ফেচবুক ব্যৱহাৰকাৰী সকলৰ বাবে এটা উচিৎ শিক্ষা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 26, 2021

ফেচবুক ব্যৱহাৰকাৰী সকলৰ বাবে এটা উচিৎ শিক্ষা : Assamese Storyboard

Assamese Storyboard

দিলীপে নিজৰ পত্নী কনক আৰু এহাল  লৰা ছোৱালী সঞ্জীৱ আৰু আইনু লগত গাওঁত বাস কৰিছিল। দিলীপৰ ওচৰত চাৰি বিঘা মাটি আছিল( Assamese Storyboard )। সেই চাৰি বিঘা মাটিৰ সহায়তে পৰিবাৰৰ খৰচ ওলিয়াইছিল। কাৰণ দিলীপৰ পুত্র সঞ্জীৱে ইঞ্জিনিয়াৰিং পঢ়ি আছিল। পঢ়া শেষ হোৱা পাছত সোনকালেই সঞ্জীৱে চৰকাৰী চাকৰি এটা পাইছিল। চাকৰি পোৱা পাছতে দিলীপে সঞ্জীৱৰ বিবাহ এজনী অনাথ ছোৱালী ডেইজী লগত কৰি দিলে। ডেইজী বহুত ধুনীয়া, জ্ঞান থকা তথা বহুত বুজিপোৱা ছোৱালী আছিল। সঞ্জীৱে চাকৰি প্ৰথম দৰমহাৰে নিজৰ বাবে এটা নতুন মোবইল ক্ৰয় কৰিলে। আৰু নতুন ফোনত এটা নিজৰ ফেচবুক একাউন্ট খুলিলে। আৰু ফেচবুক একাউন্ট খুলিলতে বহুত ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল আৰু সঞ্জীৱে সকলোকে একচেপ্ট কৰি গল।


এনেদৰে চাওঁতে চাওঁতে সঞ্জীৱৰ ফেচবুক ফ্ৰেণ্ড পাঁচ হাজাৰ হল গৈ। সঞ্জীৱৰ বন্ধুৰ তালিকাখনত চহৰখনৰ ডাঙৰ ডাঙৰ লোক, নেতা, ব্যৱসায়ী, আদি লোক আছিল। তাৰ দ্বাৰা সঞ্জীৱৰ অলপ অহংকাৰ হল। সঞ্জীৱে ফেচবুকত বেছিভাগ নিজৰ পত্নী ডেইজী লগত হে ফটো দিছিল। মাক দেউতাক দুখীয়া আছিল বাবে, মাক দেউতাকৰ লগত উঠা ফটো সঞ্জীৱে নিদিছিল। সঞ্জীৱৰ অফিচৰ লোক ঘৰলৈ অহা যোৱা কৰাত আৰম্ভ হোৱাত, তাৰ পুৰণি ঘৰ দেখা পায় অফিচৰ লোকসকলক মাজত কথা আৰম্ভ হল। তেতিয়া সঞ্জীৱেও এটা নতুন ধুনীয়া ঘৰৰ অনুভৱ কৰি, সেই চহৰতে নতুন ঘৰ, গাড়ী, বেংকৰ পৰা লোন লৈ ক্ৰয় কৰিলে। আৰু ডেইজি লগত নতুন ঘৰত সঞ্জীৱে থাকিবলৈ ললে।\


সঞ্জীৱে নতুন ঘৰৰ গৃহ প্ৰৱেশৰ অনুষ্ঠান আয়োজন কৰাত, সঞ্জীৱে চহৰখনক ডাঙৰ ডাঙৰ ব্যৱসায়ী, নেতা, আদি বহু লোকক আমন্ত্রণ জনালে। গৃহ প্ৰৱেশৰ নিয়মত যেতিয়া তাৰ  দেউতাক দিলীপ, মাক কনক আৰু ভনীয়েক আইনু আহি উপস্থিত হল তেতিয়া সঞ্জীৱে লাজ পোৱাৰ দৰে অনুভৱ কৰিলে। আৰু যেতিয়া অফিচৰ লোকসকলে দেউতাক মাকক দেখা পায় সুধিলে, তেতিয়া সঞ্জীৱে কলে এই সকলোবোৰ আমাৰ ঘৰৰ কাম কৰা মানুহ হয়।। এই কথা দেউতাকে শুনা পায়। আৰু যেতিয়াই গৃহ প্ৰৱেশৰ নিয়ম শেষ হল, তেতিয়া দেউতাকে গা বেয়া লাগিছে বুলি বুদ্ধি কৰি সঞ্জীৱৰ নতুন ঘৰৰ পৰা আহিবলৈ ওলাল।সেই সময়তে ডেইজিয়ে আহি তেওঁলোকক যোৱাত বাধা দি কলে যে, আপোনালোক সকলোৱে খায় বৈ হে যাব পাৰিব। তেতিয়া তৎক্ষনাত সঞ্জীৱে আহি কলে যে, খোৱা বোৱা আৰম্ভ কৰিবলৈ বহু সময় আছে।সঞ্জীৱৰ সেই কথা শুনি, দেউতাকে তাত আৰু এপলকো ৰৈ নাথাকি, সঞ্জীৱৰ মাক আৰু ভনীয়েকক লৈ খোজ কাঢ়িয়ে নিজৰ ঘৰলৈ গুচি আহিল।\


ঘৰ আহি পায়ে দেউতাকে নিজৰ বিচনাত বাগৰ দিলে। তেতিয়া সঞ্জীৱৰ মাকে দেউতাকক সুধিলে, আপুনি কিয় গা বেয়া হোৱা বুলি মিছাতে কয় তাৰপৰা গুচি আহিল! তেতিয়া দিলীপে কলে, সঞ্জীৱে আমক ঘৰৰ কাম কৰা মানুহ বুলি ভাৱে। এই কথা শুনি সকলোৱে কান্দোনত ভাঙি পৰে।। সঞ্জীৱৰ নতুন ঘৰৰ পাৰ্টি নিশা ১বজালৈ চলি থাকে। সকলো আলহীকে সঞ্জীৱে বৰ আদৰৰে আদৰে। সি বৰ সুখী হৈছিল। কিন্তু ডেইজি নিজৰ শাহু, শহুৰ, পৰিয়ালক সম্বন্ধীয় লোকে একো নোখোৱাকে গুচি যোৱাত তাই বৰ দুখী হৈ পৰিছিল। সেই সময়ত ডেইজিৰ নতুন ঘৰৰ পাৰ্টিত অলপো ভাল লগা নাছিল। পাচদিনা, পুৱা সঞ্জীৱে উঠি অফিচৰ পৰা চুটি লৈ আৰু ফেচবুকত সঞ্জীৱ২ বুলি নতুন একাউন্ট এটা খুলে। আৰু নিজৰ দুটা একাউন্টতে গৃহ প্ৰৱেশৰ পাৰ্টিৰ, ফটো আৰু লগতে গাড়ীৰ ফটো দিয়ে। যত, ফেচবুকৰ বহু বন্ধু বান্ধৱীয়ে সঞ্জীৱক ধুনীয়া ঘৰ, ধুনীয়া গাড়ী বাবে শুভকামনা জনালে। আৰু সেইদিনা সম্পূর্ণ দিন সঞ্জীৱে নতুন ফেচবুক একাউন্টৰ নতুন নতুন বন্ধু বান্ধৱীক একচেপ্ট কৰি থাকিলে। আৰু লগতে শুভকামনা জনোৱা লোকক উত্তৰ দি থাকিল। \


বিয়াৰ ছয় মাহৰ পাছত সঞ্জীৱে এদিন নিজৰ বন্ধু বৰ্গৰ সৈতে নিশা বাৰ বজাত অকলে পাৰ্টি কৰি ঘৰলৈ আহি আছিল। কিন্তু সেই সময়তে সঞ্জীৱৰ একচিডেন্ট হল। আৰু ডেইজিয়ে খবৰ পায়ে, তাই লৰালৰিকৈ হস্পিটাললৈ যায় আৰু সঞ্জীৱক দেখা পায় তাই চিন্তিত হৈ পৰিছিল। ডাক্তৰে সঞ্জীৱক ভালদৰে পৰীক্ষা কৰি কলে যে, এওঁৰ মূৰত বহু ঠাইত ভালদৰে আঘাত পাইছে। এওঁৰ অতি সোনকালে মূৰৰ অপাৰেচন কৰিব লাগিব। ইয়াৰ বাবে ২০,২৫লাখ টৰাৰ প্ৰয়োজন হব। আৰু আমাৰ হাতত সময় বহু কম। দুই এদিনতে অপাৰেচন কৰিব লাগিব। আপুনি সোনকালে পইচাৰ যোগাৰ কৰি হস্পিটাৰ কাউন্টাৰত জমা কৰি দিব। এনে কৈয়ে ডক্তৰ জন আঁতৰি গল। ডক্তৰ জনৰ কথা শুনি ডেইজি বহি পৰিল আৰু ভাৱিলে ঘৰ আৰু বেংকত এক লাখ মানে আছে। আৰু এতিয়া বাকীবোৰ টকা তাই কৰপৰা যোগাৰ কৰিব। ডেইজিয়ে সাহস কৰি, সঞ্জীৱৰ অফিচৰ বন্ধুসকলক ফোন কৰিলে আৰু সমস্যা কথা কলে। কিন্তু কোনেও সহায়তা নকৰিলে। ডেইজিয়ে, সঞ্জীৱৰ ফেচবুক একাউন্টত, সঞ্জীৱৰ বিষয়ে লিখি পোষ্ট দি সহায়তা বিচাৰিলে। কিন্তু তাতো কোনেও উত্তৰ নিদিলে। শেষত ডেইজিয়ে শহুৰ দেউতাকলৈ ফোন কৰি সঞ্জীৱৰ একচিডেন্টৰ কথা কলে। এই খবৰ শুনা পায়ে, সঞ্জীৱৰ দেউতাক, মাক, আৰু ভনীয়েকে খালী ভৰিৰে হস্পিটালত উপস্থিত হলহি। ডেইজিয়ে, শহুৰ দেউতাক, শাহুমাক, নন্দেকক দেখা পায় কান্দিবলৈ ধৰিলে। আৰু কলে অতি সোনকালে অপাৰেচন কৰিব লাগিব। ২৫লাখ টকা খৰচ হব। শহুৰ দেউতাকে কলে, বোৱাৰী তুমি চিন্তা নকৰিবা! ডক্তৰক অপাৰেচন কৰিবলৈ আৰম্ভ কৰি দিবলৈ কোৱা। পইচাৰ যোগাৰ মই কৰিম। এনে কয়ে দেউতাকে ঘৰলৈ আহিল, আৰু বাকচৰ পৰা মাটিৰ কাগজ লৈ, এটা ডিলাৰলৈ গল আৰু মাটিখিনি বেছি পইচা লৈ আহি বোৱাৰীয়েকক হাতত দিলেহি।\


ডক্তৰে অপাৰেচন কৰিলে। তাৰপিছত মাক দেউতাক ভনীয়েক ঘৰলৈ গুচি আহিল। দুদিনৰ পাছত সঞ্জীৱৰ চকু খুলিল আৰু অলপ সুস্থ হৈয়ে সঞ্জীৱে নিজৰ চেল্ফি লৈ ফেচবুকত পোষ্ট কৰিলে। সঞ্জীৱ সুস্থ হৈ উঠিলত, ডেইজিয়ে সঞ্জীৱক ঘৰলৈ আনিলে। ঘৰলৈ আহি সঞ্জীৱে, ডেইজিক কলে, এয়া চোৱা, ৪ঘন্টাতে মোৰ সোনকালে সুস্থ হৈ উঠিবলৈ কিমান জনে শুভেচ্ছা জনাইছে। এয়া শুনা পায় ডেইজিৰ চকুলু ভৰি আহিল। আৰু তেতিয়া ডেইজিয়ে হস্পিটাললৈ সকলো কথা সঞ্জীৱক কলে। অপাৰেচনৰ বাবে ২৫লাখ টকাৰ প্ৰয়োজন, তোমাৰ অফিচৰ পৰা বন্ধুৰ পৰা, ফেচবুক বন্ধু লৈকে সহায়তা বিচাৰিলো। সহায়তা কৰাটো দূৰৰে কথা, তোমাক কোনো চাবলৈকে নাহিল। আৰু তুমি যাকে কামকৰা মানুহ বুলি ভাৱিছিলা, আৰু তেওঁৱেই, নিজৰ খেতি মাটি বিক্ৰি কৰি তোমাৰ অপাৰেচন কৰালে। ডেইজিৰ এই কথা শুনি, সঞ্জীৱৰ মূৰত সৰগ ভাঙি পৰিল।

তৎক্ষনাত সঞ্জীৱে নিজৰ দুইটা ফেচবুক একাউন্ট বন্ধ কৰিলে। আৰু পাচদিনা নিজৰ গাওঁৰ ঘৰলৈ গল। আৰু মাক দেউতাকক ক্ষমা বিচাৰেলে। তাৰপিছত মাক দেউতাক আৰু ভনীয়েকক লগত লৈ চহৰলৈ আহিল। আৰু নিজৰ সম্পূর্ণ পৰিয়ালৰ লগত সুখেৰে নতুন ঘৰত থাকিবলৈ ললে। আৰু এতিয়া সঞ্জীৱে ভালদৰে বুজিছিল আপোন লোকৰ মহত্ব।।


Assamese Storyboard







এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages