ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ সময় আছিল। ঘন কুৱঁলীৰে আৱৰি আছিল। তপন বৰুৱা চহৰখনৰ ক্লাৰ্ক আছিল। সেইদিনা কাৰ্য্যলয়ৰ সকলোৱে সকলো কাম সোনকালে শেষ কৰি ঘৰলৈ বুলি ওলাল।( Assamese Storyboard )
তপন বৰুৱা কাৰ্য্যলয়ৰ ওপৰৰ কৰ্মচাৰী আছিল। আনদিনাৰ দৰে সেইদিনাও তপন বৰুৱাই কাৰ্য্যলয়ৰ কাম কাজ শেষ কৰি ঘৰলৈ বুলি নিজৰ গাড়ীৰে কাৰ্য্যলয়ৰ পৰা ওলাই আহিল। ঘৰলৈ অহা বাটত তপন বৰুৱাৰ ঘৰলৈ বুলি কিছু বজাৰ কৰিবলগীয়া আছিল। সেইবাবে তপনে নিজৰ সহকৰ্মী পৰা বাট সলনি কৰিবলগীয়া হল। তপনে ঘৰৰ প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি ঘৰলৈ বুলি আগুৱাই আহিল। কিছু দূৰ আগুৱাই আহি তপনে মাছৰ বজাৰ দেখা পালে আৰু তেওঁ মাছ লবলৈ গাড়ী ৰখালে। ভাল মাছ সতেজ মাছ বিচাৰোতে তপনৰ অলপ সময় লাগিল। যেতিয়া তপনে নিজৰ হাতত থকা ঘড়ীলৈ চাই অনুভৱ কৰিলে যে, আজি ঘৰলৈ যোৱা কিছু পলম হব। আৰু এই সকলোবোৰ লৈ যাওঁ মানে অলপ বেছিকে পলম হব।
এই সকলোবোৰ ভাৱি ভাৱি তপনে নিজকে কলে যে, কিয়নো আজি হাবিৰ বাটেৰে গলেগৈ ঘৰ গৈ সোনকালে পামগৈ। তেতিয়া তপনে নিজৰ গাড়ী হাবিৰ বাটেৰে ঘূৰাই আগুৱাই গল। তেতিয়া নিশা ১০বাজি গৈছিল। আৰু তপনৰ গাড়ীখন তীব্র বেগেৰে আগুৱাই গৈ আছিল। কিন্তু সেই সময়তে তপনে ব্ৰেক মাৰি গাড়ীখন ৰখাব লগীয়া হল। কাৰণ, তপনৰ গাড়ীখনৰ সন্মুখত এজনী মহিলা আহি জোৰেৰে কান্দিবলৈ ধৰিলে। তপনে ভাৱিলে, এই হাবিটলীয়া বাটত এই মহিলাজনীয়ে কি কৰিছে! আকৌ তপনে ভাৱিলে, ঘৰত কাজিয়া লাগি এই মহিলাজনী এই হাবিলৈ গুচি আহিল ছাগে। তপনে, মহিলাজনীক সুধিলে, তুমি ইয়াত, এই সময়ত কি কৰিছা! কিন্তু সেই মহিলাজনীয়ে কোনো উত্তৰ নিদি আৰু জোৰেৰে কান্দিবলৈ হে ধৰিলে। সেই সময়ত, হাবিত তাইৰ কোন্দোনৰ মাত বিয়পি পৰিল। পুনৰ তপনে সুধিলে, তোমাৰ ঘৰ কত! কিন্তু তেতিয়াও সেই মহিলাজনীয়ে কোনো উত্তৰ নিদিলে।তেতিয়া তপনে কলে, তেতিয়া হলে আজি মোৰ লগতে, মোৰ ঘৰলৈ বলা। আজি নিশাটো মোৰ ঘৰতে থাকিবা। কাইলৈ পুৱা তুমি তোমাৰ ঘৰলৈ যাবাগৈ। এতিয়া এই হাবিত থকাটো তোমাৰ বাবে উচ্চিত নহয়। এই হাবিত বহুত হিংস্র প্ৰাণী আছে।\
সেই মহিলাজনীয়ে তপনৰ এই কথা শুনি তপনৰ লগত যাবলৈ তৎক্ষনাত মান্তি হল আৰু লৰালৰিকৈ তপনৰ গাড়ীৰ পিছৰ চিটত বহিলগৈ। আৰু মূৰত দীঘলীয়াকে ওৰণি লৈ থকা বাবে তপনে তাইৰ মুখ খন ভালদৰে দেখি পোৱা নাছিল। কিছু সময়ৰ পাছতে তপন ঘৰ গৈ পালেগৈ। ঘৰৰ সকলো লোকে তপনলৈ বাট চাই ৰৈছিল। তপন গাড়ীৰ পৰা নামিলতে মাকে সুধিলে, আজি অহাত বহুত দেৰি কৰি দিলা! অফিচৰ সকলো লোক কেতিয়াবাতে আহি পালেহি! মাকৰ কথা শুনি সকলো কথা তপনে মাকক বিৱৰি কলে আৰু গাড়ীত বহি থকা সেই মহিলাজনীৰ ফালে দেখুৱাই কলে, মা আজি এই বাবেও আহাৰ বনাবা! আজি নিশা আমাৰ ঘৰতে থাকি কাইলৈ পুৱা তাই নিজৰ ঘৰলৈ যাবগৈ। ইমান নিশা, তাই হাবিত কত থাকিলে হয়! সেইবাবে মই মোৰ লগতে লৈ আহিলো। কিন্তু মাকে অলপ সন্দেহ কৰিছিল যে, এইজনী চুৰ নি আকৌ! নিশা আমি শুৱাৰ পাছত চুৰ কৰি পলাই নাযায়টো! কিন্তু মাকে, পুতেকৰ কথানো কেনেকৈ মানি নলয়।\
তেতিয়া মাকে তাইলৈ চাই কলে, চোৱা, আজি মই মোৰ ঘৰত তোমাক থাকিবলৈ দিছো। কিন্তু কাইলৈ পুৱা তুমি নিজৰ ঘৰলৈ গুচি যাবা। আৰু যোৱা, এই বস্তুবোৰ ভিতৰলৈ লৈ যোৱা। কিন্তু তাই তেতিয়াও কোনো উত্তৰ নিদিলে। কেৱল মূৰ জোকাৰিলে। আৰু গাড়ী পৰা বজাৰৰ বস্তু লৈ মাকৰ পাছে পাছে ঘৰৰ ভিতৰলৈ সোমাই গল। পাকঘৰত সকলোবোৰ বস্তু ৰাখি মাকে তাইক আহাৰ বনোৱাত সহায়তা কৰি দিবলৈ কলে। তথাপিটো মাকৰ মনটো অশান্ত হয় আছিল। মাকে পাকঘৰৰ পৰা ওলাই আহি পুনৰ পাকঘৰলৈ ঘূৰি গল। মাকৰ তাইৰ মুখখন চাবলৈ মন গল। কিন্তু পাকঘৰলৈ গৈ মাকে দেখা পালে যে, তাই বেগৰপৰা মাছৰ মুনাটো উলিয়াইছে। তাকে দেখি মাকৰ বৰ খং উঠিল আৰু মাকে তেতিয়া খঙেৰে কলে, অলপ লৰালৰিকৈ কামবোৰ কৰ! সকলো খাবলৈ ৰৈ আছে। আৰু তই এতিয়ালৈকে মাছৰ টুপুলা হে উলিয়াইছ! কাইলৈ পুৱা বনাম নি মাছ! তাইৰ মুখত এতিয়াও উৰঁণিখন থকা বাবে, মাকে এতিয়াও তাইৰ মুখ খন ভালদৰে দেখা নাপালে।( Assamese Storyboard )
মাকে তাইক কলে, তই সোনকালে মাছখিনি ধুই দে, তেতিয়া সকলোবোৰ সোনকালে হব। মাকে গেছটো জ্বলাই কেৰাহিখন পাতিলে আৰু তাৰ মাজতে তাইৰ মুখ খন চাবলৈ চেষ্টা কৰিলে। কিন্তু মাকে যিমানেই তাইৰ মুখ খন চাবলৈ চেষ্টা কৰিছিল, তেতিয়া তাই সিমানেই মূৰৰ উৰণিখন টানি ধৰিছিল। সেই সময়তে তপনৰ দেউতাকে তপনৰ মাকক মাত দিয়াত, মাকে কলে যে, মই গেছ জ্বলাই কেৰাহিখন পাটি দিছো। তই অলপ চাবি, মই অলপ সময়ৰ পাছতে আহি আছো। কিন্তু তেতিয়াও তাই একো নকলে। তেতিয়া মাকে লৰালৰিকৈ পাকঘৰৰ পৰা ওলাই আহিল। কিন্তু মাকৰ মনটো এতিয়াও চিন্তিত হয়ে আছিল। মাকে দেউতাকৰ ওচৰলৈ আহি ইচাত বিচাত কৰি থাকিল। এবাৰ বাহিৰলেও ওলাই আহিল। কিন্তু কিছু সময়ৰ পাছতে মাকে কিবা ভাৱি পাকঘৰৰ ফালে দৌৰ মাৰিলে। আৰু পাকঘৰ গৈ পায় মাকে যি দেখা পালে, তাকে দেখা পায় মাকৰ চকু ডাঙৰ ডাঙৰ হৈ পৰিল আৰু মাকৰ ভৰি দুখন আঠা লগাৰ দৰে লাগি ধৰিল। তেতিয়া মাকৰ ভৰি আগলৈও নোযোৱা হল আৰু পাছলেও নোযোৱা হল। তেওঁৰ মুখৰ মাত নাইকিয়া হল।
সেই মহিলাজনীয়ে পাকঘৰত মজিয়াত বহি কেচা মাছকে খায় আছিল। পাকঘৰৰ মজিয়া মাছৰ তেজেৰে লুটুৰি পুটুৰি হৈছিল। তাইৰ মূৰৰ পৰাও উৰণি আঁতৰি গৈছিল। মাছ খোৱাত ব্যস্ত হৈ পৰা বাবে, তাই সকলো পাহৰি গল। আৰু আনন্দকে তাইৰ মুখৰ পৰা কেৱল হো হো শব্দ ওলাইছিল। পাকঘৰটো পাছফালে হোৱা বাবে, কাৰো দৃষ্টি পাকঘৰত পৰা নাছিল। মাকেও একো বুজি পোৱা নাছিল যে, কি কৰা যায়! চিঞঁৰিলে যাতে ঘৰৰ লোকৰ তাই অপকাৰ নকৰে। মাকে এতিয়া সেইজনীৰপৰা নিজৰ ঘৰখন কেনেকৈ ৰক্ষা কৰে, একো বুজি পোৱা নাছিল। কেৱল ভগৱানৰ নামে সেই সময়ত মাকৰ মুখলৈ আহিছিল। তেতিয়া মাকে সেই জনীৰ ফালে আগুৱাই গল। আৰু ফটকে এখন কাঁহী ললে আৰু জ্বলি থকা চৌকাৰ ফালে দৌৰ মাৰিলে। সেই যখিনী জনীৰ দৃষ্টি সেই সময়ত মাকৰ ওপৰত পৰিল আৰু তাই নিজৰ বহা ঠাই পৰা উঠিল। মাকে অলপো পলম কৰিবলৈ নিবিচাৰিছিল। মাকে গম পাইছিল, আজি যদি অলপো পলম হয়, তেতিয়া হলে আজি নঘটিবলগীয়া দূৰ্ঘটনা ঘটিব। সেই যখিনী জনীয়ে কিবা কৰাৰ আগতে মাকে চৌকাৰ ওচৰলৈ যাবলৈ বিচাৰিছিল।আৰু মাকে চৌকাৰ ওচৰ গৈ পায়, তেওঁ জ্বলি থকা কয়লা থালিখনত ললে আৰু যখিনী জনীৰ ফালে জোৰেৰে দলিয়াই দিলে।
জুই পুৰণিত সেই যখিনী জনীয়ে ভয়ানক ভাৱে চিঞঁৰিবলৈ ধৰিলে। এতিয়া তাইৰ মাত পাকঘৰৰ পৰা বাহিৰলৈ গৈছিল। আৰু সেই মাত শুনি ঘৰৰ সকলো লোক পাকঘৰলৈ আহিল। আৰু সেই যখিনী জনীয়ে হো হো কে ভয়ানক মাত মাতিবলৈ ধৰিলে। আৰু পাকঘৰত ঘূৰিবলৈ ধৰিলে আৰু মাকক ধৰিবলৈ খেদি আহিছিল। কিন্তু এতিয়া ঘৰৰ বাকী লোক পাকঘৰলৈ অহাত পাকঘৰ ভৰি পৰিল আৰু সকলোকে দেখা পায় তাই ভয়ো খালে। সকলো লোককে তেতিয়া তাই ঠেলা মাৰি বাহিৰৰ ফালে দৌৰ মাৰিলে।যখিনীৰ কাণ্ড দেখা পায় ঘৰৰ সকলোবোৰ ভয়তে থৰ লাগি ৰল। আৰু সকলোৱে মাকৰ সাহসক সন্মান কৰিলে। এনেদৰে তপনৰ পৰিয়ালৰ লোকে যখিনীৰ পৰা ৰক্ষা পৰিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।



No comments:
Post a Comment