল'ৰা এজনতকৈ যথেষ্ট টান। 'ছোৱালী' বুলি কোৱা শব্দটোতেই বহুতৰ জীৱন কাৰাৰুদ্ধ হৈ থাকে। মাকৰ সাৱধানবাণী- "তই এতিয়া ডাঙৰ হ'লি!" ককায়েকৰ লৌহ দুহাত, ৰঙা চকু- "তোক মই চাই আছোঁ।" অৱশ্যে ছোৱালী বুলি প্ৰাৰ্থনাৰ জীৱনত কোনো সীমাবদ্ধতা নাই। পলমকৈ ঘৰ সোমালেও তাইৰ ঘৰৰ মজিয়াত সন্দেহ-অভিমানৰ প্ৰশ্ন নুঠে। কেতিয়াবা ৰাতি দেৰিকৈ ঘৰ সোমাই তাই বাৰুকৈয়ে অভাৱ অনুভৱ কৰে দেউতাকৰ গুৰু-গম্ভীৰ এষাৰি মাত- "ইমান দেৰীলৈকে ক'ত আছিলি?" নখেৰে মাটি খুচৰি খুচৰি তাই কেতিয়াবা আওৰাই চাই এটি অভিমানী সংলাপ- "অ' দেতা, তই কিন্তু গালি নাপাৰিবি, অহা সোমবাৰে মই লগৰ ছোৱালীৰ সৈতে ঢেঁকীয়াখোৱালৈ যাম!" প্ৰাৰ্থনাৰ দুগালেদি দুটোপাল অশ্ৰু নিগৰি আহে। ৰাতি দেৰীকৈ ঘৰ সোমাই তাই টিপচাকিটো নজ্বলোৱাকৈ মাকৰ হাত এখন খেপিয়াই চাই। মাকৰ বুকুৱে তাইৰ বুকুত খুন্দিয়াই-

:তই হ'বলা মই মৰিলোঁ বুলি ভাবিছিলি?

: মা, তইনো কি একেবোৰ কথাকে সদাই কৈ থাক!

: এৰা আই, মৰা হ'লেই ভাল আছিল অ' মই তোৰ বোজাহে হৈ আছোঁ।( Assamese Storyboard )


প্ৰাৰ্থনাই আৰু উত্তৰ নিদিয়ে। একেবোৰ কথাকে শুনি শুনি তাই অভ্যস্ত হৈ পৰিছে। মাকৰ মুখত খীণ হাঁহি বিৰিঙি উঠাৰ আশাত তাই হঁহাৰ অভিনয় কৰে। পুৰণি কথা কিছুমান খুচৰি খুচৰি দুয়ো একেলগে হাঁহে।


নিষ্ঠুৰ বাস্তৱে প্ৰাৰ্থনাৰ জীৱনৰ লগত বিচিত্ৰ খেলা পাতে। মাকৰ অসুখ আকষ্মিক ভাবে বাঢ়ি আহিল। ওচৰৰ হাস্পতালখনৰ ডাক্তৰে পৰীক্ষা কৰি মাকক চহৰৰ হাস্পতালত এবাৰ দেখুৱাই আনিবলৈ পৰামৰ্শ দিলে। ডাক্তৰে সকলোবোৰ ভাঙি-পাতি নক'লেও দহ-বাৰ হেজাৰমান টকা খৰচ হ'ব বুলি জনালে। প্ৰাৰ্থনাৰ মূৰত গোটেই আকাশখন ভাঙি পৰিল। টিউছ্যন কৰি তাই কোনোমতে ঘৰখন চলাই আছে। এতিয়া ইমানবোৰ টকা তাই পাই ক'ত!!


চলিহা ছাৰলৈ মনত পৰিল। চলিহা ছাৰে তাইক খুউব মৰম কৰিছিল। দেউতাকৰ মৃত্যুৰ পাছত চলিহা ছাৰ সিহঁতৰ দুখত সমভাগী হৈছিল। ছাৰৰ টকা-পইচা বহুত। দুয়োটা ল'ৰাই চাকৰি কৰে। তাইৰ শেঁতা ওঁঠত এটি আশাৰ হাঁহি জিলিকি উঠিল। ৰাতিপুৱা চাহকণ খায়েই তাই চলিহা ছাৰৰ ঘৰ পালেগৈ। ছাৰে তাইক আদৰেৰে বহিবলৈ দিলে। ছাৰৰ খা-খবৰ লৈ তাই যেতিয়া অহাৰ উদ্দেশ্য ব্যক্ত কৰিলে, চলিহা ছাৰৰ মুখখন ক'লা পৰি গ'ল। দৰমহা, পেঞ্চন, দোকানৰ বাকী, ধাৰ, গাড়ী ইত্যাদি ধৰণৰ শব্দবোৰে তাইৰ মূৰত হাতুৰিয়ে কোবোৱাদি কোবালে। মুখৰ ঘামবোৰ মচি লৈ, ছাৰক সেৱা এটি জনাই তাই ঘৰলৈ খোজ ল'লে।


সন্ধিয়ালৈ তাই সম্পৰ্কীয় বিমল খুড়াহঁতৰ ঘৰলৈ গ'ল। তেজৰ সম্পৰ্ক নাথাকিলেও খুড়াকে তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। খুড়াকে তাইক দেখি আচৰিত হোৱা যেন দেখালে। তাই সময় নষ্ট নকৰি তাইৰ সমস্যাবোৰ উদঙাই খুড়াকক ক'লে- "খুড়া, আপুনি মোক এইখিনি সহায় কৰক, এদিন নহয় এদিন মই আপোনাক ঘূৰাই দিম!" খুড়াকে মুখেৰে 'টু' শব্দ এটাও উচ্চাৰণ নকৰাকৈ ভিতৰৰ পৰা তাইক দহ হেজাৰ টকা আনি দিলে। তাই খুড়াকৰ ভৰি দুখনত খামুচি ধৰিলে। খুড়াকে তাইক বাহুদুটাত ধৰি উঠাই দিলে। বহুদিন পিতৃত্বৰ প্ৰতিশ্ৰুতিৰে তাইক কোনেও স্পৰ্শ কৰা নাই! প্ৰশান্তিত তাই চকুহালি মুদি দিলে। তাইৰ সপোন ৰঙীন স্পৰ্শৰ মাদকতাক নিষ্ঠুৰ সময়ে ভৰিৰে মোহাৰি পেলালে। খুড়াকে তাইক গাৰ জোৰেৰে ঠেলা মাৰি বিচনাখনত বগৰাই দিলে। তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল, লম্পটতোৰ তলপেটত এটা প্ৰচণ্ড গোৰ শোধাই, টকাখিনি মুখলৈ দলিয়াই তাই দৌৰি বাহিৰলৈ ওলাই অাহিল।


দহহেজাৰ টকাৰ বাবে তাই বহুতৰে হাতে-ভৰিয়ে ধৰিলে। নিঃস্বাৰ্থভাৱে সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। তাইৰ লগৰীয়া, বাপেকৰ সমন্ধীয়, মাকৰ সমন্ধীয় কোনো বাদ পৰি নৰ'ল। মাকে তাইৰ চিন্তাক্লিষ্ট মুখখন দেখিয়েই কয়- "আই অ' তই এনেয়ে চিন্তা কৰি থাক, মোৰ একো অসুখ হোৱা নাই!" মাকৰ আঁৰে আঁৰে প্ৰাৰ্থনাই উচুপে। বাপেকৰ অনুপস্থিতি তাই স্বীকাৰ কৰি ল'বলৈ শিকিছিলহে মাথোন! আকৌ নিষ্ঠুৰ নিয়তিয়ে মাকক তাইৰ পৰা কাঢ়ি লৈ গ'লে তাই কেনেকৈ জীয়াই থাকিব!!! তাই মাকৰ চেঁচা বুকুত মুখখন গুজি দিয়ে।


ধূলিৰ ধোঁৱা এজাক উৰুৱাই প্ৰাৰ্থনাহঁতৰ পদূলিত গাড়ী এখন আহি ৰ'ল। পাছে পাছে দৌৰি অহা ল'ৰা-ছোৱালীজাকে গাড়ীখন চাৰিওফালৰ পৰা বেৰি ধৰিলে। গাড়ীৰ পৰা এমোকোৰা হাঁহিৰে সৈতে নিপাং নামি আহিল। ল'ৰা-ছোৱালীমখাই নিপাঙক হেঁচা মাৰি ধৰিলে- "ঐ নিপাং , আমাকো গাড়ীত উঠা!" ল'ৰা-ছোৱালীজাকক বুজাই মেলি প্ৰাৰ্থনাহঁতৰ পদূলিৰ জপনাখন খুলি সি সোমাই আহিল। প্ৰাৰ্থনাৰ ফালে পুৰণি খবৰ কাগজেৰে মেৰিয়াই অনা পেকেটতো আগবঢ়াই দিলে-

:ঐ ফাপৰি, ইয়াত ১৫ হেজাৰ টকা আছে, আমাৰ ঘৰত এনেয়ে পৰি আছিল। কোৱা শুনিছো তোৰ মাৰৰ অসুখটো ভাল কৰিবলৈ তোক হেনো ঢেৰ টকা লাগে, চিন্তা নকৰিবি এইবাৰ তোৰ মাৰ একেবাৰে ভাল হৈ যাব। এইখন হাস্পতালৰ গাড়ী, ইয়াত মাৰক উঠাই চহৰলৈ লৈ যা!


চকুদুটা বহলকৈ মেলি প্ৰাৰ্থনাই নিপাঙলৈ চাইছে। সদায় হাঁহি থকা ল'ৰাটো অকণমান সময়ৰ বাবে গহীন হ'ল-

:প্ৰাৰ্থনা, পৃথিৱীত নিজৰ বুলি ক'বলৈ অকল আইজনীহে আছে। বাকীবোৰ চব মায়া। মোৰ আই নাই নহয় সেই বাবেই এই কথাটো মই ভালকৈ জানো। মোৰ আয়ে মৰাৰ আগমুহূৰ্তত মোক কাণৰ থুৰীয়াযোৰ দি থৈ গৈছিল। আজি বেছি দিলো। মোৰ আয়ে ছাগৈ জানিছিল এদিন তোৰ আইৰ অসুখ হ'ব আৰু সেইদিনা তোক ঢেৰ টকা লাগিব। তই চাকৰি কৰি মোক পইচাবোৰ ঘূৰাই দিবি, তোৰ নিচিনা এজনী যখিনীক মই এটকাও এৰি নিদিওঁ।


তাইৰ হাতত টকা কেইটা গুজি দি সি গুচি গৈছিল। তাৰ পিছে পিছে ল'ৰা-ছোৱালীবোৰ দৌৰিছিল। তাক কিবা এটা কোৱাৰ সুযোগেই প্ৰাৰ্থনাই নাপালে। সদাই আনৰ পৰা লুকুৱাই ৰখা চকুপানীবোৰ পাৰ ভাঙি বাগৰি আহিল। টকা কেইটা বুকুত সাৱটি তাই হুকহুকাই কান্দি দিলে- "নিপাং, তই বহুত ডাঙৰ মানুহ, মোৰ নিচিনা সৰু মানুহ এজনীক তই জানো ক্ষমা কৰি নিদিবি?"


মাকক গাড়ীত উঠাই প্ৰাৰ্থনাও মাকৰ কাষতে বহিল। বহুদিনৰ মূৰত আজি প্ৰাৰ্থনাই হাঁহিছে। মাকেও হাঁহিছে। নিপাঙক এবাৰ দেখা পোৱাৰ আশাত তাই গাড়ীৰ খিৰিকীখন খুলি দিলে! নিপাং নাই! নিপাঙহঁতৰ ঘৰৰ পদূলিত হাতত হালোৱা এচাৰি এডাল লৈ কমল বৰদেউতাই গৰজি আছে- "ঐ জহনীমৰা, বাহিৰলৈ ওলাই আহ! মোক কৰি কি কৰিবি ঐ, তোৰ গাত বৰবেমাৰে বাঁহ ল'ব!" 


প্ৰাৰ্থনাই এইবাৰ নিৰ্ণয় কৰিব নোৱাৰিলে- কমল বৰদেউতাকে নিপাঙক শাও দিছেনে নে আৰ্শীবাদ!

Assamese Storyboard







এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages